GU BA 2nd Sem

Assamese

Chapter 4 Question Answer

কমলাকান্ত ভট্টাচাৰ্যঃ 'জাতীয় গৌৰৱ'

▶▶ অতি চমু প্রশ্নোত্তৰঃ

 ১। অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত 'অগ্নিকবি' বুলি কাক কোৱা হয়?

উত্তৰঃ কমলাকান্ত ভট্টাচার্যক

২। কমলাকান্ত ভট্টাচার্য কোন যুগৰ কবি?

উত্তৰঃ প্রাক্ জোনাকী যুগৰ

৩। কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম কেতিয়া আৰু ক'ত হয়?

উত্তৰঃ ১৮৫৫ অথবা ১৮৫৬ চনত তেজপুৰত। (তেওঁৰ জন্ম চনটো কোনোৱে ১৮৫২, কোনোৱে ১৮৫৩ আৰু কমলাকান্ত ভট্টাচার্য্যই নিজে আত্মজীৱনীত লিখিছে, “মোৰ জন্মপত্রিকাখন হেৰাল, এই নিমিত্তে মোৰ বয়স এতিয়া ১৯২৬ ইংৰাজী চন পর্যন্ত কিমান ক'ব নোৱাৰোঁ। সম্ভৱতঃ ১৮৫৫ কি ৫৬ খৃষ্টাব্দত মোৰ জন্ম হৈছিল।”)

৪। কমলাকান্ত ভট্টাচাৰ্য্যৰ কেতিয়া পৰলোকপ্ৰাপ্তি হয়?

উত্তৰঃ ১৯৩৬ চনৰ ১৪ ডিচেম্বৰত

৫। কমলাকান্তৰ ৰচিত পুথি দুখনৰ নাম কি কি?

উত্তৰঃ 'চিন্তানল' আৰু 'চিন্তা-তৰঙ্গ'

৬। কমলাকান্ত ভট্টাচাৰ্যৰ দুখন গদ্য পুথিৰ নাম লিখা

উত্তৰঃ 'কঃ পন্থা' আৰু 'অষ্টবক্ৰৰ আত্মজীৱনী'

৭। 'গুটিদিয়েক চিন্তাৰ ঢৌ' কাৰ প্ৰবন্ধৰাজি?

উত্তৰঃ কমলাকান্ত ভট্টাচার্য


চমু প্রশ্নোত্তৰঃ

 ১। 'অসম শ্মশান নোহে কোনে কয়'

 -কবিয়ে অসমক কিয় শ্মশান ভূমিৰ লগত তুলনা কৰিছে?

উত্তৰঃ শ্মশান মৃতলোকৰ ঠাই, তাত মৃতলোকে সৎকাৰ কৰা হয়। শ্মশান জীবিত মানুহ বাবে নহয়, তাত কোনেও মানুহৰ গুণ-গান নাগায়। কিছুমান মানুহ জীবিত অবস্থাতে মৃতপ্রা আৰু তেওঁলোকে বাস কৰা ঠাই শ্মশান সদৃশ। কবিয়ে অসমক শ্মশান ভূমিৰ লগত তুলন কৰিছে কাৰণ জাতীয় চেতনাহীন মৃতপ্রায় লোকেৰে অসমখন ভৰি আছে। জাতীয়তাবোধ নথকা মৃতপ্রায় অসমীয়া জাতিয়ে অসমৰ বুৰঞ্জী, অসমৰ প্রাচীন কবি অনন্দ কন্দলি, হোম সৰস্বতী, বাম সৰস্বতী, মাধৱ কন্দলি, শংকৰদেৱ, মাধৱদেৱ আদিৰ নাম পাহৰি যোৱাৰ উপক্রা হৈছে

               অসমৰ নতুন প্রজন্মই তেওঁলোকৰ নাম নাজানে, তেওঁলোকক লৈ গর্ববোধ নকরে তেওঁলোকৰ গুণ-গান নাগায়। নিজক চিনি পোৱা জাতিয়ে নিজৰ জাতীয় গৌৰৱক লৈ গর্ববোধ কৰে। বংগৰ কীৰ্তিবাস, কাশীদাস, উৰিষ্যাৰ চৈতন্য তাৰ উদাহৰণ। জাতীয় চেতনাহীন অসমীয়া জাতিব ক্ষেত্ৰত সেইটো হোৱা দেখা নাযায়। নিজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ প্রতি আস্থাহীন নতুন প্ৰজন্মৰ অসমীয়া ডেকাই শ্যেলী, মিল্টন, বাইৰণ পঢ়ি গর্ববোধ কৰে। বাপেকৰ নাম নজনা সন্তানৰ দৰে তেওঁলোকে স্বজাতিক অসভ্য বুলি ঘিণ কৰে। এনেকুৱা জাতীয় চেতনাহীন মানুহবোৰ কবিৰ দৃষ্টিত মৃতপ্রায়। তেনেকুৱা মানুহৰে ভৰি থকা বাবে কবিয়ে অসমক শ্মশানন লগত তুলনা কৰিছে


▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ


১। কবি হিচাপে কমলাকান্ত ভট্টাচাৰ্যৰ চমু পৰিচয় দাঙি ধৰা

উত্তৰঃ 'অগ্নিকবি' ৰূপে খ্যাত কমলাকান্তই 'অৰুনোদই' কাকতত সাহিত্যিক জীৱন আৰম্ভ কৰি 'জোনাকী', 'বাঁহী'কে ধৰি 'আৱাহন'ৰ সময়লৈকে তিনি কুৰি বছৰ কাল সাহিত্য চর্চা কৰি অসমীয়া সাহিত্যলৈ অনেক বৰঙণি আগবঢ়াইছিল। অৰুনোদই, আসাম বন্ধু, আসাম নিউজ জোনাকী, বাঁহী, ঊষা, আৱাহন সকলো কাকত-আলোচনীতে তেওঁৰ লেখা প্রকাশ পাইছিল। ১৮৫৪ চনত তেজপুৰত জন্মলাভ কৰা ভট্টাচার্যই স্বাধীনভাবে ব্যৱসায় কৰাৰ ইচ্ছাৰ বাবে চাকৰি বাদ দিছিল। সংস্কাৰমুক্ত, স্বাধীনতা প্রয়াসী কবি কমলাকান্তৰ মৃত্যু হৈছিল ১৯৩৬ চনত

              কমলাকান্ত ভট্টাচার্যৰ কবিতা পুথি 'চিন্তানল' আৰু 'চিন্তা তৰংগ'তদুপৰি 'কঃপন্থা', 'অষ্টাবক্ৰৰ আত্মজীবনী' আৰু 'গুটিদিয়েক চিন্তাৰ ঢৌ' তেওঁৰ উৎকৃষ্ট গদ্য-ৰচনাৰ নিদর্শন। কাব্যগ্রন্থ দুখনত বিভিন্ন আলোচনীত প্রকাশিত কবিতাবোৰে ঠাই পাইছে। কমলাকান্তৰ কবিতাবোৰ স্বদেশপ্রীতিৰ অগ্নিস্ফুলিংগ। কবিতাবোৰত অসম তথা অসমীয়াৰ অতীত গৌৰৱ সুঁৱৰি আৰু বৰ্তমানৰ অধঃপতিত ৰূপ দেখি কবিয়ে আক্ষেপ কৰিছে আৰু দেশবাসীক উন্নতিৰ পথত আগবাঢ়িবলৈ উদাত্ত স্বৰে আহ্বান জনাইছে। কবিৰ ভাষাত-

'আজি কিয় মন           অথিৰ সঘন 

কিনো চিন্তাবোৰ মাতিলে আনি

নেযাও টোপনি               নাহেও টোপনি 

জন্মভূমি দুখে দুখী মন আতি।' (পূর্ণিমাৰ ৰাতিলৈ চাই) 

               কমলাকান্ত ভট্টাচার্যৰ কবিতাতে প্ৰথমবাৰৰ কাৰণে পাশ্চাত্যৰ ধ্যান-ধাৰণা প্রকাশ পাবলৈ ধৰে। কবি হিচাপে তেওঁ যদিও দেশৰ অতীত ঐতিহ্যৰ গুণ-গান বখানি শেষ কৰিব পৰা নাই, বিষয়বস্তু তথা আংগিকৰ ফালৰ পৰা কিন্তু পুৰণি কবিতাৰে সম্পৰ্ক ছেদ কৰা দেখা যায়। কবিৰ কবিতাৰ ছন্দ সাৱলীল নহয়; কিন্তু অনুভৱৰ তীব্রতা আৰু মৌলিক কল্পনাৰ অভাৱ নাই। স্বদেশপ্ৰেমৰ উম তেওঁৰ কবিতাৰ প্ৰতিটো চৰণতে অনুভৱ কৰিব পাৰি

