হৰপ্পা সংস্কৃতি

অধ্যায় ৪

চমু প্ৰশ্নউত্তৰঃ

১। কিমান খৃঃত সিন্ধু উপত্যকাৰ সভ্যতাৰ অৱস্থিতিৰ প্ৰমাণ পোৱা গৈছিল?

উত্তৰঃ ১৯২২-২৪ খৃঃত সিন্ধু উপত্যকৰ সভ্যতাৰ অৱস্থিতিৰ প্ৰমাণ পোৱা গৈছিল।


২। নতুনকৈ আৱিষ্কাৰ হোৱা এই সংস্কৃতিটো কেইটা নামেৰে জনা যায় আৰু কি কি?

উত্তৰঃ নতুনকৈ আৱিষ্কাৰ হোৱা এই সংস্কৃতিটোক তিনিটা নামেৰে জনা যায় আৰু সেইকেইটা হৈছে- সিন্ধু সভ্যতা, সিন্ধু উপত্যকাৰ সভ্যতা আৰু হৰপ্পা সংস্কৃতি।


৩।মহেঞ্জোদাৰোৰ অৰ্থ কি?

উত্তৰঃ মহেঞ্জোদাৰোৰ অৰ্থ হ'ল 'মৃত্যু ঢিপ'।


৪। ঘৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ ঘৰবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে- বাসগৃহ, বৃহৎ অট্টালিকা আৰু ৰাজহুৱা স্নানাগাৰ।


৫। হৰপ্পাত উদ্ধাৰ হোৱা বৃহৎ ভঁৰালটোৰ জোখ কিমান?

উত্তৰঃ হৰপ্পাত উদ্ধাৰ হোৱা বৃহৎ ভঁৰালটোৰ জোখ আছিল - ১৬৯ ফুট পুৰণ ১৩৫ফুট।


৬। সিন্ধু উপত্যকাত খনন কাৰ্য্যৰ সময়ত কেইটা মুদ্ৰা আৱিষ্কাৰ হৈছিল?

উত্তৰঃ সিন্ধু উপত্যকাত খনন কাৰ্য্যৰ সময়ত ৫৫০ টা মুদ্ৰা আৱিষ্কাৰ হৈছিল।


৭। সিন্ধু উপত্যকাৰ মানুহে কেইটা শ দাহন কৰা প্ৰথা মানিছিল আৰু কি কি?

উত্তৰঃ সিন্ধু উপত্যকাৰ মানুহে তিনিটা শ দাহন কৰা প্ৰথা মানিছিল- (ক) মৃতদেহ সম্পূৰ্ণৰূপে গাঁত খান্দি পুতি থোৱা (খ) বনৰীয়া পশুৰ মৃতদেহ ভক্ষণ কৰাৰ পিছত মৃতদেহৰ হাড়বোৰ গাত কৰি পুতি থোৱা আৰু (গ) মৃতদেহ দাহন কৰি পিছত হাড় আৰু চাই গাঁত খান্দি পুতি থোৱা।


