উপন্য়াস

চমু উত্তৰ লিখাঃ


(১) প্ৰেমচান্দৰ সৰ্বশ্ৰেষ্ঠ উপন্য়াস কোনখন?

উত্তৰঃ গোদান।

(২) প্ৰেমচান্দৰ পিতৃদত্ত নাম কি আছিল?

উত্তৰঃ ধনপত ৰায় শ্ৰী বাস্তৱ।

(৩) নিৰ্মলা উপন্য়াসখন কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ ১৯২৮চনত।

(৪) নিৰ্মলাৰ পিতৃৰ নাম আছিল- 

(ক) উদয়ভানু                (খ) চন্দ্ৰভানু

(গ) ভালচন্দ্ৰ                    (ঘ) তোতাৰাম

উত্তৰঃ (ক) উদয়ভানু।

(৫) তোতাৰামে নিৰ্মলাৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল -

(ক) ভূৱনমোহনৰ লগত        (খ) জিয়াৰামৰ লগত

(গ) মনসাৰামৰ লগত              (ঘ) সিয়াৰামৰ লগত

উত্তৰঃ (গ) মনসাৰামৰ লগত।                                        

                                        উত্তৰ কৰাঃ

(১) কিহৰ বাবে জিয়াৰামে আত্ম হত্য়া কৰিবলগীয়া হৈছিল?

উত্তৰঃ জিয়াৰামে এদিনাখন মাহীমাক নিৰ্মলাৰ ৰূপৰ আ-অলংকাৰৰ বাকচ এটা চুৰি কৰিলে। মাক নিৰ্মলাই সকলো দেখি শুনিও মনে মনে ৰল যদিও তোতাৰামে পুলিচক খবৰ দিয়াত জিয়াৰামৰ কু-কাৰ্য্য়ৰ কথা ৰাজহুৱা কৰিলে যদিও জিয়াৰামে কিন্তপ ভীষণ লাজ পালে। অনুশোচনাত দ্বগ্ধ হৈ জিয়াৰামে আত্মহত্য়া পথ বাছি ললে।

(২) তোতাৰামে মনসাৰামক বৰ্ডিং স্কুলত যোৱাৰ সিদ্ধান্ত লোৱাৰ কাৰণ কি আছিল?

উত্তৰঃ  তোতাৰামৰ দ্বিতীয় নিৰ্মলাৰ লগত তোতাৰামৰ বয়সৰ পাৰ্থক্য় যথেষ্ট আছিল। মনসাৰাম আছিল তোতাৰামৰ প্ৰথমা পত্নীৰ সন্তান। মনসাৰাম আছিল চফল ডেকা। তোতাৰামৰ অপৰাহ্ন যৌৱনে নিৰ্মলাৰ মন আকৰ্ষণ কৰিব পৰা নাছিল। গাভৰু পত্নীৰ ওচৰ চাপিবলৈ তেওঁ যিমান চেষ্টা কৰিছিল সিমানে তেওঁলোকৰ মাজত মানসিক দূৰত্ব বৃদ্ধি পাইছিল। যাৰ বাবে মনসাৰাম আৰু নিৰ্মলাৰ মাতৃ-পূত্ৰৰ পবিত্ৰ সম্পৰ্কক তোতাৰানে সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছিল। সেয়েহে তোতাৰামে নিৰ্মলাৰ চকুৰ আঁতৰত ৰাখিবলৈ মনসাৰামক বৰ্ডিং স্কুলত থোৱাৰ সিদ্ধান্ত লৈছিল।

(৩) কি পৰিস্থিতিত নিৰ্মলা তোতাৰামৰ পত্নী হবলগীয়া হৈছিল?

