GU BA 2nd Sem
Assamese
Chapter 2 Question Answer
ৰঘুনাথ চৌধাৰীঃ 'অন্তিম জ্য়োতি'
►► অতি চমু প্রশ্নোত্তৰঃ
১। কৰি ৰঘুনাথ চৌধাৰীৰ 'অন্তিম জ্যোতি' কবিতাটি কোনখন গ্ৰন্থৰপৰা
চয়ন কৰা হৈছে?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ অন্তিম জ্যোতি' কবিতাটি তেওঁৰ
‘দহিকতৰা’ কবিতা পুথিখনৰ পৰা চয়ন কৰা হৈছে।
২। ৰঘুনাথ চৌধাৰীৰ কবিতা প্রথম কোনখন আলোচনীত প্রকাশ হৈছিল?
উত্তৰঃ 'জোনাকী' কাকতত।
৩। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা দুখন
আলোচনীৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা দুখন আলোচনী হ'ল 'সুৰভি' আৰু 'জয়ন্তী'।
৪। ৰঘুনাথ চৌধাৰীৰ 'অন্তিম জ্যোতি' কবিতাটো মূলতঃ কি ভাবৰ
কবিতা?
উত্তৰঃ ঐশীভাবনামূলক।
৫। ৰঘুনাথ চৌধাৰীৰ 'অন্তিম জ্যোতি' কবিতাটোৰ মূল বাণী কি?
উত্তৰঃ কবিতাটিৰ মূলবাণী ভগবৎ অন্বেষা।
৬। অসমীয়া কাব্য সাহিত্যত ৰঘুনাথ চৌধাৰীক কি আখ্যাৰে জনা যায়?
উত্তৰঃ অসমীয়া কাব্য সাহিত্যত ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' আখ্যাৰে জনা যায়।
▶▶ চমু প্রশ্নোত্তৰঃ
১। কবি ৰঘুনাথ চৌধাৰীৰ কবিতা 'অন্তিম জ্যোতি'ৰ তাৎপর্য লিখা।
উত্তৰঃ কবি চৌধাৰীৰ প্ৰায় সমগ্র কাব্যভাবনাতে প্রলেপিত
হৈ আছে পাৰমার্থিক চিন্তাৰ অমল আধাৰ। অৱশ্যে কেতিয়াবা ই প্রত্যক্ষ আৰু কেতিয়াবা
পৰোক্ষ ৰূপত ক্রিয়াশীল। আনহাতে একাধিক প্রেমকবিতা আৰু প্ৰকৃতি কবিতাৰ অন্তিম
পৰ্যায়ত কবিয়ে ঈশ্বৰ প্ৰেমাভিমুখী মনোভংগীহে প্ৰকাশ কৰিছে। গতিকে নাৰীপ্ৰেমৰ
বৰ্ণনা অথবা নিসর্গপ্ৰীতিৰ স্বাক্ষৰ থাকিলেও সেইবোৰ কবিতাক ঐশীভাবনামূলক কবিতাৰেই
পৰাকাষ্ঠ বুলি ধৰিব পৰা যায়।
'অন্তিম জ্যোতি'
ঐশী ভাবনাশ্রিত এটি
অনুপম কবিতা। পার্থিব জীৱনৰ সুখ স্বপ্নৰ পিছে পিছে দৌৰি ফুৰা কবিয়ে জীৱনৰ অপৰাহ্ন
বেলাত উপলব্ধি কৰিছে যে, কামনা-বাসনাৰ শেষ নাই, লোভ-লালসাৰ অন্ত নাই।
অন্তিম জ্যোতি কবিতাটিৰ মাজেৰেও কবিয়ে তেওঁৰ ব্যথাভৰা জীৱনকে ইংগিত কৰিছে। এই
সংসাৰত তেওঁ মৰম বিচাৰোতে গৰলহে উদ্ভৱ হ'ল। সুখ বিচাৰোতে দুখৰ উপৰি দুখহে পালে। কবিয়ে
উপলব্ধি কৰিছে, পাৰ হৈ অহা তেওঁৰ জীৱন মাথোঁ মোহ-আৱৰ্তত ঘূৰি থাকোঁতেই অতিবাহিত হ'ল—
মর্মাহত ব্যাথাহত দুর্বই জীৱন
আছে মোৰ আৱৰ্তত ঘূৰি,
স্পন্দনত তন্দ্ৰাতুৰ দুৰ্বল চিত্তৰ
জড়তাই নিছে সংজ্ঞা
হৰি।
অথচ ব্যথাৰ
সহস্ৰজ্বালা, ব্যৰ্থতাৰ গ্লানি আৰু বুকু পোৰা তপত উচ্ছ্বাস অলপো নকমি সেয়ে জীবনৰ শেষ
সন্ধিয়াত তেওঁ ভগৱানৰ পৰম আনন্দময় ৰূপৰ এচেৰেঙা জ্যোতিশী কৰাৰ কাৰণে আগ্ৰহেৰে বাট
চাই আছে।
২। ৰঘুনাথ চৌধাৰীৰ চমু পৰিচয় লিখা।
উত্তৰঃ অসমীয়া কাব্য সাহিত্যৰ জগতত 'বিহগী কবি' নামে জনাজাত ৰঘুনাথ
চৌধাৰীৰ জন্ম হয়, কামৰূপ জিলাৰ হাজোৰ ওচৰৰ লাওপাৰা গাঁৱত ১৮৮০ চনত। তেওঁৰ পিতৃৰ নাম ভোলানাথ
চৌধাৰী। শৈশব কালতে ভৰিত আঘাত পাই তেওঁ চিৰদিনৰ কাৰণে ঘুণীয়া হৈ পৰে। সৰুতে
আকস্মিকভাৱে পিতৃ-মাতৃক হেৰুৱাই তেওঁ গুৱাহাটীলৈ আহি এঘৰ আত্মীয় লোকৰ আশ্ৰয়ত
থাকিবলৈ লয়। ৰঘুনাথ চৌধাৰীয়ে অষ্টমমান শ্রেণীলৈ আনুষ্ঠানিক শিক্ষা গ্রহণ কৰি স্কুল
এৰে আৰু পিছত ঘৰতে সংস্কৃত আৰু বঙলা সাহিত্য অধ্যয়ন কৰিবলৈ লয়। কেইবছৰমান তেওঁ
স্কুলত শিক্ষকতাও কৰিছিল যদিও পাছলৈ সেয়া এৰি খেতি-বাতিত নামে। এই সময়ছোৱাতে তেওঁ
কাব্য চর্চাতো মনোনিৱেশ কৰে। 'জোনাকী' কাকতত তেওঁৰ প্ৰথম কবিতা প্রকাশ হয়।
ৰঘুনাথ চৌধাৰীৰ
প্ৰকাশিত কবিতাপুথি কেইখন হ'ল- 'সাদৰী', 'কেতেকী', 'দহিকতৰা' আৰু 'কাৰবালা'। তদুপৰি তেওঁৰ
কথা-কবিতাৰ পুথি 'নৱমল্লিকা' আৰু 'পচতীয়া' নামৰ এখন গদ্যপুথিও প্রকাশিত হৈছিল। কাৰবালাৰ কৰুণ কাহিনী বিৱৰি তেওঁ 'কাৰবালা' কাব্য ৰচনা কৰিছে।
