প্ৰাক-ঐতিহাসিক চিকাৰজীৱী সংগ্ৰাহকসকল 

 দ্বিতীয় অধ্যায়ঃ 

অতি চমু প্ৰশ্নঃ

১। আদিম মানুহৰ জীৱনৰ কালছোৱাক কেইটাভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ আদিম মানুহৰ জীৱনৰ কালছোৱাক দুটা ভাগত ভগাব পাৰি সেইকেইটা হল 

ক) প্ৰাক ঐতিহাসিক । 

খ) ঐতিহাসিক । 


২। পৃথিৱীত কেতিয়া জীৱৰ আবিৰ্ভাৱ ঘটিছিল 

উত্তৰঃ প্ৰায় ৩০০০ নিযুত বছৰ আগতে পৃথিৱীত জীৱৰ আবিৰ্ভাৱ ঘটিছিল ।


৩। চালৰ্চ ডাৰউইিনে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ চালৰ্চ ডাৰউইনে লিখা গ্ৰন্থখনৰ নাম হল on the origin of Species ।


৪। চালৰ্চ ডাৰউইনে লিখা গ্ৰন্থখন কিমান চনত প্ৰথম প্ৰকাশ পাইছিল ।

উত্তৰঃ ১৮৫৯ চনৰ ২৪ নৱেম্বৰত চালৰ্চ ডাৰউইনে লিখা গ্ৰন্থখন প্ৰকাশ পাইছিল ।


৫। ইংৰাজী ভাষাৰ pre-History ৰ অসমীয়া প্ৰতিশব্দ কি ।

উত্তৰঃ ইংৰাজী ভাষাৰ pre-History অসমীয়া প্ৰতিশব্দ হল প্ৰাক-ঐতিহাসিক ।


৬। ইংৰাজী ভাষাৰ pre-History শব্দটো কোনে প্ৰথম  প্ৰয়োগ কৰিছিল ।

উত্তৰঃ ইংৰাজী ভাষাৰ pre-History শব্দটো ১৮৫১ চনত কানাডাৰ ডেনিয়েল উইলচনে ।


৭। তিনিযুগ ব্যৱস্থা প্ৰক্ৰিয়া কোনে প্ৰথমে আগবঢ়াইছিল ।

উত্তৰঃ তিনিযুগ ব্যৱস্থা প্ৰক্ৰিয়া ডেনমাৰ্কৰ কেপেনহেগেনৰ ক্ৰিষ্টিয়ান জুৰগেনচেন থমছেনে প্ৰথমে আগবঢ়াইছিল ।


৮। ইংলেণ্ডৰ এজন পুৰাতত্ত্ববিদৰ নাম লিখা ।

উত্তৰঃ ইংলেণ্ডৰ এজন পুৰাতত্ত্ববিদৰ নাম হল ছাৰ জন ইভানছ ।


৯। প্ৰাক-ঐতিহাসিক যুগক কেইটা ভাগত ভগাব পাৰি আৰু কি কি  ।

উত্তৰঃ প্ৰাক-ঐতিহাসিক যুগক তিনিটা ভাগত ভগাব পাৰি সেইভাগকেইটা হল 

ক) আদি প্ৰস্তৰ যুগ ।

খ) মধ্য প্ৰস্তৰ যুগ ।

গ) নৱপ্ৰস্তৰ যুগ ।


১০। অষ্ট্ৰালপিথেকাচ জাতৰ জীৱাশ্ম কত উদ্ধাৰ কৰা হৈছিল ।

উত্তৰঃ অষ্ট্ৰেলপিথেকাচ জাতৰ জীৱাশম আফ্ৰিকাত উদ্ধাৰ কৰা হৈছিল ।


১১। এই জীৱাশ্মটো কেতিয়াৰ পৰা কেতিয়ালৈ জীৱিত আছিল ।

উত্তৰঃ ৪.৪ নিযুতৰ পৰা ১.৮ নিযুত বছৰ আগলৈকে এই জীৱাশ্মটো জীৱিত আছিল ।


১২। কিমান খ্ৰীঃত আৰু কোনে ইথিওপিয়াৰ হাডাৰৰ পৰা জীৱাশ্ম উদ্ধাৰ কৰিছিল ।

উত্তৰঃ লুচী নামেৰে জনাজাত হোৱা ১৮৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডনাল্ড চি জনছন নামৰ লোকজনে ইথিওপিয়াৰ হাডাৰৰ পৰা জীৱাশ্ম উদ্ধাৰ কৰিছিল ।


১৩। অষ্ট্ৰালপিথেকাছ শব্দটো কৰ পৰা আহিছে ।

উত্তৰঃ অষ্ট্ৰেলপিথেকাছ শব্দটো লেটিন ভাষাৰ অষ্ট্ৰাল বা দক্ষিণ আৰু গ্ৰীক ভাষাৰ পিথেকাছ বা এপৰ পৰা আহিছে । 


১৪। হম প্ৰজাতিৰ বিকাশ কেতিয়া আৰু কিমান বছৰৰ আগতে ঘটিছিল ।

উত্তৰঃ হম প্ৰজাতিৰ বিকাশ আফ্ৰিকা মহাদেশত আনুমানিৰ ২.৫ নিযুত বছৰৰ আগতে ঘটিছিল ।


১৫। হম শব্দটো কৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি ।

উত্তৰঃ হম শব্দটো লেটিন ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হল মানুহ ।


১৬। হম হেবিলিচৰ অৰ্থ কি ।

উত্তৰঃ হম হেবিলিচৰ অৰ্থ হল সমৰ্থবান পুৰুষ ।


১৭। হম হেবিলিচৰ জীৱাশ্ম কিমান চনত আৰু কোনে উদ্ধাৰ কৰিছিল ।

উত্তৰঃ হম হেবিলিচৰ জীৱাশ্ম ইংলেণ্ডৰ মেৰী লিকিয়ে ১৯৬০ চনত টাঞ্জানিয়াৰ অল্ডোৱাইৰ পৰা উদ্ধাৰ

 

১৮। হম ইৰেক্টাছৰ জীৱাশ্ম কেতিয়া আৰু কিমান বছৰৰ আগতে উদ্ধাৰ কৰা হৈছিল ।

উত্তৰঃ হম ইৰেক্টাছৰ জীৱাশ্ম ১.৭ নিযুত বছৰৰ আগতে পূব-আফ্ৰিকাত উদ্ধাৰ কৰা হৈছিল ।


১৯। মানৱ ক্ৰমবিৱৰ্তনৰ ইতিহাস অধ্যয়নৰ লগত জড়িত হৈ থকা দুটা গুৰুত্বপূৰ্ণ দিশৰ নাম লিখা ।

উত্তৰঃ মানৱ ক্ৰমবিৱৰ্তনৰ ইতিহাস অধ্যয়নৰ  লগত জড়িত হৈ থকা দুটা গুৰুত্বপূৰ্ণ দিশৰ নাম হল 

ক) মানৱৰ জৈৱিক বিৱৰ্তন ।

খ) সামাজিক বা সাংস্কৃতিক বিৱৰ্তন । 


২০। অষ্টাদশ শতিকাৰ এজন জৈৱিক বিজ্ঞানীৰ নাম লিখা ।

উত্তৰঃ অষ্টাদশ শতিকাৰ এজন জৈৱিক বিজ্ঞানীৰ নাম হল চালৰ্চ ডাৰউইন ।


২১। হম হেবিলিচৰ মগজুৰ আকাৰ কিমান আছিল ।

উত্তৰঃ হম হেবিলিচৰ মগজুৰ আকাৰ আছিল ৭০০ চি.চি ।


২২। কোনে কেতিয়া হম ইৰেক্টাছৰ জীৱাশ্ম জাভাৰ পৰা উদ্ধাৰ কৰিছিল ।

উত্তৰঃ ১৮৯০ চনত হলেণ্ডৰ ইউজিনি ডুবইছয়ে পোন প্ৰথমবাৰৰ বাবে জাভাৰ পৰা জীৱাশ্ম উদ্ধাৰ কৰিছিল ।


