GU BA 2nd Sem

Assamese

Chapter 4 Question Answer

জ্য়োতিপ্ৰসাদ আগৰৱালাঃ 'নিমাতী কইনা'


▶▶ অতি চমু প্রশ্নোত্তৰঃ


১। জ্যোতিপ্রসাদে নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি?

উত্তৰঃ 'ইন্দ্ৰমালতী'

২। জ্যাতিপ্ৰসাদৰ কবিতাসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য-সংকলনখনিৰ নাম কি

উত্তৰঃ 'লুইতৰ পাৰৰ অগ্নিসুৰ'

৩। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'নিমাতী কইনা' নাটখনিৰ মূল উৎস কি?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'নিমাতী কইনা' নামৰ গীতি-নাটখনিৰ মূল উৎস হ'ল আমাৰ বুঢ়ী আইৰ সাধুৰ জোলোঙাত থকা 'নিমাতী কইনা' নামৰ আমাৰ দেশত প্রচলিত সাধু কথাটি

৪। বৰাগী ভাট কোন?

উত্তৰঃ বৰাগী ভাট হ'ল প্রাচীন সমাজৰ এক শ্ৰেণীৰ বৰাগী। এওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে নাম গুণ গাই আৰু নাম গুণৰ লগতে বিভিন্ন ৰাজ্যৰ সংবাদো অনা-নিয়া কৰে

৫। প্রথম অসমীয়া বোলছবি 'জয়মতী' কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ ১৯৩৫ চনত নিৰ্মাণ কৰা হৈছিল


চমু প্রশ্নোত্তৰঃ


১। 'নিমাতী কইনা' ক এখন পূর্ণাংগ নাট বুলিব পাৰিনে?

উত্তৰঃ 'নিমাতী কইনা'ত নাটকৰ বাবে থাকিবলগীয়া সকলো গুণেই বিদ্যমান। এটা আদি মধ্য অন্ত সম্বলিত কাহিনী আছে পৰিবেশ, দৃশ্য সজ্জা, সংলাপ আদি নাটকৰ বাবে প্রয়োজনীয় প্রায় সকলোখিনি বৈশিষ্ট্যই 'নিমাতী কইনা'ই বহন কৰিছে। কিন্তু নাটখনৰ গঠন আৰু গীতিময় ৰূপটোলৈ চাই এই নাটখনক গীত নাট বোলাহে অধিক সমীচিন হ'

          নাটখনৰ সমগ্ৰ ৰূপটোক গীতে বিশেষভাৱে সজাই তুলিছে। আনকি চৰিত্ৰৰ মুখৰ সংলাপো কাব্যিক। এক অর্থভ গীতেই নাটখনৰ প্ৰাণ। সেই সকলো দিশৰ পৰা নাটখনক এখন 'গীতি-নাট' বুলিব পাৰি


২। 'মানুহৰ কল্পনা বিশ্বৰ

      সুন্দৰ দেশত

      সৌন্দৰ্যৰ উপাসক সবে

কৰি আছে পূজা সৌন্দৰ্যৰ'- এইটো কাৰ সংলাপ? তেওঁৰ সংলাপৰ গূঢ়ার্থ কি?

উত্তৰঃ এই সংলাপ 'বীণ বৰগীৰ'ৰ অৰ্থাৎ শ্ৰীৰূপকোঁৱৰৰ। এই সংলাপৰ মাজেৰে ৰূপকোঁৱৰে সুন্দৰ আৰু সুন্দৰৰ আৰাধনাৰ ওপৰত মন্তব্য প্রকাশ কৰিছে। তেওঁ কৈছে যে মানুহৰ সাধাৰণ কল্পনাই যি সুন্দৰৰ কথা ভাবে বা কল্পনা কৰে সেই সুন্দৰৰ উপাসকসকলেই তেওঁৰ দেশৰ প্রজা

