GU BA 2nd Sem

Assamese

Chapter 3 Question Answer

ৰজনীকান্ত বৰদলৈঃ 'মিৰি জীয়ৰী'

▶▶ অতি চমু প্রশ্নোত্তৰঃ

১। কোনগৰাকী অসমীয়া ঔপন্যাসিকক 'উপন্যাস সম্রাট', 'অসমীয়া স্কট' আদি নামেৰে অভিহিত কৰা হৈছে?

উত্তৰঃ ৰজনীকান্ত বৰদলৈক

২। ৰজনীকান্ত বৰদলৈৰ উপন্যাসত কাৰ কাৰ উপন্যাসৰ প্ৰভাৱ আছে বুলি কোৱা হয়

উত্তৰঃ ৰজনীকান্ত বৰদলৈৰ উপন্যাসত ৱাল্টাৰ স্কট আৰু বঙ্কিমচন্দ্ৰৰ প্ৰভাৱ আছে বুলি কোৱা হয়

৩। ড° সত্যেন্দ্ৰনাথ শৰ্মাই ৰজনীকান্ত বৰদলৈৰ কোনখন উপন্যাসক "সোৱণশিৰিৰ বালিৰপৰা বুটলি অনা এচপৰা কেঁচা সোণ" বুলি অভিহিত কৰিছে?

উত্তৰঃ ° সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাত - "মিৰি-জীয়াৰী সোৱণশিৰিৰ বালিৰপৰা বুটলি অনা এচপৰা কেঁচা সোণ।"

৪। মিৰিসকলৰ শ্রেষ্ঠ দেৱতাজন কোন?

উত্তৰঃ কার্চিং কার্টান মিৰিসকলৰ শ্ৰেষ্ঠ দেৱতা

৫। মিৰি-জীয়ৰীৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ মানৱপ্রেম মিৰি-জীয়ৰীৰ প্ৰধান উদ্দেশ্য

৬। মিৰি-জীয়ৰীত মিচিং সমাজৰ প্ৰধানকৈ কোনটো উৎসৱটোৰ বৰ্ণনা পোৱা যায়?

উত্তৰঃ মিৰি-জীয়ৰীত মিচিং সমাজৰ নৰাচিগা বিহু উৎসৱটোৰ বৰ্ণনা পোৱা যায়

▶▶ চমু প্রশ্নোত্তৰঃ

১। ৰজনীকান্ত বৰদলৈয়ে সর্বমুঠ কেইখন উপন্যাস ৰচনা কৰিছিল? উপন্যাস কেইখনৰ নাম লিখা

উত্তৰঃ ৰজনীকান্ত বৰদলৈয়ে তেওঁৰ সাহিত্যিক জীৱনত সর্বমুঠ ৯খন উপন্যাস ৰচনা কৰিছে - মিৰি-জীয়ৰী (১৮৯৫), মনোমতী (১৯০০), দন্দুৱা দ্রোহ (১৯০৯), ৰঙ্গিলী (১৯২৫), নির্মল ভকত (১৯২৬), তাম্ৰেশ্বৰী মন্দিৰ (১৯২৬), ৰাধা-ৰুক্মিণীৰ ৰণ (১৯২৫), ৰহদৈ লিগিৰী (১৯৩০) আৰু খাম্বা-থুইবীৰ সাধু (১৯৩২)। ইয়াবে প্ৰথমখনৰ বিষয়বস্তু সামাজিক আৰু শেষৰখন এটি মণিপুৰী আখ্যানৰ অনুবাদ। আনহাতে বাকী ৭ খনৰ বিষয়বস্তু ঐতিহাসিক


▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ


১। মিৰি-জীয়ৰী উপন্যাসৰ কাহিনীভাগৰ চমু আলোচনা কৰা

উত্তৰঃ মিৰি-জীয়ৰী উপন্যাসখনৰ কাহিনী ভাগ এনেধৰণৰ মিৰি বা মিচিংসকলে প্রথমতে পর্বতত বসবাস কৰিছিল যদিও পিছত সোৱণশিৰী নদীৰ পাৰত ভৈয়ামৰ সমাজ সংস্কৃতি গ্রহণ কৰি গাঁও পাতি বসবাস কৰিবলৈ ধৰিলে। সোৱণশিৰীৰ লগত তেওঁলোকৰ এৰাব নোৱৰা সম্পর্ক। সোৱণশিৰীক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ জীৱন গঢ়ি উঠে। মিৰি- জীয়ৰীউপন্যাসৰ কাহিনীভাগ সোৱণশিবীক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে। জংকি আৰু পানেই বুজা নুবুজাৰ বয়সতেই এজনে আনজনৰ প্রতি আকর্ষণ অনুভৱ কৰিছিল। ভূঁইতলীত টকা বজাই চৰাই খেদি থাকোঁতে ভালুকৰ ভয়ত পলাওঁতে পানেই উজুতি খাই ভৰিত দুখ পাইছে কিন্তু জংকিৰ এষাৰি মাত্ৰ মৰমসনা মাততে সেই আঘাত দূৰ হৈছে। দুয়োৰে প্ৰেমৰ উমান নাপালেও দুয়ো অনুভৱ কৰে দুয়ো দুয়োৰে প্ৰতি থকা আকৰ্ষণ আৰু মানুহৰ প্ৰতি থকা মানুহৰ মৰম। এনেকৈয়ে সময় বাগৰি গ'ল আৰু দুয়ো যৌৱনত ভৰি দিলে। এদিন বিহুত বিহু মাৰি থাকোঁতেই জংকিয়ে পানেইক কিবা ক'ব বিচাৰিলে আৰু পানেই ছেগ বুলি সোৱণশিৰীৰ পাৰত লগ হ'ব বুলি কথা দিলে। সোৱণশিৰীৰ বালিত জংকিয়ে পানেইক প্ৰেমৰ প্রস্তাৱ দিলে আৰু পানেইয়ে মাথোঁ হাঁহি দিলে। পানেইৰ হাঁহিৰ অৰ্থ বুজিব নোৱাৰি জংকিয়ে মনত দুখ পালে আৰু বিহু মাৰি থাকোঁতে কুমুদৰ ওচৰ চাপি যোৱা বুলি অভিযোগ আনিলে। পানেইৰ চকুলো নিগিৰিল; জংকিয়ে পানেইক সাৱটি ধৰিলে আৰু সোৱণশিৰিৰ বালিতে কার্চিং কার্টানক সাক্ষী কৰি দুয়ো এক হ'

             কিন্তু এতিয়া জংকিব চিন্তা আৰু দুগুণ বাঢ়িল, কাৰণ একেবাৰে দুখীয়া জংকিৰ পানেইক আনিবলৈ গাধন দিবলৈ একো নাছিল; গতিকে সি ভাবি-গুণি মাহীয়েকৰ ঘৰলৈ গৈ তাত থাকি ধন আৰ্জিবলৈ ঠিক কৰিলে আৰু অলপ দিনৰ ভিতৰতে অতি কষ্টৰে দুকুৰি টকা গোটাবলৈ সমর্থ হ'ল। ইফালে ছোৱালীৰ বয়স হৈ অহা পানেইৰ মাক-দেউতাক নিমাই আৰু তামেদে পানেই বিয়াৰ যো-জা কৰিবলৈ ধৰিলে। মাকে জংকিৰ প্ৰতি থকা পানেইৰ মৰম বুজি পাইছিল। সেই কথা দেউতাকক কোৱাত দেউতাক জাঙুৰ খাই উঠিল আৰু গাঁৱৰ ধনী ল'ৰা কুমুদৰ লগত পানেইক বিয়া দিয়াৰ কথা ক'লে। পানেই আপত্তি দৰ্শোৱাত জোৰকৈ কুমুদৰ সৈতে বিয়া দিয়াৰ হুংকাৰ দিলে। এদিন মাক-বাপেকে কুমুদক ঘৰজোঁৱাই খাটিবলৈ মাতিলে আৰু সি অহা কথা শুনি পানেই মহাসংকটত পৰিল; জংকিক তাই কথাটো ক'লে। কথাটো শুনি জংকি উদ্বাউল হ'ল যদিও পানেয়েই দৃঢ়তা দেখুৱাই জংকিৰ ধৈৰ্য আনিলে। কুমুদ জোঁৱাই খাটিবলৈ অহাৰ পাছত ব্যক্তিগতভাৱে পানেই অশেষ চেষ্টা কৰিও কুমুদক ঘূৰাই পঠাব নোৱাৰিলে। শেষত জংকিক মাতি পঠাই আৰু দুয়ো মিৰিগাঁৱৰপৰা পলাই যায়। দুয়ো হাবিত পলাই ফুৰোঁতে মিৰিৰ হাতত বন্দী হয় আৰু কুমুদে মিৰিসকলৰ লগ লাগি জংকিক অত্যাচাৰ কৰে আৰু পানেইক লৈ আনে। পানেই নিজৰ মতত অটল থাকি পুনৰ অকলে ঘৰৰপৰা পলায়ন কৰে। এই বাতৰি পোৱাত জংকি উদ্ধাউল হৈ পানেইক বিচাৰি যায় কিন্তু গাচী মিৰিৰ হাতত বন্দী হয়। আনহাতে পানেইও গাচী মিৰিৰ হাতত বন্দী হয়। দাসত্বৰ জীৱন কটাই থাকোঁতেই পুনৰ জংকি-পানেইৰ দেখা-দেখি হয় আৰু তাৰপৰা পলাবলৈ চেষ্টা কৰোঁতে আকৌ গাচি মিৰিৰ হাতত ধৰা পৰে। বিচাৰ বহাত জংকিয়ে পানেইক কাচিং কার্টানক সাক্ষী কৰি বিয়া পতাৰ কথা অৱগত কৰিলে। পৰ্বতীয়া মিৰিহঁতৰ মনত কোনো দয়া মমতা নাছিল আৰু দুয়োকে প্রাণদণ্ড দি সোঁৱণশিৰীত উটাই দিলে। দৈহিক মিলন সম্ভৱ নহ'লেও দুয়ো একেখন নদীতেই লগ লাগি ওপঙি যাবলৈ ধৰিলে আৰু ইহ জনমত নহ'লেও পৰজনমত তেওঁলোকৰ মিলন হ'ল। উপন্যাসখনৰ মূল কাহিনীভাগ এয়াই

