GU BA 2nd Sem
Assamese
Chapter 2 Question Answer
ভবেন্দ্ৰ নাথ শইকীয়াঃ 'গহ্বৰ'
▶▶ অতি চমু প্রশ্নোত্তৰঃ
১। 'গহ্বৰ' গল্পটো কোনখন গল্প সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ 'গহ্বৰ' গল্পটো ড° ভবেন্দ্ৰনাথ শইকীয়াৰ 'গহবৰ' নামৰ গল্প সংকলনৰ
পৰা লোৱা হৈছে।
২। ড° ভবেন্দ্রনাথ শইকীয়াৰ কোন স্থানত জন্ম হৈছিল?
উত্তৰঃ ড° ভবেন্দ্রনাথ শইকীয়াৰ নগাঁৱত জন্ম হৈছিল।
৩। ভৱেন্দ্ৰ নাথ শইকীয়াই ক'ৰ পৰা পি. এইচ. ডি লাভ কৰে?
উত্তৰঃ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা।
৪। সাহিত্যিক ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম গল্প সংকলনখনৰ নাম কি?
উত্তৰঃ প্ৰহৰী।
৫। সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়াই কি কি ছদ্মনামত সাহিত্য ৰচনা কৰিছিল?
উত্তৰঃ 'সত্যপ্রিয় পাঠক, সদানন্দ পাঠক, ৰজনী দত্ত, দিবাকৰ নেওগ,
গোলক মহন্ত, বিৰাজমোহন বৰুৱা,
বিচিত্রা দত্ত'
আদি একাধিক নামত।
৬। শিশু আলোচনী 'সঁফুৰা'ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন
আছিল?
উত্তৰঃ ড° ভবেন্দ্ৰ নাথ শইকীয়া।
৭। কোনখন কথাছবিৰ বাবে ভবেন্দ্ৰ নাথ শইকীয়াই শ্রেষ্ঠ আঞ্চলিক ছবিৰ 'ৰজত কমল' বঁটা লাভ কৰে?
উত্তৰঃ ইতিহাস (১৯৯৬)।
৮। সাহিত্য, চলচ্চিত্র, থিয়েটাৰ আৰু নাটকৰ ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা বৰঙনিৰ স্বীকৃতি স্বৰূপে ২০০০
চনত ভবেন্দ্র নাথ শইকীয়াই কি বঁটা লাভ কৰে?
উত্তৰঃ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (সংস্কৃতি শিতানত)।
৯। ড° ভবেন্দ্র নাথ শইকীয়াই কেতিয়া কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁট লাভ কৰিছিল?
উত্তৰঃ ১৯৭৬ চনত শৃংখল গল্পপুথিখনৰ বাবে।
১০। ড° ভবেন্দ্র নাথ শইকীয়াই সাহিত্য ক্ষেত্রত ১৯৯০ চনত কি সন্মানীয় বঁটা লাভ কৰিছিল?
উত্তৰঃ ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।
১১। ভবেন্দ্র নাথ শইকীয়া পৰিচালিত কথাছবি কেইখনমানৰ নাম লিখা।
উত্তৰঃ সন্ধ্যাৰাগ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস, কালসন্ধ্যা (হিন্দী)।
১২। ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু কেতিয়া হয়?
উত্তৰঃ ২০০৩ চনত।
১৩। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ভৱেন্দ্ৰ নাথ শইকীয়া কিহৰ ডিপ্লমা লাভ কৰে?
উত্তৰঃ টেকন'লজিৰ।
১৪। ড° ভবেন্দ্রনাথ শইকীয়াই ডক্টৰেট ডিগ্রী লাভ কৰা বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়াই ডক্টৰেট ডিগ্রী লাভ কৰা
বিশ্ববিদ্যালয়খনৰ নাম লণ্ডন বিশ্ববিদ্যালয়।
▶▶ চমু প্রশ্নোত্তৰঃ
১। ভবেন্দ্রনাথ শইকীয়াৰ 'গহ্বৰ' গল্পটোত মিঃ পিয়েনাৰৰ
সমস্যাটো কিদৰে উত্থাপন কৰিছে?
