অসমীয়া ডেকাৰ উক্তি

শক্তি পুত্ৰ মই 

ভক্তি বুকুত লই

মুক্তি প্ৰয়াসী হই

অৰ্জ্জুন মই, গাণ্ডীবী মই,

ময়েই ধনঞ্জয় 一 মৃত্যু কৰিছোঁ জয়;

ময়ে অসমৰ

ময়ে ভাৰতৰ

ময়ে ডেকা ল'ৰা অগ্নিময়।

ময়ে ভাৰতৰ নবীন সূৰ্য

পূৰ্ব্বচলক বজাওঁ তুৰ্য

মোৰ পোহৰৰ গানে

বীণ বৰাগীৰ তানে

আকাশে আকাশে, দেশে মহাদেশে

মুগ্ধ কৰিব আলোকযাত্ৰী

শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি

কৰিম জগত জয়

নবীন সূৰ্য মই।

উপচি আহিব পোহৰৰ ধল

লুইতৰ দৰে ফেনে-ফোটোকাৰে 

ফেনিল শুভ্ৰ জ্যোতি-প্ৰপাতৰ জল।

হাতীপটীয়েদি ঐৰাবাটেদি

   কত নগৰৰ আলি-গলিয়েদি

কত মেধবীৰ মহামানীষীৰ

মনৰ মাজেদি

কবীন্দ্ৰ জিনি হ'ম

মহামনীষাৰ মহাসাগৰত ৰ'ম।

মই লিখা গানে

আলোকে আলোকে

নতুন বাতৰি কৈ,

আলোকৰ এক মহাসঙ্গীত

তুলিব পৃথিৱীময়।

তোজ-মঙহৰ

মাতৃজনাৰ 

কোলাত জনম লৈ,

দেশ-জননীৰ মহান কোলাত

লীন হৈ যাঁও মই।

উদয় শৈল-গৰ্ভ বিদাৰি

অৰুণ দীপ্তিময়

ব্যাপে যেনেকৈ

গ্ৰাম-মহাগ্ৰাম

পৃথিৱীৰ জগতময়,

ক্ৰমে ক্ৰমে ক্ৰমে

উঠি উদ্ভাসি

সিঁচি যাঁও মই

কিৰণৰাশি

ৰঙচুৱা হৈ সন্ধিয়া

সোণালীলৈকে।

মত্যুসাগৰ পাৰ হৈ যাঁও

নতুন পুৱাৰ নতুন বাতৰি লৈ

নতুনৰ জ্যোতি হৈ,

থৈ যাওঁ মই পৃথিৱী ধুনীয়াকৈ

জনমে জনমে ঘূৰি ঘূৰি আহোঁ

মোৰ স্বদেশলৈ।

ময়েই ধনঞ্জয়一

ময়ে অসমৰ   

ময়ে ভাৰতৰ

ময়ে ডেকা ল'ৰা অগ্নিময়।

ময়ে কাৰুকৰ

ময়ে খনিকৰ

ময়ে চিত্ৰকৰ

গঢ়ি যাওঁ মনোহৰ,

সুৰ অপৰূপ

কত নৱৰূপ

ময়েই ৰূপকোঁৱৰ

ময়েই স্বদেশ

ময়েই বিদেশ

মই নানা দেশ

সাতো মহাদেশ

সাতবাৰ ঘূৰি-ফুৰি,

জ্ঞানৰ মাণিক-মুকুতা আনিম

অঞ্জলি ভৰি ভৰি।

কমৰূপা মোৰ

সুৱদিসুৰীয়া

আসমীয়া ভাষা

জগত-সভালৈ যাব,

উজ্জ্বল

সমুজ্জ্বল

কহিনুৰ পিন্ধিৰ

হাঁহি জ্যোতিৰূপা হ'ব।

ময়ে অসমীয়া 

প্ৰাগজ্যোতিষৰ,

ময়ে অসমীয়া শোণিপুৰৰ

নবীন যুগৰ

কুমাৰ ভাস্কৰ মই

ময়ে অসমী শৰাইঘাটৰ

চোকা一 তৰোৱাল লওঁ লাচিতৰ,

মোমাইতামুলী গড়

দুৰ্জ্জয় অগ্নিগড় ময়েই

নাই মোৰ সমসৰ।

ময়েই খাছীয়া

মই জয়ন্তীয়া

ডফলা-আবৰ-অকা,

ময়ে চিংফৌ

ভৈয়ামৰ মিৰি

সোৱণসিৰীয়া ডেকা,

 বিজয়ী আহোম কছাৰী-কোঁচৰ

মেছৰ কুমাৰ নাই

ৰাজবংশী ৰাভা

কপালত জ্বলে শত গৌৰৱ আভআ।

মই一 

লালুং-চুতীয়া

লুচাই-মিকিৰ -গাৰো,

মিছিমি-খামতি

নগা-আঙ্গামী বীৰ,

পৰ্ব্বতে-পাহাৰে

জ্বলিছে উচ্চ শিৰ।

সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা

চাব-বাগিচাৰ ময়েই বনুৱা

ন-অসমীয়া মৈমনছিঙীয়া

থলুৱা নেপালী

নৃত্য-কুশলী মণিপুৰীয়া মই।

মই一

কত পৰ্ব্বতৰ

কত ভৈয়ামৰ

শত নিজৰাৰ ধাৰ,

হিলদল ভাঙি

বৈ আহি আহি

বৰলুইতত

হৈ যাওঁ একাকাৰ।

মই一

যন্ত্ৰযুগৰ মোহন মন্ত্ৰ ল'ম

মন-বিমানৰ ময়েই সাৰথি হ'ম,

বিজুলী-ৰথৰ মহাৰথী মই

জীৱনৰ ৰণজি

বিদাৰিম মই সমাজতন্ত্ৰ

ৰচিম নতুন মানৱ-তন্ত্ৰ

বিজ্ঞান স্বৰ্গজি

মই জ্ঞানৰ ইন্দ্ৰজিৎ।

মই ধৰিছোঁ নতুন ৰূপ

জ্বালি নৱজীৱনৰ ধূপ

আলোকৰ শিখা লিখি কপালত

থিয় হ'লো মই নীলাচলত

অবিচলিত হৈ

আসমীয়া ডেকা মই।

আকাশীনেত্ৰে বিশ্বজগত চাই

হুঙ্কাৰি মই ঘোষিলোঁ অধিকাৰ

মই যে শক্তিমান,

তূণ ভৰি ললোঁ দিব্য অস্ত্ৰ

পিন্ধি ললো মই ত্যাগৰ বস্ত্ৰ

সন্ধান মোৰ নহয় ব্যৰ্থ

সব্যসাচী ধৰিলো ধুনুৰ্ব্বাণ

ময়েই হিন্দু 

ময়েইমুছলমান

ময়েই ন-জোৱান।

মোৰ ভগৱান মন্দিৰে-মছজিদে

ভগৱান মোৰ নামঘৰে ঘৰে

অন্তৰে বাহিৰে,

মোৰ ভগৱান নৈয়ে বনে বনে

আকাশে-আছমানে,

গীতা-কোৰাণেৰে, বাইবেলেৰে

কত গ্ৰন্থেৰে মই

সকলো ধৰ্মৰ মৰ্ম

বুকুত লৈ

প্ৰণামিছোঁ মই

প্ৰাৰ্থনা-নামাজ

লোৱাহে জ্যোতিৰ্ময়!

জয় তোমাৰেই

জয় তোমাৰেই

জয় তোমাৰেই

জয়।               


Type by Dipawali Bora 


Post Id: DABP002611