পৰিৱৰ্তনত সংস্কৃতি

 অধ্যায় ৫

চমু প্ৰশ্নউত্তৰঃ

১। 'আৰ্য' শব্দটোৰ প্ৰকৃত অৰ্থ কি?

উত্তৰঃ 'আৰ্য' শব্দটোৰ প্ৰকৃত অৰ্থ মহৎ আৰু ক্ষমতা সম্পন্ন কিন্তু ইতিহাসত ইয়াক আৰ্য ভাষা কোৱা এটা জাতিৰহে উল্লেখ আছে।


২। 'আৰ্য' মানে কি?

উত্তৰঃ 'আৰ্য' মানে উচ্চ পৰিয়ালত জন্ম গ্ৰহণ কৰাজন বা যিজন শ্ৰেষ্ঠ তেওঁৱেই আৰ্য। ভাৰতত আৰ্য শব্দটোৱে এটা জাতিক নিৰ্দেশ কৰে।


৩। ১৭৮৬ খৃঃত ছাৰ উইলিয়াম জোনচে কি মন্তব্য কৰিছিল?

উত্তৰঃ ১৭৮৬ খৃঃত ছাৰ উইলিয়াম জোনচে মন্তব্য কৰিছিল যে সংস্কৃত পাৰ্চী, গ্ৰীক ৰোম আদি ভাষাৰ মাজত সম্পৰ্ক থকাৰ মূল কাৰণ আছিল যে সেইবোৰ ইন্দো-ইউৰোপীয়ান নামৰ পিতৃমূলীয় ভাষাৰ পৰা উৎপত্তি হৈছিল। প্ৰখ্যাত পণ্ডিতসকলে দেখুৱাইছে যে হিন্দো-ইউৰোপীয়ান পৰিয়ালৰ ভাষাতো ভাৰতৰ গংগা উপত্যকা অঞ্চলৰ পৰা ইউৰোপৰ আটলান্টিক অৱবাহিকালৈ সম্প্ৰসাৰিত আছিল। সেয়ে মেক্সমুলাৰে ওপৰোক্ত মতক সমৰ্থন কৰি মন্তব্য কৰিছে যে আৰ্য আছিল ভাষাতত্ত্বৰ শব্দ আৰু ই কোনো জাতিক বুজোৱা নাছিল।


৪। আৰ্যসকলৰ আদি বাসস্থান সম্পৰ্কে বিভিন্ন স্তৰবোৰ কি কি?

উত্তৰঃ আৰ্যসকলৰ আদি বাসস্থান সম্পৰ্কে বিভিন্ন স্তৰবোৰ হৈছে-  (ক) মধ্য এছিয় তত্ত্ব, (খ) তিব্বতম তত্ত্ব, (গ) ইউৰোপীয় তত্ত্ব, (ঘ) আৰ্কটিক অঞ্চলৰ তত্ত্ব বা উত্তৰ মেৰুৰ তত্ত্ব আৰু (ঙ) ভাৰতীয় উৎপত্তি তত্ত্ব বা উত্তৰ মেৰুৰ তত্ত্ব।


৫। দুখন অতি পুৰণি আৰ্য গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ দুখন অতি পুৰণি আৰ্য গ্ৰন্থৰ নাম - (ক) ভাৰতীয় 'ঋগবেদ' আৰু (খ) ইৰাণীয় 'এভেষ্টা'ৰ ।


৬। জে. ৰোডৰ মতে আৰ্যসকলৰ আদি বাসস্থান ক'ত?

উত্তৰঃ জে. ৰোডৰ মতে বেকট্ৰিয়া আছিল আৰ্যসকলৰ আদি বাসস্থান আৰু বেকট্ৰিয়াৰ পৰা তেওঁলোকে আন ঠাইলৈ প্ৰব্ৰজন হৈছিল।


৭। বঙ্গালী পণ্ডিত এ চি দাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বঙ্গালী পণ্ডিত এ চি দাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম- 'স্কক বেদিক ইণ্ডিয়া'।


৮। আৰ্যসকলৰ আদি গৃহভূমি সম্পৰ্কে পণ্ডিতসকলৰ মাজত কেইটা মত পৰিলক্ষিত হৈছিল? কি কি?

উত্তৰঃ আৰ্যসকলৰ আদি গৃহভূমি সম্পৰ্কে পণ্ডিতসকলৰ মাজত দুটা মত পৰিলক্ষিত হৈছিল। সেইকেইটা হৈছে- (ক) এটা মতবাদমতে আৰ্যসকলৰ আদি গৃহভূমি ভাৰত আৰু (খ) আনটো মতবাদমতে আৰ্যসকল বাহিৰৰ পৰা ভাৰতলৈ আহিছিল। কিন্তু বেছি সংখ্যক পণ্ডিতে মতপোষণ কৰে যে আৰ্যসকল বাহিৰৰ পৰা ভাৰতলৈ আহিছিল।


৯। আৰ্যসকলৰ প্ৰধান কৰ্মক্ষেত্ৰ কি?

উত্তৰঃ আৰ্যসকলৰ প্ৰধান কৰ্মক্ষেত্ৰ আছিল পঞ্জাৱ।


১০। ভৰত যুক্তৰাজ্যত অন্তৰ্ভুক্ত পাঁচটা জনজাতিৰ নাম কি কি?

উত্তৰঃ ভৰত যুক্তৰাজ্যত অন্তৰ্ভুক্ত পাঁচটা জনজাতিৰ নাম- আলিনা, পাক্থা, ভলনা, শিৱ আৰু ভিশানিন।


১১। ভাৰতীয় সংস্কৃতিলৈ আৰ্যসকলৰ অতি মূল্যৱান অৱদান কি?

উত্তৰঃ ভাৰতীয় সংস্কৃলৈ আৰ্যসকলৰ অতি মূল্যৱান অৱদান আছিল বেদ।


১২। ভাৰতীয় আৰ্যসকলৰ অতি প্ৰাচীন সাহিত্যখনৰ নাম কি?

উত্তৰঃ ভাৰতীয় আৰ্যসকলৰ অতি প্ৰাচীন সাহিত্যখনৰ নাম বেদ।


১৩। বেদ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? ইয়াৰ অৰ্থ কি?

উত্তৰঃ বেদ শব্দটো 'ভিদ' ক্ৰিয়াৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হ'ল বুজি পোৱা বা জনা। 'বেদ'ৰ প্ৰকৃত অৰ্থ হ'ল জ্ঞান। বেদক 'অপৌৰুষেয়' বুলি আখ্যা দিয়া হৈছে।


১৪। আৰ্যসকলে ৰচনা কৰা বৈদিক সাহিত্যক কেইটা অংশত ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ আৰ্যসকলে ৰচনা কৰা বৈদিক সাহিত্যক দুটা অংশত ভাগ কৰা হৈছে। শ্ৰুতি আৰু স্মৃতি। শ্ৰুতি আছিল আছিল কিছুমান বিশেষ ঋষিক ভগৱান বা দেৱতাই আধ্যাত্মিক জ্ঞান দান কৰাটো আৰু তাৰ পিছত মৌলিকভাৱে এটা পৰিয়াল বা বংশৰ পৰা আন এটা বংশলৈ হস্তান্তৰিত হোৱাটো আৰু স্মৃতি আছিল ঋষিসকলে তেওঁলোকৰ স্মৰণ শক্তিৰ ওপৰত ভিত্তি কৰি সাহিত্য ৰচনা কৰিছিল। গতিকে বেদ আহিছিল শ্ৰুতিৰ অন্তৰ্ভুক্ত আৰু বেদাঙ্গ, উপবেদ স্মৃতিৰ অন্তৰ্ভুক্ত আছিল।


১৫। বেদ কেইখন আৰু কি কি?

উত্তৰঃ বেদ চাৰিখন। যেনে- ঋগবেদ, সামবেদ, যজুৰবেদ আৰু অথৰ্ববেদ।


১৬। ঋকবেদত কেইটা শ্লোক আছে?

উত্তৰঃ ঋগবেদত ১০১৭ টা শ্লোক আছে আৰু ১১ টা আন বালখিল্য বুলি কোৱা শ্লোক আছে।


১৭। বৈদিক সাহিত্যবোৰক কেইটা যুগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ বৈদিক সাহিত্যবোৰক তিনিটা যুগত বা কালত ভাগ কৰা হৈছিল। প্ৰথম যুগটোৱে সংহতিকে উল্লেখ কৰে। দ্বিতীয় যুগটোৰ ব্ৰাহ্মণ আৰু তৃতীয় যুগটোৱে উপনিষদ অৰণ্যক আৰু সূত্ৰ সাহিত্যৰ যুগক উল্লেখ কৰে।


১৮। অথৰ্ববেদ কেইখন গ্ৰন্থত বিভক্ত আৰু ইয়াত কেইটা শ্লোক আছে?

উত্তৰঃ অথৰ্ববেদ ২০ খন গ্ৰন্থত বিভক্ত আৰু ইয়াত ৭৩১ টা শ্লোক আছে।


১৯। আৰণ্যক শব্দৰ প্ৰকৃত অৰ্থ কি?

উত্তৰঃ আৰণ্যক শব্দৰ প্ৰকৃত অৰ্থ আছিল 'অৰণ্য' গ্ৰন্থ।


২০। বেদাঙ্গ কেইখন আৰু কি কি?

উত্তৰঃ বেদাঙ্গ ৬ খন। যেনে- শিক্ষা, কল্প, ব্যাকৰণ, নিৰুক্ত, চন্দ আৰু জ্যোতিষ।


২১। বেদাঙ্গ কেইখনে কি কি বুজায়?

