পদ্ধতি আৰু কৌশল

প্ৰথম গোটঃ 

প্রশ্নাৱলী

১) আৰ্হি পাঠ বা প্রুফ ৰিডিং কি ?
উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ ৰিডিং হল কোনো এখন গ্ৰন্থ বা পাণ্ডুলিপিৰ মুদ্ৰণৰ আগতে ভুল সংশোধন কৰা।

২) আৰ্হি পাঠৰ পদ্ধতি আৰু 
কৌশল বুলিলে কি বুজা ?
উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ চোৱা কাম কৰোঁতে আৰ্হি পাঠকজনে যিবোৰ নীতি, পদ্ধতি আৰু কৌশল অৱলন্ৱন কৰে, তাকে আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলি কোৱা হয়।

৩) আৰ্হি পাঠকৰ কাম কি ?
উত্তৰঃ আৰ্হি পাঠকৰ কাম হৈছে আৰ্হিটো পঢ়োতে বানান শুদ্ধ হৈছেনে নাই তাক শুদ্ধভাৱে বিচাৰ কৰা।

৪) আৰ্হি চিহ্ন বা প্রুফ চিহ্ন (Proof Symbol) কাক বোলে ?
উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ ৰিডিঙৰ সময়ত কিবা ভুলৰ সংশোধনৰ নিদেৰ্শনা প্ৰদান কৰি যিবোৰ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়, তাকে আৰ্হি চিহ্ন বা প্ৰুফ চিহ্ন বুলি কোৱা হয়।

৫) আৰ্হি চিহ্ন বা প্রুফ চিহ্নক কেইভাগত ভাগ কৰা হৈছে ?
উত্তৰঃ আৰ্হি চিহ্ন বা প্ৰুফ চিহ্নক ২টা ভাগত ভাগ কৰা হৈছে।

৬) স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি কাক বোলে?
উত্তৰঃ যিবোৰ ধ্বনি উচ্চাৰণ কৰোতে আনৰ সহায় লব নালাগে, সেই ধ্বনি বোৰকে স্বৰধ্বনি বোলে।
       যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে আন ধ্বনি সহায় লব লাগে, সেই ধ্বনি বোৰকে ব্যঞ্জনধ্বনি বোলে।

৭) ধ্বনি কাক বোলে ?
উত্তৰঃমানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়াই সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ড বোৰকে ধ্বনি বোলে।
৮) ‘ভাষা’ শব্দটো সংস্কৃত ভাষাৰ কি শব্দৰ পৰা আহিছে ?
উত্তৰঃ ভাষা শব্দটো সংস্কৃত ভাষ ধাতু পৰা আহিছে।

৯) যতি চিহ্ন কাক বোলে ?
উত্তৰঃ বাক্যৰ অৰ্থ প্ৰকাশ কৰিবলৈ, সম্বোধন কৰিবলৈ ছন্দ ৰক্ষাবাবে  বা উশাহ সলাবৰ বাবে বাক্যৰ মাজত বা শেষত ৰব পৰাকৈ যিবোৰ চিন ব্যৱহাৰ কৰা হয়, তাকে যতি চিহ্ন বোলে।

১০) কাৰ্যকৰী চিহ্ন আৰু টাইপ-সম্বন্ধীয় চিহ্ন কাক বোলে ? 

১১) “বিজ্ঞান লেখকৰ হাতপুথি” নামৰ কিতাপখনৰ লেখক কোন ?
উত্তৰঃ বিজ্ঞান লেখকৰ হাতপুথি নামৰ কিতাপ খনৰ লেখক ড॰ দীনেশ চন্দ্ৰ গোস্বামী। 

১২) বানান পদ্ধতি কাক বোলে ?
উত্তৰঃ 

১৩) ভাষা কি ?
উত্তৰঃ ভাষা হল মানুহৰ মনৰ ভাব, চিন্তা, আৱেগ-অনুভূতি, কল্পনাৰ প্ৰকাশৰ এক মাধ্যম।

১৪) সম্পাদনা কাক বোলে ?
উত্তৰঃ সহজ ভাষাত অন্য কাৰোবাৰ যিকোনো লেখা, প্ৰৱন্ধ, বাতৰি গোটোৱা, সংশোধন কৰা আৰু প্ৰকাশৰ উপযোগী কৰি তোলা কাৰ্যক সম্পাদনা বুলি কোৱা হয়।

১৫) সম্পাদনা কক্ষ বুলিলে কি বুজা ?
উত্তৰঃ সম্পাদনা কক্ষ হল বাতৰি কাকত-আলোচনী এখনৰ মূল চালিকা শক্তি।

১৬) 'বানান’ শব্দৰ আভিধানিক অর্থ কি ?
উত্তৰঃ বানান শব্দৰ আভিধানিক অৰ্থ হৈছে আখৰ-জোঁটনি।

১৭) আখৰ-জোঁটনিৰ প্ৰধান ধাৰা দুটা কি কি ?
উত্তৰঃ আখৰ-জোঁটনিৰ প্ৰধান ধাৰা দুটা হৈছে--
ক) জোঁটনিৰ পৰম্পৰাগত ভাৱে চলি অহা শব্দ লিখন পদ্ধতি আৰু 
খ) জোঁটনিৰ উচ্চাৰিত শব্দৰ লিখিত ৰূপ।

১৮) উচ্চাৰণ কি ?
উত্তৰঃ 

১৯)ব্যাকৰণ বিভ্রাট বুলিলে কি বুজা ?
উত্তৰঃ ব্যাকৰণত যি ভূল দেখা যায় তাকে ব্যাকৰণগত বিভ্ৰাটৰ বোলে।

২০)বর্ণাশুদ্ধি কাক বোলে ?
উত্তৰঃ কোনো ভূল বানান শুদ্ধ কৰাকে বৰ্ণাশুদ্ধি বোলে।

২১) মুদ্রণ কি ?
উত্তৰঃ   

২২) পাণ্ডুলিপি বুলিলে কি বুজা ?