উত্তৰঃ ভবেন্দ্রনাথ শইকীয়াৰ ১৯৬২ চনৰপৰা ১৯৬৯ চনৰ ভিতৰত
লিখা গল্পবোৰৰ সংকলন "গহ্বৰ" (১৯৬৯) লোৱা হৈছে। "গহ্বৰত
কৃষ্ণাংগ-বিদ্বেষী মিঃ পিয়েনাৰৰ সমস্যা হ'ল কৃষ্ণাংগ স্মিথৰ হৃৎপিণ্ডটো বুকুত লগাই তেওঁ
জীয়াই থাকিব নে নাথাকিব, জীয়াই থকাৰ ইচ্ছা আৰু কৃষ্ণাংগ-বিদ্বেষ এই দুটা
পক্ষৰ সংঘৰ্ষৰ ফলত কৃষ্ণাংগ বিদ্বেষে জয়লাভ কৰিছে। কিন্তু এই সমাধানেৰে স্মিথৰ
পত্নীৰ প্ৰতি সহানুভূতি দেখুৱাই তেওঁ ঘৰলৈ যোৱা, তেওঁৰ বুকুত মূৰ থৈ মৃত
স্বামীৰ হৃৎপিণ্ডৰ শব্দ শুনিবলৈ দিয়া ইত্যাদি ঘটনাই যথেষ্ট বাধা দিছে। প্রথম
বাক্যটোৱে কিন্তু আমাক সমস্যাৰ মাজলৈ নিব পৰা নাই। "প্রায় যাঠিজন প্ৰেছ
ৰিপৰ্টাৰ আৰু ফটোগ্রাফাৰে হাস্পতালৰ প্ৰধান এলেকাত সোমোৱা বাটটোৰ সমুখৰ ফুলনিখনৰ
ওচৰত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল।"
► ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। ভবেন্দ্রনাথ শইকীয়াৰ গল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। অসমীয়া চুটিগল্পৰ
ধাৰাটোত ভবেন্দ্ৰনাথ শইকীয়াৰ স্থান নিৰূপণ কৰা।
উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পত আধুনিকতাৰ বিপৰীতে
পৰম্পৰাবাদী চিন্তাধাৰা পূর্ণতা পৰিলক্ষিত হয়। এই প্রসংগত হোমেন বৰগোহাঞিয়ে সঠিক
মন্তব্যকে কৰিছে- "ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পত অসমীয়া পৰম্পৰাবাদী ধাৰাই এক
বিৰল পূর্ণতা লাভ কৰিছে।" ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পত কাহিনী কথনৰ প্রাধান্য
থাকিলেও ভাবৰ বিক্ষিপ্ততা নাই। তেওঁৰ গল্পত চিত্রধর্মী বর্ণনা আছে, যি বৰ্ণনা গল্পকাৰৰ
বৰ্ণনা চাতুৰ্থৰ অভিনৱত্বৰ বাবে আকর্ষণীয় হৈ পৰে। সেইবাবেই তেওঁৰ গল্প পাঠকৰ বাবে
আমনিদায়ক হৈ নপৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ গল্প কাহিনীপ্রধান হ'লেও কাহিনী কথনৰ ভংগী
প্রশংসনীয়। চৰিত্ৰ আৰু ঘটনাৰ চিত্ৰনেই তেওঁৰ গল্পত সংযোজন কৰে অনেক সৰু সৰু ঘটনা
