ভাৰতীয় ইতিহাসৰ পুনৰ্গঠন 

প্ৰথম অধ্যায়

অতি চমু প্ৰশ্নঃ

১। সমলসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ সমলসমূহক তিনিটা ভাগত ভগাব পাৰি যেনে ঃ

ক) প্ৰত্নতাত্ত্বিক সমল ।

খ) সাহিত্যিক সমল ।

গ) বিদেশী পৰ্যটকৰ টোকা । 


২। প্ৰয়োজনীয়তা আৰু প্ৰায়োগিকতা অনুযায়ী প্ৰত্নতত্বক কেইটা শিতানত ভাগ কৰিব পাৰি ।

উত্তৰঃ প্ৰয়োজনীয়তা আৰু প্ৰায়োগিকতা অনুযায়ী প্ৰত্নতত্বক চাৰিটা শিতানত ভাগ কৰিব পাৰি ।


৩। এজন নৱজাগৰণীয় মানৱতাবাদী ইতিহাসবিদৰ নাম লিখা ।

উত্তৰঃ এজন নৱজাগৰণীয় মানৱতাবাদী ইতিহাসবিদৰ নাম হল ফ্লাভিঅ বায়নড" ।


৪। প্ৰত্নতাত্বিক সমলসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ প্ৰত্নতাত্বিক সমলসমূহক তিনিটা ভাগত ভগাব পাৰি। যেনে ঃ খননকাৰ্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষ, অভিলেখ আৰু মুদ্ৰা । 


৫। এছিয়াটিক ছ'চাইটী অৱ বেংগল কেতিয়া স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৭৭৪ খ্ৰীঃত এছিয়াটিক ছ'চাইটী অৱ বেংগল স্থাপন কৰা হৈছিল ।


৬। এছিয়াটিক সন্থাৰ এজন ইতিহাসবিদৰ নাম লিখা ।

উত্তৰঃ এছিয়াটিক সন্থাৰ এজন ইতিহাসবিদৰ নাম হল ৰাজেন্দ্ৰলাল মিশ্ৰ ।


৭। প্ৰত্নতত্ত্ব নামৰ বিভাগটোৰ এটা সুকীয়া ভাষা কিমানত চনত প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ প্ৰত্নতত্ব নামৰ বিভাগটোৰ এটা সুকীয়া শাখা ১৯০৩ খ্ৰীঃত প্ৰতিষ্ঠা কৰা হৈছিল ।


৮। মহম্মদ গজনীৰ সৈতে অহা মুছলমান ইতিহাসবিদজনৰ নাম কি আছিল ।

উত্তৰঃ মহম্মদ গজনীৰ সৈতে অহা মুছলমান ইতিহাসবিদজনৰ নাম হল আলবেৰুণী ।


৯। তাম্ৰযুগৰ প্ৰত্নতাত্বিক ক্ষেত্ৰ উদ্ধাৰ হোৱা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ তাম্ৰযুগৰ প্ৰত্নতাত্বিক ক্ষেত্ৰ উদ্ধাৰ হোৱা দুখন ঠাইৰ নাম হল 

ক) গংগা-যমুনা অৱবাহিকা ।

খ) মধ্যভাৰত ।


১০। ভাৰতৰ মূল প্ৰত্নতাত্বিক খননক্ষেত্ৰ হোৱা এখন ঠাইৰ নাম লিখা ।

উত্তৰঃ ভাৰতৰ মূল প্ৰত্নতাত্বিক খননক্ষেত্ৰ হোৱা এখন ঠাইৰ নাম হল 

ক) বিহাৰৰ ৰাজগড় ।


১১। প্ৰত্নতাত্বিক খননকাৰ্যৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা বৃটিছ বিষয়াজনৰ নাম কি ।

উত্তৰঃ প্ৰত্নতাত্বিক খননকাৰ্যৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা বৃটিছ বিষয়াজনৰ নাম হল আলেকজেণ্ডাৰ কানিংহাম । 


১২। কিমান খ্ৰীঃত আমেৰিকাত মুদ্ৰা সমাজৰ প্ৰতিষ্ঠা হৈছিল ।

উত্তৰঃ ১৮২৬ খ্ৰীঃত আমেৰিকাত মুদ্ৰা সমাজৰ প্ৰতিষ্ঠা হৈছিল  ।


১৩। মুদ্ৰাবিষয়ৰ অধ্যয়নক কেইটা শিতানত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ মুদ্ৰাবিষয়ৰ অধ্যয়নক তিনিটা শিতানত ভাগ কৰিব পাৰি যেনে 

ক) এক্স'নুমিয়া ।

খ) ন'টাফালি ।

গ) স্ক্ৰীণফিলি ।


১৪। কিমান খ্ৰীঃত আলেকজেণ্ডাৰে ভাৰতবৰ্ষ অধিকাৰ কৰি জয় কৰিছিল ।

উত্তৰঃ ৩২৬ খ্ৰীত আলেকজেণ্ডাৰে ভাৰতবৰ্ষ অধিকাৰ কৰি জয় কৰিছিল । 


১৫। আলেকজেণ্ডাৰে ভাৰতবৰ্ষ জয়ৰ স্মৃতি হিচাপে প্ৰচলন কৰা দুবিধ মুদ্ৰাৰ নাম লিখা । 

উত্তৰঃ আলেকজেণ্ডাৰে ভাৰতবৰ্ষ জয়ৰ স্মৃতি হিচাপে প্ৰচলন কৰা দুবিধ মুদ্ৰাৰ নাম হল 

ক) ডেকাড্ৰাম 

খ) টেট্ৰাডাম । 


১৬। পুৰালেখ বিদ্যা মানে কি ?

উত্তৰঃ পুৰালেখ বিদ্যা মানে হল প্ৰাচীন অনুদানসমূহ অধ্যয়ন কৰা পদ্ধতি । 


১৭। প্ৰাচীন অভিলেখ বা গ্ৰন্থসমূহ কি ভাষাত লিখা হৈছিল ।

উত্তৰঃ প্ৰাচীন অভিলেখ বা গ্ৰন্থসমূহ সংস্কৃত আৰু প্ৰাকৃত ভাষাত লিখা হৈছিল । 


১৮। ভাৰতীয় ইতিহাসক প্ৰতিফলিত কৰা দুখন শিলালিপিৰ নাম লিখা ।

উত্তৰঃ ভাৰতীয় ইতিহাসক  প্ৰতিফলিত কৰা দুখন শিলালিপিৰ নাম হল 

ক) আইহ'ল শিলালিপি ।

খ) হাতীগুম্ফা শিলালিপি ।


১৯। জুনাগড় শিলালিপিখন কোনে লিখিছিল ।

উত্তৰঃ প্ৰথম ৰুদ্ৰদমনে জুনাগড় শিলালিপিখন লিখিছিল । 


২০। সাহিত্যিক সমলক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ সাহিত্যিক সমলক দুটা ভাগত ভাগ কৰিব পাৰি যেনে 

ক) ধৰ্মীয় সাহিত্য

খ) ধৰ্মনিৰপেক্ষ সাহিত্য ।


২১ । ভাৰতীয় সাহিত্যৰ বিকাশ কেনেকৈ কৈছিল ।

উত্তৰঃ চাৰিখন বেদক কেন্দ্ৰ কৰি প্ৰাচীন ভাৰতীয়  সাহিত্যৰ বিকাশ হৈছিল ।


২২। মহাকাব্য কেইখন আৰু কি কি ।

উত্তৰঃ মহাকাব্য দুখন 

ক) ৰামায়ণ 

খ) মহাভাৰত ।


২৩। ঋকবেদৰ সময়কাল কিমান ।

উত্তৰঃ ঋকবেদৰ সময়কাল খ্ৰীষ্টপূৰ্ব ১৬ ৰ পৰা ১২ লৈকে বুলি ধৰিব পাৰি ।


২৪। বেদৰ আন এটা নাম কি ।

উত্তৰঃ বেদৰ আন এটা নাম হল শ্ৰুতি ।


২৫। আটাইতকৈ পুৰণি বেদখনৰ নাম কি ।

উত্তৰঃ আটাইতকৈ পুৰণি বেদখনৰ নাম হল ঋকবেদ ।


২৬। যজুৰবেদত কিমান অধ্যায় আৰু কিমান মন্ত্ৰ আছে ।

উত্তৰঃ যজুৰবেদত ৪০ টা অধ্যায় আৰু ২০০০ মন্ত্ৰ আছে ।


২৭। বেদাংগসমূহ কেতিয়া ৰচনা কৰা হৈছিল ।

উত্তৰঃ আনুমানিক খ্ৰীষ্টপূৰ্ব ৬০০-২০০ ভিতৰত বেদাংগসমূহ ৰচনা কৰা হৈছিল ।


২৮। বেদাংগ কেইখন আৰু কি কি ।

উত্তৰঃ বেদাংগ ৬ খন সেইকেইখন হল 

ক) শিক্ষা, খ) কল্প, গ) ব্যাকৰণ ,ঘঃ নিৰুক্ত, ঙ) ছন্দ) আৰু চ) জ্যোতিষ ।


২৯। সামবেদৰ ব্ৰাহ্মণ কি কি ।

উত্তৰঃ সামবেদৰ ব্ৰাহ্মণ হল পঞ্চবিংশ, তাণ্ডৱ, আৰু জৈমিনী । 


৩০। অৰ্থববেদৰ এখন উল্লেখযোগ্য ব্ৰাহ্মণৰ নাম লিখা ।

উত্তৰঃ অৰ্থববেদৰ এখন উল্লেখযোগ্য ব্ৰাহ্মণৰ নাম হল গোপথ ব্ৰাহ্মণ ।


৩১। ঋকবেদৰ উল্লেখযোগ্য ব্ৰাহ্মণসমূহ কি কি ।

উত্তৰঃ ঋকবেদৰ উল্লেখযোগ্য ব্ৰাহ্মণসমূহ হল 

ক) কৌশিতিকী 

খ) ঐতেৰিয় 

গ) তৈতেৰিয় আৰু শতপথ ব্ৰাহ্মণ ।


৩২ । উপনিষদৰ আক্ষৰিক অৰ্থ কি ।

উত্তৰঃ উপনিষদৰ আক্ষৰিক অৰ্থ হল কাষতে বহা ।


৩৩। কেইখনমান অতি উল্লেখযোগ্য উপনিষদৰ নাম লিখা ।

উত্তৰঃ কেইখনমান অতি উল্লেখযোগ্য উপনিষদৰ নাম হল 

ক) কেন, খ) কাথ, গ) মুণ্ডুক্য, ঘ) চান্দোগ্য । 


৩৪। বেদ কেইখন আৰু কি কি ।

উত্তৰঃ বেদ চাৰিখন সেইকেইখন হল 

ক) ঋকবেদ ।

খ) সামবেদ ।

গ) যৰ্জুৰবেদ ।

ঘ) অৰ্থৱবেদ ।


৩৫। সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ সাহিত্য তিনিপ্ৰকাৰৰ যেনে 

ক) ব্ৰাহ্মণ্যবাদী সাহিত্য ।

খ) জৈনসাহিত্য ।

গ) বৌদ্ধ সাহিত্য । 


৩৬। পানিনিৰ বিখ্যাত ব্যাকৰণ গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ পানিনিৰ বিখ্যাত ব্যাকৰণ গ্ৰন্থখনৰ নাম হল অষ্টাধ্যায়ী ।


৩৭। আৰ্যসকলৰ ধৰ্মীয় সাহিত্যৰ এখন অন্যতম গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ আৰ্যসকলৰ ধৰ্মীয় সাহিত্যৰ এখন অন্যতম গ্ৰন্থৰ নাম হল স্মৃতিসমূহ ।


৩৭। ভাৰতবৰ্ষৰ প্ৰথমখন স্মৃতি -সাহিত্যৰ নাম লিখা ।

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথমখন স্মৃতি সাহিত্যৰ নাম হল মনুস্মৃতি ।


৩৮। মনুস্মৃতি গ্ৰন্থখন কেতিয়া ৰচনা কৰা হৈছিল । 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২০০ আৰু ২০০ খ্ৰীষ্টাব্দৰ মাজত মনুস্মৃতি গ্ৰন্থখন ৰচনা কৰা হৈছিল । 


