GU BA 2nd Sem

History

Chapter 1 Question Answer

মধ্য় যুগৰ ভাৰত বুৰঞ্জীৰ ধাৰণা; উৎসৰ পৰা..... 

আঞ্চলিক বুৰঞ্জী লিখনঃ বাখাৰ, বুৰঞ্জী আৰু খ্য়াতসমূহলৈ 

অতি চমু প্রশ্নোত্তৰঃ

'তাৰিখ' মানে কি?

উত্তৰঃ 'তাৰিখ' (Tarikh) হৈছে এক আৰবী শব্দ, যাৰ অৰ্থ তাৰিখ, কালানুক্রম, যুগ বা বহুল অর্থ ইতিহাস বা ইতিহাস লেখন অষ্টম-নৱম শতিকাতে 'তাৰিখ' আৰম্ভণি হৈছিল আৰু পাটী ভাষাতো 'তাৰিখ' ব্যাপক ব্যৱহাৰ হৈছিল

তবাকৎ--নাচিৰি (Tabaqat-i-Nasiri) কাৰ ৰচনা?

উত্তৰঃ তবাকৎ-- নাচিৰিৰ লেখক মিনহাজউদ্দিন চিৰাজ তেওঁৰ সম্পূৰ্ণ নাম আছিল আবু উচমান মিনহাজুদ্দিন বিন চিৰাজুদ্দিন

আমিৰ খুশ্ৰুৰ অন্তিমখন গুৰুত্ব পূর্ণ ঐতিহাসিক ৰচনা কি?

উত্তৰঃ ১৩২০ খ্রীষ্টাব্দত সম্পূর্ণ হোৱা 'টোগলকনামা' খুশ্ৰুৰ অন্তিম গুৰুত্ব পূর্ণ ঐতিহাসিক ৰচনা

চুলতান ফিবোজ ছাহ টোগলকৰ ব্যক্তিগত জীৱনীখনৰ নাম কি?

উত্তৰঃ চুলতান ফিৰোজ ছাহটোগলকৰ ব্যক্তিগত জীৱনী 'ফুটুহত -ফিৰোজছাহী'(Futuhat-i-Firoz Shahi) |

বাখাৰ কি?

উত্তৰঃ বাখাৰসমূহ হৈছে মাৰাঠী গদ্যত ৰচিত একপ্ৰকাৰৰ ঐতিহাসিক ব্যাখ্যা বাখাৰসমূহৰ বিষয়বস্তু সাধাৰণতে ৰাজনৈতিক ইতিহাস সম্পর্কীয় দেশপ্রেমবোধ, প্রশংসাসূচক আৰু অতিপ্রাকৃতিক ধাৰণাৰেও ইয়াৰ সম্পৰ্ক আছে

'সভাসদ বাখাৰ' আৰম্ভণি কি?

উত্তৰঃ 'সভাসদ বাখাৰ' আৰম্ভণি হৈছে শিৱাজীৰ ককাক তথা আহমদনগৰত নিজামছাহীৰ ৰাজসভাত কৰ্মৰত মালোজীৰ বৃত্তান্তৰপৰা

কোনে কেতিয়া প্রথম সভাসদ বাখাৰৰ ইংৰাজী অনুবাদ কৰিছিল?

উত্তৰঃ ১৮৮০ চনত জগন্নাথ লক্ষ্মণ মানকাৰে প্ৰথম সভাসদ বাখাৰৰ ইংৰাজী অনুবাদ কৰিছিল

আলবেৰুণীৰ ভাৰত সম্বন্ধীয় কিতাপখনৰ নাম লিখা

উত্তৰঃ কিতাপ-উল-হিন্দ

বার্ণিয়াৰ কোন আছিল?

উত্তৰঃ ফৰাচী দেশৰ বিখ্যাত চিকিৎসক হিচাপে ভাৰত ভ্ৰমণ কৰিছিল

১০ আমিৰ খশ্রু কোন আছিল?

