কলিতাসকল

অধ্য়ায়-১২

১। কলিতা জনগোষ্ঠী প্ৰচীনতম অধিবাসী কৰ আছিল?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্য়াকাৰ সমভূমি অঞ্চলৰ আছিল।


২। ১৮৭১ আৰু ১৮৭২ চনত বৃটিছ ভাৰতত হোৱা প্ৰথমটো লোকপিয়লৰ তথ্য়মতে মুঠ কলিতা জনসংখ্য়া কিমান আছিল?

উত্তৰঃ ৩,৩৯,৯৭১ জন আছিল।


৩। কলিতা-পূৰ্বপুৰুষসকলৰ প্ৰথমটো দল কিমান বছৰৰ পূৰ্বে ব্ৰহ্মপুত্ৰ উপত্য়াকাত ভৰি দিয়েহি?

উত্তৰঃ আজিৰ পৰা সাতহাজাৰ বছৰ পূৰ্বে খ্ৰীষ্টপূৰ্ব ৫,০০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪,৫০০-ৰ ভইতৰত ভৰি দিয়েহি।


৪। কলিতাসকল কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্য়কাৰ সমভূমি অঞ্চলত থিতাপি লয়হি বুলি অনুমান কৰিব পাৰি?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ৪,০০০- ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩,৫০০-ৰ ভিতৰত থিতাপি লয়হি বুলি অনুমান কৰিব পাৰি।


৫। কলিতাসকলে প্ৰায় কেইটা উপাধি ব্য়ৱহাৰ কৰি আহিছে?

উত্তৰঃ বিৰান্নব্বৈ (৯২) টা।


৬। কলিতাসকলৰ কেইটামান উপাধিৰ নাম লিখা?

উত্তৰঃ কলিতা, বৰ্মণ, বৰ্মা, কাকতি, বৰুৱা, বৰা, চৌধুৰী, তালুকদাৰ, ডেকা, হালৈ ইত্য়াদি।


৭। কলিতাসকলৰ জনগোষ্ঠীয় ভাষা কি?

উত্তৰঃ 'অসমীয়া' বুলি পৰিচিত ভাষাতি তেওঁলোকৰ জনগোষ্ঠীয় ভাষা ।


৮। আধুনিক, পৰিপক্ক 'অসমীয়া' ৰূপটি কেনেকৈ হৈছে?

উত্তৰঃ ককেচীয় আৰু মংগোলীয় অইন কেবাটিও থলুৱা জনগোষ্ঠীৰ উপাদান লৈ এতিয়াৰ আধুনিক, পৰিপক্ক 'অসমীয়া' ৰূপটি হৈছে।


৯। এওঁলোকে ব্য়ৱহাৰ কৰা কাপোৰৰ নাম লিখা।

উত্তৰঃ কপাহী, এৰি, পাত আৰু মুগা কাপোৰ ব্য়ৱহাৰ কৰে?


১০। এৰি সূতাৰ ৰং কেনেকুৱা?

উত্তৰঃ ধূসৰ বগা।


১১। দুবিধ অনুষ্ঠানত পৰিধান কৰা কাপোৰৰ নাম লিখা।

উত্তৰঃ পাতৰ কাপোৰ আৰু মুগা কাপোৰ।


১২। কলিতা মহিলাসকলে তাঁতত কাপোৰ ব'ব নাজানিলে কি হৈছিল?

উত্তৰঃ বিয়াই নহৈছিল।


১৩। কলিতা জনগোষ্ঠীৰ সাজ-পোচাকত কি ৰঙৰ প্ৰাধান্য় দেখা যায়?

উত্তৰঃ বগা আৰু ৰঙা ৰঙৰ।


১৪। কাপোৰ বব জনা মানুহক কি বোলে?

উত্তৰঃ তাঁতী বোলে।


১৫। যাৰ নিজাকৈ শাল থাকে তেওঁক কি বোলে?

উত্তৰঃ শালৈ বোলে।


১৬। কলিতা মহিলাৰ জাতীয় সাজ কি?

উত্তৰঃ মেখেলা-চাদৰ।


১৭। পুৰুষসকলে কি পৰিধান কৰা সাজ-পাৰৰ নাম লিখা।

উত্তৰঃ পুৰুষসকলে গামোচা, শালত বৈ লোৱা চুৰীয়া, চোলা পৰিধান কৰে।


১৮। কলিতাসকল মূলতঃ কি জীৱী?