তথা চিত্র। এনে সৰু-সুৰা ঘটনা-চিত্রসমূহে তেওঁৰ গল্পৰ মূল বক্তব্যক অধিক স্পষ্ট
আৰু আকর্ষণীয় কৰি তোলে। সকলো সময়তে শইকীয়াই গল্পটোৰ ভাব আৰু ঐক্যৰ ওপৰত অধিক গুৰুত্ব
প্রদান কৰাটো পৰিলক্ষিত হয়। কাহিনীপ্রধান হোৱা বাবেই ভবেন্দ্ৰনাথ শইকীয়াৰ বেছিভাগ
গল্পই দীর্ঘাৱয়বপূর্ণ। তদুপৰি তেওঁৰ গল্পত আছে সূক্ষ্মাতিসূক্ষ্ম ঘটনাৰ যথাযথ
চিত্রণ। অইনৰ চকুত ধৰা নৰা কথাটোত শইকীয়াই তেওঁৰ গল্পত অতি বাস্তৱ দৃষ্টিৰে
পৰ্যবেক্ষণ কৰে। যাৰ ফলত তেনে বর্ণনাসমূহ হৈ পৰে চিত্রধর্মী।
পুংখানুপুংখভাৱে শইকীয়াই সৰু সৰু কথাবোৰকো পর্যবেক্ষণ কৰে। তেনে বর্ণনাই পাঠকক
ভাৰাক্ৰান্ত নকৰে। বৰঞ্চ পাঠকক লৈ যায় আমাৰ দৈনন্দিন জীৱনৰ বাস্তৱ ঘটনাৰ মাজলৈ।
আলোচক মহেন্দ্ৰ বৰাই ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ সন্দৰ্ভত এষাৰ মন্তব্য কৰিছিল
এনেদৰে- "ভবেন্দ্রনাথ শইকীয়াৰ গল্পত আছে ডিটেইলছৰ ধাৰ নিছিগা স্ফুৰন। সত্যজিৎ
ৰায়ৰ ছবি চাই যিটো সোৱাদ পোৱা যায়, ডিটেইলছৰ সূক্ষ্মতম কাৰুকাৰ্যৰ বাবে ভবেন্দ্রনাথ
শইকীয়াৰ গল্প পঢ়ি পোৱা যায় একেটা সোৱাদ একেটা কাৰণতে।"
ভবেন্দ্ৰনাথ শইকীয়াৰ
গল্প বর্ণনাধৰ্মী। গল্পৰ মূল উপজীৱ্য আৰু চৰিত্ৰৰ মানসিক জগতৰ সম্ভেদ পাঠকক দিবলৈ
গৈ শইকীয়াই বর্ণনাৰ আশ্রয় লয়। কিন্তু সেইবোৰ বৰ্ণনা মুঠেই আমনিদায়ক নহয়। বৰঞ্চ
সহজতে ঢুকি পোৱা আমাৰ বাস্তৱ তথা দৈনন্দিন জীৱনৰ সৈতে মিল থকা কথাবোৰৰ সৈতে ৰজিতা খুৱাই
বর্ণনাবোৰ দাঙি ধৰাত অধিক আকর্ষণীয় হৈহে পৰে।
"ভবেন্দ্ৰনাথ শইকীয়াৰ
গল্পৰ এক ধৰণৰ পেটাৰ্ণ আছে আৰু এই পেটাৰ্ণটো অনুকৰণীয়।” মোপাছাঁৰ গল্পটো এনে বিশেষ
পেটার্ণ আছে। বাস্তৱ জীৱন চিত্রণত মোপাছাঁই বর্ণনাৰ এনে বিশেষ পেটার্ণ প্রয়োগ কৰে।
যাৰ ফলত মোপাছাঁৰ গল্প হৈ পৰে বাস্তৱধর্মী। এনে পেটার্ণ শইকীয়াও গ্রহণ কৰিছে যদিও
শইকীয়াৰ গল্পত মোপাছাঁৰ গল্পত মোপাছাঁৰ গল্পৰ সংযম পৰিলক্ষিত নহয়। এনে কথাৰ প্ৰতি
লক্ষ্য ৰাখিলে ভবেন্দ্রনাথ শইকীয়াৰ গল্পৰ সমালোচনা কৰি ত্রৈলোক্যনাথ গোস্বামীয়ে
