ভাৰতীয় সংবিধানঃ ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্য মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ ওপৰত বিতৰ্ক

( Indian Constitution : Basic Features of Indian Constitutions, Debates on Fundamental Rights and Directive Principles)

অধ্যায় ২

অতি চমু প্ৰশ্ন (Very Short Questions)ঃ

১) ভাৰতবৰ্ষৰ সংবিধানখন কোনে ৰছনা কৰিছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানখন সংবিধান সভাই ৰছনা কৰিছিল।

২) ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল ?

উত্তৰঃ ভাৰতৰ সংবিধান সভাৰ সভাপতি হল- ড॰ ৰাজেন্দ্ৰ প্ৰসাদ।

৩) সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ?

উত্তৰঃ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি হল- ॰বি আৰ আম্বেদকাৰ।

৪) ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল আৰু ই কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল ?

উত্তৰঃ ভাৰতীয় সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে গ্ৰহণ কৰা হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হয়।

৫) ভাৰতীয় সংবিধানখন আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে অনমনীয়। সঁচানে মিছা ?

উত্তৰঃ সচাঁ।

৬) কোন চনত ৪২ তম সংশোধনী আইন গৃহীত হৈছিল ?

উত্তৰঃ ১৯৭৬ চনত ৪২ তম সংশোধনী আইন গৃহীত হৈছিল।

৭) সংবিধানৰ কোনটো অনুচ্ছেদে  ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি অভিহিত কৰিছে ?

উত্তৰঃ 

৮) বৰ্তমান ভাৰতৰ সংবিধানৰ মুঠ অনুচ্ছেদৰ সংখ্যা কিমান ?

উত্তৰঃ বৰ্তমান ভাৰতৰ সংবিধানৰ মুঠ অনুচ্ছেদৰ সংখ্যা হল- ৪৪৮ টা।

৯) বৰ্তমান ভাৰতবৰ্ষৰ সংবিধানত কিমানটা অনুসূচী আৰু অংশ আছে ?

উত্তৰঃ বৰ্তমান ভাতবৰ্ষৰ সংবিধানত ১২ টা অনুসূচী আছে।


১০) মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা কাৰণসমূহ বিচাৰ কৰা।

উত্তৰঃ মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা কাৰণসমূহ হল-

১) গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সাফল্যৰ ববে সংবিধানত নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা প্ৰয়োজন। অধ্যাপক ডি এন বেনাৰ্জীৰ মতে ই হল গণতন্ত্ৰৰ ৰক্ষাকৱচ। মৌলিক অধিকাৰবোৰ সংবিধানত  লিপিবদ্ধ থাকিলে শাসক দল স্বেচ্ছাচাৰী হব নোৱাৰে।

২) গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংখ্যাগৰিষ্ঠৰ শাসন প্ৰতিষ্ঠিত হয়। সংবিধানত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ থাকিলে সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ ভালদৰে সুৰক্ষা কৰিব পাৰি।

৩) বহুতে মত প্ৰকাশ কৰে যে মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ থাকিলে এইবোৰৰ বিষয়ে জনসাধাৰণৰ এটা সুস্পষ্ট ধাৰণা হয়।


১১) সাধাৰণ বিধিবদ্ধ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ 

১২) মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ কিয় বিলোপ কৰা হৈছে ?

উত্তৰঃ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ বিলোপ হোৱাৰ কাৰণ হল- ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত ৪৪ তম সংবিধান সংশোধনৰ জৰিয়তে বিলোপ ঘটোৱা হৈছিল। ইয়াৰ মূলতে হল পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু জনগণৰ বৃহত্তৰ স্বাৰ্থত এই অধিকাৰটো সংস্কাৰ ঘটাই দেশত সমাজবাদ প্ৰতিষ্ঠা কৰাটো ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ বাবে সমাজবাদ প্ৰতিষ্ঠাৰ বাবে হেঙাৰস্বৰূপ আছিল। ইয়াকে নাইকিয়া কৰিবলৈ যাওঁতে কৰ্তৃপক্ষই বিভিন্ন সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল। বিশেষকৈ সম্পত্তিৰ অধিকাৰে এই বাধাৰ সৃষ্টি কৰিছিল। এই বাধাক আঁতৰোৱাৰ বাবে সম্পত্তিৰ অধিকাৰটো কেইবাবাৰো সংশোধন কৰিবলগীয়া হৈছিল। আনহাতে দেশত সমাজবাদ প্ৰতিষ্ঠাৰ যোগেদি আৰ্থ-সামাজিক উন্নতি কৰিবলৈ ভাৰত চৰকাৰ প্ৰতিজ্ঞাবদ্ধ। সেয়ে এই উদ্দেশ্যত উপনীত হবৰ বাবে আৰু ভাৰতবৰ্ষক এখন সমাজতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে পথ সুগম কৰিছিল। বৰ্তমান সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰিৱৰ্তে এটা বিধিবদ্ধ পৌৰ অধিকাৰ।

১৩) নিৰ্দেশাত্মক নীতিৰ লক্ষ্য আৰু উদ্দেশ্য স্পষ্ট কৰা।

উত্তৰঃ নিৰ্দেশাত্মক নীতিৰ লক্ষ্য আৰু উদ্দেশ্য হল-

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত সমতা স্থাপনৰ বাবে কাৰ্যক্ৰম প্ৰস্তুত কৰি জনসাধাৰণৰ সৰ্বাংগীণ কল্যাণ সাধন কৰাই হৈছে নিৰ্দেশনাত্মক নীতিৰ মূল উদ্দেশ্য

    সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঠন কৰিবৰ বাবে সংবিধানত এই নীতিসমূহ সন্নিৱিষ্ট কৰিছে। সংবিধানৰ তৃতীয় অধ্যায়ত অন্তৰ্ভূক্ত মৌলিক অধিকাৰসমূহে সামাজিক আৰু অৰ্থনৈতিক দিশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ সুযোগ সৃষ্টি কৰিব পৰা নাছিল। সেয়ে সামাজিক ন্যায় আৰু অৰ্থনৈতিক সমতাৰ ভিত্তিত এখন পূৰ্ণাংগ গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি এই নিৰ্দেশাত্মক নীতিসমূহ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে।

    নাগৰিকৰ অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ পৰিৱেশ সৃষ্টি কৰাও হৈছে নিৰ্দেশাত্মক নীতিৰ আন এটা প্ৰধান উদ্দেশ্য।

    মুঠতে নিৰ্দেশাত্মক নীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে গণতান্ত্ৰিক সমাজবাদ প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰৰ সৰ্বাংগীণ কল্যাণ সাধন কৰা।

    ড॰ আম্বেদকাৰৰ মতে, নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য হৈছে ভাৰতীয় জনসাধাৰণৰ মাজত সামাজিক আৰু অৰ্থনৈতিক ক্ষমতা প্ৰতিষ্ঠা কৰা। কাৰণ, ইয়াৰ জৰিয়তেহে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। সংবিধানবিদ এম ভি পাইলীৰ মতে, এই নীতিসমূহে এখন নতুন গণতান্ত্ৰিক ভাৰতবৰ্ষ গঠনৰ ভেঁটি নিৰ্মাণ কৰিছে।

১৪) দলত দিয়াবোৰৰ ওপৰত চমুটোকা লিখা ঃ

(ক) সমতাৰ অধিকাৰ

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদলৈকে সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুচ্ছেদসমূহৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। ১৪ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত কোনো ব্যক্তিক আইনৰ দৃষ্টিত সমতা অথবা আইনসমূহৰ দ্বাৰা সমভাৱে ৰক্ষিত হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। অৰ্থাৎ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত কাম কৰা সকলো মানুহে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ আৰু আইনে সকলো সমানে ৰক্ষণাবেক্ষণ দিব।

    আইনৰ দৃষ্টিত সমান ব্যৱহাৰ এই নীতিটো ব্ৰিটিছ সংবিধানত থকা আইনৰ শাসনৰ অনুকৰণ বুলিব পাৰি। ভাৰতীয় লোকৰ মাজত সমতা প্ৰতিষ্ঠা কৰিবলৈ আমাৰ সংবিধানতো এই নীতি সন্নিবিষ্ট কৰা হৈছে। ভাৰতবৰ্ষত সকলো লোককে একে আইনৰ মাধ্যমেৰে বিচাৰ কৰা হয় আৰু সমান দোষৰ বাবে সমান শান্তি প্ৰদান কৰা হয়।

    আইনৰ সমান ৰক্ষণাবেক্ষণ সমানৰ মাজত সমান ব্যৱহাৰক বুজায়। উদাহৰণস্বৰূপে- দুজন সমান আয়ৰ মানুহে সমানে আয়কৰ দিব লাগে। এজনৰ পৰা বেছি আয়কৰ আদায় কৰি আনজনৰ পৰা কম আয়কৰ আদায় কৰিলে দুয়োজনৰ ক্ষেত্ৰত সমানে আইনৰ প্ৰয়োগ কৰা নহয়। অৱশ্যে এই কিছু ব্যতিক্ৰম নথবা নহয়। উদাহৰণস্বৰুপে, কিছুমান ক্ষেত্ৰত মহিলাসকলে পুৰুষতকৈ অধিক সা-সুবিধা ভোগ কৰে।


(খ) ধৰ্মৰ অধিকাৰ

উত্তৰঃ ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষনীতিৰ ভিত্তিত ধৰ্মীয় স্বাধীনতাৰ ব্যৱস্থা কৰা হৈছে। সংবিধানৰ ২৫, ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰ সান্নিবিষ্ট কৰা হৈছে।

(১) ২৫ নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচিমতে যিকোনো ধৰ্ম গ্ৰহণ, ধৰ্ম চৰ্চা আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে। কিন্তু এই অধিকাৰ অবাধ নহয়। ৰাজহুৱা আইন-শৃংখলা, নৈতিকতা আৰু জনস্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰই এই অধিকাৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

(২) ২৬ নং অনুচ্ছেদমতে ভাৰতীয় নাগৰিকসকলে ধৰ্মীয় অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰিব পাৰে, স্থাৱৰ-অস্থাৱৰ সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে আৰু বিধিমতে সেই সম্পত্তিৰ ব্যৱহাৰ কৰিব পাৰে।