ৰঘুনাথ চৌধাৰী কিছুদিন গুৱাহাটীৰপৰা প্রকাশিত 'জোনাকী'ৰ সহকাৰী সম্পাদক
হিচাপেও কাম কৰিছিল। তদুপৰি তেওঁৰ সম্পাদনাত প্রকাশিত হৈছিল 'সুৰভি', 'জয়ন্তী' আৰু 'মইনা' নামৰ তিনিখন আলোচনী।
১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা 'অসম সাহিত্য সভা'ৰ ষোড়শ অধিৱেশনত ৰঘুনাথ
চৌধাৰীয়ে সভাপতিত্ব কৰিছিল। সাহিত্য চর্চা আৰু সেৱাৰ উপৰিও চৌধাৰীয়ে গান্ধীজীৰ 'ভাৰত ত্যাগ' আন্দোলনত অংশগ্ৰহণ
কৰা বাবে কাৰাবাসো খাটিবলগীয়া হৈছিল। ১৯৬৭ চনৰ ১৮ নৱেম্বৰ তাৰিখে ৰঘুনাথ চৌধাৰীৰ
মৃত্যু হয়।
▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। ৰঘুনাথ চৌধাৰীৰ কবিতাৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি? আলোচনা কৰা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতাৰ বিষয়বস্তু তথা অন্যান্য
দিশসমূহক সামৰি কিছু সাধাৰণ বৈশিষ্ট্য বিচাৰি উলিয়াব পাৰি।
(ক) কবি চৌধাৰীৰ কবিতাসমূহৰ প্ৰকৃতিয়ে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰকৃতিৰ বৰ্ণনাই জীৱন্তৰূপ লাভ কৰিছে। কবিৰ অনুভৱ আৰু কল্পনাৰ সমন্বয়ত। কবিৰ
প্ৰকৃতি বিষয়ক কেইটিমান কবিতা হ'ল- বশিষ্ঠাশ্রম, গছৰ পাত, গোলাপ, হৰিণা পোৱালী,
দহিকতৰা ইত্যাদি।
(খ) প্রকৃতিৰ অবিচ্ছেদ্য অংগ আৰু প্ৰতিজন মানৱৰ প্ৰিয় চৰাই সম্পৰ্কীয়
কবিতাসমূহত কবি চৌধাৰীৰ কাব্য প্রতিভা মূর্ত হৈ উঠা পৰিলক্ষিত হৈছে। কবিৰ প্ৰিয়
চৰাইৰ মাজত পৃথিৱী পোহৰ হয়। এটি পখীৰ মাজত তেওঁ অনাবিল আনন্দ বিচাৰি পায়। মানুহৰ
দৰে মনৰ ভাৱ প্ৰকাশ কৰাৰ সক্ষমতা নথকা পখী এটিৰ মনৰ ভাব যেন চৌধাৰীৰ বোধগম্য হৈ
পৰে। মনোজগতত আলোড়ন সৃষ্টি কৰা অমৃত বৰষা মাতৰ কেতেকী, দহিকতৰাক সম্বোধন কৰি কবিয়ে
নিজৰ ব্যথা-আনন্দ সকলোকে প্রকাশ কৰে। কবিৰ চৰাই প্ৰীতিৰ বাবেই তেওঁ 'বিহগী কবি' হিচাপে পৰিচিত। চৰাই
সম্পৰ্কীয় তেওঁৰ জনপ্রিয় কবিতা- 'গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনী', 'দহিকতৰা', 'কেতেকী' ইত্যাদি।
(গ) পৃথিৱীৰ আন ব্যক্তিৰ দৰেই কবিৰো বিনন্দীয়া পৃথিৱীৰ ৰূপ, ৰং, ৰসৰ প্ৰতি আকর্ষণ
আছে, জীৱনটোক লৈ আছে নানা আশা আৰু হেপাহ। একেদৰে সংসাৰত এই আশা-আকাংক্ষাৰ সম্পূৰ্ণতাৰ ফলত সৃষ্টি হোৱা জ্বালা-যন্ত্ৰণাৰ পৰা উপশম লাভৰ পথটিও তেওঁ
বিচাৰে। সেইবাবেই কবি চৌধাৰীৰ কবিতাত ইন্দ্ৰিয়সুখী আৰু ইন্দ্ৰিয়বিমুখি দুয়োটা
ধাৰাই প্ৰকাশ দেখা যায়।
(ঘ) ৰঘুনাথ চৌধাৰীৰ কবিতাত তৎসম শব্দৰ বহুল প্রয়োগ ঘটাৰ লগতে বিদেশী শব্দৰ
ব্যৱহাৰো লক্ষণীয়। আৰবী-ফাচী শব্দৰ প্রয়োগ তেওঁৰ কবিতাৰ এটি অন্যতম বৈশিষ্ট্য।
অবশ্যে তেওঁ কবিতাত ঘৰুৱা শব্দ, জতুৱা ঠাঁচবো ব্যৱহাৰ আছে। বিষয়ৰ লগত সংগতি ৰাখি
কৰা তেওঁৰ শব্দচয়ন তেওঁৰ কবিতাৰ জনপ্রিয়তাৰ আন এক কাৰণ। সৰু কালৰে পৰা সংস্কৃত
সাহিত্যৰ অধ্যয়নেই তেওঁৰ তৎসম শব্দৰ প্ৰতি থকা আকৰ্ষণৰ কাৰণ বুলি ভাবিব পাৰি।
(ঙ) চৌধাৰীৰ কবিতাত প্রকৃতি-প্ৰীতিৰ সমান্তৰালকৈ মানৱতাবোধৰ প্ৰকাশ লক্ষণীয়।
ইয়াৰ লগতে ইতিহাস চেতনাও তেওঁৰ কবিতাৰ এক অংগ। উপনিষদ, ভাগৱত ভাৰতীয় মহাকাব্যদুখন
অর্থাৎ ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ প্রভাবো তেওঁৰ কবিতাত স্পষ্টৰূপে দেখা পোৱা যায়।
প্রকৃতিৰ এক অংগ হিচাপে মানুহ আৰু অন্যান্য পশু- পক্ষীৰ মাজত এক নিবিড় সম্পর্ক
সদায়ে বর্তমান। কবি ৰঘুনাথ চৌধাৰীৰ কবিতাত প্রকৃতিৰ অংগ এই পশু-পক্ষীৰ লগত মানুহৰ
ওচৰ সম্বন্ধ প্রকাশিত হৈ উঠিছে। ইয়াতে তেওঁৰ মানৱতাবোধৰো প্ৰকাশ পাইছে। প্রকৃতিৰ
মাজতে তেওঁ আধ্যাত্মিকতাও বিচাৰি পাইছে। কেতেকী, দহিকতৰা, গোৱাহে এবাৰ মোৰ