২। ৰজনীকান্ত বৰদলৈৰ মিৰি-জীয়ৰী উপন্যাসৰ চৰিত্ৰ চিত্ৰণ সর্ম্পকে এটি আলোচনা দাঙি ধৰা

উত্তৰঃ মিৰি-জীয়ৰী উপন্যাসত ঔপন্যাসিক ৰজনীকান্ত বৰদলৈয়ে চৰিত্ৰসৃষ্টিত অধিক গুৰুত্ব প্রদান কৰিছিল যেন বোধ হয়। উপন্যাসখনৰ নায়ক-নায়িকা হ'ল জংকি আৰু পানেই। জংকি এক পাহোৱাল মিৰি যুৱক। নিজৰ কেও কিছু নোহোৱা জংকি পেঁপা বজোৱাত পাকৈত। সি সাহসী যদিও তাক মনোবল যোগাবলৈ পানেইৰ বাহিৰে আন কোনো নাই। সি পৰিশ্ৰমী সেইকাৰণে পানেইক আনিবলৈ গা ধন গোটাবলৈ সি মাহীয়েকৰ ঘৰত থাকি কাম কৰিবলৈ গৈছে। কিন্তু সি বহু ক্ষেত্ৰত অস্থিৰ। কুমুদৰ লগত পানেইৰ বিয়া ঠিক হোৱাত সি উদ্বাউল হৈ পৰিছে। পানেইহে তাক সান্ত্বনা দিছে বুদ্ধি দিছে। জংকি উপন্যাসখনৰ নায়ক হ'লেও সি সক্রিয় নহয় আৰু তাৰ অৰ্থনৈতিক অৱস্থাটোৱে তাক তেনেকুৱা হ'বলৈ বাধ্য কৰিছে

              উপন্যাসখনৰ নায়িকা পানেই অকল ধুনীয়াই নহয়, ধৈর্যশীলো। বুজা নুবুজা বয়সৰপৰাই যিজনৰ লগত বেছিভাগ সময় পাৰ কৰিছিল সেইজনে যেতিয়া প্রেম নিবেদন কৰিছিল তাই উদ্বাউল হোৱা নাছিল। জংকিক ভাল পোৱাৰ বাহিৰেও পিতৃ-মাতৃৰ প্ৰতি তাইৰ গভীৰ শ্ৰদ্ধা আছিল সেইকাৰণে জংকিৰ প্ৰস্তাৱৰ পিছত পানেই কৈছে- 'আয়ে বোপায়ে দিলে তোলৈ যাম' বুলি। দেউতাকে কুমুদৰ লগত বিয়া ঠিক কৰাৰ পিছতো দেউতাকৰ মন ভুলাবলৈ চেষ্টা কৰিছিল। কুমুদ ঘৰজোঁৱাই খাটিবলৈ আহোতে তাক ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰিছিল। বিপদৰ সময়ত জংকিকো উপযুক্ত বুদ্ধিৰে তায়েই পৰিচালিত কৰিছিল। পলাই যাওঁতে এজন অর্ধশিক্ষিত হিন্দু ল'ৰাৰ হাতত যেতিয়া ধর্ষিতা হোৱাৰ উপক্ৰম হৈছিল তেতিয়া তাই অকল নিজকে বচোৱাই নহয় ল'ৰাজনৰ অন্তৰ জয় কৰি ভাল পথলৈ আনিবলৈ সক্ষম হৈছিল। কোনো ধৰণৰ চাৰিত্ৰিক খুঁট নথকা পানেই চৰিত্ৰ অসীম ধৈর্য, কর্তব্যনিষ্ঠ আৰু সংযমশীলতাৰ সংমিশ্রণ

