GU BA 2nd Sem
Assamese
Chapter 6 Question Answer
লক্ষ্মীনাথ বেজবৰুৱাঃ বৰবৰুৱাৰ বিমান বিহাৰ
► অতি চমু প্রশ্নোত্তৰঃ
১। পাঠটিত উল্লেখ কৰা 'বৰবৰুৱা' প্রকৃততে কোন?
উত্তৰঃ 'লক্ষ্মীনাথ বেজবৰুৱা'।
২। বাইট ভাতৃ যুগলে কিমান চনত বিমান আৱিষ্কাৰ কৰে?
উত্তৰঃ ১৯০৩ চনৰ ১৭ ডিচেম্বৰত ।
৩। বৰবৰুৱা তথা লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত কাক বেলুনত উঠা দেখিছিল?
উত্তৰঃ মিষ্টাৰ পাৰ্চভেল আৰু বাবু ৰামচন্দ্ৰই বেলুনত
উঠা দেখিছিল।
৪। "সেইধাৰ মোৰ ডিঙিৰ সোণৰ শিকলি"- কিহক সোণৰ শিকলি বুলি কৈছে?
উত্তৰঃ দিখৌ নদীখনক।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ কোন?
উত্তৰঃ দীননাথ বেজবৰুৱা।
৬। বেজবৰুৱাৰ গদ্য ৰচনাৰ ভাগ দুটা কি?
উত্তৰঃ এবিধ হাস্যৰসাত্মক আৰু আনবিধ গহীন।
৭। পাঠ্যত 'কক্মিণীহৰণ নাটকৰ বেদনিধি বাপুৰ অৱস্থাৰ সৈতে কাৰ অৱস্থাৰ তুলন কৰিছে?
উত্তৰঃ বৰবৰুৱাৰ সহযাত্রী লম্বাইৰ (লম্বাই শর্মা) সৈতে।
৮। 'কাকতৰ টোপোলা', 'ওভোতনি' 'বুৰবুৰণি' কোনে লিখিছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই।
৯। বেজবৰুৱাদেৱে কিমান চনত বি. এ পাছ কৰিছিল?
উত্তৰঃ ১৮৯০ চনত।
১০। বেজবৰুৱাদেৱৰ একমাত্র কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ 'কদমকলি'।
১১। বেজবৰুৱাদেৱে 'জোনাকী' কাকতৰ জৰিয়তে কোন প্ৰকাৰৰ
লেখক ৰূপে আত্মপ্রকাশ কৰিছিল?
উত্তৰঃ নবন্যাসবাদী লিখকৰূপে।
১২। বেজবৰুৱাদেৱে লিখা তেখেতৰ আত্মকথা পুথিখনৰ নাম লিখা।
উত্তৰঃ 'মোৰ জীৱন সোঁৱৰণ'।
১৩। বেজবৰুৱাদেৱে কিহৰ ব্যৱসায় কৰিছিল?
উত্তৰঃ কাঠৰ ব্যৱসায়।
১৪। বেজবৰুৱাদেৱে লিখা কেইখনমান বুৰঞ্জী পুথিৰ নাম লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ বুৰঞ্জী, History of
Vaishnavism in India, Rasalila of Sri Krishna আৰু Baroda State Lectures |
১৫। বেজবৰুৱা দেৱক ৰসৰাজ উপাধি কিমান চনত আৰু কোন ঠাইত দিয়া হৈছিল?
উত্তৰঃ ১৯৩১ চনত, শিৱসাগৰত।
► চমু প্রশ্নোত্তৰঃ
১। বেজবৰুৱাদেৱে ৰচনা কৰা সাধু আৰু গল্প পুথিসমূহ কি কি?
উত্তৰঃ বেজবৰুৱাদেৱে ৰচনা কৰা ছখন সাধু আৰু গল্প পুথি হ'ল- 'সাধুকথাৰ কুকি',
'জোনবিৰি', 'সুৰভি', 'ককাদেউতা আৰু নাতি ল'ৰা', 'বুঢ়ী আইৰ সাধু'
আৰু 'জুনুকা'।
২। "তুমি লম্বাই নোহোৱা। তুমি মোৰ বৈদেহী। মই তোমাৰ ৰাম। প্রিয়া, তুমি মোৰ কাষ চাপি
আহা।" - কথাষাৰৰ বক্তা কোন? ইয়াত বক্তাই কাক উদ্দেশ্য কৰি আৰু কিয় কথাষাৰ
কৈছিল?
