1. Albert Einstein (এলবাৰ্ট আইনষ্টাইন)

 


    ১৮৭৯ চনৰ ১৪ মাৰ্চত সেইসময়ৰ জাৰ্মান সাম্ৰাজ্যৰ ওল্ম চহৰত এই মহান বিজ্ঞানীজনৰ জন্ম হয়। আইনষ্টাইনৰ পিতৃ হাৰমেন আইনষ্টাইন আছিল এজন ব্যৱসায়ী।দ্যুতিক আহিলাপাতি তৈয়াৰ কৰা কাৰখানা এটা চলাইছিল। ১৯০৩ চনৰ জানুৱাৰী মাহত এলবাৰ্টে তেওঁৰ একালৰ স্কুলৰ লগৰী মিলেভা মেৰিকক বিয়া কৰায়। পিছে গৱেষণাগাৰৰ চাৰিবেৰৰ বাহিৰত যে তেওঁলোকৰ কোনো কথাতে মিল নাই সেইটো অতি সোনকালেই প্ৰকাশ পালে। ১৯১৪ চনৰ পৰা পাঁচ বছৰ বেলেগে বেলেগে থকাৰ পাছত ১৯১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ কিছুদিন পিছতেই ১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা লৱেন্থেল নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ১৯৩৬ চনৰ ডিচেম্বৰ মাহত এলছা আইনষ্টাইন মৃত্যু হয়। এলবাৰ্ট আইনষ্টাইন আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়। এই আলোক বিদ্যুত পৰিঘটনাই পাচলৈ কোৱাণ্টাম তত্ত্বৰ সূচনা কৰে। ১৯৫৫ চনৰ ১৮ এপ্ৰিল তাৰিখে এই বিৰাট প্ৰতিভা সম্পন্ন ব্যক্তি, এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু হয়।


2. Marie Curie (মেৰী কুৰি) 



  

    ১৮৬৭ চনৰ ৭ নৱেম্বৰ তাৰিখে পোলেণ্ডত মেৰী কুৰী জন্ম হয়। জীৱনৰ বেছিভাগ সময়েই ফ্ৰান্সতে কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত। এখেত ন'বেল বঁটা লাভ কৰা প্ৰথম মহিলা, লগতে দুবাৰকৈ ন'বেল বঁটা লাভ কৰা একমাত্ৰ মহিলা, দুটা ভিন্ন বিষয়ত ন'বেল লাভ কৰা এখেতেই একমাত্ৰ ব্যক্তি। পেৰিছ বিশ্ববিদ্যালয়ৰো প্ৰথম মহিলা অধ্যাপিকা আছিল মেৰী কুৰী। নিজস্ব কৰ্মৰ গৰিমাত পেৰিছৰ পেন্থিয়নত সমাধি লাভ কৰাও এখেত প্ৰথম মহিলা। মেৰী কুৰীক জন্মতে নাম দিয়া হৈছিল মাৰিয়া ছেল'মিয়া স্ক্লডভ্‌স্কা। তেখেতৰ জন্ম হৈছিল সেই কালৰ 'পোলেণ্ড ৰাজ্য'ৰ ৱাৰশ্ব' চহৰত। পোলেণ্ডৰ ফ্লোটিং বিশ্ববিদ্যালয়ত পঢ়া শেষ কৰি তেওঁ ৱাৰশ্ব'ত বিজ্ঞান পাঠ কৰে। ১৮৯১ চনত, ২৪ বছৰ বয়সত বায়েক ব্ৰনিস্লাভাৰ দৰেই পেৰিছলৈ অধ্যয়নৰ বাবে আহে। পেৰিছতে তেওঁ উচ্চ পৰ্যায়ৰ ডিগ্ৰী লাভ কৰে, আৰু পাছলৈ বিজ্ঞানৰ কৰ্মত ব্ৰতী হয়। ১৯০৩ চনত লাভ কৰা প্ৰথম ন'বেল বঁটা তেখেতে পদাৰ্থবিজ্ঞান শাখাত গিৰিয়েক পিয়েৰ কুৰী আৰু পদাৰ্থবিদ হেন্‌ৰি বেকুৰেলৰ লগত যুটীয়া ভাৱে লাভ কৰে। ১৯১১ চনত তেখেতে অকলেই ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। ১৯০৩ চনত মেৰীয়ে 'ডক্টৰ অব চায়েন্স' সন্মানও লাভ কৰিছিল। আজীৱন ৰেডিয়াম লৈ অহৰহ কাম কৰি যোৱা মেৰীয়ে অৱশেষত নিজেই তেজষ্ক্ৰিয়তাৰ চিকাৰ হ'ল আৰু ১৯৩৮ চনত মৃত্যু হয়।



