GU BA 2nd Sem

Assamese

Chapter 3 Question Answer

বাণীকান্ত কাকতিঃ 'কবিৰ অহৈতুকী প্ৰীতি'

অতি চমু প্রশ্নোত্তৰঃ

১। অসমীয়া সাহিত্যৰ কৃতবিদ্য সমালোচক বাণীকান্ত কাকতিৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল?

উত্তৰঃ অসমীয়া সাহিত্যৰ কৃতবিদ্য সমালোচক বাণীকান্ত কাকতিৰ ১৮৯৪ চনৰ নৱেম্বৰ মাহৰ ১৫ তাৰিখে জন্ম হয় বৰপেটাৰ বাটিকুৰিহা গাঁৱত

২। বাণীকান্ত কাকতিৰ গৱেষণা-গ্রন্থখনৰ নাম কি?

উত্তৰঃ  Assamese: Its Formation and Development.

৩। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু হিচাপে বাণীকান্ত কাকতিয়ে কেতিয়া কাৰ্যভাৰ গ্রহণ কৰিছিল?

উত্তৰঃ ১৯৪৯ চনত

৪। বাণীকান্ত কাকতিয়ে লিখা শিশু উপযোগী পুথিখনৰ নাম কি আৰু সেইখন কেতিয়া প্রকাশ পাইছিল?

উত্তৰঃ পখিলা, এই পুথিখন ১৯৫১ চনত প্রকাশ পাইছিল

৫। ড° বাণীকান্ত কাকতিৰ 'কবিৰ অহৈতুকী প্রীতি' প্ৰবন্ধটো তেওঁৰ কোনখন পুথিৰ অন্তর্গত?

উত্তৰঃ 'সাহিত্য আৰু প্রেম'ৰ অন্তৰ্গত

৬। অমৰ মহাকাব্য 'ঐশ্বৰিক কাব্য' (Divine Comedy) কোনে ৰচনা কৰিছিল?

উত্তৰঃ ইটালীৰ মহাকবি ডাল্টে বিয়েট্রীছ নামৰ এজনী ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ। 

৭। ন বছৰ বয়সতে বিয়েট্ৰীছ নামৰ এজনী ছোৱালীৰ প্ৰণয় পাশত কোন আৱদ্ধ হৈ পৰে?

উত্তৰঃ ইটালীৰ মহাকবি ডাল্টে

৮। সহজীয়া পন্থৰ অতি উত্তম খাপৰ কবি চণ্ডীদাসে কাক ভাল পাইছিল?

উত্তৰঃ ৰামী নামেৰে এজনী ধুবুনীক ভাল পাইছিল

৯। কবিৰ মনত কোন চিৰ সৌন্দৰ্যময়ী?

উত্তৰঃ কবিৰ মনত বিয়েট্ৰীছ চিৰ সৌন্দৰ্যময়ী

১০। চিন্তাশীল সমালোচক বাণীকান্ত কাকতিয়ে ডাণ্টেৰ প্ৰেমক কাৰ প্ৰেমৰ সৈতে তুলনা কৰিছে?

উত্তৰঃ কাকতিয়ে ডাণ্টেৰ প্ৰেমক চণ্ডীদাসৰ প্ৰেমৰ সৈতে তুলনা কৰিছে


চমু প্রশ্নোত্তৰঃ


১। বাণীকান্ত কাকতিৰ গ্ৰন্থ 'সাহিত্য আৰু প্রেম'ৰ প্ৰথম ৰচনা কি আৰু ইয়াৰ বিষয়বস্তু কি

উত্তৰঃ কাকতিৰ সাহিত্য আৰু প্ৰেমৰ প্ৰথম ৰচনা হ''নিশাদূত'বৈদিক সাহিত্যৰ বৃহদেৱতা গ্ৰন্থৰ পৰা ৰচনাটি সংকলন কৰা হৈছে। ইয়াত ৰাজর্ষি দাৰ্ভৰৰ্থৱীতিৰ কন্যা যশস্বিনী বি ৰাজকুমাৰীৰ প্ৰতি সৃষ্টি হোৱা পুৰোহিত অৰ্চনাসৰ পুত্র শ্যাৱাশ্বৰ সৰল, কোমল প্ৰেমৰ বৰ্ণনা কৰা হৈছে

২। ড° বাণীকান্ত কাকতিৰ 'কবিৰ অহৈতুকী প্রীতি' প্ৰবন্ধটোৰ তাৎপর্য কি?