উত্তৰঃ কথাষাৰৰ বক্তা বৰবৰুৱা। তেওঁ ৰসিকতা কৰাৰ চলেৰে
সহযাত্রী লম্বাইক তেনেকৈ কৈছিল। কাৰণ বিমানত উঠি থাকোতে বিমানৰ বেগ দেখি লম্বাই
মূৰ্চা গৈছিল। নিরুপায় হৈ বৰবৰুৱাই কৰ্মচুৰটৰ ধোঁৱাৰে লম্বাইৰ জ্ঞান আনিলে যদিও
সেয়া অর্ধ চেতন অৱস্থাহে। লম্বাই মুখেৰে আবোল-তাবোল বকি থকা বাবে বৰবৰুৱাই ৰসিকতা
কৰিবৰ উদ্দেশ্যৰে লম্বাই শৰ্মাক সীতা আৰু নিজকে ৰাম বুলি পৰিচয় দি বচন মাতিব
ধৰিছিল।
▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় দাঙি ধৰি অসমীয়া সাহিত্যলৈ বেজবৰুবাদ
বৰঙণিসমূহ উল্লেখ কৰা।
উত্তৰঃ আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বাটকটীয়া স্বৰূপ
লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ১৮৬৮ খ্রীষ্টাব্দত। তেখেতৰ পিতৃ দীননাথ বেজবৰুৱা
শিৱসাগৰৰ এক বৈষ্ণৱ পৰিয়ালদ লোক আছিল। লক্ষ্মীনাথ বেজবৰুৱাই তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী, শিৱসাগৰ আদিত
স্কুলীয়া শিক্ষা গ্রহণ কৰি ১৮৮৬ খ্রীষ্টাব্দত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়।
বেজবৰুৱাই উচ্চ শিক্ষার বাবে কলকাতালৈ যায়। কলকাতাৰ পৰাই বি এ পাছ কৰি এম এ আৰু
আইন পঢ়িবলৈ লয় যদিও উত্তীর্ণ হ'ব নোৱাৰিলে। শিক্ষা সাং কৰি বেজবৰুৱাই ১৮৯১
খ্রীষ্টাব্দত বংগদেশর বিখ্যাত দেবেন্দ্ৰ নাথ ঠাকুৰৰ কন্যা প্রজ্ঞাসুন্দৰী দেৱীক
বিয়া কৰায়। বেজবৰুৱা স্বাধীন মনব হোৱা বাবে চৰকাৰী চাকৰি নকৰি ভোলানাথ বৰুৱাৰ লগত
কাঠৰ কাৰবাৰ কৰিয়েই কর্ম জীৱনৰ পাতনি মেলে। পিছলৈ নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰে।
বেজবৰুৱাৰ প্রথমা কন্যা সুৰভীৰ পাঁচ বছৰ বয়সতে মৃত্যু ঘটে। তাৰ পাছত ক্রমে অৰুণা,
ৰত্না আৰু দীপিকা
নামেরে তিনিজনী ছোৱালীয়ে বেজবৰুৱাৰ সাংসাৰিক জীৱন শুৱনি কৰে। ১৮৩৮ খ্রীষ্টাব্দত
ডিব্রুগড়ত বেজবৰুৱাৰ মৃত্যু হয়।
জোনাকী যুগৰ
ত্রিমূৰ্তিৰ অন্যতম লক্ষ্মীনাথ বেজবৰুৱাই 'জোনাকী' কাকতৰ যোগেদিয়েই সাহিত্যিক জীৱনৰ পাতনি মেলে।
বেজবৰুৱাই কলকাতাত পঢ়ি থকা কালছোৱাতে অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ. ভা. উ.