3. Isaac Newton (আইজাক নিউটন)
 

    ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞীজনৰ ছাৰ আইজাক নিউটন। ১৬৪৩ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ইংলেণ্ডৰ লিংকণশ্বিয়াত আইজাক নিউটনৰ জন্ম হয়। পিতৃ-মাতৃ অবিহনে নিউটন আইতাকৰ লগত ভাঙৰ-দীঘল হৈছিল। সৰু কালত তেখেত পঢ়া-শুনাত অমনোযোগী আছিল, কিন্তু নানা ধৰণৰ খেলনা আৰু যন্ত্ৰ-পাতি তৈয়াৰ কৰাত বৰ পাৰ্গত আছিল। কম বয়সতে আইজাক নিউটনে বায়ুকল আৰু বেলিঘড়ি সাজি উলিয়াইছিল। আইজাক নিউটনে কেম্ব্ৰীজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰছিল আৰু তাৰ পাছত তাতেই অধ্যাপনা কৰিছিল। তেখেতৰ গণিত, পদাৰ্থ বিজ্ঞান আৰু জ্যোতিবিজ্ঞানলৈ আগবঢ়োৱা অৱদান অবিস্মৰণীয় । পদাৰ্থৰ গতি সম্পৰ্কীয় তিনিটা বিখ্যাত সূত্ৰ তেখেতে আৱিস্কাৰ কৰিছিল । এই সূত্ৰ সমূহক নিউটনৰ সূত্ৰ বুলি জনা যায়। গছৰ পৰা আপেল সৰি পৰা দেখি নিউটনে মাধ্যকৰ্ষন তত্ব আৱিস্কাৰ কৰাৰ কাহিনী সৰ্বজনবিদিত । তেখেতৰ অন্যান্য আৱিস্কাৰ ভিতৰত পোহৰৰ প্ৰতিফলন আৰু দূৰবীক্ষণ যন্ত্ৰ উল্লেখযোগ্য। তেখেত এজন সত্য অন্বেষণকাৰী মহান বিজ্ঞানী আছিল। ১৭২৭ চনৰ ৩১ মাৰ্চত আইজাক নিউটনৰ দেহাৱসান ঘটে।   




