জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?

1. ফুলত তলৰ কোনটোৰ পৰা পুং আৰু স্ত্ৰী জনন কোষৰ গঠন হয়- 

(a) পুংকেশৰ আৰু গৰ্ভদণ্ড 

(b) পুংদণ্ড আৰু গৰ্ভমুণ্ড 

(c) পুংকেশৰ আৰু পৰাগধানী 

(d) পৰাগধানী আৰু গৰ্ভাশয় 

উত্তৰ : (d) পৰাগধানী আৰু গৰ্ভাশয় । 

2. পিতৃ-মাতৃৰ পৰা সতি-সন্ততিলৈ সঞ্চাৰিত হোৱা চৰিত্ৰসমূহ তলৰ কোনটোত সঞ্চিত হৈ থাকে— 

(a) ৰিব'জ'ম

(b) জিন 

(c) গলগি পদার্থ 

(d) কোষপ্রৰস 

উত্তৰ : (b) জিন 

3. সর্পিল শেলাইত অযৌন প্রজনন হয়— 

(a) এটা কোষৰ পৰা দুটা কোষৰ সৃষ্টি হয়। 

(b) সৰ্পিল শেলাইৰ সূত্ৰিকা ভাঙি বহুটো সৰু সৰু খণ্ডত বিভক্ত হয়। 

(c) এটা কোষৰ পৰা বহুতো কোষৰ গঠন হয় । 

(d) পুৰণি কোষৰ পৰা পৈণত কোষৰ গঠন হয়। 

উত্তৰঃ (b) সৰ্পিল শেলাইৰ সূত্রিকা ভাঙি বহুটো সৰু সৰু খণ্ডত বিভক্ত হয়। 

4. প্লাজম'ডিয়ামৰ প্ৰজননত এটা কোষৰ পৰা অসংখ্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক _____ বোলে 

(a) হ্রাসাত্মিক বিভাজন 

(b) বহুবিভাজন 

(c) মুকুলোদ্‌গম 

(d) দ্বি-বিভাজন 

উত্তৰ : (b) বহুবিভাজন

5. আংগিক বিস্তাৰণত তলৰ কোনটোৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়— 

(a) কাণ্ড, মূল আৰু পাত 

(b) কাণ্ড, ফুল আৰু ফল
 
(c) কাণ্ড, মূল আৰু ফুল

(d) কাণ্ড, মূল আৰু পাত 

উত্তৰ : (a) কাণ্ড, মূল আৰু পাত

6. মানৱ স্ত্ৰীত প্ৰজননাত্মক দশাৰ আৰম্ভণি তলত কোনটোৱে সূচায় ? 

(a) শৰীৰৰ বৃদ্ধি 

(b) চুলিৰ আকৃতিৰ পৰিৱৰ্তন 

(c) কণ্ঠস্বৰ পৰিৱৰ্তন 

(d) ঋতুস্ৰাৱ 

উত্তৰ : (d) ঋতুস্ৰাৱ 

7. পুংজনন তন্ত্ৰত শুক্রাণু পৰিবহনৰ বাবে তলৰ কোনটো ক্রম শুদ্ধ ? 

(a) শুক্রাশয় → শুক্রবাহী নলী মূত্রবাহী নলী 

(b) শুক্রাশয় শুক্রবাহী নলী মূত্ৰজনন নলী 

(c) শুক্রাশয় মূত্রজনন নলী মূত্রবাহী নলী 

(d) শুক্রাশয় মূত্রবাহী নলী মূত্ৰজনন নলী শুক্রবাহী নলী মূত্রজনন নলী 

উত্তৰ : (a) শুক্রাশয় → শুক্রবাহী নলী মূত্রবাহী নলী 

8. তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়- 

(a) হেপাটাইটিছ 

(b) HIV - AIDS 

(c) চিফিলিছ 

(d) গন'ৰিয়া
 
উত্তৰঃ (a) হেপাটাইটিছ
 
9. সাধাৰণতে তলত উল্লেখ কৰা কোন প্ৰকাৰৰ অযৌন প্রজনন এমিবাত দেখিবলৈ পোৱা যায়— 
 (a) আংগিক বিস্তাৰণ 

 (b) ৰেণুৰ উৎপত্তি 

(c) দ্বি-খণ্ডন 

(d) মুকুলোদ্‌গম 

উত্তৰ : (c) দ্বি-খণ্ডন 

10. তলৰ কোনটোত মুকুলোদ্‌গম দেখিবলৈ পোৱা যায় ? 

(a) ইষ্ট 

(b) হাইড্রা 

(c) (a) আৰু (b) দুয়োটাই  

(d) এমিবা 

উত্তৰ : (c) (a) আৰু (b) দুয়োটাই 

11. তলৰ কোনটো বহুকোষী জীৱই মুকুলোদ্‌গম পদ্ধতিৰে প্ৰজনন কাৰ্য কৰে— 

(a) হাইড্রা 

(b) এগাৰিকাছ 

(c) ৰাইঘ’পাচ 

(d) ইষ্ট  

উত্তৰ : (a) হাইড্রা

12. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয় – 

(a) এমিবাত 

(b) ইষ্ট 

(c) প্লাজম 'ডিয়ামত  

(d) লেইচমেনিয়াত 

উত্তৰ : (b) ইষ্ট 

13. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় ? 