           ৰূপ অৰূপৰ অগনি জ্বলাই - অনন্ত তৃষ্ণাৰ পূৰ্ণাহুতি ঢালি তেওঁলোকে সৌন্দর্য যজ্ঞৰ হোমানল জ্বলাই। সেই যজ্ঞৰ পৰাই ৰূপকোঁৱৰৰ সৃষ্টি। সৌন্দর্য সাধনাৰ নৱীন কোঁৱৰ তেওঁ। তেওঁ মানুহৰ এই সৌন্দর্য তৃষ্ণাৰ পূৰ্তিৰ বাবেই জগতৰ পৰা জগতলৈ গ্ৰহৰ পৰা গ্রহান্তৰলৈ গতি কৰে। আনন্দৰ গানে গানে তেওঁৰ জয় জয়কাৰ আৰু বেজাৰৰ চকুৰ পানীতো তেওঁৰেই প্রতিচ্ছবি। বিৰহী যক্ষৰ বিননিতো তেওঁৰেই সুৰ। বিৰহীনিৰ আবেগৰ বানীও তেওঁৰ কবিতাৰেই ভৰপুৰ

           এই সকলোবোৰ ঋতুৰ সৌন্দৰ্যও তেওঁৰেই সৃষ্টি। সকলো প্ৰাণীৰ মৰম দুখৰ বাণীতো তেওঁৰেই। সংগীত শিল্প কলা সকলোতে তেওঁৰেই কীৰ্ত্তি। তেওঁ অম্লান জ্যোতি শিখা। চিত্ৰলেখাৰ পৰ্বতো তেওঁৰেই প্রতিচ্ছবি। এনেদৰে নাট্যকাৰে ৰূপকোঁৱৰৰ সংলাপৰ মাজেৰে সুন্দৰৰ এখন চিত্র অংকণ কৰিছে


▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ


১। 'নিমাতী কইনা' নাটকৰ প্ৰথম দৃশ্যটোৰ এটি বর্ণনা দিয়া

উত্তৰঃ পুৱতিৰ তৰা তেতিয়াও মাৰ যোৱা নাই। অৰুণালোকৰ আভা ছুঁয়াময়া হৈ উদ্ভাসিত হৈ আহিছে। এটা গহীন কণ্ঠৰ গীতেৰে আৰম্ভ হৈছে নাটকৰ প্ৰথম দৃশ্য। গীতৰ অৰ্থই এই কথাকে বুজাইছে যে পোহৰৰ বাটে বাটে মৌন অতিথিয়ে অভিনৱ সাজেৰে সাজি আহিছে নবীন বীণা বাই। নিদ্রিত পৃথিবীয়েও সেই পুৱাৰ জ্যোতিতে স্নান কৰি নবীন দিনৰ নবজীৱন মাগিছে। গীতটিত প্রতিফলিত হৈছে নাটকৰ মূল ভাৱনা

        এই প্রথম অংকটোত সখীসকলে নিমাতীক মাত মাতিবলৈ অনুৰোধ জনাইছে। তাৰ পিছতে সখী ৰত্নাৱলীয়ে তেওঁক সম্ভাষণ কৰি কৈছে যে তেওঁ ৰূপ সুৰ মুগ্ধ কল্পনাৰ কুসুম, এটি নির্বাক প্রতিমা। তেওঁ নিমাতী কইনাক জোকাইছে এই স্বৰ ভাষা, শব্দ, সকলোবোৰ তেওঁ কোন ৰূপকোঁৱৰক সন্তুষ্ট কৰিবলৈ সযতনে ৰাখি থৈছে? পুনৰ সকলো সখীয়ে তেওঁক 'মাতা অ' নিমাতী', মাতা অ' নিমাতী' বুলি মাতিছে

          এইবোৰ চিত্ৰাৱলীয়েও ৰূপকোঁৱৰৰ কথাকে কৈছে আৰু এষাৰ মাত দিবলৈ অনুৰোধ জনাইছে। মুক্তাবলীয়েও নিমাতীক অনুৰোধ জনাইছে আৰু ইয়াতো জ্যোতিপ্রসাদে এক গুৰুত্বপূৰ্ণ সংলাপ দিছে —

আছা নেকি নামতি নুৱলি 

মানুহৰ ভাষাবোৰ কৰ্কশ বুলি 

দিওঁ যদি ৰচি এক ভাষা অভিনৱ 

বাছি বাছি সঙ্গীতৰ স্বৰৰ লহৰী 

মাতিবানে? মাতিবানে সখী?

