আমাৰ চৌপাশৰ বজাৰ

১। অসমৰ কোন জিলাৰ জাগীৰোডৰ ওচৰত জোনবিল নামৰ ঠাইত এতিয়াও পৰম্পৰাগতভাৱে বস্তুৰ সলনি বস্তু বিনিময় কৰে?

1) নগাঁও

2) মৰিগাঁও

3) ওপৰৰ এটাও নহয়

Ans: মৰিগাঁও

২। বজাৰত নিজা নিজা সামগ্ৰীৰ লগত প্ৰয়োজন অনুযায়ী অইনৰ সামগ্ৰী সালসলনি বা বিনিময় ?

1) কৰে

2) নকৰে

3) ওপৰৰ এটাও নহয়

Ans:কৰে

৩। জোনবিল মেলাখনত মুদ্ৰাক বিনিময়ৰ মাধ্য়ম হিচাপে ব্য়ৱহাৰ কৰা ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: নহয়

৪। আমি বজাৰত বিভিন্ন সামগ্ৰী আৰু সেৱা মুদ্ৰা বা টকাৰ বিনিময়ত কিনা-বেচা কৰিব ।

1) পাৰোঁ

2) নোৱাৰো

3) ওপৰৰ এটাও নহয়

Ans: পাৰোঁ

৫। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ বহুতো দোকান থাকে বাবে তুলনামূলকভাৱে দৈনিক বজাৰত এইখন বজাৰত বস্তুৰ দাম কিছু কি?

1) বেছি

2) কম

3) ওপৰৰ এটাও নহয়

Ans: কম

৬। বজাৰ কেইপ্ৰকাৰৰ আছে ?

1) ৩ প্ৰকাৰৰ

2) ৪প্ৰকাৰৰ

3) বিভিন্ন প্ৰকাৰৰ

Ans: বিভিন্ন প্ৰকাৰৰ

৭। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত জোনবিল মেলাৰ বজাৰখনেই একমাত্ৰ বজাৰ য'ত এতিয়াও প্ৰত্য়ক্ষ বিনিময় প্ৰথা প্ৰচলিত?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৮। বিনিময় প্ৰথা কি ব্যৱস্থাৰ এটা পুৰণি ৰূপ ?

1) উৎপাদন

2) বজাৰ

3) সংগ্ৰহ

Ans: বজাৰ

৯। জোনবিল মেলা কেতিয়া অনুস্থিত হয় ?

1) মাঘ বিহুৰ পাছত

2) বহাগ বিহুৰ পাছত

3) কাতি বিহুৰ পাছত

Ans: মাঘ বিহুৰ পাছত

১০। সাপ্তাহিক বজাৰ কেতিয়া বহে ?

1) সপ্তাহৰ দুটা দিনত

2) ৰবিবাৰৰ বাহিৰে গোটেই সপ্তাহটোত

3) সপ্তাহৰ এটা দিনত

Ans: সপ্তাহৰ এটা দিনত

১১। বস্তুৰ সলনি বস্তু বিনিময় কৰা প্ৰথাটোক কি বুলি কোৱা হয় ?

1) বিনিময় প্ৰথা

2) বজাৰ

3) পাইক প্ৰথা

Ans: বিনিময় প্ৰথা

১২। বৰ্তমান বিনিময় প্ৰথা সলনি কিহৰ মাধ্যমেৰে মানুহে বস্তু কিনা-বেচা কৰিবলৈ ধৰিলে ?

1) কৰৰ

2) মুদ্ৰাৰ

3) এটাও নহয়

Ans: মুদ্ৰাৰ

১৩। তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?

1) বজাৰৰ

2) ৰাতিপুৱাৰ

3) সন্ধিয়াৰ

Ans: বজাৰৰ

১৪। কি বিলৰ পাৰত বৰ্তমান সময়তো বিনিয়ম প্ৰথা প্ৰচলিত হৈ আছে ?

1) চানডুবি বিল

2) দ্বীপৰ বিল

3) জোন বিল

Ans: জোন বিল

১৫। পৰম্পৰা অনুসৰি কি জনগোষ্ঠীৰ ৰজাই মেলাখনৰ পৰা বছৰি কৰ সংগ্ৰহ কৰে ?

1) বড়ো জনগোষ্ঠীৰ

2) তিৱা জনগোষ্ঠীৰ

3) মিচিং জনগোষ্ঠীৰ

Ans: তিৱা জনগোষ্ঠীৰ

১৬। গুৱাহাটীৰ বেলটলা বজাৰ কি কি বাৰে বহে ?

1) বুধ আৰু সোমবাৰে

2) বৃহস্পতি আৰু মঙলবাৰে

3) বৃহস্পতি আৰু দেওবাৰে

Ans: বৃহস্পতি আৰু দেওবাৰে

১৭। দৈনিক বজাৰৰ সামগ্ৰীৰ দাম সাপ্তাহিক বজাৰতকৈ _________ হয় ।

1) কম

2) বেছি

3) এটাও নহয়

Ans: বেছি

১৮। শ্বপিং কমপ্লেক্স কি ?

1) এটা ডাঙৰ ঘৰত কিছুমান দোকানৰ সমষ্টি

2) এটা ডাঙৰ ঘৰত থকা বজাৰ

3) ওপৰৰ দুয়োটা

Ans: এটা ডাঙৰ ঘৰত কিছুমান দোকানৰ সমষ্টি

১৯। ই-বজাৰক কি বজাৰ বুলিও কোৱা হয় ?

1) সাপ্তাহিক বজাৰ

2) খুচুৰা বজাৰ

3) অনলাইন বজাৰ

Ans: অনলাইন বজাৰ

২০। ________বজাৰসমূহ স্থায়ী বজাৰ ।

1) দৈনিক

2) খুচুৰা

3) সাপ্তাহিক

Ans: দৈনিক

Type Susmita Kakati