উত্তৰঃ তেৰ শতিকাৰ এজন প্রখ্যাত লেখক আছিল

১১ 'তাৰিক--ফিৰোজচাহী' নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ জিয়াউদ্দিন বাৰাণী

১২ 'বাবৰনামা' লেখকজন কোন?

উত্তৰঃ সম্রাট বাবৰে নিজে এই পুথিখন ৰচনা কৰিছিল

১৩ 'কুনান--হুময়িনী' লেখকজন কোন?

উত্তৰঃ গিয়াছুদ্দিন মহম্মদ

১৪ 'চাহজাহাননামা' লেখকজন কোন?

উত্তৰঃ ইমায়ৎ খান

১৫ 'আলমগীৰনামা' লেখকজন কোন?

উত্তৰঃ মির্জা মহম্মদ কাচীম

১৬ আকবৰৰ ৰাজসভাৰ অৰ্থনীতিবিদজন কোন আছিল?

উত্তৰঃ আবুল ফজল

১৭ 'পালাম বাওলি' লিপি কোনে ৰচনা কৰিছিল

উত্তৰঃ পণ্ডিত যোগেশ্বৰ

▶▶ চমু প্রশ্নোত্তৰঃ

মহম্মদ-বিন-মনচুৰ কোন আছিল?

উত্তৰঃ চুলতানী যুগত ইতিহাস ৰচনাৰ মাৰ্গদর্শকসকলৰ অন্যতম আছিল ফথ-- মুদব্বিৰ (Fakhr-i- Mudabbir, ১১৫৭-১২৩৬ খ্রীষ্টাব্দ) বা মহম্মদ-বিন- মনচুৰ ফখ-- মুদব্বি ঘোৰসকলৰ ৰাজত্বৰ শেষৰফালে গজনীৰ পৰা লাহোৰলৈ প্ৰব্ৰজন কৰিছিল এওঁৰ পাৰ্চী ভাষাত দুখন গুৰুত্বপূৰ্ণ ৰচনা আছিল ক্ৰমে 'চাজৰা--অনচব' (Shajra-i-Ansab বা Tree of genealogy) আৰু 'আদব- অল-হৰব ৱা--চজা' (Adab-al-Harb wa-l-shaja'a বা The etiquette of war and bravery)

চামচ--চিৰাজ আফিফ কোন?

উত্তৰঃ চামচ--চিৰাজ আফিফৰ 'তাৰিখ--ফিৰোজছাহী'য়ে বাৰাণীৰ অসম্পূর্ণ কামক আগবঢ়াই নিছিল আফিফ সম্ভৱতঃ ফিৰোজছাহ টোগলকৰ ৰাজত্বৰ শেষৰফালে চুলতানছাহীৰ সেৱাৰে জড়িত হৈছিল আফিফৰ বিৱৰণৰ পৰা জনা যায় যে, তেওঁৰ পূৰ্বপুৰুষ মালিক চিহাব আফিফ আলাউদ্দিন খিলজীৰ সময়ত গাজী মালিকৰ অধীনত দিপালপুৰৰ ৰাজহ বিষয়া আছিল আফিফৰ পিতৃ আৰু খুৰাকো ফিৰোজছাহ টোগলকৰ সময়ত কাৰখানাৰ তত্ত্বাবধায়ক আৰু অন্য দায়িত্বত ন্যস্ত আছিল আফিফে ফিৰোজছাহ টোগলকৰ নগৰকোটআৰু জাজনগৰ অভিযানত সংগ দিয়াৰ উপৰি চিকাৰ কাৰ্যতো সহযোগিতা কৰিছিল ফলস্বৰূপে, ফিৰোজছাহ টোগলকৰ শাসনকাল সম্পর্কে ব্যক্তিগত তথ্য সংগ্ৰহ কৰা আফিফৰ বাবে সহজসাধ্য আছিল আনহাতে, পূৰ্বৰ তথ্য উদ্‌ঘাটনত তেওঁৰ পিতৃ, খুৰাক আৰু অন্য সম্পৰ্কীয়সকলৰ ৰাজদৰবাৰৰে সম্পৰ্কৰ অভিজ্ঞতাই সহায় কৰিছিল

আল ছামুদী কোন আছিল?