৩৯। বাল্মিকীয়ে ৰচনা কৰা মহাকাব্যখনৰ নাম কি ।

উত্তৰঃ বাল্মিকীয়ে ৰচনা কৰা মহাকাব্যখনৰ নাম হল ৰামায়ণ ।


৪০। বেদব্যাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আছিল ।

উত্তৰঃ বেদব্যাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম আছিল মহাভাৰত । 


৪১। মহাভাৰতৰ পুৰণা নাম কি ।

উত্তৰঃ মহাভাৰতৰ পুৰণা নাম হল যৱসংহিতা ।


৪২।  মহাভাৰতত কিমানটা শ্লোক আছিল বুলি ধাৰণা কৰা হৈছিল ।

উত্তৰঃ মহাভাৰতত ৮,৮০০ টা শ্লোক আছিল বুলি ধাৰণা কৰা হৈছিল । 


৪৩। বৌদ্ধ ধৰ্মৰ প্ৰধান গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  বৌদ্ধ ধৰ্মৰ প্ৰধান গ্ৰন্থখনৰ নাম হল ত্ৰিপিটক । 


৪৪। পালি ভাষাত ৰচনা কৰা দুখন বৌদ্ধগ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ পালি ভাষাত ৰচনা কৰা দুখন বৌদ্ধগ্ৰন্থৰ নাম হল  

ক) মহাবংশ 

খ) দ্বীপবংশ ।

৪৫। সংস্কৃত ভাষাত লিখা এখন বৌদ্ধগ্ৰন্থৰ নাম লিখা । 

উত্তৰঃ সংস্কৃত ভাষাত লিখা এখন বৌদ্ধগ্ৰন্থৰ নাম হল দিব্যদান ।


৪৬। বৌদ্ধদৰ্শনৰ তাত্ত্বিক জ্ঞান সম্বলিত এখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ বৌদ্ধদৰ্শনৰ তাত্ত্বিক জ্ঞান সম্বলিত এখন গ্ৰন্থৰ নাম হল মিলিন্দ পনহ । 


৪৭। জৈন সাহিত্যসমূহক একগোট কৰি কি সাহিত্য বুলি কোৱা হয় ।

উত্তৰঃ জৈন সাহিত্যসমূহক একগোট কৰি আগম সাহিত্য বুলি কোৱা হয় ।


৪৮ । বিশাখাদত্তই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ বিশাখাদত্তই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল মুদ্ৰাৰাক্ষস ।


৪৯ । মহাকবি কালিদাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ মহাকবি কালিদাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল মালবিকা অগ্নিমিত্ৰম ।


৫০ । কামান্দকে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ কামান্দকে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল নীতিসাৰ । 


৫১। বিশাখাদত্তই ৰচনা কৰা আন এখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ বিশাখাদত্তই ৰচনা কৰা  আন এখন গ্ৰন্থৰ নাম হল দেবীচন্দ্ৰগুপ্তম ।


৫২। দণ্ডিনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ দণ্ডিনে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল দশকুমাৰ চৰিত ।


৫৩। বিলহনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ বিলহনে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল বিক্ৰমাংকদেৱ চৰিত ।


৫৪ । জয়সিঙে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ জয়সিঙে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল কুমাৰপাল চৰিত । 


৫৫। মেগাস্থেনিচে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ মেগাস্থেনিচে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল ইণ্ডিকা । 


৫৬। বিষ্ণুগুপ্ত কোন আছিল ।

উত্তৰঃ বিষ্ণুগুপ্ত মোগল সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা আৰু প্ৰধানমন্ত্ৰী আছিল । 


৫৭। হিৰডটাছে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম  কি ।

উত্তৰঃ হিৰডটাছে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম হল হিষ্টৰিকা ।


চমু প্ৰশ্ন ঃ 

১। প্ৰাচীন ভাৰতীয় অভিলেখসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ প্ৰাচীন ভাৰতীয় অভিলেখসমূহক আঠটা ভাগত ভগোৱা হৈছে ।

ব্যৱসায়িক, ধৰ্মীয় তথা উপদেশসূচক, প্ৰশস্তিমূলক, প্ৰশাসনিক, দানমূলক, সোঁৱৰণীমূলক, আৰু সাহিত্যিক । 


২। কিমান খ্ৰীঃত আৰু কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতবৰ্ষলৈ আহিছিল ।

উত্তৰঃ ৩৯৯ খ্ৰীঃত আৰু মৌৰ্য সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ফাহিয়ান ভাৰতবৰ্ষলৈ আহিছিল । 


৩। হিউৱেন চাং কিমান খ্ৰীত আৰু কাৰ ৰাজত্বকালত ভাৰতবৰ্ষলৈ আহিছিল ।

উত্তৰঃ হিউৱেন চাং ৬৬৩ খ্ৰীঃত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত ভাৰতবৰ্ষলৈ আহিছিল ।


৪। হিউৱেন চাঙে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ হিউৱেন চাঙে লিখা গ্ৰন্থখনৰ নাম হল চি.ইউ.কি ।


৫। জুই কোনে আৱিস্কাৰ কৰিছিল ।

উত্তৰঃ আদিম মানুহে জুই আৱিস্কাৰ কৰিছিল । 


৬। বৈদিক কৃষি প্ৰণালীত আৱিস্কাৰ হোৱা এবিধ কৃষি প্ৰযুক্তিৰ নাম লিখা । 

উত্তৰঃ বৈদিক কৃষি প্ৰণালীত আৱিস্কাৰ হোৱা এবিধ কৃষি প্ৰযুক্তিৰ নাম হল  নাঙল ।


৭। প্ৰাচীন ভাৰতৰ এজন দাৰ্শনিকৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন ভাৰতৰ এজন দাৰ্শনিকৰ নাম হল আৰ্যভট্ট ।


৮। আৰ্যভট্টৱে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আৰু ইয়াত কেইটা স্তৱক আছে ।

উত্তৰঃ আৰ্যভট্টৱে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল আৰ্যভট্টীয় আৰু ইয়াত ১২১ টা স্তৱক আছে ।


৯। আৰ্যভট্টৰ দুজন উত্তৰসূৰীৰ নাম  লিখা ।

উত্তৰঃ আৰ্যভট্টৰ দুজন উত্তৰসূৰীৰ নাম হল বৰাহমিহিৰ আৰু ব্ৰহ্মগুপ্ত ।


১০। মধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে প্ৰথমে ব্যাখ্যা আগবঢ়োৱা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ মধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা ব্যক্তিজনৰ নাম হল বৰাহমিহিৰ । 


১১। বৰাহমিহিৰৰ শ্ৰেষ্ঠ অৱদান কি আছিল ।

উত্তৰঃ বৰাহমিহিৰৰ শ্ৰেষ্ঠ অৱদান আছিল পঞ্চসিদ্ধান্ত । 


১২। বৰাহমিহিৰৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ বৰাহমিহিৰৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হল সূৰ্যসিদ্ধান্ত । 


১৩। বৰাহমিহিৰৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ বৰাহমিহিৰৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম হল 

ক) বিবাহ পটিল ।

খ) বৃহজ্জাতক ।

গ) লঘুজাতক । 


১৪। ব্ৰহ্মস্ফুটত কিমান শ্লোক আৰু অধ্যায় আছে ।

উত্তৰঃ  ব্ৰহ্মস্ফুটত ১০০০টা শ্লোক আৰু ১০টা অধ্যায় আছে ।


১৫। ভাৰতীয় চিকিৎসা পদ্ধতিক কি হিচাপে জনা যায় ।

উত্তৰঃ ভাৰতীয় চিকিৎসা পদ্ধতিক আৰ্য়ুবেদ হিচাপে জনা যায় ।


১৬। ভাৰতীয় চিকিৎসা বিজ্ঞানৰ নেতৃস্থানীয় এজন গৱেষকৰ নাম লিখা ।

উত্তৰঃ ভাৰতীয় চিকিৎসা বিজ্ঞানৰ এজন নেতৃস্থানীয় গৱেষকৰ নাম লিখা ।


১৭। চৰক সংহিতা কোনে ৰচনা কৰিছিল ।

উত্তৰঃ চৰক নামৰ এজন নেতৃস্থানীয় গৱেষকে চৰক সংহিতা ৰচনা কৰিছিল ।


১৮। চৰকৰ উত্তৰসুৰীজনৰ নাম কি ।

উত্তৰঃ চৰকৰ উত্তৰসুৰীজনৰ নাম হল সুশ্ৰুত ।


১৯। ভাৰতীয় শল্য চিকিৎসাৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় ।

উত্তৰঃ ভাৰতীয় শল্য চিকিৎসাৰ  পিতৃপুৰুষ বুলি সুশ্ৰতক কোৱা হয় ।


২০। সুশ্ৰুত সংহিতা কোনে ৰচনা কৰিছিল ।

উত্তৰঃ সুশ্ৰুত নামৰ শল্য চিকিৎসাৰ ব্যক্তিজনে সুশ্ৰুত সংহিতা ৰচনা কৰিছিল ।


২১। প্ৰাচীন ভাৰতৰ ভৌগলিক বিভাজনক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ প্ৰাচীন ভাৰতৰ ভৌগলিক বিভাজনক পাচটা ভাগত ভাগ কৰিব পাৰি যেনে 

ক) হিমালয় পাৰ্বত্য অঞ্চল ।

খ) সিন্ধু উপত্যকা ।

গ) গঙ্গা উপত্যকা ।

ঘ) পূৱ, পশ্চিম আৰু মধ্য ভাৰত ।

ঙ) উপকুলৱৰ্তী অঞ্চল । 


২২। ইণ্ডিয়া বা ইন্দাছ নামটো কৰ পৰা অহা ।

উত্তৰঃ ইণ্ডিয়া বা ইন্দাছ নামটো সিন্ধু নদীৰ পৰা অহা ।


২৩। প্ৰাচীন ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ প্ৰাচীন ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানক পাচটা ভাগত ভাগ কৰা হৈছে ।

যেনে ঃ  ক) উত্তৰাপথ বা উদীচ্য--- এই অংশত উত্তৰ আৰ্যবত আৰু উত্তৰ-পশ্চিম ভাৰতৰ অঞ্চলবোৰ অন্তৰ্ভূক্ত আছিল ।

খ) মধ্যাদেশ --- গংগা , যমুনা উপত্যকাক সামৰি বিস্তৃত ভূ-খণ্ড ।

গ) অপৰান্ত বা প্ৰতীচ্য --- পশ্চিম ভাৰত । 

ঘ) পূৰ্বদেশ বা প্ৰাচ্য --- পূৱ ভাৰত ।

ঙ) দক্ষিণাপথ ---- দাক্ষিণাত্য বা দক্ষিণ  ভাৰত 

২৪। সিন্ধু নদীৰ উপনদীসমূহ কি কি ।

উত্তৰঃ সিন্ধু নদীৰ উপনদীসমূহ হল ঋিলাম, চন্দ্ৰভাগা, ইৰাৱতী, বিপাশা  আৰু শতদ্ৰু । 


ৰচনাধৰ্মী প্ৰশ্নঃ 

১। প্ৰত্নতাত্ত্বিক সমলৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক সমলসমূহৰ বিশেষ ভূমিকা আছে । ভাৰতৰ বিভিন্ন ঠাইত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱাউপকৰণসমূহ, মঠ-মন্দিৰৰ ধ্বংসাৱশেষ ইত্যাদিৰ মাধ্যমেদি প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস বিশদভাৱে আলোচনা কৰিব পাৰি । অন্যান্য সমলবোৰৰ তুলনা ইতিহাস অধ্যয়নৰ বাবে প্ৰত্নতাত্ত্বিক সমল নিৰ্ভৰযোগ্য আৰু অপৰিসীম । 

