GU BA 2nd Sem
Assamese
Chapter 5 Question Answer
নীলমণি ফুকনঃ 'কেনে আছোঁ মোক নুসুধিবা'
▶▶ অতি চমু প্রশ্নোত্তৰঃ
১। 'কেনে আছোঁ মোক নুসুধিবা' কবিতাটিৰ কবি কোন?
উত্তৰঃ কবি নীলমণি ফুকন।
২। ভবেন বৰুৱাই প্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ গোলাপী জামুৰ লগ্ন।
৩। নীলমণি ফুকনৰ কবিতাৰ প্রধান বৈশিষ্ট্য কি?
উত্তৰঃ প্রতীক আৰু চিত্ৰকল্পৰ প্রয়োগ।
৪। নীলমণি ফুকনে তেওঁৰ কবিতাত চিত্রকল্পৰ স্থান সম্পৰ্কত 'সাগৰতলিৰ শংখ'ৰ সাক্ষাৎকাৰত কি
কৈছিল?
উত্তৰঃ 'মোৰ কবিতা চিত্রকল্প প্রধান। অবশ্যে বিধ বিধ
প্ৰকাৰৰ চিত্রকল্প মই ৰচনা কৰা নাই। চিত্রকল্পই মোৰ ভাষা, মোৰ ভাবৰ বাহন। চিত্ৰকল্পৰ
মাধ্যমতেই মই ভাবোঁ, উপলব্ধি কৰোঁ।"
৫। নীলমণি ফুকনৰ 'নৃত্যৰতা পৃথিবী' কাব্যগ্রন্থখনি কিমান চনত
প্রকাশ হয়?
উত্তৰঃ ১৯৮৫ চনত।
৬। নীলমণি ফুকনৰ 'সূর্য হেনো নামি আহে এই নদীয়েদি' কবিতাটোৰ মূল
অনুপ্ৰেৰণা কি?
উত্তৰঃ এটা প্রাচীন মিচৰীয় মিথ আৰু এখন মিচৰীয় প্রাচীৰ
চিত্র।
▶▶ চমু প্রশ্নোত্তৰঃ
১। কবি নীলমণি ফুকনৰ কবিতাৰ বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ ফুকনৰ কবিতা সম্পর্কে আটাইতকৈ বেছি উচ্চৰিত
অভিযোগটো হ'ল তেওঁৰ কবিতাৰ দুর্বোধ্যতা আৰু জটিলতা আহিছে তেওঁৰ কবিতাত প্ৰচুৰ পৰিমাণে
প্রয়োগ হোৱা প্রতীক আৰু চিত্ৰকল্পৰ যোগেদি। ফুকনে পোনপটীয়াভাবে কোনো বক্তব্য
কবিতাত দাঙি নধৰে। আনহাতে, কবি নীলমণি ফুকন শব্দ প্রয়োগত বৰ মিতব্যয়ী। এই
মিতব্যয়িতাৰ ফলত সৰহ-সংখ্যক কবিতাৰ আকৃতি ক্ষুদ্র। কম কথাত, তাকো প্রতীকৰ যোগেদি ৰূপ
দিয়া বাবে তেওঁৰ কবিতাৰ মৰ্মাৰ্থ সাধাৰণ পাঠকে বুজি নোপোৱাটো স্বাভাৱিক। এইগৰাকী
কবিৰ কবিতা বুজিবলৈ হ'লে পাঠক যথেষ্ট অধ্যয়নশীল হোৱাৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা
সাহিত্যিক আন্দোলনসমূহৰ লগত পৰিচিত হোৱাটোও প্রয়োজন হৈ পৰে। জাপানী 'হাইকু আৰু টংক'
স্পেনীজ কবি
গার্থিয়া লকা, ফ্ৰন্সৰ প্রতীকবাদী আন্দোলনৰ লগত ফুকনৰ কবিতাৰ এটি নিবিড় যোগসূত্র আছে।
এইখিনিতে মনকৰিবলীয়া আন এটি কথা হ'ল সাম্প্রতিক যুগৰ অসমীয়া কবিসকলৰ ভিতৰত ফুকনৰ
কবিতাই থলোৱা অৰ্থাৎ নিভাঁজ অসমীয়া শব্দৰ প্ৰয়োগ নাই বুলিলেও হয়। চহা-জীৱনৰ লগত
