ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণসমূহ

অধ্য়ায়-১ 


A. অতি চমু প্রশ্নাবলীঃ মূল্যাংক : 1

শুদ্ধ উত্তৰটো লিখা—
1.তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে—[HSLC 15] (a) ছিলভাৰ (b) গ'ল্ড (c) জিংক (d) মাৰকিউৰি
2.Fe,O,+2A1→→ Al,O,+2Fe [HSLC'16, '18] ওপৰৰ বিক্ৰিয়াটো হ'ল— (a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ (b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ
(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
(d) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
3. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? [HSLC '17] (a) হাইড্ৰ'জেন গেছ আইৰন ক্ল'ৰাইড উৎপন্ন হয়। (b) ক্ল'ৰিন গেছ আৰু আইবন হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লবণ আৰু পানী উৎপন্ন হয়।
4. NaOH দ্ৰৱ এটাৰ 10 mL এ HCI দ্ৰৱ এটাৰ 8 mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ'ব : [HSLC '20]
(i) 4mL (ii) 8 mL (iii) 16mL

(iv) 12mL
5. মাৰকিউৰিক অক্সাইড (Hgo) উত্তপ্ত কৰিলে কি ঘটে ? ৰাসায়নিক সমীকৰণ লিখা । [HSLC 17]
6. তলৰ উক্তিসমূহ ৰাসায়ানিক সমীকৰণৰূপত লিখা আৰু সন্তুলন কৰাঃ [HSLC 18] (a) হাইড্ৰ'জেন গেছে নাইট্ৰ'জেনৰে সৈতে লগ হৈ এম নিয় প্রস্তুত কৰে। (b) হাইড্ৰ'জেন ছালফাইডে বায়ুতে দাহিত হৈ পানী আৰু ছালফাৰ ডাইঅক্সাইড উৎপন্ন কৰে।

7. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় ? [HSLC ' 18]

8. তেল আৰু চৰি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয়, কিয়? [HSLC 18]
9. দ্বি অপসৰণ বিক্রিয়া এটাৰ উদাহৰণ দিয়া । [HSLC 19]
10. কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্রভাৱে বিক্রিয়া কৰি শিথিলত চূণ (slaked lime) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা।[HSLC 20]


11. তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ । চিনাক্ত কৰা ।
[HSLC 20]
CuO (s) + H2 (g) -

> Cu(s) + H2O ( 1 )
B. চমু প্ৰশ্নাৱলীঃ মূল্যাংক : 2/3 1. বিয়োজক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা ! হয় কিয়? এইবোৰ বিক্ৰিয়াৰ সমীকৰণ লিখা । [HSLC ' 15]
2. এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল'ৰাইড লোৱা আৰু ইয়াক সূৰ্য্যৰ পোহৰত ৰাখা । [HSLC 15]

(a) কিছু সময় পিছত ছিলভাৰ ক্ল'ৰাইডৰ ৰং কি হ'ব ?
(b) কি প্রকাৰৰ বিক্রিয়া সংঘটিত হ'ব?

(c) ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা ।


3. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।[HSLC 15]
(a) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়াৰ ফলত এলুমিনিয়াম ক্ল'ৰাইড উৎপন্ন হয়। আৰু বেৰিয়াম ছালফেট অধঃক্ষিপ্ত হয়। (b) জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু ধাতৱ কপাৰ উৎপন্ন কৰে।
(c) হাইড্ৰ'জেন ছালফাইড বায়ুত দাহিত হৈ পানী আৰুছালফাৰ ডাইঅক্সাইড উৎপন্ন হয়।
4. চীনা মাটিৰে তৈয়াৰী এখন থালত 1g ক'পাৰ পাউদাৰ লৈ গৰম কৰা হলে—
[HSLC '16] (a) ক’পাৰ পাউদাৰখিনিৰ বৰণ কেনে হ'ব? (b) ওপৰৰ পৰ্য্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা।
5.তলৰ উক্তি সমূহ ৰাসায়নিৰ সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। [HSLC'16] (a) হাইড্ৰ'জেন গেছে নাইট্ৰজেন গেছৰ লগত বিক্রিয়া কৰি এমনিয়া প্রস্তুত কৰে। (b) জিংক কার্বনেট প্রবলভাবে উত্তপ্ত কৰিলে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড প্রস্তুত হয়।


6. তাপবৰ্জিক আৰু তাপগ্রাহী বিক্ৰিয়াৰ সংজ্ঞা লিখা ৰাসায়নিক সমীকৰণ সহ প্রত্যেকৰে এটাকৈ উদাহৰণ দিয়া। [HSLC 16, 18]


7. ছডিয়াম হাইড্র 'কার্বনেট দ্রব এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। [HSLC '16]


8.ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা । [HSLC'16]
9. এটা বিকাৰত 2g কেলছিয়াম অক্সাইড লোৱা । বিকাৰটোত লাহে লাহে পানী যোগ কৰা। তলত দিয়াবোৰৰ উত্তৰ কৰা- (i) উষ্ণতাৰ কেনে পৰিবৰ্তন ঘটিব? [HSLC'17]

(ii) ওপৰৰ কথাখিনিৰ এটা সত্তলিত ৰাসায়নিক সমীকৰণ লিখা।


10. তলৰ বিক্ৰিয়া দুটাৰ জাৰিত আৰু বিজাৰিত হোৱা পদার্থ সমূহ বাছি উলিওৱা : [HSLC '17]

(i) 4Na (s) + O2(g) 2Na, O(s) (ii) CuO(s) + H,(g) Cu (s) + H2O (7)
11. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকরণ লিখা : বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়। [HSLC 17]

12. ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ(পানীত) হাইড্ৰ'ক্লৰিক এছিডৰ দ্ৰৱৰ (পানীত) সৈতে বিক্ৰিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইড দ্ৰৱ আৰু পানী উৎপন্ন কৰে। [HSLC ' 17]

13. এটা পৰীক্ষা নলীত তুমি CuSo, ৰ এটা জলীয় দ্রর (নীলা) বৰণ) লোৱা । CuSo, ৰ দ্ৰৱটোত এটা পৰিষ্কাৰ লোৰ গজাল ডুৱাই দিয়া। প্রায় 20 মিনিট লক্ষ্য কৰাৰ পাচত । [HSLC ' 17]

(i) গজালটোত হোৱা পৰিবৰ্তন উল্লেখ কৰা । (ii) বিক্ৰিয়াটোৰ এটা সত্তলিত সমীকৰণ লিখা।


14. এটা পৰীক্ষানলত 3 mL মান ছ'ডিয়াম ছালফেট দ্ৰৱ লোৱা। আন এটা পৰীক্ষানলত 3 mL মান বেৰিয়াম ক্ল'ৰাইডৰ দ্রৱ লোৱা। দুয়োটা দ্রৱ মিহলোৱা আৰু তলত দিয়াবোৰৰ উত্তৰ লিখাঃ [HSLC ' 19]
(a) ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা ।

(b) ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা ।
15. (a) অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা : [HSLC' 19] (i) জাৰণ

(ii) বিজাৰণ

16. (a) এটা পদার্থ 'X' ৰ দ্রৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়? [HSLC '20] (i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা। (ii) পানীৰে সৈতে (i) ত উল্লিখিত পদার্থ 'X' এ কৰা বিক্ৰিয়াটো লিখা ।

17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল । মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা । [HSLC 20]


18. প্রতিস্থাপন বিক্রিয়া কাক বোলে ? উদাহৰণেৰে সৈতে বাখ্যা কৰা । [HSLC 20]


Type By- Bikul Mandal