(৩) ২৭ নং অনুচ্ছেদে ধৰ্মৰ নামত বা ধৰ্মীয় অনুষ্ঠানৰ খৰচৰ বাবে বাধ্যতামূলকভাৱে ৰাজহ তথা কৰ সংগ্ৰহ কৰিব নোৱাৰিব।

(৪) ২৮ নং অনুচ্ছেদমতে চৰকাৰী অৰ্থৰ দ্বাৰা বা ৰাষ্ট্ৰৰ পুঁজিৰ ধনেৰে পৰিচালিত কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষাৰ ব্যৱস্থা কৰিব নোৱাৰিব। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নাইবা চৰকাৰী সাহায্য পোৱা কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষাদানৰ ব্যৱস্থা থাকিলেও সেই অনুষ্ঠানত অধ্যয়নৰত কোনো ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ অনুমতিবিনে কোনো ছাত্ৰ-ছাত্ৰীক ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰিব।

এইবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ধৰ্মৰ ভিত্তিত ইয়াত মানুহৰ মাজত কোনোধৰণৰ বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰি। গতিকে ইয়াত কোনো ধৰ্মই বিশেষ সা-সুবিধা বা বিশেষ স্থান লাভ কৰা নাই।

(গ) সম্পত্তিৰ অধিকাৰ

উত্তৰঃ ভাৰতবৰ্ষৰ মূল সংবিধানত সম্পত্তিৰ অধিকাৰত লিপিবদ্ধ কৰা হৈছিল। সংবিধানৰ ১৯ নং আৰু ৩১ নং অনুচ্ছেদত সম্পত্তিৰ অধিকাৰ সুনিশ্চিত কৰা হৈছিল। কিন্তু সম্পত্তিৰ অধিকাৰক কিছুমানে কঠোৰভাৱে সমালোচনা কৰিছিল। কাৰণ, ভাৰতৰ সংবিধানত সাধাৰণ মানুহৰ বাবে কোনো অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰা নাছিল।

(ঘ) মৌলিক অধিকাৰৰ সংশোধনযোগ্যতা

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদৰ হাতত মৌলিক অধিকাৰ সংশোধনৰ ক্ষমতা অৰ্পণ কৰা হৈছে। ইতিমধ্যে সংসদে ১৯৭৮ চনত ৪৪ তম সংবিধান সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ (Right of Property) ক মৌলিক অধিকাৰৰ পৰা বাদ দিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অধিকাৰসমূহৰ স্থায়িত্বৰ অভাৱ। যিহেতু সংসদে সংকূচিত অথবা বাতিল কৰিব পাৰে, সেয়েহে মৌলিক অধিকাৰসমূহ মহত্ত্বপূৰ্ণ নহয় (They are not sac-rosanct as Parliament can curtail or abolish hem)

(ঙ) নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভূক্ত গান্ধীবাদী নীতি

উত্তৰঃ গান্ধীজীৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত নীতিসমূহক সংবিধানৰ ৪০, ৪৩, ৪৬, ৪৭ আৰু ৪৮ নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে। এই নীতিসমূহ হল-

১) ৪০ নং অনুচ্ছেদ অনুসৰি চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰিব। এনে প্ৰতিষ্ঠানসমূহে স্থানীয় শাসন অনুষ্ঠানৰূপে কাম কৰিবলৈ সমৰ্থ হব।

২) ৪৩ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই উপযুক্ত আইন প্ৰণয়ন, অৰ্থনৈতিক ব্যৱস্থা বা অন্য উপায়ে কৃষি, শিল্প আৰু অন্যান্য উদ্যোগৰ শ্ৰমিকসকলক উপযুক্ত মজুৰি পোৱাৰ ব্যৱস্থা কৰিব।

৩) ৪৩ অনুচ্ছেদ অনুসৰি কুটীৰ শিল্পৰ উন্নয়ন আৰু গ্ৰামাঞ্চলত সমবায়ৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰই বিশেষভাৱে লক্ষ্য কৰিব।

৪) ৪৬ নং অনুচ্ছেদ অনুসৰি জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকসকলৰ শিক্ষা আৰু অৰ্থনৈতিক উন্নয়নৰ ব্যৱস্থা কৰি তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক মানদণ্ড উন্নত কৰিব লাগিব।


চমু প্ৰশ্ন ( Short Questions)ঃ

১) সংবিধানৰ প্ৰাধান্য মানে কি ?

উত্তৰঃ সংবিধানৰ প্ৰাধান্য ভাৰতবৰ্ষৰ সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। সংবিধানখন হৈছে দেশৰ সৰ্বোচ্চ আইন।

২) জনসাধাৰণৰ প্ৰাধান্যই কি বুজাই ?

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানে গণ সাৰ্বভৌমত্বক স্বীকৃতি দিছে। ইয়াত জনসাধাৰণেই সৰ্বেসৰ্বা। সংবিধান অনুসৰি ভাৰতবৰ্ষৰ জনগণেই হৈছে এই দেশৰ সংবিধানৰ উৎস আৰু চুডান্ত ক্ষমতাৰ অধিকাৰী সেয়েহে সংবিধানৰ প্ৰস্তাৱনা আৰম্ভ হৈছে জনসাধাৰণৰ নামত। জনসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন কৰাই হৈছে সংবিধানৰ একমাত্ৰ উদ্দেশ্য। জনসাধাৰণৰ স্বাৰ্থক উপেক্ষা কৰি কোনো চৰকাৰেই দীৰ্ঘদীন ক্ষমতাত থাকিব নোৱাৰে।

৩) ভাৰতবৰ্ষক কিয় গণৰাজ্য বোলা হয় ?

উত্তৰঃ ভাৰতবৰ্ষক গণৰাজ্য বোলাৰ কাৰণ হল ইয়াত বংশানুক্ৰমিক ৰাষ্ট্ৰপ্ৰধানৰ ব্যৱস্থা নাই।

৪) ধৰ্মনিৰপেক্ষতাই কি বুজাই ?

উত্তৰঃ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। মূল সংবিধানত ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰা হোৱা নাছিল। ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ জৰিয়তে ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। সেয়েহে ভাৰতবৰ্ষই ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰে। ইয়াত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। ভাৰতীয় নাগৰিকসকলে যিকোনো ধৰ্ম গ্ৰহণ, প্ৰচাৰ আৰু উপাসনা কৰিব পাৰে। চৰকাৰৰ মঞ্জৰীপ্ৰাপ্ত শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া নহয় আৰু যিকোনো ধৰ্মৰ লোকে শিক্ষা গ্ৰহণ কৰিব পাৰে। চৰকাৰী চাকৰিত নিয়োগৰ ক্ষেত্ৰত নাইবা আন সা-সুবিধাৰ ক্ষেত্ৰত ধৰ্মৰ ভিত্তিত নাগৰিকাৰ মাজত বৈষম্যৰ সৃষ্টি কৰা নহয়। সকলো ধৰ্মাৱলম্বী লোকক ৰাষ্ট্ৰই সুৰক্ষা প্ৰদান কৰে। এইবোৰ কাৰণতে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়।

৫) ন্যায়পালিকাৰ স্বাধীনতা মানে কি বুজা ?

উত্তৰঃ ন্যায়পালিকাৰ স্বাধীনতা ভাৰতীয় সংবিধানৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। ভাৰতবৰ্ষৰ সংবিধান ক্ষমতা পৃথকীকৰণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয় যদিও ইয়াত ন্যায়পালিকাক স্বাধীনতা প্ৰদান কৰা হৈছে। ভাৰতৰ ন্য়ায়িক ব্যৱস্থা চৰকাৰৰ অন্যান্য অংগৰ পৰা নিয়ন্ত্ৰণমুক্ত। অৰ্থাৎ ন্যায়পালিকাৰ কাৰ্যত কাৰ্যপালিকা বা বিধানমণ্ডলে হস্তক্ষেপ কৰিব নোৱাৰে। ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষা কৰিবৰ কাৰণে সংবিধানে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে ন্যায়পালিকাৰ স্বাধীনতা একান্ত প্ৰয়োজন।

৬) ভাৰতৰ সংবিধানৰ কোন অংশত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা আছে।

উত্তৰঃ ভাৰতীয় সংবিধানৰ তৃতীয় অংশত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা আছে।

৭) নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অংশত আছে ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ আছে।

৮) কোনটো সংবিধান সংশোধনীয়ে প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দৰ সংযোজন ঘটাইছিল ?

উত্তৰঃ ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ জৰিয়তে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দৰ সংযোজন ঘটাইছিল।

৯) মৌলিক অধিকাৰসমূহৰ সংবিধানৰ ১২-৩৫ অনুচ্ছেদলৈকে লিখা আছে- শুদ্ধনে ?

উত্তৰঃ শুদ্ধ।

১০) জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰসমূহ উপভোগ কৰিব নোৱাৰি- ভূল নে শুদ্ধ ?

উত্তৰঃ ভূল।

১১) নিৰ্দেশাত্মক নীতিৰ আদৰ্শটো আমেৰিকা | আয়াৰলেণ্ড | ইংলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে ?

উত্তৰঃ শুদ্ধ।

১২) বৰ্তমান সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰনে ?

উত্তৰঃ নহয়।

১৩) নিৰ্দেশাত্মক নীতিৰ উদ্দেশ্য ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা- শুদ্ধনে।

উত্তৰঃ শুদ্ধ।

১৪) মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য- শুদ্ধনে অশুদ্ধ ?

উত্তৰঃ শুদ্ধ।

১৫) নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ- হয়নে নহয় ?

উত্তৰঃ হয়।

১৬) কোনটো সংবিধান সংশোধনীয়ে সম্পত্তিৰ অধিকাৰটো বাতিল কৰিছে ?

উত্তৰঃ ১৯৭৮ চনত ৪৪তম সংশোধনীয়ে সম্পত্তিৰ অধিকাৰটো বাতিল কৰিছে।

১৭) কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ে নাগৰিক মৌলিক অধিকাৰ ৰক্ষাৰ বাবে জাৰি কৰিব পাৰে ?