(a) ডিম্বাশয়। 

(b) জৰায়ু 

(c) শুক্রবাহী নলী 

(d) ফেলোপিয়ান নলী। 

উত্তৰ : (c) শুক্রবাহী নলী। 

14. পৰাগধানীত পোৱা হয়______  

(a) বেটুপাত  

(b) ডিম্বক 

(c) স্ত্রীকেশৰ 

(d) পৰাগ ৰেণু 

উত্তৰ : (d) পৰাগ ৰেণু 

15. প্ৰজনন প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য কি?

(A) খাদ্য প্ৰস্তুত কৰা

(B) জীৱৰ সংখ্যা বৃদ্ধি কৰা

(C) শ্বাস-প্ৰশ্বাস লোৱা

(D) চলাফুৰা কৰা

উত্তৰ: (B)

16. অযৌন প্ৰজননত কিমানজন পিতৃ-মাতৃৰ প্ৰয়োজন হয়?

(A) দুজন

(B) তিনিজন

(C) এজন

(D) চাৰিজন

উত্তৰ: (C)

17. এমিবাত কোন পদ্ধতিৰে অযৌন প্ৰজনন হয়?

(A) মুকুলোদ্গম

(B) দ্বিখণ্ডন

(C) ৰেণু গঠন

(D) আংগিক বিস্তাৰণ

উত্তৰ: (B)

18. ইষ্টত (Yeast) অযৌন প্ৰজনন কেনেকৈ হয়?
(A) দ্বিখণ্ডন

(B) মুকুলোদ্গম

(C) বিভংগন

(D) ৰেণু গঠন

উত্তৰ: (B)

19. স্পাইৰ'জাইৰাত প্ৰজনন কোন পদ্ধতিৰে হয়?

(A) বিভংগন

(B) মুকুলোদ্গম

(C) ৰেণু গঠন

(D) দ্বিখণ্ডন

উত্তৰ: (A)

20. Rhizopus-এ কেনেকৈ বংশবিস্তাৰ কৰে?

(A) মুকুলোদ্গম

(B) ৰেণু গঠন

(C) দ্বিখণ্ডন

(D) বিভংগন

উত্তৰ: (B)

21 আংগিক বিস্তাৰণ সাধাৰণতে ক'ত দেখা যায়?

(A) জন্তুত

(B) উদ্ভিদত

(C) ভেঁকুলীত

(D) চৰাইত

উত্তৰ: (B)

22. আলু গছত আংগিক বিস্তাৰণ কিহৰ দ্বাৰা হয়?

(A) পাত

(B) মূল

(C) কাণ্ড

(D) ফুল

উত্তৰ: (C)

23. যৌন প্ৰজননত কিমানজন পিতৃ-মাতৃ জড়িত থাকে?
(A) এজন

(B) দুজন

(C) তিনিজন

(D) চাৰিজন

উত্তৰ: (B)

24. পৰাগসংযোগৰ পিছত কি ঘটে?

(A) বাষ্পীভৱন

(B) নিষেচন

(C) শ্বাস-প্ৰশ্বাস

(D) বিভাজন

উত্তৰ: (B)

25. মানুহৰ পুং গেমেটক কি বুলি কোৱা হয়?

(A) ডিম্বাণু

(B) জাইগোট

(C) শুক্ৰাণু

(D) ভ্ৰূণ

উত্তৰ: (C)

26. মানুহৰ স্ত্ৰী গেমেটক কি বুলি কোৱা হয়?

(A) শুক্ৰাণু

(B) ডিম্বাণু

(C) জাইগোট

(D) ভ্ৰূণ

উত্তৰ: (B)

27 নিষেচনৰ ফলত কি সৃষ্টি হয়?

(A) ৰেণু

(B) জাইগোট

(C) ফুল

(D) বীজ

উত্তৰ: (B)

28. মানুহত নিষেচন ক'ত হয়?

(A) জৰায়ুত

(B) ডিম্বাশয়ত

(C) ফেল'পিয়ান নলীত

(D) যোনিত

উত্তৰ: (C)

29. DNA প্ৰতিলিপিৰ মূল কাম কি?

(A) খাদ্য হজম কৰা

(B) বংশগত বৈশিষ্ট্য সন্তানলৈ কঢ়িয়াই নিয়া

(C) শ্বাস-প্ৰশ্বাস

(D) চলাচল

উত্তৰ: (B)

30 তলৰ কোনটো অযৌন প্ৰজননৰ উদাহৰণ?

(A) মানুহ

(B) ইষ্ট

(C) চৰাই

(D) গৰু

উত্তৰ: (B)

31. হাইড্ৰাত কোন পদ্ধতিৰে প্ৰজনন হয়?

(A) দ্বিখণ্ডন

(B) মুকুলোদ্গম

(C) বিভংগন

(D) ৰেণু গঠন

উত্তৰ: (B)

32. ভিন্নতা (Variation) কিয় প্ৰয়োজনীয়?

(A) জীৱৰ আকাৰ সৰু কৰিবলৈ

(B) পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ

(C) খাদ্য কম খাবলৈ

(D) গতি বঢ়াবলৈ

উত্তৰ: (B)

33. সপুষ্পক উদ্ভিদৰ পুং জনন অংগ কি?

(A) গৰ্ভাশয়

(B) পুংকেশৰ

(C) গৰ্ভমুণ্ড

(D) ডিম্বাশয়

উত্তৰ: (B)

34. সপুষ্পক উদ্ভিদৰ স্ত্ৰী জনন অংগ কি?

(A) গৰ্ভকেশৰ (কাৰ্পেল)

(B) পুংকেশৰ

(C) দল

(D) বৃতি

উত্তৰঃ (A) গৰ্ভকেশৰ (কাৰ্পেল)