বিশ্বখনিকৰ
ক) অতি চমু প্ৰশ্নাৱলীঃ
১। মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতাপুথি এখনৰ নাম লিখা?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতাপুথি এখনৰ নাম হৈছে ়জ্ঞানমালিনী।
২। অসম সাহিত্য সভাৰ দ্বাদশ গোলাঘাট অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ দ্বাদশ গোলাঘাট অধিবেশনৰ সভাপতি মফিজুদ্দিন আহমদ হাজৰিকা আছিল।
৩। তত্ত্ব-পাৰিজাত পুথিৰ ৰচক কোন?
উত্তৰঃ তত্ত্ব-পাৰিজাত পুথিৰ ৰচক হৈছে মফিজুদ্দিন আহমদ হাজৰিকা।
৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্ৰন্থখনিৰ নাম কি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্ৰন্থখনিৰ নাম হৈছে তত্ত্ব-পাৰিজাত।
৫। মফিজুদ্দিন আহমদ হাজৰিকা কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছে?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা কবিতাত আধ্যাত্মিকতা দৰ্শনৰ প্ৰকাশ ঘটিছে।
৬। বিশ্বখনিকৰ কবিতাটিত বিশ্বখনিকৰ বুলি কাক কোৱা হৈছে?
উত্তৰঃ বিশ্বখনিকৰ কবিতাটিত বিশ্বখনিকৰ বুলি ঈশ্বৰ তথা ভগৱানৰ কথা কৈছে।
৭। জ্ঞানমালিনী কবি কোন?
উত্তৰঃ জ্ঞানমালিনী কবি হৈছে মফিজুদ্দিন আহমদ হাজৰিকা।
৮। বিশ্বখনিকৰ কবিতাটিৰ কবি কোন?
উত্তৰঃ বিশ্বখনিকৰ কবিতাটিৰ কবি হৈছে মফিজুদ্দিন আহমদ হাজৰিকা।
৯। বিশ্বখনিকৰ কবিতাটিত উল্লেখ কৰা তিনিবিধ গছৰ নাম লিখা?
উত্তৰঃ বিশ্বখনিকৰ কবিতাটিত উল্লেখ কৰা তিনিবিধ গছৰ নাম হৈছে পমা, চিচু আৰু পাৰলীক।
১০। মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি উপাধিৰ কবিৰূপে জনাজাত?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবি ৰূপে জনাজাত।
খ) অতি চমুপ্ৰশ্নৱালীঃ
১। সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেওঁ
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।
এই কবিতাফাঁকি মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে চমুকৈ লিখা।
উত্তৰঃ উক্ত কবিতাফাঁকি 'জ্ঞান মালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ' নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
পৃথিৱীৰ গছ-লতা, জীৱ-জন্তু, পশু-পক্ষী,গ্রহ-তৰা, জোন-বেলি এই সকলোবোৰ বস্তু পৰমেশ্বৰৰ কৃপাতে বর্তি আছে। তেৱেঁই পৃথিৱীৰ সকলো গুণ, সকলো বৃত্তি,তেৱেঁই সর্বত্ৰতে বিয়পি থকা সর্বশক্তিমান।অথচ তেওঁক আমি কোনেও নেদেখো। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। এই ওৰণিখনেই হ'ল বেদান্ত নিৰ্দেশিত ‘মায়া। সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলেহে এই অস্তিত্ব অনুভৱ কৰিব পাৰি।তাৰ বাবে লাগে জ্ঞান। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰাৰ ক্ষমতা অর্জন হয়।কবিতাফাকিৰ মাজেৰে কবিয়ে এই কথাখিনিকে প্ৰকাশ কৰিছে।
২। মফিজুদ্দিন আহমদ হাজৰিকাৰ কাব্যকৃতিৰ বিষয়ে চমুকৈ লিখা?
উত্তৰঃ .মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি আছিল যদিও তেওঁ জোনাকী কাকতৰ লগত কোনো জড়িত নাছিল। ১৮৯৬ চনত তেওঁৰ প্ৰথম কবিতা পুথি জ্ঞানমালিনী প্ৰকাশ পায়। তেওঁৰ মৃত্যু পাছত অপ্ৰকাশিত কবিতা সমূহ গোটাই তত্ত্ব-পাৰিজাত নাম দি প্ৰকাশ কৰা হৈছে।
৩। ত্ৰিলোক বুলিলে কি বুজা?
উত্তৰঃ ত্ৰিলোক বুলিলে ত্ৰিজগত বা স্বৰ্গ, মৰ্ত্য আৰু পাতালক বুজায়।
৪। বিশ্বখনিকৰ পাঠটিত উল্লেখ থকা তিনিটা গুণ কি কি?