উত্তৰঃ নিৰ্মলাৰ পিতৃ উদভানুৰ মৃত্য়ুৰ পিছত নিৰ্মলাৰ পূৰ্বতে খাটাং হৈ থকা বিবাহৰ সম্পৰ্ক বাতিল হৈছিল। মাক কল্য়ানীয়ে আন ঠাইত নিৰ্মলাৰ উপযুক্ত পাত্ৰৰ সন্ধান কৰিছিল যদিও সকলোতে যৌতুক ব্য়ৱস্থাই প্ৰধান সমস্য়াৰূপে থিয় দিছিল যাৰ বাবে কল্য়ানীয়ে উপায়হীন হৈ আদহীয়া উকীল তোতাৰামৰ লগত তোতাৰামকে নিৰ্মলাৰ উপযুক্ত পাত্ৰ হিচাপে নিৰ্বাচন কৰিবলগীয়া হৈছিল। সেয়েহে বাধ্য়ত পৰি নিৰ্মলা তোতাৰামৰ পত্নী হৈ পৰিছিল।


                                                দীঘলীয়া প্ৰশ্নঃ


(১) প্ৰেমচান্দৰ নিৰ্মলা উপন্য়াসত নিৰ্মলা আৰু তোতাৰামৰ চৰিত্ৰ দুটাৰ বিশ্লেষণ কৰা।

উত্তৰঃ হিন্দী সাহিত্য়ৰ এগৰাকী বিশিষ্ট সাহিত্য়িক মধ্য়বিত্ত সমাজৰ নাৰী সমস্য়াৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা নিৰ্মলা এখন উল্লেখযোগ্য় মুঠ চাৰিটা দম্পতিৰ কাহিনীৰে উপন্য়াসখনৰ কথাবস্তু নিৰ্মিত হৈছে যদিও মূল দম্পত্তিহাল হল তোতাৰাম আৰু নিৰ্মলা। নিৰ্মলা উপন্য়াসৰ মূল চৰিত্ৰ  হল নিৰ্মলা। লেখকে উপন্য়াসখনৰ নামাকৰণ কৰিছে নিৰ্মলাৰ নামেৰে। মূলতঃ নিৰ্মলাক কেন্দ্ৰ কৰিয়েই উপন্য়াসখনৰ কাহিনীভাগ বিকাশ লাভ কৰিছে আৰু পৰিসমাপ্তিৰ পথত আগবাঢ়িছে। ঔপন্য়াসিকে নিৰ্মলাক লাজকুৰীয়া কিশোৰী,কৰ্তব্য়নিষ্ঠ পত্নী, ভাবুক আৰু সংবেদনশীল নাৰী, সহনশীলা, ত্য়াগ আৰু মমতাৰ প্ৰতিসূতি হিচাপে অংকন কৰিছে। 

    উপন্য়াসখনৰ আৰম্ভণিৰ নিৰ্মলা এগৰাকী পোন্ধৰ বছৰীয়া চঞ্চল কিশোৰী। যি ভনীয়েক কৃষ্ণাৰ লগত পুতলা খেলে, ভায়েকৰ লগত কাজিয়া কৰে। পুতলা খেলাৰ বসয়তে নিৰ্মলাৰ বিয়া ঠিৰাং কৰা হয় আবকাৰী বিষয়াৰ বাবু ভালচন্দ্ৰ জ্য়েষ্ঠপুত্ৰ ভূৱনমোহন লগত। বৈবাহিক জীৱনৰ জটিলতা সম্পূৰ্ণভাৱে বুজাৰ বয়স নিৰ্মলাৰ হোৱা নাছিল। তোতাৰাম নিৰ্মলা পতি-পত্নী হলেও তেওঁলোকৰ মাজত বয়সৰ পাৰ্থক্য় যথেষ্ট আছিল। তোতাৰামৰ বৰপুত্ৰ মনসামৰ নিৰ্মলা অলপহে ডাঙৰ আছিল। তথাপিও নিৰ্মলাই তোতাৰামৰ ঘৰখন এগৰাকী কৰ্তব্য়নিষ্ঠ পত্নী হিচাপে সুন্দৰকৈ চম্ভালি লৈছে। পিতৃসম বয়সৰ পুৰুষ এজনৰ লগত বিবাহপাশত আৱদ্ধ  হৈ নিৰ্মলাই ঘৰুৱা সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰিছে যদিও পত্নীধৰ্ম সম্পূৰ্ণৰূপে পালন কৰাব পৰা নাই। তোতাৰামৰ প্ৰতি তাই স্বামী হিচাপে কোনোদিনে বিশেষ আকৰ্ষণ অনুভৱ কৰা নাই।