উত্তৰঃ ৯৫৭ খ্রীষ্টাব্দত ভাৰতলৈ অহা অন্যতম আৰবী পৰিব্রাজক আছিল আল ছামুদী মুৰুজ-উল-জিহাব (Muruj-ul-Zahab) গ্রন্থৰ যোগেদি ছামুদীয়ে সমকালীন আর্থ-সামাজিক আৰু ৰাজনৈতিক ঘটনা প্ৰৱাহক প্রতিফলিত কৰিছিল

বাখাৰসমূহক কি কি শিতানসমূহত বিভক্ত কৰিব পাৰি?

উত্তৰঃ বাখাৰসমূহক নিম্নোল্লিখিত শিতানসমূহত বিভক্ত কৰিব পাৰি  —

() সমসাময়িক ৰাজনৈতিক ঘটনাৱলীৰ ভিত্তিত ৰচিত

() আখ্যানমূলক আৰু সোঁৱৰণীমূলক বাখাৰ

() প্রাচীন পুথি তথা ঐতিহাসিক ৰাজকীয় নথিৰ ভিত্তিত ৰচিত

() স্বীকাৰোক্তি, বৃত্তান্ত, জীৱনী আৰু আত্মজীৱনীৰ ভিত্তিত ৰচিত

() পুৰাণ আৰু ধর্মীয় পুথিৰ ভিত্তিত ৰচিত

৯১ কলমী বাখাৰ কি?

উত্তৰঃ সমকালীন আন এক উল্লেখযোগ্য প্ৰাৰম্ভিক বাখাৰ সাহিত্য হৈছে '৯১ কলমী বাখাৰ'প্ৰকৃততে, শিৱাজীৰ জীৱনৰ ওপৰত আধাৰিত প্ৰাৰম্ভিক বাখাৰ সাহিত্য ইয়াৰ ৰচক দত্তাজী ত্রিমাল বাকনিচ শিৱাজীৰ ৰাজসভাৰ সভাসদ আছিল কলমী বাখাৰৰ মূল ৰচনা ৰহুজ্জপ্ত খ্ৰীষ্টাব্দৰ পূৰ্বৰ আছিল বুলি ধাৰণা কৰা হৈছে, অৰ্থাৎ ইয়াৰ ৰচনাকাল 'সভাসদ বাখাৰ'ৰো পূৰ্বৰ দুর্ভাগ্যবশতঃ '৯১ কলমী বাখাৰ' মূল ৰচনা কালৰ গৰ্ভত বিলীন হৈছে মূল ৰচনাৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত ইয়াৰ প্ৰায় টাকৈ সংস্কৰণ উপলব্ধ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে খণ্ডো অন্নাজী মালকাৰেৰ ৰচনা, যি প্রায় ১৭২০-১৭৪০ খ্ৰীষ্টাব্দৰ ভিতৰত সংকলন কৰা হৈছিল ইয়াৰ এক পাচী অনুবাদ 'তাৰিখ--শিৱাজী' ৰূপে পোৱা যায়

           '৯১ কলমী বাখাৰ' ৯১ টা খণ্ড বা কলাম আছে অৱশ্যে দুই-এক পুনৰাবৃত্ত পাণ্ডুলিপিত ৯৫ টা খণ্ডও আছে শিৱাজীৰ জীৱন তথা মাৰাঠা সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে এক মহত্বপূর্ণ সমল ১৮০৬ চনত লেফটেনেন্ট . জে. ফ্রিচেলে ইয়াক ইংৰাজীলৈ অনুবাদ কৰিছিল ১৯০৭ চনত ছাৰ যদুনাথ চৰকাৰে এই বাখাৰৰ আন এক ইংৰাজী অনুবাদ প্রকাশ কৰিছিল

খ্যাতসমূহক কিকি ভাগত ভগাব পাৰি?

