আই মই শুনিছো আঘোণতে বোলে
আই মই শুনিছো আঘোণতে বোলে
পাতিছ তই মোৰ বিয়া
শুনি মোৰ চকুলো সৰিছে দুধাৰি
বেজাৰত ভগিছে হিয়া
কেনেকৈ এৰিম মই তোকে মোৰ আই ঐ
কেনেকৈ এৰিম তোক
লোকৰ ঘৰ, লোকৰ গাঁও
তেনেই আচহুৱা
কিজানি কেনেবা পাওঁ
ভয়তে কঁপিছে হিয়া
শাহুৰে মাততে থাকে থেকেচনি
বাকীবোৰেও হেনো দেখে দোষেখিনি
ভয়তে কঁপিছে মোৰ হিয়া
ওপজাৰ লগৰী নৈ বিল ঘাট এই
তাত যে একো নাইকিয়া
পুৱা গধূলি কত যে ৰেহ-ৰূপ
চালোঁ এই গাঁৱতে মই
জোনাক মোহনীয়া ভাওনা ধুনীয়া
লগৰীক কাষতে লই
প্ৰতিটো ধূলিয়ে সাৱটিছে আহি
বেদনাত দহিছে হিয়া।
(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-ৰুদ্ৰ বৰুৱা)
Post Id:DABP002346