উত্তৰঃ বেদাঙ্গ কেইখনে - শিক্ষাই উচ্চাৰণ, কল্পই ক্ৰিয়া কৰ্ম, ব্যাকৰণে গ্ৰামাৰ বা শুদ্ধ প্ৰকাশ, নিৰুক্তই শব্দৰূপ প্ৰকাশ কৰে আৰু জ্যোতিষে গ্ৰহ-নক্ষত্ৰ বিষয়ক শাস্ত্ৰকে বুজায়।


২২। কুলপতি বুলি কাক কোৱা হৈছিল?

উত্তৰঃ সাধাৰণতে একোটা পৰিয়ালক কুল বোলা হৈছিল। আৰু  পৰিয়ালৰ মুৰব্বীজনক সেইবাবে কুলপতি বোলা হৈছিল।


২৩। ঋগবেদৰ যুগত থকা কেইখনমান 'জন'ৰ নাম লিখা।

উত্তৰঃ ঋগবেদৰ যুগত থকা কেইখনমান 'জন' আছিল- পঞ্চজন, যাদৱজন আৰু ভৰত জন।


২৪। ঋগবেদৰ পৰা কেইজন দেৱতাৰ উল্লেখ পোৱা যায় আৰু এই দেৱতাবোৰক ১১টাকৈ কেইটা ভাগত ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ ঋগবেদৰ পৰা ৩৩ জন দেৱতাৰ উল্লেখ পোৱা যায় আৰু এই দেৱতাবোৰক ১১টাকৈ তিনিটা ভাগত ভাগ কৰা হৈছে-

    (ক) দেৱতাসকলৰ ১১টাক স্বৰ্গীয় বা ঐশ্বৰিক দেৱতা বুলি কোৱা হয়। এই দেৱতাবোৰৰ             ভিতৰত আছিল দ্যায়ুচ, বৰুণ, সূৰ্য, সাবিত্ৰী, মিত্ৰ, অদিতি, ঊষা, অশ্বিনী, বিষ্ণু আদি।

    (খ) বায়ুমণ্ডল ভাগত থকা দেৱতা-তেনে ১১টা দেৱতাৰ ভিতৰত আছিল বায়ু, মাৰুতী,             প্ৰজন্য, ইন্দ্ৰ, ৰুদ্ৰ আদি।

    (গ) পৃথিৱী দেৱতা-পৃথিৱীত থকা ১১টা দেৱতাৰ ভিতৰত আছিল পৃথিৱী অগ্নি, বৃহস্পতি,         সোণ আদি।


২৫। আইটেৰিয়া ব্ৰাহ্মণত বৰ্ণনা থকা ৰাজ্যকেইখনৰ নাম কি কি?

উত্তৰঃ আইটেৰিয়া ব্ৰাহ্মণত বৰ্ণনা থকা ৰাজ্যকেইখন হৈছে- ভৌজা, স্বৰাজ্য, পৰমেস্থয়, ৰাজ্য, মহাৰাজ্য, আধিপত্য, সাৰ্বভৌম আৰু আন বহুতো।


২৬। পৰৱৰ্তী বৈদিক যুগত সমাজ কেইটা বৰ্ণত বিভক্ত আছিল? কি কি?

উত্তৰঃ পৰৱৰ্তী বৈদিক যুগত সমাজ চাৰিটা বৰ্ণত বিভক্ত আছিল। যেনে- ব্ৰাহ্মণ, ৰাজন বা ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।


২৭। চাৰি আশ্ৰম পদ্ধতিত ব্যক্তিগত জীৱনটোৰ কেইটা ভাগত নিৰ্দিষ্ট কাৰ্যৰে ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ চাৰি আশ্ৰম পদ্ধতি ত ব্যক্তিগত জীৱনটোৰ চাৰিটা ভাগত কিছুমান নিৰ্দিষ্ট কাৰ্যৰে ভাগ কৰা হৈছে। এই চাৰিটা ভাগকে আশ্ৰম বোলে আৰু এই চাৰি আশ্ৰম হ'ল - ব্ৰাহ্মচাৰ্য্য, গ্ৰাহস্থ্য, বানপ্ৰস্থ্য আৰু সন্যাস।


২৮। চাৰি আশ্ৰম ব্ৰাহ্মচাৰ্য্য, গ্ৰাহস্থ্য, বানপ্ৰস্থ্য আৰু সন্যাস এই আশ্ৰম কেইখনৰ বিষয়ে চমুকৈ লিখা

উত্তৰঃ ব্ৰাহ্মচাৰ্য্য সময় আৰম্ভ হয় জন্মৰ পিছৰে পৰা আৰু এটা শিশু যেতিয়া শিক্ষাগ্ৰহণৰ বাবে উপযুক্ত হৈ উঠে তেতিয়াৰ পৰা তেওঁ গুৰুগৃহত শিক্ষা গ্ৰহণত ব্ৰতী হ'ব লাগিছিল। এই সময়ছোৱাত ছাত্ৰজনে সহজ-সৰল জীৱন-যাপন আৰু পবিত্ৰচিত্তে সময় অতিবাহিত কৰিব লাগিছিল। এই সময়ছোৱাত ছাত্ৰ এজনে গুৰুৰ ওচৰত থাকি গুৰুৰ পৰা সকলো শিক্ষা গ্ৰহণ কৰিব লাগিছিল। গুৰুৱে ছাত্ৰজনৰ দৈহিক, মানসিক আৰু মনোবিজ্ঞান সম্বন্ধীয় সকলো দিশৰ জ্ঞান প্ৰদান কৰিছিল। শিক্ষাৰ প্ৰধান উদ্দেশ্য আছিল দেহ আৰু মনৰ বিকাশ সাধনৰ শিক্ষা। সেই সময়ত শিক্ষা বুলিলে প্ৰধানকৈ প্ৰথম তিনিটা জাতিৰ সন্তানেহে শিক্ষা লাভৰ সুবিধা পাইছিল, আৰু শৃদ্ৰসকলক শিক্ষা গ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰা নাছিল।

    দ্বিতীয় পৰ্যায় গ্ৰাৰ্হস্থ্য আশ্ৰমৰ কালছোৱাত এজন ছাত্ৰই বিদ্যা শিক্ষা সমাপ্ত কৰি বিবাহ কৰাই গ্ৰাৰ্হস্থ্য জীৱন যাপন কৰিছিল। এই সময়ছোৱাত মোক্ষ লাভৰ বাবে সন্তানৰ লালন-পালন কৰি উপযুক্ত কৰি গঢ়ি তোলাটোৱেই তেওঁৰ কৰ্তব্য। পৰিয়াল, পোহপাল দিয়া আৰু যত্ন লোৱাটো এই পৰ্যায়ৰ এটা অপৰিহাৰ্য কৰ্তব্য। এই সময়ছোৱাত ধৰ্ম-শাস্ত্ৰ অধ্যয়ন কৰি আন তিনিটা আশ্ৰমৰ সময়ত এই জ্ঞান প্ৰচাৰ কৰিব লাগিছিল।

    মানৱ জীৱনৰ তৃতীয় পৰ্যায়টোক বানপ্ৰস্থ্য বোলা হয় আৰু এই সময়ছোৱাত এজন মানুহে গাওঁ আৰু পৰিয়াল ত্যাগ কৰি বনলৈ গৈ অকলশৰীয়া জীৱন কটাবলগীয়া হয়। এই সময়ছোৱাত তেওঁ নিজকে নিয়ন্ত্ৰণ কৰি ৰিপু জয় কৰিব লাগে। এই সময়ছোৱাত তেওঁ জুই অবিহনে, গৃহ অবিহনে, সুখ-আনন্দ, আমোদ-প্ৰমোদ আৰু নিজৰ জীৱন অসুৰক্ষিত কৰি জীৱন কটাব লাগে। নিৰ্জন স্থানত শান্ত স্থিৰ ভাৱে থাকি বেদৰ শ্লোক গাই, ভিক্ষা কৰি জীৱন কটাব লাগিছিল। মায়া-মোহ, কামনা-বাসনা বা সকলো বস্তুৰ প্ৰতি উদাসীন হ'ব লাগিছিল। বেছিভাগ সময় তেওঁ ধ্যানত কটাবলগীয়া হৈছিল। এই সময়ছোৱাত তেওঁ নামমাত্ৰ বস্ত্ৰ পৰিধান কৰিব লাগিছিল।

    এজন ব্যক্তিৰ জীৱন যাত্ৰাৰ চূড়ান্ত আৰু শেষৰ পৰ্যায়টো হ'ল সন্যাস আশ্ৰম। এই কালছোৱাত এজন ব্যক্তিয়ে তেওঁৰ লগত একোবস্ত্ৰ ৰাখিব নোৱাৰে মাত্ৰ সন্যাস ব্ৰত পালন কৰি ঘন অৰণ্যত জীৱন অতিবাহিত কৰিব লাগে। দৈনিক পাঁচটা পূজা সম্পন্ন কৰিব লাগে।

২৯। 'জনপদ' শব্দটোৰ প্ৰকৃত অৰ্থ কি?

উত্তৰঃ ' জনপদ' শব্দটোৰ প্ৰকৃত অৰ্থ হ'ল এটা জনজাতিয়ে বাস কৰা বা খোজ দিয়া স্থান।


৩০। অঙ্গৰ ৰাজধানী কি?

উত্তৰঃ অঙ্গৰ ৰাজধানী আছিল চম্পা।


৩১। সংস্কৃত ভাষাত ৰচিত হিন্দুশাস্ত্ৰ কেইখনৰ নাম কি কি?