    মুন্সী তোতাৰামৰ দ্বিতীয় পত্নী আছিল নিৰ্মলা। তেওঁৰ প্ৰথমা পত্নীৰ তিনিটাকৈ সন্তানৰ ভিতৰত বৰপুত্ৰ মনসাৰাম ষোল্ল বছৰীয়া আছিল। পত্নীৰ মৃত্য়ুৰ পিছত সন্তানৰ চোৱা-চিতা কৰাৰ লগতে ঘৰুৱা সকলো দায়িত্ব তোতাৰামৰ বিধবা বায়েক ৰুক্মিণীয়ে নিষ্ঠাৰে পালন কৰাৰ পিছতো তেওঁ দ্বিতীয় বিবাহৰ বাবে মন মেলিছিল। গতিকে তেওঁৰ দ্বিতীয় বিবাহৰ এটা মূল কাৰণ শাৰীৰিক প্ৰয়োজনীয়তা বুলি কলেও হয়তো ভূল কোৱা নহব। তেওঁৰ কন্য়াসম বয়সৰ ছোৱালী এজনীক পত্নীৰ মৰ্য্য়দা দিবলেও তেওঁ কুণ্ঠবোধ কৰা নাছিল। তেওঁৰ পত্নী নিৰ্মলা অপৰূপ সৌন্দৰ্যৰ অধিকাৰিণী, কিন্তু তাৰ আদৰ কৰিব পৰাকৈ তোতাৰাম সমৰ্থ নহয়। 

    প্ৰেমচন্দই তোতাৰামক এজন সন্দেহবাদী পুৰুষ হিচাপে কৰিছে। যেতিয়া তোতাৰামে নিৰ্মলাৰ মন জয় কৰিবলৈ কৰা সকলো ধৰণৰ প্ৰচেষ্টাই ব্য়ৰ্থ হৈছিল, তেতিয়া তেওঁৰ মনত সন্দেহৰ বীজ ৰোপিত হৈছিল আৰু লাহে লাহে সেইবীজে পোখা মেলি ভালে পাতে বিকশিত হৈ তোতাৰামৰ লগতে গোটেই ঘৰখনতে অশান্তিময় কৰি পেলাইছে। তোতাৰামে ভাবি ললে তেওঁৰ ভৰা-যৌৱন সুন্দৰী পত্নীৰ তেওঁৰ প্ৰতি প্ৰেমহীনতাৰ মূল কাৰণ মনসাৰাম। কাৰণ মনসাৰাম তেতিয়া চফল ডেকা আৰু নিৰ্মলাও ভৰা যৌৱনা। এনে অৱস্থাত দুয়োৰে মাজৰ সহজ মিলা-মিছাক তোতাৰামে সহজভাৱে লব নোৱাৰিলে। এটা সৰু ঘটনাই তোতাৰামৰ মনত নিৰ্মলা মনসাৰামৰ সম্পৰ্কত সন্দেহৰ বীজ সিঁচি দিছিল। লেখকে তোতাৰামক চৰিত্ৰত ভূল কৰি অনুশোচনাত দগ্ধ হোৱাৰ প্ৰবৃত্তিআৰোপ কৰিছে। বৰপুত্ৰ মনসাৰামৰ মৃত্য়ুৰ পিছত তোতাৰামে উপলব্ধি কৰিলে যে যদি ভাবি-চিন্তি কাম কৰিলেহেঁতেন তেনেহলে হয়তো তেওঁৰ ঘৰখন ধ্বংসৰ গৰাহৰ পৰা বচাই ৰাখিব পাৰিলেহেঁতেন। তেওঁ যাক পত্নীৰ মৰ্যাদা দি ঘৰলৈ আনিলে সেইগৰাকী নাৰী তেওঁৰ বৰপুত্ৰৰ সম বয়সীয়া। পত্নীৰ প্ৰেম পাবলৈ তেওঁআতুৰ হৈ পৰে। সেই  আতুৰতাই পিছলৈ সন্দেহৰ জন্ম দিয়ে, যি সন্দেহৰ বাবেই তেওঁৰ যুৱক পুত্ৰক হেৰুৱাবলগীয়া হয়।

     এনেদৰে ঔপনয়াসিকে তোতাৰাম আৰু নিৰ্মলা চৰিত্ৰত কেতবোৰ মানৱীয় দোষ-গুণ আৰোপ কৰিছে। মাননীয় অনুভূতিৰে সিক্ত দুয়োটা চৰিত্ৰই পাঠকৰ সহানুভূতি লাভ কৰিবলৈ সক্ষম হয়। দুয়োটা চৰিত্ৰই নিজ নিজ বৈশিষ্ট্য়ৰে উজ্জ্বল হৈ উঠিছে।

