বুৰঞ্জী সাহিত্য

প্ৰথম খণ্ড

১) অসমীয়া সাহিত্য়লৈ আহোম ৰজাসকলক একচেতীয়া আৰু অভূতপূৰ্ব দান কি?

উত্তৰঃ বুৰঞ্জীসমূহ।

২) আহোমসকলৰ মাজত বুৰঞ্জী লিখা প্ৰথা কেতিয়াৰেপৰা চলিছিল?

উত্তৰঃ আদিম যুগৰেপৰা।

৩) বুৰঞ্জীৰ প্ৰকৃত অৰ্থ কি?

উত্তৰঃ মুৰ্খৰ ভঁৰাল বা নজনা কথাৰ ভঁৰাল।

৪) আহোমসকলৰ এটা প্ৰধান আৰু পৱিত্ৰ কৰ্মৰ নাম লিখা।

উত্তৰঃ বুৰঞ্জী লিখা আৰু সংৰক্ষণ কৰা।

৫) দ্বিতীয় আৰু তৃতীয় ভাষাৰ বুৰঞ্জীসমূহ কেতিয়া ৰচিত?

উত্তৰঃ আহোম ৰাজত্ব কালত।

৬) বুৰঞ্জীত ৰজা আৰু বিষয়াসকলৰ কাৰ্যকলাপৰ উপৰি কি বৰ্ণিত হৈছে?

উত্তৰঃ সমাজাকি, অৰ্থনৈতিক, ধাৰ্মিক, সাংস্কৃতিক আদি অৱস্থাৰ কথা।

৭) বৰ্তমানে কিমান বুৰঞ্জী উদ্ধাৰ কৰা হৈছে?

উত্তৰঃ ডেৰ শৰো অধিক।

৮) কিমান চনত গোপাল বৰুৱাই লিখা কেইবাখনো বুৰঞ্জী সম্পাদিত হয়?

উত্তৰঃ ১৯৩০ চনত।

৯) ১৮০৩ খ্ৰীঃত ৰচিত তুংখুঙীয়া বুৰঞ্জীৰ ৰচক কোন?

উত্তৰঃ শ্ৰীনাথ বৰুৱা।

১০) কেতিয়াৰে পৰা কামৰূপ-অসমৰ বিষয়ে নানা ইতিবৃত্ত লিখিত হৈ আহিছে?

উত্তৰঃ প্ৰাচীন কালৰেপৰা।

১১) ঐতিহাসিক ব্যক্তিসকলৰ প্ৰত্য়ক্ষ উক্তি থকাত বুৰঞ্জীয়ে কেনেকুৱা গুণ লভিছে?

উত্তৰঃ নাটকীয় গুণ লভিছে।

১২) বুৰঞ্জী লিখাৰ কাৰণে তত্ত্বাৱধান লবলৈ কি নিযুক্তি কৰা হৈছিল?

উত্তৰঃ চিৰিং ফুকন নামৰ বিষয়া।

১৩) বুৰঞ্জীবোৰ কোোনে প্ৰণয়ন কৰিছিল?

উত্তৰঃ আহোম স্বৰ্গদেৱসকলৰ লগত সম্বন্ধ থকা লোকে।

১৪) A Few Remarks on the Assamese Language এই গ্ৰন্থখন কাৰ?

উত্তৰঃ স্বৰ্গীয় আনন্দৰাম ঢেকিয়াল ফুকনৰ।

১৫) লাচিত, মূলাগাভৰু আদি ঐতিহাসিক ব্যক্তিৰ লগত কি জড়িত হৈ আছে?

উত্তৰঃ দেশপ্ৰেমৰ কাহিনী জড়িত হৈ আছে।

১৬) প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজা কোন?

উত্তৰঃ ভাস্কৰ বৰ্মা।

১৭) A Few Remarks on the Assamese Language এই গ্ৰন্থখন কিমান চনত ৰচিত?

উত্তৰঃ ১৮৫৫ খ্ৰীঃত।

১৮) ঘটকাসুৰ, নৰকাকুৰ, ভগদত্ত আদিৰ কাহিনী ক'ত আছে?

উত্তৰঃ পুৰাণ, মহাভাৰত আদিত।

১৯) 'অসম বুৰঞ্জী পুথি'ৰ ৰচক কোন?

উত্তৰঃ কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাৰ দ্বাৰা ৰচিত।

২০) 'বেলিমাৰ বুৰঞ্জী' গ্ৰন্থত কিহৰ কথা বৰ্ণিত হৈ আছে?

উত্তৰঃ আহোম ৰাজত্বৰ শেষ কালৰ কথা।

Author: Chinmay Kakati



Post ID :DABP003498