উত্তৰঃ সংস্কৃত ভাষাত ৰচিত হিন্দুশাস্ত্ৰ কেইখন হৈছে- বেদ, উপনিষদ, ব্ৰাহ্মণ, ৰামায়ণ আৰু মহাভাৰত।


৩৩। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ গৌতম বুদ্ধ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল।


৩৪। গৌতম বুদ্ধৰ শিশু কালৰ নাম কি?

উত্তৰঃ গৌতম বুদ্ধৰ শিশু কালৰ নাম আছিল সিদ্ধাৰ্থ।


৩৫। বুদ্ধদেৱে তেওঁৰ শিষ্যসকলক দুখ-যাতনা সম্পৰ্কে কেইটা আৰু কি কি মহৎ সত্য অনুধাৱণ কৰিবলৈ পৰামৰ্শ দিছিল?

উত্তৰঃ বুদ্ধদেৱে তেওঁৰ শিষ্যসকলক দুখ-যাতনা সম্পৰ্কে চাৰিটা মহৎ সত্য অনুধাৱণ কৰিবলৈ পৰামৰ্শ দিছিল। যেনে- (ক) বিশ্বজগত দুখ আৰু যন্ত্ৰণাৰে ভৰা। বুদ্ধৰ মতে জন্ম, মৃত্যু, অপ্ৰিয় পৰিস্থিতিৰ সন্মুখীন হোৱা আৰু আনন্দ বা সুখকৰ অৱস্থাৰ পৰা আঁতৰি অহাটো বৰ দুখ আৰু যন্ত্ৰণা। ইপ্সিত ফল নোপোৱাটোও দুখজনক। (খ) বুদ্ধৰ মতে সংসাৰত দুখৰ প্ৰধান কাৰণ হ'ল পাৰ্থিব বস্তু আৰু ভৌতিক আনন্দৰ বাবে থকা তৃষ্ণা বা আকাঙ্খা। প্ৰকৃততে জন্ম আৰু পুনৰ জন্মৰ বাবে কাৰ্যত আকাঙ্খা দায়ী। (গ) যদি এজন মানুহে তৃষ্ণা বা হেঁপাহ নিয়ন্ত্ৰণ কৰাত ক্ষমতা প্ৰয়োগ কৰিব পাৰে, তেওঁৰ মুক্তি বা নিৰ্বাণ প্ৰাপ্তি হয় আৰু জন্ম-পুনৰ জন্মৰ অনন্ত চক্ৰৰ পৰা হাত সাৰিব পাৰে। (ঘ) দুখ আৰু মুক্তি লাভৰ বাবে অষ্টমাৰ্গ পথ অনুসৰণ কৰিব লাগিব। বুদ্ধৰ মতে দৈহিক কষ্ট আৰু তপস্যাৰ দ্বাৰা নিৰ্বাণ লাভ কৰিব নোৱাৰি। মোক্ষ লাভৰ সহজ আৰু উত্তম পথ আছিল অষ্টমাৰ্গ।


৩৬। বুদ্ধদেৱে সৎ জীৱন যাপন কৰাৰ বাবে তেওঁ কেইটামান পৰামৰ্শ বা নীতি মানি চলিবলৈ কৈছে সেইকেইটা কি কি?

উত্তৰঃ বুদ্ধদেৱে সৎ জীৱন যাপন কৰাৰ বাবে তেওঁ কেইটামান পৰামৰ্শ বা নীতি মানি চলিবলৈ কৈছে আৰু সেইকেইটা হৈছে- (১) সদায় সঁচা কথা কোৱা (২) কেতিয়াও চোৰ নকৰা (৩) ব্ৰহ্মচৰ্য্য পালন কৰা (৪) লোভ নকৰা (৫) হিংসা নকৰা (৬) সুগন্ধি পৰিত্যাগ কৰা (৭) নৃত্য-গীতত মগ্ন নোহোৱা (৮) নাৰী সঙ্গ ত্যাগ কৰা। (৯) যিকোনো সময়ত আহাৰ গ্ৰহণ নকৰা আৰু (১০) কোমল আৰু আৰামদায়ক বিচনাত শোৱাৰ পৰা বিৰত থকা।


৩৭। বৌদ্ধ ধৰ্মত কেইটা নীতি আৰু কি কি আছিল?

উত্তৰঃ বৌদ্ধ ধৰ্মত তিনিটা নীতি আছিল। যেনে- বুদ্ধ, ধৰ্ম আৰু সংঘ অৰ্থাৎ বুদ্ধত বিশ্বাস, গুৰু বা ধৰ্মত বিশ্বাস তত্ত্ব আৰু সংঘাত বিশ্বাস বৌদ্ধ সম্প্ৰদায়ত বিশ্বাস।


৩৮। বুদ্ধদেৱে তেওঁৰ সম্প্ৰদায়ৰ সদস্যসকলক দুটা দলত ভাগ কৰিছিল। সেই দলকেইটাৰ বিধিবোৰক কেইটা ভাগত ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ বুদ্ধদেৱে তেওঁৰ সম্প্ৰদায়ৰ সদস্যসকলক দুটা দলত ভাগ কৰিছিল। সন্ন্যাসী বা ভিক্ষু আৰু গৃহস্থী বা গৃহী। সন্ন্যাসীসকলক পৰিচালনা কৰাৰ বাবে তেওঁ বিশেষ পৰিচালনা সংহিতা বলৱৎ কৰিছিল। এই বিধিবোৰক সাতোটা ভাগত ভাগ কৰা হৈছে- 

(ক) যিকোনো সম্প্ৰদায়ৰ পুৰুষ আৰু মহিলা উভয়ে বৌদ্ধ সংঘৰ সদস্য হোৱাৰ যোগ্য আছিল। ১৫ বছৰৰ তলৰ লোকে সন্ন্যাসী হোৱাৰ যোগ্য নাছিল। এজন মানুহে এই সন্ন্যাসী হিচাবে সদস্য বিচাৰিলে তেওঁ ওজন গুৰু বাচনি কৰিব লাগিব আৰু সদস্যপদৰ বাবে সন্ন্যাসী লভাৰ সন্মতি লাভ কৰিব লাগিব। সন্ন্যাসী হিচাবে নিৰ্বাচিত হ'লে তেওঁ নৈতিকতা কঠোৰভাৱে মানিব লাগে। কঠোৰভাৱে কিছু বছৰ বিষয়সুখ ত্যাগ কৰিব লাগে। গুৰুৰ তত্ত্বাৱধানত জ্ঞান আহৰণ কৰিব লাগে আৰু কৃতকাৰ্য হ'লে তেওঁ উচ্চ ধৰ্মীয় পদলৈ অনুমোদন কৰে আৰু ইয়াতো সফল হ'লে সংঘৰ পূৰ্ণ-পৰ্য্যায়ৰ সদস্যপদ লাভ কৰে। তেতিয়াৰ পৰা তেওঁৰ জীৱন পতিমোক্ষ নীতিৰ দ্বাৰা পৰিচালিত হয়। 

(খ) এটা নিৰ্দিষ্ট অঞ্চলত বাস কৰা সন্ন্যাসীসকলে এটা পষেকৰ ৮,১৪ আৰু ১৫ তাৰিখে একগোট হ'ব লাগিছিল। এই সভাত সন্ন্যায়ীসকলৰ মাজৰ পৰা এজন সভাপতি বা পৰিচালক নিৰ্বাচন কৰা হয়। এই সভাত প্ৰতি পোন্ধৰ দিনৰ ভিতৰত কোনো সন্ন্যাসী বা ভিক্ষুয়ে পতিমোক্ষ নিয়ম ভংগ কৰিছেনে তাৰ বিষয়ে আলোচনা কৰা হৈছিল। নিয়ম ভংগ কৰাজনে পতিমোক্ষত উল্লেখ থকা বিধিমতে শাস্তিৰ সন্মুখীন হৈছিল। গৃহস্থীসকলে সন্ন্যাসী বা ভিক্ষু জীৱন যাপন কৰিব নালাগে তেওঁলোকে সংঘৰ প্ৰতি সেৱা আৰু আনুগত্য প্ৰকাশ কৰিব লাগে। তেওঁলোকে সংঘ পৰিচালনাৰ বাবে আৰ্থিক বৰঙণি আগবঢ়াব লাগে।

(গ) সন্ন্যাসীসকলৰ খাদ্য আৰু বস্ত্ৰ সম্বন্ধে বুদ্ধদেৱে অতি কঠোৰ নাছিল। সন্ন্যাসীসকলে কপাহী কাপোৰৰ তিনিবিধ পোছাক পৰিধান কৰিছিল। দেহৰ ওপৰ আৰু নিম্ন অংশৰ বাবে হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিছিল। 

(ঘ) বুদ্ধদেৱে মঠ-নিৰ্মাণৰ আকৃতি আৰু মঠৰ স্থান নিৰ্বাচনত কিছু নিয়ম বলবৎ কৰিছিল। সন্ন্যাসীসকলৰ সাধাৰণ পৰিষদৰ হাতত মঠবোৰৰ মালিকীস্বত্ব অৰ্পণ কৰিছিল। ধৰ্মানুস্থানৰ পৰিচালনাৰ দায়িত্ব সাধাৰণতে স্থানীয় সংঘৰ হাতত অৰ্পণ হৈছিল।