প্ৰত্নতত্ত্বৰ ধাৰণাঃ প্ৰত্নতাত্ত্বিক ধাৰণাৰ লগত প্ৰাচীন সম্পদ উদ্ধাৰ আৰু গৱেষণা, আদিম-সংস্কৃতিৰ আলোচনা আৰু অধ্যয়ন, জৈৱ-অজৈৱ সমলবোৰৰ অধ্যয়নৰ দ্বাৰা আদিম সভ্যতা বিশেষৰ ঐতিহাসিক তত্ত্ব উদ্ধাৰৰ পথ অন্বেষণ কৰা যায় । 

প্ৰয়োজনীয়তা আৰু প্ৰায়োগিকতা অনুসৰি প্ৰত্নতাত্ত্বিক সমলক চাৰিটা ভাগত ভাগ কৰিব পাৰি যেনেঃ

ক) ঐতিহাসিক, খ) নৃতাত্ত্বিক, গ) পৰীক্ষামূলক প্ৰত্নতত্ত্ব আৰু ঘ) পুৰাতত্ত্ব বিজ্ঞান । 

এই প্ৰতিটো বিভাগৰ অগ্ৰগতিত বিজ্ঞানৰ অৱদান মন কৰিবলগীয়া আছিল। কাৰণ খনন কাৰ্যৰ আগতে বা পিছত পৰৱৰ্তী পৰ্যায়ত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু অভিযান্ত্ৰিক কৌশল প্ৰয়োগ কৰা হয় ।

প্ৰত্নতাত্ত্বিক সমলসমূহক তিনিটা ভাগত ভগাব পাৰি -- খনন কাৰ্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষ, অভিলেখ আৰু মুদ্ৰা । একেদৰে ভাস্কৰ্য আৰু প্ৰাসাদ আদিও এই শিতানত অন্তৰ্ভূক্ত ।

প্ৰত্নতাত্ত্বিক সমলসমূহৰ ভিতৰত স্থাপত্য-ভাস্কৰ্য, মুদ্ৰা, অভিলেখসমূহ আৰু সমসাময়িক লোকসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা খনন কাৰ্যত উদ্ধাৰ হোৱা সঁজুলিসমূহ উল্লেখযোগ্য ।

প্ৰাচীন ভাৰতীয় ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন ঠাইত হোৱা খনন কাৰ্যবোৰৰ বিশেষ ভূমিকা থকা দেখা যায় । উল্লেখযোগ্য যে খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা বস্তবিশেষৰ বিজ্ঞানসন্মত অধ্যয়ন, বিশেষকৈ ৰেডিঅ কাৰ্বন পদ্ধতি ব্যৱহাৰৰ দ্বাৰা এইবোৰৰ সঠিক সময় নিৰুপিত হৈ আছে । যাৰ দ্বাৰা তদানীন্তন সময়ৰ-সংস্কৃতি বা সভ্যতাৰ সন্দৰ্ভত ইতিহাসবিদসকলে উল্লেখযোগ্য বাখ্যা দাঙি ধৰিবলৈ সক্ষম হয় যত সভ্যতা বিৱৰ্তনৰ বিভিন্ন ভাগ বা স্তৰ অন্তনিৰ্হিত হৈ আছে । গতিকে বহুতো সময়ৰ নিৰ্দিষ্ট হিচাপ তাত্ত্বিকভাৱে প্ৰতিষ্ঠা কৰাত প্ৰত্নতাত্ত্বিক সমলসমূহৰ গুৰুত্ব আছিল অপৰিসীম । এই সমলসমূহে প্ৰাচীন কালছোৱাৰ সামাজিক, অৰ্থনৈতিক, ধৰ্মীয় অৱস্থাক সঠিক ৰূপত প্ৰতিপন্ন কৰে । ইয়াৰোপৰি  সমগোত্ৰীয় প্ৰত্নতাত্ত্বিক সমলবোৰৰ ভিত্তিত সভ্যতা এটাৰ ভৌগলিক বিস্তৃতিকো অনুমান কৰিব পাৰি । প্ৰাক-ঐতিহাসিক আৰু হৰপ্পা সভ্যতাৰ সন্দৰ্ভত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সমলসমূহে কি ভূমিকা গ্ৰহণ কৰিছে তাৰ দ্বাৰা সমসাময়িক সমাজব্যৱস্থাৰ বিষয়ে ইতিহাসবিদসকলে নিৰ্ভৰযোগ্য খতিয়ান বা ধাৰণা লাভ কৰিব পাৰিহে । প্ৰত্নতাত্ত্বিক সমলৰ বাহিৰে সেই সময়ৰ ঘটনাপ্ৰবাহ অধ্যয়ন কৰিবলৈ ইতিহাসবিদসকলৰ হাতত কোনো প্ৰকাৰৰ লিখিত সমল নাই । 

প্ৰাচীন ভাৰতীয় ইতিহাস পুনগঠনৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক সমলৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰিবলৈ যাওতে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ নাম অতি উল্লেখযোগ্য । পুৰাতত্ত্ববিদ চাৰ উইলিয়াম জনছ আছিল এই সন্থাৰ সূত্ৰধাৰ । তেওঁ ১৭৭৪ খ্ৰীঃত এছিয়াটিক চছাইটি অৱ বেংগল স্থাপন কৰি গোটেই ভাৰতবৰ্ষতে খনন কাৰ্যৰ মাধ্যমেৰে পুৰাতাত্ত্বিক ক্ষেত্ৰৰ আৱিস্কাৰ, সংৰক্ষণৰ ক্ষেত্ৰত মনোনিবেশ কৰিছিল । পৰৱৰ্তী সময়বোৰত এই সন্থাৰ মুখ্য বাটকটীয়াসকল আছিল ক্ৰমে জন প্ৰিঞ্চেপ, ফাৰগুচন-কানিংহাম, আৰু ৰাাজেন্দ্ৰলাল মিশ্ৰৰ দৰে বহুতো ইতিহাসবিদ । আনহাতে ব্ৰিটিছ গৱৰ্ণৰলৰ্ড কাৰ্জনৰ পৃষ্ঠপোষকতাত প্ৰত্নতত্ত্ব বিভাগ নামৰ এটা সুকীয়া শাখা ১৯০৩ খ্ৰীঃত প্ৰতিষ্ঠা কৰা হৈছিল । প্ৰাচীন কালৰে পৰা ভাৰতবাসীয়ে ইতিহাস সংৰক্ষণ কৰাৰ সন্দৰ্ভত বিশেষ কোনো আগ্ৰহ নেদেখুওৱা ধাৰণাটো বহু বিদেশী পৰিব্ৰাজকৰ টোকাত  উল্লেখ কৰা হৈ আছে । প্ৰাচীন ভাৰতৰ সমাজ সম্পৰ্কে সম্ভেদ লাভ কৰিবলৈ ইতিহাসবিদসকলে বহুক্ষেত্ৰত প্ৰাচীন যুগৰ মহাকাব্য, নিৰপেক্ষ-গ্ৰন্থৰাজি, স্তম্ভলেখ, ভ্ৰমণকাহিনী আদিৰ সহায় লোৱা পৰিলক্ষিত হয় । খনন কাৰ্যৰ দ্বাৰা যিবোৰ নগৰ, প্ৰাসাদ, ভগ্নাৱশেষ, স্থাপত্য-ভাস্কৰ্য উদ্ধাৰ হৈছে সেইকাৰণে সমসাময়িক আৰ্থ-সামাজিক অৱস্থাটোৰ বিষয়ে এটা আভাস দিব পাৰে ।  হৰপ্পা, মহেঞ্জোদাৰোৰ নগৰ নিৰ্মাণশৈলী, স্তূপ, স্তম্ভলেখ, অশোকৰ শিলালিপি , অজন্তা-ইলোৰাৰ গুহাত পোৱা চিত্ৰসমূহে সেই সময়ৰ সমৃদ্ধিশালী কলা-সংস্কৃতিক প্ৰতিনিধিত্ব কৰে । প্ৰত্নতাত্ত্বিক খনন কাৰ্ষৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰাসাদৰ ভগ্নাৱশেষ, স্থাপত্য-ভাস্কৰ্য আদিবোৰৰ ঐতিহাসিক গুৰুত্ব আছিল অতি উল্লেখনীয় । অজন্তা-ইলোৰা গুহাৰ চিত্ৰ, বুদ্ধৰ বিভিন্ন ভংগীমাৰ মূৰ্তি আদিবোৰে প্ৰাচীন ভাৰতীয় শিল্প-সমৃদ্ধি আৰু কলাৰ ক্ষেত্ৰত থকা দখল সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিছে । সাৰনাথত উদ্ধাৰ হোৱা স্থাপত্য-ভাস্কৰ্যসমূহে মৌৰ্য সম্ৰাট অশোকৰ বৌদ্ধ ধৰ্মৰ প্ৰতি আগবঢডোৱা পৃষ্ঠপোষকতা প্ৰতিপন্ন কৰিবৰ বাবে ঋাঞ্চীৰ দেওগড় মন্দিৰ আৰু কানপুৰৰ নিকটৱৰ্তী ভিতাৰাগাওঁ অৱস্থিত প্ৰত্নতাত্ত্বিক সমলবোৰে প্ৰাচীন ভাৰতীয় ঐতিহ্যক প্ৰতিনিধিত্ব কৰে । ভাৰতবৰ্ষত প্ৰাক-ঐতিহাসিক সময়ৰ যথেষ্ট প্ৰত্নতাত্ত্বিক আহিলা আৱিস্কাৰ হৈছে । এই আহিলাবোৰৰ অধিকাংশ বা বহুতো সমল প্ৰত্নপ্ৰস্তৰ যুগৰ । ইয়াৰোপৰি বেলুচিস্তান, উত্তৰ-পশ্চিম ভাৰত, গংগা-যমুনা অৱবাহিকা, মধ্যভাৰত, দাক্ষিণাত্য এই সকলো প্ৰান্ত বা  ঠাইতে লৌহযুগ, তাম্ৰযুগৰ অনেক প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ উদ্ধাৰ হৈছে । 

ভাৰতবৰ্ষৰ প্ৰাচীন নগৰবোৰত হোৱা প্ৰত্নতাত্ত্বিক খননবোৰে সমসাময়িক আৰ্থ-সামাজিক আৰু নগৰীয়া জীৱনশৈলীক উদ্ধাৰ হৈছে । ভাৰতবৰ্ষৰ মূল প্ৰত্নতাত্ত্বিক খননহোৱা ক্ষেত্ৰসমূহ হল -- বিহাৰৰ ৰাজগড়,বৈশালী, নালন্দা, বৌধগয়াপঞ্জাৱ, আৰু উত্তৰ-পশ্চিম সীমান্তৰ পছোৱা, তক্ষশীলা, মধ্যপ্ৰদেশৰ উজ্জয়িনী, সাচী, গুজৰাটৰ লংহানাজ, পাটান, আমৰেলি, উত্তৰ প্ৰদেশৰ বাৰানসী, শ্ৰৱস্তী, কৌশ্বামী, অহিচত্ৰ কাশ্মীৰৰ পৰিহাসপুৰ, অৱন্তিপুৰ, মাৰ্টাণ্ড. ।


২। মুদ্ৰাৰ বিষয়ে লিখা ।

উত্তৰঃ মুদ্ৰাৰ সংগ্ৰহ আৰু অধ্যয়ন বিষয়ক বিভাগৰ  মুদ্ৰা বিষয়ক বিদ্যা বুলি কোৱা হয় । ধাতুৰ পৰা আৰম্ভ কৰি কাগজী নোট ইয়াৰ ভিতৰত অৰ্ন্তভূক্ত । ঋণ, বিনিময় প্ৰথা, মুদ্ৰাৰ ব্যৱহাৰ আদি সকলো শিতান এই বিদ্যাই আলোচনা কৰে । মুদ্ৰাসংগহে অতি প্ৰাচীন কালৰে পৰা ৰুচি হিচাপে সমাজত স্থান লাভ কৰি আহিছিল । মুদ্ৰাবিষয়ক অধ্যয়নক তিনিটা ভাগত ভাগ কৰিব পাৰি ।