প্ৰিয় বিহংগিনী, গোলাপ আদি কবিতাত এনে ভাৱ মূর্ত হৈ উঠিছে। একেদৰে 'কাৰবালা' কাব্যখনত কবিব অতীত
ৰোমন্থন আৰু অতীতৰ ইতিহাসৰ বুকুত সংঘটিত ঘটনাৱলীৰ প্ৰতি থকা শ্রদ্ধাশীল মনোভারে
তেওঁৰ ইতিহাস চেতনাক প্ৰতিফলিত কৰে।
(চ). প্রকৃতিপ্রীতি, মানৱতাবোধ, অতীতৰ প্রতি শ্রদ্ধাশীল মনোভাব, প্রেম আৰু সৌন্দৰ্যৰ উপাসনা, ব্যক্তিগত বিষাদ,
অতীন্দ্রীয়বাদী
ভাৱধাৰা, সাধাৰণ প্ৰাণী বা পদাৰ্থৰ অসাধাৰণৰ স্বৰূপ আদি সকলোবোৰ ৰোমাণ্টিক যুগৰ কবিতাৰ
লক্ষণ। কবি চৌধাৰীৰ কবিতাত উক্ত লক্ষণসমূহৰ উপস্থিতি অনুসৰি তেওঁক আমি ৰোমাণ্টিক
কবি নাইবা ৰমন্যাসিক কবি বুলিব পাৰোঁ।
(ছ) কবি চৌধাৰীৰ কবিতাত পয়াৰ, দুলড়ী ছবি, মন্দাক্রান্তা, দুলড়ী ছবি মিশ্রিত
ছন্দৰ প্রয়োগ দেখা যায়। অলংকাৰৰ ক্ষেত্ৰত চৌধাৰীৰ কবিতাত
অনুপ্রাস, যমক, শ্লেষ, পমা, ব্যতিৰেক, উৎপ্রেক্ষা, সমাসোক্তি, সন্দেহ, আদি অলংকাৰৰ প্রয়োগ দেখা যায়। এক কথাত ক'বলৈ গ'লে চৌধাৰীৰ কবিতাত
মিত্ৰাক্ষৰ আৰু অমিত্রাক্ষৰ দুয়োটা ছন্দৰ ব্যৱহাৰ হৈছে। অলংকাৰৰ ক্ষেত্ৰতো
শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ দুয়োটাই দেখিবলৈ পোৱা গৈছে।
২। ৰঘুনাথ চৌধাৰীৰ 'অন্তিম জ্যোতি' কবিতাটি বিশ্লেষণাত্মক ভাবে
আলোকপাত কৰা।
উত্তৰঃ কবি ৰঘুনাথ চৌধাৰীৰ অন্তিম জ্যোতি' কবিতাটি ৰোমান্টিক
ধাৰাৰ এটি উৎকৃষ্ট চিত্ৰ ৰূপ। কবিতাটিত অতিন্দ্রীয় জগতৰ ৰহস্য ভেদ কৰিবলৈ প্ৰয়াস
কৰাৰ বৰ্ণনা দাঙি ধৰিব বিচাৰিছে। পৰমজনৰ লগত একাত্ম হ'ব বিচৰা এক গভীৰ অনুভূতি
বর্ণিত হৈছে। নেদেখাজনৰ ওচৰত মানুহৰ প্ৰাপ্য বিচাৰি একান্ত প্ৰাৰ্থনা কৰাৰ দৰে
বৰ্ণনা দাঙি ধৰিছে —
মৰম ভিখাৰী মই বিশ্ব-ভাণ্ডাৰত
খুজিছিলোঁ অন্তৰৰ
দান,
গৰল উদ্ভৱ হ'ল সিন্ধু মন্থনত
অমৃতৰ নাপালোঁ
সন্ধান।
সৃষ্টিকৰ্ত্তাৰ ওচৰত
কবিৰ একান্ত আহ্বান — মৰম বিচাৰি, অনুগ্রহ বিচাৰি তেওঁৰ ওচৰত একাত্ম হ'ব বিচাৰিছে। কিন্তু
যিমানেই গভীৰলৈ গৈছে, সিমানেই নিৰাশ হৈছে। যিদৰে দেৱতাসকলে সাগৰ মন্থন কৰি অমৃতৰ সন্ধান কৰিছে,
তাৰ ঠাইত গৰলহে
উদ্ভৱ হৈছিল। ঠিক তেনেদৰে কবিৰ হৃদয়ো নোপোৱাৰ বেদনাই শোকাহত কৰি তুলিছে। সংসাৰত
সুখ-শান্তি বিচাৰি থাকোতে কবিয়ে দুখৰ উপৰি দুখহে পাইছে।
হয়তো বহু
আশা-আকাংক্ষালৈ কবিয়ে জীৱন অতিবাহিত কৰিব বিচাৰিছে। কিন্তু সকলোবোৰ মিছা হ'ল। তাৰেই প্ৰকাশ
হৈছে তলৰ কবিতাশাৰীত-
উদ্দাম বাসনা ল'ই স্বর্ণমৃগ খেদি
সংসাৰত ভ্ৰমিলোঁ
কিমান,
দুর্জয় লালসা তেও নুগুচিল মোৰ
ব্যর্থ হ'ল লক্ষ্যভেদী বাণ।
অতি উৎসাহেৰে মনত
আশা লৈ ৰামচন্দ্ৰই স্বর্ণমৃগ খেদি যোৱাৰ দৰে কবিয়েও সংসাৰত সুখ ভোগ কৰিবলৈ বহু
কষ্টেৰে আগবাঢ়ি গৈছে, কিন্তু বিধিৰ বিধান সকলোবোৰ অসাৰ হ'ল। কবি নলিনীবালা দেৱীৰ উক্তিৰ "এই সংসাৰলৈ
বাৰে বাৰে আহিছো উভটি"। পৰমজনক লাভ কৰাৰ যি লক্ষ্য সেয়া ব্যর্থ হ'ল। যি উদ্দেশ্যেৰে
কবি আগবাঢ়িছিল সেয়া তেওঁৰ পূৰ্ণ নহ'ল। দুখৰ আতিশয্যত তেওঁ মর্মাহত। দুখৰ চকুলোৱে
তেওঁক আবেগবিহ্বল কৰি তুলিছে।
মর্মাহত ব্যথাহত দুর্বই জীৱন
আছে মোৰ আৱৰ্তত ঘূৰি,
স্পন্দনত তন্দ্ৰাতুৰ দুৰ্বল চিত্তৰ
জড়তাই নিছে সংজ্ঞা
হৰি।
সংসাৰ যাত্ৰাত কবিৰ
সকলো চিন্তা-চেতনাত আউল লাগিছিল আৰু মনৰ দুখবোৰে ব্যথাহত কৰি তুলিছিল। দেহৰ চেতনা
নাই, অলস আৰু সংজ্ঞাহীন হৈ পৰিছে কবিৰ আত্মীয়ৰ বিয়োগত। চাৰিওফালে অন্ধকাৰ,
কতো মুক্তিৰ বাট
বিচাৰি নাপায়। স্থবিৰতাই তেওঁক বাৰে বাৰে বাধা দিছে। বিধিব বিধানক কবিয়ে 'জড়তা' ৰূপে বর্ণনা কৰিছে।
জীৱন যাত্ৰাত সুকলমে আগবাঢ়ি যাব নোৱাৰাৰ বাবে কবিৰ হা-হুতাশ এক কৰুণ ৰূপত মূৰ্ত্ত
হৈ উঠিছে এইদৰে —
ব্যথাৰ সহস্র জ্বালা ব্যর্থতাৰ গ্লানি
বুকু পোৰা তপত উচ্ছ্বাস,
কোনেবা গুচাব মোৰ কোনেবা শুনিব
আৰব্যৰ স্বপ্ন উপন্যাস?