৮। চমুটোকা লিখা।

(ক) সিন্ধু উপত্যকাৰ সভ্যতাৰ পতন

উত্তৰঃ সিন্ধু উপত্যকাৰ সভ্য়তাৰ পতনঃ সিন্ধু উপত্যকাৰ সভ্যতাৰ উত্থান আৰু বিকাশৰ প্ৰচুৰ প্ৰমাণ খনন কাৰ্যত পোৱা যায় যদিও পতনৰ কাৰণ নিৰ্ণয় কৰা বৰ কঠিন। সিন্ধু সভ্যতাৰ পতন হিচাবে বিভিন্ন যুক্তি আগবঢ়োৱা হৈছে। তাৰ প্ৰধান কাৰণ হিচাবে আগবঢ়োৱা যুক্তি আছিল যে সিন্ধু উপত্যকাত প্ৰচুৰ বৰষুণ হৈছিল। তাৰোপৰি সিন্ধু উপত্যকা জলাহ আৰু অৰণ্যৰে ভৰপূৰ আছিল।প্ৰচুৰ বৰষুণত সিন্ধু নদীয়ে সমগ্ৰ অঞ্চল ডুবাই পেলাইছিল আৰু বানপানীৰ কবলত পৰিছিল। অৱশ্যে নদীৰ পানীৰ পৰা ৰক্ষা পাবৰ বাবে তেওঁলোকে নদীৰ পাৰত মথাউৰি নিৰ্মাণ কৰিছিল। কিছুমান  বুৰঞ্জীবিদৰ মতে প্ৰচণ্ড ভূমিকম্পৰ ফলত সিন্ধু সভ্যতাৰ পতন হৈছিল। আন এচামৰ মতে সিন্ধু উপত্যকাত ভয়াবহ মহামাৰীয়ে চাৰিওফালে বিয়পি পৰিছিল আৰু মহামাৰীত সিন্ধু সভ্যতাৰ লোকসকলৰ মৃত্যু হৈছিল। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে অঞ্চলটো খৰাং হৈ পৰিছিল। মানুহে প্ৰচুৰ কাঠ জুইৰ বাবে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ ফলত জলবায়ুৰ পৰিবৰ্তন হৈছিল আৰু ৰাজ্য মৰুময় হৈ পৰিছিল। আনহাতে বহুতো বুৰঞ্জীবিদৰ মতে বৈদেশিক আক্ৰমণে সিন্ধু সভ্যতাৰ পতন ঘটাইছিল। আৰ্যসকলৰ আক্ৰমণ সিন্ধু সভ্যতা আক্ৰমণৰ যুক্তিসঙ্গত কাৰণ।


(খ) হৰপ্পা সংস্কৃতি

উত্তৰঃ হৰপ্পা সংস্কৃতিঃ ১৯২২-২৪ খৃঃত সিন্ধু উপত্যকাৰ সভ্যতাৰ অৱস্থিতিৰ প্ৰমাণ পোৱা গৈছিল। তাৰ আগলৈকে ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ ইতিহাস ভাৰতত আৰ্যসকলৰ বসতি স্থাপনৰ সময়ৰ পৰাহে গণ্য কৰা হৈছিল। কিন্তু ১৯২২-২৪ খৃঃত আৰ, দি, বেনাৰ্জী, গযাৰাম চাহনী, চাৰ জন মাৰ্চাল, মেকে, কাশীনাথ দীক্ষিত, আদিয়ে মহেঞ্জোদাৰো, হৰপ্পা আৰু ইয়াৰ প্ৰতিবেশী অঞ্চল সিন্ধু, পশ্চিম পঞ্জাৱ, বেলুচিস্তান আদি ঠাইত এটা অতি উন্নত সভ্যতাৰ চিহ্ন আৱিষ্কাৰ কৰিছে। খনন কাৰ্য্যৰ পৰা উদ্ধাৰ হোৱা সভ্যতাৰ ধ্বংসাৱশেষবোৰে ভাৰতীয় সভ্যতাৰ পৌৰাণিক সময় প্ৰায় ৩০০০ খৃঃপূলৈ পিছুৱাই নিছে। ১৯২১ খৃঃত ৰায়বাহাদুৰ চাহানীয়ে পশ্চিম পঞ্জাৱৰ হৰপ্পাত এই গুৰুত্বপূৰ্ণ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। পৰৱৰ্তী বছৰত ১৯২২ চনত আৰ, কে. বেনাৰ্জীয়ে হৰপ্পাৰ পৰা ৬৪০ কিলোমিটাৰ দূৰত্বত মহেঞ্জোদাৰোত এখন গৌৰৱোজ্জল নগৰৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। মহেঞ্জোদাৰো সিন্ধু প্ৰদেশৰ লাৰকানা জিলাত অৱস্থিত। মহেঞ্জোদাৰোৰ অৰ্থ হ'ল 'মৃত্যু ঢিপ'।


(গ) নগৰ পৰিকল্পনা

উত্তৰঃ নগৰ পৰিকল্পনাঃ হৰপ্পা সংস্কৃতিৰ নগৰ পৰিকল্পনাৰ বিষয়ে কৰা আলোচনাৰ বাবে মহেঞ্জোদাৰো, হৰপ্পা, চানহুদাৰো, কলিবাগান, লোথান, সুৰুকোতদা আৰু বনৱালিত উদ্ধাৰ হোৱা ধ্বংসাৱশেষবোৰক ভেটি হিচাবে লগ লাগিব। হৰপ্পা সংস্কৃতিৰ প্ৰধান চৰিত্ৰ আছিল অতি ধুনীয়াকৈ পৰিকল্পনা কৰি নিৰ্মাণ কৰা নগৰৰ অট্টালিকা। এই সভ্যতাৰ নগৰবোৰ নদীৰ পাৰত প্ৰতিষ্ঠা কৰা হৈছিল। হৰপ্পা, ৰাবী, আৰু মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত আছিল সেয়ে নগৰৰ সুৰক্ষাৰ বাবে মথাউৰি নিৰ্মাণ কৰিছিল। হৰপ্পা সভ্যতা নগৰকেন্দ্ৰিক সভ্যতা আছিল।

