GU BA 2nd Sem

Assamese

Chapter 7 Question Answer

সত্য়নাথ বৰাঃ 'জীৱনৰ অমিয়া'

অতি চমু প্রশ্নোত্তৰঃ


১। অসমীয়া সাহিত্যব বেকন' হিচাপে কোন পৰিচিত?

উত্তৰঃ সত্যনাথ বৰা 'অসমীয়া সাহিত্যৰ বেকন' হিচাপে পৰিচিত। 

২। সত্যনাথ বৰাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰঃ সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভ প্রবন্ধ গ্রন্থ হ'ল চিন্তাকলি' (১৯২৫)। 

৩। সত্যনাথ বৰাৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৮৬০ চনত

৪। সত্যনাথ বৰাৰ গীতৰ পুথিখনৰ নাম কি?

উত্তৰঃ গীতাৱলী

৫। অসমীয়া ভাষাত প্রথম জ্যোতির্বিজ্ঞান তথা বিজ্ঞানবিষয়ক সত্যনাথ বৰাৰ গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ আকাশ-ৰহস্য

৬। লেখক সত্যনাথ বৰাই জীৱনৰ অমিয়া বুলি কিহক আখ্যা দিছে?

উত্তৰঃ নিৰ্মল আনন্দকে জীৱনৰ অমিয়া আখ্যা দিছে

লেখক সত্যনাথ বৰাৰ মতে পৃথিৱীত কি কি তিনি শ্ৰেণীৰ মানুহ আছে?

উত্তৰঃ সত্যনাথ বৰাৰ মতে পৃথিৱীত তিনি শ্ৰেণীৰ মানুহ আছে। এক শ্রেণীৰ মানুহ উত্তম, এক শ্রেণীৰ মানুহ অধম আৰু তৃতীয় শ্রেণীটো হ'ল কর্তব্য-অকর্তব্য নুবুজা

৮। মনুষ্যৰ দুই প্ৰকাৰৰ কৰ্তব্যৰ গুণ কি কি?

উত্তৰঃ মনুষ্যৰ কৰ্তব্য প্ৰধানকৈ দুই ধৰণৰ- এটাই মানসিক উৎকর্ষ সাধে; আনটোৱে শৰীৰৰ উৎকৰ্ষ সাধে

৯। নির্বানন্দ বিনাশকাৰী কোন মহাগুৰুৰ ওচৰত লেখকে শৰণ ল'বলৈ কৈছে?

উত্তৰঃ কৰ্তব্য মহাগুৰুৰ ওচৰত

১০। লেখকে মনুষ্যক কিহৰ অঙ্গ বিশেষ বুলিছে?

উত্তৰঃ বিশ্বযন্ত্ৰৰ অংগ বিশেষ বুলিছে

১১। শয়ন, ভোজনাদিক কর্তব্যকর্ম বুলি কোৱাৰ কাৰণ কি?

উত্তৰঃ ই ৰোগ নাশ কৰে। ৰোগ আনন্দৰ পৰম বাধক। দেহত ৰোগ থাকিলে আনন্দ লাভ কৰিব নোৱাৰি

১২। "বলিয়াৰ আনন্দ যেনেকুৱা, ইহঁতৰ আনন্দও তেনেকুৱা।" -ইয়াত কাৰ এনেকুৱা আনন্দৰ কথা কোৱা হৈছে?

