লুইতে নেযাবা লুইতি কোঁৱৰ ঐ
লুইতে নেযাবা লুইতি কোঁৱৰ ঐ
পাৰতে ৰূপালী বালি
দক্ষিণাৱলীৰ মৃদু পৰশত
নাচিছে বিৰিণা ডালি
লুইতৰে বালি বগী ঢকে ঢকী
ওপৰে শৰালি হালি
দুপাৰে দুহালি চাকৈ-চকোৱা
ক’তে কি বতৰা পাবি
লুইতি কোঁৱৰে চেনেহ যাচিলে
কোন কুঁৱৰীলৈ বুলি
লুইতৰ পাৰৰে কঁহুৱা বননি
ডাৱৰ যেন শুকুলা ঢৌ
চিনাকি গাঁৱৰে চেনাইৰে চাৱনি
চকুত যেন বৰষে মৌ
(কথা-লীলা গগৈ, মুকুল বৰুৱা)
Post Id:DABP002380