উত্তৰঃ বিশ্বখনিকৰ পাঠটিত উল্লেখ থকা তিনিটা গুণ হৈছে সত্ত্বঃ, ৰজঃ আৰু তমঃ।
৫। পৰমেশ্বৰৰ তিনিটা গুণ কি কি?
উত্তৰঃ পৰমেশ্বৰ তিনিটা গুণ হৈছে সত্ত্বঃ, ৰজঃ আৰু তমঃ।
৬। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হৈছে -
ক) তেওঁৰ কবিতাৰ ভাষাৰ অতি সহজ সৰল আৰু ঘৰুৱা।
খ) তেওঁৰ কবিতাসমূহত সহজবোধ্য ৰূপকৰ সহায়ত আধ্যাত্মিক তত্ত্বসমূহৰ সুন্দৰ ভাৱে প্ৰতিফলন ঘটে।
৭। বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায়?
ৰচনাধৰ্মী প্ৰশ্নঃ
১। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰঃ বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ আধ্যাত্মিক তথা দার্শনিক ভাব প্রকাশ কৰিছে। এই দর্শনৰ মূল হ'ল বেদান্ত। বেদান্তৰ ঘাই কথা হ’ল 'ব্রহ্ম সত্য জগত মিথ্যা'। এই দর্শনৰ মাজেৰে এইটোকে তুলি ধৰা হৈছে যে এই জগতত দৃশ্য অদৃশ্য সকলো সম্পদ, জোন-বেলি, গ্রহ-তৰা, আৰু মানুহৰ অথবা জীৱ-জন্তু, গছ-লতা, পশু-পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ অধিকাৰী ঈশ্বৰ। ব্ৰহ্মাই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ। জীৱজগত তথা জড় জগতত তেওঁৰেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায় । তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকৰ স্বৰূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তযামী, সৰ্বব্যাপী বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বৰূপ ।সত্ত্বঃ ৰজঃ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁৱে ধৰি ৰাখিছে । অথচ সকলো গুণৰ উৰ্দ্ধত থকা পৰমেশ্বৰক আমি দেখা নাপাও। কাৰণ তেওঁ নিৰ্গুণ। কবিয়ে বেদান্তৰ এই ভাবটোকে কবিতাটোৰ মাজেৰে প্রতিফলিত কৰিছে ।
২। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাবটি লিখা ।
উত্তৰঃ 'বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা।যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা।তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ সকলোতে ব্যাপ্ত, অথচ তেওঁক দেখা পোৱা নাযায়। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে । এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। সত্ত্বঃ, ৰজঃ, আৰু তমো এই তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ। তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, তেওঁ সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান ।
৩। ‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।
উত্তৰঃ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ 'বিশ্বখনিকৰ’ কবিতাটি এটি আধ্যাত্মিক দর্শনৰ কবিতা। এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগত মিথ্যা’ এই তত্ত্বটো কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই। তেওঁ জগতৰ প্রতিটো অণু-পৰমাণু, প্ৰতিটো জীৱৰ মাজত, প্রকৃতি আদি জড় জগতৰ মাজত বিয়াপি আছে। সত্বঃ ৰজঃ তমঃ- এই তিনিটা গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। পৰমেশ্বৰ এই তিনিটা গুণৰ অধিকাৰী হৈও নির্গুণ । সকলো কাৰ্য আৰু কাৰণৰ মূল তেৱেঁই। তেৱেঁই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপাই তথাপি তেৱেঁই অন্তর্য্যামী, সর্বজ্ঞানী, বিশ্বৰ প্রাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্বশক্তিমান। এনেদৰে কবিয়ে 'বিশ্বখনিকৰ' কবিতাটিত ভাৰতীয় আধ্যাত্মিক দর্শনৰ এক চমু আভাস প্ৰকাশ কৰিছে।
৪। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :
তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।
উত্তৰঃ প্ৰসংগ -উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে ।
সংগতি :এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।
ব্যাখ্যা -কবিতাফাঁকিৰ মাজেৰে কবিয়ে বিশ্বৰ সকলো কর্মৰ অন্তৰালত যে এক পৰম সত্তা বিৰাজমান সেই কথাৰ উপলব্ধি কৰিছে। সকলো কাম সেই সত্তা তথা বিশ্বখনিকৰে কৰি থাকে। তেওঁক বা তেওঁৰ কামক দেখা নাপালেও সেই সত্তাৰ উপলব্ধি কৰিব পাৰি। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজত তেওঁৰেই মহিমা লুকাই আছে তেওঁৱই পৃথিৱীখন গঢ়ি তুলিছে। সেয়ে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ আখ্যা দিছে ।
Author Geetanjali Bora
Post ID : DABP003397