২৩। হম চেপিয়ঞ্চৰ অৰ্থ কি ।

উত্তৰঃ হম চেপিয়েঞ্চৰ অৰ্থ হল জ্ঞানী পুৰুষ । 


২৪। হম চেপিয়েঞ্চ শব্দটোৰ জনক কোন ।

উত্তৰঃ হম চেপিয়েঞ্চ শব্দটোৰ জনক হল চুইডেনৰ কাৰ্ল লিনায়ছ ।


২৫ । হম চেপিয়েঞ্চৰ মগজুৰ আকাৰ কিমান আছিল ।

উত্তৰঃ হম চেপিয়েঞ্চৰ মগজুৰ আকাৰ আছিল ১২৫০-১৪৫০ চি.চি । 


২৬। জীৱ বিৱৰ্তনৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ ইতিহাসক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ।

উত্তৰঃ জীৱ বিৱৰ্তনৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ ইতিহাসক তিনিটা ভাগত ভাগ কৰিছে সেইভাগকেইটা হল 

ক) আদ্য প্ৰাণীকল্প ।

খ) মধ্য প্ৰাণীকল্প ।

গ) নব্য প্ৰাণীকল্প ।


২৭। নব্য প্ৰাণীকল্পক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ।

উত্তৰঃ নব্য প্ৰাণীকল্পক সাতটা ভাগত ভাগ কৰা হৈছে সেইভাগকেইটা হল 

ক) পেলিয়'চিন 

খ) ইয়'চিন 

গ) অলিগ'চিন 

ঘ) মায়'চিন 

ঙ) প্লায়'চিন 

চ) প্লেইষ্ট'চিন 

ছ) হ'ল'চিন 


২৮। হিমযুগৰ অৱসান আৰু হলচিন যুগৰ আৰম্ভণি কেতিয়া হৈছিল । 

উত্তৰঃ  প্ৰায় ১০,০০০ বছৰৰ আগতে হিমযুগৰ অৱসান আৰু হলচিন যুগৰ আৰম্ভণি হৈছিল । 


২৯। প্ৰস্তৰ যুগৰ মানৱ বিৱৰ্তনৰ বিষয়ে জনাৰ প্ৰধান সমল বা আহিলাসমূহ কি কি ।

উত্তৰঃ প্ৰস্তৰ যুগৰ মানৱ বিৱৰ্তনৰ বিষয়ে জনাৰ প্ৰধান সমল বা আহিলাসমূহ হল পুৰাতাত্ত্বিক খনন আৰু উদ্ধাৰ উদ্ধাৰ কৰা শিলৰ আহিলাসমূহ ।


৩০। আদিপ্ৰস্তৰ যুগ কি ।

উত্তৰঃ আদি প্ৰস্তৰ যুগ হৈছে মানৱ সভ্যতাৰ বিকাশৰ প্ৰাৰম্ভিক কাল ।


৩১। ভাৰতীয় প্ৰাক-ঐতিহাসিক পিতৃপুৰুষ বুলি কাক কোৱা হয় ।

উত্তৰঃ ৰবাৰ্ট ফ'টক ভাৰতীয় প্ৰাক-ঐতিহাসিক পিতৃপুৰুষ বুলি কোৱা হয় ।


৩২। আদি প্ৰস্তৰ যুগৰ উল্লেখযোগ্য দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ উল্লেখযোগ্য দুখন ঠাইৰ নাম হল 

ক) লাচবেলা 

খ) প্লটুৱাৰ টিলা ।

চমু প্ৰশ্নঃ

১। অষ্ট্ৰালপিথেকাছৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ অষ্ট্ৰালপিথেকাছৰ দুটা বৈশিষ্ট্য হল 

ক) হ'মৰ তুলনাত অষ্ট্ৰালপিথেকাছৰ মগজুৰ আকাৰ সৰু আছিল ।

খ) অষ্ট্ৰালপিথেকাছৰ দাঁত ডাঙৰ আছিল ।

২। হ'ম ইৰেক্টাছৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ হ'ম ইৰেক্টাছৰ দুটা বৈশিষ্ট্য হল 

ক) হ'ম  ইৰেক্টাছ প্ৰথমটো মানৱ প্ৰজাতি আছিল যি আধুনিক মানৱৰ দৰে দুই ভৰিৰে ক্ষিপ্ৰতাৰে দৌৰিব পাৰিছিল ।

খ) হম ইৰেক্টাছৰ মগজুৰ আকাৰ আছিল ৯০০-১১০০ চি. চি. ।

৩। হ'ম নিয়েণ্ডাৰ্থেলেনচিচৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ক) হ'ম নিয়েণ্ডাৰ্থেলেনচিচৰ মগজুৰ আকাৰ আছিল ১৪৫০ চি.চি. ।

            খ)  হ'ম নিয়েণ্ডাৰ্থেলেনচিচৰ মানৱ প্ৰজাতিৰ ভৰি চুটি আৰু শৰীৰ ডাঙৰ আৰু গাঁঠলু আকৃতিৰ আছিল ।

৪। প্ৰাচীনতম আদি মানৱবিধৰ নাম কি আৰু ইয়াক কৰ পৰা উদ্ধাৰ কৰা হৈছিল ।

উত্তৰঃ প্ৰাচীনতম আদি মানৱবিধৰ নাম হল নিয়েণ্ডাৰ্থেল বা হ'ম নিয়েণ্ডাৰ্থেলেনচিচ আৰু ইয়াক ইউৰোপৰ পৰা উদ্ধাৰ কৰা হৈছিল ।


৫। ৰিচাৰ্ড লিকিয়ে তেওঁৰ গ্ৰন্থখনত মানৱ জাতিৰ বিকাশৰ চাৰিটা মূল পৰ্যায় কি কি ।

উত্তৰঃ ৰিচাৰ্ড লিকিয়ে তেওঁৰ গ্ৰন্থখনত মানৱ জাতিৰ বিকাশৰ চাৰিটা মূল পৰ্যায় হল 

ক) প্ৰথম পৰ্যায় হৈছে যেতিয়া প্ৰায় ৭ নিযুত বছৰৰ আগতে দুই ভৰিৰে বা দণ্ডায়মান বান্দৰ প্ৰজাতিৰ বিকাশ ।

খ) দ্বিতীয় পৰ্যায়ত ৭ নিযুত বছৰ পূৰ্বৰ ভিতৰত বিভিন্ন প্ৰাকৃতিক বাতাবৰণৰে অভ্যস্ত দুই ভৰিৰ কেবাটাও এপৰ প্ৰজাতিৰ বিকাশ হয় ।

গ) তৃতীয় পৰ্যায়ত ৩ নিযুত আৰু ২ নিযুত বছৰ পূৰ্বৰ ভিতৰত ডাঙৰ মগজুৰ আকাৰেৰে প্ৰজাতিৰ উত্থান হয় । এয়ে হৈছে হমৰ বিকাশৰ পৰ্যায় যি হম ইৰেক্টাছ আৰু শেষত হম চেপিয়েঞ্চৰ জৰিয়তে পূৰ্ণতা পায় । 

ঘ) চতুৰ্থ পৰ্যায়ত ভাষা,সচেতনতা, কলাত্মক কল্পনা শক্তি আৰু প্ৰযুক্তিগত জ্ঞানেৰে আধুনিক মানৱৰ বিকাশ হয় । 


৬। আদিম মানৱৰ দুটা উল্লেখযোগ্য গুহাচিত্ৰৰ নিদৰ্শনৰ বিষয়ে লিখা ।

উত্তৰঃ আদিম মানৱৰ দুটা উল্লেখযোগ্য গুহাচিত্ৰৰ নিদৰ্শন হল 

ক) ফ্ৰান্সৰ লেচক্স গুহা আৰু চাউফউড গুহা ।

খ) স্পেইনৰ আল্টামিৰা গুহা । 


৭। আদি প্ৰস্তৰ যুগৰ মানক বিৱৰ্তনক কেইটা উপভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানৱ বিৱৰ্তনক তিনিটা উপভাগত ভগাব পাৰি সেইভাগকেইটা হল 