ক) এক্স নুমিয়া--- ধাতুৰ মুদ্ৰা, পদক, শিলমোহৰ, আদিৰ সংক্ৰান্তত হোৱা অধ্যয়ন ।

খ) নটাফিলি ---- কাগজী নোট সম্পৰ্কীয় অধ্যয়ন ।

গ) স্ক্ৰীপফিলি------ তহবিল আৰুঋণ পত্ৰ সম্পৰ্কীয় আলোচনা ।

মুদ্ৰাক প্ৰত্নতাত্ত্বিক উদঘাটন অন্যতম সমল হিচাপে মান্যতা দিয়া হয় । 

প্ৰাচীন ভাৰতবৰ্ষৰ এতিয়ালৈকে উদ্ধাৰ হোৱা মুদ্ৰাসমূহৰ দ্বাৰা সমসাময়িক ইতিহাস পুনবিৰ্ন্যাস সম্ভৱপৰ হৈছে । যিসকল ৰজাই এই মুদ্ৰাসমূহৰ প্ৰচলন ঘটাইছিল তেওঁলোকৰ জীৱন আৰু শাসনকাল সম্পৰ্কত এক বাস্তৱ ছবি দেখা যায় । মানৱ সভ্যতাৰ বিকাশৰ সমান্তৰালকৈ মানুহৰ প্ৰয়োজনীয়তাসমূহ বৃদ্ধি পাবলৈ ধৰাত প্ৰয়োজনীয় সা-সম্পত্তিসমূহ প্ৰথম অৱস্থাত বিনিময় প্ৰথাৰ মাধ্যমেদি পূৰাব চেষ্টা চলাইছিল । কিন্তু এই ক্ষেত্ৰত বহুতো অসুবিধাই দেখা দিয়াত বিশেষকৈ বাণিজ্য নীতিৰ সম্প্ৰসাৰণ ঘটাত লেনদেন কৰাৰ ক্ষেত্ৰত মুদ্ৰাৰ প্ৰভাৱ যথেষ্ট প্ৰভাৱ বিস্তাৰ হয় ।

গতিকে মুদ্ৰা হল মানুহৰ মনত জন্ম হোৱা যথাযোগ্য মূল্যৰ এটা ধাৰণা, যত ধাতুৰ টুকুৰাত কিছুমান বিশেষ-বিশেষ চিহ্নৰ চাব-মোহৰ মাৰি প্ৰচলন কৰা হৈছিল । প্ৰাচীন হৰপ্পা সভ্যতাত বিনিময় প্ৰথাৰ যোগেদি বেহা-বেপাৰ সংঘটিত হোৱাৰ উদাহৰণ পোৱাৰ সমান্তৰালভাৱে তৃণমূল পৰ্যায়ত কিছুমান আহত মুদ্ৰা আৰু ছীল-মোহৰ ব্যৱহাৰ কৰি বহিৰ্দেশীয় বাণিজ্য সমাপন হৈছিল । পৰৱৰ্তী বৈদিক যুগত গো-ধনক বিনিময়ৰ মাধ্যম হিচাপে বহল ৰূপত ব্যৱহাৰ হৈছিল যদিও বাণিজ্যিক দিশত ধাতুৰ মুদ্ৰা প্ৰচলনৰ বাবে সুস্পষ্ট ৰাজনৈতিক সন্থাৰ কৰ্তৃত্ব প্ৰয়োজন হোৱাত ৰাষ্ট্ৰতন্ত্ৰৰ ধাৰণা জন্ম  হল । খনন কাৰ্যৰ দ্বাৰা যিসমূহ ধতৱীয় খণ্ড-সংগ্ৰহ উদ্ধাৰ হৈছে , সেইবোৰ গৱেষণা কৰি ঐতিহাসিকসকলে তদানীন্তন পৰিৱেশ-পৰিস্থিতিৰ বিষয়ে উপযুক্ত ব্যাখ্যা আগবঢ়াব পাৰিছে । প্ৰাচীন ভাৰতৰ মুদ্ৰাৰ বিষয়ে আলোচনা কৰোতে আহত মুদ্ৰাৰ প্ৰসংগই প্ৰধান স্থান পায় । এই মুদ্ৰাবোৰ ধাতুখণ্ড গলাই তাত ছাপ মাৰি প্ৰস্তুত কৰা হয় । ইয়াত কোনো লিপ নাথাকে । তাৰ সলনি বহুতো প্ৰতীক চিহ্ন যেনে পাহাৰ, গছ-লতা, জীৱ-জন্তু, জ্যামিতিক আকৃতি থকা দেখা যায় । এই মুদ্ৰাবোৰ নিৰ্দিষ্ট ভৌগোলিক সীমাৰ মাজতহে প্ৰচলিত হয় আৰু কেৱল ভাৰতবৰ্ষতহে এই ছাপ মাৰি মোহৰ তৈয়াৰ কৰা পৰম্পৰা প্ৰচলিত আছিল । মুদ্ৰা তৈয়াৰ কৰা ধাতুসমূহ সাধাৰণতহে ৰূপ, তাম আৰু ব্ৰঞ্জৰ আছিল । পৰৱৰ্তী সময়ত পৃথক পৃথক ধাতুৰে গঢ়া মুদ্ৰাসমূহৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক গুৰুত্ব মন কৰিবলগীয়া । ইতিহাস অধ্যয়ন কৰাৰ ক্ষেত্ৰত মুদ্ৰাৰ গুৰুত্ব অতি উল্লেখযোগ্য । কাৰণ সমসাময়িক অৰ্থনৈতিক অৱস্থাৰ বিষয়ে মুদ্ৰাই যথেষ্ট ধাৰণা দিব পাৰে । ধাতুৰে নিৰ্মাণ কৰা মুদ্ৰাৰ প্ৰতিমান চাই সেই সময়ৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে অনুমান কৰিব পাৰি । ভাৰতবৰ্ষৰ লগত বিদেশী ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু সামৰিক সম্পৰ্কৰ কথা মুদ্ৰাসমূহৰ পৰাই দানিব পাৰি । খ্ৰীঃ ৩২৬ ত আলেকজেণ্ডাৰে ভাৰতবৰ্ষ অধিকাৰ কৰি জয়ৰ স্মৃতি হিচাপে ডেকাড্ৰাম আৰু টেট্টাডাম নামৰ দুবিধ মুদ্ৰাৰ প্ৰচলন ঘটায় । ইণ্ডো-বেষ্ট্ৰিয় ৰজা যেনে মিলিন্দৰ আৰু তেওঁৰ উত্তৰসুৰী ৩৩ জন শাসনকৰ্তাৰ বিৱৰণ এই সময়ত জাৰি কৰা মুদ্ৰাসমূহৰ পৰাই পাব পাৰি । এই বিদেশী শাসকসকলৰ অধীনত ভাৰতীয় মুদ্ৰাই বিশেষ  মান্যতা লাভ কৰিলে । কাৰণ তেওঁলোকে নতুনকৈ সাঁচত বা ছাব-মোহৰত কাটি মোহৰ মৰোৱা কৌশল ভাৰতত প্ৰণয়ন কৰিছিল । এই সময়ছোৱাৰ পৰাহে ভাৰতত সোণৰ মুদ্ৰা প্ৰচলন হোৱাৰ তথ্য পোৱা যায় । এই মুদ্ৰাবোৰৰ পৰা প্ৰচলনকৰ্তা ৰাজবংশ, ৰজা, প্ৰচলনৰ সময়ৰ বিষয়ে জানিব পাৰি । কুষাণ আৰু গুপ্ত শাসকসকলৰ দিনৰ বহু সংখ্যক সোণৰ মুদ্ৰা উদ্ধাৰ হোৱাটোৱে অৰ্থনৈতিক সমৃদ্ধিক দৰ্শায় কুষাণসকলে ক্ৰমে গ্ৰীক আৰু খাৰোষ্ঠী এই দ্বৈত ভাষাত তেওঁলোকৰ অভিলেখসমূহ জাৰি  কৰিছিল । মুদ্ৰাত ব্যৱহাৰ কৰা লিপিৰ ক্ষেত্ৰত ইৰাণী আৰু ভাৰতীয় লিপিহে ব্যৱহাৰ কৰিছিল । যি প্ৰসংগই কুষাণসকলৰ মাজত ভাৰতীয় ভাষাৰ চৰ্চা হোৱা বিষয়টোক সূচায় । আনহাতে পৰৱৰ্তী গুপ্ত ৰদাসকলে প্ৰচলন কৰা মুদ্ৰাৰ পৰিমাণ সৰহীয়া নহয় । এই সময়ছোৱাত কনৌজৰ শাসক হৰ্ষবৰ্দ্ধনে জাৰি কৰা মুদ্ৰাৰ লগতে চালুক্য , ৰাষ্ট্ৰকুট, প্ৰতিহাৰ আৰু পালসকলৰ কেতবোৰ মুদ্ৰা উদ্ধাৰ হৈছে । মুদ্ৰাসমূহ উদ্ধাৰ হোৱা ভৌগোলিক স্থিতিৰ পৰা ইতিহাসবিদসকলে সমসাময়িক ৰাজ্যখনৰ পৰিসীমা নিৰ্ধাৰণ কৰে । মুদ্ৰাৰ জৰিয়তে একোটা নিৰ্দিষ্ট সময়ৰ কলা, চানেকি লেখনশৈলী আৰু ধাতু গলোৱা তথা আকাৰ দিয়া কৌশলৰ বিষয়ে জানিব পাৰি । 

প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰসমূহৰ বিষয়ে জনাত মুদ্ৰা অধ্যয়নে প্ৰাথমিক বিষয় হিচাপে কাম কৰে । সেইসময়ৰ ৰাষ্ট্ৰসমূহৰ মাজত ৰাজতান্ত্ৰিক আৰু গণতান্ত্ৰিক উভয় শাসন পদ্ধতিৰে প্ৰচলন আছিল । এই সকলো ব্যৱস্থাতে বেলেগ অৰ্থনৈতিক নীতি-নিয়ম প্ৰযোজ্য হোৱাটো স্বাভাৱিক । এই সকলোবোৰ তথ্য ইতিহাসবিদসকলে মুদ্ৰা আহৰণ আৰু অধ্যয়ন পদ্ধতি প্ৰয়োগ কৰি আলোচনা কৰে ।  তাৰোপৰি মুদ্ৰা অধ্যয়নৰ দ্বাৰা সমসাময়িক সাহিত্যিক পৰ্যালোচনা সম্ভৱপৰ হৈছে । যত বিদেশী আৰু দেশীয় ভাষাৰ অমিল মিলে সাহিত্যিক সংমিশ্ৰণকে বুজায় । তাৰোপৰি মুদ্ৰা অধ্যয়নে ইতিহাসবিদসকলক বহুতো নজনা শাসকৰ বিষয়ে তথ্য যোগান ধৰে । 

মুদ্ৰাৰ দ্বাৰা প্ৰাচীন ভাৰতীয় ধৰ্মৰ বিষয়ে জানিব পাৰি । হৰপ্পা সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা আহত মুদ্ৰাবোৰে প্ৰকৃতিপূজা প্ৰতিনিধিত্ব কৰা বুজায় । উত্তৰ-পশ্চিম ভাৰতত খ্ৰীঃ প্ৰথম আৰু দ্বিতীয় শতিকাত ৰাজত্ব কৰা কুষাণসকলৰ মুদ্ৰাত গ্ৰীক, ইৰাণীয়, বৌদ্ধ আৰু হিন্দু দেৱ-দেৱীৰ প্ৰতিমূৰ্তিয়ে প্ৰাধান্য বিস্তাৰ কৰাটোৱে সেই সময়ৰ ভৌগলিক পৰিসীমাত প্ৰচলিত ধৰ্ম-বিশ্বাসক বুজায় । মুদ্ৰাক ঐতিহাসিক সমল হিচাপে আলোকপাত কৰাৰ উপৰিও এইবোৰৰ শৈল্পিক গুৰুত্বও লেখত লবলগীয়া বা অতি গুৰুত্বপূৰ্ণ । সেইদৰে টাকশালৰ কাৰিকৰসকলৰ কুশলতা, দক্ষতাও মুদ্ৰাৰ মাধ্যমেদি বুজিব পাৰি । ইণ্ডো-বেষ্ট্ৰিয় মুদ্ৰাসমূহত থকা ৰজা বা অন্যান্য দেৱ-দেৱীৰ প্ৰতিমূৰ্তিসমবহ হেলনীয়া কলাৰ এটা প্ৰখ্যাত নিদৰ্শন । 

