মাটিৰে মানুহ গঢ়া


মাটিৰে মানুহ গঢ়া মন্ত্ৰ মোৰ নাই 

 সপোনক আপোন কৰা যন্ত্ৰও নাই 

মনেৰে জোৱাৰ তোলা সুৰ মোৰ নাই 

মাটিৰে...



উজাৰি উজাৰি কান্দিব নোৱাৰি

হাঁহি আছোঁ কাকে চাই

আশাৰে পৰিধি যাবও নেওচি 

নোৱাৰোঁ মুকুতি নাই 

ধূলিত বাগৰিলোঁ আঁৰতে লুকালো 

মোৰ যে চিনাকি নাই 

মাটিৰে...



সঁচা-মিছাৰ আউল ভাঙি 

মই যাম আগুৱাই


মোৰ এই কলিজাৰ তাপে


 দিগন্ত গলাই
 
অগনিৰ শিখাৰে তৃষ্ণা গুচাই

(যদিও) মাটিৰে...।

(কথা আৰু সুৰ- ভবেন বৰঠাকুৰ)


Post Id:DABP002388