           উপন্যাসখনৰ আন এটি গুৰুত্বপূর্ণ চৰিত্র হ'ল ডালিমী, ঘুনাসূতি গাঁৱৰ গাভৰু ডালিম।। তাই জংকিক মনে মনে ভাল পাই থাকিলেও জংকি-পানেইৰ কাহিনী গম পোৱাত তাই তাতে স্তব্ধ হ'ল আৰু জংকি-পানেইৰ মিলন ঘটোৱাতহে চেষ্টা কৰিলে। জংকিক নাও গোটাই দিয়া, জংকিয়ে আঘাত পোৱাত তাক শুশ্রূষা কৰা, অর্থ সাহায্য আদিৰ জৰিয়তে ডালিমীয়ে নিজৰ বহল মনৰ পৰিচয় দিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতীৰ নগা গাভৰু ডালিমী যেনেকুৱা মিবি-জীয়ৰীৰ ডালিমীও তাৰ সমকক্ষ। ডালিমী 'ত্যাগ'ৰ প্রতীক। অন্যৰ সুখৰ কাৰণে নিজে ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰি নিজে তুই জুইৰ দৰে উমি উমি জ্বলি জীয়াই আছে। তাইর প্ৰেমৰ হেঙাৰস্বৰূপ পানেইৰ প্ৰতি ডালিমীয়ে সামান্যতমো ঈর্ষাভাব প্রকাশ কৰা নাই

            উপন্যাসখনৰ আন দুটা চৰিত্ৰ হ'ল নিমাই আৰু তামেদ। নিজৰ সন্তানৰ সুখ-শান্তি সকলো মাক-দেউতাকেই বিচাৰে। তামেদ-নিৰমাইও তাৰ ব্যতিক্রম নহয়। কিন্তু সন্তানৰ প্ৰতি থকা ভালপোৱাৰ ক্ষেত্ৰত তামেদ-নিৰমাইৰ পাৰ্থক্য আছে। তামেদ নিজৰ কথাত অটল আছিল আৰু ভাবিছিল যে টকা-পইচা নহ'লে মানুহ সুখত থাকিব নোৱাৰে কিন্তু নিৰমায়ে নিজ সন্তানৰ মনৰ কথা ভাবিছিল। পানেই পলাই যাওঁতে নিৰমায়ে তামেদৰ ওচৰত আক্ষেপ কৰিছিল যে তামেদৰ কাৰণেই এইবোৰ ঘটনা হ'বলৈ পাৰে। এগৰাকী আদর্শ ভাৰতীয় মাতৃৰ চিৰম্ভা প্রতিমূর্তি বুলি নিমাই চৰিত্ৰটোক ক'ব পাৰি

             'কুমুদ 'ক উপন্যাসখনৰ ভিলেইন বুলি ক'ব পাৰি। টকা-পইচা থকা কুমুদে পানেইয়ে জংকিক ভাল পাই বুলি জানিও পানেই ৰূপত মোহিত হৈ বিয়া পাতিবলৈ আকোঁৰগোজ হৈ আছে। পানেইক পাবলৈ কুমুদে আদালত পর্যন্ত পাইছিল গৈ যদিও তেওঁ সফল নহ'

           এই আলোচনাখিনিৰ পৰা স্পষ্ট মিৰি-জীয়ৰী উপন্যাসখনত ৰজনীকান্ত বৰদলৈয়ে ঘটনাতকৈ চৰিত্ৰৰ সৃষ্টিৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়। জংকী-পানেই, ডালিমী-নিমাই চৰিত্ৰই পাঠকৰ মনত সাঁচ বহুৱাই সহানুভূতি আদায় কৰিবলৈ সক্ষম হৈছে। অন্যান্য চৰিত্ৰসমূহেও উপন্যাসখনৰ কাহিনীৰ অগ্রগতিত সহায় কৰিছে

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)