স্বাস্থ্য় ৰক্ষাৰ উপায়

১ম অধ্য়ায় 

১। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা ।

ক) স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কি দিশত সচেতন হ'ব লাগে ?

উত্তৰঃ স্বাস্থ্য ভালে ৰাখিবলৈ আমি এইকেইটা দিশত সচেতন হোৱা উচিত-

১। আমি খোৱা আৰু ব্যৱহাৰ কৰা পানী বিশুদ্ধ হ'ব লাগে ।

২। আমি থকা ঘৰটো ওখ আৰু যথেষ্ট দুৱাৰ-খিৰিকি থকা হ'ব লাগে।

৩। সদায় ইশ্বৰত বিশ্বাস ৰাখি তেওঁক  ভক্তি কৰিব লাগে।

৪। আহাৰ সদায় নিয়মিত সময়ত খোৱা উচিত। 

৫। খোৱা খাদ্য ভালদৰে চোবাই আৰু সিজাই খোৱা উচিত । 


খ) আমি কিয় নিয়মিত শ্ৰম আৰু বিশ্ৰাম ল'ব লাগে ?

উত্তৰঃ নিয়মিত শ্ৰম আৰু বিশ্ৰাম কৰিলে আমাৰ শৰীৰটো ভালে থাকে ।


গ) বেমাৰী অৱস্থাক কিয় নৰকৰ লগত ৰিজোৱা হয় ?

উত্তৰঃ বেমাৰী মানুহে সংসাৰত একো সুখ ভোগ কৰিব নোৱাৰে বাবে বেমাৰী অৱস্থাক নৰকৰ ৰিজোৱা হয় ।  


২। শুদ্ধটোক '✔' চিন দিয়া ।

ক) ইচ্ছা আৰু যত্ন কৰিলে মানুহে ৰূপৰ উন্নতি সাধন কৰিব পাৰে / নোৱাৰে ।

উত্তৰঃ পাৰে


খ) স্বাস্থ্যইহে মানুহক সুখী কৰে / নকৰে ।

উত্তৰঃ কৰে


গ) পৰিমিত ভোজন কৰা অনুচিত / উচিত ।

উত্তৰঃ উচিত


ঘ) শাৰীৰিক শ্ৰম কৰাজনে নিয়মিত ব্যায়াম কৰাৰ প্ৰয়োজন আছে /নাই ।

উত্তৰঃ নাই


ঙ) শৌচ-প্ৰস্ৰাৱ আৱশ্যক হ'লেই কৰিব লাগে / নালাগে ।

উত্তৰঃ লাগে


৩। শুদ্ধ শব্দটোত '✔' চিন দিয়া ।

ক) প্ৰস্ৰাৱ 口                                           পস্ৰাৱ 口

উত্তৰঃ প্ৰস্ৰাৱ ☑


খ) অটুত 口                                            অটুট 口                                           

উত্তৰঃ অটুট ☑


গ)ইশ্বৰ 口                                              ইশ্ছৰ 口      

উত্তৰঃইশ্বৰ ☑ 

                                

ঘ) ৰাগিয়াল 口                                        ৰাগীয়াল口                                           

উত্তৰঃ ৰাগিয়াল ☑

                             

ঙ) আৱশ্বক 口                                        আৱশ্যক 口    

উত্তৰঃ আৱশ্যক  ☑       

                               

৪। খালী ঠাইত উচিত শব্দ লিখা ।

ক) আমি খোৱা আৰু ব্যৱহাৰ কৰা পানী ________ হ'ব লাগে ।

উত্তৰঃ বিশুদ্ধ

খ) আহাৰ সদায় _______ সময়ত খোৱা উচিত । 

উত্তৰঃ নিয়মিত  

                                                          

গ) স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত _______ ঘন্টা টোপনি মাৰিব লাগে ।

উত্তৰঃ ৬-৭


ঘ) সোনকালে _______ আৰু সোনকালে _______ কাৰ্যই স্বাস্থ্য সুস্থ ৰাখে ।                    

উত্তৰঃ শোৱা আৰু সোনকালে উঠা


ঙ) সদায় _______ ত বিশ্বাস ৰাখি তেওঁক ভক্তি কৰিব লাগে ।

উত্তৰঃ ইশ্বৰত



Question Answer By- Parina Hazarika