4. Charles Darwin (চাৰ্লছ ডাৰউইন)




         ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত চাৰ্লচ ডাৰউইনৰ জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল ৰবাৰ্ট ডাৰউইন আৰু মাকৰ নাম আছিল ছুজান্না। ৰবাৰ্ট ডাৰউইনৰ ছয়জন ল’ৰা-ছোৱালীৰ চাৰ্লছ আছিল পঞ্চম। ঘৰৰ প্ৰাচুৰ্যতা আৰু বায়েক ভনীয়েকৰ মৰম চেনেহৰ মাজত ডাৰউইন ডাঙৰ দীঘল হৈছিল। কিন্তু আঠ বছৰ বয়সতে হোৱা মাতৃৰ বিয়োগে তেওঁৰ জীৱনলৈ মানসিক বিষাদ আৰু যন্ত্ৰণা নমাই আনিছিল। ঘৰৰ ওচৰৰ বিদ্যালয়ত এবছৰ পঢ়াৰ পিছত ১৮১৮ চনত ডাৰউইনক শ্ৰূছবাৰি স্কুলত ভৰ্তি কৰি দিয়া হয়। ১৮২৫ চনত ১৬ বছৰ বয়সত তেওঁক এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ মেডিকেল স্কুলত নাম লগাই দিয়া হয়। মেডিকেল স্কুলত পঢ়াৰ আগতে দেউতাকৰ সৈতে শ্ৰূছবাৰিৰ দুখীয়া মানুহবোৰক শুশ্ৰূষা কৰিছিল। কিন্তু ডাক্তৰি পঢ়িবলৈ গৈ তেওঁৰ তাতে মন নবহিল। মানুহৰ মৰাশ কাটি ছিঙি পৰীক্ষা কৰিবলৈ ডাৰউইন বেয়া পাইছিল। দ্বিতীয় বৰ্ষত তেওঁ প্লিনিয়ান চ’ছাইটি নামৰ এটা ছাত্ৰদলত যোগদান কৰে। তাত তেওঁ ৰবাৰ্ট এডমণ্ড গ্ৰাণ্ট নামৰ এজন লোকক সামুদ্ৰিক অমেৰুদণ্ডীৰ জীৱন চক্ৰ আৰু শৰীৰৰ গঠন অধ্যয়ন কৰাত সহায় কৰিছিল। তেখেতৰ সহযোগত ১৮২৭ চনৰ ২৭ মাৰ্চত ডাৰউইনে নিজৰ আৱিষ্কাৰৰ বিষয়ে উপস্থাপন কৰে। তাত কোৱা হৈছিল যে অয়ষ্টাৰৰ খোলাত পোৱা ক’লা ৰঙৰ স্প’ৰবোৰ আচলতে এবিধ জোকৰ কণী। ১৮২৮ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ধৰ্মশাস্ত্ৰ বিষয়ত নাম লগাই দিয়া হ’ল যাতে তেওঁ ধৰ্মযাজক হ’ব পাৰে। কিন্তু তাতো ডাৰউইনৰ মন নবহিল। তেওঁ নতুনকৈ কীট-পতংগৰ বিষয়ে অধ্যয়ন কৰিব ধৰিলে। সেই সময়তে ডাৰউইনে জন হেনস্ল’ নামৰ এজন পণ্ডিতক লগ পালে। জন হেনস্ল’ এজন ধৰ্মযাজক হোৱাৰ উপৰিও কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ অধ্যাপক আছিল। তেখেতক লগ পোৱাৰ পৰা ডাৰউইনৰ উদ্ভিদ বিজ্ঞানৰ প্ৰতিও আগ্ৰহ বাঢ়িল। তথাপি ধৰ্মযাজকৰ চূড়ান্ত পৰীক্ষাত ডাৰউইন সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ১৮৩৯ চনত চাৰ্লচ ডাৰউইনৰ প্ৰথমখন কিতাপ ‘গৱেষণাৰ দিনলিপি’ প্ৰকাশ হৈ ওলাল। ১৮৩৯ চনৰ ২৯ জানুৱাৰী তাৰিখে তেখেতে নিজৰ মামা জোছিয়া ওৱেজউদ (দ্বিতীয়)ৰ নুমলীয়া জীয়ৰী এমা ওৱেজউদক বিয়া কৰায়। ডাৰউইন আৰু এমাৰ দহটা ল’ৰা-ছোৱালী হৈছিল। তাৰে দুটা শৈশৱতে ঢুকাইছিল আৰু তৃতীয়টো দহ বছৰ বয়সত ঢুকাইছিল। লণ্ডনৰ ৰয়েল ছ’চাইটিৰ সভ্য নিৰ্বাচিত হৈছিল। ১৮৬৪ চনত ডাৰউইনে সেই সমিতিৰ কপলে বঁটা (Copley Award) লাভ কৰিছিল। কিন্তু তেখেতৰ বাইবেল বিৰোধী মন্তব্যৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁক কোনো আনুষ্ঠানিক স্বীকৃতি দিয়া নাছিল। ১৮৮২ চনৰ ৯ এপ্ৰিল তাৰিখে হৃদযন্ত্ৰৰ অসুখত ডাৰউইনৰ মৃত্যু হয়। তেখেতৰ শৱদেহ ৱেষ্টমিনষ্টাৰ এবেত ছাৰ আইজাক নিউটনৰ ওচৰত সমাধিস্থ কৰা হয়।