২৩) অসমীয়া ভাষাৰ বানান পদ্ধতি কাক বোলে ? উদাহৰণসহ ব্যাখ্যা কৰা।

২৪) আখৰ-জোঁটনিৰ ভুলৰ কাৰণসমূহ কি কি উল্লেখ কৰা?
উত্তৰঃ আখৰ-জোটঁনিৰ ভুলৰ কাৰণসমূহ হৈছে-
ক) অসমীয়া ভাষাত প্ৰকাশিত অভিধানবোৰত আখৰ-জোঁটনিৰ খেলি মেলি যথেষ্ট। এখন অভিধানৰ লগত আন এখন অভিধানৰ মিল নাই বা ভুল দেখা যায়।
খ) অসমীয়াৰ ভাষাৰ শব্দ শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰাৰ বাবে আখৰ-জোটঁনিত ভূল দেখা যায়।
গ) অসমীয়া ভাষাত আখৰ-জোঁটনি মূলতে হৈছে শুদ্ধ ব্যাকৰণ ব্যৱহাৰ। ব্যাকৰণৰ সম্য়ক জ্ঞান নথকাৰ বাবে ভুলকৈ শব্দ প্ৰয়োগ কৰা দেখা যায়।
ভাষা প্ৰয়োগৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা অসমীয়া ভাষাৰ শব্দৰ সলনি বাংলা ভাষাৰ শব্দ আৰু ইংৰাজী ভাষাৰ শব্দৰ প্ৰয়োগে শব্দ বিভ্ৰাট ঘটায়। 

ঘ)  অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ কৰি থকা বাংলা শব্দ কিছুমানৰ প্ৰতিৰূপ অসমীয়াত সোমাই পৰিছে।

২৫) অসমীয়া ভাষাত বাংলা ভাষাৰ শব্দ ভুলকৈ প্ৰয়োগ কৰা শব্দ বিভ্ৰাটৰ বিষয়ে লিখা।
উত্তৰঃ অসমীয়া ভাষাত বাংলা ভাষাৰ  শব্দ ভুলকৈ প্ৰয়োগ কৰা শব্দ বিভ্ৰাট
            অসমীয়া শব্দ                         বাংলা শব্দ
                  দুষ্টালি                                    দুষ্টামি
                বলিয়ালী                                পাগলামি
                বান্দৰালি                               বান্দৰামি
               দপদপকৈ                             দাউদাউ
                   কেচুঁৱা                                বাচ্ছা
                     নুবুৰে                                    ডুবে

২৬) অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দৰ পৰিবৰ্তে ইংৰাজী শব্দৰ প্ৰয়োগত শব্দ বিভ্ৰাট ঘটা দেখা যায়৷ উদাহৰণসহকাৰে বুজাই লিখা। 
উত্তৰঃ অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দৰ পৰিৱৰ্তে ইংৰাজী শব্দৰ প্ৰয়োগত শব্দ বিভ্ৰাট ঘটা দেখা যায়। 
           অসমীয়া শব্দ                         ইংৰাজী শব্দ
            মা                                          মাদাৰ, মম, মাম্মি, আন্টি
            দেউতা                                   পাপা, ডেডী
            পেহা, খুৰা                              আঙ্কল
           কেচুঁৱা                                     বাচ্ছা
            আয়োজন                             আৰ্গেনাইজ
           সদস্য                                     মেম্বাৰ

২৭)বিদেশী শব্দ আৰু থলুৱা শব্দৰ ক্ষেত্ৰত ণত্ববিধি আৰু ষত্ববিধিৰ ব্যৱহাৰ নাখাটে। তেনে ক্ষেত্ৰত শব্দ বিভ্ৰাট দেখা যায়। উদাহৰণসহকাৰে বুজাই লিখা।
উত্তৰঃ বিদেশী শব্দ আৰু থলুৱা শব্দৰ ক্ষেত্ৰত শব্দ ণত্ববিধি আৰু ষত্ববিধি ব্যৱহাৰ নাখাটে। তেনে ক্ষেত্ৰত শব্দ বিভ্ৰাট দেখা যায়। যেনে-
        
            শুদ্ধ                             অশুদ্ধ
            কোৰান                        কোৰাণ
            মডাৰ্ন                           মডাৰ্ণ
            জাৰ্মান                         জাৰ্মান
            বৰঙনি                        বৰঙণি
            ফেৰেঙনি                    ফেৰেঙণি

২৮) তৎসম শব্দৰ প্ৰয়োগত বিভ্ৰাটৰ সম্পৰ্কে চমু আলোচনা দাঙি ধৰা।

২৯) অসমীয়া ভাষাত প্রয়োগ হোৱা শব্দ বিভ্ৰাটৰ তালিকা এখন প্ৰস্তুত কৰা। 

৩০) ব্যাকৰণ এটা ভাষাৰ বৈজ্ঞানিক ভেটি। — ব্যাখ্যা কৰা। 
উত্তৰঃ ব্যাকৰণ এটা ভাষাৰ বৈজ্ঞানিক ভেটি। কাৰণ  মানুহৰ মুখে মুখে প্ৰচলিত হৈ থাকোতে এটা ভাষাই ভিন ভিন ৰূপ পৰিগ্ৰহণ কৰে। ফলস্বৰূপে একেটা ভাষাকে ভিন ভিন লোকে ভিন ভিন ধৰণে প্ৰয়োগ কৰিবলৈ লয় আৰু এটা অঞ্চলৰ মানুহে ব্যৱহাৰ কৰা ভাষা আন এটা অঞ্চলৰ মানুহৰ বাবে আচহুৱা হৈ পৰে। কিন্তু সামগ্ৰিক ভাৱে অঞ্চলসমূহৰ মাজত ভাৱৰ আদান-প্ৰদান বাবে একোটি মান্যভাষাৰ প্ৰয়োজন হয়। মান্যতা ৰক্ষা বাবে প্ৰয়োজন হয় ব্যাকৰণ। ব্যাকৰণ হল একোটা ভাষা প্ৰয়োগৰ নিয়ম-নীতি ভাষাৰ স্বৰূপ, বাবদ গঠণ প্ৰণালী আৰু প্ৰয়োগ প্ৰণালী আদিৰ সম্পৰ্কে ব্যাকৰণ পুথিত কিছুমান ধৰা-বন্ধা নিয়ম থাকে।

৩১) আৰ্হি পাঠক কাক বোলে ? আৰ্হি পাঠকে কোনবোৰ দিশত সচেতন হোৱাটো অতি প্রয়োজন। বুজাই লিখা।
উত্তৰঃ যিজন লোকে আৰ্হি পাঠ পঢ়ে তেওঁকে আৰ্হি পাঠক বোলে।
        আৰ্হি পাঠকে সচেতন হবলগীয়া দিশবোৰ হৈছে-
ক) অসমীয়া ভাষাত চিহ্নৰ ব্যৱহাৰ।
খ) ণত্ববিধি আৰু ষত্ববিধি নিয়মৰ ওপৰত।
গ) চন্দ্ৰবিন্দু বিধি ওপৰত
ঘ) উৰ্দ্ধকমা বিধি ওপৰত।