উত্তৰঃ সংবিধানৰ অনুচ্ছেদ 226-ৰ অধীনত উচ্চতম ন্যায়লয়ে নাগৰিক মৌলিক অধিকাৰ ৰক্ষাৰ বাবে জাৰি কৰিব পাৰে।

১৮) সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাজ্যিক উচ্চ ন্যায়ালয়সমূহে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবে লেখ জাৰি কৰিব পাৰে ?

উত্তৰঃ 

১৯) কোনটো গোচৰক মৌলিক অধিকাৰ সংক্ৰান্ত গোচৰ বুলি জনা যায় ?

উত্তৰঃ 

২০) তলত দিয়াবোৰৰ সম্পূৰ্ণ ৰূপ লিখাঃ

a) MISA    b) TADA    c) POTA

উত্তৰঃ a) MISA - Maintenance of Internal Security Act,

b) TADA - Terrorist and Disruptive Activities,

c) POTA - Prevention of Terrorist Activities,


খালী ঠাই পূৰণ কৰা (Fill in the blanks)ঃ

১)                 নং সংশোধনী অনুসৰি প্ৰস্তাৱনাত কেতবোৰ শব্দ নতুনকৈ সংযোজন কৰা হৈছে।

২)    ১৯৭৬    চনত ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত যোগ দিয়া হৈছিল।

৩) প্ৰস্তাৱনাত সামাজিক, ৰাজনৈতিক আৰু   অৰ্থনৈতিক    ন্যায় সুনিশ্চিত কৰাৰ কথা কোৱা হৈছে।

৪) প্ৰস্তাৱনাত চিন্তা, অভিব্যক্তি, বিশ্বাস আৰু                স্বাধীনতা সুৰক্ষিত কৰিব বিচৰা হৈছে।

৫) আজি ১৯৪৯ চনৰ নৱেম্বৰ মাহৰ              দিনা ইয়াৰ দ্বাৰা এই সংবিধানত গ্ৰহণ             আৰু নিজকে প্ৰদান কৰোঁ।


ৰচনাধৰ্মী প্ৰশ্ন (Essay type Questions)ঃ

১) ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ হল-

১) প্ৰস্তাৱনাঃ প্ৰত্যেক ৰাষ্ট্ৰৰ লিখিত সংবিধানৰ একোটা প্ৰস্তাৱনা দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলেও আমাৰ সংবিধানত এটা প্ৰস্তাৱনা সন্নিৱিষ্ট কৰিছে। প্ৰস্তাৱনা হৈছে সংবিধানৰ পাতনি, ই সংবিধানৰ আত্মাস্বৰূপ যত সংবিধানৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ ব্যক্ত কৰা হয়। এই প্ৰস্তাৱনাত ভাৰতীয় সংবিধানৰ দৰ্শন প্ৰতিফলিত হৈছে। প্ৰস্তাৱনাত নিহিত হৈ থকা সেই উদ্দেশ্য তথা দৰ্শনসমূহক সংবিধানৰ জৰিয়তেই বাস্তৱ ৰূপদান কৰিবলৈ চেষ্টা কৰা হয়। সেয়েহে ভাৰতবৰ্ষৰ সংবিধানৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে প্ৰস্তাৱনাত উল্লেখ থকা উদ্দেশ্যসমূহৰ সফল ৰূপায়নৰ ওপৰত।

২) লিখিত সংবিধানঃ ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান। ইয়াক এক নিৰ্দিষ্ট সময়ত ৰছনা কৰা হৈছে। প্ৰায় তিনিবছৰ কাল পৰিশ্ৰম কৰি এখন সংবিধান সভাই এই সংবিধানখন ৰচনা কৰিছে। ১৯৮৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰবৰ্ষৰ সংবিধান সভাই এই সংবিধান গ্ৰহণ কৰে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোৰ পৰা এই সংবিধান বলবৎ কৰা হয়। সেয়েহে এই সংবিধানখনক এখন ৰচিত সংবিধান বুলিও কোৱা হয়.

৩) দীৰ্ঘতম সংবিধানঃ ভাৰতবৰ্ষৰ সংবিধানখনক পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম লিখিত সংবিধান বুলি জনা যায়। ভাৰতবৰ্ষৰ সংবিধানৰ দৰে বিশ্বৰ আন কোনো সংবিধানত ইমান বেছি অনুচ্ছেদ, ধাৰা, উপধাৰাৰ তালিকা নাই। মূল সংবিধানখন ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায় আৰু ৮টা অনুসূচী লৈ গঠিত হৈছিল। কিন্তু বৰ্তমানলৈকে সংবিধানখন কেইবাবাৰো সংশোধন কৰা হৈছে। ইয়াৰ ফলত সংবিধানখনৰ আকাৰ বৃদ্ধি পাইছে। বৰ্তমান বহল হোৱাৰ বহুতো কাৰণ আছে। নানা সমস্যা আৰু নানা জাতি-উপজাতিৰে গঠিত এখন বিশাল দেশৰ বাবে এখন দীঘলীয়া সংবিধান ৰচনা কৰিবলৈ সংবিধান নিৰ্মাতাসকল বাধ্য হৈছে।

৪) আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে দৃঢ় সংবিধানঃ ভাৰতবৰ্ষৰ সংবিধানখন সম্পূৰ্ণ নমনীয় বা আৰু সম্পূৰ্ণ অনমনীয় নহয়। ইয়াক নমনীয় আৰু অনমনীয় সংবিধানৰ এক অপূৰ্ব সংমিশ্ৰণ বুলি কব পাৰি। সংবিধানৰ কিছুমান অনুচ্ছেদ অতি সহজ অথবা নমনীয় পদ্ধতিৰে সংশোধন কৰিব পাৰি। সেইদৰে কিছুমান অনুচ্ছেদ সংশোধন কৰিবৰ বাবে এক জটিল পদ্ধতি গ্ৰহণ কৰা হয়। আনহাতে আকৌ আন বহুতো অনুচ্ছেদ এটা মিশ্ৰ পদ্ধতিৰ দ্বাৰা সংশোধন কৰা হয়। এই পদ্ধতিটোক সহজ আৰু জটিল পদ্ধটিৰ সংমিশ্ৰণ বুলি কোৱা হয়। ভাৰবৰ্ষৰ সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত সংবিধান সংশোধনৰ তিনিটা বিস্তৃত পদ্ধতিৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা বুজিব পাৰি যে ভাৰতবৰ্ষৰ সংবিধান সংশোধন পদ্ধতি ইংলেণ্ডৰ দৰে অতি নমনীয় আৰু আমেৰিকাৰ দৰে অনমনীয় নহয়। ই নমনীয়তা আৰু অনমনীয়তাৰ সংমিশ্ৰণ।

৫) সংবিধানৰ প্ৰাধান্যঃ সংবিধানৰ প্ৰাধান্য ভাৰতবৰ্ষৰ সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। সংবিধানখন হৈছে দেশৰ সৰ্বোচ্চ আইন সকলোধৰণৰ ৰাষ্ট্ৰীয় ক্ষমতা  আৰু নাগৰিকৰ মৌলিক অধিকাৰৰ উৎস। উচ্চতম ন্যায়ালয় হল সংবিধানৰ অভিভাৱক। ভাৰতবৰ্ষত কোনো ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান বা চৰকাৰেও সংবিধানবিৰোধী কোনো কাম কৰিব নোৱাৰে। আইনসভাই সংবিধানবিৰোধী কোনো আইন গ্ৰহণ কৰিলে, উচ্চতম ন্যায়ালয়ে তেনে আইন অসাংবিধানিক বুলি ঘোষণা কৰিব পাৰে। এনেকৈ চৰকাৰৰ সংবিধানবিৰোধী কাৰ্য বা সিদ্ধান্তত বাধাদান কৰি সংবিধানৰ সৰ্বোচ্চতা ৰক্ষা কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

২) ভাৰতীয় সংবিধানৰ প্ৰধান উৎসসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰধান উৎসসমূহ হল-

১) ভাৰত চৰকাৰ আইনঃ ব্ৰিটিছ সংসদে পৰাধীন ভাৰতবৰ্ষৰ শাসনকাৰ্য পৰিচালনাৰ বাবে কেইবাখনো আইন ৰছনা কৰিছিল। এইবোৰৰ ভিতৰত ১৯০৯, ১৯১৯ আৰু ১৯৩৫ চনৰ আইনসমূহ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ পিচত ১৯৪৭ চনত ভাৰতীয় স্বাধীনতা আইন গ্ৰহণ কৰা হয়। ব্ৰিটেইনৰ সংসদে পাছ কৰা এই আইনে স্বাধীন ভাৰতৰ অস্থায়ী শাসনতন্ত্ৰৰ ভূমিকা লয়। এই ভাৰত শাসন আইনসমূহৰ ভিতৰত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন খনেই আছিল আটাইতকৈ দীঘলীয়া আৰু ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষৰ সংবিধানত বিশেষভাৱে পৰিলক্ষিত হয়। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা, প্ৰদেশসমূহৰ স্বতন্ত্ৰতা, ক্ষমতা বিভাজন, দায়িত্বশীল চৰকাৰ, ক্ষমতাশালী আমোলাতন্ত্ৰ, কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী ক্ষমতা, শক্তিশালী ন্যায়পালিকা আদিৰ ব্যৱস্থা কৰিছিল। স্বাধীন ভাৰতৰ নতুন সংবিধানত প্ৰয়োজনীয় পৰিৱৰ্তন সাপেক্ষে এই নীতিসমূহ সন্নিবিষ্ট কৰা হয়। সেয়েহে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক স্বাধীন ভাৰতৰ সংবিধানৰ ভেঁটি বুলি কব পাৰি।

২) ব্ৰিটেইনৰ শাসন ব্যৱস্থাঃ ভাৰতৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছে। এই সন্দৰ্ভত আমাৰ সংবিধানে ব্ৰিটেইনৰ সংসদীয় শাসন ব্যৱস্থা হুবহু অনুকৰণ কৰিছে। আমাৰ সংবিধান ৰচকসকলে এই দেশৰ বাবে সংসদীয় শাসন ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰধান কাৰণ হল এই যে ভাৰতবৰ্ষৰ জনসাধাৰণে এই শাসন ব্যৱস্থাৰ সৈতে বহু দিনৰে পৰা সু-পৰিচিত আছিল। ভাৰতবৰ্ষৰ বাবে এই শাসন ব্যৱস্থাই শ্ৰেষ্ঠ বুলি বিবেচনা কৰা হৈছিল। গতিকে ভাৰতবৰ্ষৰ সংসদীয় শাসন ব্যৱস্থা ব্ৰিটেইনৰ সংবিধানৰ প্ৰত্যক্ষ অৱদান।

