স্বৰাজোত্তৰ ভাৰতবৰ্ষত উন্নয়নৰ কৌশলঃ পৰিকল্পিত বিকাশ আৰু নব্য উদাৰতাবাদ

Strategies of Development in India since Independence : Planed Economy and Neo-Liberalism

অধ্যায় ৮

প্ৰশ্নাৱলী

চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Type Question)

১) পৰিকল্পিত বিকাশ বুলিলে কি বুজা ?

উত্তৰঃ পৰিকল্পিত বিকাশ হল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ বিকাশ। অৰ্থাৎ কি ধৰণে বা কেনেকৈ বিকাশ সাধন কৰা হব ইয়াৰ এক আগতীয়া পৰিকল্পনা বা আৰ্হি তৈয়াৰ কৰা হয়।

২) ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগ কোন চনত স্থাপিত হৈছিল?

উত্তৰঃ ১৯৩৮ চনত ৰাষ্ট্ৰীয় পৰিকল্পনা স্থাপিত হৈছিল।


৩) নতুন উদ্যোগ নীতি কোন চনত ঘোষিত হৈছিল ?

উত্তৰঃ নতুন উদ্যোগ নীতি ১৯৪৮ চনত ঘোষিত হৈছিল।


৪) পৰিকল্পনা আয়োগ কোন চনত স্থাপিত হয় ?

উত্তৰঃ পৰিকল্পনা আয়োগ ১৯৫০ চনত স্থাপিত হয়।


৫) পৰিকল্পনা আয়োগ কি সংবিধানবহিৰ্ভূত সংগঠন নেকি ?

উত্তৰঃ পৰিকল্পনা আয়োগ সংবিধানবহিৰ্ভূত সংগঠন নহয়।


৬) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল ?

উত্তৰঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই খাদ্যশস্যৰ নাটনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।


৭) দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য কি আছিল ?

উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যটো হল-বিকাশৰ এটা আৰ্হি প্ৰস্তুত কৰা; যিয়ে ভাৰতবৰ্ষত এখন সমাজবাদী আৰ্হিৰ সমাজ গঠন কৰিব।


চমু উত্তৰৰ প্ৰশ্ন (Short Answer Type Question):

১) পৰিকল্পনাৰ লগত ৰাষ্ট্ৰীয় স্তৰত জড়িত অনুষ্ঠান দুটা কি কি?

উত্তৰঃ পৰিকল্পনাৰ লগত ৰাষ্ট্ৰীয় স্তৰত জড়িত অনুষ্ঠান দুটা হল-

    ১) কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া পৰিকল্পনা

    ২) ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ


২) পৰিকল্পনা বিৰতি বুলিলে কি বুজা ? পৰিকল্পনা বিৰতিৰ কাৰণ কি আছিল ?

উত্তৰঃ 

৩) কেৰালা আৰ্হিৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজ্যবোৰৰ এক তুলনামূলক আলোচনা কৰিলে দেখা যায় যে আন বহু ডাঙৰ ৰাজ্যতকৈ অৰ্থনৈতিকভাৱে কেৰালা বেছি উন্নত। তুলনা কৰি চালে দেখা যায় যে যি সময়ত ভাৰতবৰ্ষত কেন্দ্ৰীভূত পৰিকল্পনা গ্ৰহণ কৰা হয়, সেই সময়ত কেৰালা চৰকাৰে বিকেন্দ্ৰীভূত পৰিকল্পনাৰ আৰ্হি উদ্ভাৱন কৰিছিল। এই পৰিকল্পনা আৰু বিকাশৰ পথটোক কেৰালা আৰ্হি নামেৰে জনাজাত। ৰাজ্যখনে গ্ৰহণ কৰা এই আৰ্হিয়ে শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ, কাৰ্যক্ষম, খাদ্য বিতৰণ আৰু দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত আলোকপাত কৰা দেখা যায়। কম জনমুৰি আয় আৰু তুলনামূলকভাৱে দুৰ্বল ঔদ্যেগিক ভেঁটি সত্তেও কেৰালাই প্ৰায় সম্পূৰ্ণ সাক্ষৰতা, দীৰ্ঘ জীৱন, জন্ম আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ কমাই অনা, স্বাস্থ্য সেৱা সহজলভ্য কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰে। কেৰালা চৰকাৰে ১৯৮৯ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত এক নতুন গণতান্ত্ৰিক উদ্যোগ গ্ৰহণ কৰে যত স্বেচ্ছাসেৱী নাগৰিক সংগঠনসমূহৰ জৰিয়তে বিকাশমূলক কাৰ্যকলাপত জনসাধাৰণৰ প্ৰত্যক্ষ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰে। ৰাজ্যখনে পঞ্চায়ত, মাণ্ডলিক আৰু জিলা পৰ্যায়ত পৰিকল্পনা কৰাত জনসাধাৰণক জড়িত কৰিবলৈও উদ্যোগ গ্ৰহণ কৰিছিল।


৪) LPG Model বুলিলে কি বুজা ?