সমুদ্ৰগুপ্তৰ বীণাবাদনৰ প্ৰতিকৃতি সম্বলিত মুদ্ৰাৰ প্ৰসংগ কলা-নিপুণতাৰ শাৰীত পৰে । সেইদৰে প্ৰাচীন ভাৰতীয় মুদ্ৰাত পোৱা বৰ্ণলেখ পদ্ধতিয়ে তেওঁলোকৰ কাৰিকৰী নিপুণতাৰ দৰ্শন । 


৩। পুৰালেখ বিদ্যাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ পুৰালেখ বিদ্যা হল প্ৰাচীন অনুদানসমূহ অধ্যয়ন কৰা এটা পদ্ধতি । গ্ৰীক শব্দ  লেখন বা অভিলেখ শব্দৰ পৰা এই বিভাগটো আৰম্ভণি হৈছে । এই  বিভাগৰ যোগেদি অভিলেখসমূহ পদ্ধতিগতভাৱে শ্ৰেণী বিভক্ত কৰি তাৰ পৰা সময়, ভাষা, অৰ্থ আৰু লিখনশৈলী উদঘাটন কৰা হয় । এখন অভিলেখৰ দৈৰ্যতা কেইশাৰীমান বাক্যৰ পৰা আৰম্ভ কৰি একোখন ডাঙৰ কলেবৰৰ পৃষ্ঠত অৱস্থিত হব পাৰে । প্ৰায়বোৰ অভিলেখে সংক্ষিপ্ত আকাৰ । এই অভিলেখসমূহ ধাতু বা শিলত খোদিত হোৱা দেখা যায় । বহুক্ষেত্ৰত মম, ভেষজ ৰঙৰ দ্বাৰাও দেৱালত অভিলেখ একোখন প্ৰস্তুত কৰা হৈছিল । 

ইতিহাস অধ্যয়ন কৰাৰ ক্ষেত্ৰত অভিলেখ একোখনক প্ৰধান সমল হিচাপে গ্ৰহণ কৰা যায় ।  প্ৰাচীন ভাৰতীয় সমাজ আৰু অৰ্থনীতিৰ ওপৰত বৈধ আৰু যুক্তিপূৰ্ণ তথ্য ইতিহাসবিদসকলে দেশখনৰ বিভিন্ন ঠাইত অৱস্থিত শিলালিপি, তাম্ৰলিপি, স্তম্ভলিপিসমূহৰ পৰা আহৰণ কৰি আহিছে । ইতিহাসবিদ ফ্লিটৰ মতে ৰাজনৈতিক, ইতিহাস, অধ্যয়নৰ বাবে অভিলেখসমূহৰ বাহিৰে আন কোনো নিৰ্ভৰযোগ্য সূত্ৰ ভাৰত উপমহাদেশত পোৱা নাযায় । সেইটো দৃষ্টিকোণৰ পৰা প্ৰাচীন ভাৰতৰ ইতিহাস উন্মেষণ কৰাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য তথ্য এই অভিলেখসমূহেই প্ৰদান কৰে । ভাৰতবৰ্ষত উদ্ধাৰ হোৱা সৰহভাগ প্ৰাচীন অভিলেখ সংস্কৃত আৰু প্ৰাকৃত ভাষাত লিখা হৈছিল । আনহাতে বিভিন্ন অঞ্চলবিশেষে ব্ৰাহ্মী আৰু খাৰোষ্ঠী ভাষা ব্যৱহাৰ কৰি লিখা বহুতো অভিলেখ পোৱা যায় । এই অভিলেখসমূহৰ পৰা সম্পূৰ্ণ শুদ্ধ আৰু গ্ৰহণযোগ্য সময় সম্পৰ্কে বস্তুনিষ্ঠ খতিয়ান লাভ কৰিব পৰা যায় । যাৰ দ্বাৰা সমকালীন ৰাজবংশ, ৰজা, সমাজ আৰু ৰাজনৈতিক অৱস্থাৰ উত্থান-পতন সন্দৰ্ভত বহুতো তথ্য লাভ কৰিব পাৰি । উদাহৰণ স্বৰূপে, অশোকৰ শাসনকালৰ বিতং তথ্য তেওঁ বিভিন্ন প্ৰান্তত স্থাপন কৰোৱা শিলালিপি, স্তম্ভলিপি, আদিবোৰকে বুজায় । সেই একেদৰে গুপ্তৰজা সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিয়ে সমসাময়িক ৰাজনৈতিক অৱস্থা, গুপ্ত সাম্ৰাজ্যৰ ভৌগোলিক বিস্তৃতিৰ আভাস দিয়ে । ভাৰতীয় ইতিহাসক প্ৰতিফলিত কৰা অন্য তেনে কেইখনমান শিলালিপিহল আইহল শিলালিপি, হাতীগুম্ফআ শিলালিপি, জুনাগড় শিলালিপি, মেহেৰুলী লৌহস্তম্ভ লিপি, মথুৰা শিলালিপি আৰু উদয়গিৰি গুহালিপি । উল্লেখযোগ্য যে ১৮৮৮ চনত প্ৰকাশ কৰা গ্ৰন্থখনৰ তৃতীয় খণ্ডত গুপ্ত বংশৰ ৰজাসকলৰ সমস্ত লিপিসমূহ সংগ্ৰহ কৰি ইয়াৰ জৰিয়তে ৰাজবংশটোৰ যথাযোগ্য সম্ভেদ প্ৰদান কৰিছে । অধ্যয়নৰ সুবিধাৰ কাৰণে প্ৰাচীন ভাৰতীয় ্ভিলেখসমূহক আঠটা ভাগত ভগোৱা হৈছে । ব্যৱসায়িক, ধৰ্মীয় তথা উপদেশমূলক, প্ৰশস্তিমূলক, প্ৰশাসনিক, দানমূলক, সোঁৱণীমূলক আৰু সাহিত্যিক । 

প্ৰাচীন ৰজাসকলে ৰাজপাটত  উঠাৰ পাছতে তেওঁৰ কাৰ্যকালত সংঘটিত হোৱা প্ৰায়বোৰ তথ্য লিপিবদ্ধ কৰিবলৈ অভিলেখসমূহ প্ৰণয়ন কৰিছিল । যত প্ৰশাসনিক আৰু যুদ্ধজয় প্ৰসংগই গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল । দেখা যায় যে ৰজাৰ গুণ গৰিমা, শৌৰ্য প্ৰকাশৰ বাবে সচৰাচৰ ৰাজ্যৰ সীমামূৰীয়া অঞ্চলবিলাকত স্তম্ভ লিপি প্ৰতিষ্ঠা কৰিছিল । তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হল । 

ক) প্ৰাচীন ভাৰতৰ ব্যৱসায়ীসকলৰ প্ৰতিপত্তি আৰু সম্পৰ্ক গ্ৰীচ, ৰোম, মেছোপটেমীয়া, চীন আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ লগত আছিল । বাণিজ্যিক পথ নিৰ্দেশনা, ৰজাঘৰীয়া অধিসূচনাসমূহ, পোতাশ্ৰয়, বাণিজ্যিক গোট, ব্যৱসায়িক গোটৰ বসতিত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ প্ৰতিষ্ঠা কৰা হৈছিল । ইয়াৰ দ্বাৰা আমদানি-ৰপ্তানিকৃত সামগ্ৰী, বিনিময় পদ্ধতি, কৰ আৰোপ, ব্যৱসায়ৰ বিধি-নিষেধজ্ঞাসমূহ সকলোৱে ভালদৰে অনুধাৱন কৰিব পাৰিছিল । স্বাভাবিকতে এনে অভিলেখসমূহে প্ৰাচীন ভাৰতৰ বাণিজ্য-নীতিৰ গতি-প্ৰকৃতি অধ্যয়নত বিশেষ তথ্য প্ৰদান কৰিছে । 

খ) প্ৰাচীন সমাজ ব্যৱস্থাত ৰজাৰ ধৰ্মই প্ৰজাৰো ধৰ্ম আছিল । আনহাতে, সৰল পদ্ধতিত সেই সময়ছোৱাত ধৰ্মীয় ৰীতি-নীতিবোৰ পালন কৰা হৈছিল আৰু এইবোৰকে তথ্যগতভাৱে সংৰক্ষণ কৰাৰ স্বাৰ্থত কদানীন্তন ৰাজবংশ তথা ৰজাসকলে প্ৰায়বোৰ স্তম্ভলিপি, শিলালিপি, তাম্ৰলিপিৰ প্ৰচলন ঘটাইছিল । উল্লেখযোগ্য যে হৰপ্পা সভ্যতাত উদ্ধাৰ হোৱা পাঠোদ্ধাৰ কৰিব নোৱাৰা তেনে বহু অভিলেখক ঐতিহাসিকে আদিম ভাৰতীয়  ধৰ্মীয় বিশ্বাসক প্ৰতিফলিত কৰা গ্ৰহণযোগ্য সমল হিচাপে চিহ্নিত কৰিব বিচাৰে । প্ৰাচীন ভাৰতৰ ধৰ্ম আৰু উপদেশমূলক বাণী প্ৰচাৰ কৰাৰ ক্ষেত্ৰত অভিলেখৰ প্ৰচলন ঘটিছিল সম্ৰাট অশোকৰ দিনত । বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে এশোকে ভাৰতবৰ্ষৰ চুকে-কোণে সীমান্তত বহুতো শিলালিপি, ক্ষুদ্ৰ শিলালিপি আৰু শৈলস্তম্ভ লিপি প্ৰতিষ্ঠা কৰিছিল ।যাৰদ্বাৰা তেওঁ ধৰ্মপ্ৰচাৰ কৰিছিল । পৰৱৰ্তী সময়তো ৰজাসকলে মঠ-মন্দিৰৰ দেৱাল, স্তূপ আদি প্ৰতিষ্ঠা কৰাৰ মাধ্যমেদি ধৰ্ম আৰু উপদেশ প্ৰচাৰ কৰা কাৰ্যত ব্ৰতী হৈছিল । অশোকৰ অভিলেখবোৰত ব্ৰাহ্মী আৰু খাৰোস্তীৰ লিপি ব্যৱহাৰ হোৱাৰ বিপৰীতে প্ৰান্তীয় কান্দাহাৰ আৰু তক্ষশীলাত উদ্ধাৰ হোৱা শিলালিপিত আৰ্মিক লিপিৰ ব্যৱহাৰ হৈছিল । 

গ) প্ৰশস্তিমূলক অভিলেখসমূহেও প্ৰাচীন ভাৰতৰ যথাযোগ্য বৰ্ণনা কৰিছে । এই শ্ৰেণীৰ অভিলেখক দুটা ভাগত ভগাব পাৰি । সম্পূৰ্ণ প্ৰশস্তিমূলক আৰু অৰ্ধপ্ৰশস্তিমূলক । সমুদ্ৰ গুপ্তৰ এলাহাবাদ শৈলস্তম্ভ লিপি প্ৰশস্তিমূলক অভিলেখৰ এটা প্ৰধান উদাহৰণ । হৰিসেনে সংস্কৃত ভাষাত ৰচনা কৰা লিখিত অভিলেখত সৰল চম্পু কাব্যশৈলী ব্যৱহাৰ কৰি ৰজাৰ শৌৰ্যগাথা বৰ্ণনা কৰা হৈছে । সেইদৰে সাতবাহন বংশৰ উল্লেখনীয় ৰজা গৌতমীপুত্ৰ শতকৰ্ণীৰ কাৰ্যকলাপ, শকৰজা নাহপানৰ লগত তেওঁৰ যুদ্ধ আৰু জয়লাভ, দাক্ষিণাত্যত  ক্ষমতা বিস্তাৰ কৰাৰ দৰে ঘটনাক্ৰমে শতকৰ্ণীৰ মাতৃ গৌতমী বালাচৰীয়ে অৰ্ধপ্ৰশস্তিমূলক নাচিক শিলালিপিত খোদিত কৰিছিল ।  সেইদৰে পৰৱৰ্তী মৌৰ্য আৰু গুপ্তযুগৰ অভিলেখসমূহৰো ভাগ দুটা -শাসন সম্পৰ্কীয় আৰু ব্যক্তিগত । শাসন সম্পৰ্কীয় প্ৰশস্তিসমূহত ৰজাৰ কৰ্মৰাজি সবিস্তাৰে বৰ্ণনা কৰা হয় । আনহাতে ব্যক্তিগত অভিলেখসমূহৰ সংখ্যা সৰহীয়া । সাধাৰণতে মন্দিৰৰ দেৱাল, মূৰ্তি আদিত স্থানীয় ভাষাত এয়া খোদিত কৰা হয় । 