উত্তৰঃ কৰ্তব্য-অকর্তব্য বোধহীন লোকশ্রেণীৰ কথা কোৱা হৈছে


চমু প্রশ্নোত্তৰঃ


১। জীৱনৰ অমিয়া পাঠটিৰ লেখক সত্যনাথ বৰাৰ চমু পৰিচয় দিয়া

উত্তৰঃ ৰোমাণ্টিক যুগৰ অন্যতম গদ্যকাৰ হ'ল সত্যনাথ বৰা। তেওঁৰ পিতৃৰ নাম আছিল দয়াৰাম বৰা। ১৮৮৯ চনত বি. এল. ডিগ্রী লৈ প্রথমে গুৱাহাটীত ওকালতি কৰে আৰু পাছত আর্নল কলেজত আইনৰ অধ্যাপনা কৰে। কটন কলেজত অসমীয়া বিষয়ত তেওঁ অধ্যাপনাও কৰে। ১৮৮৯ চনতে গীতাৱলী নামৰ এখন গীতৰ পুথি ৰচনা কৰিছিল যদিও গদ্য লেখক ৰূপেহে তেওঁ অধিক সমাদৰ লাভ কৰে। 'সাৰথি' (১৯১৫) আৰু 'চিন্তাকলি' (১৯২৫) নামৰ দুখন প্রবন্ধ সংকলনত সমাজৰ সমালোচনা আৰু লেখকৰ চিন্তাৰ গাঢ়তা প্রকাশ পাইছে। ১৯২৪ চনত প্রকাশিত 'কেন্দ্রসভা'ত হাস্যৰসৰ চিটিকনি আছে যদিও সমাজৰ কু-প্রথাবোৰ আঙুলিয়াই দেখুৱাইছে। তেওঁৰ বিজ্ঞান বিষয়ক গ্রন্থ হ''আকাশ ৰহস্য' আৰু সাহিত্য বিচাৰি বিষয়ক গ্রন্থ 'সাহিত্য বিচাৰ' (১৯২২) আৰু অসমীয়া ভাষাৰ ৰূপ সম্পৰ্কীয় গ্রন্থ হ''বহল ব্যাকৰণ'

             সত্যনাথ বৰাৰ বাক্য গঠনত অলংকাৰৰ প্ৰয়োগ আছে, কিন্তু বাক্যৰ অৰ্থ গ্রহণত কোনো জটিলতা নাই। প্রবন্ধসমূহৰ বিষয় যেনে গহীন ভাষাও তেনে গহীন। কিন্তু কম কথাৰে ব্যাপক অৰ্থ দিব পৰাৰ দক্ষতা তেওঁৰ আছে। গহীন প্ৰৱন্ধবোৰৰ প্ৰতিটো বাক্যই গভীৰ অৰ্থবহ। এই অর্থবহ বাক্যতেই তেওঁ চিন্তাৰ গভীৰতা ফুটি উঠিছে। ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে - "ইংৰাজী সাহিত্যৰ বেকন বা স্পাইলছৰ বস্তুধর্মী প্ৰৱন্ধসমূহৰ দৰে বৰাৰ প্ৰবন্ধাৱলী নীতিগৰ্ভ উক্তি আৰু ব্যৱহাৰিক উপদেশ ব্যঞ্জক মন্তব্যৰ দ্বাৰা সমৃদ্ধ।" প্রকাশভঙ্গীৰ সাৱলীলতা তেওঁৰ গদ্যৰ বিশেষ বিশেষত্ব

২। জীৱনৰ অমিয়া পাঠটিৰ বিষয়বস্তু কি?

উত্তৰঃ 'জীৱনৰ অমিয়া' সত্যনাথ বৰাৰ এটা চিন্তামূলক প্রবন্ধ। জীৱন সম্পৰ্কীয় লিখকৰ মৌলিক দৃষ্টিভঙ্গী প্রবন্ধটোৱে স্পষ্টকৈ তুলি ধৰিছে। মানুহৰ নিজৰ কাম আৰু চিন্তাৰ ওপৰতে জীৱনৰ আনন্দ আৰু সুখ নিৰ্ভৰ কৰে। কি কৰিলে জীৱন আনন্দময় হয়, মানুহে নিজৰ দোষত জীৱন কিদৰে বিষাক্ত কৰি তোলে এই সকলোবোৰ কথা প্ৰবন্ধটোত সন্নিৱিষ্ট হৈছে। কর্তব্য পালনেই জীৱনক সুন্দৰ কৰাৰ মূলমন্ত্র -এয়াই হৈছে সমগ্ৰ প্ৰবন্ধটোৰ মূল প্রতিপাদ্য বিষয়