5. Nikola Tesla (নিকোলা টেছলা) 


    নিক'লা টেছলা আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়। পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত অধিকাংশ যন্ত্ৰৰে মূল চালিকা শক্তি ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰ (Rotating Magnetic Field) আৱিষ্কাৰ কৰিছিল নিক'লা টেছলাই। ১৮৫৬ চনৰ ১০ জুলাই তাৰিখে অষ্ট্ৰিয়ান সাম্ৰাজ্যৰ (বৰ্তমানৰ ক্ৰয়েছিয়া)লিকা প্ৰদেশৰ শ্মিলিজান গাঁৱত তেওঁৰ জন্ম হৈছিল। ১৮৯১ চনত তেওঁ টেছলা কুণ্ডলী আৱিষ্কাৰ কৰে, যি কুণ্ডলী ৰেডিঅ' প্ৰযুক্তিত ব্যাপক ৰূপত ব্যৱহৃত হৈছিল। পৃথিৱী পোহৰাই তোলা এই জিনিয়াছজনক এতিয়া টেছলা নামৰ এটা এককৰ জৰিয়তে স্মৰণ কৰা হয়। টেছলা হৈছে চুম্বকীয় অভিৱাহ ঘনত্ব (Magnetic Flux Density) ৰ একক। তেওঁৰ নামটোৰে কেইবাটাও পথ নামকৰণ কৰা হৈছে, মূৰ্তি স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁৰ নামেৰে এটা বঁটাও প্ৰৱৰ্তন কৰা হৈছে। অথচ জীয়াই থকা সময়ছোৱাত টেছলাৰ কৰ্মৰাজিয়ে ইমান সমাদৰ লাভ কৰা নাছিল।  ১৮৯৯ৰ চনৰ পৰা ১৯০০ চনৰ আগভাগলৈকে নিক'লা টেছলা ক'লৰাড'ত থাকে। তাতেই তেওঁ কল'ৰাড' স্প্ৰীং উদ্ভাৱন কৰিছিল-যিটো উদ্ভাৱনক টেছলাই তেওঁৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে চিহ্নিত কৰিছিল-পাৰ্থিৱ স্থিৰ তৰংগ (Terrestrial Stationary Waves ) এইটো উদ্ভাৱনৰ দ্বাৰা তেওঁ প্ৰমাণ কৰি দিছিল যে পৃথিৱীৰ ভূমিক এডাল বিদ্যুৎ পৰিবাহী হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু তাৰদ্বাৰা কিছুমান বৈদ্যুতিক কম্পনাংকৰ সৃষ্টি কৰিব পাৰি। তেওঁ আনকি বৈদ্যুতিক তাঁৰ নোহোৱাকৈ ৪০ কিলোমিটাৰ (২৫ মাইল) নিলগৰ পৰা ২০০টা বিজুলী বাঁতি জ্বলাই দেখুৱাইছিল;যিবোৰে ৪১ মিটাৰ দীঘল চমকনিৰ সৃষ্টি কৰিছিল।  ১৯৪৩ চনৰ ৭ জানুৱাৰিত,৮৬ বছৰ বয়সত টেছলাই নিউ য়ৰ্কাৰ হোটেলৰ ৩৩ নং মহলাৰ ৰুম নম্বৰ ৩৩২৭ত মৃত্যু হয়। কোঠালিৰ দুৱাৰত ওলোমাই থোৱা 'আমনি নকৰিবা' নিৰ্দেশ অমান্য কৰি বনকৰা মহিলা এলিছ মনাঘান কোঠালৈ সোমাই যাওঁতেই নিক'লা টেছলাৰ নিঠৰ দেহটো চকুত পৰে। সেই নিৰ্দেশ টেছলাই দুদিন আগতেই ওলোমাই থৈছিল। সহকাৰী চিকিৎসা নিৰীক্ষক এইচ্ছ.ডব্লিউ উৱেম্বলিয়ে টেছলাৰ দেহ পৰীক্ষা কৰে আৰু মৃত্যুৰ কাৰণ ক'ৰ'নাৰি থ্ৰম্ব'চিছ বুলি চিনাক্ত কৰে। 



