জ্যোতি-শঙ্খ 

ৰণ一ৰণ一ৰণ

আলোড়ন কম্পন

ঘনগোৰ গৰজন

অস্ত্ৰৰ ঝন ঝন

সীমান্ত-প্ৰান্তে

শত্ৰু যে অগণন

一অসমীয়া জীৱনৰ সন্ধিক্ষণ।

চাৰিওকাষেদি বেৰি

অসম আহিলে ঘেৰি

আৰু যে নসহে দেৰি,

বজা অসমীয়া

শৰাইঘটীয়া

বজা, বজা ৰণ-ঘেৰী,

অসমীয়া হুছিয়াৰ!

শত্ৰু পালেহি দুৰ্নিবাৰ।

যুদ্ধ মাথোন

যুদ্ধ

যুদ্ধ ন'লে

নহ'ব ৰুদ্ধ

আজি আসমীয়া যে অৱৰুদ্ধ।

যুদ্ধহে মাথোন

লাগিব যুদ্ধ

হাৰিও যুদ্ধ, জিনিও যুদ্ধ

যুদ্ধ মাথোন যুদ্ধ।

অসমৰ বিহুতনী

পথাৰৰ সোণকলি

শেৱালী-তগৰ ফুল 

থুলি থকা পদূলি,

গচকি-খচকি হে'ৰ

উৰুৱালে ধূলি

উৰুৱালে ধূলি।

দেশ ৰাখিবলে' তই

বিচাৰি সঁজুলি আন

নৱ লাচিতৰ তৰোৱাল,

জয়-ফোট পিন্ধি তই

ল হে'ৰ উজ্বলাই

শুভ্ৰ কপাল।

চহৰৰ, নহৰৰ

মাটি-বাৰী অসমৰ

গাঁও-ভূঁই যত হাট-বাট

সকলো শৰাইঘাট।

শৰাঘটীয়া দলে

সদলবলে 

শুধ চিত লৈ আগববাঢ়ি গ'লে

হ'ব তোৰ জয়

নাই, নাই ভয়

অশুদ্ধ মনৰ কৰ্ম যে বিফলে।

সুশুদ্ধ ইচ্ছাৰ সৰ্ব্বজয়ী বল

জীৱনৰ যুদ্ধ হ'ব সম্ফল 

সষ্টম যুঁজাৰু দল।

তই অসমীয়া

শৰাইঘটীয়া

তই যে অগ্নি-বীৰ্যজ্বলি উঠ নৱ-সূৰ্য!

দেশ যায় জ্বলি

ঘৰ যায় হ'লি

চোতালত দিলে শত্ৰুৱে ভৰি

এতিয়াও জানো তোৰ বুকুখন 

যোৱা নাই ডেই-পুৰি ?

কৰ সোণকালে 

ফালি মোহ-জাল,

ওলা, ওলা তই 

নুদুষি কপাল,

হীনতাতকৈ মৃত্যুও ভাল।

অসমীয়া হুছিয়াৰ

শত্ৰু যদিও দুৰ্নিবাৰ

হৈ যাব ছাৰখাৰ।

ভাষাত শত্ৰু

দেশত শত্ৰু

কলা-সাহিত্যত

সঙ্গীত শিল্পত

সোমাল শত্ৰু তোৰ ভিতৰত

শত্ৰু আহিছে বেয়া বতৰত,

মণিকূট গৈ পোৱাৰে আগত

সমূলে নিপাত কৰ;

আপোনাৰ ঘৰ

ৰাখিবলে' তই

কালৰ মূৰ্তি ধৰ;

কঠোৰ প্ৰতিজ্ঞা কৰ

অস্ত্ৰ-শস্ত্ৰ ধৰ

ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি

নিজৰ কৰ্তব্য কৰ।

ৰাখিব লাগিব অসমীয়া ভাষা

কৰিব লাগিব আশা

জিনিব লাগিব বিদ্ৰূপ-বাণী

শত্ৰুৰ ব্যঙ্গ-হাঁহি।

অসমৰ যত পণ্ডিত

তয়ে

কৰিব লাগিব খণ্ডিত

জিনিব লাগিব তৰ্কযুদ্ধ

কৰিব লাগিব জগত মুগ্ধ;

শত্ৰুৰ মিথ্যাচাৰ一

যদিহে নোৱাৰ কৰিব খৰ্বব 

মিছা তোৰ জ্ঞান-গৰ্ব্ব।

বজাব লাগিব বিশ্ব-বাঁহীৰ

সুৱণশিৰীয়া মাত,

ভাষাৰ যুদ্ধ জিনাব লাগিব

অসমীয়া নাম জ্বলাব লাগিব

পৃথিৱীখনৰে জ্ঞানী সভাত।

তয়ো অসমীয়া কবি

উদয়াচলৰে ৰবি

ৰণৰ ঘ্ৰেষণি-হ্ৰেষণি গুণি

বীণা জানো হ'ল চুপ ?