৩। অন্তনিহিত ভাৱটো বুজাই লিখাঃ

(ক) “নবমণ্ডলীৰ ভিতৰত ওন্দোলোৱা মুখ অনেক আছে, ইহঁত বেজাৰৰ দৃশ্যমান চিত্র, ইহঁতক বেজাৰৰ কলীয়া ডাৱৰে সততে আৱৰি থাকে।"- কথাষাৰৰ তাৎপর্য বুজাই লিখা

উত্তৰঃ লেখকে পাঠটোৰ আৰম্ভণিতে কোৱা এইখিনি কথাৰ জৰিয়তে সমাজৰ এক শ্রেণীৰ লোকৰ মনৰ পৰা কোনো সময়তে বিষাদৰ ভাৱ নুগুছে বেজাৰেই সিহঁতৰ প্ৰাণবায়ু, বেজাৰেই সিহঁতৰ জীৱনৰ গতি। পৃথিৱীৰ কোনো বস্তুৱেই শান্তি আৰু আনন্দ দিব নোৱাৰে। এই শ্রেণীৰ লোকৰ দৃষ্টিত পৃথিৱীৰ সুখবোৰ ভুৱা, দুখবোৰহে আচল কথা। এওঁলোকৰ মতে ফুলৰ লাবণ্য, মলয়াৰ স্নিগ্ধতা, পুত্র-কন্যা, আনন্দ-উৎসৱ সকলো উদ্ভণ্ডালিহে মাত্র। নিবানন্দহে জীবনৰ একমাত্র সাৰ। মানুহৰ হাঁহি, সংগীত সকলোতে দুখহে দেখা পায়। ঈশ্বৰে ধেমালি কৰিবলৈ বা খং পলুৱাবলৈহে এই সংসাৰ স্ৰজন কৰি নৰ জাতিক জুলুকি জুলুকিকৈ যাতনা ভুঞ্জাইছে বুলি তেওঁলোকৰ ধাৰণা। পৃথিৱীখনক বন্দীশাল বুলি তেওঁলোকৰ ধাৰণা। পৃথিৱীখনক বন্দীশাল আৰু জীৱনটো শাস্তি বুলি উপলব্ধি কৰি ইহঁতে চিৰকাল অসুখত কটায়। আনন্দৰ পৰা বঞ্চিত হৈ নিৰানন্দ মনেই জীৱনটো পাৰ কৰি দিয়ে

▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ


১। জীৱনৰ অমিয়া পাঠটিত উল্লেখিত তিনিটা শ্রেণীৰ বৰ্ণনা পাঠৰ আলমত বুজাই লিখা। 

উত্তৰঃ জীৱনৰ অমিয়া পাঠটিত সমাজৰ শ্রেণী চৰিত্র বিশ্লেষণেই মূল উদ্দেশ্য হিচাপে ধৰিব পাৰি। লেখকে সমাজৰ তিনি শ্রেণীৰ লোকৰ যথাযথ বর্ণনা দিছে। জীবনৰ অমিয়া লাভ কৰিবলৈ সমৰ্থ হোৱা লোকৰ বৰ্ণনা দিবলৈ যি তিনি শ্ৰেণীৰ বৰ্ণনা দাঙি ধৰিছে তাৰ বর্ণনা এনে ধৰণৰ – প্রথম শ্রেণীত লেখকে দেখুৱাইছে বিষাদেবে পৰিপূর্ণ এক শ্ৰেণীৰ লোকক