          — মুক্তায়নীৰ পিছত ৰূপাৱলী সখীয়েও তেওঁৰ বক্তব্যৰে নিমাতীৰ মনত যৌৱনৰ অনুভৱ জগাই তোলাৰ চেষ্টা কৰিছে

             তেনেতে এজন ওজা আহিছে। তেওঁ মন্ত্ৰ শক্তিৰে জাৰি-ফুকি নিমাতীৰ মাত উলিয়াবৰ যত্ন কৰিছে। নিমাতীয়ে ওজাৰ কাৰবাৰত আমনি পাইছে। তাকে দেখি সখীসকলে ওজাক আৰু চেষ্টা কৰিব নালাগে বুলি বিদায় দিছে

             ইয়াৰ পিছত সখী নিদ্ৰাৱলীয়ে এক ৰূপমান যুৱকে আহি গীত গাই নিমাতীৰ মাত উলিওৱা তেওঁ সপোনত দেখা বুলি কৈছে। নিদ্ৰাৱলীৰ কথা ঠিক যেন চিত্রলেখাৰ দৰেই। নিদ্ৰাৱলীৰ কথা শুনি আটাইবোৰ সখীয়ে গীত গাই আনন্দ কৰিছে আৰু এনেতে প্রথম অংকৰ সামৰণি পৰিছে


২। বৰাগী ভাট কোন? তেওঁ কোন দৃশ্যত প্রবেশ কৰিছে আৰু কি গীত গাইছে? তেওঁ নাটখনত কি কার্য সাধিছে?

উত্তৰঃ বৰাগী ভাট হ'ল প্রাচীন সমাজৰ এক শ্ৰেণীৰ বৰাগী। এওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে নাম গুণ গাই আৰু নাম গুণৰ লগতে বিভিন্ন ৰাজ্যৰ সংবাদো অনা-নিয়া কৰে

          তেওঁ তৃতীয় অংকত প্রবেশ কৰিছে আৰু "জোনাকী কাৰেঙত কোনে বীন গায়

                   পোহৰে পোহৰে হাঁহি বিয়পায়" শীর্ষক গীতটি গাইছে

          তেওঁ এনেদৰে গীত গাই গৈ সোন বৰণীয়া লগ পাইছে। সোনবৰণীয়া লিগিৰিক লগ। পাইছে। সোণবৰণীয়া লিগিৰিয়ে তেওঁৰ গানৰ অৰ্থ বুজি পাই কোন কুঁৱৰীৰ মাত ফুটা নাই সুধিছে। ভাটেও সোনবৰণীয়া লিগিৰৰ পৰিচয় বিচাৰিছে। ভাটে নিমাতী কইনাৰ সবিশেষ বৰ্ণনা কৰিছে। সোনবৰণীয়া লিগিৰিয়ে আশ্বাস দিছে যে তেওঁ স্বথি স্বাপত্যৰ জোনাকী কাৰেঙৰ ৰজা ৰূপকোঁৱৰক নিমাতীৰ কাষলৈ পঠোৱাৰ প্রতিশ্রুতি দিছে। লিগিৰিয়ে ইয়াকো জনাইছে যে ৰূপকোঁৱৰক বৰাগীয়ে লগ পাব নোৱাৰে, কাৰণ তেওঁ চিৰ সুন্দৰৰ বৰ বিচাৰি ধ্যানমগ্ন হৈ আছে। কিন্তু নিমাতীৰ মুখত হাঁহি ফুটাবলৈ তেওঁ ৰূপকোঁৱৰক পঠাবই বুলি তেওঁ ভাঁটক নিশ্চিতি প্রদান কৰে। ভাট তাৰ পৰা আঁতৰি আহে আৰু এই সংবাদ ৰজাক জনাইহি


৩। নিমাতী কইনা নাটকখনত আচার্যদেৱৰ হৈ প্রধান শিষ্যই কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা। কথাখিনিৰ মর্মার্থ কি?