কাৰুণ্য আৰু
সংঘাতেৰে ভৰা জীৱনত কবিয়ে নীৰবে ব্যৰ্থতাৰ গ্লানি সহ্য কৰি গৈছে। মাতৃ, ভাতৃ আদি আপোনজনৰ
মৃত্যু, পিতৃৰ আহত মনৰ পৰিচয় আদিয়ে কবিক একুৰা জইন মাজত থকাৰ দৰে সহ্যাতীত কৰি
তুলিছিল। দুখৰ বোজা, ব্যৰ্থতাৰ গ্লানি কিমান সহ্য কবির। এই দুখৰ কাহিনী কোনে শুনিব, কাৰ পৰা সান্ত্বনা
পাব। আনে দেখাৰ দৰে তেওঁৱো দেখিছিল যৌৱনৰ সোণালী সপোন। কিন্তু সি আৰব্যৰ স্বপ্ন
উপন্যাসৰ দৰে মিছা হ'ল। জীৱনৰ অসহনীয় ঘাত-প্রতিঘাত, শাৰিৰীক অক্ষমতা, আদিয়ে কবিক 'ব্যথাৰ সহস্ৰজালা'
সহ্য কৰিবলৈ বাধ্য
কৰিছিল। শেষত পিতৃৰ বিয়োগত তেওঁ অকলশৰীয়া হোৱাত দুখেও হতাশ কৰি তুলিছিল।।
জীৱনৰ ধ্ৰুৱতাৰ মাৰ যাওঁ যাওঁ
অনন্তৰ অন্তিম বুকুত,
পৰম আনন্দ ৰূপ ধ্ৰুৱ জ্যোতিকণা
নাপাম নে আৰু সি
লোকত?
বহুমূলীয়া জীৱনৰ
আশা-আকাংক্ষা পূৰ্ণ হোৱাৰ কোনো আশা নাই। চাৰিওফালে হতাশাই আগুৰি আছে। এই জীৱনৰ
পূৰ্ণতা নাহিল, পৰজনমত বাৰু সেই সুখ আশা লাভ কৰিব পাৰিবনে তাকেই তেওঁ প্ৰকাশ কৰিছে। অকণমান
পোহৰ আৰু সুখ পিছৰ জন্মত পোৱাৰ আশাৰে কবিতাটিৰ বক্তব্য শেষ হৈছে। কবিৰ জীৱনৰ প্ৰতি
অহা চৰম বৈৰাগ্যই আঘাতপ্রাপ্ত কবি তুলিছে। এই জনমত কতো আৰু সুখ বা পূর্ণতা
প্রাপ্তিৰ আশা নাই। সেয়ে তেওঁ পিছৰ জন্মলৈ আশাৰে বাট চাইছে।
কবিতাটিত
জন্ম-জন্মান্তৰবাদৰ কথা বৰ্ণনা কৰিছে। পৰমজনৰ সৃষ্টিতত্বৰ লগত মানুহৰ হা- হতাশৰ
সম্পৰ্কৰ কথাও বর্ণনা কৰিছে। গোটেই কবিতাটিত বিষাদ-বেদনাৰে ভৰা, হতাশ এগৰাকী অতৃপ্ত
মানুহৰ চিত্ৰ প্ৰতিফলিত হৈছে। 'স্বর্ণমৃগ', 'স্বপ্ন উপন্যাস' আদি প্রতীকেৰে এখন
ৰহস্যভৰা জগতৰো ছবি দাঙি ধৰিছে।
৩। ৰঘুনাথ চৌধাৰীৰ 'অন্তিম জ্যোতি' কবিতাটিৰ কাব্যিক সৌন্দর্য
বিচাৰ কৰা।
উত্তৰঃ কবিতাই মানুহৰ মনত সৌন্দর্যবোধৰ সৃষ্টি কৰে আৰু
মানুহক আনন্দ প্রদান করে। নির্ভৰ কৰে। কবিতাৰ ভাষা, ভাব, শব্দ, ছন্দ, অলংকাৰ, প্রতীক সকলোৰে নিজ
নিজভারে সৌন্দর্য প্রকাশত অৰিহণা যোগায়। এই সকলোকে একেলগে আমি কাব্যিক সৌন্দর্য
বুলি কোৱা হয়। কল্পনা আৰু অনুভূতিৰ সংমিশ্রণত কবিতাৰ সৃষ্টি হয়। অন্তিম জ্যোতি
কবিতাটোর কাব্যিক সৌন্দর্য বিচাৰ কৰোঁতেও কবিতাটিৰ ভিন্ন উপাদানসমূহ চালি-জাৰি
চাবলৈ যত্ন কৰা হ'ল —-
(ক) শব্দঃ কবিতাৰ ভাষা সহজ-সৰল
হ'ব লাগে যদিও ই উপযুক্তভাৱে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব লাগিব। পুনৰ ভাৱক
স্পষ্টৰূপত প্ৰকাশ কৰি পাঠকৰ মাজলৈ আগবঢ়াবৰ বাবে কবিৰ শব্দচয়ন হ'ব লাগিব বিষয়ৰ
উপযোগী। শব্দৰ ব্যৱহাৰত মিতব্যয়িতা আৰু নিৰ্বাচনত দক্ষতা থাকিলে কবিতা অধিক মোহনীয়
হয়। হৃদয়ক চুই যাব পাৰে। উচ্চাৰণ কৰিব নোৱৰা, দাঁতভঙা শব্দৰ সমষ্টিয়েই
কবিতা নহয়। কবিতাৰ শব্দ সম্পর্কে ইয়াত 'ৰঘুনাথ চৌধাৰীৰ কাব্যবিচাৰ' গ্রন্থৰ পৰা কিছু
কথা তুলি দিব পাৰি- "দৰাচলতে কবিতা হ'ল শব্দৰেই অভিনর শৈল্পিক উপস্থাপন। অনুভূতি আৰু
আৱেগৰ দীপ্তি কবিতাত প্রকাশিত হয় শব্দৰ আধাৰত। কবিতাৰ সৈতে বোধ, অনুভূতি, আৱেগ আৰু কল্পনা
জড়িত হৈ থাকে। সেইকাৰণে কবিতাৰ সমস্ত উপাদানক সজীৱ আৰু প্ৰাণৱন্ত কৰি তোলাৰ বাবে
কবিতাত ব্যৱহৃত শব্দ আৰু কাব্যযথোচিত হোৱা বাঞ্ছনীয়।"
ৰঘুনাথ চৌধাৰীৰ
কবিতাৰ শব্দচয়ন অতি সুন্দৰ। প্ৰকৃতি সম্পর্কীয় কবিতা, বিষাদ সম্পর্কীয় কবিতা,
দার্শনিক ভারসম্পন্ন
কবিতাসমূহৰ বিষয় অনুযায়ী শব্দৰ ব্যৱহাৰ হৈছে। পূর্বোল্লিখিত তেওঁৰ কবিতাৰ