উত্তৰঃ 'সাহিত্য আৰু প্রেম' ৰ পঞ্চম প্ৰৱন্ধ হ''কবিৰ অহৈতুকী প্রীতি'প্ৰৱন্ধটোত কাকতিয়ে ইউৰোপ আৰু ভাৰতৰ দুজন প্ৰেমৰ কবিক একেলগ কৰি দেখুৱাইছে। চণ্ডীদাসৰ ৰামী ধুবুনীৰ প্ৰতি প্ৰেম আৰু ডাণ্টেৰ বিয়েট্ৰিছৰ প্ৰতি প্রেম একেশাৰীৰ নিষ্কাম বস্তু। ই দুয়োজনৰ বাবে সৃষ্টিৰো প্ৰেৰণা। অর্থাৎ প্রেম সাহিত্যৰ প্ৰেৰণা হোৱাৰ নিদৰ্শন হ'ল চণ্ডীদাসৰ কাব্য আৰু ডাণ্টেৰ ডিভাইন কমেডি। শাৰীৰিক আৰু ঐহ্যিক বাসনাৰ প্ৰৱলতাতকৈ আধ্যাত্মিক প্ৰেমৰ মাধুর্য, শ্রেষ্ঠত্ব আৰু আদৰ প্ৰবন্ধটোত ব্যাখ্যা কৰা হৈছে। চণ্ডীদাস-ৰামী আৰু ডাল্টে-বিয়েট্ৰিছৰ গভীৰ প্ৰেমৰ মাহাত্ম্য ব্যাখ্যা কৰি অৱশেষত কাকতিয়ে অনুভৱ কৰিছে আৰু সিদ্ধান্তলৈ আহিছে যে 'কবিৰ মনত প্ৰেম আৰু বিশ্বশক্তি অভিন্ন পদার্থ।' সাহিত্য সমালোচক মহেশ্বৰ নেওগৰ ব্লতে এয়াই হ'ল ৰহস্যবাদ

          তেজ মঙহৰ স্থুল প্ৰেমৰ পৰা কাকতিয়ে বাৰে বাৰে অতিেন্দ্ৰয়, অহৈতুক নিষ্কাম প্ৰীতিৰ ধাৰণা আৰু তাৰ সাহিত্যিক অভিব্যক্তিলৈ ঘূৰি ঘূৰি আহিছে। ইয়াত কেৱল প্রেমিক হৃদয়ৰ আকুলতাৰ কথা নাই, আছে একোজন বিদগ্ধ পণ্ডিতৰ প্ৰতিভা আৰু দক্ষতাৰো কথা। অসমীয়া সাহিত্যত আন কোনো লেখকে প্রাচ্য আৰু পাশ্চাত্যৰ এই দুজন প্রতিভাধৰ ব্যক্তি চণ্ডীদাস আৰু ডাণ্টেৰ প্রেমানুভূতিৰ প্ৰসঙ্গ একেশাৰীতে ৰাখি গভীৰ চিন্তা আৰু অনুভূতিশীল মনেৰে আলোচনা কৰাৰ উদাহৰণ পোৱা নাযায়। নিষ্কাম প্রেমক আদর্শপূর্ণ 'উচ্চ সংস্কৃতি' ৰূপে গ্রহণ কৰা বাবেই কাকতিৰ চিন্তাই এনে বিশ্লেষণ আগবঢ়াবলৈ সমর্থ হৈছে

