আমি অসমীয়া নহওঁ দুখীয়া


 কথা ঃ সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল-

'আমি অসমীয়া নহওঁ দুখীয়া;

কিহৰ দুখীয়া হ'ম?

সঁচা পিছে-


গীত ঃ  আমি অসমীয়া নহওঁ দুখীয়া'

বুলি সন্ত্বনা লভিলে নহ'ব।

আজিৰ অসমীয়াই নিজক নিচিনিলে

অসম ৰসাতলে যাব।।


নানা জাতি-উপজাতি

ৰহণীয়া কৃষ্টি

আঁকোৱালি লৈ হৈছিল সৃষ্টি

এই মোৰ অসম দেশ।

বিভেদ. পৰিহৰি

নিজ হাতে শ্ৰম কৰি

দেশক নগঢ়িলে

এই দেশ হ'ব নিঃশে,

আৰু মনবোৰ ভাগি-ছিগি যাব

আজিৰ অসমীয়াই নিজক নবচালে

 অসমতে মদনীয়া হ'ব।।


প্ৰতি অসমীয়াই কি কৰা উচিত

উপদেশ দিবলৈ নাই লাচিত

'ডাঙৰ নহয়, দেশতকৈও মোৰ

 দুৰ্বলচেতীয়া মোমাইবোৰ' বোলা

হেংদানধাৰী লাচিত নেথাকিও

আগুৱাই যাবই লাগিব

অ' নহ'লে অসমীয়াই অসমৰ মাটিতে

নিজেই ভগনীয়া হ'ব।


কথা ঃ 'অসম মৰিলে, আমিও মৰিম' বুলি

ক'বলৈ কোনো যে নাই বুলি আজি

কোনে ক'ব?


গীত ঃ কোনোবা কাপুৰুষক

পুৰুষ কৰিবলৈ'

জ্যোতিপ্ৰসাদো যে আছে।

'অসম মৰিলে, আমিও মৰিম'

বুলি ক'বলৈ শ্বহীদো আছে।

আজি অম্বিকাগ্ৰীৰ চিঞৰক হেজাৰে

হাতে-কামে নৱৰূপ দিব।

আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে

অসমতে ভগনীয়া হ'ব।।

আনৰে লগতে অসমীয়া অসমতে

যদিহে নেবাচে বাৰু ক'তনো বাচিব

মোৰ আইক ভাল পাওঁ বুলিলে

আনৰ আইক জানো ঘিণ কৰাটো বুজাব?

প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়

আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে

মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল

নতুন ৰূপৰ অসমীয়া।

আমি সেইভাৱে থাকেলেই হ'ব;

নহ'লে আমাৰ 'ৰাজহাড় নাই' বুলি

বিশ্বই বৰকৈ হাঁহিব।

বিশ্বপ্ৰেম বিনন্দীয়া বুলি

অনুভৱ কৰা প্ৰতিজন অসমীয়া

তুমিওতো জানা এটি কথা -

আপোন মাতৃৰ অশ্ৰু নমচিলে

 বিশ্বপ্ৰেম হ'ব বৃথা

তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হ'লে

বিশ্বই জানো ভাল পাব?

পৃথিৱীত জনমি সচেতন নহ'লে

প্ৰাপ্যও থিতাতে হেৰাব।।

থলুৱা আৰু নতুন অসমীয়াক

এইবেলি - সেৱা যাচি লৈ

সোঁৱৰাব খুজিছোঁ

অসমৰ ৰাইজে নিজকে পাহৰিলে

ভোগালীতো দুৰ্ভোগ পাব

আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও 

কঙালীত পৰিণত হ'ব।

আজিৰ অসমীয়াই নিজক নবচালে

অসম ৰসাতলে যাব।

বিঃদ্ৰঃ এই গীতটিৰ চতুৰ্থ পদটি ১৯৮০ চনত সামান্য সালসলনি কৰিছে।১৯৬৮ চনত প্ৰথম যেতিয়া গীতটি ৰচনা কৰিছিল, তেতিয়া গীতটিৰ চতুৰ্থ পদটি আছিল এনেদৰে -

 'কোনোবা কাপুৰুষৰ পুৰুষ কৰিবলৈ

জ্যোতিপ্ৰসাদো নাই

'অসম মৰিলে, আমিও মৰিম

 বুলি ক'বলৈ কোনো যে নাই

আজি অম্বিকাগিৰী নাই

দেশ গ'ল গ'ল বুলি দিনে নিশাই চিঞৰিব।

Type Susmita Kakati


Post Id:DABP003072