ৰাজপথ

অধ্যায় ৬

চমু প্ৰশ্নউত্তৰঃ

১। ভৱানন্দ দত্ত কিমান চনত জন্ম হয়?

উত্তৰঃ ভৱানন্দ দত্ত ১৯১৮ চনত যোগহাটত জন্ম হয়।


২। কিমান চনত ভৱানন্দ দত্ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্ৰী লাভ কৰে?

উত্তৰঃ ১৯৪৪ চনত ভৱানন্দ দত্ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্ৰী লাভ কৰে।


৩। ভৱানন্দ দত্ত দেৱৰ উল্লেখযোগ্য ৰচনাসমূহ কি কি?

উত্তৰঃ ভৱানন্দ দত্ত দেৱৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে- 'Philosophy and India', 'ৰবীন্দ্ৰ প্ৰতিভা', 'দৃষ্টি আৰু দৰ্শন', 'অসমীয়া কবিতাৰ কাহিনী', 'অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন'।


৪। ভৱানন্দ দত্তৰ এখন গৱেষণাত্মক গ্ৰন্থৰ নাম কি?

উত্তৰঃ ভৱানন্দ দত্তৰ এখন গৱেষণাত্মক গ্ৰন্থৰ নাম- দৃষ্টি আৰু দৰ্শন।


৫। ভৱানন্দ দত্ত কোন শ্ৰেণীৰ কবি?

উত্তৰঃ ভৱানন্দ দত্ত আধুনিক প্ৰগতিবাদী ভাৱধাৰাৰ কবি।


৬। ভৱানন্দ দত্তৰ পিতৃৰ নাম কি?

উত্তৰঃ ভৱানন্দ দত্তৰ পিতৃৰ নাম- সৰ্বানন্দ দত্ত।


৭। ভৱানন্দ দত্তৰ মাতৃৰ নাম কি?

উত্তৰঃ ভৱানন্দ দত্তৰ মাতৃৰ নাম- মনোমোহিনী দত্ত।


৮। ভৱানন্দ দত্তৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ ভৱানন্দ দত্তৰ ১৯৫৯ চনত মৃত্যু হয়।


 ৯।‘জয়ন্তী’ৰ প্ৰথম সম্পাদক কোন? 

উত্তৰঃ ‘জয়ন্তী’ৰ প্ৰথম সম্পাদক ৰঘুনাথ চৌধাৰী।


১০। ‘জয়ন্তী’ৰ পিছৰ সম্পাদক কোন?

উত্তৰঃ ‘জয়ন্তী’য়ে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ যুটীয়া সম্পাদনাত নতুন ৰূপত চল্লিছৰ দশকৰ তৃতীয় বছৰত প্ৰকাশ পায়।


১১। ভৱানন্দ দত্তৰ ছদ্মনাম কি ?

উত্তৰঃ ভৱানন্দ দত্তৰ ছদ্মনাম হলঃ- নাচিকেতা।


১২। ‘ৰাজপথ’ কবিতাটিৰ প্ৰথম প্ৰকাশ ক’ত হৈছিল। 

উত্তৰঃ ‘জয়ন্তী’ৰ প্রথম সংখ্যাত ‘নাচিকেতা’ ছদ্মনামত ভৱানন্দ দত্তই ‘ৰাজপথ’ কবিতাটি ৰচ কৰিছিল।


১৩। প্রগতিবাদী চিন্তাধাৰাক কোনখন আলোচনীয়ে অসমীয়া সাহিত্যলৈ প্ৰথমে বোৱাই আনে?

উত্তৰঃ প্রগতিবাদী চিন্তাধাৰাক ‘জয়ন্তী’ আলোচনীয়ে অসমীয়া সাহিত্যলৈ প্ৰথমে বোৱাই আনে।


১৪। প্রগতিবাদী চিন্তাধাৰা বুলিলে কি বুজা।

উত্তৰঃ বিংশ শতিকাৰ চল্লিছৰ দশকৰ বাস্তৱবাদী চিন্তাধাৰাৰে সমাজৰ নিঃস্ব, অৱহেলিত, শোষিত-লাঞ্চিতসকলৰ দুখ-দুর্দশাৰ ছৱি অংকিত কৰা এই চিন্তাদৰ্শক প্রগতিবাদী চিন্তাধাৰা বুলিব পাৰি।


১৫। ৰোমান্টিক আৰু আধুনিক কবিতাৰ এটা পার্থক্য লিখা।

উত্তৰঃ ৰোমান্টিক কবিৰ বাস্তৱ-বিমুখ ভাবাৱেগৰ বিপৰীতে আধুনিক কবিতাত সামাজিক চেতনাক অগ্ৰাধিকাৰ দিয়ে। 


১৬। ৰাজপথ কবিতাটিৰ ৰচক কোন? কবিতাটি কোনখন আলোচনীত প্রথম প্রকাশ পাইছিল? 

