কাছ আৰু ঈগল

এখন বিলত এটা কাছ আছিল । সেই কাছটোৰ ঈগল এটাৰ সৈতে বৰ মিতিৰালি আছিল। যেতিয়াই ঈগল চৰাইটো বিলখনৰ ওপৰেদি উৰা মাৰি যায়, তেতিয়াই এবাৰ হ'লেও বিলত থকা কাছটোৰ সৈতে সু-দুখৰ কৰা পাতে, ৰং-ধেমালি কৰে। এনেকৈয়ে সিহঁতৰ বন্ধুত্ব ক্ৰমে গভীৰ হয় ৷

ঈগল চৰাইটোৱে আকাশত উৰি ফুৰিব পাৰে, তাকে দেখি কাছৰো আকাশত উৰিবৰ খুব মন যায়। এদিনাখন কাছই ঈগলক অতি কোমাল মাতেৰে ক'লে— বন্ধু, মোৰ তোমাৰ নিচিনাকৈ আকাশত উৰি ফুৰিবৰ মন গৈছে। মোৰ এই হেঁপাহ তুমি পূৰ কৰিবা নে ?

কাছৰ কথা শুনি ঈগল চৰাইটো কিছু আচৰিত হ'ল আৰু কাছক ক’লে “বন্ধু, মোৰ দৰে তোমাৰ ডাঙৰ ডাঙৰ ডেউকা নাই। গতিকে তুমি আকাশত উৰাৰ আশা নকৰিবা, কাৰণ ম‍ই যেনেকৈ তোমাৰ দৰে পানীত ডুব মাৰি সাতুৰিব নোৱাৰোঁ ঠিক তেনেকৈ দুখন পাখি অবিহনে তুমিও আকাশত উৰিব নোৱাৰা । তুমি যদি আকাশত উৰিবলৈ যোৱা তেতিয়া ওপৰৰপৰা পৰি তোমাৰ মৃত্যুহে হ'ব।”

কিন্তু কাছই কোনো মতেই ঈগলৰ কথা নুশুনিলে । সি ঈগলক ক’লে— “নহয় বন্ধু তেনেকৈ নক’বা। তুমি মাথোন ঠেং দুটাৰে খামোচ মাৰি ধৰি মোক আকাশৰ বহু ওপৰলৈ তুলি নিয়া আৰু তাৰপৰা এৰি দিবা। তেতিয়া ম‍ই নিজেই অনায়াসে উৰিব পাৰিম।”

এনেকৈয়ে কাছটোৱে ঈগলক আকাশলৈ উৰুৱাবলৈ নিয়াৰ কথাটোতে অঁকৰাৰ দৰে লাগি থাকিল। একেটা কথাতে কাছটোৱে লাগি থকাত ঈগলটোৱে উপাই নাপাই কাছটোক আকাশলৈ উৰুৱাবলৈ নিয়াৰ কথাটোত ৰাজী হ'ল। সেই উদ্দেশ্যে এদিন ঈগলে তাৰ শক্তিশালী দুয়োটা ঠেঙেৰে কাছটোক খামোচ মাৰি ধৰি আকাশলৈ উৰুৱাই লৈ গ'ল। এইদৰে উৰি গৈ গৈ সিহঁত আকাশৰ বহু ওপৰ পালেগৈ। তেতিয়া ঈগলে কাছক ক'লে— “বন্ধু, এতিয়া তুমি নিজে উৰিবলৈ চেষ্টা কৰা, ম‍ই তোমাক এৰি দিম।”

এই বুলি ঈগলে কাছটোক এৰি দিয়াৰ লগে লগেই কাছটো তললৈ সৰি পৰিল আৰু তলত থকা পাহাৰৰ শিলত মুখ থেকেচা খাই মৰি থাকিল।

নীতিকথাঃ অহংকাৰেই পতনৰ মূল