(২) প্ৰেমচান্দৰ 'নিৰ্মলা' উপন্য়াসৰ 'নিৰ্মলা' আৰু বিৰিঞ্চ কুমাৰ বৰুৱাৰ 'জীৱন বাটত' উপন্য়াসৰ 'তগৰ' চৰিত্ৰৰ এটি তুলনামূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ প্ৰেমচন্দ আৰু বিৰিঞ্চ কুমাৰ বৰুৱা দুগৰাকী বিশিষ্ট ভাৰতীয় সাহিত্য়িক। প্ৰেমচান্দ হিন্দী সাহিত্য়ৰ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা অসমীয়া সাহিত্য়ৰ কালজীয়া ঔপন্য়াসিক। ভাৰতবৰ্ষৰ পাঠক সমাজক বিশেষভাৱে আলোড়িত কৰিবলৈ দুয়োগৰাকী ঔপন্য়াসিকে সক্ষম হৈছিল। ভিন্ন সংস্কৃতিৰ দুগৰাকী প্ৰতিনিধি স্থানীয় ঔপন্য়াসিক প্ৰেমচান্দ আৰু বিৰিঞ্চ কুমাৰ বৰুৱাই সমাজক প্ৰত্য়ক্ষ কৰিছিল অতি ওচৰৰ পৰা কোৱাবাহুল্য় যে দুয়োজনা লেখকৰ ৰচনাতে সমাজ জীৱনে অবিকৃতভাৱে প্ৰকাশ লাভ কৰিছিল। উভয়ৰে সাহিত্য়ত সামাজিক সমস্য়া, ৰীতি-নীতি, সংস্কাৰে যে মানুহৰ জীৱনৰ গতি প্ৰবাহক নিয়ন্ত্ৰণ কৰে তাৰ সুস্পষ্টচিত্ৰ বিচিত্ৰ হৈছে।

    প্ৰেমচান্দ 'নিৰ্মলা' উুন্য়াসৰ মূল চৰিত্ৰ নিৰ্মলা। নিৰ্মলাক কেন্দ্ৰ কৰিয়েই উপন্য়াসৰ কাহিনীভাগৰ আৰম্ভণি ঘটিছে  আৰু কাহিনীয়ে বিকাশ লাভ কৰি পৰিণতিৰ পাছত আগবাঢ়িছে। স্বচ্ছ, নিৰ্মল জলধাৰাৰ দৰেই নিৰ্মলা চৰিত্ৰ। চঞ্চলা পখিলাৰ দৰে উৰি ফুৰিব খোজা পোন্ধৰ বছৰীয়া কিশোৰী নিৰ্মলাই ভনীয়েক কৃষ্ণাৰ লগত খেলি, ভায়েক চন্দ্ৰভানুৰ লগত কাজিয়া কৰি ভাল পায়। বিৰিঞ্চ কুমাৰ বৰুৱাৰ 'জীৱনৰ বাটত' উপন্য়াসৰ মূল চৰিত্ৰ তগৰ। তগৰৰজীৱন পথত দেখা দিয়া সংকট আৰু সংঘাতে উপন্য়াসৰ কাহিনীভাগ আগবঢ়াই লৈ গৈছে। বিৰিঞ্চি কুমাৰ বৰুৱাৰ 'তগৰ' তগৰ ফুলৰ দৰেই শুভ্ৰ আৰু নিস্পাপ। কিন্তু তগৰৰ জীৱনৰ প্ৰতিটো খোজতে দুখ আৰু দুৰ্যোগে সংগ এৰা নিদিলে। তগৰ জীৱনলৈ কমলাকান্ত আহিছিল যৌৱনৰ প্ৰথম আলহী হৈ। যৌৱনৰ আৱেগ তগৰৰ অলক্ষিতে এদিন তাইৰ আঙুলিত আঙুঠি এটা পিন্ধাই দিয়া কমলাকান্তক তগৰে মনে প্ৰাণে স্বামীৰ আসনত বহুৱালে। দুয়োখন ঘৰৰ সন্মতিত তগৰ-কমলাকান্তৰ প্ৰেমে পূৰ্ণতা প্ৰাপ্তিৰ দিশত আগবাঢ়িলে। প্ৰেমচান্দৰ নিৰ্মলাৰ পিতৃৰ মৃত্য়ুৰ পিছত নিৰ্মলাৰ জীৱনে সূঁতি সলোৱাৰ দৰে বিৰিঞ্চ কুমাৰ বৰুৱাৰ তগৰৰ জীৱনেও মাকৰ মৃত্য়ুৰ পিছত সূঁতি সলাইছে।