(ঙ) সন্ন্যাসীসকলে অঘৰীৰ দৰে বৈৰাগী জীৱন যাপন কৰিব লগা হৈছিল। বাৰিষা কালত তেওঁলোক তিনিমাহৰ বাবে নিৰ্দিষ্ট আবাসত বা ভাচ্ছত বাস কৰিব লাগিছিল। এই সময়ছোৱাত তেওঁলোক সেই অঞ্চলৰ মানুহৰ আতিথ্য বা দান-দক্ষিণাৰ ওপৰত নিৰ্ভৰ কৰি জীৱন যাপন কৰিছিল। ভাচ্ছৰ কাল অতিবাহিত হোৱাৰ অন্তত তেওঁলোক একগোট হৈ তেওঁলোকে কৰা দোষবোৰ ব্যাক্ত কৰিছিল আৰু অনুপাত কৰিছিল।

(চ) তপস্বিনীসকলৰ পৰিচালনাৰ বাবে ভিক্ষুয়িনী পতিমোক্ষত বিশেষ বিধি বা নীতি অন্তৰ্ভুক্ত কৰিছিল। সেইবোৰ কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

(ছ) বৌদ্ধ মঠ বা অনুষ্ঠাসমূহৰ সংবিধান গণতন্ত্ৰৰ আৱশ্যকীয় নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। বুদ্ধদেৱে সমসাময়িক স্বাধীন গণতান্ত্ৰিক ৰাজ্যবোৰৰ পৰা সেই নীতিবোৰ আহৰণ কৰিছিল। বুদ্ধই কোনো ব্যক্তিক তেওঁৰ উত্তৰাধিকাৰী বুলি মনোনীত কৰা নাছিল আৰু ধৰ্মানুষ্ঠাসমূহৰ মুৰব্বীও নিৰ্বাচন কৰা নাছিল। স্থানীয় সংঘবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো কেন্দ্ৰীয় সংঘৰ বা মঠ নাছিল। স্থানীয় সংঘবোৰে স্বতন্ত্ৰতা লাভ কৰিছিল। স্থানীয় সংঘৰ সদস্যসকলে এখন সাধাৰণ সভা গঠন কৰিছিল আৰু এইখন আছিল স্বাধীন। মঠৰ সকলো গুৰুত্বপূৰ্ণ কাৰ্য সাধাৰণ সভাৰ স্নমতি সাপেক্ষে কৰা হৈছিল। সাধাৰণ পৰিষদে বৌদ্ধধৰ্মৰ নীতি নিয়ম সংশোধন বা নতুন নিয়ম বলৱৎ কৰাৰ কতৃত্ব লাভ কৰিছিল। বৌদ্ধ সংঘৰ সৰ্বশ্ৰেষ্ঠ কতৃত্ব সাধাৰণ পৰিষদৰ হাতত ন্যস্ত আছিল। বৌদ্ধ ধৰ্মৰ প্ৰথমখন সাধাৰণ পৰিষদৰ সভা বুদ্ধদেৱৰ মৃত্যুৰ কেইসপ্তাহমান পিছত ৪৮৭ খৃঃপূঃত ৰাজগৃহৰ ওচৰৰ সপ্তপাৰ্ণী গুহাত অনুষ্ঠিত কৰা হৈছিল। এই পৰিষদৰ সভাত বুদ্ধৰ উপদেশবোৰৰ সংযোজন সংযোজন আৰু শ্ৰেণীবিভাজন কৰা হৈছিল। এইখন বৌদ্ধ সভা বা মহামেলৰ পৰিচালক বা সভাপতি আছিল মহাকাশ্যপ। বৌদ্ধ মঠবোৰ তেতিয়াৰ পৰা বৌদ্ধ শিক্ষাৰ কেন্দ্ৰ হৈ পৰিছিল। 


৩৯। ভাৰতত বৌদ্ধ ধৰ্মৰ অৱনতিৰ হোৱাৰ কাৰণবোৰ কি কি?

উত্তৰঃ ভাৰতত বৌদ্ধ ধৰ্মৰ অৱনতিৰ হোৱাৰ কাৰণবোৰ হৈছে- 

(ক) ৰাজকীয় পৃষ্ঠপোষকতাৰ অৱনতি, (খ) বৌদ্ধ ধৰ্মৰ ৰীতি পৰিৱৰ্তন, (গ) তান্ত্ৰিকতাবাদৰ প্ৰভাৱ, (ঘ) বৌদ্ধ ধৰ্মৰ আভ্যন্তৰৰ দুৰ্নীতি, (ঙ) শঙ্কৰাচাৰ্য্যৰ ধৰ্মপ্ৰচাৰৰ প্ৰভাৱ, (চ) ৰাজপুতসকলৰ উত্থান, (ছ) বজ্ৰযান শাখাৰ উত্থান আৰু বাহ্যিক আক্ৰমণ।


৪০। ভাৰতীয় সংস্কৃতিলৈ বৌদ্ধধৰ্মৰ অৱদান কেনেধৰনৰ লিখা।

উত্তৰঃ বৌদ্ধধৰ্মই ভাৰতীয় সংস্কৃতি আৰু সভ্যতাত গভীৰ সাঁচ বহুৱাই থৈ গৈছে। ভাৰতত জন্ম হোৱা বৌদ্ধ ধৰ্মই ভাৰতৰ পৰাই নিচিহ্ন হ'লেও ভাৰতৰ বাহিৰত ই এটা জনপ্ৰিয় ধৰ্ম হিচাৱে প্ৰতিষ্ঠা লাভ কৰিছে আৰু বিশ্বৰ ১১টা ধৰ্মৰ ভিতৰত ই স্থান লাভ কৰিছে। ভাৰতীয় সমাজতো ইয়াৰ বিভিন্ন আৰ্দশই প্ৰভাৱ বিস্তাৰ কৰি আছে। বৌদ্ধধৰ্মই ভাৰতীয়সকলক অহিংসাৰ পথ, ধৈৰ্য, উদাৰতা, দয়া আৰু মানৱতাৰ বিষয়ে শিক্ষা দি গৈছে। বৌদ্ধ ধৰ্মই বিশ্বত শান্তি স্থাপন কৰাত অৰিহণা যোগাইছিল। ভাৰতীয় সমাজৰ সকলো দিশতে বৌদ্ধধৰ্মৰ প্ৰভাৱ বিদ্যামান। বৌদ্ধধৰ্মই ভাৰতীয় ইতিহাসত ধৰ্ম, দৰ্শন সাহিত্য আৰু শিল্পকলাৰ দিশত মূল্যবান আৰু স্থায়ী প্ৰভাৱ বিস্তাৰ কৰিছে।


৪১। বৌদ্ধ সাহিত্যবোৰৰ ভিতৰত কোন দুখন সাহিত্য অতি গুৰুত্বপূৰ্ণ আছিল?

উত্তৰঃ বৌদ্ধ সাহিত্যবোৰৰ ভিতৰত 'ত্ৰিপিতক' আৰু 'জাতক'বোৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।


৪২। 'ত্ৰিপিতক' সাহিত্যখন কেইটা খণ্ডত বিভক্ত আৰু কি কি?

উত্তৰঃ 'ত্ৰিপিতক' সাহিত্যখন তিনিটা খণ্ডত বিভক্ত। যেনে- (ক) বিনয়পিতক, (খ) সূত্ত পিতক আৰু (গ) অভিধৰ্ম পিতক।


৪৩। ভাৰতীয় সাহিত্যৰ অন্তৰ্গত মূল্যবান ৰচনাবোৰ কি কি?

উত্তৰঃ ভাৰতীয় সাহিত্যৰ অন্তৰ্গত মূল্যবান ৰচনাবোৰ হৈছে- দিব্যবদন, বুদ্ধচৰিত্ৰ, সোন্দেৰনন্দ, সৰিপুত্ৰ-প্ৰকৰণ, স্বধৰ্ম পুণ্ডৰিক, মঞ্জৰীমূৰ কল্প, ললিত বিস্তাৰ, অমৰকোষ, মিলিন্দপন্থ মহাবস্তু, আৰু লঙ্কাৱতাৰ সূত্ৰ আদি।


৪৪। পাৰ্শ্বনাথৰ ধৰ্মৰ চাৰিটা প্ৰধান তত্ত্ব কি আছিল?

উত্তৰঃ পাৰ্শ্বনাথৰ ধৰ্মৰ চাৰিটা তত্ত্ব আছিল-

(ক) জীৱৰ ক্ষতি নকৰা (Not to injure life)

(খ) সঁচা কোৱা (To speak the truth)

(গ) চুৰ নকৰা (Not to steal)

(ঘ) নিজা সম্পত্তি নৰখা (Not to own property)


৪৫। 'নিৰগ্ৰন্থ' বুলি কাক কোৱা হয়?

