বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব 

তৃতীয় অধ্যায় 


১। অৰ্থনৈতিক সংগঠন কাক বোলে 

উত্তৰঃ  প্ৰতিখন সমাজত জীৱন-ধাৰণৰ বাবে কিছুমান নিৰ্দিষ্ট কাৰ্যপদ্ধতি আছে । জীৱন-ধাৰণৰ বাবে থকা এনে কাৰ্যপদ্ধতিসমূহ সমাজ অনুসৰি বেলেগ বেলেগ হোৱা দেখা যায় । জীৱন-ধাৰণৰ বাবে গ্ৰহণ কৰা এনে নিৰ্দিষ্ট কাৰ্যপদ্ধতিকে সমাজ এখনৰ অৰ্থনৈতিক সংগঠন বোলে ।


২। সাংস্কৃতিক নৃতত্ত্বৰ এটা শাখাৰ নাম লিখা ।

উত্তৰঃ  সাংস্কৃতিক নৃতত্ত্বৰ এটা শাখাৰ নাম হল অৰ্থনৈতিক নৃতত্ব ।


৩। বস্তুগত সংস্কৃতি কাক বোলে ।

উত্তৰঃ প্ৰাত্যাহিক জীৱনৰ নানা প্ৰয়োজন পূৰণ কৰিবলৈ সাজি লোৱা সামগ্ৰীসমূহ, যেনে খাদ্যদব্য উদ্ভৱ কৰাৰ বাবে ব্যৱহাৰ কৰা সা-সজুলি , অস্ত্ৰ-শস্ত্ৰ, কাহী-বাটি, বস্ত্ৰ, আ-অলংকাৰ, বাসগৃহ, যান-বাহন ইত্যাদিক বস্তুগত সংস্কৃতি বুলি কোৱা হয় ।


৪. ব্যৱহাৰমূলক অৰ্থনীতি কাক বোলে ।

উত্তৰঃ  আদিম অৰ্থনৈতিক ব্যৱস্থাত যিহেতু বেহা-বেপাৰৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকে আৰু আহৰণ কৰা সামগ্ৰীৰ বিতৰণ নিজ জনগোষ্ঠী বা পৰিয়ালৰ লোকৰ মাজতে সীমাবদ্ধ হৈ থাকে সেয়েহে আদিম অৰ্থনীতিক ব্যৱহাৰমূলক অৰ্থনীতি বুলি কোৱা হয় । 


৫. আদিম অৰ্থনৈতিক সংগঠনৰ প্ৰধান বৈশিষ্ট্য কেইটামান লিখা ।

উত্তৰঃ আদিম অৰ্থনৈতিক সংগঠনৰ প্ৰধান বৈশিষ্ট্য কেইটামান হল 

ক) সৰল আৰু ক্ষুদ্ৰ অৰ্থনীতি । সাধাৰণতে প্ৰাকৃতিকভাৱে উপলব্ধ আহাৰ্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰতে আদিম অৰ্থনীতি সীমাবদ্ধ ।

খ) আদিম অৰ্থনীতি স্বয়ংপূৰ্ণ । আহাৰ্য সামগ্ৰীৰ আহৰণ, বিতৰণ আৰু ব্যৱহাৰ ঘাইকৈ পৰিয়াল নাইবা আত্মীয় জনগোষ্ঠীৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে ।  

গ) শ্ৰম বিভাজন সৰল । সাধাৰণতে কাম কৰাৰ ক্ষমতা আৰু সুবিধা লৈ নাৰী, পুৰুষ আৰু বয়স অনুসৰি শ্ৰম বিভাজন কৰা হয় । 

ঘ) আদিম অৰ্থনীতিত ধনী বা দুখীয়া বুলি কোনো শ্ৰেণী নাথাকে । 

ঙ) আদিম অৰ্থনীতি সাধাৰণতে যাদু আৰু ধৰ্মবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায় । 

চ) কোনো বিশেষজ্ঞ কৰ্মী নাথাকে । সময় বিশেষে সকলো লোকে সকলোধৰণৰ কামকে কৰে । 

ছ) অৰ্থনৈতিক অনগ্ৰসৰতা আদিম অৰ্থনীতিৰ এটা প্ৰধান বৈশিষ্ট্য ।


৬.আদিম অৰ্থনৈতিক সংগঠনৰ মাজেৰে পৰিচালিত হোৱা কেইটামান সংগঠনৰ নাম লিখা ।

উত্তৰঃ  আদিম অৰ্থনৈতিক সংগঠনৰ মাজেৰে পৰিচালিত হোৱা কেইটামান সংগঠনৰ নাম হল 

ছোলাগা, কাদাৰ, আৰানাদান, পানিয়াৰ, কানিক্কাৰ, ইৰুলা, জাুান অধিবাসী আইনু, কোৱাকিটুল ইত্যাদি ।


৭. জীৱিকা প্ৰৱৰ্তন প্ৰণালী কাক বোলে ।

উত্তৰঃ  মানুহে জীয়াই থাকিবলৈ যি কাৰ্যপদ্ধতি অৱলম্বন কৰি অত্যাৱশ্যকীয় সামগ্ৰী আহৰণ কৰে তাকে জীৱিকা প্ৰৱৰ্তন প্ৰণালী বোলে । 


৮. জীৱিকা প্ৰৱৰ্তন প্ৰণালীক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ জীৱিকা প্ৰৱৰ্তন প্ৰণালীক দুটা ভাগত ভগাব পাৰি যেনে 

ক) অন্বেষণ জীৱিকা ।

খ) উৎপাদন জীৱিকা ।


৯. অন্বেষণ জীৱিকা কাক বোলে ।

উত্তৰঃ  মানুহে নিজ পৰিৱেশত প্ৰাপ্ত প্ৰাকৃতিক আহাৰ্য সামগ্ৰী আহৰণ কৰি ব্যৱহাৰ কৰাকে অন্বেষণ জীৱিকা বোলে ।


১০. অন্বেষণজীৱিসকলৰ কেইটামান বৈশিষ্ট্যৰ বিষয়ে লিখা ।

উত্তৰঃ অন্বেষণজীৱিসকলৰ কেইটামান বৈশিষ্ট্য হল 

ক) অন্বেষণজীৱিসকলে সাধাৰণতে অনগ্ৰসৰ আৰু আওহতীয়া অঞ্চল, যেনে দুৰ্গম হাবি, সীমান্ত, মৰুভূমি বা বৰফাবৃত্ত অঞ্চল আদিত বসবাস কৰে । ধাৰণা কৰা হয় যে পৃথিৱীৰ উৰ্বৰ মাটিভাগ উন্নত উৎপাদনজীৱিসকলে অধিকাৰ কৰি অন্বেষণজীৱিসকলক উপৰিউক্ত অঞ্চলসমূহলৈ খেদি পঠিয়ালে ।

খ) প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত নিৰ্ভৰশীল অন্বেষণজীৱিসকলৰ বাসভূমিত জনবসতি হোৱা দেখা যায় । এনেবোৰ অঞ্চলত জনবসতি ঘন হলে খাদ্যৰ নাটনি হব ।

গ) সামাজিক গোটবোৰ সৰু সৰু । সাধাৰণতে ৪০ বা ৫০ জন লোকৰদ্বাৰা একোটা সামাজিক দল গঠিত হয় । কেতিয়াবাহে ৮০ বা ১০০ জন লোক একোটা সামাজিক দলত দেখা পোৱা যায় ।

ঘ) শ্ৰমৰ বিভাজন সৰল । সাধাৰণতে কাম কৰাৰ ক্ষমতা আৰু সুবিধা লৈ নাৰী, পুৰুষ আৰু বয়সৰ ভিত্তিত শ্ৰম বিভাগ কৰা হয় ।

