নগৰৰ ধাৰণা

Chapter- 18


(১) ভাৰতৰ কিমান শতাংশ মানুহে গাঁৱত আৰু কিমান শতাংশ মানুহে নগৰত বাস কৰে ?

(ক) ৬০ শতাংশ গাঁৱত আৰু ৪০ শতাংশ নগৰত

(খ) ৭০ শতাংশ গাঁৱত আৰু ৩০ শতাংশ নগৰত

(গ) ৫০ শতাংশ গাঁৱত আৰু ৫০ শতাংশ নগৰত বাস কৰে

উত্তৰ- (খ) ৭০ শতাংশ গাঁৱত আৰু ৩০ শতাংশ নগৰত ।


(২) ভাৰতৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ হল ?

(ক) দিল্লী

(খ) মুম্বাই

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


(৩) অসম খন কি ৰাজ্য হোৱাৰ বাবে ইয়াত ব্যৱসায়-বাণিজ্য কৰিবলৈ সুবিধা আছে ?

(ক) পাহাৰীয়া অঞ্চল হোৱাৰ বাবে

(খ) মালভূমি ৰাজ্য হোৱাৰ বাবে

(গ) সমভূমি প্ৰধান ৰাজ্য হোৱাৰ বাবে

উত্তৰ- (গ) সমভূমি প্ৰধান ৰাজ্য হোৱাৰ বাবে ।


(৪) সাগৰ আৰু নদীৰ পাৰক কেন্দ্ৰ কৰি গঢ়ি উঠা ভাৰতৰ কেইখন মান নগৰ নাম কি কি ?

(ক) মুম্বাই, কলকাতা

(খ) চেন্নাই, বিশাখাপট্ৰনম

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


(৫) সাৰুৱা তেল কত পোৱা যায় ?

(ক) ছিলং

(খ) ডিগবৈ

(গ) কলকাতা

উত্তৰ- (খ) ডিগবৈ ।


(৬) প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাচীন ঐতিহ্য আদিক কেন্দ্ৰ কৰি গঢ়ি ভাৰতৰ এখন আকৰ্ষণীয় ঠাই হল ?

(ক) গোসাইগাঁও

(খ) হাজো

(গ) দাৰ্জিলিং

উত্তৰ- (গ) দাৰ্জিলিং ।


(৭) ভাৰতৰ কেইখন মান তীৰ্থ নগৰী হল ?                         

(ক) বেনাৰস, পুৰী

(খ) বৃন্দাবন, তিৰুপট্ৰী

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


(৮) অসমৰ উল্লেখযোগ্য এখন তীৰ্থস্থান হল ?

(ক) বৰপেটা

(খ) বেনাৰস

(গ) পুৰী

উত্তৰ- (ক) বৰপেটা ।


(৯) মেঘালয় ৰাজ্যৰ ৰাজধানী কি ?

(ক) দিছপুৰ

(খ) ছিলং

(গ) ইটানগৰ

উত্তৰ- (খ) ছিলং ।


(১০) অৰুণাচল ৰাজ্যৰ ৰাজধানী কি ?

(ক) আইজল

(গ) ক’হিমা

(গ) ইটানগৰ

উত্তৰ- (গ) ইটানগৰ ।


(১১) আমেৰিকাত প্ৰায় ১০০ জন মানুহৰ কিমান জন মানুহে নগৰত বাস কৰে ?

(ক) ৩০ জন মানুহে

(খ) ৭৬ জন মানুহে

(গ) ৭০ জন মানুহে

উত্তৰ- (খ) ৭৬ জন মানুহে ।


(১২) আমাৰ উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যৰ বাহিৰে আনকেইখন পাহাৰীয়া ৰাজ্য ?

(ক) অসম

(খ) মণিপুৰ

(গ) মেঘালয়

উত্তৰ- (ক) অসম ।


(১৩) উত্তৰ-পূব ভাৰতৰ ৰাজ্যৰ সংখ্যা ________ খন।

(ক) ৭ খন

(খ) ৮ খন

(গ) ৯ খন

উত্তৰ- (খ) ৮ খন ।


(১৪) ছিকিম ৰাজ্যৰ ৰাজধানী কি ?

(ক) গেংটক

(খ) ছিলং

(গ) আগৰতলা

উত্তৰ- (ক) গেংটক ।


(১৫) উত্তৰ-পূব ভাৰতৰ কিছু উন্নত সা-সুবিধা থকা নগৰ কোনখন ?

(ক) আই’জল

(খ) ইটানগৰ

(গ) গুৱাহাটী

উত্তৰ- (গ) গুৱাহাটী ।


(১৬) ভাৰতৰ ‘বিশেষ মৰ্যাদাসম্পন্ন নগৰ’ (মেট্ৰ’পলিটান চিটি) কেইখন ?

(ক) তিনিখন

(খ) চাৰিখন

(গ) পাঁচখন

উত্তৰ- (খ) চাৰিখন ।


(১৭) অসমৰ ৰাজধানী কি ?

(ক) গুৱাহাটী

(খ) দিছপুৰ

(গ) দিল্লী

উত্তৰ- (খ) দিছপুৰ ।


(১৮) অসম এখন _______প্ৰধান ৰাজ্য ।

(ক) সমভূমি

(খ) মালভূমি

(গ) পাহাৰ

উত্তৰ- (ক) সমভূমি ।


(১৯) __________ভাৰতৰ উত্তৰ-পূবৰ দুৱাৰমুখ।

(ক) মণিপুৰ

(খ) অসম

(গ) অৰুণাচল প্ৰদেশ

উত্তৰ- (খ) অসম ।


(২০) ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী কি ?

(ক) আগৰতলা

(খ) ইটানগৰ

(গ) ইম্ফল

উত্তৰ- (ক) আগৰতলা ।


Type By- Raktima Saikia.


Post ID: DABP006944