    প্ৰেমচান্দৰ নিৰ্মলা আৰু  বিৰিঞ্চি কুমাৰ বৰুৱাৰ তগৰ দুয়োটা চৰিত্ৰই জীৱনত কেৱল অভাৱনীয় পৰিস্থিতিসমূহ দুখ, কষ্ট কেৱল সহ্য় কৰি গৈছে আৰু ত্য়াগ কৰি গৈছে। দোষ কৰিছে আনে কিন্তু তাৰ শাস্তি ভোগ কৰিছে নিৰ্মলা আৰু তগৰে। কাইটীয়া জীৱন বাটৰ দুখ যন্ত্ৰণাসমূহ কেতিয়াবা হাঁহিমুখে গ্ৰহণ কৰিছে আৰু কেতিয়াবা নীৰৱে চকুলো টুকিছে, কিন্তু বিৰুদ্ধে মাত মতাৰ বা প্ৰতিবাদ কৰাৰ সাহস নিৰ্মলা নাইবা তগৰ কোনোটো চৰিত্ৰতে দেখবলৈ পোৱা নাযায়। 

    প্ৰেমচান্দ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা দুয়োগৰাকী ঔপন্য়াসিকে পৰম্পৰাগত সমাজৰ নিদাৰুণ নিস্পেষণক প্ৰতিফলিত কৰিবলৈ 'নিৰ্মলা' আৰু 'তগৰ' চৰিত্ৰ দুটি নিৰ্বাচন কৰিছে। জীৱনৰ বাটত উপন্য়াসৰ দৰে নিৰ্মলাও অনুভূতিশীল, চৰিত্ৰৱতী আৰু দায়িত্বশীল ছোৱালী। কিন্তু সামাজিক প্ৰধাৰ নিস্পেষণ, স্বমীৰ সন্দেহ আৰু ডাক্তৰৰ উৎপীড়ন আদিয়ে তাইৰ জীৱনটো মোহাৰি পেলালে। দুটা ভিন্ন সংস্কৃতি আৰু দুটা ভিন্ন পটভূমিত ৰচিত দুয়োখন উপন্য়াসৰ নিৰ্মলা আদৰ্শ আৰু সংস্কাৰে দুয়োগৰাকী নাৰীক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। 

(৩) প্ৰেমচান্দৰ নিৰ্মালা উপন্য়াসত সমাজ জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা।

উত্তৰঃ বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধত ভাৰতীয় উপন্য়াস সাহিত্য়ৰ এগৰাকী অপ্ৰতিদ্বন্দী স্ৰষ্টা প্ৰেমচান্দ। প্ৰেমচান্দই ১৯২২-২৩ চনত 'নিৰ্মলা' উপন্য়াসখন ৰচনা কৰে। সেই সময়ছোৱাত সমগ্ৰ ভাৰত জুৰি গান্ধীজীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ সূত্ৰপাত হৈছিল যদিও 'নিৰ্মলা' উপন্য়াসত কোনো ৰাজনৈতিক সমস্য়াৰ পৰিৱৰ্তে এটি সামাজিক সমস্য়াকহে প্ৰাধ্য় দিয়া দেখা যায়। 