ক) নিম্ন আদি প্ৰস্তৰ যুগ ।

খ) মধ্য আদি প্ৰস্তৰ যুগ ।

গ) উচ্চ আদি প্ৰস্তৰ যুগ । 


৮। ৰবাৰ্ট ফ'টৰ জন্ম কিমান চনত আৰু কত হৈছিল ।

উত্তৰঃ ৰবাৰ্ট ফ'টৰ ১৮৩৪ চনৰ ২২ ছেপ্তেম্বৰ তাৰিখে ইংলেণ্ডত জন্ম হৈছিল ।


৯। উচ্চ আদিপ্ৰস্তৰ যুগৰ আহিলা উদ্ধাৰ হোৱা চাৰিখন ঠাইৰ নাম লিখা ।

উত্তৰঃ উচ্চ আদি প্ৰস্তৰ যুগৰ আহিলা উদ্ধাৰ হোৱা চাৰিখন ঠাইৰ নাম হল 

ক) উত্তৰ- পশ্চিম সীমান্ত প্ৰদেশৰ চঙ্গাও গুহা ।

খ) উত্তৰ পাঞ্জাৱৰ পাটোৱাৰ মালভূমি ।

গ) দক্ষিণ ভাৰতৰ ৰেপীগুন্টা ।

ঘ) মধ্য গুজৰাট । 


৯। ভাৰতীয় মধ্যপ্ৰস্তৰ যুগৰ এটা গুৰুত্পূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতীয় মধ্যপ্ৰস্তৰ যুগৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল 

ক) নব্য পৰিৱেশতন্ত্ৰ বা অব্যৱহাৰ হোৱা অঞ্চললৈ মানৱ বসতিৰ প্ৰসাৰ । 


১০। আদিম মানৱৰ জীৱাশ্ম কিমান চনত আৰু কেতিয়া উদ্ধাৰ কৰা হৈছিল ।

উত্তৰঃ ১৮৫৯ চনত জাৰ্মানীৰ ডুছেলডৰ্ফৰ কাষৰীয়া নিয়েণ্ডাৰ্থেল আদিম মানৱৰ জীৱাশ্ম  উদ্ধাৰ কৰা হৈছিল ।


১১। হম ইৰেক্টাছৰ পুৰাতাত্ত্বিক প্ৰমাণ পোৱা তিনিখন ঠাইৰ নাম লিখা ।

উত্তৰঃ হম ইৰেক্টাছৰ পুৰাতাত্ত্বিক প্ৰমাণ পোৱা তিনিখন ঠাইৰ নাম হল 

ক) আফ্ৰিকা ।

খ) ইউৰোপ 

গ) এছিয়া ।


১২। হম চেপিয়েঞ্চ বা আধুনিক মানৱৰ বিকাশ কিমান বছৰৰ আগত আৰু কত হৈছিল ।

উত্তৰঃ হম চেপিয়েঞ্চ বা আধুনিক মানৱৰ বিকাশ হয় আফ্ৰিকা মহাদেশত আনুমানিক ১,৯৫,০০০ৰ পৰা ১,৫০,০০০ বছৰৰ আগতে ।


১৩। প্ৰাক -ঐতিহাসিক মানৱৰ জীৱাশ্ম কোনে আৰু কৰ পৰা উদ্ধাৰ কৰিছিল ।

উত্তৰঃ গৱেষক অৰুণ চোনাকিয়াই নৰ্মদা উপত্যকাৰ পৰা প্ৰাক-ঐতিহাসিক মানৱৰ জীৱাশ্ম উদ্ধাৰ কৰিছিল ।


১৪। হমিনিডৰ প্ৰথম অৱশেষ কিমান চনত আৰু কৰ পৰা উদ্ধাৰ কৰিছিল 

উত্তৰঃ ১৯৬৬ চনত এছিয়া মহাদেশৰ পৰা হমিনিডৰ প্ৰথম অৱশেষ উদ্ধাৰ কৰিছিল ।


১৫। নৰ্মদা মানৱ বুলি কোনটো শ্ৰেণীৰ জীৱাশ্মক কোৱা হয় ।

উত্তৰঃ  হম ইৰেক্টাছ নামৰ জীৱাশ্মক নৰ্মদা মানৱ বুলি কোৱা হয় ।


১৬। হাড়ৰ আহিলা নিৰ্মাণৰ উদ্যোগৰ বিকাশৰ এটা উদাহৰণ লিখা ।

উত্তৰঃ
 হাড়ৰ আহিলা নিৰ্মাণ উদ্যোগৰ বিকাশৰ এটা উদাহৰণ হল

ক)  অন্ধপ্ৰদেশৰ কোৰনোল গুহা ।


১৭। হিমযুগত মানুহৰ জীৱিকাৰ উপায় কি আছিল ।

উত্তৰঃ হিমযুগত মানুহৰ জীৱিকাৰ উপায় আছিল চিকাৰ আৰু খাদ্য-সংগ্ৰহ কৰা ।


১৮। ভীমবেতকা কিহৰ বাবে বিখ্যাত ।

উত্তৰঃ ভীমবেতকা মধ্যযুগৰ গুহা-চিত্ৰৰ কাৰণে বিখ্যাত ।


১৯। প্ৰাক-ঐতিহাসিক গুহাচিত্ৰক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ প্ৰাক-ঐতিহাসিক গুহাচিত্ৰক ৫টা ভাগত ভাগ কৰিব পাৰি সেইভাগকেইটা হল 

ক) প্ৰথম পৰ্যায়ঃ ডাঙৰ আকাৰৰ জীৱৰ ৰেখাচিত্ৰ । ইয়াৰে কিছুমান জ্যামিতিক আৰু আক-বাক আৰ্হিৰে পূৰ্ণ । মানৱ চিত্ৰৰ অনুপস্থিতি ।

খ) দ্বিতীয় পৰ্যায়ঃ মানৱ আৰু জীৱ-জন্তুৰ ক্ষুদ্ৰ চিত্ৰ, প্ৰাকৃতিক আৰু সম্পূৰ্ণ জীৱন। গোটত চিকাৰ কৰা কাৰ্য । মানৱৰ মুখা পিন্ধি আৰু লাঠী, ধনু-কাড়, যাঠী লৈ চিকাৰ ।

গ) তৃতীয় পৰ্যায়ঃ উলম্ব আৰু কটা-কটি ৰেখাৰে ডাঙৰ জীৱ-জন্তু আৰু মানৱ ।

ঘ) চতুৰ্থ পৰ্যায়ঃ প্ৰণালীবদ্ধ ৰূপত মানৱ আৰু জীৱ-জন্তুৰ চিত্ৰ । বিন্দু ৰেখাচিত্ৰ ।

ঙ) পঞ্চম পৰ্যায় ঃ মৌচাক, অকোৱা-পকোৱা ,ঘন চতুৰ্ভূজাকৃতিৰ আৰ্হিৰে অলংকৃত কৰা চিত্ৰ । ডাঙৰ শিঙেৰে সৈতে মহ । 


২০। মধ্য আদি প্ৰস্থৰ যুগত আদিম মানৱে ব্যৱহাৰ কৰা দুবিধ সজুলিৰ নাম লিখা ।

উত্তৰঃ মধ্য আদি প্ৰস্থৰ যুগত আদিম মানৱে ব্যৱহাৰ কৰা দুবিধ সজুলিৰ নাম হল 

ক) ধৰাল শিল ।

খ) বিন্ধনা ।


ৰচনাধৰ্মী প্ৰশ্নঃ 

১। আদি প্ৰস্থ যুগৰ সংস্কৃতিৰ বিষয়ে লিখা।

উত্তৰঃ প্ৰাক-ঐতিহাসিক কালত মানুহে ব্যৱহাৰ কৰা শিলৰ আহিলা আৰু প্ৰযুক্তিগত জিঞান বিকাশৰ ভিত্তিত তিনিটা যুগত বিভক্ত কৰাৰ বিষয়ে আগতে উল্লেখ কৰি অহা গৈছে । ইয়াৰে আদি প্ৰস্তৰ আৰু মধ্য প্ৰস্তৰ যুগত মানৱ আছিল খাদ্য সংগ্ৰাহক, চিকাৰী আৰু অঘৰী । মধ্যপ্ৰস্তৰ যুগৰ একেবাৰে শেষ পৰ্যায়ত শস্য আৰু পশুৰ ঘৰচীয়াকৰণ বিদ্যা আয়ত্ব কৰাৰ আগতে তেওঁলোক প্ৰাকৃতিকভাৱে লভ্য জীৱ-জন্তু আৰু উদ্ভিদৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল আছিল । মানৱ বিৱৰ্তনৰ অধিকাংশ সময়েই অতিবাহিত হৈছে চিকাৰী তথা খাদ্য-সংগ্ৰাহকৰূপে । ইয়াৰ গৰিষ্ঠসংখ্যক সময়েই সাঙুৰি লৈছে আদি প্ৰস্তৰ যুগে । আদি প্ৰস্তৰ যুগতে আদিম মানৱে শিলৰ আহিলা ব্যৱহাৰ আৰম্ভ কৰাৰ উপৰিও জুই আৱিস্কাৰ কৰে ।

