আকাশৰ সীমাতে সূর্য উদিলে


আকশৰ সীমাতে সূর্য উদিলে 
কউৰীয়ে 'কা কা’নো কৰিলে
অ' ভদীয়া অ' কলীয়া 
কেনিনো ওলালি তই


ৰঙিহঁতৰ লাবুটোৱে তাক দেখি চিনি পায় 
লেউ-সেউ কৰি ওলগ জনায় 
গৰু দুটি সাঙুৰি নাঙলতে দি জুৰি 
পিঠিখন ঘামিয়ে যায় 
মাটিতে পৰি সাৰ যোগায় 
বহলনো ঐ পথাৰতে এটি দুটি বিহুগীত 
তাৰ ভাগৰ নিয়ে উৰুৱাই 
অ' বনৰ বগৰী হ'বা জানো লগৰী 
দিবা জানো মৰমৰ মাতেনো ঐ 
এষাৰি অ' ভদীয়া অ’ কলীয়া...


হাততে জলপানৰ ৱাটিটোকে লৈ 
কালৈনো বুলি আনিলা সোণপাহি 
পোনাটিক অকলে ঘৰতে এৰি থৈ 
দুপৰৰে সূৰুয মূৰত লৈ 
আহে ভদীয়া ঘৰলৈ 
পোনাটি আছিলে বাটতে ৰৈ 
আশাটি ৰচিলে কোনোবা দিনৰ
লখিমী আহিলে ভয় কিহৰ
আগলি কলাপাত লৰে কি চৰে
লখিমী আহি ভঁৰাল ভৰে৷


কথা আৰু সুৰ-ভবেন বৰঠাকুৰ


Post Id:DABP002348