৩২) অসমীয়া ভাষাত চিহ্নৰ ব্যৱহাৰৰ বিষয়ে বুজাই লিখা। 
উত্তৰঃ বাক্যৰ অৰ্থ প্ৰকাশ কৰিবলৈ ছন্দ ৰক্ষাৰ বাবে বা উশাহ সলাবৰ বাবে বাক্যৰ মাজত বা শেষত ৰব পৰাকৈ যিবোৰ চিন ব্যবহাৰ কৰা হয় তাকে যতি চিহ্ন বোলে। যোগাযোগৰ ক্ষেত্ৰত মৌখিক আৰু লিখিত যোগাযোগতো তেনেকৈ পাঠকক অলপ  বিশ্ৰাম বা সাময়িক বিৰতি দিয়াৰ বাবে তথা ভাব স্পষ্ট ৰূপত দাঙি ধৰিবৰ বাবে কিছুমান নিৰ্দিষ্ট বিৰাম চিহ্ন ব্যৱহাৰ কৰা দেখা যায়। 

৩৩) অসমীয়া ভাষাত উদ্ধৃতিৰ উৰ্দ্ধকমা ব্যৱহাৰৰ বিষয়ে বুজাই লিখা।
উত্তৰঃ অসমীয়া ভাষাত উদ্ধৃতিৰ বা উৰ্দ্ধ কমা ব্যৱহাৰ  হৈছে উদ্ধৃতি দিবলৈ , কোনো গ্ৰন্থৰ নাম, কবিতা, প্ৰবন্ধৰ নাম উল্লেখ কৰিলে বা কোনো বিশেষ অৰ্থ বুজাবলৈ উৰ্দ্ধকমা চিহ্ন ব্যৱহাৰ কৰা হয়। কোনো আসজুৱা শব্দ বুজাবলৈ, শব্দ বা শব্দ সমষ্টিত জোৰ দিবলৈ এটা উৰ্দ্ধকমা ব্যৱহাৰ কৰা হয়। 

৩৪) এজন আদর্শ আৰ্হি পাঠকৰ বৈশিষ্ট্যসমূহ কি কি ? 
উত্তৰঃ এজন আৰ্হি পাঠকৰ বৈশিষ্ট্যসমূহ হৈছে-
ক) আৰ্হি পাঠকজনৰ সাধাৰণতে বানান আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ দক্ষতা থাকিব লাগিব। 
খ) আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নৰ জ্ঞান থাকিব লাগিব।
গ) আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত প্ৰকাশন গোষ্ঠী বা কাকত -আলোচনীৰ সম্পাদনাৰ নীতি-নিয়ম, বানান পদ্ধতি সমূহ অনুসৰণ কৰিব লাগে। তাৰ লগতে নিদিৰ্ষ্ট এখন অভিধান আৰু ব্যাকৰণ ব্যৱহাৰ কৰিব লাগে।
ঘ) আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰৰ কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাটো অতি প্ৰয়োজন। কাৰণ আজি-কালি প্ৰকাশন, প্ৰেছ, কাকত-আলোচনীৰ বেছিভাগ কাম কম্পিউটাৰত সম্পূৰ্ণ কৰা হয়। সেইবাবে আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰৰ কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাৰ লগতে ডিটিপি কৰা আৰু সংশোধন কৰাৰ প্ৰাথমিক জ্ঞান থাকিলে কামটো ভালকৈ সম্পাদনা কৰিব পাৰিব।
ঙ) আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰ এগৰাকীয়ে সকলোধৰণৰ ভাষা জানিব লাগে। কাৰণ কিতাপ, বাতৰি কাক-আলোচনীত ভাষা তথা শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত সুকীয়া শৈলী থাকে। 
চ) আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰ এগৰাকীয়ে অতি কম সময়ত প্ৰুফ চাই দিব লাগে। বিশেষকৈ বাতৰি কাকত-আলোচনীত কম সময়ৰ ভিতৰত লেখনিসমূহ প্ৰকাশ কৰাৰ বাবে সাজু কৰি দিব লাগে। সেইবাবে কিতাপৰ প্ৰুফ চোৱাত কৈ বাতৰি কাকত-আলোচনীৰ প্ৰুফ অতি দ্ৰুতভাৱে চাই দিব লাগে বা কামসমূহ সূচাৰুৰূপে সম্পাদনা কৰিব লাগেষ

৩৫) সম্পাদনা বুলিলে কি বুজা ? সম্পাদনা কক্ষ কাক কাক লৈ গঠন কৰা হয়?
উত্তৰঃ অন্য কাৰোবাৰ যিকোনো লেখা, প্ৰবন্ধ, বাতৰি গোটোৱা, সংশোধন কৰা আৰু প্ৰকাশৰ উপযোগী কৰি তোলা কাৰ্যক সম্পাদনা বুলি কোৱা হয়।
  সম্পাদনা কক্ষ সম্পাদক, কাৰ্যবাহী সম্পাদক, সহযোগী সম্পাদক আৰু উপ সম্পাদকক লৈ গঠণ কৰা হয়।