প্ৰস্তৰ যুগত মানৱ বিৱৰ্তন সম্পৰ্কে জনাৰ আন সমল হল পুৰাতাত্ত্বিক খনন আৰু উদ্ধাৰ কৰা শিলৰ আহিলাসমূহ । খাদ্য শস্য আৰু আন উদ্ভিদ কটা, মাংস কটা, জন্তুৰ ছাল গুছোৱা আদি বিভিন্ন কাৰ্যত প্ৰাক-ঐতিহাসিক যুগৰ মানৱে শিলৰ আহিলা ব্যৱহাৰ কৰিছিল । এই আহিলাসমূহৰ প্ৰকাৰ আৰু তাৰ চাবত ৰৈ যোৱা বিশেষ দাগ বা মসৃণ পৃষ্ঠই আহিলাসমূহৰ ব্যৱহাৰ সম্পৰ্কে জনাত সহায় কৰাৰ লগতে আৰু প্ৰাক-ঐতিহাসিক মানৱৰ খাদ্য-অভ্যাস আৰু জীৱন-প্ৰণালীৰ বিষয়ে বহুতো তথ্য বাহিৰলৈ বা পোহৰলৈ আনিছে । 

আদি প্ৰস্তৰ যুগক তিনিটা উপযুগত ভাগ কৰা হৈছে 

১। নিম্ন আদি প্ৰস্তৰ যুগ ২.৫ নিযুতৰ পৰা ২,০০,০০০ বছৰৰ পূৰ্বে ।

২। মধ্য আদি প্ৰস্তৰ যুগ ২,০০,০০০ ৰ পৰা ৪০,০০০ বছৰৰ পূৰ্বে ।

৩। উচ্চ আদি প্ৰস্তৰ যুগ ৪০,০০০ ৰ পৰা ১০,০০০ বছৰৰ পূৰ্বে ।

আমাৰ পৰিৱেশ, জলবায়ু, ভৌগোলিক প্ৰকাৰভেদে এই সময়সূচী সুকীয়া বা বেলেগ বেলেগ । তাৰোপৰি কোনো অঞ্চলৰ নিম্ন, মধ্য, বা উচ্চ আদি প্ৰত্যেক যুগৰ নিৰিদিষ্ট আহিলাৰ ব্যৱহাৰ, মানৱ বসতিৰ প্ৰকাৰ বা সাংস্কৃতিক বৈশিষ্ট্যৰ সৈতে আন অঞ্চলৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ কোনো কোনো ক্ষেত্ৰত পাৰ্থক্যও দেখা যায় । আন এটা মন কৰিবলগীয়া দিশ হৈছে যে কোনো অঞ্চলতে একে প্ৰকাৰৰ শিলৰ আহিলা, মানৱ প্ৰজাতি বা সাংস্কৃতিক বৈশিষ্ট্য মানৱ বিৱৰ্তনৰ সমানুপাতিকভাৱে প্ৰতিষ্ঠাপিত নহৈ বহুক্ষেত্ৰত সানমিহলি হৈহে আগবাঢ়িছে । 

আদি প্ৰস্থৰ যুগ হৈছে মানৱ সভ্যতাৰ বিকাশৰ প্ৰাৰম্ভিক কাল । ইংৰাজী ভাষাৰ paleolithic শব্দটো গ্ৰীক ভাষাৰ palaios বা পুৰণি বা প্ৰাচীন আৰু lithos শিলৰ পৰা আহিছে । আদি প্ৰস্তৰ যুগৰ প্ৰথম ভাগটো হৈছে নিম্ন আদি প্ৰস্তৰ । উল্লেখযোগ্য যে প্ৰায় ২.৫ নিযুত বছৰৰ পৰা ১০,০০০ বছৰৰ পূৰ্বলৈ বিয়পি থকা মানৱ বিৱৰ্তনৰ এই দীঘলীয়া সময়ছোৱাৰ অধিক সময় আগুৰি আছে নিম্ন আদি প্ৰস্তৰযুগে । গোটেই নিম্ন প্লেইষ্টচিন আৰু মধ্য প্লেইষ্টচিনৰ অধিক সময়জুৰি থকা নিম্ন আদি প্ৰস্তৰ যুগত ধৰা পৃষ্ঠৰ অধিক বৰফাবৃত্ত আছিল ।  এই যুগতে মানুহে পোনপ্ৰথমে শিলৰ আহিলা নিৰ্মাণ আৰু ব্যৱহাৰ কৰাৰ উপৰিও জুইৰ ব্যৱহাৰো আয়ত্ব কৰিছিল । শিলৰ আহিলাবিলাকৰ কিছুমান এক দিশত ধাৰযুক্ত আৰু বা দুই দিশ ধাৰযুক্ত আছিল । নিম্ন আদিপ্ৰস্তৰ যুগতে প্ৰাকৃতিকভাৱে প্ৰাপ্ত শিলৰ আহিলা আৰু কাটি নিৰ্মাণ কৰা শিলৰ আহিলাৰ পাৰ্থক্য সু-স্পষ্ট হয় । আহিলা নিৰ্মাণত আদি পদ্ধতি অনুসৰণ কৰা নিম্ন আদি প্ৰস্তৰ যুগৰ প্ৰধান আহিলা আছিল হাত কুঠাৰ । আৰু জন্তুৰ মঙহ কটা আহিলা । 

মধ্য আদি প্ৰস্তৰ যুগত টুকুৰা ধৰাল শিলৰ ব্যৱহাৰ আৰম্ভ হয় আহিলা নিৰ্মাণত । মাউস্তেৰিয়ানৰ দৰে পদ্ধতি ব্যৱহাৰ কৰা এই যুগৰ মানৱে ধৰাল শিল জোং, বিন্ধনা, মাটি খন্দা আহিলা আদিৰ ব্যৱহাৰ আৰম্ভ কৰে ।  উচ্চ আদি প্ৰস্তৰ যুগৰ জলবায়ুত আদ্ৰতা কমি পায় । এই  সময়ছোৱাত আহিলা নিৰ্মাণত ধৰাল শিলৰ ব্যৱহাৰ আৰম্ভ হয় । তদুপৰি এই যুগতে আদিম মানৱে নিজৰ কৰ্ম-কাণ্ড প্ৰকাশ কৰিবলৈ চিত্ৰৰ সহায় লয় । আদিম মানৱৰ এনেবোৰ কলাকৃতিৰ চাব বিশ্বৰ বিভিন্ন প্ৰান্তত পোৱা যায়। আদিম মানৱৰ এনে কলাত্মক গুহাচিত্ৰৰ উল্লেখযোগ্য নিদৰ্শন হল ফ্ৰান্সৰ চাউফউড গুহা আৰু লেচক্স গুহা । স্পেইনৰ আল্টামিৰা গুহা ইত্যাদি । 

আদি প্ৰস্তৰ যুগত আদিম মানৱ জীৱন নিৰ্বাহৰ বাবে সম্পূৰ্ণকৈ বা সম্পূৰ্ণৰূপে চিকাৰ আৰু সংগ্ৰহৰ ওপৰত নিৰ্ভৰশীল আছিল । উচ্চ আদি প্ৰস্তৰ যুগৰ গুহাচিত্ৰত মানৱে গাইগুটীয়াকৈ আৰু সামূহিকভাৱে জন্তু চিকাৰ কৰাৰ প্ৰমাণ পোৱা যায় । এই যুগত ক্ৰমবৰ্দ্ধমান অভিজ্ঞতাই মানৱ জ্ঞানৰ যথেষ্ট বিকাশ ঘটায় আৰু মানৱে বলৰ তুলনাত বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল হবলৈ শিকে । খাদ্য-সংগ্ৰহ সহজ হোৱাত আৰু পুৰুষ-মহিলাৰ মাজত শ্ৰমৰ বিভাজন কিছু পৰিমাণে আৰম্ভ হোৱাত তেওঁলোকে আজৰি সময়ত কলাত্মক কাৰ্যকলাপতো ব্যস্ত হয়, যাৰ প্ৰমাণ হৈছে এই যুগত প্ৰাপ্ত বা পোৱা গুহাচিত্ৰ অলংকাৰ আৰু মূৰ্তিকলা । 


