সপোন দেখে মইনাৰ মাকে


সপোন দেখে মইনাৰ মাকে

উৰুকাৰে ৰাতি

অন্নপূর্ণা আই আহে

সোণৰ দোলাত উঠি আহে
 
উৰুকাৰে ৰাতি


আইদেউহঁতে তাঁতত বাচে

নতুন বিহুৰ ফুল
 
আমাৰ মৰম বনৰীয়া

নাই জাতি-কুল


 আমাৰ গাঁৱৰ ৰঙাইহঁতে হাল বাইছে মিলি 

ঘূৰি কাতিত ধান হ’ব (কাটিম মিলিজুলি)
 
দা গঢ়া কমাৰবোৰে ভাতীত দিব জুই

বনকৰা পালেং চাৰ বিশ্বকৰ্মাই শুই



অ' আকাশজুৰি দেখা দিলে পূৰ্ণিমাৰ জোন 

কমাৰশালৰ খোলাকটিত বুটলিছে সোণ

কলাইহঁতে তুলিছিলে জাতি বাঁহৰ কামি 

বৰদেউতাৰ জহৰ দিনৰ সাজি দিলোঁ জাপি



 কামি তোলাই কামি তোলে

সূত তোলাই সূত ঐ
 
মইনাহঁতৰ পঢ়াশালিত

নতুন যুগৰ দূত
  
ধনে-ধানে পূৰ্ণ কৰি
 
এই সুষম দেশ

আমি ৰচিম সোণৰ সৰগ

কৰি অশেষ ক্লেশ।

(কথা-বীৰেন ভট্টাচাৰ্য, সুৰ-পৰাগধৰ চলিহা)


Post Id:DABP002387