ৰচনাধর্মী প্রশ্নোত্তৰঃ


১। ডাণ্টেৰ প্রেম কেনেকুৱা আছিল

উত্তৰঃ ইটালী দেশৰ কবি ডাল্টেই প্ৰেমৰ অপূর্ব অভিজ্ঞতা পোন প্ৰথমবাৰৰ বাবে লাভ কৰিছিল ন বছৰ বয়সতে। এখন ভোজমেলত দূৰৰ পৰা মাত্র তেওঁ এজনী ছোৱালী দেখা পাইছিল। কিন্তু ন বছৰীয়া এজন কিশোৰৰ এই অভিজ্ঞতা তেওঁৰ জীৱনৰ বাবে হৈ পৰিল জীৱনজোৰা এক মাদকতা, এক মধুৰ স্মৃতি। এই দর্শনত তেওঁ প্ৰণয়ী গৰাকীৰ সৈতে সাধাৰণ কথা-বতৰাও পতা নাছিল। কিন্তু এটা মাত্র দর্শনৰ অনুভৱে তেওঁৰ মন সম্পূৰ্ণকৈ আচ্ছন্ন কৰি পেলালে আৰু তেওঁ উপলব্ধি কৰিলে যে এক মুহূৰ্তৰ বাবে দেখাৰ সৌভাগ্য হোৱা সেই ছোৱালীজনীয়ে তেওঁৰ বাবে হৈ ৰ'ব প্ৰেম আৰু শক্তি প্রতিমূর্তি। ইয়াৰ পিছত সময় বাগৰিব। ন বছৰ পিছত ডাল্টেই তেওঁৰ প্ৰেমৰ অধিষ্ঠাত্রী বিয়েট্ৰীছক ৰাস্তাত এবাৰ দেখা পালে। সৌজন্যমূলক এক নমস্কাৰৰ বাহিৰে তেওঁলোকৰ মাজত এইবাৰো কোনো কথা-বার্তা নহ'ল। ডাল্টে আৰু বিয়েট্ৰীছৰ মাজত এই দুবাৰেই মাত্র দেখাদেখি। প্রণয়সূচক আলাপ, দৃষ্টি, সম্বন্ধ আদি তেওঁলোকৰ মাজত কেতিয়াও কোনো মুহূর্ততে হোৱা নাই। অথচ ডাল্টে সেই বিয়েট্ৰীছৰ প্ৰেমত গভীৰভাৱে বন্দী

         বিয়েট্ৰীছৰ বেলেগ পুৰুষৰ লগত বিয়া হৈ গ'ল। কিন্তু ডাণ্টেৰ প্ৰেমৰ তীব্রতা নকমিল। দুবাৰ মাত্র দেখাৰ সৌভাগ্য হোৱা ছোৱালীজনীৰ প্ৰতি ডান্টে ইমানেই সহমর্মী আছিল বা তেওঁৰ সৈতে ইমানেই একাত্ম অনুভৱ কৰিছিল যে বিয়েট্ৰীছৰ পিতাক ঢুকোৱাৰ খবৰ শুনি ডাণ্টেৰ নৰিয়াত পৰিবলগয়ো অৱস্থা হ'ল। অথচ বিয়েট্ৰীছৰ পিতাকতো বাদেই বিয়েট্ৰীছৰ লগতেই তেওঁ কোনো প্রত্যক্ষ সম্বন্ধ নাই। বিয়েট্ৰীছৰ মৃত্যু সংবাদে ডাণ্টেক মর্মাহত কৰিছে, কিন্তু তেওঁৰ প্রেম সামান্যভাবেও টুটাব পৰা নাই। বিয়েট্ৰীছৰ মৃত্যুৰ পিছত আন এজনী ছোৱালীক এবাৰৰ বাবে বিয়েট্ৰীছৰ দৰে ৰূপহী আৰু শান্ত বুলি তেওঁৰ ক্ষণিকলৈ অনুভৱ হৈছে। কিন্তু লগে লগে সেয়া তেওঁ পাপ বুলি অনুভৱ কৰিছে। অথচ বিয়েট্ৰীছ সেই সময়ত ইহ জগতত নাই। বিয়েট্ৰীছৰ প্ৰতি ডাণ্টেৰ প্রেম একান্তভাৱে তেওঁৰ নিৰ্জন মনৰ অনুভৱ আৰু হাবিয়াস। সেয়েহে তেওঁ বন্ধুসকলকো ইয়াৰ কথা জনোৱা নাছিল বা বিয়েট্রীছক নিজৰ কৰি পাবলৈ তেওঁ কোনো চেষ্টাও চলোৱা নাছিল। যি প্রেমে তেওঁক অহর্নিশে উদ্বাউল কৰি ৰাখিছিল, মন- প্রাণ গ্রাস কৰি পেলাইছিল তাকলৈ ডাণ্টেৰ কোনো পার্থির আশা বা কামনা নাছিল। ঐহ্যিক বাসনাৰ সামান্য প্ৰভাৱো ডাণ্টেৰ প্ৰেমত নাই। সেয়েহে বিবাহ, মৃত্যু আদি বাস্তৱ জগতৰ ঘটনাবোৰে তেওঁৰ প্ৰেমক আঘাত কৰিব পৰা নাই। বৰঞ্চ ৪৭ বছৰ জীয়াই থকা ডাল্টেইক ন বছৰৰ পৰা ধৰি গোটেই জীৱনকাল বিয়েট্ৰীছৰ প্রেমে জীৱনীশক্তি দিলে, প্ৰেৰণা দিলে। বিয়েট্রীছক নোপোৱাৰ দুখত তেওঁ গুৰুত্ব দিয়া নাই- তেওঁৰ গুৰুত্ব বিয়েট্ৰীছৰ প্ৰতি থকা প্রেমত