২। ভাৰতবৰ্ষত আদি প্ৰস্তৰ যুগৰ বিকাশ কেনেকৈ হৈছিল বহলাই লিখা । 

উত্তৰঃ ভাৰতীয় উপমহাদেশত বিভিন্ন ভূ-অৱস্থানত আদিম মানৱৰ বিৱৰ্তনৰ প্ৰমাণ পোৱা যায় । প্ৰস্তৰ যুগৰ এনে স্থানসমূহ পাৰ্বত্য অঞ্চলৰ পৰা সমতলভূমি, উপকূলভূমি, পৰ্যন্ত সিচৰতি হৈ আছে । আদি প্ৰস্তৰ যুগক প্ৰযুক্তিগত বিকাশৰ ভিত্তিত নিম্ন, মধ্য, আৰু উচ্চ আদি প্ৰস্তৰ যুগত বিভাজন কৰাৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰি অহা হৈছে । এই বিৱৰ্তনৰ ধাৰণাসমূহ ভাৰতীয় আদি প্ৰস্তৰ যুগৰ স্থানসমূহতো সু-স্পষ্ট । 

বিশ্বৰ আন প্ৰান্তৰ দৰে ভাৰতীয় উপমহাদেশতো প্ৰাক-ঐতিহাসিক মানৱ বিকাশৰ কোনো নিৰ্ধাৰিত একক সময়সীমা নাই । তাৰোপৰি উদ্ধাৰ হোৱা বিভিন্ন জাতৰ জীৱাশ্মসমূহৰ সাধাৰণ বৈশিষ্ট্যত কিছুমান আঞ্চলিক তাৰতম্যও দেখা যায় । ঐতিহাসিক উপীন্দৰ সিঙে আদি প্ৰস্তৰ যুগত মানৱ বিৱৰ্তনক নিম্নলিখিত উপভাগত বিভক্ত কৰিছে ।

ক) নিম্ন আদি প্ৰস্তৰ যুগ ঃ ২ নিযুত বছৰৰ পৰা ১,০০,০০০ বছৰৰ পূৰ্বে ।

খ) মধ্য আদি প্ৰস্তৰ যুগ ঃ ১,০০,০০০-৪০,০০০ বছৰৰ পূৰ্বে 

গ) উচ্চ আদি প্ৰস্তৰ যুগ ঃ ৪০,০০০-১০,০০০ বছৰৰ পূৰ্বে ।

ভাৰতবৰ্ষত প্ৰস্তৰ যুগত মানৱ বিৱৰ্তনৰ ধাৰাসমূহ অধ্যয়ন কৰিবলৈ যাওতে তাত অহা এটা নাম হৈছে ৰবাৰ্ট ব্ৰুছ ফ'ট । এইজন ব্ৰিটিছ বিজ্ঞানীয়ে ১৮৬৩ চনৰ ৩০ মেত মাদ্ৰাজৰ  পল্লভৰমম গাঁৱত প্ৰথম এক প্ৰাক-ঐতিহাসিক শিলৰ আহিলা উদ্ধাৰ কৰে । এই আৱিস্কাৰৰ বহু পূৰ্বে ১৮৪২ চনত প্ৰাইমৰজ য়ে কৰ্ণাটকৰ ৰাইচুৰ জিলাৰ লিংগসুগুৰ নামৰ স্থানত আৰু আন এজন ব্ৰিটিছ পুৰাতত্ত্ববিদ জন ইভানছ ১৯৫৩ চনত মধ্যপ্ৰদেশৰ নৰ্মদা নদীৰ তীৰত শিলৰ আহিলা উদ্ধাৰ কৰিছিল বুলি জনা যায় । কিন্তু ভূ-বিজ্ঞানী ফটেই তেওঁৰ জীৱনকালত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কৰা পুৰাতাত্ত্বিক খনন আৰু অন্বেষণৰ জৰিয়তে ভাৰতীয় প্ৰস্থৰ যুগক বিশ্ব-দৰবাৰত প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । 

প্ৰকৃত অৰ্থত ৰবাৰ্ট ব্ৰুছ ফটে আছিল বহুতো প্ৰতিভাৰ অধিকাৰী । তেওঁ আছিল একাধাৰে এজন ভূ-বিজ্ঞানী, পুৰাতত্ত্ববিদ, সংগ্ৰাহক তথা গৱেষক । ১৯৩৪ চনৰ ২২ ছেপ্তেম্বৰত ইংলেণ্ডত তেওঁৰ জন্ম আৰু ১৯১২ চনৰ ২৭ ডিচেম্বৰত ৭৮ বছৰ বয়সত কলিকতাত মৃত্যু হৈছিল । তেওঁ পল্লভৰমৰ পৰা উদ্ধাৰ কৰা প্ৰাক-ঐতিহাসিক শিলৰ আহিলাটি আছিল এক হাতকুঠাৰ । এই ঘটনাৰ প্ৰায় ৪ মাহৰ পাছত ১৮৬৩ চনৰ ২৯ ছেপ্তেম্বৰত পুনৰ ফটে আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু বা সহযোগী উইলিয়াম কিংয়ে মাদ্ৰাজৰ তিৰুভল্লুৰ জিলাত আৰু কৰ্টালায়াৰ নদীৰ উপকন্ঠত আতিৰামপক্কমত বহুতো প্ৰাক-ঐতিহাসিক শিলৰ আহিলা উদ্ধাৰ কৰে । তাৰোপৰি ফৰাচী বিজ্ঞানীৰ এটি দলে এই সঁজুলিসমূহ গৱেষণাৰ জৰিয়তে আনুমানিক ১.৫ নিযুত বছৰৰ পূৰ্বে বা আগতে ব্যৱহাৰ হৈছিল বুলি ঠাৱৰ কৰিছে । এই গৱেষণাৰ তথ্য প্ৰকাশ পোৱাৰ পূৰ্বে পদ্মশ্ৰী, কে. পাডায়াই খনন কৰা কৰ্ণাটকৰ ইচামপুৰত উদ্ধাৰ হোৱা প্ৰায় ১,২ নিযুত বছৰৰ পূৰ্বৰ প্ৰাক-ঐতিহাসিক স্থানকে ভাৰতবৰ্ষৰ প্ৰাচীনতমৰূপে গণ্য কৰা হৈছিল । উদ্ভাৱক ফটে তেওঁৰ জীৱনকালত ভাৰতবৰ্ষত মুঠ ৪৫৯ টা আদি প্ৰস্তৰ, নৱ প্ৰস্তৰ আৰু লৌহযুগৰ স্থান উদ্ধাৰ কৰিছিল । যাৰ বিষয়ে ১৯১৪ চনত প্ৰকাশ পোৱা তেওঁৰ গ্ৰন্থত বহলকৈ পোৱা যায় । 

ভাৰতীয় প্ৰাক-ঐতিহাসিক যুগৰ অধ্যয়নৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ৰবাৰ্ট ফটক ভাৰতীয় প্ৰাক-ঐতিহাসিক অধ্যয়নৰ পিতৃপুৰুষ বুলি কোৱা হয় । প্ৰাক-ঐতিহাসিক সম্পদ আৱিস্কাৰৰ লগতে তাৰ শ্ৰেণী বিভাজন, তালিকা প্ৰস্তুত বা সুন্দৰ শৈলীৰে কৰা উপস্থাপনত এই গৱেষকজনৰ ভূমিকা উল্লেখযোগ্য ।  ১৯০৪ চনত ফটে তেওঁৰ জীৱনৰ সৰ্বস্ব পুৰাতাত্ত্বিক সংগ্ৰহ ৩৩,০০০ টকাৰ বিনিময়ত মাদ্ৰাজ চৰকাৰী যাদুঘৰক বিক্ৰী কৰিলে । ব্ৰিটিছ যুগত ভাৰতবৰ্ষৰ প্ৰাক-ঐতিহাসিক চৰ্চাক আগবঢ়াই নিয়া এক উল্লেখযোগ্য পুৰাতাত্ত্বিক খুটি আছিল জাৰ্মানীৰ দুজন বিজ্ঞানী । ১৯৩০ চনত তেওঁলোকে কাশ্মীৰ, পাটোৱাৰ, আৰু জম্মু অঞ্চলত পুৰাতাত্ত্বিক গৱেষণাৰে এই ক্ষেত্ৰখনক চহকী কৰে ।