ঘ) ৰাজকাৰ্য পৰিচালনাৰ বাবে জনসাধাৰণৰ মাজত দেশ দস্তুৰৰ কথা সহজে প্ৰচাৰ কৰা স্বাৰ্থত বিভিন্ন ৰজাই ৰাজ্যৰ ঠায়ে-ঠায়ে প্ৰায়বোৰ স্তম্ভলিপি, শিলালিপি, স্থাপন কৰাৰ ব্যৱস্থা আছে । মৌৰ্যবংশ, গুপ্তবংশ, চোল, পাণ্ড্য ৰজাসকলৰ এনে বহুতো অভিলেখে ইতিহাসবিদসকলক সেই সময়ৰ ৰাজনীতি, আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে টোকা প্ৰস্তুত কৰিবলৈ সুযোগ দিয়ে । 


৪। বহুমুখী সাহিত্যিক সমলসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ প্ৰাচীন ভাৰতৰ সমাজ, অৰ্থনীতি, ৰাজনীতি, আৰু আন আন শিতানবোৰ জানিবলৈ প্ৰত্নতাত্ত্বিক সমলবোৰৰ লগতে সাহিত্যৰাজিয়ে বিশেষ অৱদান আগবঢ়াইছে । মানৱ সভ্যতাই আনুমানিক খ্ৰীষ্টপূৰ্ব তৃতীয়ৰ পৰা আখৰ লিখি তথ্য সংগ্ৰহ কৰি ৰখাৰ কলা আয়ত্ব কৰে । ভাৰতবৰ্ষত সেই কৌশল আনুমানিক খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকামানৰ পৰা বিকাশ ঘটে । তাৰোপৰি সেই লেখনিসমূহৰ প্ৰত্যেককে ইতিহাস বুলি কব নোৱাৰি । ভাৰতবাসীয়ে নিজে প্ৰয়োজনীয় বুলি ভবা টোকাসমূহহে লিখি ৰাখিছিল । প্ৰাচীন কালত ভাৰতীয় ইতিহাস অধ্যয়নৰ বাবে যথোপযুক্ত সাহিত্যিক সমলৰ অভাৱ দেখা যায় যদিও সেই সময়ছোৱাত ৰচনা কৰা ধৰ্মপুস্তক, সংহিতা, শাসন, ব্যাকৰণসূহে বহুতো ঐতিহাসিক তথ্য বা যোগসূত্ৰ দাঙি ধৰে । এই সাহিত্য পোনপটীয়াভাৱে ইতিহাস নহয় । ভাৰতীয় ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত স্বকীয় ৰূপত ইতিহাস চেতনা আমদানি কৰা গ্ৰন্থখন হল কলহনৰ ৰাজতৰংগিনী । যত কাশ্মীৰৰ ইতিহাসৰ বিষয়ে আলোচনা কৰা হৈছে । প্ৰথমবাৰৰ কাৰণে ইয়াৰ মাধ্যমেদি কলহনে কাশ্মীৰৰ সামাজিক, ৰাজনৈতিক ইতিহাস তথ্যভিত্তিকভাৱে উপস্থাপন কৰি প্ৰাচীন ভাৰতৰ ইতিহাস অধ্যয়ন কৰাৰ ক্ষেত্ৰত পদক্ষেৰ হৈছিল । অতিকৈ উল্লেখযোগ্য যে প্ৰাচীন ভাৰতৰ ইতিহাস অধ্যয়নৰ বাবে ইতিহাসবিদসকলে বহলভাৱে অনা-ঐতিহাসিক সমলৰ ওপৰতো নিৰ্ভৰ কৰিবলৈ বাধ্য হয় । সাহিত্যিক সমলসমূহ মাত্ৰাধিক হোৱাত ঐতিহাসিকসকলে পুংখানুপুংখভাৱে তুলনামূলকভাৱে বা তুলনামূলক পদ্ধতিৰে এইবোৰ অধ্যয়ন কৰি প্ৰাচীন ভাৰতীয় ইতিহাসৰ ক্ষেত্ৰত এক বৈজ্ঞানিক পৰ্যালোচনা দাঙি ধৰিবলৈ সক্ষম হৈছে । গতিকে সেইকাৰণে ভাৰতীয় ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত থকা সাহিত্যিক সমলৰাজিক দুটা ভাগত ভগাব পাৰি যেনেঃ 

ক) ধৰ্মীয় সাহিত্য ।

খ) ধৰ্মনিৰপেক্ষ সাহিত্য ।

এই সাহিত্যৰাজিৰ সৰহসংখ্যাকেই সংস্কৃত ভাষাত লিখা হৈছিল যদিও পালি, প্ৰাকৃত তথা স্থানীয় ভাষাৰো ব্যৱহাৰ কৰিছিল । উদাহৰণস্বৰূপে , দাক্ষিণাত্যৰ সঙ্গম-সাহিত্যই সেই ভৌগোলিক সীমাত গঢ়ি উঠা ৰাজবংশবোৰৰ বিষয়ে তথ্যপূৰ্ণ আভাস দিয়ে । 

ক) ধৰ্মীয়-সাহিত্যঃ ধৰ্মীয় সাহিত্যৰাজিয়ে একোটা ধৰ্ম মতালম্বীৰ বিষয়ে থকা আচাৰ-নীতি, বাধা-নিষেধ, পথ বিষয়ক কথাবোৰৰ ব্যাখ্যা আগবঢ়ায় । প্ৰাচীন ভাৰতৰ ধৰ্মীয় সাহিত্যৰাজিক তিনিটা মূল বা প্ৰধান ধৰ্মমতৰ ওপৰত ভেটি কৰি ৰচিত হৈছিল, সেইবোৰ আছিল ব্ৰাহ্মণ্যবাদী সাহিত্য, জৈনসাহিত্য আৰু বৌদ্ধ সাহিত্য । 

খ) ব্ৰাহ্মণ্যবাদী সাহিত্যৰাজিঃ চাৰিখন বেদক কেন্দ্ৰ কৰিয়েই প্ৰাচীন ভাৰতীয় সাহিত্যৰ বিকাশ ঘটিছিল । ঋকবেদ, যজুৰবেদ, সামবেদ আৰু অৰ্থৱবেদৰ উপৰিও ব্ৰাহ্মণ, অৰণ্যক, উপনিষদ তথা আন দুখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰত, ১৮ খন পুৰাণ, উপপুৰাণ এই সমগ্ৰ সাহিত্যৰাজিয়ে প্ৰাচীন ভাৰতৰ ধৰ্মীয় সাহিত্যক প্ৰতিনিধিত্ব কৰিছে । 

চাৰিখন বেদৰ ভিতৰত ঋকবেদেই অতি প্ৰাচীন । ইয়াত দহটা মণ্ডল, ১০২৮ সূক্ত, ১০৫৮০ ঋষ আছে । ঋকবেদৰ সময়কাল খ্ৰীষ্টপূৰ্ব ১৬ ৰ পৰা ১২ লৈকে বুলি ধৰিব পাৰি । প্ৰাচীন ঋষি-মুনিসকলৰ বছৰ-বছৰ জোৰা অধ্যয়নৰ সাৰুৱা তত্ত্ব ইয়াত সন্নিৱিষ্ট হৈ আছে । প্ৰকৃততে বৈদিক সাহিত্যৰাজি খ্ৰীষ্টপূৰ্ব ৫০০ ৰ পাছতহে লিখিত ৰূপত প্ৰচলন হবলৈ ধৰে । ইয়াৰ পূৰ্বে সকলোৰে মুখে-মুখে পুৰুষানুক্ৰমে বেদৰ বাণীসমূহ প্ৰচলিত হৈ আহিছিল । সেইকাৰণে বেদৰ আন এটা নাম হল শ্ৰুতি । বেদক ওপৰে ওপৰে ধৰ্মগ্ৰন্থ যেন লাগিলেও ইয়াৰ মাজতে সেই সময়ৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ঘটনাক্ৰম লিখিত ৰূপত নিহিত আছে । ঋকবেদত দশ ৰজাৰ যুদ্ধ, ৰাজনৈতিক অনুষ্ঠান আৰু সভা-সমিতিৰ কাৰ্যাৱলী, সামাজিক সন্থা, কূল, ভিশ আৰু জনসমূহে কেমেদৰে সমসাময়িক আৰ্থ-সামাজিক অৱস্থাত প্ৰভাৱ পেলাইছিল ইত্যাদি তথ্যসমূহ ইয়াত উল্লেখ হৈ আছে । গতিকে সেইকাৰণে ঋকবেদ আদি বৈদিক যুগৰ সামগ্ৰিক দাপোণ স্বৰূপ বা আইনাৰ নিচিনা । 

পৰৱৰ্তী বৈদিক যুগক বাকী তিনিখন বেদ আৰু আন আন অৰণ্যক তথা উপনিষদসমূহে প্ৰতিনিধিত্ব কৰিছে । খ্ৰীষ্টপূৰ্ব ১২ আৰু ৬ শতিকাৰ মাজৰ কালছোৱাৰ এই সাহিত্যিক সমলে বিভিন্ন কোণৰ পৰা সমাজ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে । 


৫। প্ৰযুক্তিবিদ্যাৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ অভাৱেই আৱিস্কাৰৰ মূল শক্তি । মানৱজাতি  যিমানে আগুৱাই গৈছে তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰ পূৰণৰ কাৰণে বহুতো আহিলা প্ৰস্তুত কৰা প্ৰৱণতাও দিনক-দিনে বৃদ্ধি পাই আহিছে । প্ৰাথমিক পৰ্যায়ত অঘৰী জনগোষ্ঠীবোৰে খাদ্যৰ তাৰণাত এঠাইৰ পৰা  আন ঠাইলৈ ঘূৰি ফুৰোতে প্ৰয়োজনীয় সা-সজুলিবোৰ লগতে বান্ধি লৈ ফুৰিছিল । পৰৱৰ্তী সময়ত মগজুৰ বিকাশ আৰু জ্ঞান উন্মেষণ ঘটাত মানুহে সৰল গ্ৰাম্য জীৱন আৰম্ভ কৰে । যত জুই আৰু কৃষিৰ আৱিস্কাৰে প্ৰধান ভূমিকা লৈছিল । ইয়াৰ সমানে চকাৰ আৱিস্কাৰে পৰিবহণ ব্যৱস্থালৈ পৰিৱৰ্তন অনাৰ উপৰি মাটিৰ পাত্ৰ নিৰ্মাণ শৈলীৰো বিকাশ ঘটায় । গতিকে মানৱ জাতি বিকাশত জুই,কৃষি আৰু চকাৰ প্ৰভাৱ স্থায়ী হিচাপে প্ৰতিপন্ন হল ।

কষি ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰঃ ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰথম নগৰীয়া সভ্যতা হৰপ্পাত প্ৰযুক্তিবিদ্যাৰ কাৰিকৰী চমক দেখা পোৱা যায় । এই অঞ্চলবোৰৰ নগৰ নিৰ্মাণ শৈলীত বিজ্ঝান মনঃস্তত্বৰ প্ৰকাশ ঘটিছে । তদুপৰি পুৰাতাত্ত্বিক খননৰ যোগেদি উদ্ধাৰ হোৱা জোখ-মাখৰ একক, আ-অলংকাৰ, পাঠোদ্ধাৰ কৰিব নোৱাৰা লিপি, বন্দৰৰ অৱশেষবোৰে স্বাভাৱিকতে বিকশিত সভ্যতাটোত প্ৰয়োগ হোৱা প্ৰযুক্তিগত বৈশিষ্ট্যক দৰ্শায় । 

হৰপ্পা সভ্যতাৰ পূৰ্বেও মানুহে শিলৰ অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰৰ দ্বাৰা নিজৰ প্ৰাধান্য দাবী কৰিছিল । গতিকে প্ৰকৃতিৰ দ্বাৰা পৰিচালিত মানৱ সমাজত প্ৰযুক্তিগত কাৰকবোৰে বৈপ্লৱিক পৰিৱৰ্তন আনিছিল । প্ৰত্নপ্ৰস্তৰ, মধ্যপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ যুগত মানুহে প্ৰয়োজন অনুযায়ী চিকাৰৰ বাবে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰবোৰ প্ৰস্তুত কৰি লৈছিল । আদিম মানৱে সাধাৰণতে পানীৰ কাষতে বসবাস কৰি স্বাভাৱিক জিজ্ঞাসাৰ তাগিদাত পৰি বহু আহিলাৰ ব্যৱহাৰ শিকে । যিবোৰ কৃষিৰ পৰা আৰম্ভ কৰি ঘৰ নিৰ্মাণ কৰালৈকে সকলো দিশতে প্ৰয়োগ কৰিছিল । ইতিহাস ভাগ -বটোৱাৰ গতি-প্ৰকৃতি এই আহিলাবোৰৰ যোগেদি ব্যাখ্যা কৰিব পাৰি । উপৰিউক্ত শিতানবোৰ অনুকৰণ কৰি ঐতিহাসিকসকল এই সিদ্ধান্তত উপনীত হৈছে যে সমসাময়িক সমাজ ব্যৱস্থাৰ ভেটি নিৰ্মাণত প্ৰযুক্তিৰ বিকাশৰ গুৰুত্ব অসীম । যাৰ যোগেদি মানুহে প্ৰাকৃতিক দুৰ্বিধাবোৰক আতৰাই কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । যি নহওক মানুহৰ জীৱনযাত্ৰাক সহজ কৰি তুলিব পৰাকৈ মানুহে ব্যৱহাৰ কৰা সামগ্ৰীবোৰৰ মাজতে এই প্ৰযুক্তিগত চিন্তন সোমাই আছে । প্ৰথমতে শিল ব্যৱহাৰ কৰি মানুহে নানান কাম সমাধান কৰিবলৈ শিকাৰ পাছত তেওঁলোকে ধাতু ব্যৱহাৰটো সিদ্ধহস্ত হল । ধাতুৰ ব্যৱহাৰে অৰণ্যভূমি পৰিস্কাৰ কৰি তাক কৃষিক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবলৈ মানুহক আগ্ৰহ জন্মালে । প্ৰায়োগিক প্ৰযুক্তি জ্ঞানৰ চানেকী ধাতুবিদ্যা ব্যৱহাৰৰ মাজেদি প্ৰকাশ পাইছে । তাম, ব্ৰঞ্জ, আৰু শেষত লোৰ ব্যৱহাৰ আয়ত্ব কৰি ভাৰতবাসীয়ে প্ৰাচীন সভ্যতা বিকাশত নেতৃত্ব প্ৰদান কৰিছিল । যাৰ ফলত নাঙলৰ ফাল, কোদাল, খন্তিৰ দৰে প্ৰাথমিক কৃষি সঁজুলিৰ সূচনা হল আৰু কৃষি ব্যৱস্থাই গজগজীয়া ৰূপত আত্মপ্ৰকাশ কৰে । 

সিন্ধু উপত্যকাত হোৱা খনন কাৰ্যবোৰত নগৰ নিৰ্মাণৰ বাবে যে ফচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ হৈছিল সেই কথা ইয়াত কোৱা হৈছে । যত জলসিঞ্চনৰ বাবে কৃত্ৰিম বান্ধ নিৰ্মাণ কৰা হৈছিল । বহু ঐতিহাসিকে কব খোজে যে এনে একোটা বান্ধ হঠাতে ভাগি পৰাত কৃত্ৰিম বানপানীৰ কবলত পৰি চহৰ-নগৰবোৰ ধ্বংস হৈছিল । পিছৰ সময়ছোৱাত এনে বান্ধ নিৰ্মাণ প্ৰক্ৰিয়াৰ উল্লেখ কৰা আছে । সিন্ধু উপত্যকাত উদ্ধাৰ হোৱা কৃষি সজুলিৰ আৰ্হিৰ অংশ বিশেষ আৰু গৰু, ষাঁড় আদিৰ জন্তুৰ অংশ বিশেষে ইয়াকে বুজায় যে পশুপালন বা কৃষি কাৰ্ষৰ ইয়াৰ অধিবাসীসকলৰ মূল বা প্ৰধান অৰ্থনৈতিক উপাদান আছিল । 

বৈদিক যুগত নাগৰিকসকলে ধাতুৰ ব্যৱহাৰ আয়ত্ব কৰাত কৃষি সঁজুলিত সেইয়া ভালদৰে ব্যৱহাৰ কৰিবলৈ লয় । নাঙলত লোৰ ফাল ব্যৱহাৰ হবলৈ লোৱাত মাটি ভালদৰে চহাব পৰা যায় আৰু ইয়াৰ ফলত মাটিৰ উৰ্বৰতা  বৃদ্ধি পায় । কৃষি ভূমিক বেদত উৰ্বৰা অথবা ক্ষেত্ৰ হিচাপে অভিহিত কৰা হৈছে । তাৰোপৰি সাৰ প্ৰয়োগ কৰি অধিক খাদ্য উৎপাদনৰ ওপৰতো সেই সময়ত গুৰুত্ব প্ৰদান কৰা হৈছিল । পৰৱৰ্তী সময়ত বৈদিক কৃষি প্ৰণালীতে ব্যৱহাৰ হোৱা নাঙলৰ প্ৰকাৰ সন্দৰ্ভত অমৰকোষত বিস্তৃত বিৱৰণ পোৱা যায় । ইয়াত উল্লেখ থকা আহিলাসমূহ এনেধৰণৰ --- নাঙল, যুঁৱলি, মৈ, খন্তি, কোদাল, খুন্দনা, কুলা আৰু ছালনী । এই আহিলাবোৰ সাধাৰণ যেন লাগিলেও সমসাময়িক জীৱন যাত্ৰাত ইয়াৰ প্ৰাসংগিকতা সৰ্বাধিক আছিল ।


৬। জ্যোতিবিজ্ঞানৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ প্ৰাচীন ভাৰতবৰ্ষৰ ঋষিসকলে প্ৰচুৰ উদ্ভাৱনী মানসিকতাৰে কাম-কাজসমূহ সমাধান কৰিছিল । এনে মানসিক কচৰতৰ উল্লেখযোগ্য কাৰণ আছিল শূন্যৰ দৰে ধাৰণাৰ বিকাশ । মহান গণিতজ্ঞ, দাৰ্শনিক আৰ্যভট্টৰ দ্বাৰা শূন্যৰ বিকাশ ঘটি ক্ৰমে পৃথিৱীৰ আন আন ঠাইলৈয়ো বিয়পি পৰিছিল । আনহাতে দশমিকৰ ব্যৱহাৰে ভাৰতীয় গণিতশাস্ত্ৰৰ নতুন দিগন্তৰ সূচনা কৰিছিল ।  জ্যোতিবিজ্ঞানৰ ক্ষেত্ৰত আৰ্যভট্টক প্ৰাচীন ভাৰতবৰ্ষৰ এজন মহান ব্যক্তি হিচাপে গণ্য কৰিব  পাৰি । তেওঁ  ১২১ টা স্তৱক যুক্ত আৰ্যভট্টীয় নামে গ্ৰন্থ ৰচনা কৰিছিল । যত গণিত আৰু জ্যোতিবিজ্ঞানৰ গতিধাৰা সম্পৰ্কত আলোকপাত বা আলোচনা কৰা হৈছিল । গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়ৰ তেৰটা স্তৱকত গণিতশাস্ত্ৰ আলোচনা কৰা হৈছে । আৰ্যভট্টৰ উত্তৰসুৰী হল বৰাহমিহিৰ আৰু ব্ৰহ্মগুপ্ত । মধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে বৰাহমিহিৰেই প্ৰথমে ব্যাখ্যা আগবঢ়াইছিল বুলি কোৱা হয় । তেওঁৰ শ্ৰেষ্ঠ অৱদান হল পঞ্চসিদ্ধান্ত নামৰ এখন গ্ৰন্থ । যত তেওঁ সূৰ্য, পিতামহ বশিষ্ঠ, পৌলিশ্য, আৰু ৰোমক নামেৰে পাচটা সিদ্ধান্তৰ কথা কোৱা হৈছে । ইয়াৰ ভিতৰত সূৰ্যসিদ্ধান্তখনেই শ্ৰেষ্ঠ । বৰাহমিহিৰৰ অন্যান্য গ্ৰন্থসমূহ হল বৃহৎসংহিতা, বিবাহ পটল, বৃহজ্জাতক আৰু লঘুজাতক 

ব্ৰহ্মস্ফুট সিদ্ধান্ত গ্ৰন্থৰ যোগেদি ব্ৰহ্মগুপ্তৰ গণিত আৰু জ্যোতিবিজ্ঞান ধাৰণা বিস্তৃত হৈছিল । প্ৰায় ১০০০ শ্লোক সম্বলিত ব্ৰহ্মস্ফুট গ্ৰন্থত ২৪ টা বিস্তৃত অধ্যায় আছে । ভাৰতীয় জ্যোতিবিজ্ঞান আৰু গণিত চৰ্চাৰ দিশত থকা আৰম্ভ হোৱা কাৰণেই সমসাময়িক স্থাপত্য-ভাস্কৰ্যসমূহৰ নিৰ্মাণশৈলীত সূক্ষ্ম ব্যৱহাৰিকতা পৰিলক্ষিত হৈছিল । বিশেষকৈ গাণিতিক সমাধানসমূহে পোনপটীয়াভাৱে নিৰ্মাণ কাৰ্ষৰ সন্তুলনত অৰিহণা যোগাইছিল । গতিকে অভিযান্ত্ৰিক কৌশলত ভাৰতীয় গণিতৰ প্ৰত্যক্ষ অৰিহণা আছিল । 

চিকিৎসা বিজ্ঞান ঃ জ্যোতিবিজ্ঞান, সময় গণনা আদি বিষয়সমূহৰ সমান্তৰালভাৱে প্ৰাচীন ভাৰতত আয়ুৰ্বেদ চিকিৎসা , অস্ত্ৰোপ্ৰচাৰ প্ৰণালীৰ দৰে প্ৰয়োজনীয় চিন্তাৰ বিকাশ ঘটিছিল । শৰীৰত অংগ সংৰোপণৰ দৰে জটিল বিদ্যাৰ বিৱৰণ চৰক সংহিতা, সুশ্ৰুত সংহিতাত বিশদ বিৱৰণ পোৱা যায় । পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিক আৰ্য়ুবেদ হিচাপে জনা যায় । নানান ভেষজ ব্যৱহাৰ কৰি শৰীৰৰ ৰোগ নিৰাময় ব্যৱস্থা ইয়াত উল্লেখ কৰা হৈছে যদিও শল্য চিকিৎসাৰ ক্ষেত্ৰতো আৰ্য়ুবেদত গুৰুত্ব প্ৰদান কৰা হৈছে । ভাৰতীয় চিকিৎসা বিজ্ঞানৰ নেতৃস্থানীয় গৱেষক আছিল চৰক । তেওঁ খ্ৰীষ্টীয় প্ৰথম আৰু দ্বিতীয় শতিকাৰ কণিস্কৰ ৰাজসভাৰ এজন চিকিৎসক আছিল । চৰক সংহিতা তেওঁৰ উল্লেখযোগ্য ৰচনা । চৰক সংহিতাত ১২০ টা অধ্যায়ত শৰীৰ তত্ত্বৰ বিষয়ে আঠটা শিতান আলোচনা কৰা হৈছে । ইয়াত জ্বৰ, চৰ্মৰোগ , যক্ষ্মা, ফোঁহা, আদি কেনেদৰে ঔষধৰ সহায়ত নিৰাময় কৰিব পৰা যায় তাৰ ওপৰত বহুতো তথ্য আগবঢ়াইছে । চৰকৰ উত্তৰসুৰী হল সুশ্ৰুত । এওঁক ভাৰতীয় শল্য চিকিৎসাৰ পিতৃপুৰুষ বুলি কোৱা হয় । সুশ্ৰুত সংহিতা এওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ । অস্ত্ৰোপ্ৰচাৰৰ বাবে বা ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা সুশ্ৰুত সংহিতাত তিৰোতাৰ প্ৰৱস, চকু, বক্ক, নাক ,কাণ, প্ৰভৃতিৰ শল্য চিকিৎসাৰ কথা উল্লেখ কৰা আছে । ইয়াৰ মাজত বিভিন্ন প্ৰকাৰৰ তীক্ষ্ন কটাৰী, বেজী শলা, আৰু অন্যান্য পৰিস্কাৰ কৰা যত্নৰ কথা উল্লেখযোগ্য । অংগছেদন, চিলাই আৰু বেণ্ডেজ কৰালৈকে সকলো প্ৰক্ৰিয়াৰ বিশেষ বৰ্ণনা সুশ্ৰুতে দাঙি ধৰিছে । 