উত্তৰঃ ‘ৰাজপথ’ কবিতাটিৰ ৰচক ভবানন্দ দত্ত। এই কবিতাটো ‘জয়ন্তী’ নামৰ আলোচনীখনত প্রকাশ পাইছিল।


১৭। ভৱানন্দ দত্তৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ ভৱানন্দ দত্তৰ ১৯১৯ চনত যোৰহাটত জন্ম হয়। কামৰূপৰ ৰক্তনপুৰ গাঁৱৰ চৌখুটি ছাত্ৰ-বৃত্তি স্কুল, বজালী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা, কটন মহাবিদ্যালয়ৰ পৰা আই. এ. আৰু দর্শন বিষয়ত প্রথম শ্রেণীসহ বি. এ. পৰীক্ষাত তেখেত উত্তীর্ণ হয়। ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্রী লাভ কৰে। ইয়াৰ পিছত নলবাৰী কলেজত কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে সেৱা আগবঢ়ায়। ১৯৫১ চনত তেখেতৰ মৃত্যু হয়। উল্লেখযোগ্য ৰচনাসমূহ ‘Philosophy and India ‘ৰবীন্দ্ৰ প্ৰতিভা’, ‘দৃষ্টি আৰু দৰ্শন’, ‘অসমীয়া কবিতাৰ কাহিনী’, ‘অসমৰ জাতীয় সমাস্যাৰ বিৱৰ্তন’।‘১৯৭৪ চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কবি সন্মিলত সভাপতিত্ব কৰে।


১৮। ৰাজপথৰ প্ৰশান্ত অবস্থাৰ সুবিধা লৈ কেনে ধৰণৰ প্ৰেমৰ ছবি কবিয়ে অংকণ কৰিছে চমুকৈ লিখা।

উত্তৰঃ ৰাজপথৰ প্ৰশান্ত অৱস্থাৰ সুবিধা লৈ নিশাৰ আন্ধাৰত বহু ব্যগ্ৰ ৰজনীৰ উভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলাৰ ছবি কবি ভৱানন্দ দত্তই অংকন কৰিছে। কবি দত্তৰ ভাষাত :

“ কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্রান্ত প্ৰেমৰ

      গোপন অভিসাৰ চলে 

 তোমাৰ প্ৰশাস্ততাৰ সুবিধা লৈ।”


১৯। ৰাজপথৰ দুয়োকাষে কবিয়ে কি লক্ষ্য কৰিছে? তাৰ ভিতৰুৱা ৰূপ কেনেকুৱা? 

উত্তৰঃ ৰাজপথৰ দুয়োকাষে কবি ভৱানন্দ দত্তই দালানৰ শাৰি লক্ষ্য কৰিছে। সেই দালানৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ৰ গান আৰু অর্গেনত ৰবীন্দ্র সংগীত শুনা যায়। আকৌ, ডবল ভলিচা পৰা সেই দালানৰ অন্তঃভাগত থকা মেহগনি (দামী) পালেঙত বিবহ বেদনাত কাতৰ হৈ থকা কলেজীয়া ছোৱালীৰ অলসায়িত দেহা কবিয়ে দেখা পাইছে। দালানৰ বাহ্যিক দৃষ্টিৰ সৌন্দর্যতাৰ পৰিৱর্তে অভ্যন্তৰৰ কোঠাৰ কদর্য আৰু বেদনাময় ৰূপ কবিয়ে লক্ষ্য কৰিছে।


২০ I ৰাজপথৰ তলত কবিয়ে দেখা চিত্ৰ খনত কি অংকিত হৈছে? 

উত্তৰঃ ৰাজপথৰ তলত কবি ভৱানন্দ দত্তই ফুটপাথত ভিক্ষাৰ শুন্য পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় কংকালৰ সৰ্বহাৰাৰ শাৰী অংকিত কৰিছে।


২১। ব্লেক আউট শব্দৰ অৰ্থ কি?

উত্তৰঃ ব্লেক আউট শব্দৰ অৰ্থ হৈছে- নিষ্প্ৰদীপ।


২২। উদ্ভ্ৰান্ত শব্দৰ অৰ্থ কি?

উত্তৰঃ উদ্ভ্ৰান্ত শব্দৰ অৰ্থ হৈছে- ব্যাকুল।


২৩। শ্ৰান্তি শব্দৰ অৰ্থ কি?

উত্তৰঃ শ্ৰান্তি শব্দৰ অৰ্থ হৈছে- ভাগৰ।


২৪। মেহগনি শব্দৰ অৰ্থ কি?

উত্তৰঃ মেহগনি শব্দৰ অৰ্থ হৈছে-  এবিধ মূল্যৱান কাঠ।


২৫। দস্যুতা শব্দৰ অৰ্থ কি?

উত্তৰঃ দস্যুতা শব্দৰ অৰ্থ হৈছে- ডকাইতি।


২৬। ছাইন-পোষ্ট শব্দৰ অৰ্থ কি?

উত্তৰঃ ছাইন-পোষ্ট শব্দৰ অৰ্থ হৈছে- পথৰ নাম আদি উল্লেখ থকা ফলক-স্তম্ভ।


২৭। নিঃশ্ৰেয়স শব্দৰ অৰ্থ কি?

উত্তৰঃ নিঃশ্ৰেয়স শব্দৰ অৰ্থ হৈছে- মংগলহীন।


২৮। মোক্ষ শব্দৰ অৰ্থ কি?

উত্তৰঃ মোক্ষ শব্দৰ অৰ্থ হ'ল- মুক্তি।



Author: Pompi Hazarika




Post ID: DABP005978