ভাৰতবৰ্ষত প্ৰাক-ঐতিহাসিক মানৱ বিৱৰ্তনৰ অধ্যয়নত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আন এক যুগান্তকাৰী আৱিস্কাৰ হৈছে । গৱেষক অৰুণ চোনাকিয়াই নৰ্মদা উপত্যকাৰ পৰা উদ্ধাৰ কৰা প্ৰাক-ঐতিহাসিক মানৱৰ জীৱাশ্ম । উল্লেখযোগ্য যে এছিয়া মহাদেশৰ পৰা হমিনিডৰ অৱশেষ প্ৰথম উদ্ধাৰ হৈছিল ১৯৬৬ চনত ।  ১৯৫৯ চনৰ পৰা ১৯৪৮ চনলৈ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰা লুইচ ডুপৰিৰ নেতৃত্বত উত্তৰ-পূব আফগানিস্থানৰ দৰাৰ-ই-কুৰত অন্যান্য শিলৰ আহিলাৰ সৈতে এই আদি মানৱৰ অৱশেষ উদ্ধাৰ হৈছিল । এই স্থানৰ পৰা পোৱা হৈছে ১৯০০-১২০০ বছৰ পূৰ্বৰ । এই ঘটনাৰ কিছু বছৰৰ পূৰ্বতে অৰুণ চোনাকিয়াই ১৯৮২ চনত নৰ্মদা উপত্যকাৰ হাথনৰাৰ পৰা হম ইৰেক্টাছ শ্ৰেণীৰ বুলি ধাৰণা কৰা এক আদি মানৱৰ অংশবিশেষ উদ্ধাৰ কৰিলে । প্ৰায় ৫,০০,০০০ বছৰৰ আগতে জীৱিত মধ্য প্লেষ্টচিন যুগৰ এই আদি মানৱৰ অৱয়ৱ নৰ্মদা মানৱ ৰূপে বিখ্যাত । ইয়াৰ পৰা আনুমাণিক ৫,০০,০০০ বছৰৰ পূৰ্বৰ পৰা ২,০০,০০০ বছৰৰ আগৰ ভিতৰত নৰ্মদা উপত্যকাৰ মানৱ সভ্যতাৰ প্ৰমাণ পোৱা যায় । প্ৰায় ১১৫৫ ৰ পৰা ১৪২১ বিকশিত মস্তিস্কৰ আকাৰেৰে নৰ্মদা মানৱ এক উন্নত শ্ৰেণীৰ হম ইৰেক্টাছ আছিল বুলি গণ্য কৰা হয় । এই গুৰুত্বপূৰ্ণ আৱিস্কাৰৰ পাছত নৰ্মদা উপত্যকাত অব্যাহত থকা খনন কাৰ্যৰ সময়ত হাথনৰাৰ পৰাই ১৯৯৭ চনত হমিনিডৰ অৱশেষ আৰু নিম্ন আদি প্ৰস্ত বা মধ্য আদি প্ৰত্ন প্ৰস্তৰ যুগৰ বুলি ঠাৱৰ কৰা শিলৰ আহিলা উদ্ধাৰ হৈছিল । 

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হোৱা আন এক গুৰুত্বপূৰ্ণ আৱিস্কাৰ হল কেৰেলা বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ বিশিষ্ট পুৰাতত্ত্ববিদ পি. ৰাজেন্দ্ৰণৰ নেতৃত্বত ২০০১ চনত তামিলনাডুৰ ভিল্লাপুৰুম জিলাৰ অন্তৰ্গত তামিলনাডু পণ্ডিচেৰী সীমান্তৱৰ্তী বমায়াৰপালায়মৰ কাষৰ ওদায়ত উদ্ধাৰ হোৱা মানৱ শিশুৰ মস্তিস্কৰ জীৱাশ্ম । প্ৰায় ১,৬৬,,০০০ বছৰৰ পূৰ্বৰ বুলি অনুমান কৰা এই জীৱাশ্ম সম্ভৱত মধ্য অথবা উচ্চ প্লেষ্টচিন যুগৰ আছিল ।

ভাৰত উপমহাদেশত আদি প্ৰস্তৰ যুগৰ শিলৰ আহিলা উত্তৰে হিমালয় পাৰ্বত্য অঞ্চলৰ পাদদেশৰ পৰা দক্ষিণে তামিলনাডু আৰু পশ্চিমে বৰ্তমান পাসিস্থানৰ অন্তৰ্গত পেছোৱাৰ আৰু সিন্ধু প্ৰদেশৰ পৰা পূৰ্বে উত্তৰ-পূব ভাৰত পৰ্যন্ত বিস্তাৰিত হৈ আছে । শিবালিক পাৰ্বত্য অঞ্চল, নৰ্মদা উপত্যকা, কাশ্মীৰৰ পোহালগাম, উৰিষ্যাৰ সুন্দৰগড়, সম্বলপুৰ, বুলাঙ্গী, আৰু ময়ুৰগঞ্জ, ঝাৰখণ্ডৰ সিংহডুম আৰু হাজাৰীবাগ, মহাৰাষ্ট্ৰৰ দিডৱানা আৰু বাগৰ, মধ্যপ্ৰদেশৰ, ভীমবেতকা, আদমগড়, আৰু হাথনোৰা । 


৩। মধ্যপ্ৰস্তৰ যুগৰ অৰ্থনীতিৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ চিকাৰ কৰা, মাছধৰা আৰু খাদ্যসংগ্ৰহ কাৰ্যতে মধ্য প্ৰস্তৰ যুগৰ মানৱ জীৱনৰ অধিকাংশ সময় পাৰ হৈ গৈছিল । যিহেতু মধ্যপ্ৰস্তৰ যুগে আদি প্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগৰ মাজৰ এক পৰিৱৰ্তনশীল কালক প্ৰতিনিধিত্ব কৰে গতিকে এই যুগৰ পাছৰ পৰ্যায়ত মানৱ সীমিত পৰিমাণে হলেও পশুপালন আৰু কৃষি বৃত্তিত জড়িত হোৱাৰো প্ৰমাণ পোৱা যায় । বাগৰত উদ্ধাৰ হোৱা মধ্য প্ৰস্তৰ যুগৰ পুৰাতাত্ত্বিক তথ্যই প্ৰমাণ কৰিছে যে এই অঞ্চলত প্ৰাৰম্ভিক পৰ্যায়ত চিকাৰ আছিল জীৱিকা নিৰ্বাহৰ মূল বা প্ৰধান উপায় । দ্বিতীয় পৰ্যায়ত জন্তুৰ হাড় আৰু শিলৰ আহিলাৰ সীমিত অৱস্থিতিয়ে চিকাৰৰ গুৰুত্ব ক্ৰমান্বয়ে কমি যোৱা আৰু খাদ্য-ব্যৱস্থাৰ ওপৰত বাঢ়ি অহা নিৰ্ভৰশীলতাৰ কথাকে সূচায় । মাটিৰ বাচন-বৰ্তন, ধাতুৰ আহিলা, অলংকাৰৰ ব্যৱহাৰ তথা সমৃদ্ধ মানৱ সমাধিসমূহে এটা সুস্থিৰ আৰু নিৰাপদ অৰ্থনীতিৰ ইংগিত বহন কৰে । 

লিংগভিত্তিক কৰ্ম বিভাজন মধ্য প্ৰস্তৰ যুগত দেখা পোৱা যায় । ইয়াৰ প্ৰমাণ হিচাপে ভীমবেতকাৰ শিলা চিত্ৰসমূহক আঙুলিয়াব পাৰি । এই অঞ্চলৰ পৰা উদ্ধাৰ হোৱা মধ্য-প্ৰস্তৰ যুগৰ চিত্ৰসমূহৰ বহুততে বয়স্ক আৰু কমবয়সীয়া পুৰুষ-মহিলাৰ চিত্ৰও পোৱা গৈছে । পুৰুষৰ চিকাৰ কৰা দৃশ্য আৰু মহিলাই খাদ্য-সংগ্ৰহ কৰি প্ৰস্তুত কৰা তথা পঠাত খাদ্য গুড়ি কৰা আদি দৃশ্য চিত্ৰসমূহত সহজসাধ্য ।  পুৰুষৰ সৈতে মহিলায়ো চিকাৰ কাৰ্যত সহযোগিতা কৰাৰ দৃশ্য দেখা পোৱা যায় । আদিপ্ৰস্তৰ যুগৰ দৰে মধ্য প্ৰস্তৰ যুগতো চিকাৰ আৰু সংগ্ৰহ কাৰ্যত ব্যস্ত মানৱ জীৱন-নিৰ্বাহৰ বাবে শাৰীৰিক শক্তিৰ ওপৰত বহুতো নিৰ্ভৰশীল আছিল ।