উত্তৰঃ নিমাতীৰ মাত উলিয়াবলৈ আচার্যদেৱ আহিছে। লগত আহিছে তেওঁ স্তাৱকে শিষ্য কেইজনমান। সখীবিলাকে প্রণাম কৰোঁতেই তেওঁ মাত্ৰ মূৰটো দুপিয়াইহে দিছে। শিষ্যসকলে লগত লৈ অহা এখন ওখ আসন তেওঁলোকে পাৰি দিয়ে আৰু আচার্যদের তাতে বহে। শিষ্যসকলে তেওঁৰ চাৰিওপিনে মাটিত লেপেতা কাঢ়ি বহে। তেওঁ যে এজন অহংকাৰী, দাম্ভিক ব্যক্তি সেই কথা প্রথমইে বুজিব পাৰি

           আচার্যদেৱ নির্দ্দিষ্ট ওখ আসনখনত উপবিষ্ট হোৱাৰ পিছত প্রধান শিষ্যই তেওঁৰ গুণ গৰিমাৰ খানিবলৈ ধৰে। তেওঁ ব্যাখ্যা কৰে যে এখেত হ'ল বেদ-বেদান্ত, পুৰাণ-ভাৰত, দর্শন, বিজ্ঞান আৰু কাব্য সকলো তন্ন-তন্নকৈ পঢ়া মানুহ। তর্কত নিপুণ। সকলো শাস্ত্ৰৰ সোৱাদ লৈ এওঁৰ মগজু উৰ্বৰ হৈ উঠিছে। এওঁ কবিসকলক দোষ গুণ আঙুলিয়াই দিব পাৰে। সৰ্বদ্রষ্ট সকলক ফঁহিয়াই ধুনাধুন ধুনিব পাৰে। এওঁ কবিক অকবি কৰিব পাৰে আৰু মুৰ্খয়ো যদি কবিতা লিখি এওঁক তুষ্ট কৰিব পাৰে তেনেহলে টীকা ব্যাখ্যাৰ সমন্বয়েৰে এওঁ তেওঁক মহাকবি পাতি বিশ্বত বিস্ময় সৃষ্টি কৰিব পাৰে। এওঁ এনেদৰেই গুণীক অগুণী পাতি, অগুণীক গুণী পাতি সাহিত্য ৰাজ্যত তুলা ধুনা দি থাকে। প্রবীণ লিখকবোবেও এওঁক ভয় কৰেও কথাই নাই। তর্কৰে তেওঁ সকলো ওলট-পালট কৰিব পাৰে। তৰ্কত হাৰিলেও আৰু ন-লিখকৰতো নেবে। জ্ঞানৰ ৰাজ্যত তেওঁ ডাঙৰ মুনি। এওঁ বিশ্লেষণৰ দ্বাৰা কবিতাৰ ৰাজ্য লণ্ড-ভণ্ড কৰি থাকে। বিদ্যাৰ বলেবে এওঁ এনে তন্ত্র-মন্ত্র জানে যে এওঁ সাহিত্য প্রস্তুত কৰা মহামন্ত্র হৈ পৰিছে। এনেদৰে প্ৰধান শিষ্যই আচার্যদেৱৰ বিষয়ে বৰ্ণনা কৰিছে। কথাখিনিৰ মৰ্মাৰ্থ এয়ে যে জ্যোতিপ্ৰসাদ আগৰৱালাই এই চৰিত্ৰটিৰ মাজেৰে কলাৰ ভণ্ড সাধকসকলৰ চৰিত্ৰ আঙুলিয়াই দেখুৱাইছে। কিঞ্চিত জ্ঞান লৈ সকলো দিশতে সমানে বিচৰণ কৰিব খোজা আৰু তোষামোদৰ ওপৰত চলি থকা সাহিত্য সংস্কৃতি জগতৰ কেতবোৰ পাবত গজা লোকৰ চৰিত্ৰক এই চৰিত্ৰটিব মাজেৰে কটাক্ষ কৰা হৈছে। নিমাতী কইনাই পৰম বিৰক্তিৰে সেই স্থান পৰিত্যাগ কৰি দেখুৱাইছে। যে এনে মিছা ভেম, অহংকাৰ বা চাটুকাৰিতাৰে কলালক্ষীক জগাব নোৱাৰি

