পক্ষীৰাজ ঘোঁৰা
পক্ষীৰাজ ঘোঁৰা; খট্ খট্ খট্ খট্কে দৌৰা,
মোৰ কপাল ফুটা, পাখি দুখনো কটা।
উৰি ফুৰিবৰ নাই মন, কাৰণ ধৰাতে জনগণ।।
অনিৰূদ্ধা নহওঁ ৰোমিও লক্ষীন্দৰ
নহওঁ মজ্নু কিম্বা জুলিয়াছ চীজাৰ
হেই, হেই ...... হুৰ্ হুৰ্......
কুম্ভকৰ্ণৰ দৰে নিদ্ৰা যোৱা
ৰাইজতক জগাই তোলোঁ
দানৱৰ সমাজতে মানৱ বিচাৰি
বজাৰত থিতাপি ললোঁ
মই মানুহকে ভালপোৱা ৰূপৰে কুমাৰ।
পক্ষীৰাজ ঘোঁৰা
খট্ খট্ খট্ খট্কৈ দৌৰা
অগতিৰ গতি মই
দুষ্কৃতি নাশোঁ মই।
স্বৰ্গ এৰা এক ৰূপকুমাৰী
আহিছোঁ মৰতলে' প্ৰেম বিচাৰি;
স্বৰ্গত ইন্দ্ৰই ঠগিলে কিমান
বৰুণেও মিছাকৈ কান্দিলে ইমান।
স্বৰ্গ এৰা এক ৰূপকুমাৰী
আহিছোঁ বজাৰলিৈ প্ৰেম বিচাৰি।
এন্ধাৰৰ ৰজাৰ কথাঃ মই এন্ধাৰৰ ৰজা
ইয়েছ্ ইয়েছ্
এন্ধাৰ লাগে মজা।
ৰূপকুমাৰঃ যা যা ৰজা, খা গজা, পাবি মজা
মই জ্যোতিক কৰি দিওঁ নষ্ট;
সুন্দৰকোঁৱৰ আৰু ৰূপৰ কুঁৱৰীৰ
মলিন নহয় মোৰ পছন্দ।
দুয়োটাকে কাটি-কুটি কৰি দিম লণ্ড-ভণ্ড
খবৰ খবৰ খবৰদাৰ।।
আঃ ক'লা ক'লা বজাৰতো এন্ধাৰ দিওঁ অনৱৰত
এন্ধাৰ যোগান ধৰি যাওঁ
তাৰে বাবে কিছু কমিছন পাওঁ
আহ্ দে যুদ্ধ।
খবৰদাৰ, খৰবৰদাৰ।
এন্ধাৰৰ ৰজাঃ হুঁচিয়াৰ।
জ্যোতিৰে লগতে এন্ধাৰে যুঁজিলে
এন্ধাৰে যায় যে ভাগৰি
মানুহ নমনী এন্ধাত নৃপতি
যায় চুঁচৰি বাগৰি।
ৰূপৰ কুমাৰ হ'লো শিৱ জটাধাৰী।
মাজকে এন্ধাৰে ঢাকেহি যেতিয়া
তেতিয়া কি হয়; তেতিয়া কি হয়?
যুগে যুগে বিজুলীয়ে হাঁহিব যেতিয়া
তেতিয়া ভাল হয়, তেতিয়া ভাল হয়।
স্বৰ্গ এৰা দুটি মিঠা মন
দেৱলোকত মেনকা ৰম্ভাই ঠগে
উৰ্বশীয়েও ধৰা দিম বুলি কৈ ভাগে
বিজুলীঃ মই পিচে নঠগোঁ সুন্দৰকুমাৰ
যুগে যুগে লগৰী হ'মেই তোমাৰ।
অনিৰুদ্ধ নহওঁ ৰোমিও লক্ষীন্দৰ
নহওঁ নজ্নু কিম্বা জুলিয়াচ চীজাৰ।।
Type Susmita Kakati
Post Id: DABP003061