উত্তৰঃ পাৰ্শ্বনাথে দেৱতা বা যজ্ঞ কোনোটোকে বিশ্বাস কৰা নাছিল। তেওঁ জাতিভেদ প্ৰথাৰ বিৰোধী আছিল আৰু সমতাৰ ধ্বনি তুলিছিল। তেওঁৰ অনুগামীসকলক 'নিৰগ্ৰন্থ'  বুলি কোৱা হয়।


৪৬। জৈনসকলৰ পৱিত্ৰ গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ জৈনসকলৰ পৱিত্ৰ গ্ৰন্থখনৰ নাম 'আগমস' (Agmas) ।


৪৭। সাহিত্যবোৰৰ ওপৰত ভিত্তি কৰি মহাবীৰৰ ধৰ্মীয় শিক্ষা বা উপদেশবোৰ আলোচনা কৰা।

উত্তৰঃ সাহিত্যবোৰৰ ওপৰত ভিত্তি কৰি মহাবীৰৰ ধৰ্মীয় শিক্ষা বা উপদেশবোৰ আলোচনা কৰা হৈছে-

(ক) বেদত অবিশ্বাস (No Faith in the vedas) ঃ মহাবীৰৰ বেদৰ কৰ্তৃত্বৰ ওপৰত কোনো বিশ্বাস নাছিল আৰু তেওঁ বৈদিক ৰীতি-নীতি আৰু ব্ৰাহ্মণ আধিপত্য বৰ্জন কৰিছিল। তেওঁ উচ্চ নৈতিক নীতি আৰু সন্ন্যাস জীৱন পালন কৰিবলৈ পৰামৰ্শ দিছিল। নিৰ্বাণ প্ৰাপ্তিৰ বাবে তেওঁ আত্মসংযম বা ইন্দ্ৰিয় দমনৰ পোষকতা কৰিছিল।

(খ) দেৱতা অস্তিত্বহীন (Non Existence of God) ঃ মহাবীৰৰ দেৱতাৰ অস্তিত্বৰ ওপৰত বিশ্বাস নাছিল। জৈন ধৰ্মই ভগৱানক বিশ্বৰ সৃষ্টিকৰ্তা বুলি গ্ৰহণ নকৰে। মহাবীৰৰ মতে এজন মানুহৰ ভিতৰত প্ৰচুৰ ক্ষমতা নিহিত আছে আৰু এইবোৰৰ যেতিয়াই বিকাশ যটে ই এজন মানুহক পৰমাত্মা কৰি তুলিব পাৰে। পৰমাত্মাৰ কোনো আদিও নাই আৰু অন্তও নাই।

(গ) আত্মাৰ অস্তিত্ব স্বীকাৰ (Belief in the existence of Soul) ঃ মহাবীৰে আত্মাৰ অস্তিত্ব স্বীকাৰ কৰে। তেওঁৰ মতে আত্মা অমৰ আৰু অদৃশ্যমান। জৈন ধৰ্ম মতে বিশ্বব্ৰহ্মাণ্ড দুটা অব্যয়, অসৃষ্ট একে সময়ৰ কিন্তু স্বাধীন ভাগত বিভক্ত। ইয়াৰ এটা চেতনা থকা জীৱ আৰু আনটো অচেতন অজীৱ। জীৱৰ আত্মা আছে। জীৱই বুজি পায় অনুভৱ কৰে আৰু ইচ্ছাশক্তিৰে চলে। 

(ঘ) কৰ্মতত্ত্ব (Theory of Karma) ঃ জৈন ধৰ্মই কৰ্মতত্ত্ব আৰু পুনৰ জন্মত বিশ্বাস কৰে। জৈন ধৰ্মৰ মতে মানৱ জীৱন পূৰ্ব জন্মৰ কৰ্মৰ ওপৰত গঢ় লৈ উঠে। একেদৰে বৰ্তমান জীৱনৰ কৰ্মফলে পৰজন্মত প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে কৰ্মবন্ধনৰ পৰা মুক্ত নোহোৱালৈ মানুহৰ পুনৰ জন্ম হৈ থাকিব। মানুহে কৰা সৎ কৰ্ম আৰু কু-কৰ্মৰ ওপৰত ভিত্তি কৰি জীৱই সৎ বা বেয়া পৰিবেশত জন্ম লয়।

(ঙ) জ্ঞান তত্ত্ব (Theory of Knowledge) ঃ জৈন ধৰ্ম মতে পাঁচ প্ৰকাৰৰ জ্ঞানে মোক্ষ বা মুক্তি লাভ কৰাত সহায় কৰে। সেই পাঁচ প্ৰকাৰ জ্ঞান আছিল মতি জ্ঞান, শ্ৰুতি জ্ঞান, অৱধি জ্ঞান, মনপ্ৰায় জ্ঞান আৰু কৈৱল্য জ্ঞান। অনুভূতিৰ জৰিয়তে লাভ কৰা জ্ঞানেই মতি জ্ঞান, পৱিত্ৰ গ্ৰন্থ পাঠ কৰি বা শুনি লাভ কৰা জ্ঞানক শ্ৰুতি জ্ঞান, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সম্বন্ধে জ্ঝান আহৰণ কৰি নিজকে উদ্ভাষিত কৰা জ্ঞানক অৱধি জ্ঞান, আন মানুহৰ বিষয়ে মতামত, অনুভূতি আৰু চিন্তাৰ দ্বাৰা আহৰণ কৰা জ্ঞানক মন প্ৰায় জ্ঞান আৰু নিৰগ্ৰন্থসকলে আহৰণ কৰা পৰম জ্ঞানক কৈৱল্য জ্ঞান বোলা হয়।

(চ) ত্ৰি-ৰত্ন (Tri-Ratna) ঃ ত্ৰি-ৰত্ন তত্ত্ব অনুসৰণ কৰি কু-কৰ্মৰ প্ৰভাৱৰ পৰা এজন মানুহে নিজক ৰক্ষা কৰিব পাৰে। সেই ত্ৰি-ৰত্ন আছিল সৎ বিশ্বাস, সৎ জ্ঞান আৰু সৎ আচৰণ। প্ৰকৃত জ্ঞানত বিশ্বাস কৰাটোৱেই সৎ জ্ঞান।

(ছ) অহিংসা (Non-Violence) ঃ জৈন ধৰ্মৰ অতি গুৰুত্বপূৰ্ণ তত্ত্ব আছিল অহিংসা আৰু জৈন ধৰ্মৰ ই আছিল মূলনীতি। জৈন ধৰ্মৰ অনুগামীসকলক শিক্ষা দিয়া হৈছিল যে জীৱিত আৰু নিৰ্জীৱ সকলো বস্তুৱে এটা জীৱন লাভ কৰে আৰু সেইবোৰৰ ওপৰত আঘাত কৰিলে দুখ অনুভৱ কৰে।

(জ) পঞ্চ-মহব্ৰত (Panch-Mahavrata) ঃ মহাবীৰে পাঁচটা মহাব্ৰত প্ৰচাৰ কৰিছিল। ইয়াৰে চাৰিটা পাৰ্শ্বনাথে উদ্ভাৱন কৰিছিল আৰু এটা মহাবীৰে সংযোজন কৰিছিল। তেওঁ পালন কৰিবলৈ পৰামৰ্শ দিয়া মহাব্ৰত পাঁচটা আছিল অহিংসা, সঁচা কোৱা, চুৰ নকৰা, অধিকাৰ নকৰা আৰু ব্ৰহ্মচৰ্য্য


৪৮। জৈন ধৰ্মত মোক্ষ লাভৰ পৰম বা উৎকৃষ্ট কৰ্মৰ ভিতৰত কেই প্ৰকাৰৰ কৰ্মৰ উল্লেখ আছে আৰু কি কি?

উত্তৰঃ জৈন ধৰ্মত মোক্ষ লাভৰ পৰম বা উৎকৃষ্ট কৰ্মৰ ভিতৰত আঠ প্ৰকাৰৰ কৰ্মৰ উল্লেখ আছে। যেনে- 

(ক) জ্ঞান বৰণীয়ঃ এইবিধ কৰ্মই আত্মাৰ জ্ঞানক বুজায়।

(খ) মোহনীয়ঃ এইবিধ কৰ্মৰ বাবে মানুহৰ তৃষ্ণা বা ইচ্ছা বৃদ্ধি হয়।

(গ) বেদনীয়েঃ এইবিধ কৰ্মই এজন মানুহক শুদ্ধ জ্ঞান আহৰণত বাধা দিয়ে।

(ঘ) নাম কৰ্ম ঃ এইবিধ কৰ্মই জীৱনৰ গতি আৰু অৱস্থা নিৰ্ণয় কৰে।

(ঙ) গোত্ৰ কৰ্মঃ এইবিধ কৰ্মৰ দ্বাৰা এজন মানুহৰ গোত্ৰ নিৰ্দ্ধাৰণ কৰা হয়।

(চ) অন্তৰায় কৰ্মঃ এইবিধ কৰ্মই সৎ আৰু উদাৰ কৰ্ম পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

(ছ) আয়ুকৰ্মঃ এইবিধ কৰ্মউ এজন মানুহৰ আয়ুস বা বয়স নিৰ্ণয় কৰে।

(জ) দৰ্শনবৰণীয় কৰ্মঃ   এইবিধ কৰ্মই আত্মাৰ শুদ্ধ দাৰ্শনিক দৃষ্টিত অধিকাৰ প্ৰৱেশ কৰে।


৪৯। মহাবীৰে কেইটা শিক্ষাব্ৰত পালন কৰিবলৈ পৰামৰ্শ দিছিল আৰু কি কি?

উত্তৰঃ মহাবীৰে চাৰিটা শিক্ষাব্ৰত পালন কৰিবলৈ পৰামৰ্শ দিছিল। যেনে- (ক) অতিথি সম্বিভাগ-অতিথিসকলক খাদ্যৰ যোগান ধৰি সেৱা শুশ্ৰূষা কৰা (খ) সাময়িক-কু-ভাবৰ পৰা মুক্ত হৈ ধ্যান কৰা (গ) প্ৰশঘোপাবাস-প্ৰতি সপ্তাহত এবাৰ উপবাসে থকা আৰু (ঘ) ভোগপভোগ পৰিমাণ ব্ৰত-সম পৰিমাণৰ খাদ্য খোৱা।


৫০। জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ কি কি?