৪। নাট্যকাৰ ৰূপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যপ্রতিভা বিচাৰ কৰা

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা আধুনিক অসমীয়া নাট্য-সাহিত্যৰ সবাতোকৈ শ্রেষ্ঠ নাট্যকাৰ। অসমীয়া নাটক ৰচনাৰ বিধানৰ গতানুগতিক অবসাদ আঁতৰ কৰি তেওঁ নতুনত্বৰ সূচনা কৰে। তেওঁৰ নাটকসমূহ হৈছে- 'শোণিতকুঁৱৰী', 'কাৰেঙৰ লিগিৰী', 'কপালীম, 'লভিতা', 'খনিকৰ' আৰু 'নিমাতী কইনা'

           'শোণিতকুঁৱৰী' পৌৰাণিক নাটক। এইখন নাটক জ্যোতিপ্রসাদে ছাত্ৰাৱস্থাতে ৰচনা কৰা। নাটকৰ বিষয়বস্তু হৰিহৰৰ যুদ্ধ। জ্যোতিপ্ৰসাদে কিন্তু নাটকত যুদ্ধতকৈ ঊষা-অনিৰুদ্ধৰ প্ৰেম- কাহিনীতহে গুৰুত্ব দিছে। নাটকখনিত তেওঁ ভালেমান মৌলিকত্বৰ সূচনা কৰিছে। এই নাটখনতে পোনপ্রথম অসমীয়া নাটত মঞ্চসজ্জাৰ প্রয়োগ তথা সংগীত আৰু সুৰক মঞ্চত প্রতিষ্ঠা কৰা হয়

            জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'কাৰেঙৰ লিগিৰী' অসমীয়া নাট্য-সাহিত্যৰ মাইলৰ খুঁটিস্বৰূপ। মধ্যযুগীয় পটভূমিৰ নাটখনৰ নায়ক সুন্দৰ কোঁৱৰক নাট্যকাৰে প্ৰগতিবাদৰ প্রতীকৰূপে অংকন কৰিছে। আভিজাত্যৰ মিছা ভেম, যুগান্তৰৰ সঞ্চিত সংস্কাৰ আৰু সামাজিক বাধা-নিষেধর বিৰুদ্ধে ব্যক্তিৰ সংঘৰ্ষ নাটখনিত প্রদর্শিত হৈছে। তদুপৰি বুদ্ধিদীপ্ত আৰু বলিষ্ঠ সংলাপ নাটখনিৰ অনন্যসাধাৰণ সম্পদ

              ৰূপালীম কাল্পনিক নাট। কাহিনী আৰু সংলাপত কল্পনাৰে মুক্ত বিচৰণ প্ৰত্যক্ষ কৰা যায়। অৱশ্যে নাট্যকাৰে ইয়াত কাহিনীতকৈ চৰিত্ৰ সৃষ্টিত অধিক গুৰুত্ব দিছে। জ্যোতিপ্ৰসাদৰ 'লভিতা' নাটখনি বিয়াল্লিছৰ গণবিপ্লৱৰ আধাৰত ৰচিত। 'খনিকৰ' এখন অসম্পূর্ণ সামাজিক নাটক। নাট্যকাৰ হ'বৰ বাবে যিখিনি গুণৰ প্ৰয়োজন, জ্যোতিপ্ৰসাদ আগৰৱালা সেই সকলোখিনি গুণৰ অধিকাৰী আছিল। তেওঁ অভিনেতা হিচাপে মঞ্চৰ সকলো কথা জনাৰ লগতে আছিল এজন নিপুণ সংগীতজ্ঞ। তেওঁৰ এহাতে আছিল সৃষ্টিধর্মী কাব্য-প্রতিভা, আনহাতে আছিল সূক্ষ্ম নাট্যবোধ। এই সকলোবোৰৰে সংযোগত জ্যোতিপ্ৰসাদে তেওঁৰ নাটকেইখন আকর্ষণীয় ৰূপত গঢ়ি তুলিছে

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)