তেওঁলোকৰ খাদ্য আৰু ব্যৱহাৰিক প্ৰয়োজনীয়তা সীমিত আছিল । বাসস্থানৰ সীমিত পৰিসৰৰ ভিতৰত তেওঁলোকে খাদ্য-সামগ্ৰী সংগ্ৰহ কৰিছিল । এক প্ৰকাৰৰ জনজাতীয়  জীৱন-যাপন কৰা মানৱে খাদ্য-সামগ্ৰী কম হলে বা আন দুৰ্যোগৰ সন্মুখীন হলে আন ঠাইলৈ বাসস্থান সলনি কৰিছিল । কঠোৰ আৰু পৰিৱৰ্তনশীল প্ৰাকৃতিক পৰিৱেশৰ মাজত জীৱন-নিৰ্বাহ কৰা সকলে সঘনাই বাসস্থান সলনি কৰি যাযাবৰ জীৱন-যাপন কৰিছিল । 

মানৱ সৰু-সৰু গোটত বিভক্ত হৈ আছিল । গোটৰ যিকোনো সিদ্ধান্তত পুৰুষসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । নিজৰ গোটৰ বাহিৰত তেওঁলোকে পৰাপক্ষত সম্পৰ্কবোৰ এৰাই চলিব বিচাৰিছিল । খাদ্য আৰু বাসস্থানৰ উপযোগী ক্ষেত্ৰৰ বাবে বিভিন্ন গোটৰ মাজত সংঘৰ্ষহে লাগিছিল । সুস্থিৰ পৰিৱেশত এনে সংঘৰ্ষৰ মাত্ৰা সৰ্বাধিক আছিল । ভাৰতীয় উপমহাদেশৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ হোৱা মধ্যপ্ৰস্তৰ যুগৰ সমলে বিভিন্ন মানৱ সমাজৰ মাজত যোগাযোগ আৰু আদান-প্ৰদানৰো প্ৰমাণ দিয়ে । আহিলা নিৰ্মাণৰ বাবে উপযুক্ত শিল মানৱে দুৰ-দুৰণিৰ পৰা সংগ্ৰহ কৰা কাৰ্য এই ক্ষেত্ৰত উল্লেখযোগ্য । মধ্যপ্ৰস্তৰ যুগত ঠায়ে-ঠায়ে অস্থায়ী বসবাসৰ প্ৰমাণ পালেও চৰাই নাহৰৰায়, মহাদহা, চপনী মাণ্ডো আদি ঠাইত নিয়মীয়া ৰূপত বসতি স্থাপন কৰাৰ তথ্য পোৱা যায় । ৰাজস্থানৰ তিলৱাৰা আৰু বাগৰ, উত্তৰ প্ৰদেশৰ চাপনীমাণ্ডো  আদি ঠাইত মধ্যপ্ৰস্তৰ যুগৰ শিলৰ বৃত্তাকাৰ পঁজা উদ্ধাৰ হৈছে । উত্তৰ প্ৰদেশৰ চৰাই নাহৰৰাইত পোৰামাটিৰ চপৰাৰে আয়তাকাৰ মজিয়া পোৱা গৈছে । 

ৰাজস্থানৰ বাগৰৰ পৰা ভেড়া, ছাগলী, গৰু, মধ্যপ্ৰদেশৰ আদমগড়ৰ পৰা মহ, ছাগলী, ভেড়া, গাহৰি আৰু কুকুৰ, গুজৰাটৰ লটেশ্বৰ আৰু ৰতনপুৰৰ পৰা ছাগলী, ভেড়া গৰু, মহ আদিৰ ঘৰচীয়াকৰণৰ তথ্য পোৱা গৈছে ।  ৰাজস্থানৰ বাগৰ আৰু তিলৱাৰা, গুজৰাটৰ লাংনাজ আৰু কানেৱাল, উত্তৰ প্ৰদেশৰ চৰাই নাহৰৰাই, মহাদহা, দমদমা, আৰু চপনীমাণ্ডো আদি স্থানৰ পৰা বনৰীয়া গাহৰি, উটৰ হাড় উদ্ধাৰ হোৱা মন কৰিবলগীয়া । ৰাজস্থানৰ বাগৰৰ পৰা ভেড়া , ছাগলী, গৰু, মধ্যপ্ৰদেশৰ আদমগড়ৰ পৰা মহ ছাগলী, ভেড়া, গাহৰি আৰু কুকুৰ ঘৰচীয়াকৰণৰ তথ্যও পোৱা গৈছে । 

মধ্যপ্ৰস্তৰ যুগতে পোন প্ৰথমবাৰৰ বাবে মানৱ সমাধি প্ৰমাণৰ উদ্ধাৰ পোৱা গৈছে । গুজৰাটৰ লাঙ্গনাজ, উত্তৰ প্ৰদেশৰ চৰাই নাহৰৰাই , মহাদহা, আৰু দমদমা, ৰাজস্থানৰ বাগৰ, মধ্যযুগৰ বা মধ্যপ্ৰদেশৰ ভীমবেতকা আৰু ধানচোৰা আদি ঠাইৰ পৰা মধ্যপ্ৰস্তৰ যুগৰ এনে প্ৰমাণ পোৱা গৈছে । চৰাই নাহৰৰাইত মানৱ সমাধিসমূহ আৱাসিক অঞ্চলতে পোৱা গৈছে আৰু পশ্চিমৰ পৰা পূৱমুৱাকৈ এইবোৰ সমাধিস্থ কৰা হৈছিল । সংকালসমূহৰ সোঁ-বাও হাত উদৰৰ ওপৰত ৰাখি মৰাশবোৰ সমাধিস্থ কৰা হৈছিল । সমাধিৰ ভিতৰত সুক্ষ্ম আহিলা তথা শামুকও পোৱা গৈছিল । এই অঞ্চলৰ পৰা পুৰুষ, মহিলা, আৰু শিশুৰ ১১টা সমাধি পোৱা গৈছে । এই সমাধিৰ পৰা চাৰিটাকৈ পুৰুষ মানৱ কংকাল একেলগে উদ্ধাৰ হৈছে । 


৪। আদিম মানৱৰ পৰা আধুনিক মানৱলৈ হোৱা বিৱৰ্তনসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ আদিম মানৱৰ পৰা আধুনিক মানৱলৈ হোৱা বিৱৰ্তনে সামৰি লৈছে মানৱৰ মগজুৰ আকাৰ আৰু ক্ষমতাৰ পৰিৱৰ্তন , ৰাজহাড়ৰ পৰা নিম্নাংশৰ পৰিৱৰ্তনসহ দুই ভৰিৰে খোজ কাঢ়িব পৰা অৱস্থা, খাদ্যভ্যাস সলনিৰ সমান্তৰালকৈ দাঁতৰ গঠন আৰু থুঁতৰিৰ সমান্তৰালকৈ দাঁতৰ গঠন আৰু থুঁতৰিৰ হাড়ৰ পৰিৱৰ্তন, হাত আৰু ভৰিৰ হাড়ৰ পৰিৱৰ্তন আদি দৈহিক বিকাশৰ পৰ্যায় কেবাটাও তাৰোপৰি মানৱৰ সামাজিক আৰু সাংস্কৃতিক বিৱৰ্তনে শিলৰ আহিলা নিৰ্মাণ, সামাজিক সংগঠন , অঘৰী জীৱনৰ পৰা স্থায়ী সমাজ স্থাপন, স্থায়ী কৃষিকাৰ্ষৰ বিকাশ, চিন্তাধাৰা তথা কলাসুলভ মানসিকতা বা ভাৱ আদান-প্ৰদানৰ বাবে ভাষাৰ আৰম্ভণিৰো কেইবাটাও পৰ্যায় অতিবাহিত কৰিছে । 