বৈশিষ্ট্যৰ মাজত শব্দ সম্পৰ্কীয় এটি বৈশিষ্ট্য সন্নিৱিষ্ট হৈছে। তেওঁৰ কবিতাত তৎসম,
তদ্ভৱ শব্দৰ পয়োভৰ
লক্ষ্য কৰা যায়। ইয়াৰ লগতে আৰবী, ফাৰ্চী শব্দৰ সুন্দৰ সামঞ্জস্য, ঘৰুৱা শব্দ আৰু
জতুৱা ঠাচৰ ব্যৱহাৰ লক্ষণীয়। 'অন্তিম জ্যোতি' কবিতাটিৰ মাজতো এনে ধৰণৰ
শব্দৰ ব্যৱহাৰ দেখা গৈছে।
(খ) তৎসম শব্দঃ সংস্কৃত শব্দৰ
অবিকৃত শব্দসমূহকে তৎসম শব্দ বোলা হয়। উচ্চাৰণৰ ফালৰ পৰা অসমীয়া ভাষাত তৎসম শব্দ
নাই যদিও বানানৰ দিশৰ পৰা সংস্কৃতৰ অবিকৃত ৰূপ ব্যৱহাৰ কৰাৰ বাবেই এই শব্দবোৰক
তৎসম শব্দ বোলে। ৰঘুনাথ চৌধাৰীয়ে সংস্কৃত ভাষা আৰু সাহিত্যৰ অধ্যয়ন কৰিছিল বাবেই
তেওঁৰ কবিতাত তৎসম শব্দৰ ব্যৱহাৰ আছে। 'অন্তিম জ্যোতি' কবিতাটিত প্রথম শাৰীৰ পৰা
শেষৰ শাৰীলৈকে বহুকেইটা তৎসম শব্দৰ ব্যৱহাৰ হৈছে। তেনে কিছু শব্দৰ উদাহৰণ হ'ল- সিন্ধু-মন্থন,
স্বর্ণ-মৃগ, ব্যথা, স্পন্দন, সহস্র, তন্দ্ৰাতুৰ, স্বপ্ন, ধ্রুব, জ্যোতি ইত্যাদি।
এই শব্দসমূহৰ মাজৰ
দুটামান শব্দক সংযুক্ত শব্দ বুলিও ক'ব পাৰি। সংযুক্ত শব্দৰ ক্ষেত্ৰত তৎসম শব্দৰ লগত
তৎসম শব্দহে যোগ বা ব্যৱহাৰ হ'ব পাৰে। ইয়াত দেখা গৈছে যে সিন্ধু আৰু মন্থন
দুয়োটা তৎসম শব্দ একেলগে 'সিন্ধু-মন্থন' ৰূপে ব্যৱহাৰ হৈছে। একেদৰে 'স্বর্ণ' আৰু 'মৃগ' একেলগে 'স্বর্ণ-মৃগ' হিচাপে কবিতাটিত
ব্যৱহাৰ হৈছে।
(গ) ঘৰুৱা শব্দঃ কবি চৌধাৰীৰ 'অন্তিম জ্যোতি'ত ঘৰুৱা শব্দৰ
ব্যৱহাৰো দেখা গৈছে। তৎসম শব্দৰ লগতে ঘৰুৱা শব্দৰ ব্যৱহাৰে কবিতাটি অধিক সুখপাঠ্য
কৰি তুলিছে। লই, মৰম, বাণ, বুকু, পোৰা, মাৰ, পৰম ইত্যাদি ঘৰুৱা শব্দৰ ব্যৱহাৰ কবিতাটোত হৈছে।
উপৰি উক্ত শব্দৰ
উপৰি অর্ধ-তৎসম শব্দ- 'তপত', 'ভিক্ষাৰী' আদি তদ্ভৱ শব্দৰ প্ৰয়োগো ইয়াত দেখা গৈছে।
(ঘ) অলংকাৰঃ অলংকাৰে দেহৰ
সৌন্দৰ্য বঢ়ায়। মানৱৰ শৰীৰত যেনেদৰে অলংকাৰে সৌন্দর্য বৃদ্ধি কৰে তেনেদৰে কবিৰ
দ্বাৰা প্ৰয়োগ কৰা অলংকাৰে কাব্যৰ সৌন্দৰ্য বৃদ্ধি কৰে। অলংকাৰে কাব্যৰ সৌন্দৰ্য
বৃদ্ধি কৰাৰ লগতে তাৰ অৰ্থক অধিক স্পষ্টৰূপে প্রতিফলিত কৰে। 'অলম' শব্দই 'পর্যাপ্তি' অর্থ বুজায়। যি ধৰণে
কথা ক'লে শুনোতা বা পঢ়োতাই বিষয়ৰ পৰ্যাপ্ত অর্থ বুজি উঠে, সেই ধৰণে কোৱা বা লিখাৰ
ভংগীয়ে অলংকাৰ। অলংকাৰ দুবিধ - শব্দালংকাৰ আৰু অৰ্থালংকাৰ। কবি চৌধাৰীৰ কবিতাত
দুয়োবিধ অলংকাৰৰেই প্ৰয়োগ আছে। তেওঁৰ 'অন্তিম জ্যোতি' কবিতাটিতো শব্দালংকাৰৰ
প্ৰয়োগ লক্ষণীয়। 'অন্তিম জ্যোতি' কবিতাটিত অনুপ্রাস অলংকাৰৰ ব্যৱহাৰে কবিতাটিৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। অনুপ্রাস
অলংকাৰৰ এটা অন্যতম ভাগ হৈছে অন্ত্যনুপ্রাস। এই অলংকাৰত কবিতাৰ স্তৱকত শেষ ধ্বনিৰ
পুৰনাবৃত্তি হয় —
"মৰ্ম্মাহত ব্যথাহত দুর্ব্বহ জীৱন
আছে মোহ আৱৰ্ত্তত
ঘূৰি,
স্পন্দনত তন্দ্ৰাতুৰ দুৰ্ব্বল চিত্তৰ
জড়তাই নিছে সংজ্ঞা
হৰি।"
'অন্তিম জ্যোতি'
কবিতাটিৰ প্ৰতিটো
স্তৱকতে উক্ত স্তৱকটিৰ দৰে দ্বিতীয় শাৰী আৰু চতুৰ্থ শাৰীৰ অন্তিম ধ্বনিৰ
পুনৰাবৃত্তি দেখা গৈছে।
'অন্তিম জ্যোতি' কবিতাটিত 'ৰূপক' অলংকাৰৰ প্ৰয়োগো
চকুত পৰিছে। 'ৰূপক' একপ্ৰকাৰৰ অর্থালংকাৰ। "অতিসাদৃশ্য হেতুকে উপমেয়ৰ ওপৰত উপমানক আৰোপ কৰাকে
ৰূপক বোলে"। 'অন্তিম জ্যোতি' কবিতাটিত 'মানৱৰ জীৱন প্ৰাণবায়ু আৰু উজ্বলি থকা ধ্রুৱতৰাক প্রভেদ ৰূপত কবিয়ে কল্পনা কৰি
'জীৱনৰ ধ্ৰুৱতৰা মাৰ যাওঁ যাওঁ' কবিতাশাৰী অৱতাৰণা কৰিছে।