'কোৱা পাহৰণি, তোমাৰ পেটত 

কতনো ৰাখিছা বুৰঞ্জী সোমাই

চিন্তিলে এবাৰ মৰো ডেই পুৰি 

কত জাতি-কীর্তি খালা গিলি হায়!' (পাহৰণি)

                নিষ্কর্মা অসমীয়াক ধিক্কাৰ দি অতীত গৌৰৱ স্মৰণ কৰোতে তেওঁৰ কবিতাত মসৃণতা ফুটি নুঠিল বুলি ক'ব পাৰি। অৱশ্যে 'জোনাকী' কাকতত প্রকাশিত দুই-এটা কবিতাত সৌন্দৰ্যবোধৰ আভাস ফুটি উঠা দেখা যায়

                  কমলাকান্ত ভট্টাচার্য অম্বিকাগিৰী ৰায়চৌধুৰীৰ পূৰ্বসূৰী। তেওঁ ভাৰতীয় চেতনাক স্বীকাৰ কৰিও অসমীয়াৰ স্বকীয়তা প্রতিষ্ঠাৰ হকে অধিক আগ্রহশীল আছিল। কমলাকান্তয়েই প্রথমে কবিতাৰ মাজেৰে অসমীয়াৰ মনত স্বদেশপ্রেমক জাগ্রত কৰিবলৈ প্ৰচেষ্টা চলায়। অসমবাসীক আত্মসচেতন কৰি তুলিবলৈ কবিয়ে কৈছে-

'উলংগ দেশত              কাম কি ধোবাৰ

নোশোভে লোকক                 কাপোৰ সাজে 

ঠিক অসমীয়া মানুহ নহয়

অসম শ্মশান নোহে কোনে কয়?' (জাতীয় গৌৰৱ)


২। অসমীয়া ভাষা-সাহিত্যলৈ কমলাকান্ত ভট্টাচাৰ্যৰ অৱদান সম্পর্কে চমুকৈ লিখা

উত্তৰঃ কমলাকান্ত ভট্টাচাৰ্য্য সৰু কালৰ পৰা সাহিত্য চর্চাত ব্রতী হৈছিল। সৰুতে তেওঁ স্কুলত পঢ়িছিল বঙলা ভাষা। সেয়ে বঙলা ভাষাতে সৰু কালতে ৰচিছিল কবিতা। 

            তেওঁৰ কবিতা পুথি 'চিস্ক্রনল' (প্রথমছোরা) প্রকাশ হয় ১৮৯০ চনত। 'চিন্তানল ''উদগনি' 'পূর্ণিমাৰ ৰাতিলৈ চাই এইনো আসাম নহয়নে শ্মশান?' 'জাতীয় গৌৰৱ', 'মৰিশালি-এন্ধাৰ নিশা', 'সম্বোধন', 'ভিক্ষা', 'পাহৰণি' আদি কেইবাটাও জাতীয়তাবাদী আৰু দার্শনিক ভাবাপন্ন কবিতা সন্নিবিষ্ট হৈছে। 'চিন্তানল'ৰ শেষছোৱা প্রকাশ হয় ১৯২২ চনত

              'চিন্তাতৰঙ্গ' (আগছোৱা) প্রকাশ হয় ১৯৩৩ চনত। ইয়াত সন্নিৱিষ্ট কবিতা কেইটাৰ ভিতৰত হ'ল- 'হিমালয়ৰ প্ৰতি সম্বোধন', 'জোনাকীৰ প্ৰতি সম্বোধন', 'প্রিন্স এলবার্ট ভিক্টৰৰ আদৰণি', 'বাসন্তীৰ বিয়া', 'বহাগী বিয়া', 'খাচিয়া পৰ্বতৰ ওপৰত থিয় দি মনৰ ভাব', 'সন্ধ্যাৰ চিন্তা' 'চকুলোৰে ৰেখা', 'একুৰা জুই' আদি

               কমলাকান্ত ভট্টাচাৰ্য্যৰ প্ৰকাশিত মূল্যবান প্রবন্ধসমূহৰ ভিতৰত কেইটামান হ''আসামৰ উন্নতি' (১), 'আসামৰ উন্নতি' (৬), 'ৰত্নেশ্বৰ বৰুৱা হাকিম', 'গুটিদিয়েক চিন্তাৰ ঢৌ'-(, ১০, ১১, ১২, ১৩, ১৪, ১৫, ১৬, ১৭, ১৮, ১৯, ২০), 'ব্ৰহ্মাৰ মুখে তন্ত্ৰৰ ব্যাখ্যা', 'তন্ত্ৰৰ ব্যাখ্যাৰ পৰিশিষ্ট', 'অষ্টবক্ৰৰ আত্মজীৱনী' (, , ৩) আদি। 'কঃ পন্থা' ইংৰাজীত ১৯১৯ চনত লিখা