ঙ) প্ৰাকৃতিক সম্পদৰাজি, যেনে -চিকাৰ, সংগ্ৰহভূমি বা জলাশয়ৰ ওপৰত ব্যক্তি বিশেষৰ স্বত্ব নাথাকে । এইসমূহক একোটা দলৰ উমৈহতীয়া সম্পদ হিচাপে গণ্য কৰা হয় ।

চ) কাৰিকৰী বিদ্যাত অতি পিছপৰা ।

ছ) শিশুৰ মৃত্যুৰ হাৰ বেছি আৰু জীৱনকাল কম ।

জ) অন্বেষণজীৱি সমাজত প্ৰয়োজনৰ ওপৰঞ্চি উৎপাদন প্ৰায় নহয়েই । ওপৰঞ্চিভাৱে আহৰণ কৰা খাদ্যসামগ্ৰীৰ কোনো অৰ্থনৈতিক মূল্য নাথাকে ।


১১. উৎপাদনজীৱিকা কাক বোলে ।

উত্তৰঃ  মানুহে নিজ পৰিৱেশত প্ৰাপ্ত প্ৰাকৃতিক আহাৰ্য সামগ্ৰী আহৰণ কৰাৰ উপৰিও পশুপালন আৰু কৃষিকাৰ্যৰ দ্বাৰা খাদ্য উৎপাদন কৰি জীৱন ধাৰণ কৰা পদ্ধতিকে উৎপাদনজীৱিকা বুলি কোনা হয় । 


১২. উৎপাদন জীৱিকাক কৰ্মৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ উৎপাদন জীৱিকাক কৰ্মৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগাব পাৰি যেনে 

ক) পশুপালন ।

খ) জীৱিকা ।


১৩. উৎপাদনজীৱিসকলৰ প্ৰধান বৈশিষ্ট্য কেইটা আৰু কি কি ।

উত্তৰঃ উৎপাদনজীৱিসকলৰ প্ৰধান বৈশিষ্ট্য কেইটা হল 

ক) উৎপাদনজীৱিসকলে গাওঁ পাতি স্থায়ীভাৱে বসবাস কৰে । এওঁলোকৰ বাসস্থানবোৰ সাধাৰণতে উৎপাদনৰ বাবে সুচল উৰ্বৰ ভূমি হয় ।

খ) জনবসতি ঘন । সামাজিক গোটবোৰ বহু সংখ্যক লোকৰদ্বাৰা গঠিত হয় ।

গ) অৰ্থনৈতিক জীৱন স্বয়ংপূৰ্ণ নহয় । খাদ্যবস্তু আৰু অন্যান্য সামগ্ৰীৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন সামাজিক গোটৰ মাজৰ পাৰস্পৰিক লেনদেন থাকে ।

ঘ) নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ উপৰিও ব্যৱসায়িক ভিত্তিত ওপৰঞ্চি উৎপাদন কৰা প্ৰথা বিৰাজমান । ওপৰঞ্চিভাৱে উৎপাদিত সামগ্ৰী বেচা-কিনা কৰাৰ বাবে বজাৰৰ ব্যৱস্থা থাকে । বেহা-বেপাৰ মুদ্ৰাৰদ্বাৰা কৰা হয় ।

ঙ) যাতায়ত ব্যৱস্থা উন্নত আৰু শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া ।

চ) কাৰিকৰী বিদ্যাত আগবঢ়া ।

ছ) শিশুৰ মৃত্যুৰ হাৰ কম আৰু জীৱনকাল দীঘলীয়া ।

জ) সামাজিক বান্ধোন আৰু পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰাত শাসন-প্ৰণালী আৰু আত্মীয় প্ৰথা উভয়ৰে গুৰুত্ব আছে ।


১৪. অন্বেষণজীৱিকা আৰু উৎপাদনজীৱিকাৰ মাজৰ পাৰ্থক্য কেইটামান লিখা ।

উত্তৰঃ  অন্বেষণজীৱিকা আৰু উৎপাদনজীৱিকাৰ মাজৰ পাৰ্থক্য কেইটা হল 

ক) অন্বেষণজীৱিসকলে অঘৰী জীৱন-যাপন কৰে । উৎপাদনজীৱিসকলে স্থায়ীভাৱে বসবাস কৰে ।

খ) সামাজিক গোটবোৰ সৰু সৰু । সামাজিক গোটবোৰ ডাঙৰ ।

গ) বজাৰৰ ব্যৱস্থা নাই । বিনিময় প্ৰথাৰ দ্বাৰা বস্তুৰ আদান প্ৰদান কৰা হয় । বজাৰৰ ব্যৱস্থা আছে ।

ঘ) মুদ্ৰাৰ প্ৰচলন নাই । মুদ্ৰাৰ দ্বাৰা বস্তু বেচা-কিনা কৰা হয় ।

ঙ) কাৰিকৰী বিদ্যাত পিছপৰা । কাৰিকৰী বিদ্যাত আগবঢ়া ।

চ) শ্ৰম বিভাজন সৰল । শ্ৰম বিভাজন জটিল ।

জ) সামাজিক বান্ধোন আৰু পাৰস্পৰিক সম্পৰ্ক আত্মীয়তাৰ ওপৰত নিৰ্ভৰশীল । সামাজিক বান্ধোন আৰুপাৰস্পৰিক সম্পৰ্ক আত্মীয়তাৰ লগতে শাসন প্ৰণালীৰ ওপৰত নিৰ্ভৰশীল ।


১৫. মাছ খাই জীৱন-নিৰ্বাহ কৰা দুটা সম্প্ৰদায়ৰ নাম লিখা ।

উত্তৰঃ  মাছ খাই জীৱন-নিৰ্বাহ কৰা দুটা সম্প্ৰদায়ৰ নাম হল 

ক) ছিমছিমান ।

খ) কানাডাৰ পশ্চিম উপকূলবাসী হাইডা ।


১৬. কোন যুগৰ পৰা মাছক খাদ্য হিচাপে গ্ৰহণ কৰা হৈছিল ।

উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ পৰা মাছক খাদ্য হিচাপে গ্ৰহণ কৰা হৈছিল ।