৩৬) গ্ৰন্থ এখনৰ ক্ষেত্ৰত সম্পাদনা কাৰ্যটো হৈছে অতি গুৰুত্বপূৰ্ণ। ব্যাখ্যা কৰা? ়

৩৭) গ্ৰন্থ, বাতৰি কাকত-আলোচনী সম্পাদনা কৰাজন কোনো বিখ্যাত সৃষ্টিশীল লেখক নহ'বও পাৰে, কিন্তু ব্যক্তিজনৰ কিছুমান গুণ থকাটো অতি প্রয়োজনীয়। গুণসমূহ কি কি উল্লেখ কৰা ?
উত্তৰঃ গ্ৰন্থ, বাতৰি কাকত-আলোচনী সম্পাদনা কৰাজন কোনো বিখ্যাত সৃষ্টিশীল লেখক নহ'বও পাৰে, কিন্তু ব্যক্তিজনৰ কিছুমান গুণ থকাটো অতি প্রয়োজনীয়। গুণসমূহ হল-
ক) সম্পাদনা কৰা ব্যক্তিজন অধ্যয়নশীল হব লাগে। গ্ৰন্থৰ লগত জড়িত নথকা ব্যক্তিজন সম্পাদনা কামটো কৰিব নোৱাৰে।
খ) সম্পাদনাৰ লগত জড়িত থকা ব্যক্তিৰ বাক্যৰ গঠণ, ভাষাৰীতি, ৰচনা কৌশল, আখৰ-জোঁটনিৰ আদিৰ জ্ঞান থাকিব লাগিব। 
গ) লেখাসমূহত থকা ভুল সংশোধন কৰি প্ৰকাশৰ সাজু কৰিব লাগে। তাৰ লগতে পাঠকৰ ৰুচিৰ ওপৰত লক্ষ্য ৰাখি লেখা এটাক ৰুচি সম্পূৰ্ণ কৰি তোলাৰ দায়িত্ব সম্পাদনাৰ লগত থকা ব্যক্তিজনৰ.
ঘ) ব্যক্তিজন নিৰপেক্ষ আৰু তথ্য নিষ্ঠ হব লাগিব। 

৩৮) গৱেষণা পত্র কাক বোলে ? গৱেষণা পত্ৰৰ মূল বৈশিষ্ট্যসমূহ কি কি ? 
উত্তৰঃ গৱেষণাৰ ষোগেদি লাভ কৰা বিশেষ জ্ঞানৰ বিৱৰণেই হল গৱেষণা পত্ৰ।
গৱেষণা পত্ৰ মূল বৈশিষ্টসমূহ হলঃ
১। গৱেষণাৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰসংগসমূহ যুক্তি তথ্যৰে সমৰ্থিত হব লাগে।
২। গৱেষণা পত্ৰৰ লিখন শৈলী সুনিদিৰ্ষ্ট নিয়ম থাকে। ইয়াত পৰিভাষিক শব্দ আৰু নকসাৰ প্ৰয়োগ মনকৰিবলগীয়া।
৩। গৱেষণা পত্ৰ বস্তুনিষ্ঠ হব লাগে।
৪। তথ্য আধাৰিত হব লাগে।
৫। গৱেষণা পত্ৰ সমূহ সামাজিক, সাহিত্যিক, সাংস্কৃতিক, বিজ্ঞান-প্ৰযুক্তি  সম্পৰ্কীয় হব পাৰে।

৩৯) গৱেষণা পত্ৰৰ উপাদানসমূহ কি কি ?
উত্তৰঃ গৱেষণা পত্ৰৰ উপাদানসমূহ হল 
ক) শীৰ্ষক, 
খ) সাৰাংশ,
গ) আলোচনা
ঘ) উপসংহাৰ
ঙ) কৃতজ্ঞতা জ্ঞাপন
চ) সংক্ষিপ্ত কৰা শব্দ আৰু প্ৰত্যক চিহ্নৰ তালিকা
ছ) প্ৰাসঙ্গিক টোকা আৰু গ্ৰন্থপঞ্জী।

৪০) ভাল লেখনৰ কৌশল আৰু গুণাৱলীসমূহ কি কি? 
উত্তৰঃ ভাল লেখন কৌশল আৰু গুণাৱলী সমূহ হল-
ক) সহজ-সৰল ভাৱে লিখা কথাই তাৰ বক্তব্য অধিক ৰূপত স্পষ্ট কৰিব পাৰে। সৰল শব্দ আৰু সৰল বাক্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত একেটা কথাই প্ৰযোজ্য।
খ) যিকোনো ভাল লেখনৰ কাৰণে লেখকে এবাৰ লেখাৰ পাছত নিজৰ লেখাটোকে প্ৰয়োজনীয় কৰ্তন, সংশোধন আৰু সংযোজন কৰি সম্পাদনা কৰি অন্তিম ৰূপ দিব লাগে।
গ) লেখাটোৰ অন্তগৰ্ত চিন্তাসমূহৰ একসূত্ৰতা যাতে কতো বাধাগ্ৰস্ত নহয়, তাৰ প্ৰতি লেখকে সদায় দৃষ্টি ৰাখিব লাগে। লেখন কাৰ্যটো প্ৰথমৰ পৰা শেষলৈকে তাৰ মূল বিষয়মূখী হব লাগে।
ঘ) লেখা-প্ৰবাহ সাৱলীল হয়।
ঙ) ভাল লেখনৰ তথ্যেৰে সমৃদ্ধ হৈও বাতৰিৰ নিচিনা নীৰস নহয়।
চ) ভাল ৰচনা এখন বা অন্য যিকোনো ধৰণৰ লেখা পাঠকে সহজতে বুজিব পৰা হব লাগে।

৪১) সাৰাংশ লিখনৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা । 
উত্তৰঃ কৰ্মক্ষেত্ৰত বিভিন্ন বিষয়ৰ কোনো বিষয়ৰ সবিশেষ বৰ্ণনা সংৰক্ষণ কৰোঁতে কিছু অসুবিধাৰ মুখা-মুখী হোৱা দেখা যায়। সেয়েহে সমগ্ৰ বিষয় চালি-জাৰি চাই তাৰ সাৰাংশ প্ৰস্তুত কৰি নথি ভুক্ত কৰা হয়। সাৰাংশ সদায় মূল কথাৰ এক তৃতীয়াংশ হব লাগে। অধিক অৰ্থ বহল কৰা শব্দৰ প্ৰয়োগ, সংক্ষিপ্ত ৰূপ আদি সাৰাংশৰ মূল বিশেষত্ব। 

৪২) প্রবন্ধ লিখনৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা।
উত্তৰঃ য'ত গৱেষণা পত্ৰৰ দৰে কোনো এটা বিষয়ৰ বাখ্যা বিশ্লেষণ, পৰীক্ষা-নিৰীক্ষা আগবঢ়োৱা হয়, তাকে প্ৰৱন্ধবোলে। প্ৰৱন্ধবোৰৰ কোনো নিৰ্দিষ্ট নিয়ম-নীতি নাথাকে। প্ৰৱন্ধ ৰচনাৰ কৌশল-বিধি বহু পৰিমাণে তাৰ বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। বাতৰি কাকত আলোচনীৰ অন্যতম অংগ হল প্ৰবন্ধ লিখন। বেছিভাগ বাতৰি কাকত আলোচনীত সম্পাদকীয় পৃষ্ঠাৰ উপৰিও বিশেষ পৃষ্ঠা, সাপ্তাহিক পৰিপূৰিকা আদিৰ শিতানত বিভিন্ন প্ৰবন্ধমূলক লেখা প্ৰকাশ কৰা হয়। প্ৰবন্ধৰ ভাগসমূহ হল- ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, বাণিজ্যিক, ক্ৰীড়ামূলক, বিজ্ঞানধৰ্মী, চিকিৎসা আৰু স্বাস্থ্য সম্পৰ্কীয়, ভ্ৰমণমূলক, নাৰীকেন্দ্ৰীক আৰু কেৰিয়াৰ, সাহিত্য আৰু সাংস্কৃতিক প্ৰবন্ধ আদি। প্ৰবন্ধ লেখকে কেতিয়াও লেখাবোৰত অমাৰ্জিত শব্দ, মন্তব্য, কটু সমালোচনা আগবঢ়োৱা উচিত।