        দুবাৰ মাত্র সামান্যভাৱে দেখিবলৈ পোৱা বিয়েট্ৰীছৰ প্ৰেমে ডাণ্টেৰ সমগ্র সত্তা আৱৰি পেলালে যদিও তেওঁৰ এই অনুভৱ কেৱল বাস্তৱবিমুখ ভাবালু ডেকাৰ মানসিক উত্তেজনা নহয়, কাৰণ প্ৰেমত ঘূর্ণয়েমান এই অশান্ত অৱস্থাৰ সমান্তৰালভাৱে তেওঁ ৰাজনৈতিক আন্দোলন আদিতো সক্রিয়ভাবে অংশলৈছিল আৰু গভীৰ অধ্যয়নো কৰিছিল। অৰ্থাৎ ডাণ্টেৰ সীমাহীন প্রেমে তেওঁৰ ব্যক্তিত্বক নি ক'ৰবাত জাজীৰ দৰে দলিয়াই পেলাবলৈ সক্ষম হোৱা নাছিল। তেওঁৰ তীব্র প্রেম তেওঁৰ বাবে প্ৰেৰণা হ', সৃজনী শক্তি হ', যাৰ পৰিণতিত বিশ্ব সাহিত্যত সংযোগ হ'ল অমৰ মহাকাব্য ডিভাইন কমেডি। অর্থাৎ প্রেমিক হৃদয়ৰ সুতীব্র অনুভৱ আৰু নির্মল উপলব্ধিয়ে জন্ম দিলে অসাধাৰণ গ্রন্থৰ। তাতেই কবিয়ে নিজৰ প্ৰেম সম্পর্কে যি আশাৰ কথা কৈছে সিয়েই তেওঁৰ প্ৰেমৰ স্বৰূপ আৰু গভীৰতা বুজাবলৈ যথেষ্ট- “যি প্ৰেমৰ তাড়নাত সূর্য আৰু নক্ষত্ৰাৱলীয়ে ঘূৰিব লাগিছে, সেই প্রেমেই গাড়ীৰ চকৰিৰ দৰে মোৰ ইচ্ছা আৰু বাসনাক নিয়ন্ত্রিত কৰিছে।" অর্থাৎ নক্ষত্রমণ্ডলীৰ যি দৈনিক আৱৰ্তন আৰু জ্যোতি তাত কোনো প্রাপ্তি-অপ্রাপ্তিৰ কথা নাই, ঠিক সেইদৰে প্ৰেমিক ডাণ্টেৰ ক্ষেত্ৰটো একেটা কথাই খাটে। তেওঁৰ প্ৰেমে একো বিনিময় আশা কৰা নাই। নির্মল প্ৰেমতেই তেওঁৰ সুখ আৰু এই সুখ বা আহ্লাদেই তেওঁৰ কাব্যৰ মূল আধাৰ আৰু শক্তি। সেয়েহে সূক্ষ্ম চিন্তাশীল সমালোচক বাণীকান্ত কাকতিয়ে ডাণ্টেৰ এই প্রেমক পূর্বে উল্লিখিত চণ্ডীদাসৰ প্ৰেমৰ সৈতে তুলনা কৰিছে। দুয়োটাতেই দেখাগৈছে প্রেমগৈ অদম্য ভঙ্গিত পৰিণত হোৱাৰ এক উজ্জ্বল ছবি। সেইবাবেই কাকতিও সিদ্ধান্তলৈ আহিছে যে কবিৰ মনত প্রেম আৰু বিশ্বশক্তি অভিন্ন পদার্থ, কাৰণ ডাল্টে বা চণ্ডীদাসৰ প্ৰেম সীমাবদ্ধ কামনাৰে নির্ণিত অনুভৱ নহয়। বৰঞ্চ ই এক নান্দনিক আৰু স্থায়ী মোহনীয় অনুভূতিহে। অসীমৰ প্ৰতি ধাৱমান হোৱাৰ হেঁপাহ এটায়ো যেন ইয়াৰ মাজত ক্রিয়া কৰিছে। সেয়েহে এই প্রেমৰ স্বৰূপ নির্মল, সীমাহীন আৰু সৃষ্টিশীল

