১৪ মহাজনপদ

১। তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল?  

ক) মগধ

খ) অঙ্গ

গ) অৱন্তী

উত্তৰঃগ) অৱন্তী

২। মগধ ৰাজ্যৰ কাষতে থকা নদীখনৰ নাম কি?

ক) গংগা

খ) যমুনা

গ) কোশী

উত্তৰঃক) গংগা

৩। তলৰ কোন খন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয়?

ক) কোশল

খ) বৎস

গ) হস্তিনাপুৰ

উত্তৰঃগ) হস্তিনাপুৰ

৪। কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল?

ক) কুমাৰ

খ) শিপিনী

গ) পেছাদাৰী স্থপতি

উত্তৰঃগ) পেছাদাৰী স্থপতি

৫। কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?

ক) বিম্বিসাৰ

খ) অজাতশত্ৰু

গ) চন্দ্ৰগুপ্ত মৌৰ্য

উত্তৰঃগ) চন্দ্ৰগুপ্ত মৌৰ্য

৬। তিষ্ঠি থকা চাৰিখন মহাজনপদৰ ভিতৰত কোনখন মহাজনপদ সকলোতকৈ শক্তিশালী আছিল?

ক) মগধ

খ) কোশল

গ) বৎস

ঘ) অৱন্তী

উত্তৰঃক) মগধ

৭। মগধৰ কোনো কোনো অঞ্চলত কি পোৱা গৈছে?

ক) কয়লা

খ) সোণ

গ) 'লো'ৰ খনি

উত্তৰঃগ) 'লো'ৰ খনি

৮। মহাজনপদৰ সময়ত শস্য উৎপাদনৰ কিমান অংশ কৰ হিচাপে ৰজাক দিব লাগিছিল?

ক) ১/৬ অংশ

খ) ১/৫ অংশ

গ) ২/৫ অংশ

উত্তৰঃক) ১/৬ অংশ

৯ | জন কাক বোলে | 

ক) আজিকালিৰ নিচিনা সেই সময়তো  কেইবাটাও পৰিয়াল ওচৰা -উচৰিকৈ বাস কৰি একোখন সমাজ গঢ়ি তোলাকো জন বোলে | 

খ) আজিকালিৰ নিচিনা সেই সময়তো কেইবাটাও চুবুৰীয়া লগ হৈ একোখন  সমাজ গঢ়ি তোলাকে জন বোলে 

গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ ক) আজিকালিৰ নিচিনা সেই সময়তো  কেইবাটাও পৰিয়াল ওচৰা -উচৰিকৈ বাস কৰি একোখন সমাজ গঢ়ি তোলাকো জন বোলে | 

১০ | ইয়াৰ সাধাৰণ লোকসকলক কি বুলি কোৱা হয় ? 

ক)  জন 

খ) বিশ 

গ) ৰাজন্য 

উত্তৰঃ খ) বিশ 

১১ | এই জনবোৰৰ প্ৰতিটোতে গৰু  ঘোঁৰা আৰু ৰথেৰে চহকী কিছু সংখ্যক প্ৰতি পত্তিশালী লোকক কি বুলি কোৱা হয় | 

ক) ৰাজন্য 

খ) মন্ত্ৰী 

গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ ক) ৰাজন্য 


DABP006957