    নিৰ্মলা উপন্য়াসখনৰ কথাবস্তুৰ বৰ জটিলতা নাই। ভাৰতীয় সমাজক গ্ৰাস কৰা যৌতুক প্ৰথা, আন মিল বিবাহ, নাৰীৰ স্বাধিকাৰ আদিয়ে সৃষ্টি কৰা সামৰণিৰ আধাৰত উপন্য়াসৰ কথাবস্তু নিৰ্মিত। প্ৰেমচান্দৰ যুগৰ সমাজখন আছিল এলান্ধুকলীয়া সংস্কাৰেৰে ভৰা। যুগৰ পৰিৱৰ্তনেও এচাম মানুহৰ মনৰ পৰিৱৰ্তনেও এচাম মানুহৰ মনৰ পৰিৱৰ্তন কৰিব পৰা নাছিল। যৌতুক প্ৰথাৰ দৰে আৰু এটি পুৰণি প্ৰথা সমাজত চলি আছিল সেয়া হল কম বয়সতে ছোৱালীক বিয়া দিয়া। সমাজত বিয়াৰ ক্ষেত্ৰত ছোৱালীৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত দিয়া নিয়ম নাই। বহুসময়ত ছোৱালীৰ বিয়াৰ বাবে উপযুক্ত বয়স হৈছে নে নাই তাৰ প্ৰতিও গুৰুত্ব দিয়া নহয়, বৰং কম বয়সত ছোৱালী বিয়া দিয়াটো গৌৰৱৰ কথা বুলিহে ভবা হৈছিল। যাৰ ফলত কম বয়সীয়া ছোৱালী এজনী উপযুক্ত বয়সতকৈ বহু আগতেই সংসাৰৰ দায়িত্ব মূৰ পাতি লবলগীয়া হৈছিল আৰু মনে গ্ৰহণ কৰিব নোখোজা পুৰুষ এজনক নিজক সপি দিবলৈ বাধ্য় কৰোৱা হৈছিল। 

    প্ৰেমচান্দই নিৰ্মলা উপন্য়াসত অমিল বিবাহৰ কৰুণ পৰিণতি দেখুৱাইছে। এই অমিল বিবাহে কেৱল নাৰী এগৰাকীৰ সমস্ত আশা-আকাংক্ষা ধূলিস্য়াৎ কৰি ওৰে জীৱন মানসিক যন্ত্ৰণাত ভূগিবলৈ বাধ্য় কৰিছে। তাৰ লগে  লগে এজন পুৰুষৰ মনত সন্দেহৰ বীজ সিচি দি গোটেই পৰিয়ালটোৰ সুখ-শান্তি বিনষ্ট কৰিছে। আনকি তেওঁৰ আটাইকেইটা সন্তানক হেৰুৱাবলগীয়া হোৱা পৰিস্থিতি এটাৰো উদ্ভৱ হৈছে। তোতাৰামৰ দৰে বৃদ্ধ স্বামীয়ে বিভিন্ন ধৰণৰ উপহাৰ, মিঠাই আদিৰে মন জয় কৰিবলৈ হাজাৰ চেষ্টা কৰিলেও যুৱতী পত্নীৰ ওচৰত তেনেধৰণৰ বাহ্য়িক বস্তুৰ কোনো মূল্য় নাই। তোতাৰামে ভাবি লৈছে সুন্দৰ সুঠাম শৰীৰৰ যুৱক তেওঁৰ বৰপুত্ৰ মনসাৰামৰ লগত নিৰ্মলাৰ প্ৰেমৰ সম্পৰ্ক আছে যাৰ বাবে নিৰ্মলা-তোতাৰামৰ মাজত মানসিক ব্য়ৱধানৰ সৃষ্টি হৈছে। মাতৃ-পুত্ৰৰ সম্পৰ্কক তেওঁ সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে। স্বামীৰ মনত সৃষ্টি হোৱা সন্দেহৰ ভাৱ লক্ষ্য় কৰি নিৰ্মলাই মনসাৰামৰ লগত কথা বতৰা বন্ধ কৰি দিয়ে। ইফালে নিজ মাতৃৰ লগত তাৰ সম্পৰ্কক সন্দেহৰ দৃষ্টিৰে পিতৃয়ে লক্ষ্য় কৰা বুলি জানিব পাৰি মনসাৰাম শাৰীৰিক আৰু মানসিকভাৱে ৰোগগ্ৰস্ত হৈ পৰে আৰু অৱশেষত কৰুণ পৰিস্থিতিত তাৰ মৃত্য়ু হয়।