উত্তৰঃ খ্যাতসমূহক দুটা ভাগত ভগাব পাৰি  —

() কোনো শাসক বা ৰাজবংশৰ অবিৰত ইতিহাস সন্নিবিষ্ট খ্যাত আৰু

() বিভিন্ন চাৰণ ভাটৰ ৰচিত খ্যাতৰ সংকলন, ' কোনো কোনো ক্ষেত্ৰত ইতিহাসৰ ঘটনাৱলীৰ মাজত কালক্ৰমৰ অভাৱ

ৰাজস্থানী খ্যাত সাহিত্যৰ সৃষ্টি সম্পর্কে লিখা

উত্তৰঃ ৰাজস্থানৰ খ্যাতসমূহ মূলতঃ চাৰণ আৰু ভাট নামেৰে জনাজাত দৰবাৰী বিদ্বানসকলে ৰচনা কৰিছিল চাৰণসকল আছিল ৰাজপুত ৰাজবংশৰে বংশগত সম্পর্ক বজাই ৰখা ৰাজপুত সমাজৰ বিশিষ্ট কবি পণ্ডিত ব্যক্তি পৃষ্ঠপোষক পৰিয়ালবিলাকৰ আগ্রহত চাৰণসকলে নির্দিষ্ট অনুষ্ঠানত কবিতা আৰু গীতি কবিতা (বেলাড) পৰিৱেশন কৰিছিল ক্ষমতাশালী পৰিয়াল আৰু ৰাজবংশবিলাকৰ পৃষ্ঠপোষকতা লাভ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল এই পৰম্পৰাক অনুসৰণ কৰা আন এক গোষ্ঠী আছিল ভাটসকল ভাটসকলে বংশাবলী (series of generations) সংকলন কৰিছিল এই গোষ্ঠীসমূহে শাসক আৰু ৰাজবংশসমূহৰ প্রশস্তি কৰি, প্রশাসন, যোদ্ধাশ্রেণী আৰু ৰাজকৰ্মচাৰীসকলৰ বর্ণনা, ঘটনাৱলী লিপিবদ্ধ কৰি সাহিত্য ৰচনা কৰিছিল অৱশ্যে এওঁলোকৰ বাহিৰেও অন্য জাতিৰ বিদ্বানসকলৰ হাততো এই প্ৰকাৰৰ সাহিত্যই বিকাশ লাভ কৰিছিল বহুক্ষেত্ৰত খ্যাত ৰচনাৰ উদ্দেশ্য শাসকসকলৰ আশ্ৰয়ত ৰাজআদেশ অনুসৰি পৰিচালিত 'লেও ৰচকসকলৰ ব্যক্তিগত অভিৰুচিয়েও তাত স্থান পাইছিল

▶► ৰচনাধর্মী প্রশ্নোত্তৰঃ

মধ্যযুগৰ তথা চুলতানী যুগৰ ভাৰত বুৰঞ্জীৰ সমলবোৰৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ মধ্যযুগ বা চুলতান যুগৰ বিষয়ে জনাৰ ক্ষেত্ৰত আমি বহুতো উৎসৰ সহায় ' পাৰো চুলতান যুগৰ লগতে পিছৰ ফালৰ মোগল যুগৰো বহুতো লেখকে চুলতান যুগৰ পৰা আৰম্ভ কৰি মোগল যুগ সামৰি বহুতো গ্রন্থ আৰু ধর্মপুথি ৰচনা কৰি থৈ গৈছে এই ধর্মপুথি বা বুৰঞ্জীমূলক গ্রন্থৰ পৰা আমি দুয়োটা যুগৰ বিষয়ে বিস্তৃতভাবে তথ্য লাভ কৰিব পাৰো ইয়াৰ উপৰি বাৰ শতিকাৰ পৰা আৰম্ভ কৰি মোগল যুগলৈ বহুতো বৈদেশিক ভ্ৰমণকাৰী আৰু পৰ্যটক ভাৰতৰ্ষলৈ আহিছিল এই ভ্ৰমণকাৰীসকলৰ নানা ধৰণৰ বৃত্তান্তমূলক লেখনী আৰু গ্ৰন্থৰ পৰাও আমি উক্ত যুগৰ বিষয়ে নানা ধাৰণৰ তথ্য লাভ কৰিব পাৰো তলত চুলতান যুগৰ লেখক আৰু ভ্ৰমণকাৰীসকলৰ গ্ৰন্থ আৰু বৃত্তান্তমূলক লেখনীত উল্লেখ থকা তথ্য বা উৎসসমূহৰ আভাস দিয়া '