১৭. মাছধৰা কেইটামান কৌশলৰ বিষয়ে লিখা ।

উত্তৰঃ মাছধৰা কেইটামান কৌশল হল 

ক) সঁজুলি ব্যৱহাৰ নকৰাকৈ মাছমৰা কৌশল ।

খ) ঘপিয়াই আৰু খুছি মাছমৰা কৌশল ।

গ) ফান্দপাতি মাছমৰা কৌশল ।

ঘ) পানীত বিষ দি মাছমৰা কৌশল 

ঙ) পানীসিচি মাছমৰা কৌশল 

চ) পোহনীয়া পশু-পক্ষীৰ দ্বাৰা মাছমৰা কৌশল ।


১৮. চিকাৰ জীৱিকাৰ বিষয়ে লিখা ।

উত্তৰঃ পৃথিৱীৰ প্ৰায়ভাগ জনজাতীয় সম্প্ৰদায়ে সুবিধা পালে পশু-পক্ষী চিকাৰ কৰি খাদ্য হিচাপে গ্ৰহণ কৰে । আধুনিক সমাজৰো কিছুমান লোকে চিকাৰ এক নিচা বা অৱসৰ-বিনোদনৰ উপায় হিচাপে লোৱা দেখা যায় । কিন্তু পৃথিৱীত এনেকুৱা বহু জাতি আছে যিসকলে চিকাৰ এক প্ৰধান জীৱিকা হিচাপে গ্ৰহণ কৰি বৰ্তি আছে । এনেকুৱা কেইটামান জাতি হল এস্কিম' দক্ষিণ আমেৰিকাৰ টিয়েৰা ডেল ফিউগবাসী, মেস্কিকৰ পশ্চিম উপকূলবাসী ৰেড ইণ্ডিয়ানসকল । এসময়ৰ চিকাৰজীৱি বহুতো সম্প্ৰদায়ে বৰ্তমান চিকাৰৰ উপৰিও অন্যান্য জীৱিকাৰ প্ৰতিও আকৰ্ষিত হোৱা দেখা যায় । উদাহৰণস্বৰূপে উত্তৰ আমেৰিকাৰ সমতলখণ্ডবাসী ক্ৰো, ছেনে আদি সম্প্ৰদায়ৰ কথা কব পাৰি । এই সম্প্ৰদায়সমূহে বৰ্তমান চিকাৰৰ উপৰিও ব্যৱসায় , পশুপালন, খেতি আদিও কৰে । চিকাৰজীৱিসকলে বনৰীয়া পশু-পক্ষী চিকাৰ কৰি জীৱন-নিৰ্বাহ কৰে । সেইকাৰণে জীৱ-জন্তু দুস্প্ৰাপ্য হলে চিকাৰজীৱিসকলৰ বাবে জীৱন-ধাৰণ কৰাটো এটা সমস্যা হৈ পৰে । আকৌ চিকাৰজীৱিসকলক বৰ্তি থকিবলৈ এটা বৃহৎ, অঞ্চলৰ প্ৰয়োজন হয় । কাৰণ সৰু অঞ্চল এটাত চিকাৰ কৰি সৰহ দিন বৰ্তি থকাটো সম্ভৱ নহয় । চিকাৰজীৱিসকলৰ জনসংখ্যাও বাসস্থানৰ পৰিসৰ অনুসৰি যথেষ্ট কম হয় । তেওলোকে চিকাৰৰ অন্বেষণত প্ৰায়ে ঠাই সলাই ফুৰিবলগীয়া হৈছিল । সকলো চিকাৰজীৱিসকলক সম্পূৰ্ণভাৱে অঘৰী বুলি কব নোৱাৰি কিয়নো তেওঁলোকে সাধাৰণতে এটা নিৰ্দিষ্ট এলেকাৰ ভিতৰতহে চিকাৰ কৰে । এটা চিকাৰী দলে আন এটা চিকাৰী দলৰ বিচৰণ ভূমিত প্ৰৱেশ নকৰে । 


১৯. জনজাতীয় সম্প্ৰদায়বোৰে ব্যৱহাৰ কৰা কিছুমান চিকাৰ সঁজুলিৰ নাম লিখা ।

উত্তৰঃ  জনজাতীয় সম্প্ৰদায়বোৰে ব্যৱহাৰ কৰা কিছুমান চিকাৰ সঁজুলিৰ নাম হল 

ক) যাঠি, খ) জোং, গ) ধনু-কাড়, ঘ) ফৰ্মুতি ।


২০. দলবদ্ধ চিকাৰ বুলিলে কি বুজা ।

উত্তৰঃ  কিছুমান সম্প্ৰদায়ৰ মাজত গাইগুটীয়াকৈ চিকাৰ কৰাৰ উপৰিও সমাজৰ বহুকেইজন ব্যক্তি একগোট হৈ চিকাৰ কৰা প্ৰথা সু-প্ৰচলিত । এনেকৈ বহুকেইজন ব্যক্তি একগোট হৈ চিকাৰ কৰা প্ৰথাকে দলবদ্ধ চিকাৰ বোলে । গাইগুটীয়াকৈ চিকাৰ কৰাতকৈ দলবদ্ধভাৱে চিকাৰ কৰি অধিক সফলতা পাব পাৰি । চিকাৰজীৱিসকলৰ বাবে দলবদ্ধভাৱে চিকাৰ কৰাটো এটা পৰম্পৰা । কিন্তু প্ৰায়বিলাক আদিবাসী জনজাতীয় সম্প্ৰদায়ৰ বাবে বছৰত খুব কমেও এবাৰ দলবদ্ধ চিকাৰ কৰাটো এটা উৎসৱ-পাৰ্বণৰ নিচিনা । ভাৰতবৰ্ষৰ অৰুণাচল নিবাসী ৱাঞ্চু, আদি, নিচি, বিহাৰৰ চাওতাল, মুণ্ডা আদি আদিবাসী জনজাতীয় লোকে বছৰত এবাৰকৈ হলেও দলবদ্ধ চিকাৰলৈ যায় । 


২১. চিকাৰ কৰা কেইটামান কৌশলৰ বিষয়ে লিখা ।

উত্তৰঃ  চিকাৰ কৰা কেইটামান কৌশল হল 

ক) খেদি খেদি চিকাৰ কৰা কৌশল ।

খ) গডা়ললৈ খেদি নি চিকাৰ কৰা কৌশল 

গ) বৃত্তৰদৰে আগুৰি চিকাৰ কৰা কৌশল 

ঘ) ফান্দ পাতি চিকাৰ কৰা কৌশল ।

ঙ) হাবিত জুই লগাই চিকাৰ কৰা কৌশল 

চ) পোহনীয়া জীৱ-জন্তুৰ দ্বাৰা চিকাৰ কৰা কৌশল ।


২২. খেদি-খেদি চিকাৰ কৰা কৌশলৰ বিষয়ে লিখা ।

উত্তৰঃ  এইটো এটা সহজ কৌশল । এই কৌশলটো প্ৰয়োগ কৰি চিকাৰীয়ে চিকাৰৰ পিছে পিছে খেদি যায় আৰু চিকাৰৰ ওচৰ পালে টাঙোন, যাঠি, শিলগুটি আদিৰে বধ কৰে । উদাহৰণ হিচাপে অষ্ট্ৰেলিয়াৰ আদিবাসীৰ কথা কব পাৰি । অষ্ট্ৰেলীয়া আদিবাসীয়ে কেংগেৰু দেখিলে পিছে পিছে খেদি ফুৰে । এনেকৈ খেদি ফুৰাৰ ফলত জপিয়াই জঁপিয়াই কেংগেৰু যেতিয়া ভাগৰি পৰে সাধাৰণ টাঙোন এডালেৰে কোবাই মাৰে । 


২৩. গডা়ললৈ খেদি নি চিকাৰ কৰা কৌশলৰ বিষয়ে লিখা ।

উত্তৰঃ  কানাডা, কেৰ্লিফোনিয়া, লেপলেণ্ড, ছাইবেৰীয়া আদিকে ধৰি পৃথিৱীৰ বিভিন্ন স্থানত এই কৌশল ব্যৱহাৰ কৰি চিকাৰ কৰা দেখা যায় । সাধাৰণতে হাবিত চিকাৰ কৰাৰ ক্ষেত্ৰত এইকৌশলটো ব্যৱহাৰ কৰা হয় । হাবিৰ কোনো এক সুবিধাজনক স্থানত কাঠ বা বাহৰ গড়াল সজা হয় । গড়ালৰ প্ৰৱেশ পথৰ দুয়োকাষে শাৰীকৈ শিল, কাঠ, বাহ আদি পুতি থোৱা হয় যাতে গড়ালত নোসোমোৱাকৈ চিকাৰ পলাই যাব নোৱাৰে । গড়ালৰ দুয়োকাষে পুতিথোৱা খুটাবিলাকৰ কাষে কাষে কিছুমান চিকাৰীয়ে অথবা চিকাৰী দলৰ বুঢ়া আৰু মাইকী মানুহে পহৰা দি থাকে । গঢ়ালৰ প্ৰৱেশ পথৰফালে থকা হাবিত ঢোল বজাই বা ৰাতি হলে জুইৰ জোৰ লৈ হাবিৰ জন্তুবোৰ গড়ালৰ ফালে খেদি লৈ যায় । গড়ালৰ ফালে দৌৰি অহা জন্তুবোৰ গড়ালত নোসোমাই আনপিনে যাতে পলাই যাব নোৱাৰে । সেইটো গড়ালৰ সন্মুখত পুতি থোৱা খুটাৰ কাষে কাষে লুকাই থকা চিকাৰীসকলে লক্ষ্য কৰি থাকে । কোনো জন্তু পলাই যাব খুজিলে লুকাই থকা চিকাৰীসকলে গড়ালৰ পিনে খেদি যায় । পিছত গড়ালত সোমোৱা জন্তুবোৰক গাঠি, ধনু-কাঁড়, টাঙোন আদিৰে বধ কৰা হয় । দলবদ্ধভাৱে এনেকৈ চিকাৰ কৰি কম সময়তে বহুত জন্তু চিকাৰ কৰিব পাৰি । আমেৰিকাৰ ৰেড ইণ্ডিয়ানসকলে এই কৌশল প্ৰয়োগ কৰি মহ চিকাৰ কৰে ।


