৮ ভাৰতীয় জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি | 

1) ত্ৰয়োদিশ শতিকাত চীন দেশৰ কোন অঞ্চলৰ পৰা বহিৰাগত গোষ্ঠী আহিছিল?

(ক) উত্তৰ-পূব

(খ) দক্ষিণ-পশ্চিম

(গ) দক্ষিণ-পূব

উত্তৰঃ (খ) দক্ষিণ-পশ্চিম

2)  কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

(ক) ১৮৩৬-১৮৭৩ চনলৈ

(খ) ১৮২৮-১৮৫৩ চনলৈ

(গ) ১৮৫০-১৯০০ চনলৈ

উত্তৰঃ (ক) ১৮৩৬-১৮৭৩ চনলৈ

3)  চাহ উদ্যোগ প্ৰথম কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক) অসমীয়াই

(খ) বাঙলাই

(গ) বৃটিছে

উত্তৰঃ (গ) বৃটিছে

4)  কিহে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে?

(ক) ভাষিক সংমিশ্ৰণে

(খ) ভদ্ৰ সমাজে

(গ) জ্ঞানী লোকে

উত্তৰঃ (ক) ভাষিক সংমিশ্ৰণে

5) আব্দুছ ছাত্তাৰ কেতিয়া জন্ম হৈছিল?

(ক) ১৯২২ চনত

(খ) ১৯৮৭ চনত

(গ) ১৯৫৭ চনত

উত্তৰঃ (ক) ১৯২২ চনত

6)  ভাৰত স্বাধীন কেতিয়া হৈছিল?

(ক) ১৯৫০ চনৰ ১৭ আগষ্টত

(খ) ১৯৪২ চনৰ ২৬ জানুৱাৰীত

(গ) ১৯৪৭ চনৰ ১৫ আগষ্টত

উত্তৰঃ (গ) ১৯৪৭ চনৰ ১৫ আগষ্টত

7)  কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল?

(ক) অসমীয়াৰ দিনত

(খ) বৃটিছৰ দিনত

(গ) শংকৰদেৱৰ দিনত

উত্তৰঃ (খ) বৃটিছৰ দিনত

8)  অসম চৰকাৰ উদ্যোগত কেতিয়া মৈমনসিংহ আদি পূৰ্ববংগৰ ঠাইৰ লোক আহে?

(ক) কুৰি শতিকাৰ চতুৰ্থ দশকত

(খ) কুৰি শতিকাৰ পঞ্চ দশকত

(গ) কুৰি শতিকাৰ ষষ্ঠ দশকত

উত্তৰঃ (ক) কুৰি শতিকাৰ চতুৰ্থ দশকত

9)  স্বাধীনতাৰ পিছত পূব পাকিস্তানে কি নাম পালে?

(ক) পশ্চিমবংগ

(খ) মিজোৰাম

(গ) বাংলাদেশ

উত্তৰঃ (গ) বাংলাদেশ

10)  বৃটিছ কেতিয়া আহিছিল?

(ক) ইয়াণ্ডাবু সন্ধিৰ পাছত

(খ) ইয়াণ্ডাবু সন্ধিৰ আগত

(গ) ইয়াণ্ডাবু সন্ধি হৈ থাকোতে

উত্তৰঃ (ক) ইয়াণ্ডাবু সন্ধিৰ পাছত

11)  সকলোকে বান্ধি থোৱা এনাজৰীডাল কি?

(ক) বৃটিছৰ শাসন

(খ) অসমীয়া ভাষা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অসমীয়া ভাষা

12)  আব্দুছ ছাত্তাৰ কোন ঠাইলৈ শিক্ষকতা কৰিবলৈ গৈছিল?

(ক) বাংলাদেশলৈ

(খ) পশ্চিমবংগলৈ

(গ)আফগানিস্তানলৈ

উত্তৰঃ (গ)আফগানিস্তানলৈ

13)  'সংমিশ্ৰণত অসমীয়া সংস্কৃতি' নামৰ গ্ৰন্থখনৰ ৰচক কোন?

(ক) আব্দুছ ছাত্তাৰ

(খ) হেম বৰুৱা

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ (ক) আব্দুছ ছাত্তাৰ

14)  চাহ বনুৱাসকল কৰ পৰা আহিছিল?

(ক) ইংলেণ্ডৰ পৰা

(খ) ভাৰতৰ বিভিন্ন আঞ্চলৰ পৰা

(গ) পশ্চিমবংগৰ পৰা

উত্তৰঃ (খ) ভাৰতৰ বিভিন্ন আঞ্চলৰ পৰা

15)  মুছলমানে কি ভাষাৰে কথা পাতিছিল?

(ক) অসমীয়া ভাষাৰে

(খ) আৰবী-ফাৰ্ছীৰে

(গ) সংস্কৃতেৰে

উত্তৰঃ (ক) অসমীয়া ভাষাৰে

16)  এটা সময়ত ম'হ-বলি উপৰিও কি আৰু কি বলি হৈছিল?

(ক) গৰু-বলি

(খ) নৰ-বলি

(গ) ছাগলি-বলি

উত্তৰঃ (খ) নৰ-বলি

17) সমগ্ৰ অসম দেশখন কিহৰ বাবে প্ৰসিদ্ধ আছিল?

(ক) যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে

(খ) উচ্চ শিক্ষাৰ বাবে

(গ) অসমীয়া ভাষা সাহিত্যৰ  বাবে

উত্তৰঃ (ক) যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে

18)  স্বকীয়তা শব্দৰ অৰ্থ কি?

(ক) নিগাজী

(খ) জাতি

(গ) নিজস্বতা

উত্তৰঃ (গ) নিজস্বতা

19)  আব্দুছ ছাত্তাৰ ক'ত জন্ম হৈছিল?

(ক) নগাঁওত

(খ) কোকৰাঝাৰত

(গ) তিতাবৰত

উত্তৰঃ (গ) তিতাবৰত

20)  আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি আছিল?

(ক) সভাপতি

(খ) সহ-সম্পাদক

(গ) প্ৰধান সম্পাদক

উত্তৰঃ (গ) প্ৰধান সম্পাদক