উত্তৰঃ LPG মডেল ইয়াৰ ফলত ভাৰত চৰকাৰে বিশ্ব বেংকৰ পৰা ঋণ লাভ কৰে।


ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন (Essay type Answer)

১) পৰিকল্পনাৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশত পৰিকল্পনাৰ যথেষ্ট গুৰুত্ব আছে। শক্তিশালী আৰু সু-সংহত পৰিকল্পনাৰ জৰিয়তেহে এখন ৰাষ্ট্ৰৰ সৰ্বাধিক বিকাশ সম্ভৱ। তলত পৰিকল্পনাৰ গুৰুত্ব আলোচনা কৰা হল-

    ১) অৰ্থনৈতিক সম্পদৰ সুব্যৱহাৰঃ অৰ্থনৈতিক পৰিকল্পনাই অৰ্থনৈতিক সম্পদৰ সুব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। ই সীমিত উৎসৰ জৰিয়তে নূন্যতম প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত গুৰুত্ব দিয়ে।

    ২) মৌলিক প্ৰয়োজনীয়তা পূৰণঃ পৰিকল্পনাই সমাজ এখনৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে। পৰিকল্পনাত বিতৰণ আৰু উৎপাদন ব্যৱস্থাটো এনেকৈ সজোৱা হয় যাতে সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

    ৩) নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্দিষ্ট কাৰ্য সাধনঃ পৰিকল্পনাই এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰাত সহায় কৰে। অৰ্থাৎ চৰকাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত জনসাধাৰণক কোনো বিশেষ সুবিধা প্ৰদানৰ সিদ্ধান্ত লব পাৰে। উদাহৰণস্বৰূপে প্ৰত্যেকটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বাবে এটা বিশেষ দিশ বা ক্ষেত্ৰৰ উন্নয়ন বাচি লোৱা হৈছিল।

    ৪) সামাজিক বিকাশৰ সহায়কঃ পৰিকল্পনাই বিভিন্ন সামাজিক সমস্যা যেনেকৈ নিৰক্ষৰতা, নিৱনুৱা সমস্যা, দৰিদ্ৰতা, নাৰীৰ অনুন্নতি, লিংগভিত্তিক বৈষম্য ইত্যাদিক নিৰ্মূল কৰাত গুৰুত্ব প্ৰদান কৰে।

    ৫) সন্তুলিত অৰ্থনৈতিক বিকাশঃ ভাৰতবৰ্ষৰ দৰে বিশাল দেশৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আছিল সমাজৰ সকলো দিশৰ সমান্তৰালভাৱে বিকাশ সাধন কৰা। অৰ্থনৈতিক পৰিকল্পনাই সমাজৰ পিচপৰা জাতি, জনজাতি, মহিলাৰ উন্নয়নৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব পাৰে আৰু ইয়াৰ ফলত এওঁলোকে আন গোটৰ সমানে সমানে আগবাঢ়ি যাব পাৰে।


২) ভাৰতীয় পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ ভাৰতীয় পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ হল-

    ১) বিকাশৰ হাৰ বৃদ্ধিঃ পৰিকল্পনা আয়োগৰ প্ৰথম লক্ষ্য হল বিকাশৰ হাৰ বৃদ্ধি কৰা। ভাৰতবৰ্ষৰ জনসাধাৰণে গড়েপতি আয় আৰু জীৱনৰ মানদণ্ড- দুয়োটাই নিম্ন। এই  সমস্যা দূৰীকৰণৰ বাবে ৰাষ্ট্ৰৰ বিকাশৰ হাৰ আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰিব লাগিব। প্ৰত্যেকবোৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আয়ৰ সম্ভাব্য বৃদ্ধিৰ হাৰ ধাৰ্য কৰি দিয়া হয়। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত এই বৃদ্ধিৰ হাৰ মাত্ৰ ২.১ শতাংশ ৰখা হৈছি আৰু আন পৰিকল্পনাবোৰত ৫ শতাংশৰ ঊৰ্ধ্বত এই লক্ষ্য ৰখা হৈছিল।

    ২) জীৱন ধাৰণৰ মানদণ্ড উন্নতকৰণঃ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰথম উদ্দেশ্য আছিল জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু তেওঁলোকক এটা সমৃদ্ধিশালী জীৱন যাপন কৰাৰ সুযোগ প্ৰদান কৰা।

    ৩) সম্পদৰ সদ্ব্যৱহাৰঃ ভাৰতত সুদীৰ্ঘ দুশবছৰৰ ঔপনিবেশিক শাসনৰ অন্তত পুঁজিৰ এক ভয়ংকৰ অভাৱৰ সৃষ্টি হৈছিল। সেয়ে পঞ্চবাৰ্ষিক পৰিকল্পনাই ভাৰতবৰ্ষৰ সম্পদবোৰ সদ্ব্যৱহাৰ হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

    ৪) অৰ্থনৈতিক অসমতা হ্ৰাসঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা ভাৰতত অসমতা হ্ৰাস কৰাৰ অৰ্থে বিভিন্ন ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াৰ লগতে সমাজবাদী আৰ্হিৰ সমাজ আৰু কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা পৰিকল্পনাৰ জৰিয়তে কাৰ্যকৰী কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা হয়।

    ৫) সামাজিক ন্যায়ঃ পৰিকল্পনাই সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাত গুৰুত্ব প্ৰদান কৰিছে আৰু ইয়াক কাৰ্যকৰী কৰাৰ অৰ্থে নূন্যতম প্ৰয়োজনীয় কৰ্মসূচী গ্ৰহণ কৰি আহিছে চৰকাৰে।


৩) ভাৰতৰ পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ বৈশিষ্ট্যবোৰ হল-

    (ক) সক্ৰিয় হস্তক্ষেপকাৰী ৰাষ্ট্ৰঃ ৰাষ্ট্ৰক অৰ্থনৈতিক বজাৰত হস্তক্ষেপ কৰি সাধাৰণ আৰু দুখীয়াৰ জীৱিকা নিৰ্বাহৰ ব্যৱস্থা সুনিশ্চিত কৰা আৰু বিভিন্ন শ্ৰেণীৰ মাজত থকা বৈষম্য কমাই আনিবলৈ অধিকাৰ প্ৰদান কৰা হৈছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰক এনে আইন প্ৰণয়ন কৰাৰ দায়িত্ব দিয়া হৈছিল, যাৰ দ্বাৰা ভূমি সংস্কাৰ আৰু সম্পদৰ বিকেন্দ্ৰীকৰণ সম্ভৱ হৈ পৰিব। ৰাষ্ট্ৰই কৃষি, উদ্যোগ আৰু বাণিজ্যক উৎসাহিত কৰিব। বিকাশ আৰু সামাজিক ন্যায়ৰ মাজত এটা ভাৰসাম্য গঢ়ি তোলাৰ বাবেও ৰাষ্ট্ৰক দায়িত্ব দিয়া হৈছিল। বিদেশী বিনিয়োগক ৰাষ্ট্ৰই উৎসাহিত কৰিব, কিন্তু এই পুঁজি কত ব্যৱহৃত হব সেইক্ষেত্ৰত ৰাষ্ট্ৰই সিদ্ধান্ত গ্ৰহণ কৰিব।

    (খ) ৰাজহুৱা খণ্ডৰ প্ৰসাৰঃ উদ্যোগৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকাৰ বিষয়ে ১৯৩০ ৰ দশকৰ পৰাই বিতৰ্ক চলি আছিল। ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্যসকল এটা কথাত একমত আছিল যে সুৰক্ষা আৰু অস্ত্ৰ-শস্ত্ৰৰ উৎপাদনৰ লগত জড়িত উদ্যোগবোৰ একমাত্ৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থাকিব লাগিব। লগতে আন ঔদ্যোগিক ক্ষেত্ৰতো ৰাষ্ট্ৰৰ এটা সক্ৰিয় ভূমিকাৰ পৃষ্ঠপোষকতা কৰা হৈছিল। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণিৰ আগতে ১৯৪৮ চনত ঔদ্যোগিক নীতি এটা প্ৰস্তুত কৰি উলিওৱা হৈছিল যত বিভিন্ন উদ্যোগত ৰাষ্ট্ৰৰ ভূমিকা নিৰ্ধাৰণ কৰা হৈছিল।