২৪. হাবিত জুই লগাই চিকাৰ কৰা কৌশলৰ বিষয়ে লিখা ।

উত্তৰঃ  কিছুমান চিকাৰজীৱিয়ে জন্তু থকা হাবি এডৰাত জুই লগাই দিয়ে । এনেদৰে জুই লগাই দিয়ে । এনেদৰে জুই লগাই দিয়াৰ ফলত জুইৰ তাপত তাত থকা জন্তুবোৰ মৰে । জুই নুমোৱাৰ পিছত হাবিডৰা ঠাণ্ডা হলে চিকাৰীসকলে মৰা জন্তুবোৰ বিচাৰি বিচাৰি লৈ আহে । হাবিত জুই লগাই দিলে কিছুমান জন্তু জুইৰ তাপ সহ্য কৰিব নোৱাৰি হাবিৰ পৰা দৌৰি বাহিৰলৈ ওলাই আহে । এনেদৰে ওলাই অহা জন্তুক চিকাৰীয়ে বধ কৰে । কাৰ্লিফনিয়াৰ ৰেড ইণ্ডিয়ানসকলে এনেকৈ হাবিত জুই লগাই দি হৰিণা চিকাৰ কৰে । উত্তৰ পূৰ্বাঞ্চলৰো কিছুমান পাহাৰীয়া জনজাতীয় লোকে পাহাৰৰ সৰু সৰু টিলা একোটাত খৰালিৰ সময়ত ৰাতি জুই লগাই দি বিভিন্ন প্ৰকাৰৰ চৰাই আৰু জন্তু চিকাৰ কৰা দেখা যায় ।


২৫. পশুপালন জীৱিকাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  মানুহে জন্তুৰ গৃহীকৰণ কৰি পালন কৰিবলৈ লোৱাৰ আগলৈ সকলো জন্তু বনৰীয়া আছিল । সম্ভৱ বনৰীয়া জন্তুক আৱদ্ধ কৰি ৰাখি ঘৰচীয়া কৰিছিল । এনেদৰে যুগ যুগ ধৰি আৱদ্ধ কৰি ৰখা জন্তুবোৰৰ প্ৰজনন ঘটি এক পৃথক ঘৰচীয়া জাতৰ উদ্ভৱ হৈছিল । আবদ্ধ অৱস্থাত প্ৰজনন ঘটি জন্ম হোৱা জন্তুবোৰৰ দৈহিক আকাৰ আৰু স্বভাৱৰ যথেষ্ট পৰিৱৰ্তন সাধিত হৈ বনৰীয়া জাতৰ সৈতে পৃথক হৈ পৰিল । ফলত বনৰীয়া জন্তুৰ পৰা ঘৰচীয়া জন্তুৰ উদ্ভৱ হল । অৱশ্যে বনৰীয়া জন্তুৰ তুলনাত ঘৰচীয়া জন্তুৰ প্ৰকাৰ তেনেই তাকৰ । পোহনীয়া জন্তুৰ তালিকাখন চালে দেখা যায় যে গৰু, মহ, ছাগলী, কুকুৰ, গাহৰি, গাধ আৰু উটেই মানুহৰ প্ৰধান পোহনীয়া জন্তু । অৱশ্যে অঞ্চল বিশেষে কেতবোৰ সম্প্ৰদায়ে আন কিছুমান জন্তু পোহে । উত্তৰ ইউৰোপৰ লেপ আৰু ছাইবেৰিয়াৰ কিছুমান তুন্দ্ৰা অঞ্চলবাসী সম্প্ৰদায়ে ডাঙৰ শিঙাল পহপ বলগা হৰিণ পোহে । আকৌ দক্ষিণ আমেৰিকাৰ কিছুমান সম্প্ৰদায়ে উটজাতীয় জন্ত্ৰ লামা আৰু আলপাকা পোহা দেখা যায় । জন্তু গৃহীকৰণ কৰি ঘৰচীয়া কৰাৰ দৰে কিছুমান বনৰীয়া চৰাইকো মানুহে গৃহীকৰণ কৰি ঘৰচীয়া কৰি ললে । ঘৰচীয়া ঘৰাইবোৰৰ ভিতৰত হাহ, পাৰ, কুকুৰা, টাৰ্কি আদি উল্লেখযোগ্য । কিছুমান মানুহে মেকুৰী, শহাপহু, বান্দৰ, হাতী ইত্যাদিও পোহে ।হাতীক অৱশ্যে সম্পূৰ্ণভাৱে ঘৰচীয়া জন্তু বুলি কব পৰা নাযায় কিয়নো মানুহৰ প্ৰয়োজন অনুসৰি আবদ্ধ অৱস্থাত হাতীৰ সংখ্যা বৃদ্ধি কৰিব নোৱাৰি ।  


২৬. চিকাৰজীৱিসকলে কি চৰাই কামত ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ  চিকাৰজীৱিসকলে শেন জাতীয় চৰাই পোহপাল দি চিকাৰ কৰা কামত ব্যৱহাৰ কৰিছিল ।


২৭. কোন যুগত কৃষি আৰু পশুপালন জীৱিকা আৰম্ভ  হোৱা বুলি কোৱা হয় ।

উত্তৰঃ  নৱপ্ৰস্তৰ যুগত কৃষি আৰু পশুপালন জীৱিকা আৰম্ভ হোৱা বুলি কোৱা হয় । 


৮. মানুহে প্ৰথম ঘৰচীয়া কৰা জন্তুবিধৰ নাম কি 

উত্তৰঃ  মানুহে প্ৰথম ঘৰচীয়া কৰা জন্তুবিধৰ নাম হল কুকুৰ ।


২৯. মানৱ সমাজত কেতিয়াৰ পৰা পশুপালন প্ৰথা আৰম্ভ হৈছিল ।

উত্তৰঃ ৯,০০০ ৰ পৰা ৮,০০০ বছৰৰ পূৰ্বে মধ্যপ্ৰস্তৰ যুগৰ আজিলিয়ান সাংস্কৃতিক সময়ৰ পৰা মানৱ সমাজত পশুপালন প্ৰথা আৰম্ভ হৈছিল ।


৩০. আজিলিয়ান মানুহবিলাকে কি পুহিছিল ।

উত্তৰঃ  আজিলিয়ান মানুহবিলাকে কুকুৰ পুহিছিল ।


৩১. এছিয়াত পোৱা জন্তুবিধৰ নাম কি ।

উত্তৰঃ  এছিয়াত পোৱা জন্তুবিধৰ নাম হল কুকুৰনেছীয়া বাঘ ।


৩২. হাহ, কুকুৰা, গাহৰি আদি কত গৃহীকৰণ কৰা হৈছিল ।

উত্তৰঃ  এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ বিভিন্ন অঞ্চলত পোন প্ৰথমে হাহ, কুকুৰা, গাহৰি আদি গৃহীকৰণ কৰা হৈছিল ।


৩৩. কোন কৃষিজীৱি সম্প্ৰদায়ে গাহৰি গৃহীকৰণ কৰিছিল বুলি অনুমান কৰা হয় ।

উত্তৰঃ চীন আৰু মিছৰৰ কোনো কৃষিজীৱি সম্প্ৰদায়ে গাহৰি গৃহীকৰণ কৰিছিল বুলি অনুমান কৰা হয় ।