৪৩) গ্রন্থ সমালোচনা কি ? কেনেকৈ গ্রন্থ সমালোচনা কৰা হয় ?
উত্তৰঃ গ্ৰন্থসমালোচনা হৈছে সৃষ্টিশীল সাহিত্যৰ এটি বিচাৰ প্ৰক্ৰিয়া। 
        যদি কোনো সাহিত্য বিষয়ক গ্ৰন্থৰ ভাল বেয়া, ধনাত্মক-ঋনাত্মক আদি গুণাগুণ আলোচনা কৰি গ্ৰন্থ সমালোচনা কৰা হয়। 

(৪৪) আধুনিক অসমীয়া আখৰ-জোঁটনিৰ বেমেজালি বা খেলিমেলি দিনে দিনে বাঢ়ি গৈ আছে। কাৰণসমূহ কি কি আলোচনা কৰা ?
উত্তৰঃ আধুনিক অসমীয়া আখৰ-জেঁটনিৰ বেমেজালি বা খেলিমেলি দিনে দিনে বাঢ়ি গৈ আছে। কাৰণসমূহ হৈছে-
ক) লেখকে শুদ্ধকৈ লিখা সত্বেও আৰ্হি পাঠকে শুধৰোৱা নামত ভূল কৰা দেখা যায়। ইয়াৰ ফলত বুজা যায় যে আৰ্হি পাঠকজনৰ অসমীয়া ভাষা সাহিত্যৰ আৰু বানান সম্পৰ্কে জ্ঞানৰ অভাৱ আছে। 
খ) নিজৰ ভাষাটোৰ প্ৰতি দায়ৱদ্ধতাৰ অভাৱ। প্ৰায় ভাগ ক্ষেত্ৰতে অসমীয়া ভাষাটোৰ প্ৰতি দায়বদ্ধতা অভাৱ পৰিলক্ষিত হয়। কথাটো অপ্ৰিয় হলেও সত্য যে অসমীয়া ভাষাৰ আখৰ-জোঁটনিৰ বেমেজালি বা খেলিমেলি বঢ়াৰ বাবে ভাষাটোৰ লিখিত প্ৰচাৰ মাধ্যম বা সামাজিক মাধ্যমসমূহেও বহু  পৰিমাণে দায়ী। 
গ) অসম সাহিত্য় সভা, বিশ্ববিদ্যালয় আৰু ভাষাবিদৰ কৰ্তৃত্ব মানিব নোখোজা পণ্ডিতমন্য় ব্যক্তিৰ সংখ্যা অধিক। অসম সাহিত্যৰ সভা আৰু গুৱাহাটী বিশ্ববিদ্যালয় পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিয়ে অসমীয়া আখৰ জোঁটনিৰ সম্পৰ্কীয় দুখন কিতাপ প্ৰকাশ কৰি উলিয়াইছে। কিন্তু সেইবোৰো সমালোচনাৰ উৰ্ধ্বত বুলি কোৱাটো টান।
ঘ) বাতৰি কাকত আৰু আলোচনীবোৰৰ আখৰ-জোঁটনিৰ সম্পৰ্কত বিশেষ নীতি এটা নাই। বাতৰি কাকত আৰু আলোচনীবোৰেও বানানৰ ক্ষেত্ৰত ব্যাকৰণৰ নিয়মাৱলী মানি চলিবলৈ টান পায়। বাতৰি কাকত আৰু আলোচনীত ছপা হোৱা ভুল শব্দই পঢ়ুুৱৈক অতি সহজে বিভ্ৰান্ত কৰি পেলায়। আজি-কালি বেছিভাগেই আখৰ-জোঁটনি শিকে বাতৰি কাকত, টেলিভিচন আৰু আলোচনীৰ পৰা, বিশেষ কিছুমান মানুহে ব্যাকৰণ আৰু অভিধান এখন ব্যৱহাৰ কৰে। আনহাতে সাহিত্যচৰ্চা কৰা লোকসকলৰ ঘৰত অভিধান আৰু ব্যাকৰণ নাই। কিছুমান লেখকে অভিধান আৰু ব্যাকৰণৰ সহায় নোলোৱালৈকে সাহিত্যচৰ্চা কৰিবলৈ লয়, যাৰ ফলত লিখাবোৰত বানান ভুল থকা দেখা যায়।
ঙ) সাংবাদিক সকলৰ ভাষা-বিষয়ত প্ৰশিক্ষণৰ অভাৱ পৰিলক্ষিত হয়।
চ) ইংৰাজীৰ শব্দৰ বানান ভুল কৰিলে লাজ পায়, কিন্তু অসমীয়া ।যেতিয়া কিবা এটা লিখিলেই হল মনোভাৱ থকা দেখা যায়। বৰ্তমান সময়ত নিজৰ নিজৰ লৰা-ছোৱালীক ইংৰাজী মাধ্যমত নামভৰ্তি কৰিবলৈ বা ইংৰাজী ভাষা শিকোৱাৰ বাবে উৎসাহ বাঢ়িছে। আনহাতে তাৰ তুলনাত অসমীয়া ভাষাত শিক্ষা দিয়াৰ প্ৰতি আগ্ৰহ কমি যায়।
ছ) এলাহজনিত অজ্ঞতা বা নিজৰ ভাষাটো ভালকৈ শিকাৰ প্ৰতি মানুহৰ অনীহা ভাৱ বাঢ়ি গৈ আছে। অভিধানত থকা সত্বেও মেলি চাই শুদ্ধকৈ লিখাৰ বাবে এলাহ। অৰ্থাৎ অভিধান থকা লোকেও এলাহজনিচত কাৰণত ভুল কৰি থাকে বা ভুল কৰা দেখা যায়। 
জ) বহু শিক্ষকৰ বানানৰ প্ৰতি অনীহাৰ ভাৱ দেখা যায়। দুই-এজনে আকৌ শব্দৰ এটাৰ বানান কি হব তাকে লৈ ব্যস্ত থাকে। অধ্যায়ৰ অভাৱৰ ফলত কিছুমানে ভাৱি নাচায় যে অসমীয়া ভাষাত আৰৱী-পাৰ্চী ভাষাৰ পৰা অহা শব্দ বহুতো আছে।
ঝ) বহুতো জনা বুজা লোকে ইতিমধ্যে চলি থকা বানান এটা নামানি নিজে শুদ্ধ বুলি ভবামতে লিখা-মেলা কৰি থাকে। সংশোধন কৰাৰ মনোভাৱটো বেছিভাগ মানুহৰে নাই। সেইবাবে সমস্যাবোৰ কমি নগৈ দিনে দিনে বাঢ়ি গৈ থকা দেখা গৈছে। বেছিভাগ ক্ষেত্ৰতে কিছুমানে ট ৰঠাইত ত বা ণ ৰ ঠাইত ন লিখা দেখা যায়।
ঞ) সংস্কৃত ভাষাটোৰ প্ৰতি অৱজ্ঞা কৰা ফলতো অসমীয়া ভাষাত বানানৰ বেমেজালি সৃষ্টি হৈছে। আগতে বিদ্যালয়ৰ পাঠ্যক্ৰমত সংস্কৃত ভাষা শিকোৱা ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল। কিন্তু আজি-কালি শিক্ষাবিদ সকলে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। সংস্কৃত ভাষা শিকোৱাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। সংস্কৃত ভাষাৰ ন্যূনতম জ্ঞান নথকাৰ ফলত অজস্ৰ ভুল বানানেৰে বাতৰি কাকত, আলোচনী আৰু সামাজিক মাধ্যমৰ পৃষ্ঠাবোৰ ভৰি পৰিছে।
ট) ৰমেশ পাঠকে উল্লেখ কৰিছে -দুৰ্ভাগ্যক্ৰমে পৃথিৱীত অসমীয়াই সম্ভৱত একমাত্ৰ ভাষা যত নতুন অভিধান এখন ওলোৱা মানে নতুন খেলিমেলি এটাৰ সৃষ্টি। 