জড়িত শব্দ আৰু চিত্রকল্প নিমার্ণত ফুকন সিদ্ধহস্ত। বিষয়-বস্তুৰ ফালৰপৰা এইগৰাকী
কবিৰ কবিতাত বিষন্নতাবোধৰ ছাঁ অধিকভাৱে ঘণীভূত। সেইবাবে বহুসংখ্যকত কবিতাত নিৰাশা,
হতাশা, দুঃস্বপ্ন আদিয়ে
স্থান অধিকাৰ কৰি আছে।
▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। নীলমণি ফুকনৰ কবিতাত আধুনিক কবিতাৰ কি কি লক্ষণ প্রতিফলিত হৈছে আলোচনা কৰা।
উত্তৰঃ নৱন্যাস আন্দোলনৰ শেষছোৱাৰ কবি নীলমণি ফুকনৰ
কবিতাত ৰোমাণ্টিক কবিসকলৰ দৰে সৌন্দৰ্যৰ সন্মোহনে মোহিত কৰিলেও কবিয়ে সেই সৌন্দর্য
উপভোগত আপোন পাহৰা হোৱা নাই। তেওঁৰ কবিতা ভাৰতীয় দৰ্শন আৰু প্রতীক, চিত্রকল্পৰে
অৰ্থব্যঞ্জক কৰি তুলিছে। প্রতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰ ফুকনৰ কবিতাৰ এক বিশেষ
বৈশিষ্ট্য। তাৰ ফলতে তেওঁৰ কবিতা দুর্বোধ্য হৈ পৰা বুলি সমালোচকসকলে ক'ব বিচাৰে। ফুকনদেৱৰ
কবিতাত অতীন্দ্রিয়বাদৰ প্রভাৱ পৰিলক্ষিত হৈছে। 'মানসী' নামৰ কবিতা পুথিখনৰ
পাতনিত কবিয়ে উল্লেখ কৰিছে- “মানুহ চিৰকাল সৌন্দৰ্যৰ উপাসক। মানুহে প্রথমতে
প্রকৃতি জগতত সৌন্দৰ্যৰ বিকাশ দেখে। এই সৌন্দৰ্যৰ উপাসনা কৰোঁতে কৰোঁতে অন্তর্মুখী
মানুহে দেখিবলৈ পালে যে, সৌন্দৰ্যৰ আধাৰ দৃশ্যমান জগত নহয়। সৌন্দর্য
প্রকৃততে অতীন্দ্রিয় জগতক উপলব্ধি কৰিবলৈ বিচাৰিছে প্রকৃতি জগতৰ বাহ্যিক সৌন্দৰ্যৰ
প্রতীকেৰে। কবিৰ সূক্ষ্ম অনুভূতিয়ে জাগতিক সৌন্দর্যতে মোহাচ্ছন্ন হৈ পৰিছে।
সন্ধিয়াৰ আকাশৰ কপালৰ ৰঙা সেন্দুৰৰ ফোঁট, আহাৰ মাহৰ মেঘমালাক আকোৱালি লোৱা দৃশ্য, শৰতৰ ৰূপালী নিশা
আদি মনোৰমা দৃশ্যৰ মাজেৰে কবিয়ে মানসীক বিচাৰিছে। কিন্তু মানসীক হৃদয়ৰে উপলব্ধি
কৰিবলৈ গৈ প্রকৃতিৰ সৌন্দৰ্যৰ মাজতে কবি মন্ত্রমুগ্ধ হৈ পৰিছে।
নীলমণি ফুকনৰ 'সন্ধানী' কাব্য পুথিৰ
অন্তৰ্গত কবিতাসমূহৰ মাজেৰে কবিৰ সন্ধানী দৃষ্টিয়ে বিশ্বজগতৰ প্রতিটো অণু-পৰমাণু,
পশু-পক্ষীৰ
গতিশীলতাৰ আৰৰ ৰহস্যৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে। অৱশেষত কবিয়ে পৰিদৃশ্যমান
জগতৰ নিয়ন্তা সর্বশক্তিমান ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিছে। সত্য-শিৱ-সুন্দৰৰ প্ৰতি