৩৪. ম'হৰ গৃহীকৰণ প্ৰথমে কত হৈছিল ।

উত্তৰঃ  ভাৰতবৰ্ষত প্ৰথমে ম'হৰ গৃহীকৰণ কৰা হৈছিল ।


৩৫. ভেড়া আৰু ছাগলী কত গৃহীকৰণ কৰা হৈছিল ।

উত্তৰঃ  পশ্চিম এছিয়াত ভেড়া আৰু ছাগলী গৃহীকৰণ কৰা হৈছিল ।


৩৬. কিমান খ্ৰীঃত আৰু কত গাধৰ ব্যৱহাৰ কৰা হৈছিল ।

উত্তৰঃ  প্ৰায় ৫,০০০ বছৰৰ আগতে মিছৰীয় সভ্যতাত গাধৰ ব্যৱহাৰ হৈছিল ।


৩৭. মানুহৰ প্ৰধান পোহনীয়া চৰাই কি আছিল ।

উত্তৰঃ মানুহৰ প্ৰথম পোহনীয়া চৰাই আছিল হাঁহ, কুকুৰা, আৰু পাৰচৰাই ।


৩৮. প্ৰথমে কত কুকুৰা পোহা হৈছিল ।

উত্তৰঃ দক্ষিণ-পূব এছিয়াৰ ম্যানমাৰত প্ৰথমে কুকুৰা পোহা হৈছিল ।


৩৯. কিমান চনত বল্গা হৰিণ গৃহীকৰণ কৰা হয় ।

উত্তৰঃ  ৪৯৯ চনত বল্গা হৰিণ গৃহীকৰণ কৰা হয় ।


৪০. পশুপালনৰ সুফলসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ  পশুপালনৰ সুফলসমূহৰ বিষয়ে তলত উল্লেখ কৰা হল 

ক) পালন কৰা পশুৰ মাংস খাদ্য হিচাপে ব্যৱহাৰ কৰি মানুহে খাদ্যৰ যোগান নিয়মীয়া কৰিলে কৰাৰ উপৰিও প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীলতা কিছু পৰিমাণে কমিল ।

খ) জন্তুৰ ছালৰদ্বাৰা তৈয়াৰী চামৰাৰে জোতা, সাজ-পোছাক তম্বু ইত্যাদি প্ৰস্তুত কৰিব পৰা হল 

গ) শীতৰ পৰা ৰক্ষা পাবলৈ জন্তুৰ নোমৰ পৰা প্ৰস্তুত কৰা ঊলেৰে পোছাক তৈয়াৰ কৰা হয় ।

ঘ) জন্তুৰ শিঙৰ দ্বাৰা ফণি আৰু অন্যান্য লাগতিয়াল সামগ্ৰী প্ৰস্তুত কৰা হয় ।

ঙ) জন্তুৰ গাখীৰ পুষ্টিকৰ পানীয় হিচাপে খোৱা হয় ।

চ) জন্তুৰ বিষ্ঠা সাৰ হিচাপে ব্যৱহাৰ কৰা হয় ।

ছ) যাতায়ত কৰা কামত জন্তুৰ ব্যৱহাৰ কৰা হয় । 


৪১. পশুপালনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা 

উত্তৰঃ  জীৱিকা হিচাপে পশুপালনৰ কিছুমান নিজস্ব বৈশিষ্ট্য থকা দেখা যায় । পৃথিৱীৰ প্ৰায়সংখ্যক পশুপালকে আহাৰৰ বাবে নিজৰপোহনীয়া জন্তুৰ ওপৰত নিৰ্ভৰ কৰে । কিছুমান পশুপালকে কৃষিৰদ্বাৰা খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰা হয় । পশুপালনকে প্ৰধান জীৱিকা হিচাপে গ্ৰহণ কৰা সম্প্ৰদায়বোৰে উদ্ভিদজাত আহাৰ্য বা অন্যান্য সামগ্ৰী ওচৰৰে কৃষিজীৱি সম্প্ৰদায়ৰ পৰা কিনি বা বিনিময় প্ৰথাৰ যোগেদি আহৰণ কৰে । উদাহৰণস্বৰূপে দাক্ষিণাত্যৰ  নীলগিৰি পাহাৰত বাস কৰা টোডাসকলৰ কথা কব পাৰি । টোডাসকলে ম'হ পালন কৰি জীৱন-নিৰ্বাহ কৰে । ম'হৰ  গাখীৰ টোডাসকলৰ প্ৰধান আৰু প্ৰিয় বস্তু । মহৰ গাখীৰৰ পৰা তেওঁলোকে মাখন, ঘোল আদি তৈয়াৰ কৰে । এনেদৰে গাখীৰৰ পৰা প্ৰস্তুত কৰা বস্তৰ বিনিময়ত টোডাসকলে কাষৰীয়া অঞ্চলত বাস কৰা কৃষিজীৱি কোটাসকলৰ পৰা শস্য সংগ্ৰহ কৰে । উল্লেখযোগ্য যে টোডাসকল পশুপালক হলেও অঘৰী নহয় ।  তেওঁলোকে গাওঁ পাতি স্থায়ীভাৱে বাস কৰে । ভেড়া, ছাগলী, গৰু, ঘঁৰা, উট, বল্গা হৰিণ আদি পশুপালকসকলৰ প্ৰধান পোহনীয়া জন্তু । কিছুমান পশুপালকে মহ আৰু গাহৰিও পালন কৰে । কিন্তু মহ আৰু গাহৰি পশুপালকৰ উপযোগী জন্তু নহয় । স্থায়ীভাৱে গাওঁ পাতি বাস কৰা পশুপালকসকলে গাহৰি নোপোহে । কিছুমান পশুপালকে মাত্ৰ এবিধ জন্তুহে পালন কৰে । অৱশ্যে আন কিছু পশুপালক সম্প্ৰদায়ে কেইবাবিধো জন্তু পালন কৰা দেখা যায় ।পশুপালকসকলেহে যে অকল পশুপালন কৰে তেনে নহয় । কৃষিজীৱিসকলৰ মাজতো পশুপালন বহুলভাৱে প্ৰচলিত । কৃষিজীৱিসকলে কম-বেছি পৰিমাণে বিবিধ জন্তু পালন কৰে । খেতি প্ৰধান সম্প্ৰদায়বোৰৰ সমাজত পোহনীয়া জন্তুৰ বিশেষ ভূমিকা আছে । খেতিয়কসকলে খেতিৰ কামত পোহনীয়া জন্তু ব্যৱহাৰ কৰি শস্যবোৰ বৃদ্ধি কৰে ।


