এঠেঙীয় বগলী হৈ নাচে

এঠেঙীয়া বগলী হৈ নাচে 
অ' নাচে তামোলৰে পুলি 
হাত মেলিছে নীলা আকাশ 
ঢুকি পাওঁগৈ বুলি, তামোলৰে 
পুলি অ' তামোলৰে পুলি
সেউজী তোমাৰ পাখিকিখন

সদায় থাকে মেলা
হিমৰ কণাই তাতেই পাতে
সাতো ৰঙৰ খেলা
জোনাক নিশা জোনৰ খনিকৰে
বুলাই ৰূপৰে তুলি
অ' তামোলৰে পুলি
বতাহছাটি বলেই তোমাৰ
পাখিত জাগে ঢৌ
উখল-মাখল হিয়া তোমাৰ 
থৌকি-বাথৌ থৌ

পানীপতাৰ ঘনচিৰিকা চৰাইজনী আহি
আকাশৰে কথা তোমাক কয় নেকি 
খুলি উৰি যাবা বুলি অ’
ভয় লাগে মোৰ আমাক এৰি
তামোলৰে পুলি...।

  


(কথা-নৱকান্ত বৰুৱা, সুৰ-বীৰেন্দ্ৰনাথ দত্ত)



Post Id:DABP002345