(ঙ) প্রতীকঃ সাহিত্যত প্রাচীন
কালৰে প্রতীকৰ ব্যৱহাৰ হৈ আহিছে যদিও ঊনবিংশ শতিকাত ফ্রান্সত প্রতীকবাদী আন্দোলনটি
সূত্রপাত হোৱাৰ লগে লগে ৰোমাণ্টিক কবিতা নাইবা আধুনিক কবিতাত প্রতীকৰ ব্যৱহাৰৰ
প্ৰসংগ অধিক উত্থাপন হ'বলৈ ধৰিলে। এই কাব্য আন্দোলন সৃষ্টিৰ পূৰ্বেও ভাৰতীয় সাহিত্যত প্রতীকৰ ব্যৱহাৰ
আছিল। প্রতীকৰ অৰ্থ হ'ল চিহ্ন। এই প্রতীকক তিনিভাগত ভগাব পাৰি- প্রথাগত, বিশ্বজনীন আৰু ব্যক্তিগত।
কবিয়ে নিজৰ কাব্যত তিনিও প্ৰকাৰৰ প্রতীক প্রয়োগ কৰে। প্রথাগত আৰু বিশ্বজনীন
প্রতীকতকৈ ব্যক্তিগত প্রতীক বুজি পোৱা জটিল। কবিতাৰ ক্ষেত্ৰখনত কবিৰ ব্যক্তিগত
স্বাধীনতা থাকে। ব্যক্তিগত স্বাধীনতাৰ বাবেই কবিৰ কাব্যত ব্যক্তিগত প্রতীকৰো
সৃষ্টি হয়।
কবি চৌধাৰীৰ কবিতাত প্ৰতিটো
উপাদানেই কম-বেছি পৰিমাণে আছে, কিন্তু 'অন্তিম জোতি' কবিতাটিত 'প্রথাগত প্রতীকৰ
ব্যৱহাৰ স্পষ্টৰূপত প্রতিফলিত হৈছে। কবি ভাৰতীয় দর্শন, ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ দ্বাৰা
প্ৰভাৱিত। কবিতাৰ প্ৰথম স্তৱকতেই প্রতীকৰ বেহাৰ লক্ষণীয়। কবিয়ে কবিতাটিৰ তৃতীয়
শাৰী “গৰল উদ্ভৱ হ'ল সিন্ধু মন্থন'ত 'গৰল', 'সিন্ধু মন্থন' দুয়োটা শব্দকে প্রতীক হিচাপে ব্যৱহাৰ কৰিছে। দেৱতা আৰু অসুৰে মিলি অমৃতৰ বাবে
সমুদ্র মন্থন কৰোঁতে প্রথমেই বিষ অর্থাৎ গৰলহে লাভ কৰিছিল। কবিয়েও ব্যক্তিগত জীবনত
সুখৰ সন্ধান কৰোঁতে গৰলৰূপী দুখহে লাভ কৰিছে।
তেনেদৰে কবিয়ে
দ্বিতীয় স্তৱকত পুনৰ 'স্বর্ণ-মৃগ' আৰু 'লক্ষ্যভেদী বাণ'ৰ কথা উল্লেখ কৰিছে। ৰামায়ণ মহাকাব্যৰ প্রলোভন আৰু লালসাৰ প্রতীক। সেই সোণৰ
হৰিণৰ ছালৰ চিক্মিকনিবোৰ মানুহৰ হেঁপাহ আৰু আশা। স্বর্ণ মৃগৰ প্রলোভনত ভোল গৈয়ে
সীতা ৰাৱণৰ হাতত বন্দী হ'বলগীয়া হৈছিল। 'ব্যর্থ হোৱা লক্ষ্যভেদী
বাণে' দশৰথৰ অধিক আত্মবিশ্বাসে অহংকাৰৰ ৰূপ লোৱাৰ কথালৈ মনত পেলাই দিয়ে। উদ্দেশ্য
আৰু লক্ষ্যক ভেদ কৰিব নোৱৰা ব্যর্থ বাণে ৰঘুবংশীয় ৰজা দশৰথৰ জীৱনলৈও মৃত্যু কঢ়িয়াই
আনিছিল। কবিয়েও একেদবে হয়তো কোনো ঠাইত ইন্দ্রিয়জ কামনা-বাসনা, লালসাৰ দ্বাৰা
সম্পৃক্ত হৈ দশৰথৰ বাণৰ দৰেই লক্ষ্যভ্রষ্ট হৈছে, যাৰ বাবে তেওঁ সমগ্ৰ জীৱন
যন্ত্রণাক্লিষ্ট হৈ পৰিছে।
ইয়াৰ উপৰি চতুৰ্থ
স্তৱকৰ চতুৰ্থ শাৰীত তেওঁ 'আৰব্যৰ স্বপ্ন উপন্যাস'ৰ কথা কৈছে। আৰবীয় উপন্যাসৰ
সীমাহীন কল্পনা আৰৱৰ মৰুপ্ৰাপ্তিৰ মৰিচীকাৰ দৰেই। কবি যি আৰব্য উপন্যাসৰ নায়ক,
তাতো কবিৰ সুখৰ
কল্পনা আৰৱৰ মৰিচীকা খেদি ফুৰাৰ কাৰ্যৰ দৰেই। সুখৰ মৰিচীকা খেদি ফুৰা, পিয়াহত আতুৰ কবি
চৌধাৰীয়ে 'আৰবীয় উপন্যাস'কো প্রতীকী ৰূপত উপস্থাপন কৰিছে।
(চ) ছন্দঃ ছন্দ কবিতাৰ এক
অন্যতম উপাদান। ছন্দই কবিতাক এক অনন্য সৌন্দর্য প্রদান কৰে। কবিতাৰ ক্ষেত্ৰত ছন্দৰ
প্রয়োজনীয় কোনেও নুই কৰিব নোৱাৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আধুনিক কবিসকলৰ ছন্দৰ
ক্ষেত্ৰত পছন্দৰ পৰিৱৰ্তন হৈছে যদিও ছন্দৰ ব্যৱহাৰ নকৰাকৈ থকা নাই। জনচনৰ মতে,
"কবিতা ছন্দোবদ্ধ ৰচনা । আচলতে ছন্দই কবিতাক সংযত, সুপৰিচিত, লয়যুক্ত গতি প্রদান
কৰে। ছন্দ দুই প্ৰকাৰৰ- মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্রাক্ষৰ ছন্দ। ৰঘুনাথ চৌধাৰীৰ
কবিতাত পদ, পয়াৰ, দুলড়ী, ছবি, মন্তাক্রান্তা, অমিত্রাক্ষৰ ছন্দ আদিৰ ব্যৱহাৰ চকুত পৰে। কিন্তু তেওঁৰ 'অন্তিম জ্যোতি' কবিতাটোত এক 'মিশ্রিত' ছন্দৰহে ব্যৱহাৰ