6. Galileo Galilei (গেলিলিঅ গেলিলি)



    ১৫৬৪ চনৰ ১৫ফেব্ৰুৱাৰী তাৰিখে গেলিলিঅ’ গেলিলিৰ ইটালী দেশত জন্ম হয়। একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল। তেওঁৰ উল্ল্যেখযোগ্য অৱদানবোৰৰ ভিতৰত আছিল দূৰবীক্ষণ যন্ত্ৰৰ উন্নতি সাধন আৰু জ্যোতিৰ্বিজ্ঞানৰ গুৰুত্বপূৰ্ণ পৰ্য্যবেক্ষণ কিছুমান যিবোৰে কপাৰ্নিকাছৰ মতবাদক পূৰ্ণ সমৰ্থন দিছিল। গেলিলিঅ’ক "আধুনিক পৰ্য্যবেক্ষণ জ্যোতিৰ্বিদ্যা", "আধুনিক পদাৰ্থ বিজ্ঞান", আনকি "বিজ্ঞান", তথা "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" আখ্যা দিয়া হয়।  ১৬৪২ চনত ৮ জানুৱাৰীত, ৭৭ বছৰ বয়সত গেলিলিৰ মৃত্যু হয়।



7. Ada Lovelace (এডা লাভলেচ) 

    
    ১৮১৫ চনৰ ১০ ডিচেম্বৰত এডা লাভলেচৰ জন্ম হৈছিল। তেওঁৰ সম্পূৰ্ণ নাম আছিল আদা আগষ্টা কিং, আৰু ইয়াক কাউন্টেচ অফ লাভলেচ বা কেৱল এডা লাভলেচ বুলি কোৱা হৈছিল। তাই কবি লৰ্ড বায়ৰনৰ জীয়ৰী আৰু একমাত্ৰ সন্তান হিচাপে লণ্ডনৰ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। যেতিয়া ছাৰ চাৰ্লছ উইলিয়াম বেবেজ তেওঁৰ ডিফাৰেন্সিয়েল মেচিন বা বিশ্লেষণাত্মক ইঞ্জিনৰ আৱিষ্কাৰৰ প্ৰতি আসক্ত হৈছিল, আদাই তেওঁৰ গাণিতিক বিশ্লেষণাত্মক সামৰ্থ্যৰ জৰিয়তে এই কম্পিউটাৰবোৰৰ সংখ্যা ক্ৰাঞ্চ কৰাৰ অপৰিসীম সম্ভাৱনা উপলব্ধি কৰিছিল। তেওঁ চাৰ্লছ বেবেজে তেওঁৰ ইংলেণ্ডত বিজ্ঞানৰ অৱনতি নামৰ কিতাপখনত লিখিছিল। আৰু এনে সময়ত, এই অসামান্য মহিলাগৰাকীয়ে চাৰ্লছ বেবেজক কোৱা সম্ভাৱনাবোৰে তেওঁৰ কাম ত্বৰান্বিত কৰিছিল। আদা আগষ্টাক এতিয়া পৃথিৱীৰ প্ৰথম কম্পিউটাৰ প্ৰগ্ৰেমাৰ হিচাপে গণ্য কৰা হয়। তেওঁৰ বিষয়ে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে যাক হোলচেপিং আদা বুলি কোৱা হয়। মাইক্ৰছফ্টৰ সামগ্ৰীৰ সত্যতা হলোগ্ৰামতো তেওঁৰ এখন ছবি আছে। আদা মাত্ৰ ৩৬ বছৰ জীয়াই আছিল। ১৮৫২ চনৰ ২৭ নৱেম্বৰত গ্ৰীৱাৰ কৰ্কট ৰোগ আৰু অত্যাধিক ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হয়। কম্পিউটিং আৰু প্ৰগ্ৰামিংত তেওঁৰ বিশেষ অৱদানৰ বাবে ২৪ মাৰ্চত বিশ্বজুৰি আদা লাভলেচ দিৱস উদযাপন কৰা হয়।



8. Pythagoras (পাইথাগোৰাছ) 

   
    