কবিৰ গভীৰ অনুৰাগ তেওঁৰ কবিতাৰ মাজেৰে প্রকাশ পাইছে যদিও জগতৰ প্ৰকৃত সত্য উদঘাটন
কৰাটো যে সম্ভৱ নহয় - সেই ভাব কবিয়ে কাব্যিক ভাষাৰে ব্যক্ত কৰিছে এইদৰে-
সংসাৰত তুমি নোহোৱা হ'লেই
সৃষ্টিখন হব দিনতে কণা। (সন্ধানী)
কবিয়ে 'সন্ধানী' কবিতা পুথিৰ পাতনিত
উল্লেখ কৰিছে - "সৃষ্টিৰ আদি আৰু অন্ত ক'ত- সেই কথা অজ্ঞেয় আৰু
অব্যক্ত। অনন্ত কালৰ পৰা তাৰ সন্ধান চলি আহিছে যদিও তাৰ যে বিৰতি কাহানিবা হ'ব সেই কথা মনে
কল্পনাৰ ভিতৰলৈকো আনিব পৰা নাই। এই সন্ধানতে সৃষ্টিৰ সকলো প্ৰকাৰ বিকাশ আমি চকুৰ
আগতে দেখিছোঁ।
মানুহে পৃথিৱীলৈ আহি
জন্ম-মৃত্যু আদিৰ পৰা হাত সাৰিব নোৱাৰে। কিয়নো মানুহ হৈছে - গলৰ পুতলা স্বৰূপ।
তথাপি মানুহে জীৱনৰ ঘাত-প্রতিঘাতলৈ ভ্ৰক্ষেপ নকৰি নতুনৰ সৃষ্টিত গাত্মবিভোৰ হৈ
পৰে-
জীৱনে বিচাৰে নিতে বালিঘৰ
সাজি নিতে ভাঙি আনন্দ পাব,
ভঙাৰ পাচতো সজাৰ আনন্দ
নিৰন্তৰে তাত চলি থাকিব।
প্ৰকৃতিৰ সৌন্দৰ্যৰ
মাজত মুগ্ধ হৈও কবিয়ে জন্ম-মৃত্যুৰ চিৰন্তন বিধিৰ চিন্তা এৰাই চলিব পৰা নাই।
সেইদৰে আত্মা-পৰমাত্মাৰ মাজৰ নিবিড় সম্বন্ধ, মৃত্যুৰ শেষত আত্মা
পৰমাত্মাৰ এগত বিলীন হোৱা আদি উপলব্ধি ৰহস্যসন্ধানী কবি নীলমণি ফুকনৰ কবিতাত
সুপ্রকাশ. টিছে।
কবিয়ে বিয়াল্লিছৰ গণ
আন্দোলনত অংশ গ্রহণ কৰি কাৰাবন্দী হোৱা জীৱন অভিজ্ঞতা জিঞ্জিৰি' কবিতা পুথিৰ
কবিতাসমূহৰ মাজেৰে প্ৰকাশ কৰিছে। কাৰাগাৰৰ ভিতৰত থাকি কবিৰ নিত জাগ্রত হোৱা
ভাব-অনুভূতি এই কবিতাৰ যোগেদি ব্যক্ত কৰিছে। কাৰাগাৰৰ থাকোতে বিয়ে সম্মুখীন হোৱা
দুখ-কষ্ট, অন্যায়-অবিচাৰ, নিষ্ঠুৰতাৰ কৰুণ ছবি পৰোক্ষভাৱে এই কাব্যৰ মাজেৰে বৰ্ণনা কৰা দেখা যায়। 'গুটিমালি' ফুকনদেৱৰ প্ৰকাশিত
তৃতীয় কাব্যগ্রন্থ। এই কবিতা সংকলনখনক কবিয়ে চহাকাব্য বুলি অভিহিত কৰিছে। সাধাৰণ
মানুহৰ সৌন্দৰ্য স্পৃহা আৰু নৱতাবোধৰ পৰিচয় এই কাব্যখনৰ কবিতাৰ মাজত প্ৰকাশ পাইছে।
ফুকনদেৱৰ আন এখন কবিতা পুথি জ্যোতিকণা। ইয়াত চনেটৰ আৰ্হিত লিখা এশ আঠোটা কবিতা সন্নিবিষ্ট
হৈছে। জ্যাতিকণাৰ কবিতাৰ মাজেৰে বিভিন্ন ভাবৰ সমাবেশ ফুটি উঠা দেখা যায়। এই কবিতা
পুথিখনৰ গতনিত কবিয়ে উল্লেখ কৰিছে এইদৰে- "জীৱনৰ তমোৰাশিৰ মাজেদিও যে এটি
আপুৰুগীয়া জ্যাতিয়ে প্ৰাণ পোহৰ কৰি থব পাৰে, এই গভীৰ সত্য লিখকে এই
কবিতাকেইটিতে প্ৰাণৰ ৰো অনুভৱ কৰিব পাৰিছে। বাহিৰে ভিতৰে যি কুঁৱলীৰ মাজত এই
কবিতাকেইটি লিখা হ'ল গৰ পোহৰত লিখকে এটি অফুৰন্ত জ্যোতিৰ ৰশ্মিকণাত প্ৰতিফলিত ৰামধেনুখনিৰ
সৌন্দৰ্য দখিয়েই আত্মহাৰা হৈছে।"
'জলকুঁৱৰী' নামৰ কবিতা সংকলনৰ
কবিতাত কবিৰ অলীক কল্পনাৰ পৰিচয় পোৱা যায়। মায়া-মোহত বন্দী হৈ সংসাৰ যাত্ৰীয়ে
মৰীচিকা খেদি ফুৰে আৰু তাৰ মাজতে বিচাৰি পোৱা যানন্দৰ মূহুৰ্তই ক্ষন্তেক পৰিতৃপ্তি
দিলেও সেয়া ক্ষণস্থায়ী আৰু অসাৰ। বিশ্বৰ সৌন্দৰ্যৰাশিয়ে বিক মোহিত কৰিছে আৰু কবিৰ
সেই সৌন্দর্য; উপভোগৰ সূক্ষ্ম অনুভূতি জলকুঁৱৰী, পদুমনি ধুমতী, ঋতুমতী, আদিৰ কবিতাৰ মাজেৰে
পাঠকে উপলব্ধি কৰিব পাৰে। কিন্তু কোনো কানো সমালোচকে কবিক বস্তু জগতৰ বাহ্যিক
রূপতহে মগ্নহৈ সৌন্দর্যক সূক্ষ্মভাবে চোৱাৰ ভীৰ উপলব্ধিৰ অভাৱ বুলি মত দিছে। তাৰ
মাজতে কবিৰ এটি ব্যতিক্রমধর্মী কবিতা হ'ল নোৰমা, য'ত কবিয়ে অন্তৰৰ আবেগ ঢালিও
আপোন পাহৰা নহৈ অপৰূপ সৌন্দৰ্যৰ সন্ধান ৰিছে। সৃষ্টিৰ ক্ষণিক সৌন্দৰ্যৰ আনন্দত কবি
ব্যাকুল হোৱা দেখা নাযায়। কবিয়ে অন্বেষণ কৰিছে বিশ্বস্রষ্টা ৰূপকোঁৱৰ ৰূপী অপৰূপক।
সেইজনেই বিশ্বৰ সকলো সৌন্দৰ্যৰ উৎস —
ৰূপকোঁৱৰৰ ৰূপত ভাহিছে
চৰাচৰ বিশ্বখনি
ইপাৰ সিপাৰ ৰূপ সাগৰৰ
কোনেনো দেখিব মনি (মনোৰমা)
কবিৰ দৃষ্টিত উর্বশী,
মেনকা, বিৰহী যক্ষ, শকুন্তলা, উষা-অনিৰুদ্ধৰ ছবি
ভাঁহি উঠিলেও তাত অধীৰ নহৈ তেওঁ অপৰূপ সৌন্দৰ্যৰ অন্বেষণ কৰিছে। বাহ্যিক ৰূপৰ
ক্ষণিক আনন্দৰ মাজতে অপৰূপৰ ছবি উপলব্ধি কৰিবলৈ সক্ষম হৈছে কবিয়ে —-
সৃষ্টিৰ সকলো সৌন্দৰ্যৰ মাজত
বিচাৰি তোমাক ভাগৰিলোঁ।
সৌন্দর্য্যৰো তুমি দূৰৰ সপোন
এই কথা আগে নাজানিলোঁ। (মনোৰমা)
তেনেদৰে কবিয়ে 'সুন্দৰৰ উপাসনা'
কবিতাটোত সেই সুৰৰ
অনুৰণন শুনিবলৈ পোৱা যায় —
সুন্দৰ যে আৰাধ্য দেৱতা
সৃষ্টিৰ দৃষ্টিত কতো
নাই অসুন্দৰ।
দেহজ সৌন্দৰ্য্যৰ
প্ৰতি থকা আকৰ্ষণক পৰিহাৰ কৰি কবিয়ে অপৰূপ ছায়া চিত্ৰৰে মনৰ গভীৰতাত অৰ্থাৎ মানস
কুঞ্জত দেহজ সৌন্দর্য্যৰ প্রতীক প্রেয়সী মানসীক স্থান দি এনেদৰে উল্লেখ কৰিছে
—
মানস প্রতিমা মনতেই থওঁ
বাহিৰত গঢ়ি আৰু যে নলওঁ
