আশাৰে মালিকা গাথোঁ
আশাৰে মালিকা গাথোঁ
সুৰভিৰে সুধা ঢালোঁ
কাৰ বাবে এই মালা নিজেই নাজানোঁ
জীৱনৰ পথে পথে বহু ৰঙা ছবি
কত যে দেখিলোঁ মই বাট বুলি বুলি
হাঁহিলোঁ কান্দিলো আৰু নিজকে বুজালো
শান্তিৰ ছায়া হ'লে ক'তো নেদেখিলোঁ।
মৰীচিকা খেদি ফুৰা মই যে পথিক
কত যে প্ৰেমৰ নীড় নেজানোঁ সঠিক
গোপনে গাঁঠিছো মাথোঁ বহুৰঙী মালা
কাৰ বাবে সেই কথা আজিও নেজানোঁ
(কথা-লক্ষহীৰা দাস, সুৰ-ভবেন বৰঠাকুৰ)
Post Id:DABP002350