মানৱকে ধৰি অন্যান্য বান্দৰ জাতীয় প্ৰাণীবোৰ প্ৰাইমেট বা নৰবান্দৰ ৰূপী এটা ডাঙ শাখাৰ অন্তৰ্গত । তাৰ ভিতৰত মানৱ হমিনিড পৰিয়ালৰ ভিতৰত পৰিছে । আনুমানিক ৬-৭ নিযুত বছৰ পূৰ্বে হমিনিড শাখা পঙ্গিডৰ পৰা পৃথক হয় আফ্ৰিকা মহাদেশত । হমিনিডবিলাক দুইভৰিৰে খোজ কাঢ়িব পাৰিছিল । মানৱৰ ক্ৰমবিকাশৰ ইতিহাসত ই এক গুৰুত্বপূৰ্ণ পক্ৰিয়া আছিল । দুই ভৰিৰ ওপৰত দণ্ডায়মান হমিনিডৰ উত্থানে ইয়াৰ শাৰীৰিক গঠনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটায় । গোটেই শৰীৰটোৰ ভৰ ভৰিয়ে লব পৰাত আৰু চলা-ফুৰাৰ বাবে হাতৰ ব্যৱহাৰ নোহোৱাত হাত আন কামত লগাব পৰা হয় । এই শ্ৰেণীৰ প্ৰাচীনতম অষ্ট্ৰালপিথেকাছ জাতৰ জীৱাশ্ম আফ্ৰিকাত উদ্ধাৰ হৈছে, যি প্ৰায় ৪.৪ নিযুতৰ পৰা ১.৮ নিযুত বছৰ পূৰ্বৰ ভিতৰত জীৱিত আছিল । এনে এক প্ৰাচীনত্ম নিদৰ্শন হল লুচী নামেৰে জনাজাত হোৱা ১৯৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডনাল্ড চি জনছনয়ে ইথিওপিয়াৰ হাডাৰৰ পৰা উদ্ধাৰ কৰা প্ৰায় ৪০ শতাংশ সম্পূৰ্ণ এক জীৱাশ্ম । অষ্ট্ৰেলপিথেকাছ শব্দটো লেটিন ভাষাৰ অষ্ট্ৰাল বা দক্ষিণ আৰু গ্ৰীক ভাষাৰ পিথেকাছ বা এপৰ পৰা উদ্ভৱ হৈছে । বিকাশ হোৱা হম প্ৰজাতিৰ তুলনাত অষ্ট্ৰালপিথেকাছৰ মগজুৰ আকাৰ সৰু আছিল । যাৰ ফলত ইয়াৰ চিন্তাশক্তি, স্মৃতিশক্তি, সীমিত আছিল । দাঁত ডাঙৰ, হনু ডাঙৰ আছিল । তাৰোপৰি হাতৰ কৰ্মদক্ষতাও সীমিত আছিল । ইয়াৰ মগজুৰ আকাৰ আছিল ৪০০-৫০০ চি.চি । অষ্ট্ৰালপিথেকাচৰ তুলনাত উন্নত প্ৰজাতিৰ হম শ্ৰেণীৰ বিকাশ আফ্ৰিকাত আনুমানিক ২.৫ নিযুত বছৰৰ আগতে ঘটিছিল বুলি কব পাৰি । লেটিন ভাষাৰ শব্দ হমৰ অৰ্থ মানুহ । এই শ্ৰেণীৰ প্ৰথম হম হেবিচিচ বা সমৰ্থবান পুৰুষে শিলৰ আহিলাৰ নিৰ্মাণ আৰু ব্যৱহাৰ কাৰ্য আৰম্ভ কৰিছিল । হম হেবিলিচৰ জীৱাশ্ম ইংলেণ্ডৰ মেৰী লিকিয়ে ১৯৬০ চনত টাঞ্জানিয়াৰ অল্ডোৱাইৰ পৰা প্ৰথম জীৱাশ্ম উদ্ধাৰ কৰে । হম হেবিলিচৰ মগজুৰ আকাৰ আছিল ৭০০ চি.চি । ইয়াৰ পৰৱৰ্তী বিকাশত হম ইৰেক্টাছ বা থিয় হৈ থকা পুৰুষৰ জীৱাশ্ম পূৱ আফ্ৰিকাত প্ৰায় ১.৭ নিযুত বছৰৰ আগতে উদ্ধাৰ হৈছে । অনুমান কৰা হৈছে যে পূৱ আফ্ৰিকাৰ পৰাই হম ইৰেক্টাছে আফ্ৰিকাৰ আন ঠাই তথা এছিয়া আৰু ইউৰোপলৈ প্ৰব্ৰজন কৰিছিল । হম ইৰেক্টাছৰ বিকাশৰ বহু আগতে আদিম মানৱ প্ৰজাতি দুই ভৰিৰ ওপৰত দণ্ডায়মান হয় যদিও তেওঁলোকৰ শাৰীৰিক বৈশিষ্ট্য বান্দৰৰ পৰা বৰ বেছি পৃথকো নাছিল । কিন্তু হম ইৰেক্টাচৰ বিকাশে প্ৰায় ২ নিযুত বছৰৰ আগতে আধুনিক মানৱৰে সাদৃশ্য থকা বহুতো শাৰীৰিক বৈশিষ্ট্য কঢ়িয়াই আনে । এওলোকেই আছিল প্ৰথম মানৱ প্ৰজাতি যি আধুনিক মানৱৰ দৰে দুই ভৰিৰে অধিক জোৰেৰে দৌৰিব পাৰিছিল, জুইৰ ব্যৱহাৰ আৰু নিৰ্দিষ্ট শিলৰ আহিলা নিৰ্মাণৰ সৈতে অভ্যস্ত আছিল আৰু আফ্ৰিকাৰ পৰা বহিঃবিশ্বলৈ প্ৰসাৰিত হৈছিল । হম চেপিয়েন্সৰ তুলনাত প্ৰায় ৭০ শতাংশ মগজুৰ আকাৰৰ অধিকাৰী আছিল হম ইৰেক্টাছ । ইয়াৰ মগজুৰ আকাৰ আছিল ৯০০-১১০০ চি.চি । হম ইৰেক্টাছৰ পুৰাতাত্ত্বিক প্ৰমাণ আফ্ৰিকা, ইউৰোপ আৰু এছিয়া জাভা, ফিলিপাইনচ, ভাৰত পাকিস্থান, ইন্দোনেচিয়া আদি অঞ্চলত উদ্ধাৰ হৈছে । ১৮৯০ চনত হলেণ্ডৰ ইউজিনি ডুবইচয়ে পোন প্ৰথমবাৰৰ বাবে জাভাৰ পৰা এই জীৱাশ্ম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । সেইদৰে ইউৰোপৰ পৰা উদ্ধাৰ হোৱা প্ৰাচীনতম আদি মানৱ নিয়েণ্ডাৰ্থেল বা হম নিয়েণ্ডাৰ্থেলেনচিচয়ে প্ৰায় ২,৫০,০০০ বছৰৰ আগতে পৃথিৱীত আত্মপ্ৰকাশ কৰিছিল । এই শ্ৰেণীৰ আদি মানৱৰ জীৱাশ্ম প্ৰথম ১৮৫৯ চনত জাৰ্মানীৰ ডুচেলডৰ্ফ নামৰ কাষৰীয়া নিয়েণ্ডাৰ্থেল উপত্যকাৰ পৰা উদ্ধাৰ হৈছিল । আধুনিক মানৱৰ তুলনাত নিয়েণ্ডাৰ্থেল মানৱৰ ভৰি চুটি আৰু ডাঙৰ শৰীৰৰে গাঁঠলু আকৃতিৰ আছিল হমিনিড পৰিয়ালৰ ভিতৰত তেওঁলোক আটাইতকৈ বেছি মস্তিস্কৰ আকাৰৰ অধিকাৰী আছিল । হম নিয়েণ্ডাৰ্থেলেনচিচে আফ্ৰিকাৰ পৰা ইউৰোপ , বেলজিয়াম, ইংলেণ্ড হলেণ্ড, স্পেইন, ৰাচিয়া গ্ৰীচ ইত্যাদি । হম চেপিয়েঞ্চ বা জ্ঞানী পুৰুষৰ ৰূপত আধুনিক মানৱৰ বিকাশ হয় আফ্ৰিকা মহাদেশত আনুমানিক ১,৮৫,০০০ ৰ পৰা ১,৫০,০০০ বছৰৰ আগতে । হম চেপিয়েঞ্চ শব্দটোৰ জনক হল চুইডেনৰ কাৰ্ল লিনায়াছ । 



Author- Ali rani kakati





Post ID: DABP005290