দিবলই বিসর্জন।
ৰহস্যবাদী কবি
হিচাপে কবিৰ সাৰ্থকতা ইয়াতে প্রকাশ পাইছে। নীলমণি ফুকনৰ কবিতা সম্পর্কে ড° সতেন্দ্র নাথ
শর্মাদেরে মন্তব্য দিছে এইদৰে- ". সৌন্দৰ্য্যানাভূতিৰ নিদৰ্শন। অর্ন্তদৃষ্টি
আৰু ভাবুকতাৰ পৰিচয় পোৱা গলেও আবেগৰ তীব্রতা আৰু প্ৰকাশৰ সাৱলীলতা বহুতো কবিতাত
পোৱা নাযায়।"
অতীন্দ্রয়বাদী কবি
হিচাপে ফুকনদেৱে ঈশ্বৰৰ অসীম সত্তাৰ কথা উপলব্ধি কৰাৰ প্ৰবল প্রচেষ্ঠা কৰিছে যদিও
বাহ্যিক জগতৰ সৌন্দৰ্য্য অন্বেষণত কবি বিভোৰ হোৱা দেখা যায়। সেয়ে নলিনীবালা দেবীৰ
অতীন্দ্রিয়বাদী ভাবৰ গভীৰতা, দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাৰ দাৰ্শনিকতা তেওঁৰ
কবিতাত সমান্যভাবে প্রতিফলিত হৈছে।
২। কবি নীলমণি ফুকনৰ কাব্যৰীতি সম্পর্কে এটি চমু নিবন্ধ যুগুত কৰা।
উত্তৰঃ নীলমণি ফুকন সমকালীন ভাৰতীয় কবিসকলৰ ভিতৰত এজন
শ্রেষ্ঠ কবি। বোধ, বুদ্ধি আৰু বুদ্ধিনিষ্ঠ মননশীলতাৰ বাবে এই গৰাকী কবিৰ কবিতা মর্মস্পর্শী আৰু
ঐশ্বর্যশালী। তেওঁৰ প্ৰথমৰ কবিতাবোৰৰ মাজত প্রধানতঃ ক্ষয়িষ্ণু সময়ৰ চিত্ৰ
অন্তর্মুখী ভাবনাৰে প্রকাশ কৰা হৈছে। নির্জন বেদনা বা বিষাদগ্রস্ততা কবি ফুকনৰ
কবিতাৰ এটি অন্তলীন দিশ। প্রকৃতি, নাৰী, মৃত্যু, প্রেম আদি বিষয় তেওঁৰ প্ৰথমৰ কবিতাবোৰৰ প্ৰিয়
বিষয় আছিল। বহু কবিতাৰ মাজেৰে কবিয়ে এক ধৰণৰ জগৎ-ৰহস্যৰ প্ৰতি দৃষ্টিপাত কৰি নিজৰ
ক্ষুদ্রত্ব আৰু জীৱনৰ তথা মানুহৰ অন্তৰ্জগত ৰ উত্তৰহীন বহু প্রশ্ন আৱিষ্কাৰ কৰিছে।
'মৃত্যু-ভাবনা', 'নিসর্গ- ভাবনা' তেওঁৰ কবিতাৰ অন্যতম উল্লেখযোগ্য বিষয়।
তেওঁৰ কবিতাত জীৱন
জগতৰ পৰস্পৰ বিৰোধী অভিজ্ঞতা এক সমৃদ্ধ জীবনবোধত ঐক্যবদ্ধ হোৱা পৰিলক্ষিত হয়।
জীৱনৰ সৃষ্টিশীলতা আৰু সৌন্দৰ্যৰ প্ৰতি কবিৰ আছে একান্ত বিশ্বাস। সমালোচক ভবেন
বৰুৱাই কৈছে- 'ফুকনৰ কবিতাই যিবোৰ ভাবক কেন্দ্ৰ কৰি আহিছে সিবোৰ প্ৰকৃতি, নাৰী, মৃত্যু-নিসঙ্গতা-বিষাদ
যন্ত্রণা, মানৱ-জীৱন তথা বিশ্ব চৰাচৰৰ অন্তিম ৰহস্য ঘাইকৈ এই তিনি-চাৰিটামান বিষয়ৰ লগতেই
বিশেষভাবে জড়িত।'
নীলমণি ফুকনৰ
কাব্যচিন্তাৰ মূল কথা হৈছে কবিয়ে কবিতাকেই 'মানুহৰ হৃদয়ৰ অন্তিম ভাষা'
বুলি ভাবে। সেয়ে