উত্তৰঃ কৃষিজীৱী।


১৯। গৰু আৰু নাঙল 'হাল'ৰ গৰাকীক কি বোলা হৈছিল?

উত্তৰঃ 'হালৈ' বোলা হৈছিল।


২০। কলিতাসকলৰ এটা জনজাতী চৰিত্ৰ কি?

উত্তৰঃ অন্তঃ-প্ৰজননী তেওঁলোকৰ এটা  জনজাতী চৰিত্ৰ।


২১। কলিতাসকলৰ মূল আহাৰ কি?

উত্তৰঃ চাউল সিজাই প্ৰস্তুত কৰা 'ভাত'।


২২। কলাখাৰ কাক বোলে? 

উত্তৰঃ কল-গছৰ গা অংশ শুকুৱাই পুৰি তাৰ ছাইখিনিক কলা খাৰ বোলে।


২৩। কলিতা জনগোষ্ঠীয় কিছুমান পৰম্পৰাগত খাদ্য় বা ব্য়ঞ্জনৰ নাম লিখা।

উত্তৰঃ আলু পোৰা, আলু পিটিকা, বেঙেনা পিটিকা, কঁঠাল গুটি পোৰা, মাছ পোৰা, ঔ টেঙাৰে মাছ ৰন্ধা ইত্য়াদি তেওঁলোকৰ পৰম্পৰাগত খাদ্য়।


২৪। পঁইতা (পন্তা) ভাত কেনেকৈ প্ৰস্তুত কৰে?

উত্তৰঃ ভাতত পানী দি এদিন বা এৰাতি থৈ পঁইতা (পন্তা) ভাত কেনেকৈ প্ৰস্তুত কৰা হয়।


২৫। কলিতা জনগোষ্ঠীয়ে পালন কৰা দুটামান উৎসৱৰ নাম লিখা।

উত্তৰঃ গৰু বিহু, বাঁহ পূজা, ভথেলি, বহাগৰ সাত বিহু,কাতি বিহু, ভোগালী বিহু, ওজাপালি, আদি বহুতো উৎসৱ পালন কৰে।


২৬। কলিতাসকলৰ কেইগৰাকীমান উল্লেখযোগ্য় ব্য়ক্তিৰ নাম লিখা?

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মা, আনন্দৰাম বৰুৱা, ছহিদ মণিৰাম দেৱান, ডঃ বাণীকান্ত কাকতি।


২৭। প্ৰাচীন কামৰূপ ৰাজ্য়ৰ শ্ৰেষ্ঠ  ৰজাৰ জনৰ নাম লিখা।

উত্তৰঃ কুমাৰ বাস্কৰ বৰ্মা।


২৮। অসমীয়া জাতীয় অব্দ (ভাস্কৰাব্দ)  গণনা কেতিয়াৰ পৰা কৰা হয়?

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মা সিংহাসনত আৰোহণ কৰা দিনৰ পৰাই  অব্দ (ভাস্কৰাব্দ)  গণনা কৰা হয়।


২৯। উত্তৰ ভাৰতৰ ৰজা কোন আছিল?

উত্তৰঃ হৰ্ষৱৰ্ধন।


৩০। কাৰ টোকাৰ মতে কুমাৰ ভাস্কৰ বৰ্মা দিনত কামৰূপ ৰাজ্য়ৰ সীমা ১৬৭৫ মাইল আৰু ৰাজধানী প্ৰাগজ্য়োতিষপুৰৰ সীমা ৬ মাইল আছিল?

উত্তৰঃ চীনা পৰিব্ৰাজক হিউ ৱেন চাঙৰ টোকাৰ মতে।


৩১। অসমৰ অমূল্য় ঐতিহাসিক সমল তিনিবিধৰ নাম লিখা।

উত্তৰঃ ভাস্কৰ বৰ্মা ডুবি তাম্ৰলিপি, নিধানপুৰ তাম্ৰলিপি, নালন্দাৰ মোহৰ আদি।


৩২। ৰজা সুপ্ৰতিষ্ঠ ৰজাৰ মৃত্য়ুৰ পিছত কোন ৰজা হৈছিল?