(৪৫) অসমীয়া ভাষাত বিভ্রান্ত কৰা শব্দ আৰু বানান পদ্ধতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ভাষা হল মানুহৰ মনৰ ভাৱ, চিন্তা, আৱেগ-অনুভূতি, কল্পনা প্ৰকাশৰ এক মাধ্য়ম। ভাষাৰ মাধ্যমেদি মনৰ ভাৱ প্ৰকাশ কৰা কাৰক হল শব্দ। শব্দই ভাষা এটাৰ বিষয়ৰ পৰিচয় দাঙি ধৰে। সেয়ে মানুহৰ মনৰ ভাৱ প্ৰকাশৰ ক্ষেত্ৰত ভাষাৰ শব্দ নিৰ্ভুলকৈ শুদ্ধ উচ্চাৰণ  আৰু অৰ্থৰ প্ৰতি লক্ষ্য ৰখা অতি প্ৰয়োজন। অৰ্থাৎ ভাষৰ শুদ্ধতা মানে হল যি ভাষা কোৱা বা লিখা হয় অকল সেই ভাষাটোৰ শব্দ নিৰ্ভুলকৈ ব্যৱহাৰ কৰা। গতিকে ভাষা কওঁতে বা লিখোতে যিবোৰ প্ৰতীক অথবা শব্দই মানুহৰ মনৰ ভাৱ স্পষ্ট বা সঠিক ভাৱে প্ৰকাশ কৰিব পাৰে। সেই শব্দবোৰ নিৰ্বাচন কৰি ভাষা ব্যৱহাৰ কৰাতো বাঞ্ছনীয়। 
        অসমীয়া ভাষাৰ এটা নিজস্ব ঠাঁচ আছে, যি ঠাঁচ অবিহনে অসমীয়াৰ ভাষাৰ শুদ্ধ ৰূপ পোৱা টান। ভাষা শুদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ হলে সাধাৰণতে কিছু সাবধানতা অৱলম্বন কৰা প্ৰয়োজন। তেনে সাৱধানতা কেইটামান হল- 
ক) ভাষাৰ নিৰ্ভুল উচ্চাৰণ      
 খ) শব্দৰ সঠিক অৰ্থৰ প্ৰয়োগ
গ) আভিধানিক অৰ্থৰ প্ৰতি সচেতন  
ঘ) বিজতৰীয়া শব্দ প্ৰয়োগ কৰা অনুচিত      
ঙ) ব্যাকৰণগত দিশত গুৰুত্ব।
বৰ্তমান সময়ত ভাষাৰ শব্দ বিভ্ৰাট ৰূপ এটি মনকৰিবলগীয়া বিষয়। যিয়ে ভাষাৰ মান হানি কৰে বা ভৱিষ্যতলৈ ভাষাৰ বিপৰ্য্যয় মাতি আনে। বিশেষকৈ ভাষা ব্যৱহাৰ কৰোঁতে অসাৱধানৱশতঃ কিছু ভুল কৰা দেখা যায়। অসমীয়াৰ ভাষাৰ ক্ষেত্ৰত তেনে ভুল প্ৰচুৰ। কিয়নো অসমীয়া ভাষা কওঁতে বা লিখোঁতে বেছি ভুল কৰে। ভুলবোৰ দেখুৱাই দিলে বহুতে বেয়া পায়। কিছুমানে মানিবও নোখোজে। বহু ক্ষেত্ৰত বাংলা ভাষাৰ শব্দ অসমীয়া ভাষা শব্দৰ বুলি প্ৰয়োগ কৰি এক শব্দ বিভ্ৰাট সৃষ্টি কৰা দেখা যায়। তদুপৰি অসমীয়া ভাষী মানুহে অসমীয়া কথা কওঁতে অসমীয়াৰ ভাষাৰ মাজে মাজে ইংৰাজী শব্দৰ প্ৰয়োগ কৰিও শব্দ বিভ্ৰাট কৰা দেখা যায়। কাৰণ শুদ্ধ অসমীয়া ভাষা কওঁতে ইংৰাজী ভাষা দুই-এটা শব্দ প্ৰয়োগ কৰি নিজৰ পাণ্ডিত্য প্ৰকাশ কৰিব বিচাৰে। এনে মানসিকতাই অসমীয়াৰ ভাষাৰ যথেষ্ট ক্ষতি কৰিছে। তদুপৰি অসমীয়া ভাষা শব্দৰ সম্ভাৰ  বিশিষ্টতা, আখৰ-জোঁটনিৰ শুদ্ধৰূপ, জতুৱাৰ ঠাঁচৰ বৈশিষ্ট্য আৰু ভাষাৰ আতিঁগুৰি নজনাকৈ সৰহ সংখ্যকেই বাতৰি কাকত, আলোচনী, প্ৰকাশন, প্ৰতিষ্ঠান, দূৰদৰ্শন, আকাশবাণী ইত্যাদি মাধ্যমসমূহত অসমীয়াৰ ভাষাৰ ভুলকৈ শব্দ প্ৰয়োগ কৰা দেখা যায়। কিন্তু আন ভাষাৰ শব্দ ধাৰ কৰা বা ব্যৱহাৰ কৰিব নালাগে বুলি তেনে কোনো কথা নাই। ভাষাৰ প্ৰয়োজনত আন ভাষাৰ শব্দৰ ধাৰ বা ব্যৱহাৰ কৰিব লাগিব, যদিহে অসমীয়া ভাষাত সেই ভাষাৰ শব্দৰ সময়োপযোগীকৈ প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰিব পাৰি। তেনে নকৰিলে সাধাৰণতে ধাৰ থকা শব্দ কেতিয়াবা কেতিয়াবা ষব্দ বিভ্ৰাট কৰা দেখিবলৈ পোৱা যায়।
 অসমীয়া ভাষাত শব্দ সম্ভাৰ সাধাৰণতে তিনিটা মূলৰ পৰা শব্দ ব্যবহাৰ কৰা হয়।সংস্কৃত মূলৰ, থলুৱা মূলৰ আৰু বিদেশী ভাষা মূলৰ পৰা। অসমীয়া ভাষাত ব্যৱহৃত ব্যাকৰণৰ আধাৰ যিহেতু সংস্কৃত মূলৰ, সেইফালৰ পৰা অসমীয়াৰ ভাষাৰ গঠণ প্ৰণালীত সংস্কৃত মূলৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। অসমীয়া ভাষাত বৰ্ণমালা আৰু বৰ্ণ উচ্চাৰণ পদ্ধতি,ণত্ববিধি,ষত্ববিধি, সন্ধিৰ প্ৰকৰণ, কাৰক-বিভক্তি, বচন, পুৰুষ, ক্ৰিয়াৰ ৰূপ, পদ, কাল, কৰ্তা,কৰ্ম ইত্যাদিৰ শুদ্ধৰ ৰূপৰ প্ৰয়োগ বা ব্যৱহাৰ নাজানিলে সাধাৰণতে শব্দ বিভ্ৰাট হোৱা স্বাভাৱিক।
অসমীয়া ভাষাত তৎসম আৰু তদ্ভৱ শব্দৰ বাহিৰে থলুৱা শব্দ আৰু বিদেশী ভাষাৰ শব্দৰ ক্ষেত্ৰত সংস্কৃত ব্যাকৰণ নিয়ম নাখাটে। কিন্তু অসমীয়া ভাষাত থলুৱা আৰু বিদেশী ভাষাৰ শব্দ প্ৰয়োগ কৰোঁতে ভুলকৈ ণত্ববিধি আৰু ষত্ববিধি ৰ নিয়ম প্ৰয়োগ কৰা দেখা যায়। ইয়ে অসমীয়া ভাষাত বিভ্ৰাট ঘটায়।   