() চাচনামাঃ- এই পুথিখন আৰবৰ এজন লেখকে লিখিছিল এই পুথিখনৰ জৰিয়তে সিন্ধু প্রদেশৰ সেই সময়ৰ শাসনকর্তা জাহিৰ আৰু তেওঁৰ সময়ত হোৱা আৰৱৰ মুছলমানসকলৰ আক্ৰমণৰ বিষয়ে সবিশেষ জানিব পাৰি

() তাবিক--হিন্দঃ- বিখ্যাত ভ্ৰমণকাৰী আলবেৰুণীয়ে আৰৱী ভাষাত এই কিতাপখন ৰচনা কৰিছিল পিছলৈ চি চাচু নামৰ এজন লোকে এই পুথিখন ইংৰাজীলৈ অনুবাদ কৰিছিল ঠিক তেনেদৰে পৰৱৰ্তী সময়ত ৰজনীকান্ত শর্মা নামৰ এজন ঐতিহাসিকে এই পুথিখন হিন্দীলৈ অনুবাদ কৰিছিল এই পুথিখনৰ জৰিয়তে চুলতান যুগৰ সকলো দিশৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি

() কিতাপ-উল-যামিনীঃ- চুলতান মামুদৰ এজন ৰাজ কৰ্মচাৰী আৰু লেখক উৎবিয়ে এই কিতাপখন ৰচনা কৰিছিল আৰৱী ভাষাত ৰচনা হোৱা পুথিবোৰৰ ভিতৰত এইখন এখন উল্লেখযোগ্য পুথি হিচাপে বিবেচিত হৈছিল উৎবিয়ে নিজ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মামুদৰ শাসনকালৰ সকলোবোৰ দিশ এই পুথিখনত সন্নিবিষ্ট কৰিছিল পিছলৈ এই পুথিখন চাৰাফ জাৰৰেজকালিয়ে হিন্দীলৈ আৰু ইংৰাজ লেখক জেমচ ৰোণাল্ডে ইংৰাজীলৈ অনুবাদ কৰে এই পুথিৰ জৰিয়তে ১০২০ খ্রীঃলৈ চুলতান মামুদৰ শাসনকালৰ সকলো তথ্য সন্নিবিষ্ট হৈ আছে

() তাবাকাৎ--নাছিৰিঃ- মহম্মদ ঘোৰী আৰু ইলতুৎমিছৰ শাসন কালৰ শ্রেষ্ঠ লেখকসকলৰ ভিতৰত মিন-হাজ-উচ-চিৰাজ এজন প্রখ্যাত পণ্ডিত আছিল তেওঁৰ দেউতাক মহম্মদ ঘোৰীৰ ৰাজসভাৰ এজন কাজী আৰু ৰাজনৈতিক পৰামৰ্শদাতা আছিল ৰাজনৈতিক ঘটনা ক্রমে মিন-হজ-উচ চিৰাজ চুলতান ইলতুৎমিছৰ ৰাজসভালৈ আহে নিজৰ পাৰদৰ্শিতাৰ ফলত তেওঁ দেউতাকৰ দৰে ইলতুৎমিছৰ ৰাজসভাৰ এজন উল্লেখযোগ্য ব্যক্তি হিচাপে প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়