৩) অন্যান্য সংবিধানৰ প্ৰভাৱঃ ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত অন্যান্য দেশৰ সংবিধানৰো বিশেষ প্ৰভাৱ থকা দেখা যায়। এইক্ষেত্ৰত ভাৰতৰ সংবিধানৰ ভাৰতীয় সংবিধানে ন্যায়পালিকাৰ স্বাধীনতাৰ ধাৰণাটো আমেৰিকাৰ সংবিধানৰ পৰা গ্ৰহণ কৰিছে। ক্ষমতাৰ বিভাজনৰ ক্ষেত্ৰত কানাডাৰ সংবিধান অনুসকৰণ কৰা দেখা যায়। সেইদৰে আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ অংশটো গ্ৰহণ কৰা হৈছে। ভাৰতৰ সংবিধানৰ মন্ত্ৰীসভা পৰিচালিত শাসন ব্যৱস্থা হল ব্ৰিটিছ সংবিধানৰ অৱদান। তেনেকৈ সংবিধানত থকা স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ ধাৰণা ফৰাচী দেশৰ সংবিধানৰ পৰা অনা হৈছে।

৩) ভাৰতীয় সংবিধানৰ উদাৰনৈতিক গণতান্ত্ৰিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ

৪) ভাৰতীয় সংবিধানৰ আয়তন বৃহৎ হোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

৫) ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰনে ? আলোচনা কৰা।

উত্তৰঃ হয় ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। মূল সংবিধানত ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰা হোৱা নাছিল। ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ জৰিয়তে ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। সেয়েহে ভাৰতবৰ্ষই ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰে। ইয়াত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। ভাৰতীয় নাগৰিকসকলে যিকোনো ধৰ্ম গ্ৰহণ, প্ৰচাৰ আৰু উপাসনা কৰিব পাৰে। চৰকাৰৰ মঞ্জুৰীপ্ৰাপ্ত শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া নহয় আৰু যিকোনো ধৰ্মৰ লোকে শিক্ষা গ্ৰহণ কৰিব পাৰে। চৰকাৰী চাকৰিত নিয়োগৰ ক্ষেত্ৰত নাইবা আন সা-সুবিধাৰ ক্ষেত্ৰত ধৰ্মৰ ভিত্তিত নাগৰিকৰ মাজত বৈষম্যৰ সৃষ্টি কৰা নহয়। সকলো ধৰ্মাৱলম্বী লোকক ৰাষ্ট্ৰই সুৰক্ষা প্ৰদান কৰে। এইবোৰ কাৰণতে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়।

৬) মৌলিক অধিকাৰ কাক বোলে ? সেইবোৰক কিয় মৌলিক বোলা হয় ? সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰাৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰত্যেক সভ্য় সমাজত ব্যক্তিৰ বিকাশ আৰু উন্নতিৰ বাবে সমাজ আৰু ৰাষ্ট্ৰৰ দ্বাৰা কিছুমান অধিকাৰ স্বীকৃতি অপৰিহাৰ্য বুলি বিবেচনা কৰা হয়। ভাৰতীয় সংবিধানে নাগৰিকসকলক প্ৰদান কৰা এনে সুযোগ সুবিধাবোৰকে মৌলিক অধিকাৰ বুলি কোৱা হয়।

    মৌলিক অধিকাৰবোৰক মৌলিক অধিকাৰ বোলাৰ কাৰণ হল- অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে আৰু সাধাৰণ আইন প্ৰণয়ণ পদ্ধতিৰে এইবোৰ সংশোধন কৰিব নোৱাৰি। দ্বিতীয়তে, অধিকাৰবোৰক মৌলিক বুলি কোৱাৰ আন এটা কাৰণ হল- এইবোৰ বাদযোগ্য অৰ্থাৎ ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায়। চৰকাৰ বা আন কোনো সংস্থা বা ব্যক্তিয়ে এই অধিকাৰবোৰক উলংঘা কৰিব নোৱাৰে আৰু ইয়াক কাৰ্যকৰী কৰিবৰ বাবে কোনো নতুন আইন প্ৰণয়নৰো প্ৰয়োজন নাই। অৱশ্যে মৌলিক অধিকাৰবোৰ অসীম নহয়, ৰাষ্ট্ৰৰ নিৰাপত্তাৰ খাতিৰত প্ৰয়োজন হলে চৰকাৰে ইয়াৰ ওপৰত সাময়িকভাৱে বাধা আৰোপ কৰিব পাৰে।

৭) ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰবোৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰবোৰৰ বৈশিষ্ট্যসমূহ হল-

১) চৰম নহয়- ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ চৰম বা সীমাহীন নহয়। কিছুমান সীমাবদ্ধতা মাজতহে এই অধিকাৰসমূহ ভোগ কৰিব পাৰি। এজনে অধিকাৰ ভোগ কৰাৰ সময়ত আন এজনৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। অধিকাৰৰ লগত সদায় কৰ্তব্য জড়িত থাকে। আমাৰ মৌলিক অধিকাৰসমূহো ইয়াৰ ব্যতিক্ৰম নহয়। তাৰোপৰি দেশৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ কাৰণে অধিকাৰ ভোগৰ ক্ষেত্ৰত কেতিয়াবা বাধা আৰোপ কৰিবলগা হয়। জাতিৰ স্বাৰ্থতকৈ কোনো অধিকাৰ অধিক মূল্যৱান নহয়। সেয়েহে ভাৰতীয় নাগৰিকসকলৰ অধিকাৰসমূহ সীমাহীন বা অবাধ নহয়।

২) বাদযোগ্য- ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ বাদযোগ্য। অৰ্থাৎ এই অধিকাৰসমূহ আদালতৰ দ্বাৰা বলবৎ কৰিব পাৰি। কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰে এই অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিলে, এই হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ সহায় লব পাৰি। সংবিধানৰ ৩২ আৰু ২২৬ নং অনুচ্ছেদমতে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে ক্ৰমান্বয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় ওচৰ চাপিব পাৰি। এই আদালতসমূহে নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰে।

৩) সাধাৰণ অৱস্থাত মৌলিক অধিকাৰৰ সংকোচন- ভাৰতবৰ্ষৰ সংবিধানত সাধাৰণ অৱস্থাতো মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপৰ ব্যৱস্থা কৰা হৈছে। স্বাধীনতাৰ অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগ্ত বাধানিষেধ আৰোপ কৰিব পাৰে। তাৰোপৰি নিবাৰক নিৰোধক আইনৰ জৰিয়তে কোনো ব্যক্তি নিৰ্দিষ্ট সময়ৰ বাবে আটক কৰিব পৰাৰ ব্যৱস্থাও আছে। জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো পুৰুষ-মহিলাক নিয়োগৰ ক্ষেত্ৰত সমান সুবিধাৰ আশ্বাস দিয়া আছে যদিও পিছপৰা সম্প্ৰদায়ৰ আদিৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

৪) জৰুৰী অৱস্থা বলবৎযোগ্য নহয়- সাধাৰণ অৱস্থাত আদালতে মৌলিক অধিকাৰসমূহ বলবৎ কৰিব পাৰে। কিন্তু দেশত জৰুৰীকালীন অৱস্থা ঘোষিত হলে ৰাষ্ট্ৰপতিয়ে আদেশ জাৰি কৰি মৌলিক অধিকাৰ বলবৎ কৰিবৰ কাৰণে আদালতৰ ওচৰত আবেদন কৰাৰ অধিকাৰ বাতিল কৰিব পাৰে। জৰুৰী অৱস্থা বাহাল থকা সময়ছোৱাত ১৯ নং অনুচ্ছেদত থকা স্বাধীনতাৰ অধিকাৰ বাতিল হৈ যায়। এই সময়ছোৱাত নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিলে ন্যায়ালয়ে নাগৰিকৰ সহায় কৰিব লাগে।

৫) অৰ্থনৈতিক অধিকাৰৰ অনুপস্থিতি- ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ। ইয়াত জনসাধাৰণৰ কোনো অৰ্থনৈতিক অধিকাৰে ঠাই পোৱা নাই। জীৱন ধাৰণাৰ অধিকাৰ, চাকৰিৰ অধিকাৰ আদিয়ে আমাৰ সংবিধানত স্বীকৃতি লাভ কৰা নাই। ভাৰতবৰ্ষৰ সংবিধানে অকল ৰাজনৈতিক অধিকাৰৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে।


৮) মৌলিক অধিকাৰত অন্তৰ্ভূক্ত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ অতি গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৯, ২০, ২১ আৰু ২২ নং অনুচ্ছেদত এই অধিকাৰ আলোচনা কৰা হৈছে। মূল সংবিধানত নাগৰিকক সাতোটা স্বাধীনতা প্ৰদান কৰা হৈছিল। কিন্তু ৪৪ তম সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলোপ কৰাৰ ফলত (অনু ১৯ (১) -(চ) বৰ্তমান এই অনুচ্ছেদত ছটা স্বাধীনতা অন্তৰ্ভূক্ত কৰা হৈছে। ১৯ নং অনুচ্ছেদে নাগৰিকসকলৰ প্ৰদান কৰা স্বাধীনতাসমূহ হল-

    ১) বাক্-স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ

    ২) বিনা অস্তই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ

    ৩) সংস্থা গঠনৰ অধিকাৰ

    ৪) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ

    ৫) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ, আৰু

    ৬) যিকোনো বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ অধিকাৰ

স্বাধীনতাৰ এই অধিকাৰসমূহ চৰম নহয়। চৰকাৰে এই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। তলত নাগৰিকৰ স্বাধীনতাৰ অধিকাৰসমূহ ব্যাখ্যা কৰা হল-

