আৱেগৰ বোকোচা বব মই নোৱাৰোঁ
আৱেগৰ বোকোচা বব মই নোৱাৰোঁ
যৌৱনে আমনি কৰে
কিহেৰে চেনাইধন তোমাৰে বৰিম মন
লাহতী কপৌফুল সৰে
বৰনৈৰ বুকুতে বলুকা পৰিলে
ঝাঁও বন গজিলে তাত
চ'তৰে ৰ'দ পাই চেনেহৰ পলসে
এতিয়া মেলিলে ফাঁট
চকুতে চকু থৈ চাওঁ চেনাইৰ মুখলৈ
হেঁপাহৰ চতিয়না বাঢ়ে
কঁকালৰ লাচতে চকুৰে ঠাৰতে
মন কাৰ পিছলি পৰে
লাখৰ বাখৰ হিয়া ৰূপত ৰঙে চ'ৰা
সপোনৰ তৰাফুল বাছে
এমোকোৰা হাঁহি লৈ মোৰ চাৱ মুখলৈ
জীৱনৰ জেউতি চৰে।
(কথাছবি ঃ লাচিত বৰফুকন, কথা-সুৰ : ক্ষীৰদাকান্ত বিষয়া)
Post Id:DABP002404
0 Comments