            পিছত মিন-হাজ-উচ চিৰাজে 'তাবাকাৎ--নাছিৰি' নাম দি পঁচিশটা খণ্ডত ইছলামসকলৰ ইতিহাস প্রণয়ন কৰে প্ৰথম খণ্ডত তেওঁ হজৰত মহম্মদ আৰু ইছলাম ধৰ্মৰ জন্ম সম্বন্ধে বর্ণনা কৰে দ্বিতীয় খণ্ডৰ পৰা দশম খণ্ডৰ ভিতৰত তেওঁ খলিফা আৰু বিশ্বব নানা প্রান্তৰ মুছলমানসকলৰ শাসন কাল সম্বন্ধে বর্ণনা কৰে ইয়াৰ পিছৰ খণ্ডত তেওঁ গজনী ঘোৰ ৰাজ্য আৰু মোগলসকলৰ ভাৰত আক্ৰমণৰ নানা ধৰণৰ কাহিনী বর্ণনা কৰে গতিকে দেখা যায় তাবাকাৎ--নাছিৰিৰ সহায়ত আমি ভাৰতৰ প্ৰাক্‌ মুছলমান শাসনৰ ইতিহাস সম্বন্ধে নানা তথ্য লাভ কৰিব পাৰো

() আমিৰ খৰ লেখনীঃ- ১২৫৩ খ্ৰীঃত উত্তৰ প্ৰদেশৰ পাতিয়ালা নামৰ ঠাইত আমিৰ খৰ্শৰ জন্ম হৈছিল তেওঁ এজন আজন্ম কবি হিচাপে প্রতিষ্ঠা লাভ কৰিছিল নিজৰ পাৰদৰ্শিতাৰ কাৰণে তেওঁ চুলতান বলবনৰ পৰা গিয়াচুদ্দিন টোগলকৰ ৰাজসভালৈকে প্রধান কবি হিচাপে স্বীকৃতি লাভ কৰিছিল তেওঁৰ ৰচনাৰ পৰাও মুছলমান যুগৰ বিষয়ে নানা ধৰণৰ তথ্য লাভ কৰিব পাৰি

() টোগলকনামাঃ- টোগলকনামাৰ পৰাও চুলতান যুগৰ বিষয়ে বহুতো তথ্য লাভ কৰিব পাৰো বিশেষকৈ গিয়াচুদ্দিন টোগলকে খুচৰুখানৰ বিৰুদ্ধে জয়লাভ কৰাৰ ঘটনা এই কিতাপখনত বর্ণনা কৰা হৈছে

() তাৰিক--ফিৰোজচাহীঃ- মধ্যযুগৰ আন এজন উল্লেখযোগ্য ইতিহাসবিদ ' জিয়াউদ্দিন বাৰাউনি তেবেই তাৰিক--ফিৰোজচাহী নামৰ বুৰঞ্জীমূলক কিতাপখন প্রণয়ন কৰিছিল এই কিতাপখনৰ জৰিয়তে ১২৫৯ খ্রীঃৰ পৰা ১৩৫৩ খ্রীঃলৈ চুলতান যুগৰ ঘটনাবলীৰ ইতিহাস বর্ণনা কৰা হৈছে

            এনেদৰে ওপৰত উল্লেখ কৰা নানা ধৰণৰ পুথিৰ জৰিয়তে চুলতান যুগ আৰু মোগল যুগৰ বিভিন্ন দিশৰ বিষয়ে বহুতো তথ্য লাভ কৰিব পাৰি

ভ্রমণকাৰী ইবনবটুতাৰ দ্বাৰা ৰচিত ৰিহ্লা (Rihla) নামৰ পুথিৰ জৰিয়তে সমসাময়িক ভাৰতৰ ঐতিহাস আৰু সাংস্কৃতিক জীৱনৰ বিষয়ে দাঙি ধৰা তথ্যবোৰৰ চমু আভাষা দিয়া