৪২. কাজাকসকলে কত বাস কৰিছিল ।

উত্তৰঃ  কাজাকসকলে টাৰ্কিস্থানত বাস কৰিছিল ।


৪৩. কাজাকসকলৰ প্ৰধান পোহনীয়া পশুৰ নাম কি ।

উত্তৰঃ  কাজাকসকলৰ প্ৰধান পোহনীয়া পশুৰ নাম হল ভেড়া ।


৪৪. কাজাকসকলৰ প্ৰিয় খাদ্য কি আছিল 

উত্তৰঃ  কাজাকসকলৰ প্ৰিয় খাদ্য আছিল মাখন, ঘোল, আৰু পনীৰ ।


৪৫. কাজাকসকলে গ্ৰহণ কৰা নিচাযুক্ত পানীয় বিধৰ নাম কি ।

উত্তৰঃ  কাজাকসকলে গ্ৰহণ কৰা নিচাযুক্ত পানীয়বিধৰ নাম হল কুমিছ ।


৪৬. কাজাকসকলৰ প্ৰিয় জন্তু কি ।

উত্তৰঃ কাজাকসকলৰ প্ৰিয় জন্তু আছিল ঘোঁৰা ।


৪৭. মধ্য এছিয়াৰ দুটা পশুপালক সম্প্ৰদায়ৰ নাম লিখা ।

উত্তৰঃ  মধ্য এছিয়াৰ দুটা  পশুপালক সম্প্ৰদায়ৰ নাম হল 

ক) টিয়েনছান ।

খ) পামিৰ মালভূমিত বাস কৰা কিৰঘিষসকল ।


৪৮. দুটা গো-পালক সম্প্ৰদায়ৰ নাম লিখা ।

উত্তৰঃ  দুটা গো-পালক সম্প্ৰদায়ৰ নাম হল 

ক) নন্দি ।

খ) মাছাই ।


৪৯. আফ্ৰিকাৰ নীল নদীত বাস কৰা এটা সম্প্ৰদায়ৰ নাম লিখা ।

উত্তৰঃ  আফ্ৰিকাৰ নীল নদীত বাস কৰা এটা সম্প্ৰদায়ৰ নাম হল নুৱেৰসকল ।


৫০. ট্ৰেঞ্চহিউমেনছ কাক বোলে ।

উত্তৰঃ  গ্ৰীস্মৰ আগমনপ লগে-লগে চত মাহৰ শেষৰ পিনে পৰ্বতৰ ওপৰত থকা সেথায়ী গাঁৱলৈ ঘুৰি যায় । এনেদৰে ঋতু অনুসৰি পশুৰ পাল লৈ ঘুৰি ফুৰা প্ৰথাক ট্ৰেঞ্চহিউমেনছ বোলা হয় ।


৫১. ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰা এটা পশুপালক জনগোষ্ঠীৰ নাম লিখা ।

উত্তৰঃ  ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰা এটা পশুপালক জনগোষ্ঠীৰ নাম হল আৰ্যসকল ।


৫২. খেতি কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা ।

উত্তৰঃ  খেতি কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম হল 

ক) খনিত্ৰ ।

খ) কোৰ ।

গ) নাঙল  ।


৫৩. কোৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  খনিত্ৰতকৈ উন্নত স্তৰৰ কৃষি সঁজুলি হল কোৰ । নৱপ্ৰস্তৰ যুগত প্ৰথমে কোৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায় । প্ৰায় ৫,০০০ বছৰ পূৰ্বে মিছৰত কোৰৰদ্বাৰা খেতি কৰা হৈছিল । অৱশ্যে এই কোৰবোৰৰ আকৃতি বৰ্তমান যুগৰ কোৰৰ দৰে নাছিল । প্ৰাচীন মিছৰীয়সকলে তিনি বা চাৰিফুত দীঘল অলপ ভাঁজ থকা কাঠ এডোখৰ ফাল হিচাপে ব্যৱহাৰ কৰি কোৰ তৈয়াৰ কৰিছিল । এনেকুৱা ফালৰ সৈতে নাল হিচাপে ফালতকৈ চুটি গছৰ ডাল এটা ৰছীৰে বান্ধি লৈছিল । অৱশ্যে বৰ্তমান সময়তো দুৰ্গম অঞ্চলত বাস কৰা বহু কৃষিজীৱি সম্প্ৰদায়ে লোৰ কোৰৰ পৰিৱৰ্তে প্ৰস্তৰ, কাঢ বা হাড়ৰ ফাল ব্যৱহাৰ কৰি কোৰ তৈয়াৰ কৰে । 


৫৪. কৃষিৰ পদ্ধতিসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  কৃষিৰ পদ্ধতিসমূহক  দুটা ভাগত ভগাব পাৰি যেনে 

ক) নাঙল কৃষি ।

খ) নাঙলবিহীন কৃষি ।


৫৫. নাঙলবিহীন কৃষি পদ্ধতিক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  নাঙলবিহীন কৃষি পদ্ধতিক তিনিটা ভাগত ভগাব পাৰি যেনে 

ক) স্থানান্তৰী খেতি ।

খ) খাপ খেতি ।

গ) উদ্যান খেতি ।


৫৬. নাঙল কৃষিৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ সমতল অঞ্চলত সাধাৰণতে নাঙল ব্যৱহাৰ কৰি খেতি কৰা হয় । খনিত্ৰ বা কোৰ ব্যৱহাৰ কৰি খেতি কৰাতকৈ নাঙল ব্যৱহাৰ কৰি কম আয়াসতে অধিক শস্য উৎপাদন কৰিব পাৰি । ইযথেষ্ট আৰামদায়ক । নাঙলৰদ্বাৰা মাটি দকৈ চহাব পাৰি । এনেকৈ চহোৱা মাটিত শস্যৰ উৎপাদনো ভাল হয় । সেয়েহে নাঙল -কৃষকসকলৰ মাজত জনসংখ্যা বৃদ্ধি পালেও নাটনি বৰ কমকৈ হয় । আনহাতে নাঙলৰ দ্বাৰা মাটি চহাই  কৃষিভূমি খেতিৰ উপযোগী কৰি প্ৰস্তুত কৰোতে অধিক সময়ৰ প্ৰয়োজন নহয় বাবে একেডৰা মাটিতে  বছৰত কেইবাটাও খেতি কৰি উৎপাদন বঢ়াব পাৰি । নাঙলৰ বিভিন্ন প্ৰকাৰ আৰু উৎপাদনৰ প্ৰাচুৰ্যত কৃষক সম্প্ৰদায়ৰ মাজত কেনেকৈ সামাজিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক বিকাশ সাধিত হল তাক আগতে উল্লেখ কৰি অহা হৈছে । বৰ্তমান সময়ত পৃথিৱীৰ প্ৰায়বোৰ সমতলবাসী কৃষক সম্প্ৰদায়ে আধুনিক পদ্ধতিৰে নাঙল কৃষি কৰিবলৈ লৈছে । নাঙল কৃষকসকলে বৰষুণৰ পৰা প্ৰাপ্ত পানীৰ উপৰিও কৃত্ৰিমভাৱে শস্য পথাৰত পানীৰ যোগান ধৰে । নাঙ কৃষিত অকল যে নাঙলহে ব্যৱহাৰ কৰা হয় তেনে নহয় । অঞ্চল বিশেৰে নাঙল কৃষিত বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা দেখা যায় । অসমৰ গ্ৰামাঞ্চলৰ কৃষকসকলে মাটি চহাবৰ বাবে নাঙল যুঁৱলি , চহোৱা মাটিৰ চপৰা ভাঙিবলৈ দলি মাৰি, পথাৰত বোকা দিবলৈ মৈ, আলি দিবলৈ কোৰ, ধান কাটিবলৈ কাঁচি, পথাৰৰ পৰা ঘৰলৈ ডাঙৰি কঢ়িয়াবলৈ কান্ধ-মাৰি আদি সঁজুলি ব্যৱহাৰ কৰে । 


৫৭. নাঙল কৃষিৰ সুবিধা কেইটামানৰ বিষয়ে লিখা ।

উত্তৰঃ  নাঙল কৃষিৰ সুবিধা কেইটামান হল 

ক) কম সময় আৰু কম পৰিশ্ৰমতে অধিক শস্য উৎপাদন কৰিব পাৰি ।

খ) নাঙলৰদ্বাৰা বহু মাটিত খেতি কৰিব পাৰি ।

গ) এডৰা মাটিত বছৰত কেইবাটাও খেতি কৰিব পাৰি । 

ঘ) নাঙল কৃষিত আজৰি সময় যথেষ্ট পৰিমাণে থকা বাবে খেতিয়কসকলে আন কামত মনোনিৱেশ কৰিবলৈ সময় পায় ।

ঙ) কম ঠাইত খেতি কৰি বহু মানুহ পোহ-পাল যাব পাৰে । 


৫৮. পাহাৰত বাস কৰা কৃষিজীৱি সম্প্ৰদায়বোৰে মাটি চহাবৰ বাবে নাঙল ব্যৱহাৰ নকৰাৰ কাৰণ দুটা কি আছিল ।

উত্তৰঃ  পাহাৰত বাস কৰা কৃষিজীৱি সম্প্ৰদায়বোৰে মাটি চহাবৰ বাবে নাঙল ব্যৱহাৰ নকৰাৰ কাৰণ দুটা হল 

