কাচোনমতী নদীখনি

 

কাচোনমতী নদীখনি 

নাচি নাচি নাচি বয় 

ভাঙি ভাঙি লাহী কঁকাল 

ঘাটে ঘাটে ৰয়

 

ৰূপে ৰূপালী পানী লানি 

ঘাটে ঘাটে বয় 

সৰু সৰু পানচৈ 

তাতে আহি ৰয়

 

এই নদী এই আকাশ 

সদায় সদায় থাক 

কাচোনমতী নদীখনি... 

নীলা পানী বগা বালি 

সেউজীয়া চৰ 

আছেনেকি লুকাই তাতে 

ৰূপমালাৰ ঘৰ

 

পাৰে পাৰে ফুলে তাৰ 

সোণ সৰিয়হ ফুল 

গানতকৈয়ো মিঠা সেই 

নদীৰ কুলু কুল 

সপোনমতীৰ আচলতে 

কোন আকাশৰ ঢৌ 

মনৰ পালত হেন্দোলনী 

থৌকি-বাথৌ থৌকি বাথৌ 

থৌকি-বাথৌ থৌ

 মোৰ মনৰ সপোনমতী

 এই নদীৰে বয়

 মোৰ মৰমৰ কাচোনমতী

 নাচোনমতী হয়।

 

(কথা : জয়ন্ত বৰুৱা, সুৰ : হেমেন হাজৰিকা)



Post Id:DABP002356