সা) আৰু জোনাকী কাকত প্রতিষ্ঠাপনত আগভাগ লৈছিল। ১৯১০ চনত বেজবৰুৱাই নিজেই 'বাঁহী' নামৰ মাহেকীয় কাকত
এখন সম্পাদনা কৰি উলিয়াইছিল। বহুমুখী প্রতিভাৰ গৰাকী বেজবৰুৱাই কবিতা, নাটক, উপন্যাস, চুটিগল্প, সাধুকথা, জীৱনী, আত্মজীৱনী, বিবিধ ৰসৰচনাকে আদি
কৰি তত্ত্বগধুৰ ৰচনাৰে সাহিত্য ৰচনা কৰি আধুনিক অসীয়া ভাষাৰ ভেটি প্রতিষ্ঠা কৰে। ড°
মহেশ্বৰ নেওগে
অসমীয়া সাহিত্যৰ এই সময়ছোৱাক 'বেজবৰুৱাৰ যুগ' বুলি আখ্যা দিছে। বেজবৰুৱাৰ
সাহিত্য ৰচনাৰ মূলতে স্বদেশ প্রেম। সাহিত্যৰ ক্ষেত্ৰত বেজবৰুৱাৰ হাতত থকা অসাধাৰণ
দক্ষতাৰ বাবেই তেওঁক সাহিত্যৰথী উপাধি প্রদান কৰা হৈছে। জোনাকীত প্রকাশিত 'লিটিকাই' নামৰ প্ৰহসনখনিৰ
জৰিয়তে বেজবৰুৱাই সাহিত্যৰ ক্ষেত্ৰত প্ৰৱেশ কৰি সাহিত্য সকলো ক্ষেত্ৰ লৈ অৱদান
আগবঢ়ায়। বেজবৰুৱাৰ ৰচিত বিশাল সাহিত্যৰাজিক তলত উল্লেখ কৰা হৈছে।
১। কবিতাঃ কদমকলি (১৯১৩)
২। নাটকঃ (ক) বুৰঞ্জীমূলক নাটক - (১) জয়মতী (১৯১৫), (২) বেলিমাৰ, (৩) চক্ৰধ্বজসিংহ (১৯১৫)
(খ) ধেমেলীয়া নাটক - (১) লিটিকাই (১৮৯৮), (২) চিকৰপতি নিকৰপতি,
(৩) নোমল, (৪) পাচনি।
৩। উপন্যাসঃ পদুমকুঁৱৰী (১৯০৫)।
৪। চুটিগল্পঃ (১) সুৰভি (১৯০৯), (২) জোনবিৰি (১৯১৩), (৩) সাধুকথাৰ কুকি, (৪) কেঁহোকলি।
৫। সাধুকথাঃ (১) বুঢ়ীআইৰ সাধু, (২) ককাদেউতা আৰু নাতিল'ৰা (১৯১২), (৩) জুনুকা
৬। জীৱনীঃ (১) ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীবন চৰিত (১৯০৯), (২) শংকৰদেৱ (১৯১২),
(৩) শ্রীশ্রী শংকৰদেৱ
আৰু শ্রীশ্রী মাধৱদেৱ (১৯১৪)
৭। আত্মজীৱনীঃ মোৰ জীৱন সোঁৱৰণ।
৮। তত্ত্বমূলক ৰচনাঃ (১) তত্ত্বকথা, (২) শ্রীকৃষ্ণ কথা, (৩) চৈতন্যদেব,
(৪) ভগবৎ কথা
৯। কৃপাবৰী ৰচনাঃ (১) কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, (২) কৃপাবৰ বৰুৱাৰ