২। ড° বাণীকান্ত কাকতিৰ সাহিত্যকৃতিৰ চমু পৰিচয় দাঙি ধৰি তেওঁৰ গদ্যৰীতি চমুকৈ বিশ্লেষণ কৰা

উত্তৰঃ ° বাণীকান্ত কাকতি মূলতঃ অসমীয়া ভাষা সংস্কৃতিবিদ পণ্ডিত হিচাপে জনাজাত হোৱা উপৰি এগৰাকী বিশিষ্ট সাহিত্যিক হিচাপেও তেওঁ জনাজাত

       বৰ্তমানৰ বৰপেটা জিলাৰ অন্তৰ্গত বাটিকুৰিহা গাঁৱত জন্ম গ্ৰহণ কৰা (১৮৯৪-১৯৫২) বাণীকান্ত কাকতিয়ে ইংৰাজী সাহিত্যৰ দুয়োটা শাখাতে এম এ পাছ কৰি গুৱাহাটীৰ কটন কলেজত অধ্যাপক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে আৰু পাছত সেই কলেজতে অধ্যক্ষও হয়। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ৰূপে কাম কৰে আৰু বিশ্ববিদ্যালয়ৰ 'কলা গুৰু'ও হয়

         অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য দুয়োটা বিষয়ৰে আলোচনাত ড° বাণীকান্ত কাকতিয়ে যি বৰঙণি আগবঢ়াই গৈছে, তাৰ বাবে তেওঁ অসমীয়া জাতিৰ মনত সততে চিৰস্মৰণীয় হৈ ৰ'ব। কাকতিয়ে ১৯৩৫ চনতে অসমীয়া ভাষাৰ বিষয়ে 'Assamese its Formation and Development' নামৰ গ্রন্থ প্রণয়ন কৰি কলকাতা বিশ্ববিদ্যালয়ৰপৰা পি. এইচ, ডি ডিগ্রী লাভ কৰে। এই গ্রন্থখন ১৯৪১ চনত প্রকাশিত হয় আৰু এইখন গ্ৰন্থৰ যোগেদিয়েই কাকতিয়ে অসমীয়া ভাষা যে বঙলাৰ দৰেই এটা স্বতন্ত্র ভাষা সেই কথা প্রতিপন্ন কৰায়

         ° বাণীকান্ত কাকতিয়ে বাঁহী, জয়ন্তী, ৰংঘৰ, ৰামধেনু আদি অসমীয়া আলোচনীসমূহৰ যোগেদিয়েই সাহিত্য ৰচনা, বিশেষকৈ অসমৰ ধৰ্ম, সংস্কৃতি আদি বিষয়ৰ লগত জড়িত বিবিধ প্রবন্ধ ৰচনা কৰিছিল। জয়ন্তীৰ পাতত ওলোৱা চিন্তামূলক প্ৰৱন্ধসমূহৰ সঘন অৰিহণাদাতা আছিল বাণীকান্ত কাকতি। কাকতিয়ে বৈজ্ঞানিক আৰু সামাজিক নৃতত্বৰ বিচাৰত ধৰ্মীয় - বিষয়সমূহ চালিজাৰি সেইবোৰৰ আলোচনাৰ যোগেদি অসমীয়া জাতিক নতুন দিশৰ সম্ভেদ দিবলৈ বিচাৰিছিল। 