           এই শ্ৰেণীৰ লোকৰ মনৰ পৰা কোনো সময়তে বিষাদৰ ভাৱ নুগুচে, বেজাৰেই সিহঁতন প্রাণবায়ু, বেজাৰে সিহঁতৰ জীৱনৰ গতি। পৃথিৱীৰ কোনো বস্তুৱেই শান্তি আৰু আনন্দ দিব নোৱাৰে। এই শ্ৰেণীৰ লোকৰ দৃষ্টিত পৃথিৱীৰ সুখবোৰ ভুৱা, দুখবোৰহে আচল কথা। এওঁলোকৰ মতে ফুলৰ লাৱণ্য, মলয়াৰ স্নিগ্ধতা, পুত্র-কন্যা, আনন্দ-উৎসৱ সকলো উদ্ভণ্ডালিহে মাত্র। নিৰানন্দহে জীৱনৰ একমাত্ৰ সাৰ। মানুহৰ হাঁহি, সংগীত সকলোতে দুখহে দেখা পায়। ঈশ্বৰে ধেমালি কৰিবলৈ বা খং পলুৱাবলৈ এই সংসাৰ ব্ৰজন কৰি নব জাতিক জুলুকি জুলুকিকৈ যাতনা ভুঞ্জাইছে বুলি তেওঁলোকৰ ধাৰণা। পৃথিৱীখনক বন্দীশাল বুলি তেওঁলোকৰ ধাৰণা। পৃথিৱীখনক বন্দীশাল আৰু জীৱনটো শাস্তি বুলি উপলব্ধি কৰি ইহঁতে চিৰকাল অসুখত কটায়। আনন্দৰ পৰা বঞ্চিত হৈ নিৰ্বানন্দ মনেই জীৱনটো পাৰ কৰি দিয়ে

           দ্বিতীয় শ্রেণীটো হ'ল চিৰ প্রফুল্লিত। এই শ্ৰেণীৰ লোকৰ মতে পৃথিৱীখন সুখৰ আলয়। এওঁলোকৰ বাবে গৰলো অমৃত হয় আৰু কাঁইটো কোমল হয়। এওঁলোকৰ মুখত সদায় উজ্জ্বল আনন্দৰ ৰশ্মি জিলিকি থাকে। সংসাৰৰ ঘটনাৰ স্থিতি এওঁলোকৰ মনত ক্ষন্তেকীয়া। পৃথিবীর মঙ্গল মলয়া সদৃশ এই শ্ৰেণীৰ মানুহ। ইহঁতে নিজে সুখ ভোগ কৰাৰ উপৰি আনকো সন্তোষ দিয়ে। সংসাৰৰ কাঁহটীয়া বননিৰ পৰাই সুকোমল সুগন্ধি তুলিবলৈ শিকায়, সমুদ্ৰৰ পৰা বহুমূলীয়া মণি-মুক্তা আহৰণ কৰিবলৈ শিকায়, সংসাৰৰ শোক-সন্তাপৰ জলন্ত বহ্নিৰে তাপ শীতল কৰিবলৈ শিকায় সংসাৰৰ আলৈ-আহুকাল একোলৈকে কাণ নকৰে, ইহঁত গূঢ় মন্ত্ৰৰ গৰাকী। দুর্ভাবনা, দুশ্চিন্তা মনৰ পৰা আঁতৰ কৰি মন সদায় প্রফুল্লিত কৰি ৰাখে এই শ্ৰেণীৰ লোকে