ধৰহি বিশ্বৰূপ।

কৰ তই মহাধ্বনি প্ৰণৱ-ওঙ্কাৰ

ধ্বনিত ৰণিত কৰ শান্তিৰ ঝঙ্কাৰ

আলোক নমাই আন

গা মহাগান,

পৃথিৱী ব্যাপী যাওক

পোহৰৰ বাটে বাটে 

ভেদি যাওক সপ্ত বিমান।

সুন্দৰসেৱী দল

অথলে নাযায়

তোৰ ফুল-জল

তোৰ পূজাভাগ নহ'ব বিফল

আহ্বান কৰ

তোৰ কোষালৈ

সকলো তীৰ্থলৈ জল।

গন্ধ-পুষ্প যত উপচাৰ

তাৰে স'তে ঢাল ভকতি হিয়াৰ

ৰঙাজবা দে তোৰ কলিজাৰ

শত জীৱনৰ শত শত সম্ভাৰ।

সুন্দৰৰ পাবি দিব্য বৰ

জয় হ'ব অসমৰ

জয় হ'ব পোহৰৰ যুদ্ধ

জনগণ জগজন মুগ্ধ।

যুঁজিব লাগিব

জিনিব লাগিব

কুসুম-বনৰ ৰণ

মুহিব লাগিব বিশ্ববাসীৰ মন,

তোৰ প্ৰতিভাৰে পাতিব লাগিব

সুশোভিত উপবন,

গঢ়িব লাগিব

জগত শুৱনি

আলোকবৰণী কলা-ভৱন।

বাণীৰ সেৱক

শুন অ' তৰুণ!

তয়ে ভাৰতৰ নবীন অৰুণ।

তয়েই নতুন জ্যোতি,

আলোক শঙ্খ তয়ে ফুকাৰি

আনিব লাগিব মাতি।

জ্বলাব লাগিব প্ৰাগজ্যোতিষত পুনৰ আলোক বাতি,

অসমীৰ নাম ৰাখিব লাগিব

পূৰ্ব্বভাৰতী পাতি।

জ্ঞান বিজ্ঞানৰ 

কলা সাহিত্যৰ

সুৰ-সঙ্গীতৰ ধল

বোৱাব লাগিব

ভাৰত ঢৌৱাই

ভাৱ লুইতৰ জল।

তোৰ মুকলিত হওক বিশ্বপ্ৰসাৰী মন

নৱ আলোকেৰে

ধুৱাৰ লাগিব

লোৱাৰ লাগিব

অসমী আইৰে 

ৰঙআ চৰণ।

আগবাঢ় আগবাঢ় নৱ অনিৰুদ্ধ

কৰ আশা শুদ্ধ,

জিনি আছ,

জিনি যাবি জীৱন-যুদ্ধ।

অসমীয়া যুঁজাৰুৰ

জয়যাত্ৰীৰূপা

সুন্দৰসেৱীৰো তয়ে

জ্যোতিৰূপা

ওলা, ওলা অসমীয়া ৰমণী

তয়ে হ'বি জগতৰ দেৱী গোসাঁনী।

বজা, বজা, 

কামৰূপী বীণা

ভাৰতকো, জগতকো জিনা

সঞ্চাৰি সুৰ-ৰাগ ত্ৰিভূৱন মোহিনী

জ্বলি উঠ

জ্বলি উঠ

প্ৰেৰণাৰূপিণী।

আসমৰ অঙ্গন

মুখৰিত কৰি বাজে

গোসাঁনীৰ চৰণৰ উৎকট ঘৰ্ষণ

ছন্দ-স্ফুলিঙ্গৰ বিস্ফোৰণ বৰ্ষণ।

খোজে খোজে,

ৰক্তকৰবী উঠি ফুলি

আকাশ-পৃথিৱী ঢাকি

উৰে ছাঁ,

জ্বলন্ত আঙনিবোৰ

কতবোৰ জুই বালি-ধূলি

জনমৰ-মৰণৰ আজি কোলাকুলি।

নিতম্ব ভঙ্গত জগত সশঙ্ক

আনি দিয়ে প্ৰাণলৈ মহা আতঙ্ক

নগ্ননৃত্য নাচে সৃষ্টি-গোসাঁনীয়ে

প্ৰকট-বিকট বিশ্বৰূপ,

লুইতৰ দুয়োপাৰে

সৌন্দৰ্য, কদৰ্য মথি

জ্বলে নৱ আলোকৰ

বিচিত্ৰ ধূপ

গোসাঁনীয়ে দেখুৱাই দিব্যৰূপ।

সেই ৰূপ দেখি তই 

দিব্যাঞ্জন লৈ

ক্লীবতা এৰি থৈ

ধৰ ধনুৰ্বাণ,

'বি তই অৰ্জ্জুণ সমান।

কল্পে কল্পে তই

উত্থান-পতন জিনি

যিটি সনাতন জ্যোতি

ৰাখিলি জ্বলাই!

তাৰে বাতৰি তই

বজ্ৰ নিৰ্ঘোষে গাই

জগতক থাক অ' শুনাই।

পুৱাল, পুৱাল তোৰ

ঘন-ঘোৰ অমানিশা, সুদীৰ্ঘ ৰাত্ৰি

আগবাঢ়, আগবাঢ় আলোক-যাত্ৰী!

সোণৰ সবিতা সৌ

উজ্বল সমুজ্জ্বল

নৱ জীৱনৰ নামে 

সুৱৰ্ণ সুযোগ,

অগ্নি-আৰতি গা,

অসমীয়া ঘৰে ঘৰে

সছজিদে-মন্দিৰে 

অভ্যুদয়িলে জ্যোতিযুগ।


Type by Dipawali Bora 



Post Id: DABP002621