        ° বাণীকান্ত কাকতিৰ বহুমূলীয়া প্ৰৱন্ধসমূহ তেওঁৰ 'প্রাচীন কামৰূপৰ ধৰ্মৰ ধাৰা' (১৯৫৫), 'পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্রেম', কলিতা জাতিৰ ইতিবৃত্ত' আদি গ্রন্থসমূহত সন্নিবিষ্ট ভাষাতেই লিখা 'Mother হৈছে। তেওঁৰ ইংৰাজী ভাষাত লিখা গৱেষণাগ্রন্থখনৰ বাহিৰেও ইংৰাজী Goddess Kamakhya'ও এখন বহুমূলীয়া গ্রন্থ। শিশু উপযোগী কাল্পনিক কাহিনী সম্বলিত পুথি 'পখিলা'ও ড° বাণীকান্ত কাকতিয়ে লিখা এখন অনুপম পুথি। ড' কাকতিৰ মৰণোত্তৰ ভাৱে প্রকাষিত 'বাণী প্রতিভা'তো তেওঁৰ আধুনিক অসমীয়া সাহিত্য সম্পৰ্কীয় সমালোচনামূলক নিৱন্ধৰাজি সন্নিৱিষ্ট হৈছে

         সমালোচকৰ ভাষাত 'বেজবৰুৱাৰ পাছত সমালোচক হিচাপে শ্রেষ্ঠতাৰ দাবী কৰিব পাৰে ড° বাণীকান্ত কাকতিয়ে। ড° কাকতিৰ 'পুৰণি অসমীয়া সাহিত্য' আৰু 'সাহিত্য আৰু প্রেম' এই দুখন গ্রন্থ সাহিত্যিক মানদণ্ডেৰে যথেষ্ট উন্নত। এই দুখন গ্রন্থৰ লগতে তেওঁ লিখা আধুনিক যুগৰ বিভিন্ন কবিৰ কাব্যৰ ভূমিকাসমূহত আৰু ধর্ম আৰু সাহিত্য বিষয়ক অন্যান্য বিবিধ সমালোচনামূলক প্ৰৱন্ধ সমূহ অতি উল্লেখযোগ্য। ড° কাকতিৰ গভীৰ সাহিত্য আৰু মননশীলতা এই প্ৰৱন্ধসমূহৰ যোগেদি পৰিব্যাপ্ত হৈ উঠিছে। কাকতিয়ে অতি নিৰপেক্ষভাৱে অসমীয়া ভালেকেইজন কবিৰ কবিতাৰ বিষয়ে চমকপ্রদ আলোচনা সন্নিৱিষ্ট কৰিছে এই প্ৰৱন্ধসমূহত

         সাহিত্য সম্পর্কীয়ই হওক বা ধর্ম সংস্কৃতি সম্পৰ্কীয় প্ৰৱন্ধই হওক ড° কাকতিৰ সমীক্ষা আছিল সততে ব্যাখ্যাত্মক আৰু তুলনামূলক। ভাৰতীয় সংস্কৃত সাহিত্যৰ লগতে পাশ্চাত্য সাহিত্যৰ সৈতেও ড° কাকতিৰ আছিল গভীৰ পৰিচয়। এই পৰিচয় তেওঁৰ আলোচনাসমূহত অতি সুন্দৰভাৱে জিলিকি উঠা দেখিবলৈ পোৱা গৈছে। সমালোচকৰ ভাষাত সংস্কৃত আৰু পাশ্চাত্য সাহিত্যৰ লগত গভীৰ পৰিচয়ে তুলনামূলক অধ্যয়ন কৰিবলৈ আৰু আলোচ্য গ্ৰন্থৰ ব্যাখ্যাত্মক সমালোচনা অর্থাৎ সকলো প্ৰকাৰ বাহ্য আৰু আভ্যন্তৰিক তত্ত্ব, পৰিস্থিতি আৰু ভাবনাৰ আলোচনা কৰিবলৈ তেওঁক সুবিধা দিছিল।' ° কাকতিয়ে তেওঁৰ তীক্ষ্ণ আৰু অর্ন্তপ্ৰৱেশী পর্যবেক্ষণ শক্তি, বৈজ্ঞানিক দৃষ্টিভংগী আৰু অকাট্য যুক্তিৰে বক্তব্য বিষয়বোৰ অতি সুন্দৰভাৱে মনোগ্ৰাহীকৈ উপস্থাপন কৰিছিল। সাধাৰণ পাঠকৰ দৃষ্টিগোচৰ নোহোৱা কাব্য-সৌন্দৰ্যৰ আৱিষ্কাৰ কৰিও তেওঁ সেইবোৰ সাধাৰণ পাঠকৰ আগত দাঙি ধৰিবলৈ সমৰ্থ হৈছিল