    পাইথেগাৰাছৰ জন্ম অনুমানিক ৫৭০ খ্ৰীষ্টপূৰ্ব আগে জন্ম হৈছিল। তেওঁ আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত। পাইথেগাৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগতভাৱে শাসকৰ আসনত বহুওৱাৰ সলনি গুণী-জ্ঞানী লোককহে তেনে পদত বহুৱাব লাগে। ইয়াৰ ফলত তেওঁ শাসকসকলৰ ৰোষত পৰিল। খ্ৰীষ্টপূৰ্ব ৫৩২ত তেওঁ ছামোছ এৰি ইটালীৰ ক্ৰটন নগৰলৈ যায় আৰু তাত নীতি আৰু ধৰ্মশাস্ত্ৰ অধ্যয়নৰ এক টোল গঢ়ি তোলে। তেওঁৰ মতে বাস্তৱ জগতখনৰ সকলো তথ্যয়েই আনকি সংগীতকো গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি। জ্যামিতিৰ কেইবাটাও কথা যেনে বিখ্যাত ‘পাইথেগাৰাছৰ উপপাদ্য’ তেওঁ আৱিষ্কাৰ কৰা বুলি কোৱা হয়। তেখেতে গণিতলৈ দুটা অমূল্য অৱদান আগবঢ়াইছে। প্ৰথম, জ্যামিতিৰ প্ৰমেয়ৰ যুক্তিযুক্ত প্ৰমাণ দিয়া আৰু তেওঁ আঢ়ৈহাজাৰ বছৰ পূৰ্বেই অনুভৱ কৰিছিল যে স্বাভাৱিক সংখ্যাসমূহেই যথেষ্ট নহয়। তেওঁ স্বাভাৱিক সংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যথাযথভাৱে বিন্দু সজ্জিত কৰি কেনেকৈ বৰ্গক্ষেত্ৰ আৰু ত্ৰিভুজ নিৰ্মাণ কৰিব পৰা যায়, উদঙাই দেখুৱাই তেওঁ‌ এহাতে সংখ্যাৰ লগত জ্যামিতিৰ সম্বন্ধ স্থাপন কৰিছিল আৰু তাঁৰৰ দৈৰ্ঘ্যৰ সৰল অনুপাত ক্ৰমে সুষম সংগীতধৰ্মী ধ্বনি, যেনে: তৃতীয়, অষ্টক আদি যে সৃষ্টি কৰিব পৰা যায়, সেই কথা আৱিষ্কাৰ কৰি তেখেতে পদাৰ্থবিদ্যাৰ লগত সংখ্যাৰ সম্বন্ধ স্থাপন কৰিছিল। ত্ৰিভুজ, বৰ্গক্ষেত্ৰ আৰু পঞ্চভুজৰ ওপৰত মহাজাগতিক গুৰুত্ব আৰোপ কৰি পাইথেগাৰাছৰ শিষ্যসকলে সমগ্ৰ গ্ৰীক জ্যামিতিৰ ভেটি গঢ়ি তুলিছিল। পাইথেগাৰাছৰ বিষয়ে থকা তথ্যসমূহৰ মাজত মতভেদ দেখা যায়। প্ৰায়বোৰ জীৱনীতে তেওঁক ঐশ্বৰিক আৰু পবিত্ৰ হিচাপে দেখুওৱা হৈছে। তেওঁৰ শৰীৰৰ পৰা দৈৱিক পোহৰ ওলোৱাৰ কথাও কোৱা হয়। পাইথেগাৰাছৰ মৃত্যু অনুমানিক ৪৯৫ খ্ৰীষ্টপূৰ্ব আগে  মৃত্যু হৈছিল। 