উপৰিউক্ত শিতানসমূহৰ যোগেদি সমসাময়িক সমাজ ব্যৱস্থাৰ ভালদৰে উপলব্ধি কৰিব পাৰি । এই অধ্যায়ত প্ৰাচীন ভাৰতৰ সময়সীমাৰ মাজত থাকি বিষয়বোৰ আলোচনা কৰা হৈছে । পৰৱৰ্তী অধ্যায়সমূহত প্ৰযুক্তিগত উন্নতিৰ বিষয়ে বহলাই আলোচনা কৰা হব । যত প্ৰাক ঐতিহাসিক মানৱ জীৱনৰ পৰা আৰম্ভ কৰি আদি প্ৰস্তৰ, মধ্যপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ যুগত কেনেবোৰ প্ৰাথমিক আহিলা, প্ৰযুক্তি ব্যৱহাৰ কৰি মানৱ সভ্যতা আগুৱাই গল তাক বৰ্ণনা কৰা হৈছে । 


৭। পৰিবেশৰ বিষয়ে লিখা ।

উত্তৰঃ মানৱ সভ্যতাৰ বিকাশত পৰিৱেশৰ অৱদান হল অমস্বীকাৰ্য । প্ৰাকৃতিক পৰিৱেশেই মানুহক পৰিৱৰ্তন হলৈ শিকাইছিল । নদী উপত্যকাৰ সাৰুৱা মাটিত শস্য উৎপাদন হোৱা দেখি মানুহে সেইবোৰ অঞ্চলত বসবাস কৰিবলৈ লোৱাৰ পৰাই নদীমাতৃক কেন্দ্ৰ কৰি সমকালীন প্ৰায়বোৰ সভ্যতাই গা-কৰি উঠে । অন্যান্য ভূ-খণ্ডৰ দৰেই ভাৰতবৰ্ষত ইয়াৰ ব্যতিক্ৰম নাছিল । যত সিন্ধু, গঙ্গা, যমুনা প্ৰভৃতি নদীসমূহক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল বিশ্বৰ ভিতৰতে লেখত লবলগীয়া কেইবাটাও সভ্যতাৰ । পৰিৱেশৰ অন্যতম উপকৰণ আছিল পানী । শস্য, বাণিজ্য, জীৱন-নিৰ্বাহত পানীৰ ভূমিকা অতি উল্লেখযোগ্য । মনু সংহিতাত পানীৰ বিষয়ে এইদৰে কোৱা হৈছে 

আপো নাৰা ইতি প্ৰোক্তা আপো ৱৈ নৰসুনৱ ঃ

তা যদস্যায়নং পুৰং তেন ৰামায়ণঃ স্মৃতঃ 

পানীৰ নৰৰূপ পৰমাত্মাৰ সন্তান । সেইকাৰণে পানীক নাৰা বুলি কোৱা হয় । সেয়া নাৰায়ণ পৰমাত্মাৰ প্ৰথম নিবাসস্থল । সেয়ে পৰমাত্মাৰ নাম নাৰায়ণ । এইদৰে প্ৰকৃতিয়ে মানৱ জাতিৰ বাবে ধৰ্ম, কলা, সংগীত, সংস্কৃতি সকলো ক্ষেত্ৰতে আধিপত্য বিস্তাৰ কৰিছে । কাৰণ জীৱ মাত্ৰেই জন্মতে প্ৰকৃতিৰ সন্তান । এই বন্ধুত্বপূৰ্ণ সমন্বয়ৰ বহু দিশ বেদ, উপনিষদ, আৰণ্যকসমূহৰ যোগেদি প্ৰকাশ পাইছে । যত ভৌগোলিক অৱস্থিতি অনুসৰি পৃথক-পৃথক হোৱা মাটিৰ গুণাগুণ, পানীৰ সোত আৰু আন আন ভূ-প্ৰাকৃতিক বিবিধতা দেখা যায় । ভাৰতবৰ্ষত পৰিলক্ষিত হোৱা ভৌগোলিক বিবিধতাৰ গাতে ভেজা দি ইয়াৰ সভ্যতাবোৰৰ বিকাশ আৰু বিনাশৰ ইতিহাসসমূহে ঐতিহাসিকসকলৰ বাবে অধ্যয়নৰ সুকীয়া দিশ নিৰ্ধাৰণ কৰিছে । 

প্ৰাকৃতিক পৰিৱেশ অঞ্চল বিশেষৰ গছসতা, তৰু-তৃণ, জীৱ-জন্তু আৰু সভ্যতাৰ ওপৰত প্ৰভাৱ পেলায় । জলবায়ুৰ দ্বাৰা প্ৰভাৱিত হোৱা সমুদায় পৰিৱেশৰ ভিতৰত উপত্যকা, নদ-নদী আৰু ঋতুকালীন জলবায়ুৰ প্ৰাধান্য উল্লেখযোগ্য । প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মৌচুমী বতাহ আৰু বৰষুণৰ প্ৰভাৱ সৰ্বাধিক । আনহাতে ভাৰতবৰ্ষৰ ঐতিহাসিক পৰ্যালোচনাত অঞ্চলভিত্তিক পৰিৱেশে উল্লেখনীয় প্ৰভাৱ পেলাইছে, যত প্ৰাকৃতিক বিভিন্নতাৰ প্ৰসংগ সৰ্বাধিক । ভাৰতবৰ্ষত চাৰিওতা ঋতুতে বিভিন্ন প্ৰাকৃতিক পৰিঘটনা উদ্ভৱ হয় । এই ঘটনা পৰিঘটনাবোৰৰ মাজত সমজাতীয় লক্ষণ পোৱা নাযায় । কাৰণ অঞ্চল  অনুসৰি পৰিৱেশত উষ্ঞতা, বতাহৰ চাপ আৰু মৌচুমীৰ প্ৰভাৱ বেলেগ । 

কৃষিভিত্তিক সমাজ ব্যৱস্থাত বৰষুণৰ গুৰুত্ব সৰ্বাধিক হোৱাটো স্বাভাৱিক । ভাৰতবৰ্ষৰ বৰ্তমান মুম্বাইৰ পৰা আৰম্ভ কৰি দক্ষিণঘাট পাৰ্বত্য অঞ্চললৈ দক্ষিণ পশ্চিম- মৌচুমী বতাহৰ প্ৰভাৱ হেতুকে মেৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত ৪,০০০ মিঃ মিঃ হাৰত বৰষুণ হয় । আনহাতে পশ্চিমঘাট পাৰ্বত্য অঢ্চলটো ইয়াৰ প্ৰভাৱ পৰা দেখা যায় । মৌচুমী বায়ুৰ প্ৰভাৱতে পূব সমুদ্ৰৱৰ্তী অঢ্চলত ৮০০ মিঃ মিঃ বৰষুণ হোৱাৰ বিপৰীতে পশ্চিমবঙ্গ আৰু উত্তৰ পূৰ্বাঞ্চলত ১৬০০ মিঃ মিঃটাৰলৈ অতিপাত বা ধাৰাসাৰে বৰষুণ হয় । উত্তৰ ভাৰতৰ দিল্লীত বাৰ্ষিক ৬০০ মিঃৰলৈ বৰষুণ হোৱাৰ বিপৰীতে পশ্চিম অঞ্চললৈ মৌচুমী বতাহৰ গতিবেগ বা প্ৰভাৱ কম হোৱাত বাৰ্ষিক মাত্ৰ ১০০ মিঃ মিঃ বা তাতোতকৈ কম বৰষুণ হয় । ফলস্বৰূপে ৰাজস্থান, গুজৰাটৰ দৰে অংশত অতিমাত্ৰা শুকান মৰুভূমিৰ পৰিৱেশ পোৱা যায় । 

ভাৰতবৰ্ষত তিনিও দিশৰ পৰা সাগৰে আগুৰি থকাৰ বিপৰীতে উত্তৰে এক শ্ৰেণী পৰ্বতমালাৰ দ্বাৰা বাকী অঞ্চলবোৰৰ পৰা বিছ্চিন্ন হৈ আছে । খ্ৰীষ্টপূৰ্ব ৩ হাজাৰ বছৰ আগতে হৰপ্পা উপত্যকাই সিন্ধু আৰু সৰস্বতী নদী উপত্যকাক কেন্দ্ৰ কৰি বিস্তৃত হৈ আছিল । তদুপৰি সিন্ধু নদীৰ প্ৰধান চাৰিখন উপনদী ঋিলাম, চেনাব, ৰবি আৰু চুটলেজ হৰপ্পা সভ্যতাৰ শ্ৰীবৃদ্ধিত বিশিষ্ট অৱদান আগবঢ়াইছিল । পশ্চিমে সিন্ধু নদীৰ লগতে ঘাগৰ-হাক্ৰা উপত্যকা আৰু হিন্দুকুশ পৰ্বতৰ  এটা অংশ সংলগ্ন কৰা হৈছে । উল্লেখ কৰা ভৌগোলিক অঞ্চল আংশিকভাৱে শুকান হোৱাত কৃষিৰ কাৰণে উপযোগী নাছিল । যি কি নহওত, উল্লেখ কৰা নদী উপত্যকাসমূহ হিমালয়ৰ পাদদেশত অৱস্থিত আৰু সেইকাৰণে তাত আকস্মিক বান বা ধুমুহা বতাহৰ পৰিমাণ বেছি আছিল । এনে বানপানীসমূহে সিন্ধু উপত্যকাৰ মাটিভাগ ফচফছীয়া আৰু সাৰুৱা কৰাত অৰিহণা যোগাইছিল । পিছে হৰপ্পা উপত্যকা পতনৰ আন কাৰণ আছিল হঠাতে হোৱা বানপানী । পানী যোগান প্ৰণালীক বিধস্ক কৰি পেলোৱাৰ লগতে গোটেই চহৰখনকে আক্ৰান্ত কৰি পেলাইছিল ।

হৰপ্পা সভ্যতা প্ৰকৃততে সিন্ধু নদীৰ সাৰুৱা আৰু উপযোগী মাটিতে জন্ম গ্ৰহণ কৰিছিল । ইয়াৰ জলবায়ু আৰু মাটি সকলো ঠাইতে একে নোহোৱাত খেতিৰ উপৰিও ইয়াৰ অধিবাসীসকলে পশুপালনত গুৰুত্ব দিছিল । যাৰ উদাহৰণ কিলিগিল মহম্মদ, ৰাণা হুণ্ডাই মেহৰগড় প্ৰভৃতি ঠাইত পোৱা যায় । 
           

Type By: Ali rani kakati 




Post ID: DABP005289