এনেদবে লিখিছে- "ভবেন্দ্রনাথ গল্পৰ ঘাই দোষ হ'ল বৰ্ণনাৰ আতিশয্য আৰু
আৱশ্যক খুটি-নাটিক পৰিহাৰ কৰি চলাৰ অক্ষমতা।"
ভবেন্দ্ৰনাথ শইকীয়াৰ
গল্পত প্রতীক, চিত্রকল্প, উপমা আদিৰ সঘন প্রয়োগ দেখা যায়। প্রতীকৰ প্ৰক্ষেপে তেওঁৰ গল্পসমূহক অন্য এক
মাত্ৰা প্ৰদান কৰিছে। উদাহৰণস্বৰূপে সেন্দুৰ, ঢোৰাসাপ, গহ্বৰ, এলান্ধু, প্ৰহৰী আদি তেনে
ধৰণৰ গল্প। এন্দুৰ গল্পত এন্দুৰক জৈৱিক ক্ষুধাৰ প্রতীক হিচাপে গ্রহণ কৰা হৈছে।
মতিৰ হকে মতিৰ মৃত্যুৰ পিছত এন্দুৰে খাই খালী কৰা বস্তাটো ৰ'দত দি বিছনাত পাৰি লয় আৰু
যথেষ্ট উম অনুভৱ কৰে। আৰু এনেকুৱা উম লাগিলেই গোটেই গাটোত এক অদ্ভুত এন্দুৰে
খুটখুটাই ফুৰা যেন লাগে। আজি সেই এন্দুৰটো খেদিবলৈ বুকুৰ কাষত মতিও নাই। অলপ পিছত
এনেকুৱা লাগিল এই মুহূর্তত সেই হেণ্ডিমেনটোৱে তাইক যদি কয়- "দাইল চাউল কিবা
অলপ আনি দিওঁ দে" তেতিয়া হয়তো তাই কৈ দিব "দে অন্ততঃ এটা মতিৰ
কাৰণে।"
মতিৰ মাকৰ জৈৱিক
ক্ষুধাই উক কথাষাৰ স্পষ্ট কৈ নকৈ ইংগিতৰ সহায়ত প্ৰকাশ কৰা বাবে গল্পটো আকর্ষণীয় হৈ
পৰিল। ভবেন্দ্রনাথ শইকীয়াৰ এনে কথাৰ ইংগিতধর্মী ব্যঞ্জনা প্রায়েই দেখা যায়।
ভবেন্দ্রনাথ শইকীয়াৰ
গল্পত ব্যঙ্গও আছে আৰু সেই ব্যঙ্গ অতি তীব্র। কিন্তু তেওঁৰ গল্পৰ প্রধান আৰু
সকলোতকৈ মন কৰিবলগীয়া বৈশিষ্ট্যটো হ'ল বাস্তৱ জীৱনৰ যথাযথ আৰু পুংখানুপুংখ বর্ণনাৰ
চাতুর্থ। এনে বাস্তব ছবি চিত্ৰণৰ বৰ্ণনাৰ আগত তেওঁৰ গল্পৰ কাৰুণ্য, ব্যঙ্গ সকলোবোৰ
ম্লান পৰি যায়। সমাজ আলোচনাত শইকীয়াৰ গল্পত আছে। অনেকে ক'ব খোজে শইকীয়াৰ গল্পত সমাজ
সমালোচনা নাই। দৰাচলতে এয়া ভ্রান্ত ধাৰণা মাথোন। কিয়নো কোনো সাহিত্যকেই সমাজৰ
ঊর্ধত হ'ব নোৱাৰে। সমাজৰ সমালোচনা যিকোনো ৰূপতে লেখকজনৰ লেখনিত প্রকাশ পাবই।
ভবেন্দ্রনাথ শইকীয়াৰ গল্পটো সমাজৰ সমালোচনা আছে আৰু এই সমালোচনা ব্যঙ্গৰ মাজেৰে
প্ৰকাশ পাইছে।
ভবেন্দ্ৰনাথ শইকীয়াৰ
কেইটামান বিশেষ গল্প বিদেশৰ পটভূমিত ৰচিত। সেই গল্পসমূহৰ মাজেদি কিছুমান চিৰন্তন