ওভতনি (৩) বৰবৰুৱাৰ বুলনি, (৪) বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, (৫) কৃপাবৰ বৰুৱাৰ
সামৰণি, (৬) বৰবৰুৱাৰ সাহিত্য ৰহস্য।
১০। বৈষয়িক গদ্যঃ (১) বাখৰ, (২) কামত কৃতিত্ব লভিবৰ
সংকেত।
অসমৰ সাহিত্য জগতৰ
মুকুটবিহীন সম্রাটৰূপে সর্বজন স্বীকৃত আৰু সমাদৃত লক্ষ্মীনাথ বেজবৰুৱা এক বিৰল
ব্যক্তিত্বৰ গৰাকী আছিল। অসমীয়া ভাষা সাহিত্যৰ প্ৰায় প্ৰতিটো দিশতে তেখেতে
আগবঢ়োৱা বৰঙণিয়ে প্ৰমাণ কৰিছে তেখেতৰ মাতৃভাষা আৰু স্বদেশ আৰু স্বজাতিৰ প্রতি থকা
গভীৰ আত্মীয়তা আৰু গভীৰতা। এনেদৰেই বেজবৰুৱাই বিশাল সাহিত্যৰাজিৰে অসমীয়া সাহিত্যত
এক যুগান্তৰৰ সৃষ্টি কৰিলে।
৩। 'বৰবৰুৱাৰ বিমান বিহাৰ' পাঠটো তোমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ 'বৰবৰুৱাৰ বিমান বিহাৰ'
পাঠটোত তেওঁৰ
জন্মভূমি অসমৰ বিষয়ে ভিন্ন তুলনাত্মক ৰূপেৰে প্ৰকাশ কৰি ৰচনা কৰিছে।
১৯০৩ চনত ৰাইট
ভাতৃদ্বয়ে চৰাইৰ সৈতে ফেৰ মাৰি বিমান আৱিষ্কাৰ কৰাৰ দিনাই বৰবৰুৱাৰ মনতো বিমানত
উঠাৰ উচ্চ আশা এটা উপজিছিল। তাৰ আগেয়ে তেওঁ কলিকতাত মিষ্টাৰ পাৰ্চভেল আৰু বাবু
ৰামচন্দ্ৰই বেলুনত উঠা দেখিবলৈ পাইছিল। কিন্তু তেওঁৰ বেলুনত উঠাত মন সমূলি নাছিল।
কিন্তু যেতিয়া তেওঁ শুনিলে যে ৰাইট ভাতৃদ্বয়ৰ বিমানত ভদ্রলোক উঠি দেৱতাসকলৰ দৰে
উৰিবলৈ আৰু চৌপাশ ভ্ৰমিবলৈ সুবিধা হ'ল। তেনে এক পৰিস্থিতিত বৰবৰুৱাইও মনতে বিমানত
উঠাৰ কথা পাঙি ব্যক্ত কৰিলে, "চাবাচ বেটাহ'ত! তহঁতক মোক লাগে, অলপ ৰ।"
ইয়াৰ পিছত অনেক
কথা-বতৰা মনতে পাঙি, মন ডাঠ কৰি বিমানত উঠি বিমান বিহাৰী হ'বৰ অৰ্থে তপস্যা কৰিবলৈ ধৰিলে। অৱশেষত বৰবৰুৱাৰ
তপস্যা সফল হ'ল। তেওঁ লম্বাই নামৰ সহযাত্ৰী এজনৰ সৈতে বিমানত উঠিলে।
উঠিয়েই দেখিলে-
বৰবৰুৱাসহ যাত্ৰীসকল ওপৰলৈ উধাও হৈ যাব লাগিছে। বৰবৰৱাই পাইলটটোক ডবিয়াই ক'লে, "ধেৎতেৰি- কোথাকাৰ!