উত্তৰঃ বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ একে পৰিৱেশত আৰু একে পৰিস্থিতিত উত্থান হৈছিল। সেয়ে দুয়োটা ধৰ্মৰ মাজত বহুতো সাদৃশ্য দেখিবলৈ পোৱা যায় যদিও দুয়োটা ধৰ্মৰ মাজত বহুতো বৈসাদৃশ্যও পৰিলক্ষিত হোৱা দেখা যায়।

সাদৃশ্যবোৰঃ 

(ক) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম দুয়োটাই বৈদিক ধৰ্মৰ বিৰোধিতা কৰিছিল। বৈদিক যুগত থকা ব্ৰাহ্মণৰ প্ৰতিপত্তি আৰু বৈদিক ৰীতি-নীতিৰ বিৰুদ্ধাচৰণ কৰি দুয়োটা ধৰ্মই আত্মপ্ৰকাশ কৰিছিল।

(খ) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক ক্ৰমে বুদ্ধদেৱ আৰু মহাবীৰ দুয়োজনেই ৰাজকুমাৰ আছিল আৰু দুয়োজনেই আছিল আৰু জনসাধাৰণৰ দুখত দুখী। দুয়োজনে একে পৰিবেশত ডাঙৰ দীঘল হৈ সংসাৰ ত্যাগ কৰি সাধাৰণ মানুহৰ দুখ-যন্ত্ৰণা লাঘৱ কৰাৰ বাবে দুয়োজনে তপস্যাৰ যোগেদি সিদ্ধি লাভ কৰিছিল আৰু দুয়োজনৰে লক্ষ্য আছিল মুক্তি বা মোক্ষ লাভ কৰা।

(গ) দুয়োটা ধৰ্মত সাধাৰণ মানুহৰ ভাষা প্ৰাকৃত ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল। ব্ৰাহ্মণ বা পুৰোহিতৰ ভাষা-সংস্কৃত ব্যৱহাৰ কৰা নাছিল। যিহেতু দুয়োটা ধৰ্মই ব্ৰাহ্মণ প্ৰতিপত্তি অস্বীকাৰ কৰিছিল।

(ঘ) কৰ্মতত্ত্ব দুয়োটা ধৰ্মৰে মোক্ষ লাভৰ পথ আছিল। কৰ্মফলত মানুহে পুনৰ জন্ম লাভ কৰে বুলি দুয়োটা ধৰ্মই বিশ্বাস কৰিছিল।

(ঙ) দুয়োটা ধৰ্মই সহজ-সৰল জীৱন যাপনৰ গুৰুত্ব আৰোপ কৰিছিল আৰু নৈতিক জীৱন যাপনত অগ্ৰাধিকাৰ দিছিল।

(চ) দুয়োটা ধৰ্মই ভগৱান বা ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা নাছিল।

বৈশাদৃশ্যবোৰঃ

(ক) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মই অনুসৰণ কৰা অহিংসা নীতিৰ মাজত পাৰ্থক্য বিদ্যমান। বৌদ্ধ ধৰ্মীসকলে চিন্তা, কাম আৰু বাক্যৰে আনক কষ্ট দিবলৈ ইচ্ছা কৰা নাছিল। জৈন ধৰ্মীসকলে বিশ্বাস কৰে যে প্ৰকৃতিৰ সকলো বস্তুৰে প্ৰাণ থাকে। সেইবাবে যিকোনো বস্তুক কষ্ট দিয়াটো হিংসা বুলি বিশ্বাস কৰে।

(খ) বৌদ্ধ ধৰ্মীসকলে শৰীৰত কাপোৰ পৰিধান কৰে কিন্তু ধৰ্মীসকলে বস্ত্ৰ পৰিধান  নকৰে। জৈন ধৰ্মত বস্ত্ৰ পৰিধান নকৰি নাঙঠ হৈ থকা শাখাটোক 'দিগাম্বৰী' বুলি কোৱা হয়।

(গ) জৈন ধৰ্মৰ দুয়োটা শাখা দিগাম্বৰ আৰু শ্বেতাম্বৰ শাখাই মূৰ্তি পূজা কৰে কিন্তু বৌদ্ধ ধৰ্মৰ হীনযান শাখাই মূৰ্তি পূজাৰ বিৰোধিতা কৰে।

(ঘ) সময়ৰ ফালৰ পৰা তুলনা কৰিলে জৈন ধৰ্ম বৌদ্ধ ধৰ্মতকৈ পুৰণি। বৌদ্ধ ধৰ্মৰ প্ৰবৰ্তক বুদ্ধদেৱৰ সমসাময়িক আছিল মহাবীৰ। মহাবীৰৰ পূৰ্বে ২৩ জন তীৰ্থাঙ্কৰে জৈন ধৰ্ম প্ৰচাৰ কৰিছিল। সেয়ে মহাবীৰক প্ৰৱৰ্তিত ধৰ্মৰ সংস্কাৰক বুলি কোৱা হয় আনহাতে বুদ্ধদেৱক নতুন ধৰ্মৰ প্ৰৱৰ্তক বুলি গণ্য কৰা হয়।

(ঙ) বৌদ্ধ ধৰ্মৰ গ্ৰন্থবোৰ পালি ভাষাত ৰচনা কৰা হৈছিল আনহাতে জৈন ধৰ্মৰ গ্ৰন্থবোৰ প্ৰাকৃত ভাষাত ৰচনা কৰা হৈছিল।

(চ) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ পৃথক ধৰ্ম শাস্ত্ৰ আছিল। বৌদ্ধ ধৰ্মৰ গ্ৰন্থ আছিল 'ত্ৰিপিটক' আৰু 'জাতক' আনহাতে জৈন ধৰ্মৰ মূল গ্ৰন্থ আছিল 'অঙ্গ' আৰু 'উপাঙ্গ'।


৫১। মৌৰ্য ইতিহাসৰ ওপৰত আলোকপাত কৰা উপাদানবোৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ মৌৰ্য ইতিহাসৰ ওপৰত আলোকপাত কৰা উপাদানবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে- (ক) সাহিত্যিক উপাদান, (খ) প্ৰত্নতাত্ত্বিক উপাদান আৰু (গ) বৈদেশিক উপাদান।


৫২। চন্দ্ৰগুপৰ শাসন ব্যৱস্থাক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ চন্দ্ৰগুপৰ শাসন ব্যৱস্থাক ৮ টা ভাগত ভাগ কৰিব পাৰি। যেনে-

(ক) কেন্দ্ৰীয় শাসন।

(খ) সামৰিক শাসন।

(গ) প্ৰদেশিক শাসন।

(ঘ) স্থানীয় শাসন।

(ঙ) বিচাৰ পদ্ধতি।

(চ) ৰাজহ পদ্ধতি।

(ছ) গুপ্তচৰ ব্যৱস্থা।

(জ) জলসিঞ্চন পদ্ধতি।


৫৩। স্থানীয় প্ৰশাসনক কেইটা ভাগত ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ স্থানীয় প্ৰশাসনক দুটা ভাগত ভাগ কৰা হৈছে। যেনে-

(ক) পৌৰ প্ৰশাসন আৰু (খ) গাওঁলীয়া শাসন।


৫৪। কৌটিল্যৰ বিৱৰণ মতে চন্দ্ৰগুপ্তৰ শাসনত কেই প্ৰকাৰৰ বিচাৰালয় বা  আদালত আছিল আৰু কি কি?

উত্তৰঃ কৌটিল্যৰ বিৱৰণ মতে চন্দ্ৰগুপ্তৰ শাসনত দুই প্ৰকাৰৰ বিচাৰালয় বা আদালত আছিল। যেনে- (ক) ধৰ্মস্থিয় (দেৱানী আদালত) আৰু (খ) কন্টক সোধন (ফৌজদাৰী আদালত)।


৫৫। অৰ্থশাস্ত্ৰই দুই প্ৰকাৰৰ গুপ্তচৰৰ উল্লেখ কৰিছে? কি কি ?

উত্তৰঃ অৰ্থশাস্ত্ৰই দুই প্ৰকাৰৰ গুপ্তচৰৰ উল্লেখ কৰিছে- (ক) সংস্থাক কোনো নিৰ্দিষ্ট ঠাইত নিয়োগ কৰা গুপ্তচৰ (খ) সঞ্চাৰ গোটেই ৰাজ্য ভ্ৰমণ কৰি বাতৰি সংগ্ৰহ কৰোতা।


৫৬। মেগাস্থিেনিছৰ বৰ্ণনামতে ভাৰতীয় সমাজখনক কেইটা ভাগত ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ মেগাস্থিেনিছৰ বৰ্ণনামতে ভাৰতীয় সমাজখনক সাতোটা ভাগত ভাগ কৰা হৈছিল- 

(ক) দাৰ্শনিক, (খ) কৃষক, (গ) ভেড়া পালক আৰু চিকাৰী, (ঘ) শিল্পী, (ঙ) সামৰিক, (চ) পৰ্য্যবেক্ষক আৰু (ছ) ৰাজসভাৰ সদস্য।


৫৭। কলিঙ্গ বুলি কাক কয়?

উত্তৰঃ সিংহাসনত উঠাৰ ৯ম বছৰত অশোকে কলিঙ্গ যুদ্ধত লিপ্ত হৈছিল। সুবৰ্ণৰেখা আৰু গোদাবৰী নদীৰ মাজত ভাৰতৰ পূব উপকূলত থকা বিস্তিত অঞ্চলটোকে কলিঙ্গ বুলি কোৱা হৈছিল।


৫৮। অশোকৰ ধৰ্ম কি?