উত্তৰঃ কুমাৰ বাস্কৰ বৰ্মা।


৩৩। এওঁৰ কিমান চনত মৃত্য়ু হয়?

উত্তৰঃ ৬৫০ চনত।


৩৪। প্ৰথম অসমীয়া (পঞ্চম ভাৰতীয়) অসামৰিক সেৱাৰ বিষয়া (আই চি এচ) কোন?

উত্তৰঃ আনন্দৰাম বৰুৱা।


৩৫। তেওঁৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৫০ চনৰ ২১ মে' তাৰিখে গুৱাহাটীত।


৩৫। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃ গৰ্গৰাম বৰুৱা মাতৃ দুৰ্লভেশ্বৰী বৰুৱা।


৩৬। আনন্দৰাম বৰুৱাৰ মৃত্য়ু কিমান চনত হৈছিল?

উত্তৰঃ ১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে।


৩৭।  ছহিদ মণিৰাম দেৱানৰ প্ৰকৃত নাম কি?

উত্তৰঃ মণিৰাম দত্তবৰুৱা।


৩৮। তেওঁক কি ৰজা বুলি অভিহিত কৰা হৈছিল?

উত্তৰঃ 'কলিতা ৰজা' বুলি।


৩৯। মণিৰাম দেৱানৰ জন্ম কিমান চনত ক'ত হৈছিল?

উত্তৰঃ জন্ম ১৭ এপ্ৰিল, ১৮৫৬ চনৰ শিৱসাগৰ জিলাৰ চাৰিঙত।


৪০। প্ৰথম অসমীয়া তথা প্ৰথম ভাৰতীয় চাহ- খেতিয়ক হিচাপে কোনে পৰিগণিত হৈছিল?

উত্তৰঃ মণিৰাম দেৱান।


৪১। তেওঁ কিমান চনত ক'ত আৰু কেইখন চাহ-বাগিছা খুলিছিল?

উত্তৰঃ ১৮৪৫ চনত চেনীমৰা (যোৰহাট) আৰু চিংলৌ (শিৱসাগৰ) ত  দুখন চাহ-বাগিছা খুলিছিল।


৪২। তেওঁ ব্ৰহ্মপুত্ৰ উপত্য়কাৰ কেইখন ঠাইত কিমান খন 'হাট' প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ তেওঁ পাঁচখন ঠাইত পাঁচখন 'হাট' প্ৰতিষ্ঠা কৰিছিল।


৪৩। তেওঁক কিমান চনত ক'ত কোনে ফাঁচী দিছিল?

উত্তৰঃ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ শাসকে যোৰহাটত ৰাজহুৱাকৈ ফাঁচী দিছিল।


৪৪। ডঃ বাণীকান্ত কাকতীৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল?

উত্তৰঃ ১৫ নবেম্বৰ, ১৮৯৪ চনত এতিয়াৰ বৰপেটা জিলাৰ -বাটিকুৰিহা গাৱত।


৪৫। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃ ললিত ৰাম কাকতি আৰু মাতৃ লহোবোলা কাকতি।


৪৬। তেওঁ কিমান চনত কাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ?

উত্তৰঃ ১৯১৬ চনত বৰপেটাৰ কনকলতা (দাস) কাকতিৰ সতে বিবাহপাশত আৱদ্ধ হৈছিল।


৪৭। তেওঁক 'ডক্তৰেট' উপাধি কিয় প্ৰদান কৰা হৈছিল?

উত্তৰঃ Assamese- It's Formation and Developement গ্ৰন্ঠখনিৰ বাবে কলিকতা বিশ্ববিদ্য়ালয়ে তেখেতক  'ডক্তৰেট' উপাধি কিয় প্ৰদান কৰিছিল।


৪৮। তেওঁ কিমান চনত প্ৰথম স্থানেৰে আই, এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰঃ ১৯১৩ চনত 


৪৯। তেওঁ কিমান চনত অধক্ষ হয়?

উত্তৰঃ ১৯৪৭ চনত 


৫০। তেওঁ কিমান চনত ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৫ নবেম্বৰ, ১৯৫২ চনত।

 

Type By - Jatin Nath







Post ID: DABP005240