কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
(১)
তুষাৰ শুভ্ৰশিৰ
ময়ে অভ্ৰভেদী বীৰ
মোৰ জটা ঝৰি ঝৰি
নিজৰি নিজৰি বয়
নিগৰি নিগৰি
অবিৰল কল্ কল্।
শৈলজা পয়োধৰা
পিযুষ সলিলা
সুৰধুনী গঙ্গা।
প্ৰথমৰ
প্ৰভাতৰ
অৰুণৰ জ্যোতি,
অম্বন্ জুৰি মোৰ
আলোক-নৃত্য় কৰি।
বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি।
মোৰে আশে পাশে গায়
কিন্নৰী বালিকাই
আলোক-বোধন মহাগীত,
সন্ধিয়াই সন্ধিয়াই
বেলি-বিদায় গানে
দিগন্ত কৰে মুখৰিত।
উদয় আৰু অস্তৰ
বৰ্ণ-বৈচিত্ৰ্যৰ,
ছঁয়াময়া কাচোনেৰে কাচে
প্ৰহেলিকাময়ী সম নাচে
কুটজ কুসুমৰ
লগে লগে
লাখে লাখে
মৃদু মৃদু কম্পিত সমীৰণছন্দা
শৈলবালা দলে কস্তুৰীগন্ধা।
অতীতৰো অতীতৰ
যি মহাঅতীতে
বৰ্তমান ভেদি
ভৱিষ্যতলৈ যায়,
মোৰে জুহালতে বহি
বুৰঞ্জীত পাত লুটিয়াই
ভৱিষ্যতৰ কথা কয়
কল্পনা-লঙ্ঘা
শুনো বহি বহি মই কাঞ্চনজঙ্ঘা।
ভাৰতবৰ্ষ
দেখি-শুনি জাগে মোৰ
বিষাদতো হৰ্ষ।
প্ৰকৃতিৰ অভিনয় মানপী পুতলা
আহিল, উঠিল গ'ল
পাতি পাতি বিচিত্ৰ মেলা,
হাঁহি আৰু কান্দোনৰ
নৱ নৱ খেলা।
ৰূপান্তৰেদি আহি
বৰণ সলাই হাঁহি
মানপীয়ে নাচে এই ভাৰতৰ মঞ্চত।
যুগ কাল বাজনাৰে কৰি লৈ সঙ্গত।
পিন্ধি পিন্ধি সভ্যতাৰ
নতুন মেখেলা,
নাচি নাচি উৰুৱায়
সোণোৱালী ধূলা।
সেই ধূলিৰেই ঢাক খায়
ধূলিতেই জহি যায়
পুৰণিভঙ্গা,
পুনু ধূলিৰেই পৰা
ৰূপ লৈ জাগে এক
নৱযুগ অংগা,
অহৰহ আছে বৈ,
সুৰধুনীগংগা,
ময়ো উদাসী আছোঁ
কাঞ্চনজঙ্ঘা।
ডুগ্ ডুগ্ ডুগ্ ডুগ্
ডম্বৰু বাজে
মোৰে চোতালতে নিতে
ত্ৰ্যম্বক নাচে
বাজে ৰুদ্ৰতাল
নাচে মহাকাল
অভিনৱ তাণ্ডৱ
বিবিধ বিভঙ্গ
উলঙ্গ বিলঙ্গ।
মুদ্ৰাত জ্বলি উঠে সৃষ্ঠিৰ ইঙ্গিত
ডম্বৰুত বাজি উঠে প্ৰলয়ৰ সংগীত
নয়নৰ দৃষ্ঠিত আলোক-বৃষ্টি
মানৱৰ কল্পনাত
সেই জ্যোতি-প্ৰপাতত
গজি উঠে
যুগে যুগে
অভিনৱ কৃষ্টি।
ডুগ্ ডুগ্ ডুগ্ ডুগ্
ডম্বৰু বাজে
সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে
সৃষ্টিয়ে আদি
সৃষ্টিয়ে অনাদি
সৃষ্টিৰ চক্ৰ
মন্থিত কৰি ঘূৰে প্ৰলয়ৰ তন্ত্ৰ
সৃষ্টিহে সৃষ্টি
চলে অহোৰাত্ৰি
প্ৰলয়েই সৃষ্টিৰ যুগে যুগে মাতৃ।
জীৱন, জীৱন, মাথোঁ অনন্ত জীনৱ
স্ফুৰণ, স্ফুৰণ, মাথোঁ অনন্ত স্ফুৰণ
ঘূৰণ ঘূৰণ, মাথোঁ অনন্ত ঘূৰণ
মৰণেই আনি দিয়ে মহাসঞ্জীৱন।
ধ্বংস 一 ধ্বংস ক'ত?
ধ্বংস যে নাই一
ধ্বংসতে সৃষ্টিয়ে পাতনি পেলায়।
ঘোৰ প্ৰলয়ৰ তৰঙ্গাঘাতত
জলদ-ঘৰ্ষণত
সৃষ্টিৰ বিদ্যুত ইঙ্গিত জাগে
সৃষ্টিৰ মেঘৰাগে
সুগভীৰ গাজনি গাজে,
সৃষ্টি সৃষ্টি বুলি
ডুগ্ ডুগ্ ডুগ্ ডুগ্
ডম্বৰু বাজে
চৰাচৰ সৃষ্টি অমৃতজঙ্ঘা
শুভ্ৰকেশী মই কাঞ্চনজঙ্ঘা।
Type by Dipawali Bora
Post Id: DABP002578