    নগৰখন দুটা প্ৰধান ভাগত ভাগ কৰা হৈছিল। নগৰৰ উচ্চ অংশ দুৰ্গৰে সুৰক্ষিত আছিল। নগৰৰ শাসক শ্ৰেণী এনে সুৰক্ষিত অঞ্চলত বসবাস কৰিছিল। আনহাতে নগৰৰ নিম্নাংশত সাধাৰণ মানুহবোৰে বাস কৰিছিল। নগৰৰ মূল পথবোৰ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূৱৰ পৰা পশ্চিমলৈ ইটোৱে সিটো পথক কাটি আগবাঢ়ি গৈছিল। পথবোৰ ৯ ফুটৰ পৰা ৩৪ ফটলৈ বহল আছিল। মূল পথবোৰক অসংখ্য সৰু পথেৰে সংযোগ কৰা হৈছিল। প্ৰাচীন নগৰবোৰত মূল পথ আৰু উপপথ কাষত অট্টালিকা নিৰ্মাণ কৰা হৈছিল। পথবোৰৰ কাষত ৰাজহুৱা কুঁৱা আৰু নিৰ্দিষ্ট দূৰত্বৰ অন্তৰত পোহৰৰ বাবে চাকিৰ খুটাৰ ব্যৱস্থা আছিল।


(ঘ) আৰ্য সংস্কৃতিৰ ওপৰত সিন্ধু সভ্যতাৰ প্ৰভাৱ

উত্তৰঃ আৰ্য সংস্কৃতিৰ ওপৰত সিন্ধু সভ্যতাৰ প্ৰভাৱঃ সিন্ধু উপত্যকাৰ সভ্যতাৰ দৰে এটা মহান সংস্কৃতিবান সভ্যতাই পৰৱৰ্তী আৰ্য সভ্যতা বা মানৱ সভ্যতালৈ প্ৰচুৰ অৱদান এৰি থৈ গৈছে। ভাৰতত বসবাস কৰা সকলো জনগোষ্ঠীৰ ওপৰত সংস্কৃতি আৰু সভ্যতাৰ বিকাশত অপৰিসীম প্ৰভাৱ বিস্তাৰ কৰিছিল। প্ৰচুৰ প্ৰমাণসহ নিৰ্ধাৰণ কৰিব পাৰি যে হিন্দুত্ববাদৰ মূল ধাৰণা সিন্ধু সংস্কৃতিৰ পৰা নিসৃত হৈছে। এইটো সম্পূৰ্ণ সত্য যে ভাৰতীয় লিখনি আৰু মুদ্ৰাৰ ওপৰৰ ছাপ, একেদৰে শিল্পকলা আৰু হস্তশিল্পৰ ক্ষেত্ৰত পৰবৰ্ত্তী কালৰ ভাৰত সিন্ধু উপত্যকাৰ ওচৰত ঋণী। সামগ্ৰিকভাবে এইটো সকলোৰে বোধগম্য যে ভাৰতৰ বৰ্তমান সভ্যতা অকল আৰ্যসভ্যতাৰ বাবেই গঢ়ি উঠা নাই, অতীতৰ সিন্ধু সভ্যতাকে ধৰি বহুতো সংস্কৃতিৰ সংমিশ্ৰণতহে গঢ়ি উঠিছে। সিন্ধু সভ্যতাৰ পতনৰ লগে লগে ইয়াৰ সংস্কৃতিৰ পতন হোৱা নাছিল বৰং ই নতুন ৰূপত সভ্যতাৰ হাতোৰাত সজীৱ আৰু সঠিক ৰূপত বিকশিত হৈ পৰিছিল।



Author : Pompi Hazarika






Post ID: DABP004528