            লেখকে উল্লেখ কৰা তৃতীয় শ্রেণীটো কর্তব্যবোধহীন লোক। এই শ্ৰেণীৰ লোকে পিতৃ- মাতৃৰ প্ৰতি থকা দায়িত্ব, পুত্র-কন্যাৰ প্ৰতি থকা দায়িত্ব সকলোতে পিঠি দিয়ে। নিজৰ কৰ্ম- বিমুখিতাৰ বাবে পুত্র-কন্যাই দৰিদ্ৰতাৰ তাপ সহ্য কৰিব লগা হয়। বন্ধু-বান্ধৱকো সহায় কৰিব নোৱাৰে। পুৱা-গধূলি পেট ভৰাই এসাজ খাব নোৱাৰে তথাপি কায়িক শ্ৰমেৰে অৰ্থ উপাৰ্জনৰ দিহা নকৰে। পিতৃৰ সম্পদো সুৰক্ষা দিব নোৱাৰি ক্ষয় কৰে। আত্মসন্মানবোধ, লাজ সিহঁতৰ নাই। কিন্তু ৰঙিয়াল কথা কৈ এই শ্ৰেণীৰ লোকে বাহ্যিকভাৱে সদায় আনন্দ ৰূপহে প্রদর্শন কৰে। এওঁলোকৰ আনন্দ বলিয়াৰ আনন্দ। মানসিক বৃত্তিবিলাকৰ আউল লাগি এওঁলোক বাউল হয়। এওঁলোকৰ আনন্দও বাতুলতা, ৰোগৰ দৃশ্যমান বুৰবুৰণি সদৃশ। উখহা ৰোগীক স্বাস্থ্যৱান হোৱা বুলি ক'ব নোৱৰাৰ দৰে কৰ্তব্যবোধ নথকা এই শ্ৰেণীৰ মানুহে বাহ্যিকভাবে আনন্দ প্রকাশ কৰি দেখুৱালেও জীৱনৰ প্ৰকৃত অমিয়া লাভৰ পৰা ইহঁত বঞ্চিত


২। জীৱনৰ অমিয়া পাঠটিত লেখকে কর্তব্যৰ মহত্ত্ব সম্পর্কে কিদৰে বৰ্ণনা কৰিছে আলোচনা কৰা

উত্তৰঃ কর্তব্য পালনেই হ'ল নিবানন্দনাশী মহামন্ত্র। পশু-পক্ষী আদি প্ৰকৃতিৰ জীৱবোৰে সদায়েই আনন্দত থকাৰ মূলতে কর্তব্য। কর্তব্যত মগ্ন হ'লে জীৱনত দুখ-দুশ্চিন্তালৈ সময় নাথাকে। কর্তব্য হ'ল মহাগুৰুৰ; যি মহাগুৰুত শৰণ ল'লে জীৱনৰ আনন্দ লাভৰ দীক্ষা পোৱা যায়। এইজন মহাগুৰুৰ আশ্ৰয়ত থাকিলে আনন্দৰ শত্ৰুবোৰ কাষ চপাৰ সুযোগ নাপাই দূৰতে বিনাশ হয়। কর্তব্য হ'ল দুর্জেয় অস্ত্র। এই অস্ত্ৰৰে মনৰ ডাৱৰ নিমিষতে খণ্ড খণ্ড কৰিব পাৰি। একোজন ব্যক্তিৰ বাবে, এখন বৃহৎ সমাজৰ বাবে আৰু সমগ্র বিশ্বব্রহ্মাণ্ডৰ বাবে মূল প্রয়োজন হ'ল কর্তব্য

          বিশ্বব্রহ্মাণ্ডত কর্তব্যৰ স্থান- কর্তব্য পালন বিশ্বব্রহ্মাণ্ডৰ মেৰুদণ্ড। ব্ৰহ্মাণ্ডৰ যিকোনো এটা উপাদানে একমূহর্ত যদি কর্তব্যত হেলা কৰে তেন্তে অথন্তৰ নিশ্চিত। সমগ্র বিশ্ব সুকলমে কর্তব্য অনুসৰণ কৰাটো। ব্রহ্মাণ্ডৰ এই উপাদানবোৰৰ প্ৰত্যেকৰে নিজৰ কাম নির্দিষ্ট কৰা চলি থকাৰ মূলতে হ'ল চন্দ্র, সূর্য্য, মেঘ, বায়ু, জুই, পানী, বতাহ, গ্রহ, নক্ষত্র সকলোবেই নিজৰ আছে। সেই অনুসৰিয়েই সকলোৱে কর্তব্যত নিয়োজিত হয়। সকলোৰে যৌথ শক্তিৰ বলত তেন্তে সকলো ধ্বংস হ'ব। যাদুকৰৰ যাদুৰ দৰে সকলো নিমিষতে নোহোৱা হ'ব। আকাশ, বায়ু, ফুল, পাত, নদী, পাহাৰ সকলো লগে লগে পৃথিৱীত বিজ্ঞানী আৰু কবিসকলৰো আধাৰ নোহোৱা হ'ব। সকালে বন্ধু হোৱাৰ উদ্ভিদ আনকি মানুহৰ জীৱনলীলাও সিমানতে অন্ত পৰিব। গতিকে কর্তব্য পালনেই হলে উমাণ্ডৰ উপাদানবোৰৰ প্ৰাণবায়ু। ইয়াৰ বিচ্যুতি ঘটিলে আনবোৰতো নোহোৱা হ'বই লগতে সিহঁত নিজেও ক্ষনিকতে বিলুপ্ত হ'