মানৱীয় অনুভূতি প্রকাশ পাইছে। বিদেশৰ পটভূমিত ৰচিত তেওঁৰ গল্পসমূহৰ ভিতৰত 'নাটঘৰ', 'এই বন্দৰৰ আবেলি',
'পলায়ন' আদি উল্লেখযোগ্য।
নাটঘৰ গল্পটোৰ মাজেদি এঞ্জেলা নামৰ সৰ্বহাৰা গাভৰু এগৰাকীৰ জীৱনৰ মৰ্মান্তিক গাথা
বিধৃত হৈছে। এই বন্দৰৰ আবেলিৰ মুখ্য চৰিত্ৰ ইব্রাহিম মিঞাই বিদেশতো নিজৰ দেশৰ
সংস্কৃতি আৰু প্ৰমূল্য ৰক্ষা কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু সেই চেষ্টাত তেওঁ
কৃতকার্য নহৈছিল। ব্যঙ্গ ভাবৰ তীব্র গল্পটোত অনুভূত হয়। পলায়ণ গল্পটোত কিদৰে
এগৰাকী ভাৰতীয় মলৰ নাৰী ৰুক্মিণী দেৱী বিদেশৰ এগৰাকী তৰুণ গৱেষকৰ গৱেষণাৰ 'স্পেচিমেন' ৰূপে পৰিগণিত হৈছিল,
তাৰ মর্মস্পর্শী
বিৱৰণ আছে।
ভবেন্দ্ৰনাথ শইকীয়াৰ
গল্পত আধ্যাত্মিক উপলব্ধিৰ অভাৱ পৰিলক্ষিত হয়। জীৱনৰ চিৰন্তন মৌলিক প্রশ্ন বা
সমস্যাসমূহৰ অনুন্ধানে তেওঁৰ গল্পত অনুপস্থিত। এনে দুই এটি পট বিচ্যুতি থকা
সত্ত্বেও ভবেন্দ্রনাথ শইকীয়াৰ গল্পৰ আকর্ষণ আছে। গল্পবোৰত প্রয়োগ কৰা চিত্রধর্মী
বর্ণনা, বৰ্ণনাভংগীৰ চমৎকাৰিতাৰ বাবে ভবেন্দ্রনাথ শইকীয়াৰ গল্পৰ জনপ্রিয়তাও আছে। কিছু
খুটি-নাটি আৰু কিছু ইতিবাচক দিশৰ বৈশিষ্ট্যৰ বাবে অসমীয়া চুটিগল্পৰ ধাৰাটোও
ভবেন্দ্ৰনাথ শইকীয়াৰ এখনি সুকীয়া স্থান আছে। নিঃসন্দেহে ভবেন্দ্রনাথ শইকীয়া এগৰাকী
শ্রেষ্ঠ গল্পকাৰ।
২। ড° ভবেন্দ্র নাথ শইকীয়াৰ গল্পৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।
উত্তৰঃ সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ প্রাত্যাহিক জীৱনৰ
ঘটনাৱলীৰ সূক্ষ্মাতি-সূক্ষ্ম বিশ্লেষণ তেখেতৰ গল্পৰ ঘাই বিষয়ববস্তু। জীৱনৰ
খুঁটি-নাটিৰ পৰ্যবেক্ষণ ক্ষমতাই তেখেতৰ গল্পক স্বকীয়তা প্রদান কৰাৰ লগতে এক অনাবিল
সৌন্দর্য্য প্রদান কৰিছে। তাৰোপৰি বিষয়বস্তু আৰু চৰিত্ৰৰ সোণালী সংগম তেখেতৰ গল্পত
পৰিদৃশ্যমান। সেয়ে দীঘলীয়া গল্পবোৰেও পাঠকৰ সমাদৰ লাভ কৰাত সফল হৈছে। গল্পৰ
নামকৰণৰ ক্ষেত্ৰত তেখেতৰ সচেতনতা কেইবাটাও গল্পত পৰিলক্ষিত হৈছে। বোলছবি শিল্পৰ
