জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?

1. ফুলত তলৰ কোনটোৰ পৰা পুং আৰু স্ত্ৰী জনন কোষৰ গঠন হয়- 

(a) পুংকেশৰ আৰু গৰ্ভদণ্ড 

(b) পুংদণ্ড আৰু গৰ্ভমুণ্ড 

(c) পুংকেশৰ আৰু পৰাগধানী 

(d) পৰাগধানী আৰু গৰ্ভাশয় 

উত্তৰ : (d) পৰাগধানী আৰু গৰ্ভাশয় । 

2. পিতৃ-মাতৃৰ পৰা সতি-সন্ততিলৈ সঞ্চাৰিত হোৱা চৰিত্ৰসমূহ তলৰ কোনটোত সঞ্চিত হৈ থাকে— 

(a) ৰিব'জ'ম

(b) জিন 

(c) গলগি পদার্থ 

(d) কোষপ্রৰস 

উত্তৰ : (b) জিন 

3. সর্পিল শেলাইত অযৌন প্রজনন হয়— 

(a) এটা কোষৰ পৰা দুটা কোষৰ সৃষ্টি হয়। 

(b) সৰ্পিল শেলাইৰ সূত্ৰিকা ভাঙি বহুটো সৰু সৰু খণ্ডত বিভক্ত হয়। 

(c) এটা কোষৰ পৰা বহুতো কোষৰ গঠন হয় । 

(d) পুৰণি কোষৰ পৰা পৈণত কোষৰ গঠন হয়। 

উত্তৰঃ (b) সৰ্পিল শেলাইৰ সূত্রিকা ভাঙি বহুটো সৰু সৰু খণ্ডত বিভক্ত হয়। 

4. প্লাজম'ডিয়ামৰ প্ৰজননত এটা কোষৰ পৰা অসংখ্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক _____ বোলে 

(a) হ্রাসাত্মিক বিভাজন 

(b) বহুবিভাজন 

(c) মুকুলোদ্‌গম 

(d) দ্বি-বিভাজন 

উত্তৰ : (b) বহুবিভাজন

5. আংগিক বিস্তাৰণত তলৰ কোনটোৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়— 

(a) কাণ্ড, মূল আৰু পাত 

(b) কাণ্ড, ফুল আৰু ফল
 
(c) কাণ্ড, মূল আৰু ফুল

(d) কাণ্ড, মূল আৰু পাত 

উত্তৰ : (a) কাণ্ড, মূল আৰু পাত

6. মানৱ স্ত্ৰীত প্ৰজননাত্মক দশাৰ আৰম্ভণি তলত কোনটোৱে সূচায় ? 

(a) শৰীৰৰ বৃদ্ধি 

(b) চুলিৰ আকৃতিৰ পৰিৱৰ্তন 

(c) কণ্ঠস্বৰ পৰিৱৰ্তন 

(d) ঋতুস্ৰাৱ 

উত্তৰ : (d) ঋতুস্ৰাৱ 

7. পুংজনন তন্ত্ৰত শুক্রাণু পৰিবহনৰ বাবে তলৰ কোনটো ক্রম শুদ্ধ ? 

(a) শুক্রাশয় → শুক্রবাহী নলী মূত্রবাহী নলী 

(b) শুক্রাশয় শুক্রবাহী নলী মূত্ৰজনন নলী 

(c) শুক্রাশয় মূত্রজনন নলী মূত্রবাহী নলী 

(d) শুক্রাশয় মূত্রবাহী নলী মূত্ৰজনন নলী শুক্রবাহী নলী মূত্রজনন নলী 

8. তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়- 

(a) হেপাটাইটিছ 

(b) HIV - AIDS 

(c) চিফিলিছ 

(d) গন'ৰিয়া
 
উত্তৰঃ (a) হেপাটাইটিছ
 

9. সাধাৰণতে তলত উল্লেখ কৰা কোন প্ৰকাৰৰ অযৌন প্রজনন এমিবাত দেখিবলৈ পোৱা যায়— 

 (a) আংগিক বিস্তাৰণ 

 (b) ৰেণুৰ উৎপত্তি 

(c) দ্বি-খণ্ডন 

(d) মুকুলোদ্‌গম 

উত্তৰ : (c) দ্বি-খণ্ডন 

10. তলৰ কোনটোত মুকুলোদ্‌গম দেখিবলৈ পোৱা যায় ? 

(a) ইষ্ট 

(b) হাইড্রা 

(c) (a) আৰু (b) দুয়োটাই  

(d) এমিবা 

উত্তৰ : (c) (a) আৰু (b) দুয়োটাই 

11. তলৰ কোনটো বহুকোষী জীৱই মুকুলোদ্‌গম পদ্ধতিৰে প্ৰজনন কাৰ্য কৰে— 

(a) হাইড্রা 

(b) এগাৰিকাছ 

(c) ৰাইঘ’পাচ 

(d) ইষ্ট  

উত্তৰ : (a) হাইড্রা

12. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয় – 

(a) এমিবাত 

(b) ইষ্ট 

(c) প্লাজম 'ডিয়ামত  

(d) লেইচমেনিয়াত 

উত্তৰ : (b) ইষ্ট 

13. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় ? 

(a) ডিম্বাশয়। 

(b) জৰায়ু 

(c) শুক্রবাহী নলী 

(d) ফেলোপিয়ান নলী। 

উত্তৰ : (c) শুক্রবাহী নলী। 

14. পৰাগধানীত পোৱা হয়______  

(a) বেটুপাত  

(b) ডিম্বক 

(c) স্ত্রীকেশৰ 

(d) পৰাগ ৰেণু 

উত্তৰ : (d) পৰাগ ৰেণু