তেওঁ কাব্য-সাধনাৰে অসমীয়া কাব্য-বাণীক ঐশ্বর্যময় কৰি তুলিবলৈ যত্নপৰ হৈছে আৰু
দেশ-বিদেশৰ কবিতাৰ লগত নিজে পৰিচিত হৈ অসমীয়া নতুন কবিতাক বিষয়বস্তু, আংগিক তথা
প্রকাশভঙ্গীৰ বৈচিত্র্য আৰু অভিনৱত্বৰে এক উচ্চস্তৰত অৱতীর্ণ কৰাইছে। প্রসঙ্গতে
মনত ৰাখিব যে কবি নীলমণি ফুকন দেশীবিদেশী বিভিন্ন কাব্যধাৰাৰ সৈতে পৰিচিত ব্যক্তি।
ফুকনদেৱে নিজৰ কবিতাৰ শব্দ চয়ন, উপমা, প্রতীক, চিত্রকল্প, ব্যঞ্জনা আদিৰ শিক্ষা
মহাদেশীয় সাহিত্যৰপৰা আহৰণ কৰিছে যদিও তেওঁৰ কবিতাৰ উৎস অসমৰ নৈসর্গিক সৌন্দর্য্য,
গ্রাম্য জীৱনৰ
গীত-মাত আৰু লোকজীৱনহে। সেই হেতুকে নীলমণি ফুকন আধুনিক কবি হৈও এক ব্যতিক্রম,
অগতানুগতিক কবি ৰূপে
পৰিচিত।
কবি নীলমণি ফুকন
সৃজনশীল মনৰ অধিকাৰী। ফুকনৰ বাবে কবিতা তপস্যাৰ তুল্য। কবি নিবিড়ভাবে পার্থিৱ,
নিতান্ত মানৱীয়
জীৱনৰ কবি। তেওঁ আৱিষ্কাৰ কৰা সকলো ৰহস্য মানৱ জীৱনৰ ৰহস্য। 'মানৱ জীৱনৰ গৌৰৱ,
মহিমা, সংকট আৰু বিপর্যয়
তেওঁৰ কাব্যৰ উপজীব্য। কোনো আধ্যাত্মিক প্রসাধন ব্যৱহাৰ নকৰাকৈ তাৰ অধঃপতনত তেওঁ
শিয়ৰি উঠিছে আৰু তাৰ গৰিমাত ৰোমাঞ্চিত হৈছে। তেওঁৰ চিন্তা আৰু উপলব্ধিৰ
কেন্দ্রবিন্দু মানৱতাবাদী।' কবি ফুকনৰ কবিতাত এক বিশেষ জিজ্ঞাসা আৰু এক
নম্রতা সদা বিৰাজমান। ব্যক্তিগত নৈপুণ্য প্ৰদৰ্শনৰ কোনো স্পৃহা কবিতাবোৰত নাই,
আংগিক সদায় ভাবৰ
অধীন।'
নীলমণি ফুকনৰ
কাব্য-চিন্তাৰ কথা বিচাৰ কৰোঁতে এটা কথা মনত ৰাখিব লাগিব যে কবিৰ প্রকাশৰীতি
পোনপটীয়া নহয়। ব্যঞ্জনাৰে ভৰা তেওঁৰ প্ৰকাশৰীতিত শব্দৰে আঁকা ৰং-ৰূপময় ছবি ফুটি
উঠে —
ভুলতে তোমাক বিছনাখনত
খেপিয়াই ফুৰিছিলোঁ,
তুমি যে পৰ্বতটোৰ নামনিত
তিলফুল হৈ
হালি-জালি ফুলি আছা।
তেওঁৰ কবিতাৰ অৰ্থৰ
মাজত আন এক অর্থ বিৰাজ কৰে। ব্যঞ্জনাময় শব্দবোৰে কেতিয়াবা মনৰ বিচিত্র অনুভূতি
প্রকাশ কৰে। কেতিয়াবা একোটি কবিতাই হৈ উঠে অভিজ্ঞতাৰ বৰ্ণিল চিত্ৰ। তেওঁৰ কবিতাত
দেশী-বিদেশী মিথ, কলা-কাৰ্যৰ প্রসঙ্গ, উক্তি, অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক সম্পদ, চিত্র-ভাস্কৰ্যৰ
প্রসঙ্গ, লোকসাহিত্যৰ প্রসঙ্গ, ইত্যাদি বৈচিত্র্যময় দিশৰ প্ৰকাশ ঘটা দেখা যায়।
তদুপৰি ব্যক্তিগত প্রতীক আৰু ব্যঞ্জনাপ্রধান