১) বাক্-স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাঃ বাক্-স্বাধীনতা বা কথা কোৱাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে অপৰিহাৰ্য। এই অধিকাৰ অবিহনে নাগৰিকে নিজৰ মনৰ ভাব স্পষ্টভাৱে প্ৰকাশ কৰাৰ সুবিধা নাপায়। সেয়েভাৰতীয় নাগৰিকসকলৰ বাবে এই অধিকাৰটো বৰ গুৰুত্বপূৰ্ণ। বাক্ স্বাধীনতাই নিৰ্ভয়ে আৰু বিনা বাধাই মুখেৰে নিজৰ ধাৰণা ব্যক্ত কৰাৰ ক্ষমতা বুজায়, প্ৰকাশৰ স্বাধীনতাই লিখনিৰ সহায়ত আৰু আন প্ৰকাৰে নিজৰ মনৰ ভাব অনেক বুজোৱাৰ স্বাধীনতা বুজাই।

    সেয়ে হলেও এই অধিকাৰসমূহ বাধাহীন নহয়। দেশৰ সামাজিক শৃংখলা, বৈদেশিক ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক, ৰাষ্ট্ৰীয় অখণ্ডতা আৰু নিৰাপত্তাৰ খাতিৰত জনসাধাৰণৰ বাক্-স্বাধীনতা আৰু প্ৰকাশৰ স্বাধীনতাৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰাৰ ক্ষমতা চৰকাৰৰ হাতত ৰাখিছে। তাৰোপৰি কোনো নাগৰিকে অনৈতিক, আনৰ সন্মান হানিকৰ, আদালতৰ প্ৰতি অৱজ্ঞাসূচক, আনক অপৰাধমূলক কাৰ্যত লিপ্ত কৰাৰ উদ্দেশ্য উদ্দীপনাপূৰ্ণ কথা কোৱা বা তেনে কথা লিখি প্ৰকাশ কৰাৰ অধিকাৰ উপভোগ কৰিব নোৱাৰিব। চৰকাৰে আৰোপ কৰা বাধা-নিষেধৰ যুক্তিযুক্ততা বিচাৰৰ দায়িত্ব ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে।

২) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতাঃ ভাৰতীয় সংবিধানে সকলো নাগৰিকৰ বাবে অস্ত্ৰ-শস্ত্ৰ নোলোৱাকৈ শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। সভা-সমিতিত সমবেত হৈ আলোচনা কৰা নাইবা জনমত গঠন কৰা আদি অধিকাৰ মত প্ৰকাশৰ স্বাধীনতাৰ সৈতে অতিশয় ঘনিষ্ঠভাৱে জড়িত। অৱশ্যে প্ৰকাশৰ অধিকাৰৰ নিচিনা এই অধিকাৰটোও সম্পূৰ্ণ বাধাহীন নহয়। সামাজিক শান্তি আৰু নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ স্বাৰ্থত ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে। দেশত জৰুৰীকালীন অৱস্থা চলি থকা সময়ত কোনো লোকে তেওঁৰ সমবেত হোৱাৰ অধিকাৰ ভংগ হোৱাৰ বিপক্ষে ন্যায় বিচাৰি আদালতত ওচৰ চাপিব নোৱাৰে।

৩) সংস্থা গঠনৰ অধিকাৰ-স্বাধীনতাঃ ভাৰতীয় সংবিধানে সামাজিক কল্যাণ সাধনৰ উদ্দেশ্যে সংস্থা অথবা সংঘ গঠন কৰাৰ অধিকাৰ নাগৰিকসকলক প্ৰদান কৰিছে। ইয়াৰ ফলত নাগৰিকসকলে তেওঁলোকৰ ৰুচি অনুযায়ী বিভিন্ন ধৰণৰ সংস্থা আৰু সংগ গঠন কৰিব পাৰে আৰু এইবোৰত সদস্যভূক্ত হব পাৰে। সেয়েহে নাগৰিকসকলে ৰাজনৈতিক দল, শ্ৰমিক সংঘ, ক্ৰীড়া সংস্থা আদি বিভিন্ন সংস্থা গঠন কৰি লব পাৰে। কিন্তু নাগৰিকৰ এই অধিকাৰটোও অবাধ নহয়। বিশৃংখলা সৃষ্টিকাৰী, নীতি-বিগৰ্হিত উদ্দেশ্যে গঠিত বা ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘিনিকাৰী সংস্থা বা সমিতিসমূহৰ ওপৰত ৰাষ্ট্ৰই যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

৪) ভাৰতৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে চলাচলৰ স্বাধীনতাঃ ভাৰতবৰ্ষৰ সকলো ঠাইতে স্বাধীনভাৱে চলাচল বা যাতায়ত কৰাৰ অধিকাৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ। কিন্তু সন্দেহজনক চৰিত্ৰৰ লোকৰ চলাচলৰ অধিকাৰৰ ওপৰত ৰাষ্ট্ৰই বাধা আৰোপ কৰিব পাৰে। তদুপৰি জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত কোনো মহামাৰী ৰোগ নিয়ন্ত্ৰণাধীন কৰি ৰখাৰ উদ্দেশ্যে নাইবা অনুসূচিত জনজাতিৰ লোকসকলৰ স্বাৰ্থৰক্ষাৰ বাবে কেতিয়াবা মানুহৰ চলাচলৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

৫) বসবাস কৰাৰ অধিকাৰঃ প্ৰতিজন ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰাৰ স্বাধীনতা ভোগ কৰে। কিন্তু এই অধিকাৰো চৰম নহয়। জনস্বাৰ্থ আৰু অনুসূচিত জাতি-উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ চৰকাৰে এইবিলাকৰ ক্ষেত্ৰতো যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

৬) বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ স্বাধীনতাঃ ভাৰতীয় সংবিধানে নাগৰিকসকলক যিকোনো বৃত্তি, পেছা বা ব্যৱসায় কৰিবলৈ অধিকাৰ দিছে। কিন্তু জনসাধাৰণৰ সু-স্বাস্থ্য, শান্তি আৰু নিৰাপত্তা আৰু নৈতিকতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰই এনে অধিকাৰৰ ওপৰতো যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিব পাৰে। ৰাষ্ট্ৰই বিভিন্ন বৃত্তিৰ ক্ষেত্ৰত কৰ্মীসকলৰ যোগ্যতা নিৰ্ধাৰণ কৰিব পাৰে।

সংবিধানৰ ২০ নং অনুচ্ছেদত কোৱা হৈছে যে-

(ক) কোনো লোককে প্ৰচলিত আইন ভংগ কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব আৰু আইন অমান্য কৰাৰ সময়ত যি শাস্তিৰ অৱস্থা আছে, তাতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব।

(খ) কোনো ব্যক্তিক একে দুষতে এবাৰতকৈ অধিক শাস্তি দিব নোৱাৰিব।

(গ) কোনো ব্যক্তিক তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰিব নোৱাৰিব।


৯) মৌলিক অধিকাৰৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা আৰু সেইবোৰৰ যুক্তিযুক্ততাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰা।

উত্তৰঃ মৌলিক অধিকাৰৰ সীমাবদ্ধতাসমূহ হল-

(১) সংবিধান সমতাৰ অধিকাৰ আছে যদিও চৰকাৰে বিশেষ শ্ৰেণীৰ লোকৰ বাবে বিশেষ ব্যৱস্থা কৰিব পাৰে। অৰ্থাৎ অনুসূচিত জাতি-জনজাতিৰ লোক, সমাজৰ পিচপৰা সম্প্ৰদায়ৰ লোকৰ বাবে বিধানমণ্ডলত আসন সংৰক্ষণৰ ব্যৱস্থা আৰু চাকৰিৰ ক্ষেত্ৰত বিশেষ সুবিধা দান আদিক সমালোচকসকলে সমতাৰ অধিকাৰবিৰোধী বুলি জ্ঞান কৰে।

(২) স্বাধীনতাৰ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত জাতীয় জৰুৰীকালীন অৱস্থা চলি থকা সময়ত সংবিধানত ১৯ নং অনুচ্ছেদৰ অধীনত নাগৰিকে ভোগ কৰা মৌলিক অধিকাৰ খৰ্ব হয়।

(৩) চৰকাৰে মৌলিক অধিকাৰ সংশোধন কৰি কিছুমান অধিকাৰ বাতিল কৰিব পাৰে। ১৯৭৮ চনৰ ৪৪ তম সংশোধনৰ দ্বাৰা সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।

(৪) মৌলিক অধিকাৰৰ ভিতৰত নাগৰিকৰ বাবে কোনো অৰ্থনৈতিক অধিকাৰ নাই। কামৰ অধিকাৰ, জিৰণিৰ অধিকাৰ আদিৰ লেখীয়া অৰ্থনৈতিক অধিকাৰবোৰ সামৰি নোলোৱাৰ ফলত জনসাধাৰণ পক্ষে মৌলিক অধিকাৰৰ গুৰুত্ব বহুলাংশে হ্ৰাস পাইছে।

(৫) আমাৰ দেশৰ ন্যায়িক ব্যৱস্থা অতিশয় ব্যয়বহুল,সাধাৰণ মানুহৰ পক্ষে ন্যায়ালৰ জৰিয়ৰে মৌলিক অধিকাৰসমূহৰ ৰক্ষা কৰা সহজ নহয়।

(৬) দেশৰ জৰুৰীকালীন অৱস্থা থাকিলে কিছুমান অধিকাৰ স্থগিত ৰখা হয়। তদুপৰি সংসদে নিবাৰক নিৰোধ আইন আৰু আভ্যন্তৰীণ নিৰাপত্তা সংৰক্ষণ আইন আদিৰ নিচিনা আইন প্ৰণয়ন কৰি জনসাধাৰণৰ মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে।

মৌলিক অধিকাৰৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ আৰোপ হৈছে যদিও এই অধিকাৰবোৰ মূল্যহীন নহয়। কিয়নো মানুহে কিছুমান সীমাবদ্ধতাৰ মাজতহে অধিকাৰ ভোগ কৰিব পাৰে। নাগৰিকসকলে অধিকাৰ ভোগ কৰোতে সামাজিক আৰু ৰাষ্ট্ৰীয় স্বাৰ্থলৈ চকু দিব লাগিব। কাৰণ ৰাষ্ট্ৰৰ পৰাহে মানুহে অধিকাৰ পায় আৰু ৰাষ্ট্ৰই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়ে।

 