উত্তৰঃ অশোকৰ ধৰ্ম আছিল জীৱনধাৰণৰ নৈতিক নীতি আৰু তেওঁৰ ধৰ্ম নীতিত দৈনন্দিন জীৱনৰ বিভিন্ন আদৰ্শ আৰু আচৰণ সন্নিবিষ্ট হৈছে।


৫৯। শিলালিপিবোৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিছে? কি কি?

উত্তৰঃ শিলালিপিবোৰক প্ৰধানকৈ তিনিটা বহল ভাগত ভাগ কৰিব পাৰি-

(ক) শিলালিপি, (খ) স্তম্ভ লিপি আৰু (গ) গুহালিপি।


৬০। ভাৰতৰ ইতিহাসত অশোকে গুৰুত্বপূৰ্ণ মৰ্য্যদা আৰু স্থান লাভ কৰা কাৰ্যসমূহ লিখা।

উত্তৰঃ ভাৰতৰ ইতিহাসত অশোকে গুৰুত্বপূৰ্ণ মৰ্য্যদা আৰু স্থান লাভ কৰা কাৰ্যসমূহ হৈছে-

(ক) সামৰিক নেতা হিচাবে (As a Soldier)।

(খ) ধৰ্ম প্ৰচাৰ হিচাবে (As a Religious Preacher)।

(গ) মহান ধৰ্ম বিজেতা (As a Great Religious Conquerer)।

(ঘ) এজন মানৱহিতৈষী হিচাবে (As a Humaintarianism)।

(ঙ) এজন শান্তিপ্ৰিয় ৰজা (As a Pacifist) ।

(চ) এজন আদৰ্শ ৰজা হিচাবে (As an ideal king)।

(ছ) জাতি নিৰ্মাতা হিচাবে (As a Nation Builder)।

(জ) এজন মহান প্ৰশাসক হিচাবে (As an Administrator)।

(ঝ) শিল্পকলাৰ পৃষ্ঠপোষক (As a Patron of Art)।

(ঞ) বিশ্ব ইতিহাসত অশোকৰ স্থান (Place of Asoka in world's History)।


৬১। মৌৰ্য সাম্ৰাজ্যৰ পতনৰ কাৰণবোৰ কি কি?

উত্তৰঃ মৌৰ্য সাম্ৰাজ্যৰ পতনৰ কাৰণবোৰ আছিল-

(ক) দুৰ্বল আৰু অদক্ষ উত্তৰাধিকাৰী (Weak and Incompetent Successors)।

(খ) প্ৰাদেশিক গৱৰ্ণৰ সকলৰ স্বাধীনতা স্পৃহা (Independent attitude of the Provinicial Governors)।

(গ) দুৰ্বল অৰ্থনৈতিক অৱস্থা (Economic Bankcruptcy)।

(ঘ) সাম্ৰাজ্যৰ বিশালতা (Vastness of the Empire)।

(ঙ) দুৰ্বল সামৰিক বাহিনী (Weak Military force)।

(চ) উত্তৰাধিকাৰী আইনৰ অভাৱ (Lack of-law of Succession)।

(ছ) অশোকৰ অহিংসা নীতি (Non-violence Policy of Asoka)।

(জ) ব্ৰাহ্মণ বিদ্ৰোহ (Revolt of the Brahmans)।

(ঝ) বিদেশী আক্ৰমণ (Foreign Invasion)।

(ঞ) অশোকৰ দায়িত্ব (Asoka's Responsibility)।


৬২। সাতবাহনসকলৰ ইতিহাস জনাৰ নিৰ্ভৰযোগ্য উৎস তিনিটা কি কি?

উত্তৰঃ সাতবাহনসকলৰ ইতিহাস জনাৰ নিৰ্ভৰযোগ্য উৎস তিনিটা আছিল- শিলালিপি, মুদ্ৰা আৰু পুৰাণ।


৬৩। সাহিত্য আৰু সুকুমাৰ কলাৰ মহান পৃষ্ঠপোষক কোন?

উত্তৰঃ সাতবাহনসকল সাহিত্য আৰু সুকুমাৰ কলাৰ মহান পৃষ্ঠপোষক আছিল।


৬৪। শকইতিহাসৰ বাবে নিৰ্ভৰযোগ্য সমল কি?

উত্তৰঃ শকইতিহাসৰ বাবে নিৰ্ভৰযোগ্য সমল আছিল বৌদ্ধ, চীন আৰু গ্ৰীক সাহিত্য আৰু মুদ্ৰাৰ পৰাও শকসকলৰ ইতিহাস জানিব পাৰি।


৬৫। শকসকল ভাৰতত কেইটা ভাগত বিভক্ত আৰু কি কি?

উত্তৰঃ শকসকল সাধাৰণতে ভাৰতত দুটা ভাগত বিভক্ত আছিল- (ক) উত্তৰ শক ক্ষত্ৰপসকল আৰু (খ) পশ্চিমৰ শক ক্ষত্ৰপসকল।


৬৬। বৈদিক সাহিত্যত কেইবিধ মাটিৰ উল্লেখ পোৱা যায় আৰু কি কি?

উত্তৰঃ বৈদিক সাহিত্যত তিনিবিধ মাটিৰ উল্লেখ পাওঁ- (ক) গৃহ নিৰ্মাণ কৰা মাটি (বাস্তু), (খ) কৃষি মাটি (ক্ষেত্ৰ) আৰু (গ) চৰণীয়া পথাৰ। অমৰকোষত ১২ বিধ মাটিৰ বিৱৰণ আছে।


৬৭। সংস্কৃতিৰ যুগ বুলি কাক কোৱা হয়?

উত্তৰঃ ১০০০ খৃঃপূঃৰ পৰা ৩০০ খৃঃপূঃৰ সময়ছোৱাক মধ্য ভাৰত আৰু ডেক্কানত নেগালিথিক সংস্কৃতিৰ যুগ বুলি কোৱা হয়।


৬৮। মেগালিথিক শব্দটো গ্ৰীক শব্দটো ক'ৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি?

উত্তৰঃ মেগালিথিক শব্দটো গ্ৰীক শব্দ 'মেগাচ' শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হ'ল- মেগা মানে প্ৰকাণ্ড আৰু লিথচ মানে প্ৰস্তৰ বা শিল। মেগালিথচ হ'ল মৃতকৰ স্মৃতিত ৰীতিমতে প্ৰকাণ্ড শিলেৰে নিৰ্মিত গাঁথনিবোৰ।


৬৯। বিশুদ্ধ তামিল অঞ্চল কাক বোলা হয়?

উত্তৰঃ প্ৰাচীন সাহিত্য টকাপিয়ম বিশেষ মুখাবন্ধত শব্দটোক তামিল-কুৰু-নাল-লুলাকম বুলি অৰ্থাৎ তামিল কোৱা সুন্দৰ জগত আৰু চেন্টামিল নিলম অৰ্থাৎ বিশুদ্ধ তামিলৰ অঞ্চল বুলি কোৱা হয়।


৭০। সঙ্গম যুগৰ সাহিত্যবোৰক কেইটা কাব্যিক সংকলনত ভাগ কৰা হৈছে? কি কি?

উত্তৰঃ সঙ্গম যুগৰ সাহিত্যবোৰক ৮টা কাব্যিক সংকলনত ভাগ কৰা হৈছে- (ক) নাৰিনয়, (খ) কুৰুন্দগয়, (গ) আইংগুৰুনুৰু, (ঘ) পদিৰুপটু, (ঙ) পৰিপাতই, (চ) কলিটোগয়, (ছ) আহননুৰু আৰু (জ) পুৰাণনুৰু। 


৭১। তামিলাকামৰ অৰ্থ কি?

উত্তৰঃ তামিলাকামৰ অৰ্থ হ'ল তামিলৰ ঘৰ বা প্ৰাচীন তামিল দেশ।


৭২। তামিলাকামত তিনিটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক অঞ্চল আছিল কি কি?

উত্তৰঃ তামিলাকামত তিনিটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক অঞ্চল আছিল- চেৰা নাডু, চোল নাডু আৰু পাণ্ড্য নাডু।


৭৩। তামিলাকামক ১২টা সামাজিক ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে কি কি?

উত্তৰঃ তামিলাকামক ১২টা সামাজিক ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছিল। যেনে-

(১) থেনপণ্ডি নাডু, (২) পানৰি নাডু, (৩) কুডা নাডু, (৪) পুনল নাডু, (৫) পুজি নাডু, (৬) বেনাদ, (৭) অৰুবা নাডু, (৮) কাক্কনাদ, (৯) আৰুবা বদথালয় নাডু, (১০) চিদা নাডু, (১১) মলয় নাডু আৰু (১২) তুলু নাডু।  


৭৪। প্ৰাগঐতিহাসিক ৰজা কাক বোলা হয়?

উত্তৰঃ মাদুৰাইৰ পাণ্ড্যসকলৰ এটা অতীত ইতিহাস আছিল। বহুতো পাণ্ড্য ৰজাক পৌৰাণিক বা প্ৰাগঐতিহাসিক ৰজা বোলা হয়।


৭৫। সঙ্গম যুগৰ বিখ্যাত পাণ্ড্য ৰজাজনৰ নাম কি?

উত্তৰঃ সঙ্গম যুগৰ বিখ্যাত পাণ্ড্য ৰজাজন আছিল টালায়ালহনমৰ নেদুমচেহিয়ান। তেওঁ মাদুৰাই কাঞ্চীৰ এজন বিখ্যাত বীৰ আছিল।


৭৬। সঙ্গম যুগৰ শেষ শক্তিশালী পাণ্ড্য ৰজাজনৰ নাম কি?