চম্ভালো, চম্ভালো। তই যিটো বেগেৰে ৰথখন ওপৰলৈ তুলি নিছ, এতিয়াই সি এই ব্ৰহ্মাণ্ডৰ
কটাহত লাগিবগৈ।"
পাইলটে বিমানখন
সন্মুখগতি কৰি চলাই নিলে। তেনে সময়তে বৰবৰুৱাৰ আগত আন এটা বিপদ আহি মূৰ দাঙি উঠিল।
বিমানৰ তীব্র গতি চম্ভালিব নোৱাৰি সহযাত্রী লম্বাই মূর্ছা গ'ল। নিৰূপায় হৈ বৰবৰুৱাই
লম্বাইৰ নাকত নিজে হুপি থকা বৰ্মচুৰটৰ ধোঁৱা দিবলৈ ধৰিলে। ধোঁৱা খাই অলপ বেলিৰ
মূৰত লম্বায়ে চকু মেলিলে যদিও ভালকৈ জ্ঞান পোৱা নাই, মাথোন বি-বীয়াইছে। অৱশ্যে
পিছলৈ লম্বাইৰ মুৰ-মুৰণি আৰু বি-বীয়নী নাইকিয়া হ'ল।
অলপ পৰৰ পিছতে
বৰবৰুৱাৰ বিমানে অসমৰ ধুবুৰী-গোৱালপাৰাৰ আকাশত উপস্থিত হ'লহি। বৰবৰুৱাই তললৈ চাই
পঠিয়াই দেখিলে যে এজাক পৰুৱাই শোভাযাত্রা কৰি যাব লাগিছে। বৰবৰুৱাই তেওঁৰ হাতত থকা
দূৰবীণটোৰে ভালদৰে চাই দেখিলে যে সেইজাক পৰুৱা নহয়, খোল, তাল, মৃদং লৈ সকীর্তন কৰোঁতা
মানুহ।
চাওঁতে চাওঁতে
গুৱাহাটীৰ ওপৰত বিমান আহি উপস্থিত হ'ল। সহযাত্রী লম্বাই সুস্থ আৰু সচেতন হৈ উঠিল।
বৰবৰুৱাই তেওঁক কলে- "লম্বাই চোৱা, এইখন প্ৰাগজ্যোবিপুৰ। মই এদিন তাতে আছিলোঁ। মনত
বিৰক্তি লাগি তাৰ পৰা গুচি গ'লোঁ। কিন্তু লৰালৰিকৈ যাওঁতে গোটাচেৰেক মোৰ
বস্তু তাতে থাকি গ'ল, টল যাব নোৱাৰিলোঁ। চোৱা, সৌখন মোৰ গাত লোৱা চেলেং কাপোৰ যাক আজিকালি ইয়াৰ
মানুহে ব্ৰহ্মপুত্ৰ বুলিছে। মোৰ চেলেংখনৰ ওপৰত থকা সৌ যে থিয় পর্বতটো দেখিছা,
গুৱাহাটীয়াই সেইটো
তেওঁলোকৰ উমানন্দ বুলি গপ মাৰে। সেই গপৰ সমৰ্থন কৰিবলৈ পুৰাণ এখনো লেখোৱাই থৈছে।
পৌৰাণিকেহে পৌৰাণিকৰ ঠেং দেখে। মন গ'লে তুমি তেওঁৰ দ্বাৰাই বিৰচিত অষ্টাবক্র নামৰ Counter
পুৰাণখনো পঢ়ি চাব
পাৰা যদিও সেইখন আজিও হাতে লিখা অৱস্থাতে আছে। ধৰ্মৰ দোকানদাৰ ফাকিদাৰ বাপুৱেও
তেওঁৰ পুৰাণবোৰ হাতেলেখা অৱস্থাতে এৰি থৈ গৈছে। আজিকালি সেইবোৰৰ দুখন-এখন ছপা হৈ
ওলালেও তেওঁৰ হাতে লিখা পুৰাণৰ কোবতে ভাৰতবৰ্ষ ওলট-পালট হ'ল। যাওক। বোলোঁ সেই
উমানন্দটি আন একো নহয়। মাথোন কি ক'ত মন দি শুনা। তাহানি (অর্থাৎ আনি-অহনি) মই
প্ৰাগজ্যোতিষপুৰত থাকোঁতে ভগদত্ত ৰজাই তেওঁৰ বাপেক নৰকাসুৰৰ পানীশৰাধ এটালৈ মোক
নিমন্ত্ৰণ কৰিছিল।
অলপ পৰৰ পিছতে
বৰবৰুৱাহঁত অহা বিমানে উজনি অসমৰ আকাশত প্ৰৱেশ কৰিলে। ৰংপুৰৰ ডাঙৰ দৌল দুটালৈ
আঙুলিয়াই লম্বায়ে বৰবৰুৱাক সুধিলে, "সেই দুটা কি?"