দেখা গৈছে —-
"ব্যথাৰ সহস্ৰজ্বালা / ব্যৰ্থতাৰ গ্লানি/ ৮ + ৬
বুকু পোৰা তপত
উচ্ছাস // ১০
কোনেবা গুচাব মোৰ / কোনেবা শুনিব/ ৮+৬
আৰব্যৰ স্বপ্ন
উপন্যাস?// ১০"
আমি জানো যে ত্রিপদী
ছন্দসজ্জাৰ ভিতৰত 'দুলড়ী' ছন্দ ছন্দ সজ্জা এনেধৰণৰ ৬+৬+৮ আৰু ছবি ছন্দৰ ছন্দসজ্জা হ'ল-৮+৮+১০। কিন্তু
আমি 'অন্তিম জ্যোতি' কবিতাটিৰ প্ৰতিটো স্তৱকৰ প্ৰথম চৰণৰ প্ৰথম পর্বত ৮টাকৈ আৰু দ্বিতীয় পর্বত
৬টাকৈ আৰু দ্বিতীয় চৰণত ১০টাকৈ অক্ষৰ সংখ্যা দেখিবলৈ পাইছোঁ। একোটা স্তৱকৰ দ্বিতীয়
আৰু চতুৰ্থ পদান্তমিলো চকুত পৰিছে। এই ছন্দত কবিয়ে পৰীক্ষামূলকভাৱে গ্ৰহণ কৰিছে।
আধুনিক কবিসকলৰ মাজত আনন্দচন্দ্ৰ আগৰৱালা, দণ্ডিনাথ কলিতা, ৰঘুনাথ চৌধাৰী, নলিনীবালা দেৱী
সকলোৱে এনে ছন্দৰ ব্যৱহাৰ কৰিছে। এই ছন্দত ছবি ছন্দৰ দ্বিতীয় পৰ্বৰ দুই মাত্রা
কমাই দিয়া হয় বাবে ইয়াক হ্রস্ব ছবি বুলিও ক'ব পৰা যায় নাইবা ইয়াৰ প্ৰথম
চৰণৰ দ্বিতীয় পর্বত ৬টাকৈ অক্ষৰ থকা বাবে ইয়াক দুলড়ী আৰু ছবিৰ মিশ্রিত ছন্দ বুলিবও
পাৰিব। কবি ৰঘুনাথ চৌধাৰীৰ কেইবাটাও কবিতাত এই ছন্দ প্রয়োগ কৰা হৈছে আৰু কাব্যিক
সৌন্দৰ্যৰ বৃদ্ধিত অৰিহণা আগবঢ়াইছে। কবিৰ এনেধৰণৰ আন কেইটিমান কবিতা হ'ল- ভিক্ষা, গছৰ পাত, আকাংক্ষা, পুঁৱতি তৰা, অঞ্জলি, ফুলশয্যা ইত্যাদি।
উপসংহাৰঃ ৰঘুনাথ চৌধাৰীৰ 'দহিকতৰা' কাব্যপুথিৰ অন্তৰ্গত
'অন্তিম জ্যোতি' এটি মধ্যমীয়া দৈর্ঘ্যৰ কবিতা। কবিতাটি কবিৰ ব্যক্তিগত জীৱনৰ পটভূমিত ৰচিত হ'লেও কবিৰ অনুভৱ
সার্বজনীনতা লাভ কৰাত সফল হৈছে। প্রতিভাৱান কবি চৌধাৰীৰ শব্দ, ভাষা, উপস্থাপন শৈলীয়ে
কবিতাটোক পাঠকৰ ওচৰ চপাই আনিছে। ৰোমাণ্টিক বা ৰমন্যাসিক যুগৰ পৰাই কাব্যচর্চাত
গভীৰভাৱে মগ্ন হোৱা ৰঘুনাথ চৌধাৰীৰ কবিতাৰ বিশেষত্ব এয়াই যে নিজ জীৱনৰ
যন্ত্রণাসমূহক অতিক্রম কৰি জীৱন গঢ়াৰ সাধনা অব্যাহত ৰাখি তাত জয়লাভ কৰাৰ সমগ্র
ছবিখন স্পষ্টকৈ ফুটি উঠে। কবিৰ এই দিশটো পৰৱৰ্তীকালৰ প্ৰতিজন পাঠকৰ বাবে
অনুপ্ৰেৰণা। কবি পাশ্চাত্য ৰোমাণ্টিক আন্দোলনৰ দ্বাৰা প্ৰভাৱিত যদিও নিজ ঐতিহ্য
পৰম্পৰাৰ প্ৰতি সদায়ে শ্রদ্ধাশীল। প্ৰৱন্ধটিত আলোচিত তেওঁৰ কবিতাৰ বিশেষত্বসমূহৰ
প্রকাশ যে কেৱল 'অন্তিম জ্যোতি' আৰু এনেধৰণৰ কবিতাতহে হৈছে এনে নহয়। প্ৰকৃতিৰ বৰ্ণনা কৰি থকা কবিয়েও প্ৰকৃতিৰ
মাজতো এক দৈৱিক আকর্ষণ অনুভৱ কৰিছিল। প্ৰকৃততে কবিৰ বাবে প্ৰকৃতিয়েই আছিল ঈশ্বৰ।
জীৱনৰ অসীম যন্ত্রণাক তেওঁ এই আধ্যাত্মিক চিন্তাৰেই লাঘৱ কৰিব পাৰিছিল।
'চৌধাৰীৰ 'অন্তিম জ্যোতি'
কবিতাটিত লুকাই থকা
গূঢ়ার্থতো আধ্যাত্মিকতা ফুটি উঠিছে। এগৰাকী সফল ৰমন্যাসিক কবি চৌধাৰীৰ অন্যতম
সার্থক কবিতা 'অন্তিম জ্যোতি'য়ে বহন কৰা ভাবার্থ, পটভূমি, বিষয়বস্তু, কাব্যিক সৌন্দর্য সম্পর্কে
যিসমূহ বিশ্লেষণ আগবঢ়োৱা হৈছে, তাৰ মাজতো পৰৱৰ্তী সময়ত বিশ্লেষণৰ প্ৰয়োজনীয়তা
থাকিব পাৰে।
৪। কবি ৰঘুনাথ চৌধাৰীৰ কবিতাৰ সৌন্দৰ্য বিচাৰ কৰা।
উত্তৰঃ কবিতাৰ সৌন্দৰ্য-বিচাৰৰ ক্ষেত্ৰত ছন্দৰ গুৰুত্ব
অপৰিসীম। কবিতাৰ অন্তৰ সৌন্দৰ্যৰ লগতে দেহবিচাৰো অপৰিহাৰ্য বাবেই ছন্দৰ গুৰুত্ব
অপৰিসীম। বিশেষতঃ অনুপ্রাস আদি শব্দালংকাৰৰ দৰে ছন্দই কবিতাক গীতি মাধুর্যৰে
সুষমামণ্ডিত কৰি তোলে। তদুপৰি ছন্দই কবিতাক স্মৰণযোগ্যও কৰি তোলে। সেয়ে, অসমীয়া ৰোমাণ্টিক