(৪) প্ৰেমচান্দৰ নিৰ্মলা আৰু সমধৰ্মী অসমীয়া উপন্য়াস এখনৰ কথাবস্তুৰ সামঞ্জস্য় সম্পৰ্কে এটি তুলনামূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ ভাৰতীয় সাহিত্য়ৰ এগৰাকী সৰ্বমান্য় কথা সাহিত্য়িক প্ৰেমচান্দৰ 'নিৰ্মল' এখন কালজয়ী উপন্য়াস। উপন্য়াসখনত প্ৰাক স্বাধীনতা যুগৰ ভাৰতীয় সমাজ জীৱন অনুপম চিত্ৰ প্ৰতিফলিত হৈছে। উপন্য়াসখনত সমাজ জীৱনলৈ নতুনকৈ অহা আধুনিকতা আৰু এটা সময়তে আমাৰ সমাজত  পৰম্পৰাগত ৰক্ষণশীলতাক অতি প্ৰাঞ্জল ৰূপত দাঙি ধৰিছে। প্ৰচলিত কু-প্ৰথা আৰু বিভিন্ন সংস্কাৰে নাৰী জীৱন কেনেদৰে দুৰ্বিসহ কৰি তোলে তাৰ সাৰ্থক চিত্ৰ 'নিৰ্মলা' উপন্য়াসত প্ৰতিফলিত হৈছে।

    অসমীয়া সাহিত্য় উপন্য়াস জগতৰ বাটকটীয়া বিৰিঞ্চি কুমাৰ বৰুৱাৰ 'জীৱনৰ বাটত' উপন্য়াসৰ লগত 'নিৰ্মলা'ৰ  কথাবস্তুৰ মিল আছে। দুয়োখন উপন্য়াসতে মধ্য়বিত্ত জীৱনৰ যাত্ৰাৰ এক নিৰ্মোহ বিশ্লেষণ ফুটি ওলাইছে। সময়ৰ ফালৰ পৰা 'নিৰ্মলা' 'জীৱনৰ বাটত' উপন্য়াসৰ মাজত এক ব্য়ৱধান আছে যদিও ভাৰতবৰ্ষতৰ সমাজ জীৱনত এই সমছোৱাৰ ভিতৰত তেনে উপন্য়াসতে মধ্য়বিত্ত জীৱন যাত্ৰাৰ এক নিৰ্মোহ বিশ্লেষণ ফুটি ওলাইছে।

    নিৰ্মলা উপন্য়াসত সমাজৰ মধ্য়বিত্ত শ্ৰেণীটোৰ ফোপোটা স্বৰূপটো সাৰ্থক ৰূপত ফুটি উঠিছে ভালচন্দ্ৰ, ভূৱনমোহন, উদয়ভানুলাল আদি চৰিত্ৰৰ মাজেদি। উপন্য়াসৰ আৰম্ভণিতে উদয়ভানুৱে যি ভূমিকা গ্ৰহণ কৰিছে সেয়া প্ৰকৃৃততে মধ্য়বিত্ত সমাজৰ আত্ম প্ৰতিষ্ঠাৰ অঘোষিত প্ৰতিযোগিতাৰেই ফল। যি প্ৰতিযোগিতাই উদয়ভানুৰ জীৱন নাটৰ সমাপ্তি ঘটোৱাৰ লগতে কম বয়সীয়া নিৰ্মলাৰ জীৱনো গভীৰ আন্ধাৰলৈ ঠেলি দিছে। ভূৱনমোহন যি কাৰণত নিৰ্মলাক প্ৰত্য়াখান কৰিছে 'জীৱনৰ বাটত' উপন্য়াসৰ কমলাকান্তয়ো প্ৰায় একেই কাৰণতে তগৰক প্ৰত্য়াখ্য়ান কৰিছে। ভূৱনমোহনৰ দৰে কমলাকান্তয়ো উচ্চ শিক্ষিত যদিও কাণ্ডজ্ঞানহীন। যি কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে নিজৰ বাগদত্তাক বিবাহৰ সিদ্ধান্ত বাতিল  কৰি জীৱনৰ গতিপথ সলনি কৰি দিছে। আধুনিক শিক্ষাৰে শিক্ষিত শ্ৰেণীটোৰ মাজত মূল্য়বোধৰ কেনেদৰে অৱক্ষয় ঘটিছে সেয়া ভূৱনমোহন আৰু কমলাকান্ত দুয়োটা চৰিত্ৰৰ মাজেৰে প্ৰতিফলিত হৈছে।