চিত্রকল্পই তেওঁৰ কবিতাক নিটোল আয়তন বিশিষ্ট কৰিছে। এনে বিভিন্ন কাৰণতে কবি ফুকনৰ
কবিতাৰ অর্থোদ্বাৰ বহুক্ষেত্ৰত কষ্টসাধ্য। দৰাচলতে, কবি নীলমণি ফুকনৰ
কাব্যচিন্তাৰ ব্যাপ্তি আৰু গভীৰতা যথেষ্ট বেছি। প্রসিদ্ধ সমালোচক ড° হীৰেন গোহাঁইয়ে
উল্লেখ কৰিছে- "ফুকনৰ কাব্যত সাগৰৰ দৰেই দৃশ্য আৰু ভাবৰ অপাৰ বৈচিত্র্য,
কল্পনাৰ বিস্ময়কৰ
বিস্তাৰ, দূৰ দিগন্তৰ লগত এক নিবিড় অন্তৰংগী। আৰু তাৰ অটল গৰ্ভত লুকাই থকা এক
অনির্বচনীয় ৰহস্য অনুভৱ কৰোঁ। সাগৰৰ দৰেই নৈসর্গিক, অথচ কালাতিক্রান্ত তাৰ
সত্তা। সকলো মিলি তাৰ এক 'গম্ভীৰ বিস্তৰ' পৰিচয়।"
৩। নীলমণি ফুকনৰ 'কেনে আছোঁ মোক নুসুধিবা' কবিতাটিৰ এক
বিশ্লেষণ দাঙি ধৰা।
উত্তৰঃ নীলমণি ফুকনৰ কবিতাৰ অনুৰাগ আৰু কল্পনাৰ মাজত
অনুভূমিত কিছুমান জড় আৰু জীৱন্ত বস্তুক প্রাণময় ৰূপ দিবলৈ চেষ্টা কৰিছে। কবিৰ
কবিতাতত চৰ্ম চকুৰ উৰি কল্পনা আৰু মনৰ সজীৱ সক্রিয়তা স্পষ্ট ৰূপ ধৰিছিল। 'কেনে আছোঁ মোক
নুসুধিবা' কবিতাৰ মাজত মনৰ সজীৱতাৰ লগত শিল্পকলাৰ পৰিচয় দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।
অভিমানী কবিয়ে সোঁৱৰিছে তেওঁ যোৱা ৰাতি কি আছিলে- ৰজা, সন্ন্যাসী, কৃষক, শ্রমিক কি আছিল
নাজানে। কেনে আছে তেওঁ নাজানে — নহয় কিন্তু তেওঁ অকলশৰীয়া নহয়।
"কাৰণ সেই শেষ ভোজনৰ পাছতো
বিদায় দিব নোৱাৰিলোঁ
বিদায় ল'ব নোৱাৰিলোঁ..."
আউচভিৎছৰ পাছৰে পৰা
কবিয়ে হহা নাই- কন্দাও নাই- কাৰণ ক'লৈ যাব তেওঁ। কৰ পৰা আহিছিলে এতিয়া মনত পৰা নাই।
কবিৰ মনৰ এনেকুৱা এটা পৰিস্থিতি হৈছে প্ৰিয়াৰ বিৰহত হাড়-মূৰবোৰে আবেলিৰ আলিবাটেৰে
কাঠ হাঁহি মাৰি যায়। কবিতাটোৰ অৰ্থব্যঞ্জনাত একমুখী আৱেগিক নির্দেশনা দিয়াৰ যি
প্রয়াস তাৰ উদ্দেশ্য হ'ল মানুহৰ মনত জাগ্রত হৈ উঠা দানৱতাৰ স্বৰূপ উদঙাই দিয়া আৰু প্ৰেমিকাৰ মনত মায়া,
মমতাৰ শুভ চেতনাৰ
ঐকতান বজোৱা। এই কবিতাৰ মাজত ৰতিক্রিয়াত মত্ত কুকুৰৰ দৰে প্ৰতীকৰ জগত এখনৰ অন্বেষণ
কবিয়ে কৰিব বিচৰা নাই। 'এহাল কুকুৰ' 'অন্ধ কালীৰ' অনুশীলনত আছিল আৱেগ প্রচ্ছন্ন কৰি চিত্রকলা নির্মানত সংবেদনাৰ বৌদ্ধিক প্ৰকাশৰ
প্ৰয়াস, যেনে-
"... ভূতনাথত অন্ধ কালী
কাৰণ সকলোৰেই এটা ভয়
মৰা মানুহবোৰৰো..."