9. Carl Linnaeus (কাৰ্ল লিনিয়াছ) 


   কাৰ্ল লিনিয়াছ হৈছে ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী। তেওঁ আধুনিক দ্বৈৰাশিক নামকৰণৰ ভিত্তি স্থাপন কৰি থৈ গৈছিল। তেওঁক আধুনিক বৰ্গীকৰণৰ জনক বোলা হয়। ইয়াৰোপৰি তেওঁ আধুনিক বাস্তুবিজ্ঞানৰ জনকসকলৰ ভিতৰত অন্যতম। তেওঁ ১৭০৭ চনৰ ১৩মে' ত দক্ষিণ ছুইডেনৰ ছামালান্দৰ এখন গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ নাম আছিল নিলছ লিনিয়াছ। কাৰ্ল লিনিয়াছে খনিজ, উদ্ভিদ বিযয়ে পঢ়া-শুণা কৰি  পৰিচিত লাভ কৰিছিল। তেওঁ শিক্ষাজীৱনৰ অধিকাংশ সময় উপছালা বিশ্ববিদ্যালয়ত কটাইছিল। ১৭৩০ চনত এই বিশ্ববিদ্যালয়তে প্ৰবক্তা হিচাপে যোগ দিছিল। ১৭৪০ৰ দশকত বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ শ্ৰেণীবিন্যাস কৰাৰ বাবে তেওঁক ছুইডেনৰ বিভিন্ন স্থানলৈ পাঠিওৱা হৈছিল। ১৭৫০ আৰু ৬০ৰ দশককত তেওঁ এই শ্ৰেণীবিন্যাস প্ৰচলিত হৈছিল আৰু খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল। অনেক প্ৰাণী বা উদ্ভিদৰ দ্বিপদী নামৰ তেওঁ যি নাম নাম ৰাখিছিলে সেই নামৰ সংক্ষিপ্ত ৰূপটোৱা স্থান পায়। লিনিয়াছে যিবোৰ নাম ৰাখিছিল সেইবোৰৰ শেষত "L" অক্ষৰটো থাকে। মৃত্যুৰ সময়ত সমগ্ৰ ইউৰোপ জুৰি অন্যতম সেৰা বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰেছিল। তেওঁ ১৭৭৭ চনৰ ১০ জানুৱাৰী তাৰিখে মৃত্যুবৰণ কৰে। কবৰৰ নামফলকত শেষ ইচ্ছানুসৰি লিনিয়াছৰ নামৰ পাছত হ'মো ছেপিয়েঞ্চ শব্দটো যুক্ত কৰা হৈছে।  




10. Rosalind Franklin (ৰোজালিণ্ড ফ্ৰেংকলিন)


    ১৯২০ চনৰ ২৫ জুলাইত লণ্ডনৰ নটিং হিলত ৰোজালিণ্ড ফ্ৰেংকলিনৰ জন্ম হৈছিল।  ফ্ৰেঙ্কলিনে সৰুৰে পৰা এজন বিজ্ঞানী হ'ব বিচাৰিছিল। কিন্তু তেওঁৰ দেউতাক অসন্মত হৈছিল। তেওঁ ছোৱালীজনীক সমাজকৰ্মী বা স্বেচ্ছাসেৱক হোৱাটো বিচাৰিছিল। ফ্ৰেঙ্কলিনে ১৯৩৮ চনত নিউমেন কলেজ আৰু ১৯৪১ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1951 চনত, তেওঁ জে.ডি.-ত যোগদান কৰে। বাৰ্ণল আৰু মৰিছে ৱিলকিন্সৰ সৈতে গৱেষণা আৰম্ভ কৰিছিল। তেওঁৰ কাম ডিএনএ প্ৰকল্পত আছিল। সেই সময়ত, তেওঁ এক্স-ৰেৰ সহায়ত ডিএনএ-ৰ ফটো তুলিবলৈ সক্ষম হৈছিল। ফ্ৰেংকলিন এজন গৱেষক আছিল যিয়ে য'তেই হাত দিছিল সোণ ৰখা হৈছিল। যোৱা কেইবছৰমানৰ পৰা, তেওঁ আৰএনএ-ৰ গাঁথনিৰ ওপৰত কাম কৰি আহিছে, ধপাত মোজাইক ভাইৰাছ (টিএমভি) আৰু পলিপ ভাইৰাছৰ গাঁথনিৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। গোটেই জীৱন ৰাইজৰ চকুৰ পৰা লুকাই থকা ছোৱালী জনীৰ ৩৮ বছৰ বয়সত দুৰাৰোগ্য কৰ্কট ৰোগত মৃত্যু হয়। 






Post ID -- DABP007435