ক) পাহাৰৰ থিয় বা এঢলীয়া ঠাই নাঙল কৃষিৰ বাবে উপযুক্ত নহয় ।

খ) পাহাৰৰ কিছুমান ঠাই নাঙল কৃষিৰ বাবে উপযোগী হলেও তেনে অঞ্চলত বাস কৰা কৃষকে উপযুক্ত জ্ঞানৰ অভাৱত নাঙল কৃষি কৰাৰ পৰা বিৰত থাকে । কেনেবাকৈ নাঙল কৃষি পদ্ধতিৰ বিষয়ে জানিলেও পৰম্পৰাগত ভাৱে ব্যৱহাৰ কৰি অহা কৃষি পদ্ধতি ত্যাগ কৰিব নোখোজে । 


৫৯. উদ্যান খেতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  সাধাৰণতে পৰিয়ালৰ বস্তি মাটিত কৰা খেতিকে উদ্যান খেতি বোলে । উদ্যান খেতি এটা স্থায়ী খেতি । উদ্যান খেতিত কোৰ ব্যৱহাৰ কৰা হয় । সেইকাৰণে উদ্যান খেতিক কোৰ খেতিও বোলা হয় । অৱশ্যে সমতল ভূমিত কৰা উদ্যান খেতিত কোৰৰ লগতে নাঙলো ব্যৱহাৰ কৰা দেখা যায় । সাধাৰণতে উদ্যান খেতিত পৰিয়ালৰ বাবে প্ৰয়োজনীয় শাক-পাছলি , ফল-মূল, আদিৰ খেতি কৰা হয় । আজি-কালি বহুতেই ব্যৱসায় ভিত্তিত আলু,কবি, লাউ, আদা, নহৰু, জলকীয়া, অমিতা, মাটিকঠাল আদিৰ খেতি কৰে । অসমৰ গ্ৰামাঞ্চলত প্ৰতিঘৰ মানুহৰ তামোল, পাণ, নাৰিকল, কল, জালুক, আম, কঠাল, পনিয়ল আদিৰে ভৰা একোখন উদ্যান থাকে । পৃথিৱীৰ প্ৰায়ভাগ কৃষিজীৱি সম্প্ৰদায়ে কম-বেছি পৰিমাণে উদ্যান কৃষি কৰি শাক-পাচলিকে ধৰি বিভিন্ন ধৰণৰ ফল-মূল উৎপাদন কৰে । নগৰ অঞ্চল বা উদ্যোগ প্ৰধান অঞ্চলৰ লোকে বিভিন্ন কাৰণত উদ্যান খেতিৰ প্ৰতি মনোনিৱেশ কৰা দেখা যায় । 

পাহাৰ আৰু ভৈয়াম উভয় ঠাইতে উদ্যান খেতিৰ প্ৰচলন আছে । পাহাৰবাসী কিছুমান জনজাতীয় লোকে কোৰেৰে পাহাৰৰ গাত খাপ কাটি উদ্যান খেতি কৰে । 


৬০. খাপ খেতি কাক বোলে ।

উত্তৰঃ  পাহাৰৰ হেলনীয়া অংশত কোৰেৰে  খাপ কাটি খেতি পথাৰ উলিয়াই খেতি কৰা পদ্ধতিকে খাপ খেতি বোলে । 


৬১. খাপ খেতিৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ পাহাৰৰ হেলনীয়া অংশত কোৰেৰে খাপ কাটি খেতি পথাৰ উলিয়াই খেতি কৰা পদ্ধতিকে খাপ খেতি বোলে । খাপ খেতি কৰা পাহাৰৰ হেলনীয়া অংশ একোটাক দূৰৰ পৰা অট্টালিকাৰ খটখটীৰ দৰে দেখি । খাপ খেতিৰ প্ৰধান সঁজুলি হল কোৰ । কোৰৰদ্বাৰা পাহাৰৰ গাত খাপ কটা তথা মাটি চহোৱা কাম কৰা হয় । এডৰা খাপ খেতি পথাৰত বছৰৰ পিছত বছৰ ধৰি কোৰেৰে স্থায়ীভাৱে খেতি কৰা হয় বাবে এই খেতিক স্থায়ী খেতি বোলে । 

পাহাৰৰ হেলনীয়া অংশত কটা খাপৰ পাৰ ভালদৰে ূান্ধি নিদিলে বাৰিষা ভাঙি যোৱাৰ সম্ভাৱনা থাকে । সেয়েহে খাপ খেতিয়কসকলে পথাৰৰ খাপবোৰ বাঁহ, কাঠ বা শিলেৰে ভালদৰে বান্ধি দিয়ে । পাহাৰৰ নৈ, বিল, জান-জুৰি, ভেটা দি বাঁহৰ নলৰদ্বাৰা পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হয় যাতে পানীৰ অভাৱত শস্য পথাৰ শুকাই নাযায় । বৰ্তমান সমাজত আধুনিক জলসিঞ্চন পদ্ধতিও প্ৰয়োগ কৰা দেখা যায় । বহুতো খাপ খেতিয়কে পথাৰত নিয়মিতভাৱে সাৰ-জাবৰ দি মাটিৰ উৰ্বৰতা শক্তি বঢ়ায় । 

খাপ খেতি নাঙল খেতিতকৈ অধিক কষ্টকৰ হয় যদিও কিছু কিছু ক্ষেত্ৰত কোৰ খেতিয়কৰ দক্ষতা নাঙল খেতিয়কতকৈ বেছি যেন অনুমান হয় । 


৬২. খাপ খেতিৰ দুটা সুবিধাৰ বিষয়ে লিখা ।

উত্তৰঃ  খাপ খেতিৰ দুটা সুবিধা হল 

ক) খাপ খেতি ঝুম খেতিতকৈ অধিক লাভদায়ক ।

খ) কম পৰিমাণৰ মাটিত খাপ খেতি কৰিও বহু মানুহ পোহপাল যাব পাৰে । 


৬৩. খাপ খেতিৰ তিনিটা অসুবিধাৰ বিষয়ে লিখা ।

উত্তৰঃ  খাপ খেতিৰ তিনিটা অসুবিধা হল 

ক) খাপ খেতি নাঙল খেতিতকৈ অধিক কষ্টসাধ্য ।

খ) কোৰেৰে বেছি মাটিত খেতি কৰিব নোৱাৰি । নাঙল খেতিৰ তুলনাত এই কৃষি পদ্ধতি লেহেমীয়া ।

গ) খাপ খেতিয়কসকলে খেতিৰ কামতে অধিক সময় ব্যস্ত থাকিব লাগে বাবে অন্য কামত মনোনিৱেশ কৰিবলৈ সময় নাপায় । 