             কমলাকান্ত ভট্টাচাৰ্য্যই অসমীয়া সংবাদ জগতলৈও বিশিষ্ট বৰঙণি আগবঢ়াইছে। ভট্টাচার্য্য 'আসাম বান্ধৱ' আৰু 'টাইম অৱ আসাম' কাকত দুখনৰ অন্যতম উদ্যোক্তা আছিল। ১৯২৪ৰ পৰা তেওঁ কলিকতাত থাকি, ১৯২৫ চনত কুমাৰ দেব মুখোপাধ্যায়ৰ সৈতে লগ লাগি তেওঁ 'আসাম হিতৈষী' পষেকীয়া আলোচনী প্রকাশ কৰে। এই আলোচনীৰ তেওঁ এবছৰ সহযোগী সম্পাদক আছিল। তেওঁ ইংৰাজী-অসমীয়া সংবাদপত্র 'আসাম বন্তি'ৰ অসমীয়া ভাগ সম্পাদনা কৰিছিল। পদ্মনাথ গোহাঞি বৰুৱাও এই অসমীয়া ভাগৰে আন এগৰাকী সম্পাদক আছিল। কমলাকান্ত ভট্টাচাৰ্য্যৰ প্ৰথম ৰচনা 'অৰুণোদই সংবাদ পত্র'তে প্রকাশ পোৱা বুলি জনা যায়। 'টাইমস্ অৱ আসাম', 'এডভোকেট অৱ আসাম', 'জোনাকী', 'Bengalee' 'বন্দে মাতৰম', 'আসাম বান্ধৱ', 'বাঁহী', 'চেতনা' আদিত তেওঁ ইংৰাজী আৰু অসমীয়াত এলানি চিন্তাগধুৰ প্রবন্ধ ৰচনা কৰিছিল

               ১৯২৯ চনৰ ৩০ মাৰ্চ, যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ একাদশ অধিবেশনৰ সভাপতিৰ আসনৰ পৰা জাতিৰ উদ্দেশ্যে দিয়া বাণীত তেওঁ কৈছিল, "অসমীয়া সাহিত্যৰ বিজয় দুন্দুভি আকৌ গৌৰৱেৰে নিনাদিত কৰি, আমাৰ মহিমান্বিত জন্মভূমি কীর্তিশালিনী কামৰূপৰ উপযুক্ত গৌৰৱেৰে নিনাদিত কৰি, আমাৰ মহিমান্বিত জন্মভূমি কীর্তিশালিনী কামৰূপৰ উপযুক্ত সন্তান বুলি পৰিচয় দিবলৈ আমি যেন সমর্থ হওঁ। ইয়ালৈকে দেহে-কেহে আশাশুধীয়া যত্ন কৰাটো প্রত্যেক শিক্ষিত অসমীয়াৰ একান্ত কর্তব্য। এই কথা যেন আমাৰ সদায় মনত থাকে।” সাহিত্য সম্পর্কে তেওঁ কৈছে, "সাহিত্য কি? নানাবিধ ঠাল-ঠেঙুলি আৰু পাত- ফুলেৰে ধুনীয়াকৈ সজাই, শুৱলা কৰা ভাষাকে সাহিত্য বুলিব লাগে। ভাষা মানুহৰ ভিতৰত যেনেকৈ আছে, জন্তুৰ ভিতৰতো আছে। গৰুজনী হেম্বেলিয়ালে তাৰ উদ্দেশ্য পোৱাটোৱে বুজে। গছৰ ভিতৰতো ভাষা আছে। মানুহৰে, গছৰে, জন্তুৰে সকলোৰে মিলি এটা ভাষা আছে, সেই ভাষা হৈছে- বিশ্বজ্ঞান। সেই বিশ্ব ভাষাৰ উপাদান বিশ্বজ্ঞান।”

                 “কোনটো জাতি কিমান উন্নত তাৰ একমাত্র সাক্ষী সেই জাতিৰ সাহিত্য।"

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)