৪) ভাৰতবৰ্ষৰ পৰিকল্পনা অনিয়ন্ত্ৰণৰ পৰ্যায়ৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৮০ ৰ মাজভাগৰ পৰা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰণৰ বাবে ভাৰতৰ পৰিকল্পনা ব্যৱস্থাত কিছু পৰিৱৰ্তন আহে। পৰিকল্পনাৰ দ্বিতীয় পৰ্যায়ত বহুধৰণৰ অৰ্থনৈতিক সংস্কাৰ হাতত লৈছিল চৰকাৰে। দেশ যেতিয়া লাহে লাহে অৰ্থনৈতিক সংকটৰ ফালে আগবাঢ়িছিল, সেই সময়ত এফালে দেশৰ অৰ্থনীতিক সুস্থিৰ কৰাৰ ওপৰত আৰু দ্বিতীয়তে দেশৰ অৰ্থনীতি ব্যৱস্থাৰ প্ৰকৃতি পৰিৱৰ্তন কৰাত গুৰুত্ব প্ৰদান কৰা হৈছিল। ইয়াৰ বাবে ১৯৯১ চনত চৰকাৰে আনুষ্ঠানিকভাৱে এল পি জি মডেল প্ৰৱৰ্তন কৰে। ইয়াৰ অৰ্থ হল উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন  পিচে এই পৰিৱৰ্তনৰ বাবে প্ৰচেষ্টা কিছু আগৰে পৰা লোৱা হৈছিল।

    ১৯৭৭ চনত আৰু বিশেষকৈ ১৯৮৫-৮৬ চনত ভালেকেইটা অৰ্থনৈতিক সংস্কাৰ চৰকাৰে হাতত লয়। ইয়াৰ বাবে লাহে লাহে চৰকাৰে ৰাজহুৱা খণ্ডৰ নিয়ন্ত্ৰণ বিভিন্ন উদ্যোগত কমাই আনে আৰু ব্যক্তিগত খণ্ডক এটি সক্ৰিয় ভূমিকা পালন কৰিবলৈ সুযোগ দিয়ে। এই পৰিৱৰ্তনবোৰৰ বাবে ভাৰতবৰ্ষৰ বিকাশৰ হাৰ ৮০ ৰ দশকত কিছু বৃদ্ধি হয়।


৫) নিটি আয়োগ গঠনৰ তাৎপৰ্য কি পৰিকল্পনা আয়োগৰ বাবে ?

উত্তৰঃ

৬) নিটি আয়োগ আৰু পৰিকল্পনা আয়োগৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা।

উত্তৰঃ

বিষয়

নিটি আয়োগ

পৰিকল্পনা আয়োগ

বিত্তীয় ক্ষমতা

এটা পৰামৰ্শমূলক সংস্থা আৰু পুঁজি আবণ্টনৰ ক্ষমতা নাই।

মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰ সমূহে পুজিঁ আবণ্টনৰ ক্ষমতা ভোগ কৰিছিল।

পূৰ্ণকালীন সদস্য

পৰিকল্পনা আয়োগৰ তুলনাত কম।

অন্তিম পৰিকল্পনা আয়োগত আঠগৰাকী পূৰ্ণ পৰ্যায়ৰ সদস্য আছিল।

ৰাজ্যসমূহৰ ভূমিকা

ৰাজ্য চৰকাৰসমূহে পৰিকল্পনা আয়োগৰ তুলনাত অধিক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।

ৰাজ্যসমূহৰ ভূমিকা ৰাষ্ট্ৰীয় বিকাশ পৰিষদ আৰু পৰিকল্পনা সভাত বাৰ্ষিক বাৰ্তালাপতে সীমাবদ্ধ আছিল।

সদস্য-সচিব

মূখ্যকাৰ্যবাহী বিষয়া হিচাবে জনা যাব আৰু তেওঁক প্ৰধানমন্ত্ৰীয়ে নিয়োগ কৰিব।

সাধাৰণ প্ৰক্ৰিয়াৰে সচিব-সকল আৰু সদস্য-সচিবক নিয়োগ কৰা হৈছিল।

অংশগ্ৰহণ

নীতি প্ৰণয়ন আৰু পুঁজি আবণ্টনৰ সময়ত ৰাজ্যসমূহৰ সৈতে আলোচনা কৰাৰ পাচত নীতি চুড়ান্ত কৰিব।

আয়োগে নীতি প্ৰণয়ন কৰি পাচত ৰাজ্যসমূহৰ সৈতে পুঁজি আবণ্টনৰ বিষয়ত আলোচনা কৰিছিল।

আবণ্টন

পুঁজি আবণ্টনৰ কোনো ক্ষমতা নাই

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ বাবে চৰকাৰী পুঁজী আবণ্টনৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আছিল।

প্ৰকৃতি

নীতি বলবৎ কৰাৰ ক্ষমতা নাই।

ৰাজ্যসমূহৰ নীতি বলবৎ কৰিছিল।



৭) নব্য উদাৰতাবাদী অৰ্থনৈতিক ব্যৱস্থাত পৰিকল্পনা আয়োগৰ পৰিৱৰ্তিত ভূমিকাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

৮) ভাৰতবৰ্ষত কেন্দ্ৰীভূত পৰিকল্পনাৰ উপলব্ধিসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত কেন্দ্ৰীভূত পৰিকল্পনাৰ উপলব্ধিসমূহ হল-

    ১) উৎপাদনঃ ১৯৫০ ৰ পৰা ১৯৭০ ৰ দশকলৈ ভাৰতবৰ্ষৰ পৰিকল্পনাবোৰে বান্ধি দিয়া লক্ষ্যত উপনীত হব পৰা নাছিল। প্ৰায়ক্ষেত্ৰত বিকাশৰ দল ৩.৫% লৈকেহে সীমিত আছিল। পুঁজিৰ অভাৱ, চীন আৰু পাকিস্থানৰ লগত যুদ্ধ ইত্যাদিৰ কাৰণে ভাৰতত অৰ্থনৈতিক সুস্থিৰতা সম্ভৱ হৈ উঠা নাছিল। ১৯৭০ ৰ দশকৰ পিচৰ পৰাহে এই বিকাশৰ হাৰ ৩.৫ ৰ পৰা গৈ ৫.৫ শতাংশ হয়।

    ইয়াৰ উপৰি বিভিন্ন নীতি আৰু সেউজ বিপ্লৱৰ ফলত ভাৰতবৰ্ষ খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠে। ১৯৫১ চনত ভাৰতবৰ্ষই মাত্ৰ ৫০ মিলিয়ন টন খাদ্য উৎপাদন কৰিছিল। কিন্তু ১৯৮০ ৰ দশকৰ শেষৰফালে ১৫০ মিলিয়ন টনলৈ উৎপাদন বৃদ্ধি পাইছিল। ১৯৯০ ৰ দশকত প্ৰত্যেক ব্যক্তিৰ বাবে ৫০০ গ্ৰাম খাদ্য সহজলভ্য আছিল। কিছু সময়ৰ বাবে ভাৰতবৰ্ষই খাদ্যশস্য ৰপ্তানিও কৰিছিল।

    ২) নিবনুৱা সমস্যাঃ খাদ্যশস্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যদিও আত্মনিৰ্ভৰশীল হৈ উঠিছিল, আন কিছু ক্ষেত্ৰত ভাৰতৰ উন্নয়নৰ হাৰ বিশেষ সন্তোষজনক নহয়। ১৯৭২ চনৰ পৰা নিৱনুৱাৰ হাৰৰ বিষয়ে তথ্য পোৱা যায়। ১৯৭২-৭৩ ৰ পৰা ১৯৭৭-৭৮ চনলৈকে ভাৰতত নিৱনুৱাৰ হাৰ ১.৬ শতাংশৰ পৰা ৩.৯ শতাংশ হৈছিল। অৱশ্যে ১৯৯৯-২০০০ চনত এই হাৰ কমি ২.৮১ শতাংশ পাইছিলগৈ। দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰাসকল ১৯৭৩-৭৪ ৰ পৰা ১৯৯৩-৯৪ লৈকে ৩২ কোটি আছিল আৰু ১৯৯৯-২০০০ চনত এই সংখ্যা কমি ২৬ কোটি হৈছিল। অৰ্থাৎ দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰাসকলৰ সংখ্যা কমি আহিছিল। দাৰিদ্ৰসকলৰ মাজত নিৱনুৱাৰ হাৰো কমি আহিছিল। তৎসত্ত্বেও ভাৰতবৰ্ষৰ বিকাশৰ হাৰে নিয়োগৰ যথাযোগ্য যোগান ধৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন ৰোজগাৰ নীতি আৰম্ভ কৰিছিল।

    ৩) অসমতাঃ স্বাধীনতাৰ পিচৰ পৰা ভাৰতীয় নেতৃত্বৰ সন্মুখত এটা ডাঙৰ প্ৰত্ব্যাহ্বান আছিল আয় আৰু সম্পদৰ মাজত থকা অসমতাক পুনৰ বিতৰণৰ জৰিয়তে নিৰ্মূল কৰা। কিন্তু স্বাধীনতাৰ সত্তৰটা বছৰৰ পিচটো আমাৰ সমাজৰ অসমতা সম্পূৰ্ণৰূপে দূৰ হোৱা নাই। অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক ক্ষমতা এতিয়াও কিছু মানুহৰ হাততহে কেন্দ্ৰীভূত হৈ আছে।


Question Type- Leena Kakati

Answered By- Leena Kakati