   'নিৰ্মলা' উপন্য়াসৰ তোতাৰামতকৈ জীৱনৰ বাটত উপন্য়াসৰ ধৰণীৰ চৰিত্ৰ পৃথক হলেও কিছু কিছু ক্ষেত্ৰত দুয়োটা চৰিত্ৰৰ মিলো দেখা পৰিলক্ষিত হয়। নিৰ্মলাৰ তোতাৰামৰ পত্নীৰ লগত বয়সৰ পাৰ্থক্য় যথেষ্ট আছিল। ফুলকুমলীয়া পত্নীক কেৱল শাৰীৰিকভাৱেই নহয় মানসিক ভাৱেও তেওঁ নিচেই ওচৰত বিচাৰিছিল। পত্নীৰ মৰম পাবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিও ব্য়ৰ্থ হোৱাত মানসিক অশান্তিত ভূগিছিল। যি মানসিক অশান্তিয়ে তোতাৰামৰ মনত সনদেহৰ বীজ সিঁচিছিল। তোতাৰামৰ সন্দেহৰ পৰি কু-ফলতেওঁৰ সংসাৰখনতো পৰিছিল। বৰপুত্ৰ মনসাৰামক অকালতে হেৰুৱাব লগা হোৱাৰ মূল কাৰণ আছিল তোতাৰামৰ অৰ্থহীন সন্দেহ। পত্নীৰ মন পাবলৈ ব্য়ৰ্থ হোৱাত কেৱল সন্দেহৰ বশৱৰ্তী হৈ বৰপুত্ৰক বৰ্ডিং স্কুলত থবলৈও কুণ্ঠাবোধ কৰা নাছিল আনকি পুতেকৰ বেমাৰৰ শুশ্ৰূষা কৰিবলৈ ঘৰলৈ আনিব বিচৰা নাছিল। এইক্ষেত্ৰত তোতাৰামে সন্তানৰ দায়িত্ব সম্পূৰ্ণৰূপে পালনতো ব্য়ৰ্থ হৈছিল বুলিয়ে কব পাৰি। 

    দুটা ভিন্ন পটভূমিত, ভিন্ন সংস্কৃতিক পৰম্পৰাৰ মাজত প্ৰচলিত জীৱন যাত্ৰাৰ নিখুঁত বৰ্ণনাৰে উপন্য়াস দুখন জীৱন্ত ৰূপত উদ্ভাসি উঠিছে।  সমসাময়িক সমাজৰ ভালেমান বিষয় দুয়োখন  উপন্য়াসতে ঠাই পাইছে। আধুনিক সভ্য়তাই আনি দিয়া মধ্য়ৱিত্ত শ্ৰেণীটোৰ ফোপোলা স্বৰূপ, অৰ্থসৰ্বস্ব মানসিকতা, ভেম, ভণ্ডামি, সামাজিক দায়বদ্ধহীনতা, গ্ৰাম্য় জীৱনৰ সৰলতা, কপটতা, মৃত্য়ুচেতনা আদি অনেক দিশৰ চিত্ৰ প্ৰতিফলনত দুয়োখন উপন্য়াসৰে সাদৃশ্য় আছে। পটভূমি ভিন্ন হলেও নিৰ্মলা আৰু জীৱনৰ বাটত দুয়োখনেই একেই ভাৰতী উপন্য়াস। দুয়োখন উপন্য়াসৰ তুলনামূলক আলোচনাই সমসাময়িক ভাৰতবৰ্ষৰ সমাজখনক পুঙ্খানুপুঙ্খ বুজাত সহায় কৰে। প্ৰেমচন্দ্ৰৰ সমাজখনক যৌতুক প্ৰথাক যেনেদৰে গ্ৰাসকৰিছে অসমৰ সমাজখনত তেনে ৰূপ লোৱা নাই যদিও বিবাহজনিত অন্য়ান্য় সমস্য়াসমূহ প্ৰায় একেধৰণৰ। নাৰীৰ স্বাধিকাৰৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আৰু শিক্ষিত মধ্য়বিত্তৰ মানসিকতাৰ সমস্য়াও সমগ্ৰ ভাৰতবৰ্ষতেএকেধৰণৰ। এনেবোৰ কাৰণতে উপন্য়াস দুখন সমসাময়িক ভাৰতীয় উপন্য়াসৰ এক অভূতপূৰ্ব সংযোজন বুলি দাবী কৰিব পাৰি।       

 Answer Type - Boby Bora