            প্রাণীজগতত কৰ্তব্যৰ স্থান- ব্ৰহ্মাণ্ডৰ গ্রহ-নক্ষত্ৰৰ দৰেই প্ৰাণীজগতৰো মূল কথা হ'ল কর্তব্য পালন। পৃথিৱীৰ প্ৰতিটো প্রাণীৰে নিজৰ সুকীয়া কর্ম আছে। নিজৰ সেই কাম সকলোবে যেতিয়ালৈকে কৰি থাকে তেতিয়ালৈকে সকলো সুকলমে চলি থাকে। কর্তব্য পালনৰ জৰিয়তেই সকলো পৃথিৱীত বর্তি আছে। পশু-পক্ষী, কীট-পতঙ্গ সকলোৱেই কর্তব্য পালনৰ দ্বাৰা পৃথিৱীৰ সুখ উপভোগ কৰিছে। ইহঁতৰ কোনোবাই কর্তব্যত অনিয়ম কৰিলেই অথন্তৰ। একে কথা মানুহৰ সমাজখনৰ ক্ষেত্ৰতো প্রযোজ্য

          মানুহৰ সমাজখন এটা যন্ত্ৰ আৰু প্ৰতিজন মানুহ সেই যন্ত্ৰৰ এটা অঙ্গ। যিমান দিনলৈকে অঙ্গবোৰে নিজৰ নিজৰ কৰ্তব্য কৰি থাকে তেতিয়ালৈকে সংসাৰ যন্ত্ৰত একো অসুবিধা নহয়। যন্ত্ৰৰ এটা অঙ্গই কাম নকৰিলেও যিদৰে সমগ্র যন্ত্ৰটোৱেই অচল হয় সেইদৰে সমাজৰ এজন মানুহেও যদি কর্তব্যত খেলিমেলি কৰে তেন্তে সমাজত বেমেজালি হয়, সমাজৰ শৃঙ্খলাত আউল লাগে

