ভাৱবাদ - আত্মগত আৰু বস্তুগত

১) জ্ঞাতা আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পৰ্কক কি বোলে ?

ক) জ্ঞান

খ) জ্ঞাতা

গ) জ্ঞেয়

উত্তৰঃ ক) জ্ঞান

২) সামান্যৰ জগতখন কেনেকুৱা ?

ক) আধ্যাত্মিক

খ) আদৰ্শ

গ) ওপৰৰ দুয়োটাই

উত্তৰঃ গ) ওপৰৰ দুয়োটাই

৩) ভাৱবাদক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে ?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৪) জৰ্জ বাৰ্কলি ক'ত জন্মগ্ৰহণ কৰে ?

ক) জাপান

খ) ৰাছিয়া

গ) আয়াৰল্যাণ্ড

উত্তৰঃ গ) আয়াৰল্যাণ্ড

৫) গুণৰ সমষ্টি কি ?

ক) ধাৰণা

খ) আকাৰ

গ) পদাৰ্থ

উত্তৰঃ গ) পদাৰ্থ

৬) লকৰ মতে বস্তুৰ কেইপ্ৰকাৰৰ গুণ থাকে।

ক) এক প্ৰকাৰৰ

খ) দুই প্ৰকাৰৰ

গ) তিনিপ্ৰকাৰৰ

উত্তৰঃ খ) দুই প্ৰকাৰৰ

৭) আধুনিক যুগৰ আত্মগত ভাৱবাদৰ প্ৰতিষ্ঠাপক কোন ?

ক) হেগেল

খ) জৰ্জ বাৰ্কলি

গ) প্লেটো

উত্তৰঃ খ) জৰ্জ বাৰ্কলি

৮) পৰমভাৱবাদৰ মুখ্য সমৰ্থক কোন ?

ক) উইলিয়াম লিলি

খ) মূৰহেড

গ) হেগেল

উত্তৰঃ গ) হেগেল

৯) ভাবৱাদ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ?

ক) জ্ঞান

খ) মনৰ ধাৰণা

গ) পৰম সত্তা

উত্তৰঃ খ) মনৰ ধাৰণা

১০) বাৰ্কলিৰ মতে ইন্দ্ৰিয় অভিজ্ঞতাৰ বৈশিষ্ট্য কেইটা ?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা