চুটি গল্প
দ্বিতীয় খণ্ড
১) চুটি গল্প কিহৰ দান আৰু ইয়াৰ জন্ম কিমান শতিকাত হৈছিল?
উত্তৰঃ চুটি গল্প পাশ্চাত্য় সাহিত্য়ৰ দান আৰু ইয়াৰ জন্ম ঊনবিংশ শতিকাত।
২) অসমীয়া চুটি গল্পৰ জন্মদাতা কোন?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।
৩) লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি নামৰ গল্প-সংগ্ৰহ এটি কিমান চনত ওলায়?
উত্তৰঃ ১৯০৯ চনত।
৪) শৰৎচন্দ্ গোস্বামীৰ গল্পপুথিকেইখনৰ নাম লিখা।
উত্তৰঃ ময়না, গল্পাঞ্জলী, বাজীকৰ আৰু পৰিদৰ্শন।
৬) দ্বিতীয় মহাসমৰ কেতিয়াৰ পৰা কিমান চনলৈ চলে?
উত্তৰঃ ১৯৩৯ চনৰপৰা ১৯৪৫ চনলৈ।
৭) অসমীয়া সাহিত্য়লৈ গল্পৰ আমদানি কেনেকৈ হয়?
উত্তৰঃ পাশ্চাত্য সাহিত্য়ৰ প্ৰভাৱৰ ফলত।
৮) লক্ষ্মীধৰ শৰ্মাৰ গল্পত কি ৰূপায়িত হৈছে?
উত্তৰঃ সমাজৰ অবিচাৰ, অত্য়াচাৰ, জাতিভেদ, বিধৱাৰ কাৰুণ্য় আদি।
৯) মহীচন্দ্ৰ বৰাৰ ৰচনাত কি আছে?
উত্তৰঃ হাস্য়ৰস, ব্য়ংগভাব আৰু বাক্চাতুৰ্য।
১০) প্ৰথম চুটি গল্পৰ লেখক বুলি কাক কোৱা হয়?
উত্তৰঃ আমেৰিকাৰ প্ৰখ্য়াত কবি-সাহিত্য়িক এডগাৰ এলেন পোক।
১১) শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ এটি বিশেষত্ব লিখা।
উত্তৰঃ ৰচনাৰীতিৰ প্ৰাঞ্জলতা।
১২) ত্ৰৈলোক্য়নাথ গোস্বামীৰ কন্ট্ৰোলৰ চেনি, দুটকীয়া নোট আদি গল্পত কিহৰ চিত্ৰ দেখুওৱা হৈছে?
উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পাছত দেখা দিয়া সমাজৰ দুৰ্নীতিৰ চিত্ৰ দেখুওৱা হৈছে।
১৩) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্পৰ দুটি সংকলনৰ নাম লিখা।
উত্তৰঃ কলং আজিও বয় আৰু সাতসৰী।
১৪) স্বৰাজোত্তৰ যুগৰ প্ৰৱীণ গল্প-লেখকসকলৰ ভিতৰত এগৰাকী বিশিষ্ট লেখকৰ নাম লিখা।
উত্তৰঃ চৈয়দ আব্দুল মালিক।
১৫) সূৰ্য কুমাৰ ভূঞাৰ পঞ্চমী গল্পত কি ফুটি উঠিছে?
উত্তৰঃ ব্য়ক্তিজীৱনৰ সুখ-দুখৰ চিত্ৰ ফুটি উঠিছে।
১৬) লক্ষ্মীনাথ ফুকনৰ ৰচনাৰ প্ৰধান বৈশিষ্ট্য় কি?
উত্তৰঃ ব্য়ংগ চিত্ৰাংকম।
১৭) নগেন্দ্ৰনাথ চৌধুৰীৰ গল্পবোৰ ঘাইকৈ কিহত ৰচিত?
উত্তৰঃ পৰিবেশপ্ৰধান আৰু গাৱঁৰ পটভূমিত ৰচিত।
১৮) ডঃ হেমন্তকুমাৰ শৰ্মাৰ দ্বাৰা সম্পাদিত আৰু সংকলিত দুটা সংকলনৰ নাম লিখা।
উত্তৰঃ নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প আৰু বীণাৰ ঝংকাৰ।
১৯) লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভিৰ উপৰি আন দুটা গল্প-সংকলনৰ নাম লিখা।
উত্তৰঃ সাধুকথাৰ কুকি আৰু জোনবিৰি।
২০) উপন্য়াস আৰু গল্পৰ ক্ষেত্ৰত অসমীয়া লেখকসকলৰ ভিতৰত কাৰ ৰচনা সৰ্বাধিক আৰু জনপ্ৰিয়?
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ ৰচনা।
Author: Chinmay Kakati
Post ID : DABP003504