(৪৬) আহি পাঠ বা প্রুফ ৰিডিং কি ? আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলিলে কি বুজা ?
উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ ৰিডিং হৈছে কোনো এখন গ্ৰন্থ বা পাণ্ডুলিপিৰ মুদ্ৰণৰ আগতে ভুল সংশোধন কৰা।
আৰ্হি পাঠ বা প্ৰুফ চোৱা কাম কৰোঁতে আৰ্হি পাঠক জনে যিবোৰ নীতি, পদ্ধতি আৰু কৌশল অৱলম্ৱন কৰে, তাকে আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলি কোৱা হয়।

৪৭) আৰ্হি চিহ্ন বা প্রুফ চিহ্ন (Proof Symbol) কাক বোলে ? আৰ্হি চিহ্ন বা প্রুফ চিহ্নক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ ৰিডিঙৰ সময়ত কিবা ভুলৰ সংশোধনৰ নিৰ্দেশনা প্ৰদান কৰি যিবোৰ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়, তাকে আৰ্হি চিহ্ন বা প্ৰুফ চিহ্ন বোলে। 
            আৰ্হি চিহ্ন বা প্ৰুফ চিহ্ন ২টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে- কাৰ্যকৰী চিহ্ন আৰু টাইপ সম্বন্ধীয় চিহ্ন।

৪৮) চমুটোকা লিখা

(ক) আৰ্হি পাঠ বা প্রুফ ৰিডিংঃ আৰ্হি পাঠ বা প্ৰুফ ৰিডিং হল কোনো এখন গ্ৰন্থ বা পাণ্ডুলিপিৰ মুদ্ৰণৰ আগতে ভুল সংশোধন কৰা। ইয়াৰ বাবে মূলটো আৰ্হি পাঠকৰ অসমীয়া বানান সম্পৰ্কে যথেষ্ট জ্ঞান থাকিব লাগিব। আৰ্হি পাঠকজনে মূল লেখাটোৰ সৈতে কম্পজ কৰোঁতে হোৱা বানানৰ ভুল, কোনো শব্দ, বাক্য বাদ পৰিলে তাৰ সংশোধন কৰা বাবে বিভিন্ন নিৰ্দেশনা প্ৰদান কৰি কিছুমান সাংকেতিক চিহ্ন ব্যৱহাৰ কৰে। ইয়াকে আৰ্হি পাঠ বা প্ৰুফ ৰিডিং বুলি কোৱা হয়।  

(খ) আৰ্হি চিহ্ন বা প্রুফ চিহ্নঃ
আৰ্হি পাঠ বা প্ৰুফ ৰিডিঙৰ সময়ত কিবা ভুলৰ সংশোধনৰ নিৰ্দেশনা প্ৰদান কৰি যিবোৰ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়, তাকে আৰ্হি চিহ্ন বা প্ৰুফ চিহ্ন বোলে। 