১০) মৌলিক অধিকাৰৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহৰ বিৰুদ্ধে বিভিন্ন সমালোচনা বা অভিযোগ থাকিলেও এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ইয়াৰ গুৰুত্ব কেতিয়াও নুই কৰিব নোৱাৰি। এই অধিকাৰসমূহ জনসাধাৰণৰ সামাজিক, বৌদ্ধিক, মানসিক আৰু সাংস্কৃতিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়। মানৱ জীৱনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আৰু ৰাষ্ট্ৰীয় ঐক্য আৰু গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠাৰ বাবে মৌলিক অধিকাৰ অতি আৱশ্যকীয়। গ্ৰেণভিল অষ্টিনে ভাৰতবৰ্ষৰ সংবিধানক এখন সামাজিক দলিল বুলি অভিহিত কৰিছে আৰু তেওঁ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিক সংবিধানৰ বিবেক বুলি বৰ্ণনা কৰিছে। তেওঁ কৈছে মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিয়ে ভাৰতৰ ভৱিষ্যত, বৰ্তমান, অতীতক সংযুক্ত কৰে আৰু ভাৰবৰ্ষৰ সমাজ বিপ্লৱৰ উদ্যোগক শক্তি প্ৰদান কৰে। অষ্টিনৰ এই উক্তিৰ পৰা ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহৰ গুৰুত্বৰ বিষয়ে ভালদৰে অনুভৱ কৰিব পাৰি।

    মৌলিক অধিকাৰসমূহৰ তাৎপৰ্যৰ ক্ষেত্ৰত তলত উল্লেখ কৰা যুক্তিসমূহ ফঁহিয়াই চাব পাৰি-

(১) দীৰ্ঘদিনীয়া উপনিবেশিক শাসনৰ অধীনত থকাৰ পিছত স্বাধীনতা লাভ কৰা জনসাধাৰণৰ বাবে মৌলিক অধিকাৰবোৰ স্বাধীনতাৰ চনদৰ নিচিনা। এইবোৰ পৰাধীনত অৱসানে তেওঁলোকলৈ কঢ়িয়াই অনা অধিকাৰৰ ভঁৰালস্বৰূপ। এই অধিকাৰবোৰৰ জৰিয়তে সকলো স্তৰৰ জনসাধাৰণে স্বাধীনভাৱে চলা-ফুৰা, শিক্ষা-সংস্কৃতি গ্ৰহণ কৰা ৰুচি অনুযায়ী ধৰ্ম গ্ৰহণ, ধৰ্ম চৰ্চা কৰা আদি সুবিধা লাভ কৰিছে। স্বাধীনতাৰ পূৰ্বে তেওঁলোকে এনেবোৰ অধিকাৰ কেতিয়াও লাভ কৰা নাছিল। মৌলিক অধিকাৰবোৰ সেইবাবেই অধিক গুৰুত্বপূৰ্ণ।

(২) মৌলিক অধিকাৰসমূহ জনসাধাৰণৰ ব্যক্তিত্ব বিকাশৰ প্ৰধান চৰ্ত। এই অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ অসম্ভৱ। সেয়েহে পৃথিৱীত সকলোবোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানে মৌলিক অধিকাৰ সন্নিবিষ্ট কৰি নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু মংগলৰ কাৰণে আৱশ্যকীয় স্বতন্ত্ৰতা প্ৰদানৰ ব্যৱস্থা কৰিছে।

(৩) মৌলিক অধিকাৰে চৰকাৰৰ স্বেচ্ছাচাৰিতাক বাধা প্ৰদান কৰি ব্যক্তি স্বাধীনতাক সুৰক্ষা দিয়ে। চৰকাৰে সাধাৰণ আইনৰ দৰে এই অধিকাৰসমূহ পৰিৱৰ্তন কৰিব নোৱাৰে। একমাত্ৰ সংবিধান সংশোধনৰ দ্বাৰাহে এই অধিকাৰসমূহ পৰিৱৰ্তন কৰিব পাৰে।


১১) ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰবোৰ হল-

১) সমতাৰ অধিকাৰ - ভাৰতীয় সংবিধানৰ ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদলৈকে সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুচ্ছেদসমূহৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। ১৪ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত কোনো ব্যক্তিক আইনৰ দৃষ্টিত সমতা অথবা আইনসমূহৰ দ্বাৰা সমভাৱে ৰক্ষিত হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। অৰ্থাৎ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত কাম কৰা সকলো মানুহে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ আৰু আইনে সকলো সমানে ৰক্ষণাবেক্ষণ দিব।

    আইনৰ দৃষ্টিত সমান ব্যৱহাৰ এই নীতিটো ব্ৰিটিছ সংবিধানত থকা আইনৰ শাসনৰ অনুকৰণ বুলিব পাৰি। ভাৰতীয় লোকৰ মাজত সমতা প্ৰতিষ্ঠা কৰিবলৈ আমাৰ সংবিধানতো এই নীতি সন্নিবিষ্ট কৰা হৈছে। ভাৰতবৰ্ষত সকলো লোককে একে আইনৰ মাধ্যমেৰে বিচাৰ কৰা হয় আৰু সমান দোষৰ বাবে সমান শান্তি প্ৰদান কৰা হয়।

    আইনৰ সমান ৰক্ষণাবেক্ষণ সমানৰ মাজত সমান ব্যৱহাৰক বুজায়। উদাহৰণস্বৰূপে- দুজন সমান আয়ৰ মানুহে সমানে আয়কৰ দিব লাগে। এজনৰ পৰা বেছি আয়কৰ আদায় কৰি আনজনৰ পৰা কম আয়কৰ আদায় কৰিলে দুয়োজনৰ ক্ষেত্ৰত সমানে আইনৰ প্ৰয়োগ কৰা নহয়। অৱশ্যে এই কিছু ব্যতিক্ৰম নথবা নহয়। উদাহৰণস্বৰুপে, কিছুমান ক্ষেত্ৰত মহিলাসকলে পুৰুষতকৈ অধিক সা-সুবিধা ভোগ কৰে।

২) স্বাধীনতাৰ অধিকাৰ - ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ অতি গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৯,২০,২১ আৰু ২২ নং অনুচ্ছেদত এই অধিকাৰ আলোচনা কৰা হৈছে। মূল সংবিধানত নাগৰিকক সাতোটা স্বাধীনতা প্ৰদান কৰা হৈছিল। কিন্তু ৪৪ তম সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলোপ কৰাৰ ফলত বৰ্তমান এই অনুচ্ছেদত ছটা স্বাধীনতা অন্তভূক্ত কৰা হৈছে। ১৯ নং অনুচ্ছেদে নাগৰিকসকলক প্ৰদান কৰা স্বাধীনতা সমূহ হল-

১) বাক্ অস্ত্ৰই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ,
২) বিনা অস্ত্ৰই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ
৩)সংস্থা গঠনৰ অধিকাৰ
৪) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফূৰাৰ অধিকাৰ
৫) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ, আৰু
৬) যিকোনো বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ অধিকাৰ।

স্বাধীনতাৰ অধিকাৰসমূহ হল-

১) বাক্-স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা
২) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা
৩) সংস্থা গঠনৰ অধিকাৰ-স্বাধীনতা
৪) ভাৰতৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে চলাচলৰ স্বাধীনতা
৫) বসবাস কৰাৰ অধিকাৰ
৬) বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ স্বাধীনতা।

৩) শোষণৰ বিৰুদ্ধে অধিকাৰ - ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰচলিত আৰ্থ-সামাজিক বৈষম্য আৰু শোষণ দূৰ কৰাৰ অৰ্থে সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ লিপিবদ্ধ কৰা হৈছে। ইয়াত কোৱা হৈছে যে মানুহক বেচা-কিনা, বিনা পাৰিশ্ৰমিকত বেগাৰ খটোৱা বা জোৰ কৰি কাম কৰাটো ৱে-আইনী। কোনোবাই তেনে কাম কৰিলে তেওঁক শাস্তি প্ৰদান কৰা হব।
    ভাৰতবৰ্ষৰ কল-কাৰখানাসমূহত আৰ্থিক লাভৰ বাবে মানুহক নানাভাৱে শোষণ কৰা হয়। সংবিধানৰ ২৪ নং অনুচ্ছেদত ইয়াক বেআইনী বুলি ঘোষণা কৰা হৈছে। এই অনুচ্ছেদমতে ১৪ বছৰৰ তলৰ লৰা ছোৱালীৰ কাৰখানা, খনি বা আন কোনো বিপজ্জনক কামত নিয়োগ কৰিব নোৱাৰিম। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক যাতে কোনেও শোষণ কৰিব নোৱাৰে তাৰবাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

৪) ধৰ্মৰ অধিকাৰ - ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষনীতিৰ ভিত্তিত ধৰ্মীয় স্বাধীনতাৰ ব্যৱস্থা কৰা হৈছে। সংবিধানৰ ২৫, ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰ সান্নিবিষ্ট কৰা হৈছে।

(১) ২৫ নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচিমতে যিকোনো ধৰ্ম গ্ৰহণ, ধৰ্ম চৰ্চা আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে। কিন্তু এই অধিকাৰ অবাধ নহয়। ৰাজহুৱা আইন-শৃংখলা, নৈতিকতা আৰু জনস্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰই এই অধিকাৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

(২) ২৬ নং অনুচ্ছেদমতে ভাৰতীয় নাগৰিকসকলে ধৰ্মীয় অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰিব পাৰে, স্থাৱৰ-অস্থাৱৰ সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে আৰু বিধিমতে সেই সম্পত্তিৰ ব্যৱহাৰ কৰিব পাৰে।

(৩) ২৭ নং অনুচ্ছেদে ধৰ্মৰ নামত বা ধৰ্মীয় অনুষ্ঠানৰ খৰচৰ বাবে বাধ্যতামূলকভাৱে ৰাজহ তথা কৰ সংগ্ৰহ কৰিব নোৱাৰিব।

(৪) ২৮ নং অনুচ্ছেদমতে চৰকাৰী অৰ্থৰ দ্বাৰা বা ৰাষ্ট্ৰৰ পুঁজিৰ ধনেৰে পৰিচালিত কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষাৰ ব্যৱস্থা কৰিব নোৱাৰিব। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নাইবা চৰকাৰী সাহায্য পোৱা কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষাদানৰ ব্যৱস্থা থাকিলেও সেই অনুষ্ঠানত অধ্যয়নৰত কোনো ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ অনুমতিবিনে কোনো ছাত্ৰ-ছাত্ৰীক ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰিব।

এইবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ধৰ্মৰ ভিত্তিত ইয়াত মানুহৰ মাজত কোনোধৰণৰ বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰি। গতিকে ইয়াত কোনো ধৰ্মই বিশেষ সা-সুবিধা বা বিশেষ স্থান লাভ কৰা নাই।

৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ - ভাৰতবৰ্ষৰ এখন বিশাল দেশ। ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহে বাস কৰে, যিবিলাক ভাষা, কৃষ্টি-সংস্কৃতি আদি বেলেগ বেলেগ। সেইবাবে সকলো মানুহৰ ভাষা-কৃষ্টি আৰু সংস্কৃতি যাতে সুৰক্ষিত থাকে তাৰ বাবে সংবিধানে ব্যৱস্থা গ্ৰহণ কৰিছে। সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ লিপিবদ্ধ কৰা হৈছে।


১২) ভাৰতৰ সংবিধানত উল্লেখ থকা নিৰ্দেশাত্মক নীতিবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ সংবিধানত উল্লেখ থকা নিৰ্দেশনাত্মক নীতিবোৰ হল-

১) সামাজিক আৰু অৰ্থনৈতিক নীতি

২) গান্ধীবাদী নীতি

৩) আন্তঃৰাষ্ট্ৰীয় নীতি

৪) অন্যান্য নীতি

এই নীতিবোৰ হল-

সামাজিক বা অৰ্থনৈতিক নীতিঃ ৰাষ্ট্ৰৰ জনসাধাৰণক অৰ্থনৈতিক সুৰক্ষা আৰু সা-সুবিধা প্ৰদান কৰি এখন অৰ্থনৈতিকভাৱে উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে সমাজতান্ত্ৰিক প্ৰকৃতিৰ এই নীতিসমূহক অৰ্থনৈতিক নীতি হিচাপে গ্ৰহণ কৰা হয়। সংবিধানৰ ৩৮, ৩৯, ৪১, ৪২ আৰু ৪৩ নং অনুচ্ছেদত অৰ্থনৈতিক নীতিসমূহ সান্নিবিষ্ট কৰা হৈছে। এই নীতিসমূহ এনেধৰণৰ ৩৮ নং অনুচ্ছেদত সামাজিক, অৰ্থনৈতিক আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে।

৩৯ নং অনুচ্ছেদত কোৱা হৈছে যে জীৱিকা নিৰ্বাহৰ বাবে-

(ক) পৰ্যাপ্ত উপায়ৰ ব্যৱস্থা কৰা।

(খ) পুৰোষ মহিলা উভয়কে সমান কামৰ বাবে সমান সা-সুবিধা প্ৰদান কৰা

(গ) জনসাধাৰণৰ সমূহীয়া কল্যাণ সাধনৰ উদ্দেশ্যে দেশৰ সম্পদৰাজিৰ সমবিতৰণৰ ব্যৱস্থা কৰা।

(ঘ) শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰাত বাধা প্ৰদান কৰা।

(ঙ) শ্ৰমিকসকলক যথোপযুক্ত জিৰণি আৰু সামাজিক আৰু সাংস্কৃতিক দিশৰ বিকাশৰ সুযোগ প্ৰদান কৰা।

গান্ধীবাদী নীতিঃ গান্ধীজীৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত নীতিসমূহক সংবিধানৰ ৪০, ৪৩, ৪৬, ৪৭ আৰু ৪৮ নং অনুচ্ছেদত সান্নিবিষ্ট কৰা হৈছে। এই নীতিসমূহ হল-

১) ৪০ নং অনুচ্ছেদ অনুসৰি চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰিব। এনে প্ৰতিষ্ঠানসমূহে স্থানীয় শাসন অনুষ্ঠানৰূপে কাম কৰিবলৈ সমৰ্থ হব।

২) ৪৩ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই উপযুক্ত আইন প্ৰণয়ন, অৰ্থনৈতিক ব্যৱস্থা বা অন্য উপায়ে কৃষি, শিল্প আৰু অন্যান্য উদ্যোগৰ শ্ৰমিকসকলক উপযুক্ত মজুৰি পোৱাৰ ব্যৱস্থা কৰিব।

৩) ৪৩ (ক) অনুচ্ছেদ অনুসৰি কুটীৰ শিল্প উন্নয়ন আৰু গ্ৰামাঞ্চলত সমবায়ৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰই বিশেষভাৱে লক্ষ্য ৰাখিব।

আন্তৰাষ্ট্ৰীয় নীতিঃ সংবিধানৰ ৫১ নং অনুচ্ছেদ অনুসৰি তলত দিয়া নীতিসমূহ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভূক্ত কৰা হৈছে-

১) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

২) আন্তৰ্জাতিক সম্পৰ্কৰ ক্ষেত্ৰত ন্যায়সংগত আৰু সন্মানজনক সম্পৰ্কই বজাই ৰখা।

৩) ৰাষ্ট্ৰসমূহৰ মাজত পাস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত আন্তৰ্জাতিক আইন, সন্ধি আদিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।

৪) মধ্যস্থতাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিবাদ মীমাংসা কৰিবলৈ উৎসাহ যোগোৱা।

অন্যান্য নীতিঃ উল্লিখিত নীতিসমূহৰ উপৰি আৰু কিছুমান নিৰ্দেশনাত্মক নীতি আছে যিবোৰক বিবিধ নীতি বুলি কোৱা হয়। সংবিধানৰ ৪৪, ৪৫, ৪৯ আৰু ৫০ নং অনুচ্ছেদত সেই নীতিসমূহ বৰ্ণনা কৰা হৈছে।

১) ৪৪ নং অনুচ্ছেদ অনুসৰি সমগ্ৰ ভাৰতবৰ্ষতে সমৰূপী দেৱানী আইনৰ প্ৰচলন কৰিবৰ বাবে চৰকাৰে যত্ন কৰিব।

২) ৪৫ নং অনুচ্ছেদ অনুসৰি বিনামূলীয়া বাধ্যতামূলক শিক্ষাদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে প্ৰয়াস কৰিব।


১৩) নিৰ্দেশাত্মক নীতি মানে কি বুজা ? ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিবোৰৰ গুৰুত্ব মূল্যায়ন কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি শীৰ্ষক কেতবোৰ নীতি সান্নিৱিষ্ট কৰা হৈছে। ইয়াত ৰাষ্ট্ৰ বোলোতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, স্থানীয় স্বায়ত্বশাসিত অনুষ্ঠান বা অন্যান্য প্ৰশাসনীয় গোটক বুজায়। ভাৰতবৰ্ষৰ শাসনকাৰ্য পৰিচালনা আৰু আইন প্ৰণয়ন কৰোঁতে নিৰ্দেশাত্মক নীতিৰ অন্তভূক্ত আদৰ্শসমূহ যথাসম্ভৱ পালন কৰিবলৈ চৰকাৰক নিৰ্দশ দিয়া হৈছে। সেইবাবেই এই নীতিবোৰক নিৰ্দেশাত্মক নীতি নাম দিয়া হৈছে। থোৰতে কবলৈ হলে বিধানমণ্ডলে আইন প্ৰণয়ন কৰোঁতে আৰু কাৰ্যপালিকাই প্ৰশাসন চলাওঁতে সততে মন ৰাখিবলগীয়া সংবিধানৰ চতুৰ্থ অধ্যায়ভূক্ত নীতি বা নিৰ্দেশসমূহক ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশনাত্মক নীতি বোলা হয়।

    নিৰ্দেশাত্মক নীতিসমূহ হৈছে কেতবোৰ সামাজিক, অৰ্থনৈতিক, প্ৰশাসনীয় আৰু আন্তৰ্জাতিক নীতি- নিৰ্দেশনা তথা জনসাধাৰণৰ বাবে ৰাষ্ট্ৰই আগবঢ়াব খোজা আৰ্থ-সামাজিক সুৰক্ষাৰ ঘোষণা, যিবোৰ বাদযোগ্য নহয়, কিন্তু যিবোৰৰ ওপৰত বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা আৰু অন্যান্য কৰ্তৃপক্ষৰ বাবে নিজৰ কাৰ্য সম্পাদন কৰোঁতে সততে নজৰ ৰখাটো বাঞ্চনীয়।

১৪) মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজৰ পাৰ্থক্য আলোচনা কৰা।

উত্তৰঃ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজৰ পাৰ্থক্য হল- 

(১) মৌলিক অধিকাৰ হল ৰাষ্ট্ৰই প্ৰদান কৰা কিছুমান অধিকাৰ, যিবিলাকৰ দ্বাৰা নাগৰিকে ব্যক্তিত্ব বিকাশৰ সুযোগ লাভ কৰে। আনহাতে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ হল এনে কিছুমান নিৰ্দেশ যাৰ দ্বাৰা ৰাষ্ট্ৰই জনসাধাৰণৰ মংগলৰ কাৰণে কাম কৰিব লাগে।

(২) মৌলিক অধিকাৰসমূহ বাদযোগ্য। অৰ্থাৎ এইবোৰ আদালতৰ জৰিয়তে বলৱৎ কৰিব পাৰি। আনহাতে নিৰ্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয়, ৰাষ্ট্ৰই এইবোৰ মানি নচলিলেও এইবোৰ কাৰ্যকৰী কৰিবৰ বাবে আদালতৰ ওচৰ চাপিব নোৱাৰি।

(৩) মৌলিক অধিকাৰসমূহ চৰম বা অসীম নহয়। এইবোৰ ওপৰত চৰকাৰে কিছুমান যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিব পাৰে। জাতীয় স্বাৰ্থ আৰু দেশৰ নিৰাপত্তাৰ খাতিৰত মৌলিক অধিকাৰৰ উপভোগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই বাধা আৰোপ কৰিব পাৰে। আনহাতে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ ওপৰত কোনো সাংবিধানিক বাধা-নিষেধ বা সীমাবদ্ধতা নাই। এই নীতিবোৰৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে ৰাষ্ট্ৰৰ ইচ্ছা আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত।