৬৪.  স্থানান্তৰী খেতিৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ  পৃথিৱীৰ বহু কৃষিজীৱি সম্প্ৰদায়ে দুই-তিনি বছৰৰ মূৰে মূৰে খেতিপথাৰ সলাই খেতি কৰে । এনেদৰে দুই-তিনি বছৰৰ মূৰে মূৰে খেতিপথাৰ সলাই খেতি কৰা পদ্ধতিক স্থানান্তৰী খেতি বোলে । নাগালেণ্ডৰ নগাবিলাকে স্থানান্তৰী খেতিক ঝুম খেতি বুলি কয় । সেয়েহে স্থানান্তৰী খেতিক ঝুম খেতি নামেৰেও ্ভিহিত কৰা হয় ।  উৰিষ্যাৰ বন্দোসকলে স্থানান্তৰী কৃষিক পডু বোলে । সাধাৰণতে প্ৰচুৰ পৰিমাণে বৰষুণ হোৱা গ্ৰীস্ম আৰু উপ-গ্ৰীস্ম প্ৰধান অঞ্চলৰ পাহাৰ নিবাসী কৃষিজীৱি সম্প্ৰদায়ে এই পদ্ধতিৰে খেতি কৰে । আফ্ৰিকাৰ গ্ৰীস্মপ্ৰধান তৃণভূমি আৰু বনাঞ্চল, দক্ষিণ আৰু দক্ষিণ -পূব-এছিয়াৰ পাহাৰীয়া অঞ্চল, প্ৰশান্ত মহাসাগৰীয়া দ্বীপ কিছুমানকে ধৰি দক্ষিণ আমেৰিকালৈ স্থনান্তৰী কৃষি বিয়পি আছে । গ্ৰীস্মপ্ৰধান বা উপগ্ৰীস্মপ্ৰধান অঞ্চলত বৰষুণৰ প্ৰকোশ বেছি কাৰণে সেই উঞ্চলবোৰ হাবি-বননিৰে উপচি পৰে । এনে অঞ্চলৰ ওখ পাহাৰৰ থিয় বা এঢলীয়া গাৰে বৰষুণৰ পানী তীব্ৰবেগে ভৈয়ামলৈ নামি আহে । এনেকৈ নামি অহা পানীয়ে পাহাৰৰ হেলনীয়া বা থিয় ্ংশত থকা পলসুৱা মাটিভাগ শুকান আৰু কম সাৰুৱা হৈ পৰে । এনে মাটিত কেইবা বছৰলৈ খেতি কৰিলে শস্যৰ উৎপাদন ক্ৰমে কমি আহিবলৈ ধৰে । আনহাতে পাহাৰৰ থিয় বা এঢলীয়া গাত নাঙলেৰে মাটি চহ কৰিব নোৱাৰি । পাহাৰৰ গাত জোৰেৰে খাপ কাটি খেতি কৰিবলৈ বহু মানুহৰ প্ৰয়োজন হয় । সেয়েহে গ্ৰীস্মপ্ৰধান বা উপ-গ্ৰীস্মপ্ৰধান অঞ্চলবোৰৰৰ ঘন-হাবি-বননিৰে উপচি থকা পাহাৰত বাস কৰা কৃষিজীৱি সম্প্ৰদায়বোৰে সাধাৰণতে স্থানান্তৰী খেতি কৰে ।


৬৫. স্তানান্তৰী বা ঝুম খেতিৰ প্ৰধান বৈশিষ্ট্য কি ।

উত্তৰঃ  স্থানান্তৰী বা ঝুম খেতিৰ প্ৰধান বৈশিষ্ট্য হল প্ৰতি বছৰে বা দুই তিনি বছৰৰ মূৰে মীৰে কৃষিভূমি সলনি কৰা খেতি কৰা ।


৬৬. ঝুম খেতিৰ প্ৰধান সঁজুলিবোৰ কি কি 

উত্তৰঃ  ঋুম খেতিৰ প্ৰধান সঁজুলিবোৰ হল দা, কুঠাৰ, খনিত্ৰ, ৰোকনী, কাঁচি, হোৰা ইত্যাদি ।


৬৭. ঝুম খেতি কত কৰা হয় ।

উত্তৰঃ  ধুম খেতি পাহাৰৰ এঢলীয়া অঞ্চলত কৰা হয় ।


৬৮. ঝুম খেতি কৰা দুটা জনজাতিৰ নাম লিখা ।

উত্তৰঃ  ঝুম খেতি কৰা দুটা জনজাতিৰ নাম হল 

ক) মেঘালয়ৰ গাৰো ।

খ) অৰুণাচলৰ অঁকা । 


৬৯. ঝুম খেতিৰ তিনিটা সুবিধাৰ বিষয়ে লিখা ।

উত্তৰঃ  ঝুম খেতিৰ তিনিটা সুবিধা হল 

ক) ঝুম খেতি কঠোৰ পৰিশ্ৰমৰ খেতি যদিও কেইবাটাও পৰিয়ালে একগোট হৈ এখনৰ পিছত আন এখন পথাৰত কাম কৰে বাবে খেতিৰ পৰিশ্ৰম বহুখিনি লাঘৱ হৈছিল । 

খ) ঝুম খেতিত পৰিয়াল এটাৰ বাবে প্ৰয়োজন হোৱা বিবিধ শস্য যেনে ধান, মাকৈ, কণীধান, যৱ, আলু, কচু, আদা, নহৰু, ৰঙালাও , জলকীয়া, বেঙেনা আদি শস্য কৰা হয় ।  সেয়েহে এডোখৰ ঠাইত খেতি কৰিয়ে পৰিয়াল এটা পোহপাল দিব পাৰে । 

গ) ঝুম কৃষকসকলে খেতি কৰাৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে  যদিও তেওঁলোকে অণ্বেষণজীৱিসকলৰ দৰে সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল নহয় ।


৭০. ঝুম খেতিৰ কেইটামান অসুবিধাৰ বিষয়ে লিখা ।

উত্তৰঃ  ঝুম খেতিৰ কেইটামান অসুবিধা হল 

ক) খুব ঘনাই খেতি পথাৰ সলনি কৰাৰ কাৰণে কম সংখ্যক মানুহক এটা বৃহৎ অঞ্চলৰ প্ৰয়োজন হয় ।

খ) হাবি-বন কাটি পথাৰ মুকোলোৱাৰ ফলত বনজ সম্পদৰ বিনাশ হয় । ইয়ে ঝুম খেতিয়কসকলৰ অৰ্থনৈতিক উন্নতিত বাধা প্ৰদান কৰে ।

গ) বৰষুণৰ পানীয়ে ঝুম পথাৰৰ সাৰুৱা অংশ ধুই নিয়াৰ ফলত মাটিৰ স্বাভাৱিক উৰ্বৰতা কমি আহে ।

ঘ) ঝুম পথাৰৰ গছ-গছনি কাটি পেলোৱাৰ ফলত মাটি খহনীয়াৰ সৃষ্টি হয় ।

ঙ) গছ-বন কমি অহাৰ ফলত জলবায়ুৰ পৰিৱৰ্তন হয় ।

চ) কিছুমান ঝুম কৃষক সম্প্ৰদায়ে নতুন কৃষিভূমিৰ সন্ধানত অঘৰী জীৱন-যাপন কৰিবলগীয়া হয় ।


৭১. ঝুম পথাৰ সংৰক্ষণৰ কেইটামান পৰামৰ্শৰ বিষয়ে লিখা ।

উত্তৰঃ  ঝুম পথাৰ সংৰক্ষণৰ কেইটামান পৰামৰ্শ হল 

ক) ঝুম খেতি উঠাৰ লগে লগে তাক নিয়াৰিকৈ গছপুলি ৰোপণ কৰা । এনেদৰে গছপুলি ৰোপণ কৰি মাটিৰ উৰ্বৰতা বঢ়োৱাৰ লগে লগে খহনীয়াৰ পৰা পথাৰখন ৰক্ষা কৰিব পৰা যায় ।

খ) ঝুম খেতিপথাৰ এৰিব হলে তাত ৰহৰ আৰু লেছেৰা মাহজাতীয় শস্য ৰোপণ কৰা যাতে পথাৰত প্ৰয়োজনীয় নাইট্ৰজেন জাতীয় ৰাসায়নিক পদাৰ্থ মজুত হোৱাৰ লগে লগে কিছুপৰিমাণে খাদ্য শস্যৰ উৎপাদনো হয় ।

গ) পাহাৰৰ গাত ভেটা দিয়া প্ৰথাৰ উন্নীতকৰণ কৰি মাটি খহনীয়া প্ৰতিৰোধ কৰা ।

ঘ) )ুম কৃষকসকলক অন্য উন্নত কৃষি পদ্ধতিৰ প্ৰতি আকৃষ্ট কৰিবলৈ প্ৰশিক্ষণ, সাহাৰ্য আদিৰ ব্যৱস্থা কৰা । 

ঙ) ঝুম কৃষিৰ সৈতে জড়িত সামাজিক তথা ধৰ্মীয় ভ্ৰান্ত ধাৰণাসমূহ আঁতৰ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা । 

Type By- Ali rani Kakati