         ঊনবিংশ শতিকাৰ সময়ৰ ইংৰাজী সাহিত্য আৰু সমালোচনাই ড° কাকতিৰ দৃষ্টিভংগী গঢ়ি তুলিছিল যদিও তেওঁ ভৱিষ্যতৰ অসমীয়া সাহিত্য অসমৰ সকলো জাতি-প্ৰজাতি আৰু জনজাতিৰ বাবে উপযোগী আৰু গ্রহণযোগ্য হ'ব বলি তাৎপর্যপূর্ণ মন্তব্যও দিছিল। মুঠতে ক'বলৈ গ'লে অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ আলোচনাৰ দিশত ড° বাণীকান্ত আছিল অসমৰ উত্তৰ পুৰুষৰ বাবে আদর্শ ব্যক্তি; তেওঁৰ উচ্চমানৰ অধ্যয়ন পিপাসা, নিষ্ঠাৰ ঐকান্তিকতা আৰু অসমৰ সম্পদ ঐতিহ্যৰ সুপৰিকল্পিত উদঘাটনে অসমীয়া পাঠক-সমালোচকক প্রকৃত বাটৰ প্ৰদৰ্শন কৰিছিল। এই দিশেৰে অসমীয়া ভাষা-সাহিত্যত কাকতিৰ বৰঙণি অতি উল্লেখনীয়

         সাহিত্যৰ আলোচনাৰ দিশত ড° বাণীকান্ত কাকতিৰ গদ্যৰীতিয়েও বিশেষ স্থান লাভ কৰিছে। প্রাচ্য আৰু পাশ্চাত্য সাহিত্যৰ অধ্যয়নপুষ্ট ড° কাকতিৰ গদ্য-সাহিত্য উপমা উদাহৰণৰ দ্বাৰা আৰু শব্দ প্ৰয়োগৰ ঔচিত্য আদি গুণৰদ্বাৰা সমৃদ্ধ। কাকতিৰ প্ৰৱন্ধসমূহত উত্তম গদ্য বাবে প্রয়োজনীয় স্পষ্টতা, সংক্ষিপ্ততা আৰু শিষ্টতা আদি গুণবোৰ সততে পৰিলক্ষিত হয় তেওঁ বহতো তৎসম শব্দৰ প্ৰয়োগ কৰিছে যদিও সেইবোৰ সচৰাচৰ প্ৰচলিত তদ্ভৱ শব্দৰ লগত অতি সুন্দৰভাবে মিলাই গদ্য-সাহিত্য ৰসগ্রাহী কৰি তুলিছে। কাকতিৰ গদ্যত অসমীয়া জতুৱা ঠাঁচ আৰু প্ৰবাদ পটন্তৰৰ প্রয়োগ কম যদিও সেইবাবে তেওঁৰ গদ্য নিম্নস্তৰৰ বুলি ক'ব নোৱাৰি নাইবা তাৰ বাবে তেওঁৰ গদ্যই সৌষ্ঠবো হেৰুৱাবলগীয়া হোৱা নাই। ইয়াৰ ফলত কাকতিৰ গদ্য গাম্ভীর্যপূৰ্ণ হৈ পৰিছে বুলিহে সমালোচকে মত প্ৰকাশ কৰিছে। ইয়াৰ উপৰি কম শব্দৰ যোগেদি অধিকভাবে প্রকাশ কৰিব পৰাটোও কাকতিৰ ৰচনাৰ এক বিশেষ গুণ হিচাপে অভিহিত কৰা হয়

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)