(৪) মৌলিক অধিকাৰসমূহৰ উদ্দেশ্য হল ভাৰতবৰ্ষত ৰাজনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা। সেয়েহে ইয়াত সমতা, স্বাধীনতা, ধৰ্মীয় স্বাধীনতা আৰু সাংস্কৃতিক অধিকাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। কিন্তু নিৰ্দেশাত্মক নীতিৰ প্ৰধান লক্ষ্য হল ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা।

(৫) মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত বিবাদ হলে মৌলিক অধিকাৰে প্ৰাধান্য লাভ কৰে।

১৫) নিৰ্দেশাত্মক নীতিৰ লক্ষ্যবোৰ পূৰণ কৰাত ভাৰত চৰকাৰ কিমানদূৰ সফল হৈছে আলোচনা কৰা।

উত্তৰঃ 

১৬) মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ উপায়বোৰ (লেখবোৰ) ব্যাখ্যা কৰা।

উত্তৰঃ 

১৭) ভাৰতত কল্যাণকামী ৰাষ্ট্ৰ গঠন কৰাত নিৰ্দেশাত্মক নীতিৰ মাজত দেখা দিয়া বিবাদ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

১৮) নিৰ্দেশাত্মক নীতিবোৰৰ আসোঁৱাহসমূহ আঙুলিয়াই দিয়া। 

উত্তৰঃ নিৰ্দেশাত্মক নীতিৰ আসোঁৱাহ বোৰ হল-

১) নিৰ্দেশাত্মক নীতিবোৰ বাদযোগ্য নহয়। কোনো চৰকাৰে সেইবোৰৰ প্ৰতি বিশেষ মনোযোগ নিদিলেও তেনে চৰকাৰক সংবিধান অৱমাননা কৰাৰ দোষত দোষী সাব্যস্ত কৰিব নোৱাৰি। অৰ্থাৎ নীতিবোৰ আদালতে বলবৎ কৰিব নোৱাৰে।

২) এই নীতিবোৰ মানি চলিবলৈ যিহেতু চৰকাৰ বাধ্য নহয়, সেয়ে চৰকাৰে নিজ ইচ্ছামতে এই নীতিবোৰ কাৰ্যকৰী কৰে।

৩) কিছুমান সমালোচকৰ মতে সংবিধান প্ৰণেতাসকলে নিৰ্দেশাত্মক নীতিৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই, সেইবাবে এইবোৰক সংবিধানৰ চতুৰ্থ অধ্যায়ত স্থান দিছে।

৪) অৰ্থনৈতিক নীতিবোৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰই সিমান কৃতকাৰ্যতা লাভ কৰিব পৰা নাই। সেয়েহে ভাৰতবৰ্ষত আজিও ধনী-দুখীয়াৰ মাজত ব্যৱধান বাঢ়িয়েই আছে।

৫) ভাৰতবৰ্ষৰ ৰাজনৈতিক দলবোৰেও নিৰ্দেশাত্মক নীতিৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই। সেয়েহে ভাৰতে এতিয়াও প্ৰকৃতাৰ্থত এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পৰপা নাই।


১৯) মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত দেখা দিয়া বিবাদ সম্পৰ্কে আলোচনা কৰা। 

উত্তৰঃ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত দেখা দিয়া বিবাদ হল-

১) প্ৰথম স্তৰ (মৌলিক অধিকাৰৰ তুলনাত নিৰ্দেশনাত্মক নীতি নিম্ন মৰ্যাদাৰ) ঃ সংবিধান কৰাৰ্যকৰী হোৱাৰ কিছু বছৰলৈকে মৌলিক অধিকাৰৰ বাদযোগ্যতাৰ ওপৰত আদালতে অযথা গুৰুত্ব আৰোপ কৰা দেখা গৈছিল। এই কালছোৱাত মৌলিক অধিকাৰ সংশোধন কৰি নিৰ্দেয়সাত্মক নীতিবোৰ বলৱৎ কৰা হৈছিল। মৌলিক অধিকাৰ সংশোধন কৰা হৈছিল যদিও ইয়াৰ ওপৰত নিৰ্দেশাত্মক নীতিবোৰ বলবৎ কৰা হৈছিল। মৌলিক অধিকাৰ সংশোধন কৰা হৈছিল যদিও ইয়াৰ ওপৰত নিৰ্দেশাত্মক নীতিতকৈ অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। এই প্ৰসংগত ' Champakan Dariyaganj Case ', 'Karala Education Bill ' Case আদি গোচৰ উল্লেখযোগ্য। এইবোৰ গোচৰৰ ৰায়দান কৰোঁতে আদালতে ঘোষণা কৰিছিল যে ব্যক্তিগত অধিকাৰ আৰু সামাজিক কল্যাণৰ মাজত বিৰোধ হলে সামাজিক কল্যাণক প্ৰাধান্যতা দিব যদিহে- ব্যক্তিৰ মৌলিক অধিকাৰ তাৎক্ষণিকভাৱে খৰ্ব নহয়।

২) দ্বিতীয় স্তৰ (মৌলিক অধিকাৰৰ মৰ্যাদা বৃদ্ধি )ঃ ১৯৬৭ চনৰ আগলৈকে সংবিধানৰ ১৩(২) অনুচ্ছেদৰ আইন শব্দটো কেৱল সাধাৰণ আইনৰ ক্ষেত্ৰতহে প্ৰয়োজ্য- এনে ধাৰণাৰ ভিত্তিত সংসদে সংবিধান সংশোধন কৰি আহিছিল। প্ৰকৃতপক্ষে শংকৰীপ্ৰসাদ সিং দেউ বনাম ভাৰত ৰাষ্ট্ৰ গোচৰৰ ৰায় দিওতে উচ্চতম ন্যায়ালয়েও ১৩(২) অনুচ্ছেদৰ আইন শব্দটো সংবিধান সংশোধনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি অভিমত প্ৰকাশ কৰিছিল।

    ১৯৬৭ চনত গোলকনাথ বনাম পঞ্জাব ৰাজ্য চৰকাৰৰ ঐতিহাসিক ৰায়দান দিয়া হয়। তেতিয়া উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে যে সংবিধানৰ ১৩(২) অনুচ্ছেদভূক্ত আইন শব্দটোৱে সংবিধান সংশোধনী আইনো সামৰি লয় সেয়ে সংসদে মৌলিক অধিকাৰ পৰিৱৰ্তন কৰি কোনো আইন প্ৰণয়ন কৰিব নোৱাৰে। ইয়াৰ পিছতে মৌলিক অধিকাৰৰ মৰ্যাদা বৃদ্ধি পায়। এই সময়ছোৱাত নিৰ্দেশাত্মক নীতি বলবৎ কৰিবৰ কাৰণে সংসদে মৌলিক অধিকাৰ ভংগ কৰিব নোৱাৰিছিল।

৩) তৃতীয় স্তৰ (নিৰ্দেশাত্মক নীতিৰ মৰ্যাদা বৃদ্ধি) ঃ গোলকনাথ গোচৰৰ ৰায় বাতিল কৰিবৰ বাবে সংসদে পুনৰ সংবিধান সংশোধন কৰিলে। এয়া হল সংবিধানৰ ২৪ তম সংশোধন। এই সংশোধনে সংসদক মৌলিক অধিকাৰ সংশোধন কৰিবৰ বাবে ক্ষমতা প্ৰদান কৰিলে। ইয়াৰ ফলত মৌলিক অধিকাৰ সংশোধন কৰি নিৰ্দেশাত্মক নীতি কাৰ্যকৰী কৰিব পৰা হল। এই কালছোৱাত নিৰ্দেশাত্মক নীতিৰ মৰ্যাদা বৃদ্ধি পালে। পুনৰ সংসদৰ সংশোধনী ক্ষমতাক বাধাহীন কৰিবৰ বাবে সংবিধানৰ ২৫ তম সংশোধন কৰা হয়।

    কিন্তু ২৪ তম আৰু ২৫ তম সংশোধনী আইনৰ বৈধতা বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ত এটা গোচৰ দিয়া হয়। এই গোচৰেই হৈছে কেশৱানন্দ ভাৰতী বনাম কেৰেলা ৰাজ্য গোচৰ বা মৌলিক অধিকাৰ সংক্ৰান্ত গোচৰ। এই গোচৰৰ ৰায় দিওঁতে উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে যে মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰি, কিন্তু সংবিধানৰ কিছুমান মূল গাঁথনি আছে, সেইবোৰক সংশোধন কৰিব নোৱাৰি। এই গোচৰৰ ৰায়ে ২৫ তম সংশোধনৰ একাংশ বাতিল কৰে। অৰ্থাৎ সংসদৰ সংবিধান সংশোধনী ক্ষমতা পুনৰ ন্যায়ালয়ৰ সমীক্ষাৰ অধীনলৈ আহিল।

৪) চতুৰ্থ স্তৰ (মৌলিক অধিকাৰৰ তুলনাত নিৰ্দেশাত্মক নীতিৰ মৰ্যাদা উচ্চ স্তৰৰ)ঃ কেশৱানন্দ ভাৰতীয় গোচৰৰ সিদ্ধান্তত সংসদ সন্তুষ্ট হোৱা নাছিল। সেয়ে ১৯৭৬ চনত সংবিধানৰ ৪২তম সংশোধনী আইন পাছ কৰা হয়। এই আইন অনুসৰি সংসদক সংবিধানৰ যিকোনো অংশ সংশোধন কৰিবলৈ ক্ষমতা প্ৰদান কৰা হয়। এই সন্দৰ্ভত ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতাও বাতিল কৰা হয়। এই সংশোধনৰ ফলত সংবিধান ১৪,১৯ আৰু ৩১ নং অনুচ্ছেদত উল্লেখ কৰা মৌলিক অধিকাৰতকৈ নিৰ্দেশাত্মক নীতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হল। ফলস্বৰূপে এই সময়ছোৱাত মৌলিক অধিকাৰসমূহ সংশোধন কৰাৰ সকলো বাধা আঁতৰ কৰা হল আৰু নিৰ্দেশাত্মক নীতিবোৰক অধিক প্ৰাধান্য দিয়া হল। এই পৰিৱৰ্তনে মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত থকা গভীৰ সম্পৰ্কতো পৰিৱৰ্তন আনিলে।


Question Type- Leena Kakati

Answered by- Leena Kakati

Post ID: DABP002243