বৰবৰুৱাই উত্তৰ দিলে,
"মোৰ মাতৃৰ স্তন। সেই মাতৃৰ স্তন্যপান কৰিয়েই মই মানুহ হৈছোঁ আৰু বৰবৰুৱা
হৈছো"
লম্বায়ে দিখৌখন দেখি
কি বুলি সুধিলত বৰবৰুৱাই ক'লে, "সেইধাৰ মোৰ ডিঙিৰ সোণৰ
শিকলি। তাহানি সেই শিকলিডালৰ লগতে মোৰ বৰপেৰা আৰু হাতনি পেৰাৰ সঁচাৰ কাঠীকেইটা মই
বান্ধি লৈ ফুৰিছিলো। তুমি দিছাং আৰু এটা দৌলক মোৰ লংকেৰু বুলি জানি থ'বা।"
শিৱসাগৰৰ বৰপুখুৰীটো
আৰু জয়সাগৰৰ বৰপুখুৰীটো দেখি লম্বায়ে কি বুলি সুধিলত বৰবৰুৱাই ক'লে, "এই দুটা কপালত ফোট
লোৱা চন্দনৰ থুৰি, শিৱসাগৰ জাতিচন্দনৰ আৰু জয়সাগৰৰ ৰঙা চন্দনৰ।"
এইদৰে লম্বায়ে
"শাৰী পাতি থকা তামোল-পাণৰ গছবোৰ, আমাৰ দশম, কীর্তন, ঘোষা ৰত্নাৱলীৰ পাতত
লিখা পদৰ শাৰী, ভূৱনেশ্বৰীৰ মন্দিৰ আৰু ৰংপুৰৰ বগী দৌল, মোৰ গাৰুৰ তুলী, নিগনিয়ে কুটি উলিওৱা
ৰংঘৰ, কাৰেংঘৰ, উঁইহাফলু, ডিবৰুগড়ত মোৰ আয়ে ৰিহাৰ আগত ফুল বাছিবলৈ কৰি থোৱা কলাপাতত ফুলৰ চানেকী,
চাহবাৰী মোৰ জলকীয়া
বেঙেনাবাৰী ইত্যাদিৰ বিষয়ে তেওঁক প্রশ্ন কৰি কৈ গৈছিল আৰু বৰবৰুৱাইও সেইবিলাকৰ
যথাযথ উত্তৰ দি গৈছিলে।।
ইয়াৰ পিছত লম্বায়ে
থক্ থক্ কৰে কেইবাবাৰো কাহিবলৈ ধৰা দেখি, বৰবৰুৱাই সুধিলে, "কিয় কাহিছাঁ চেঁচা বতাহ
লাগি নিশ্চয় এনে হৈছে।" ?" লম্বায়ে ক'লে- "মোৰ ডিঙিটো
বিষাইছে।" 'বৰবৰুৱাই ক'লে, "ওখ আকাশব
বৰবৰুৱাই তাৰ মুখখন
মেলিবলৈ কোৱাত লম্বায়ে মুখ মেলিলত বৰবৰুৱাই দেখিলে যে, লম্বাইৰ আলজিভা বাঢ়িছে আৰু
ডিঙিৰ ভিতৰখন ৰঙা পৰি টনচিলাইটিজ হ'বৰ উপক্রম। বৰবৰুৱাই ক'লে-“তুমি আঁ আ কৰিলা,
ওলাল আল্পিভা আৰু
টনচিলাইটিজ আৰু মই আঁ কৰাহেঁতেন তাত ওলালহেঁতেন সাতখন সাগৰ আৰু সাতোটা
দ্বীপ।"
এইদৰে লক্ষ্মীনাথ
বেজবৰুৱাই 'বৰবৰুৱাৰ বিমান বিহাৰ' পাঠটোত লঘুৰসাত্মক প্রতীক- ব্যঞ্জনাৰে প্ৰকাশ
অসমৰ বিভিন্ন ঠাই, বিভিন্ন সম্পদ তথা বস্তুৰ গুৰুত্ব আৰু এইবিলাকৰ অপৰিহাৰ্যতাৰ বিষয়ে গুৰুত্ব
প্রদান কৰিছে।
Important Question Answer
(For Paid User)
Join our membership Plan
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)