লগত জড়িত তেখেতৰ গল্পৰ কলা-কৌশলে নান্দনিক সৌন্দৰ্য্য বহন কৰিছে। তাৰ মাজতে
অতিৰিক্ত বিশ্লেষণধর্মীতাৰ দোষেও তেখেতৰ দুই-এটা গল্পক স্পর্শ কৰিছে।
তেখেতৰ গল্পৰ
বৈশিষ্ট্য সম্পর্কে কেইগৰাকীমান বিশিষ্ট সমালোচকৰ বক্তব্য তলত দিয়া হ'ল।
মহেন্দ্ৰ বৰাৰ মতে,
"ভবেন্দ্রনাথ শইকীয়াৰ গল্পত আছে 'ডিটেইলছ'ৰ ধাৰ নিছিগা স্ফুৰণ। সত্যজিৎ ৰায়ৰ ছবি চাই যি
সোৱাদ পোৱা যায়, ডিটেইলছৰ সূক্ষ্মতম কাৰুকাৰ্য্যৰ বাবে ভবেন্দ্র নাথ শইকীয়াৰ গল্প পঢ়ি পোৱা যায়
একেটা সোৱাদ, একেটা কাৰণতে।"
ত্রৈলোক্যনাথ
গোস্বামীৰ মতে "ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ কাহিনী গ্রন্থন কৌশল অতুলনীয়। অনেক
সৰু-সুৰা ঘটনাৰ সহায়ত শইকীয়াই গল্পৰ কেন্দ্ৰীয় ঘটনাতো অধিক স্পষ্ট আৰু উজ্বল কৰি
তোলে।"
শৈলেন ভৰালীৰ মতে 'ভবেন্দ্রনাথ শইকীয়াই
দৈনন্দিন জীৱনৰ নিচেই সৰু-সুৰা ঘটনাৰ আধাৰত সুন্দৰ পৰিস্থিতি নিৰ্মাণ কৰি উলিয়াই
ভাববস্তুক ব্যঞ্জিত কৰি তোলে। সূক্ষ্ম পর্য্যবেক্ষণ শক্তি আৰু মার্জিত প্রকাশভংগী
তেওঁৰ গল্পৰ সম্পদ।"
ওপৰৰ মন্তব্যবোৰৰ
পৰা দেখা গ'ল যে গল্পকাৰে জীৱনৰ ঘটনাৱলীক পুংখানুপুংখভাৱে ফঁহিয়াই দেখুওৱাৰ কৌশল গল্পত
প্ৰয়োগ কৰিছিল। চৰিত্ৰ সৃষ্টি আৰু ঘটনাৰ চিত্ৰণ তেখেতৰ প্রধান লক্ষ্য বুলি নিজেই
অভিমত প্রকাশ কৰিছে। গল্পবোৰ লক্ষ্য কৰিলে দেখা যায় তেখেতৰ গল্পৰ উপস্থাপন শৈলী
সুকীয়া। বিদেশী গল্পকাৰ মোপাছাঁ, চেকভ, চাৰ এড্গাৰ এলেন পো'ৰ প্রভাৱ কিছু পৰিমাণে
তেখেতৰ গল্পত পৰিছে। বাস্তৱ ঘটনাৰ সু-সংহত আৰু কলাত্মক উপস্থাপন তেখেতৰ গল্পৰ
বিশেষত্ব। কিছুমান গল্পত মানুহৰ মনোজগতৰ সন্ধান মনস্তাত্বিক দৃষ্টিভংগীৰে চাবলৈ
প্ৰয়াস কৰিছে। মুঠতে এগৰাকী কর্ম-কুশল, সচেতন, সমাজৰ প্ৰতি দায়বদ্ধ গল্পকাৰ হিচাপে ভবেন্দ্রনাথ
শইকীয়াই অসমীয়া সাহিত্যত বিশেষ স্থান অধিকাৰ কৰিছে।
Important Question Answer
(For Paid User)
Join our membership Plan
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)