              মানুহৰ কৰ্তব্য প্রধানকৈ দুবিধ। প্রথমবিধৰ ভিতৰত অন্তর্ভুক্ত কর্তব্যসমূহ হৈছে-

(ক) সৎ হোৱা

(খ) জ্ঞান-বুদ্ধি উপার্জন কৰি নিজৰ উন্নতি আৰু আনৰ উপকাৰ কৰা

(গ) পিতৃ-মাতৃ, পুত্র-কন্যা আদি নিজৰ পৰিয়ালক পালন কৰা

(ঘ) ওচৰ চুবুৰীয়া বন্ধু-বান্ধৱ আদিক সহায় কৰা

(ঙ) হিংসা-কপট আদি ত্যাগ কৰি সকলোৰে সৈতে মিলিজুলি থকা

         এই কর্তব্যসমূহত কোনোবাই অৱহেলা কৰিলেই সমাজত শান্তি আৰু শৃঙ্খলা নাথাকে। সমাজৰ দ্বন্দ্ব, অশান্তি, ভয়, দৰিদ্ৰতা আদি সকলো অনৰ্থৰ মূল হ'ল কর্তব্যত অৱহেলা। এজনে কর্তব্যত খেলিমেলি কৰিলে তাৰ ফল আনেও ভোগে, তেওঁ নিজেও ভোগে। কর্তব্যত অৱহেলা কৰাজনে শেষত সংসাৰখন বিষময় দেখে আৰু জীৱনৰ সকলো আনন্দ হেৰুৱায়। যাৰ স্বভাৱ সৎ, যি নিজৰ কৰ্মত ত্রুটী নকৰে, যাৰ মনত হিংসা, কপট, অহঙ্কাৰ আদি কাঁইটীয়া লতাই শিপাব পৰা নাই, যি শ্ৰম কৰি নিজৰ উন্নতি আৰু আনৰ উপকাৰ সাধিছে তেওঁৰ মনত বেজাৰ অসন্তোষে বাহ ল'ব নোৱাৰে। তেওঁৰ মুখ সদায় উজ্জ্বল আৰু সন্তোষেৰে ভৰা। তেওঁৰ কথা উৎসাহপূর্ণ

         সংসাৰ এখন যুদ্ধক্ষেত্র। এই যুদ্ধক্ষেত্ৰৰ প্রধান অস্ত্র হ'ল কর্তব্য পালন। এই অস্ত্ৰৰে যুদ্ধ কৰিলেই মানুহে যুদ্ধ জয় কৰি মহা আনন্দৰ গৰাক হ'ব পাৰে। আনহাতে, যিসকলে যুদ্ধক্ষেত্রত সেই মহাস্ত্ৰ ব্যৱহাৰ নকৰে তেওঁলোক যুদ্ধত হাৰে। তেতিয়া তেওঁলোকৰ মুখ আন্ধাৰ হয়। দুখ-বেজাৰেই তেনে মানুহৰ জীৱনৰ লগৰীয়া

        মানুহৰ দ্বিতীয়বিধ কর্তব্য হ'ল- পৰিমিতভাবে শয়ন-ভোজন আদি কৰা ।প্রথমবিধ কর্তব্যত খেলিমেলি কৰিলে যিদৰে মানুহৰ মন-প্রাণী আউল লাগে, সেইদৰে দ্বিতীয়বিধ কর্তব্যত খেলিমেলি কৰিলে শৰীৰত আউল লাগে। দ্বিতীয়বিধ কর্ম ঠিকভাৱে নকৰিলে শৰীৰত ৰোগে বাহ বান্ধে। নিৰানন্দৰ এটা প্রধান উৎস হ'ল ৰোগ। ৰোগ হ'লে মানুহৰ স্বাস্থ্য নাথাকে। ভাল স্বাস্থ্য অবিহনে মানুহ কেতিয়াও সুখৰ গৰাকী নহয়। মানুহে শয়ন-ভোজনৰ কম-বেছি কৰি দেহত ৰোগ জন্মাই লয়। ৰুগীয়া দেহত কেতিয়াও আনন্দ নাথাকে। শৰীৰ আৰু মন দুয়োটা ঠিকভাৱে থাকিলেই আনন্দৰ উদ্ভৱ হয়। গতিকে আনন্দ অৰ্জনৰ পথ হ'ল কর্তব্য পালন। কর্তব্য পালন জীৱনৰ অমিয়া প্রসবিনী। কর্তব্যবোধেই মনুষ্যত্ব। যাৰ এই বোধ নাই সি যথাৰ্থতে মানুহ নহয়। কর্তব্যক অৱহেলা কৰাজন কেতিয়াও জীৱনৰ অমিয়াৰ গৰাকী হ'ব নোৱাৰে। জীৱনৰ অমিয়া লাভৰ একমাত্র পথ, একমাত্র মন্ত্র হ'ল কর্তব্য পালন

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)