(গ) গ্রন্থ সমালোচনাঃ 

(ঘ) প্রবন্ধ লিখনঃয'ত গৱেষণা পত্ৰৰ দৰে কোনো এটা বিষয়ৰ বাখ্যা বিশ্লেষণ, পৰীক্ষা-নিৰীক্ষা আগবঢ়োৱা হয়, তাকে প্ৰৱন্ধবোলে। প্ৰৱন্ধবোৰৰ কোনো নিৰ্দিষ্ট নিয়ম-নীতি নাথাকে। প্ৰৱন্ধ ৰচনাৰ কৌশল-বিধি বহু পৰিমাণে তাৰ বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। বাতৰি কাকত আলোচনীৰ অন্যতম অংগ হল প্ৰবন্ধ লিখন। বেছিভাগ বাতৰি কাকত আলোচনীত সম্পাদকীয় পৃষ্ঠাৰ উপৰিও বিশেষ পৃষ্ঠা, সাপ্তাহিক পৰিপূৰিকা আদিৰ শিতানত বিভিন্ন প্ৰবন্ধমূলক লেখা প্ৰকাশ কৰা হয়। প্ৰবন্ধৰ ভাগসমূহ হল- ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, বাণিজ্যিক, ক্ৰীড়ামূলক, বিজ্ঞানধৰ্মী, চিকিৎসা আৰু স্বাস্থ্য সম্পৰ্কীয়, ভ্ৰমণমূলক, নাৰীকেন্দ্ৰীক আৰু কেৰিয়াৰ, সাহিত্য আৰু সাংস্কৃতিক প্ৰবন্ধ আদি। প্ৰবন্ধ লেখকে কেতিয়াও লেখাবোৰত অমাৰ্জিত শব্দ, মন্তব্য, কটু সমালোচনা আগবঢ়োৱা উচিত।

(ঙ) সাৰাংশ লিখনঃকৰ্মক্ষেত্ৰত বিভিন্ন বিষয়ৰ কোনো বিষয়ৰ সবিশেষ বৰ্ণনা সংৰক্ষণ কৰোঁতে কিছু অসুবিধাৰ মুখা-মুখী হোৱা দেখা যায়। সেয়েহে সমগ্ৰ বিষয় চালি-জাৰি চাই তাৰ সাৰাংশ প্ৰস্তুত কৰি নথি ভুক্ত কৰা হয়। সাৰাংশ সদায় মূল কথাৰ এক তৃতীয়াংশ হব লাগে। অধিক অৰ্থ বহল কৰা শব্দৰ প্ৰয়োগ, সংক্ষিপ্ত ৰূপ আদি সাৰাংশৰ মূল বিশেষত্ব।

(চ) পাণ্ডুলিপি।

(ছ) অসমীয়া ভাষাত বিভ্ৰান্ত কৰা শব্দ আৰু বানান পদ্ধতি।

(জ) আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশলঃ আৰ্হি পাঠ বা প্ৰুফ চোৱা কাম কৰোঁতে আৰ্হি পাঠক জনে যিবোৰ নীতি, পদ্ধতি আৰু কৌশল অৱলম্ৱন কৰে, তাকে আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলি কোৱা হয়।

(ঝ) অসমীয়া ভাষাত চিহ্নৰ ব্যৱহাৰঃবাক্যৰ অৰ্থ প্ৰকাশ কৰিবলৈ ছন্দ ৰক্ষাৰ বাবে বা উশাহ সলাবৰ বাবে বাক্যৰ মাজত বা শেষত ৰব পৰাকৈ যিবোৰ চিন ব্যবহাৰ কৰা হয় তাকে যতি চিহ্ন বোলে। যোগাযোগৰ ক্ষেত্ৰত মৌখিক আৰু লিখিত যোগাযোগতো তেনেকৈ পাঠকক অলপ  বিশ্ৰাম বা সাময়িক বিৰতি দিয়াৰ বাবে তথা ভাব স্পষ্ট ৰূপত দাঙি ধৰিবৰ বাবে কিছুমান নিৰ্দিষ্ট বিৰাম চিহ্ন ব্যৱহাৰ কৰা দেখা যায়। 

(ঙ) সম্পাদনা।

(ট) অসমীয়া ভাষাত চিহ্নৰ ব্যৱহাৰ।

৪৯) শুদ্ধ নে অশুদ্ধ লিখা।

(ক) স্বতন্ত্রভাৱে ব্যৱহাৰ কৰিব পৰা ভাষাৰ ক্ষুদ্রতম গোটেই হৈছে শব্দ।
উত্তৰঃ শুদ্ধ

(খ) অসমীয়া শব্দসমূহক ছয়ভাগত ভাগ কৰা হৈছে।

(গ) গ্ৰন্থ এখনৰ ক্ষেত্ৰত সম্পাদনা কাৰ্যটো হৈছে অতি গুৰুত্বপূৰ্ণ।
উত্তৰঃ শুদ্ধ।

(ঘ) আখৰ-জোঁটনিৰ ধাৰা প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে।
উত্তৰঃ শুদ্ধ।

(ঙ) ভুল শব্দৰ প্ৰয়োগৰ বাবে অৰ্থৰ বিকৃতি ঘটে।
উত্তৰঃ শুদ্ধ।

(চ) ব্যাকৰণ এটা ভাষাৰ বৈজ্ঞানিক ভেটি নহয়।
উত্তৰঃ অশুদ্ধ।

ছ) গ্ৰন্থ, বাতৰি কাকত-আলোচনী সম্পাদনা কৰাজন কোনো বিখ্যাত সৃষ্টিশীল লেখক হ’ব লাগিব।
উত্তৰঃ অশুদ্ধ।

(জ) ভাষাৰ জৰিয়তে সাহিত্যৰ ভেটি সুদৃঢ় হয়।
উত্তৰঃ শুদ্ধ।

(ঝ) ড০ উইলিয়াম কেৰীৰ উদ্যোগত আত্মাৰাম শৰ্মাৰ দ্বাৰা অনূদিত ‘ধর্মপূস্তক’কে আছিল অসমীয়া লিখিত ভাষাত ছপা হোৱা প্ৰথম গ্ৰন্থ।
উত্তৰঃ শুদ্ধ.

Type- Bharat kalita 
Morigaon Assam 