উত্তৰঃ সঙ্গম যুগৰ শেষ শক্তিশালী পাণ্ড্য ৰজা আছিল কানপাৰকাদন্দ উগ্ৰপেৰু বলুদি। তেওঁ এজন কবি আছিল আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল।


৭৭। সঙ্গম সাহিত্যক তামিলসকলৰ কি সৃষ্টি বুলি কোৱা হয়?

উত্তৰঃ সঙ্গম সাহিত্যক তামিলসকলৰ নিভাজ সৃষ্টি বুলি কোৱা হয়।


৭৮। টোকিপিয়াৰে ৰচনা কৰা পুৰণি প্ৰচলিত তামিল ব্যাকৰণ খনৰ নাম কি?

উত্তৰঃ টোকিপিয়াৰে ৰচনা কৰা পুৰণি প্ৰচলিত তামিল ব্যাকৰণ খনৰ নাম - টোকাপিয়াম।


৭৯। অবনাম কি?

উত্তৰঃ হস্ততাত বহুতো লোকৰ পূৰ্ণকালীন বৃত্তি আছিল অৱশ্যে কৃষকসকলে আংশিক সময় কাপোৰ বোৱা-কটাত খৰচ কৰিছিল। বজাৰসমূহক অবনাম বোলা হৈছিল।


৮০। চমুটোকা লিখা।

(ক) ৰাজনৈতিক অৱস্থা

উত্তৰঃ ৰাজনৈতিক অৱস্থাঃ ঋগবেদ সংহিতাত আৰ্যসকলৰ ৰাজনৈতিক অৱস্থাৰ ধাৰণা পোৱা যায়। ঋগবেদৰ যুগৰ ভাৰতৰ ৰাজনৈতিক বিকাশৰ ক্ৰমৰ সন্ধান উলিয়াব পাৰি। আৰ্যসমাজ পুৰুষ প্ৰধান আছিল আৰু পৰিয়ালৰ ওপৰত পিতৃৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু কৰ্তৃত্ব আছিল। সেই সময়ৰ একোটা পৰিয়ালক কুল বোলা হৈছিল আৰু পৰিয়ালৰ মুৰব্বীজনক সেইবাবে কুলপতি বোলা হৈছিল। বহুতো পৰিয়াল একত্ৰিত হৈ এখন গাওঁ বা গ্ৰাম গঠন কৰিছিল আৰু গাওঁৰ মুৰব্বীজন আছিল গ্ৰামনী। এনেদৰে বহুতো গাওঁ লগ হৈ এখন 'বিষ' গঠন কৰিছিল আৰু ইয়াৰ অধিপতিজন আছিল 'বিশপতি' । বহুতো বিশৰ সমষ্টিয়েই আছিল 'জন' আৰু ইয়াৰ প্ৰধান প্ৰশাসনিক মুৰব্বীজন আছিল 'ৰজা' আৰু তেওঁক 'ৰাজন' বুলি কোৱা হৈছিল। 


(খ) পৰৱৰ্তী বৈদিক যুগ

উত্তৰঃ পৰৱৰ্তী বৈদিক যুগঃ ১০০০ খৃঃপূঃত ঋকবেদ যুগৰ অন্ত পৰিছিল। ঋকবেদৰ যুগত একমাত্ৰ ঋকবেদখনহে লিখা হৈছিল। ১০০০ খৃঃ পূঃৰ পৰা ৬০০ খৃঃপূঃলৈ এই সময়ছোৱাক পৰৱৰ্তী বৈদিক যুগ নামেৰে জনা যায়। পৰৱৰ্তী বৈদিক যুগৰ সময়ত আৰ্যসকলে তিনিখন বেদ ৰচনা কৰিছিল- সামবেদ, যজুৰবেদ আৰু অৰ্থব বেদ। তেওঁলোকে ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ, সূত্ৰ, পুৰাণ, ৰামায়ণ আৰু মহাভাৰত ৰচনা কৰিছিল। এইটো যুগতে আৰ্য সভ্যতাই ক্ৰমে পূব আৰু দক্ষিণফালে সম্প্ৰসাৰিত হৈছিল। সংস্কৃতিৰ কেন্দ্ৰস্থল কুৰুক্ষেত্ৰ আৰু মধ্যদেশলৈ স্থানান্তৰিত হৈছিল, যমুনা আৰু গঙ্গা অঞ্চল বিখ্যাত হৈ পৰিছিল।


(গ) ধৰ্মীয় অৱস্থা

উত্তৰঃ ধৰ্মীয় অৱস্থাঃ পৰৱৰ্তী বৈদিক যুগত ধৰ্মীয় অৱস্থাৰ বহু পৰিৱৰ্তন হৈছিল। মানুহে মন্ত্ৰৰ দ্বাৰা দেৱতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ ফলত মন্ত্ৰৰ গুৰুত্ব বৃদ্ধি পাইছিল। সৰ্বশক্তিমান জনৰ ক্ষমতা,  আৰু তেওঁৰ সৰ্বজ্ঞানক অথৰ্ব বেদত স্বীকৃত দিয়া হৈছিল। বিশ্ব সৃষ্টি কৰা আৰু পালন কৰা সৰ্বোত্তম দেৱতাৰ ধাৰণাৰ সৃষ্টি হৈছিল আৰু অথৰ্ব বেদত ব্ৰহ্মাৰ স্থিতিৰ বিষয়ে বৰ্ণনা কৰিছিল। ঋকবৈদিক যুগৰ দেৱতা যেনে- ইন্দ্ৰ, বৰুণ, সূৰ্য, পৃথিৱী, অগ্নি আদি পৰৱৰ্তী বৈদিক যুগতো অব্যাহত আছিল। তাৰোপৰি এই সময়ছোৱাতে বিষ্ণু, শিৱ, গণেশ, পাৰ্বতী, ৰাম, কৃষ্ণ আদি নতুন দেৱতাই স্থিতি লাভ কৰিছিল।


(ঘ) অষ্টমাৰ্গ

উত্তৰঃ অষ্টমাৰ্গঃ

 * সৎ চিন্তাঃ বুদ্ধদেৱে চিন্তা কৰিছিল যে অ়জ্ঞতাৰ বাবে মানুহে নিজৰ আত্মা আৰু জগত সম্বন্ধে ভুল পথ গ্ৰহণ কৰে। ইয়াৰ ফলত মানুহে পাৰ্থিব সুখৰ বাবে দুখৰ পথ অনুসৰণ কৰে। এনে ভুল চিন্তা বা ধাৰণা পৰিহাৰ কৰি বাস্তৱসন্মত পথ গ্ৰহণ কৰাটোৱেই হ'ল শুদ্ধ চিন্তা।

* সৎ বচনঃ মানুহে মিছা কথা কোৱা উচিত নহয় আৰু মানুহক কঠোৰ বাক্য বা সমালোচনা কৰা উচিত নহয়। 

* সৎ জীৱন যাপনঃ মানুহে সৎ পথেৰে আৰু শুদ্ধ আৰু পৱিত্ৰতাৰে জীৱন-যাপন কৰিব লাগে। অন্যায়ভাৱে জীৱন-যাপন কৰাৰ পৰা নিজকে বাৰণ কৰা উচিত।

* সৎ কৰ্মঃ মানুহে সৎ কৰ্মৰে জীৱন যাপন কৰিব লাগে। অন্যৰ ক্ষতি সাধন কৰিব পৰা বা আনক দুখ দিয়া কাৰ্য কৰিব নালাগে। অহিংসা পথেৰে কাম কৰি শুদ্ধ আৰু পৱিত্ৰ জীৱন অতিবাহিত কৰিব লাগে।

* সৎ বিশ্বাসঃ মানুহে হিংসা ঈৰ্ষাপৰায়ণতা আৰু অন্ধবিশ্বাস ত্যাগ কৰা উচিত। আনৰ অপকাৰ বা ক্ষতি কৰা কাম কৰিব নালাগে। নিৰ্বাণ লাভৰ বাবে পাৰ্থিব বস্তুৰ প্ৰতি থকা মোহ ত্যাগ কৰিব লাগে।

* সং প্ৰচেষ্টাঃ মানুহে কু-প্ৰবৃত্তিক দমন কৰিব লাগে আৰু শুদ্ধ জ্ঞান আহৰণ কৰিব লাগে।  শুদ্ধ জ্ঞানে মানুহক সৎ চেষ্টা কৰিবলৈ অনুপ্ৰেৰণা যোগায়। সৎ প্ৰচেষ্টাই বেয়া কাম বা কু-প্ৰবৃত্তিৰ শিপা উভালি পেলোৱাত সহায় কৰে।

* সৎ স্মৃতিঃ মানুহে নিৰ্বাণ প্ৰাপ্তি লাভ কৰিবলৈ হ'লে সদায় সজাগ আৰু সতৰ্ক হোৱা প্ৰয়োজন। সেয়ে মানুহে ইতিমধ্যে লাভ কৰা জ্ঞান মনত ৰাখিব লাগে। পূৰ্বৰ কৰ্ম জ্ঞানে মানুহক সতৰ্ক হ'বলৈ বাধ্য কৰায়।

* সৎ ধ্যানঃ মানুহে সৎ কৰ্ম বা সৎ বস্তুত মনোযোগ স্থিৰ কৰা উচিত। মানুহে কুভাৱ, কু-সংস্কাৰৰ পৰা মুক্ত হ'লে শুদ্ধ চিন্তাতমগ্ন হ'ব পাৰে। অনুভূতি বা জ্ঞানৰ স্থিৰতাই হ'ল সৎ ধ্যানত মগ্ন হোৱা।



Author : Pompi Hazarika







Post ID: DABP004526