কবনে, নকম, খিৰিকি খুলিনে দুৱাৰ
এনেয়ে ৰৈ থাকি মিছা ফাকি দিয়ে জালিয়াতি যৌবনে, এনেদৰে আৱেগৰ প্ৰকাশত
উচ্ছলতা নাই কিন্তু ইয়াৰ আৱেগক প্রয়োগে পাঠকৰ মনক আলোড়িত কৰাৰ প্ৰয়াস আছে।
ৰোমাণ্টিক আৰু
আধুনিক সময়তে সকলো কলাৰ সাধকৰ দৃষ্টিয়ে আংশিক পৰিপ্ৰেক্ষিত লৈ আহিছে, আধুনিকৰ আংশিক
পৰিপ্ৰেক্ষিতক যুগপৎ একেটা স্তৰতে স্থাপন কৰিবলৈ যাওঁতে তাৰ সমগ্রতা অহা নাই এই
কবিতাটিত —
"কাৰণ আন্ধাৰ
এতিয়া সিও কঁপি উঠে"
তাৰে দুৰ্গতিৰ পিছে
পিছে মানুহৰ তেজৰ নিচান মৌনতা ভংগ কৰে। বুলেটৰ শব্দ আতৰি যাৱ নোৱাৰে বুলি কলঙেদি
উটি আহে মুণ্ডহীন ছোৱালী এজনী। একক বর্ণনাৰ মাজত কবিৰ আৱেগৰ প্ৰকাশত উচ্ছলতা নাই,
শ্লেষ আছে, তাত 'মই' আছে, এই ময়ো নিজকে ব্যংগ
কৰিছে। এটা ভয়ংকৰ অস্থিৰ, অশান্ত মানসিক অৱস্থাৰ মানস চিত্র এই কবিতাটো,
মানুহক মানৱতাবোধৰ
কথা সোঁৱৰাই তীব্র ভর্ৎসনা কৰি কবিয়ে ৰোমাণ্টিক মনোভাৱ লৈ কবিতাৰ সমগ্রতাক
আঁকোৱালি লবলৈ প্ৰয়াস কৰিছে।
এই কবিতাটোত কবিৰ
মানসিক আৱেগ চিত্ৰকল্পৰ মাজেদি বিস্তাৰিত হৈছে। প্রেমিক, শ্রমিক, নক্সাল আদি শব্দ
অৱশ্যে প্রতীকৰ দৰে ব্যৱহৃত হৈছে। এইবোৰ প্রতীক কবিৰ মানসিক অৱস্থাটোৰহে প্রতিফলন
হৈছে। কবিতাটোৰ দ্বিতীয় অংশটোৱে ৰোমাণ্টিকচিজমৰ সৃষ্টি কৰিছে- শেষ ভোজনৰ পাছতো
বিদায় দিব নোৱাৰিলো' আৰু 'কৰ পৰা আহিছিলোঁ পাহৰিলোঁ।' এয় সামাজিক অস্থিৰ পৰিস্থিতি সৃষ্টি কৰা মানসিক
অৱস্থাৰে ফচল। শব্দবোৰ যেন উত্ৰাৱল, কবিতাটোৰ স্পন্দন ভংগীত যেন প্রকাশ পাইছে মনৰ
উদ্বিগ্নতা, আৱেগ। ৰোমাণ্টিক কবিসকলৰ দৰে নীলমণি ফুকনেও 'কেনে আছোঁ মোক নুসুধিবা'
কবিতাত এখন অন্তৰ
জগতক বহির্বিশ্বৰ ফালে প্ৰক্ষেপ কৰিছে। নীলমণি ফুকনে কবিতাত উপসাৰ প্ৰয়োগ কৰিছে-
হৃদয়াৱেগৰ কাৰণে নহয়, সংবেদনাৰ উদ্ভাৱনৰ বাবেহে। কিন্তু আধুনিক কবিতাৰ ছন্দসজ্জাৰ পৰা মুক্ত কবিতাৰ
গাঁথনি, আংগিকৰ নিজস্ব বৈশিষ্ট্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল কবি নীলমণি ফুকনে।
Important Question Answer
(For Paid User)
Join our membership Plan
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)