লুইতৰ পাৰৰে আমি ডেকা ল'ৰা
লুইতৰ পাৰৰে আমি ডেকা ল'ৰা
মৰিবলৈ ভয় নাই
আই আই আই।
মুকুতি মেধৰ মহান মেজিৰ
নেজাল ফিৰিঙ্গতি চাই
পুৰোহিতো যদি থিতাতে আঁতৰি
ত্ৰাসতে মূৰ্চ্ছা যায়।
আমি আগে বাঢ়ি
ডিঙি পাতি পাতি
তেজৰে বলিশাল
যামে বোলাই
তাহানি লাচিতে
এৰি থৈ যোৱাৰে
পৰা জননী তোৰ
দুখে বেজাৰৰে
লঘু লাঞ্ছানাৰে
আজিও নপৰিল ওৰ।
শত কাপুৰুষ পুৰুষে সহিলেও
আমাৰ যে নসহে গায়।
আমি ডেকা ল'ৰাই জীৱন পণ কৰিছোঁ
মোহোৰ চকুলো
অসমী আই
কলিজাৰ আই।
Type by Dipawali Bora
Post Id:DABP002569