কবিসকলে কবিতাৰ দেহ- সৌষ্ঠৱ বৃদ্ধি আৰু স্মৰণযোগ্য কৰি তোলাৰ বাবে ছন্দসজ্জাৰ ওপৰত
অধিক গুৰুত্ব দিছিল।
ৰঘুনাথ চৌধাৰীৰ
কবিতা পাঠকৰ বাবে অনুভাব্য আৰু স্মৰণীয় হৈ উঠাৰ অন্যতম কাৰণ ছন্দৰ যথোচিত প্রয়োগ।
চৌধাৰীয়ে প্ৰয়োগ কৰা ছন্দসমূহ হ'ল: পদ বা পয়াৰ ত্রিপদীৰ দুলড়ী, আৰু অমিত্রাক্ষৰ
ছন্দ আদি। অন্ত্যমিল চৌধাৰীৰ কবিতাৰ অন্যতম প্রধান বিশেষত্ব।
ৰঘুনাথ চৌধাৰীৰ
কাব্যত অন্ত্যমিল প্রায়েই লক্ষ্য কৰা যায়। যথার্থ মিল তেওঁৰ কবিতাৰ সাধাৰণ
ছন্দৰূপ। চৌধাৰীৰ বেছিভাগ কবিতাত পদ বা পয়াৰ ছন্দৰ উপস্থিতি লক্ষ্য কৰা যায়।
সাধাৰণতে পদ বা পয়াৰ ছন্দৰ ৰূপ দুটা: লঘু দ্বিপদী বা হ্রস্ব পয়াৰ আৰু দীর্ঘ পয়াৰ।
অত্যধিক
কল্পনা-বিলাসী ৰোমাণ্টিক কবিসকলক মিত্ৰাক্ষৰ ছন্দই তেওঁলোকৰ ভাব-তৰংগক মুক্তি দিব
পৰা নাছিল। মিত্রাক্ষৰ ছন্দত ভাবে গগনবিহাৰী বিহংগৰ দৰে অবাধ স্বাধীনতাকে উৰিব
নোৱাৰে। ছন্দৰ বন্ধনত বন্দী হৈ থাকিবলগীয়া হোৱা বাবে কবি অন্তৰৰ ভাব-ব্যাকুলতাৰ
বাধাহীন আৰু সুন্দৰ প্ৰকাশ সদায়েই সম্ভৱ হৈ উঠা নাছিল। এনে ছন্দ বন্ধনৰ পৰা
মুক্তিব প্রয়াসতেই সৃষ্টি হৈছিল অমিত্রাক্ষৰ ছন্দৰ। অমিত্রাক্ষৰ ছন্দ সজ্জাত
কবিতাৰ আংশিক ছন্দ বন্ধনৰ মুক্তিহে সম্ভৱ হয়। সেয়ে কবিতাৰ সম্পূৰ্ণ ছন্দ বন্ধন
মুক্তিৰ বাবে আধুনিক অসমীয়া কবিসকলে ইংৰাজী Free verseৰ অনুকৰণত সৃষ্টি কৰি লৈছে
সম্পূর্ণ ছন্দ-বন্ধনমুক্ত এবিধ ছন্দ সজ্জা। এই নতুন ছন্দ-সজ্জাৰ নামেই মুক্তক
ছন্দ। এই ছন্দ সজ্জাৰ প্ৰাণ হ'ল ধ্বনিৰ প্রবহমান স্পন্দন বৈচিত্র্য আৰু মুক্ত
গতি। যুদ্ধোত্তৰ যুগৰ নতুন কবিতাত এই ছন্দ ৰীতিয়েই প্রধান আৰু একক প্রায় ছন্দৰূপে
স্থিতি লাভ কৰিছে।
এই নতুন ছন্দ ৰীতিৰ
প্ৰতি আকর্ষিত হৈয়েই কবি চৌধাৰীয়েও ষাঠিৰ দশকত তেওঁৰ একাধিক কবিতাত এই ছন্দ প্ৰয়োগ
কৰিছে।
অসমীয়া
ছন্দ-বৈচিত্র্যৰ ধাৰাত ৰঘুনাথ চৌধাৰী আছিল সৃষ্টিকাৰী আৰু ঐতিহ্যানুসাৰী।
ব্যঞ্জনাৰ উপৰি ধ্বনি-মাধুৰ্যৰ প্ৰতিও আছিল তেওঁ অতি সচেতন। সেয়ে, বাৰেবৰণীয়া
ছন্দসজ্জাবে তেওঁ পূর্ণ কৰি ৰাখিছিল নিজস্ব কাব্য পৰিমণ্ডল।
ৰঘুনাথ চৌধাৰীয়ে
আপোন অন্তৰৰ ভাবানুভূতি প্রকাশৰ বাবে বিবিধ অলংকাৰৰ আশ্রয় লৈছে। বিভিন্ন অলংকাৰৰ
প্ৰয়োগে তেওঁৰ কবিতাক সুষমামণ্ডিত, বর্ণোজ্জ্বল আৰু হৃদয়সংবাদী কৰি তুলিছে। অলংকাৰৰ
চমৎকাৰিত্বই কবি চৌধাৰীৰ কবিতাক কৰি তুলিছে ৰূপ আৰু ৰস-মাধুৰ্যৰ আকৰ।
চৌধাৰীৰ কবিতাত
সচৰাচৰ ব্যৱহাৰ হোৱা অলংকাৰসমূহ হ'ল- অনুপ্রাস, উপমা, উৎপেক্ষা, সমাসোক্তি, সন্দেহ প্রভৃতি।
ব্যতিক্রমী দুই-এটি কবিতাৰ বাহিৰে কবি প্রযুক্ত অলংকাৰসমূহে তেওঁৰ কবিতাক
ভাৰাক্ৰান্ত কৰি তোলা নাই। বৰং অলংকাৰে কবিতাৰ দেহত গতি সঞ্চাৰ কৰি কবিতাক চলমান
কৰি তুলিছে আৰু পাঠকৰ অন্তৰত ৰসসঞ্চাৰ কৰিবলৈ সমৰ্থ হৈছে।
কবি চৌধাৰী ছন্দ
প্ৰয়োগৰ দৰেই অলংকাৰ প্ৰয়োেগতো আছিল সুদক্ষ আৰু সতর্ক। তেওঁ অলংকাৰ প্ৰয়োগৰ
ক্ষেত্ৰত যথাসম্ভৱ অলংকাৰশ্ৰাস্ত্ৰৱদ্ধ নিয়ম-নীতি মানি চলিছিল আৰু অলংকাৰৰ দ্বাৰা
কবিতাৰ তাৎপর্য আৰু লাৱণ্য বঢ়াই তোলাৰ পক্ষপাতী আছিল। সামগ্রিক বিচাৰত অলংকাৰৰ
বৰ্ণ-বৈচিত্র্যই চৌধাৰীৰ কাব্যক নান্দনিক সৌন্দর্য প্রদান কৰিছে আৰু সিয়েই
নিঃসন্দেহে পাঠকীয় আবেদন বৃদ্ধিতো সহায় কৰিছে।
Important Question Answer
(For Paid User)
Join our membership Plan
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)