উত্তৰঃ ভ্ৰমণকাৰী ইবনবটুতাই তেওঁৰ ভ্ৰমণ কাহিনী লিখা পুথিখনৰ নাম ' ৰিলা উত্তৰ আফ্রিকাৰ টনজিয়াৰ্চত ১৩০৪ খ্রীঃত ইবনবটুতাৰ জন্ম হয় তেওঁ মহম্মদ বিন টোগলকৰ শাসনকালত ১৩৩৩ খ্রীঃত ভাৰতলৈ আহে এজন পণ্ডিত ব্যক্তি হিচাপে টোগলকে তেওঁৰ ৰাজসভাত ইবনবটুতাক কাজী পদত নিয়োগ কৰে প্ৰায় আঠ বছৰ কাল কাজী পদত থকাৰ পিছত চুলতানে বটুতাক ৰাজদূত হিচাপে চীন দেশলৈ প্রেৰণ কৰে চীন দেশলৈ যোৱাৰ পথত তেওঁ বংগদেশ, সিংহল (বর্তমানৰ শ্ৰীলংকা) আৰু ভাৰত মহাসাগৰৰ বুকৰ মালয় আদি দ্বীপপুঞ্জ ভ্রমণ কৰে ভ্ৰমণৰ অন্তত তেওঁ সকলোবোৰ দিশ সামৰি ৰিহ্লা নামৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখন লিখি উলিয়ায় এই পুথিখন আৰবী ভাষাত লিখিছিল পিছলৈ . মহদি. হুছেইনে এই পুথিখন ইংৰাজী ভাষালৈ অনুবাদ কৰে এই পুথিখনত মহম্মদ বিন টোগলকৰ শাসনকালৰ সকলোবোৰ দিশ উল্লেখ কৰা হৈছে মহম্মদ বিন টোগলকৰ পৰস্পৰবিৰোধী গুণাৱলী লক্ষ্য কৰি ইবনবটুতাই লিখিছিল যে তেওঁৰ ৰাজপ্রাসাদৰ দুৱাৰমুখতে কেতবোৰ দুখীয়া লোকে যেনেদৰে ধন-সোণ লাভ কৰিছিল ঠিক তেনেদৰে তেনে বহুতো লোকে চুলতানৰ হাতত প্রাণো বিসর্জন দিব লগীয়া হৈছিল ইয়াৰ উপৰি এই পুথিৰ জৰিয়তে ইবনবটুতাই সেই সময়ৰ ভাৰতবৰ্ষৰ সামাজিক আৰু ৰাজনৈতিক দিশৰ বিষয়েও বহলাই আলোচনা কৰিছিল এইখিনিতে উল্লেখ কৰিব পাৰি যে বহুতো ইতিহাসবিদে ইবনবটুতাক ইটালীৰ বিখ্যাত ভ্ৰমণকাৰী মার্ক-পল' লগত কল্পনা কৰিব বিচাৰে মুঠতে ইবনবটুতাৰ ৰিলা নামৰ পুথিৰ জৰিয়তে চৈধ্য শতিকাৰ ভাৰতীয় উপ-মহাদেশৰ সামাজিক আৰু সাংস্কৃতিক দিশৰ বিষয়ে নানা তথ্য লাভ কৰিব পাৰি

আলবেৰুণীৰ দ্বাৰা ৰচিত কিতাপ-উল-হিন্দৰ জৰিয়তে সেই সময়ৰ ভাৰতবৰ্ষৰ বিষয়ে কি জানিব পাৰি আলোচনা কৰা

উত্তৰঃ বৰ্তমানৰ উজবেকিস্থানৰ এখন ঠাইত ৯৭৩ খ্রীঃত বিখ্যাত ঐতিহাসিক আলবেকণীৰ জন্ম হৈছিল তেওঁ এজন অতি উচ্চ শিক্ষিত ব্যক্তি আছিল তেওঁৰ আৰবী, ফাৰ্চী, হিব্রু আৰু সংস্কৃত ভাষাৰ ওপৰত যথেষ্ট দখল আছিল গ্রীক ভাষাৰ ওপৰত তেওঁৰ সিমান জ্ঞান নাছিল তথাপিও প্লেটোৰ আদৰ্শৰ দ্বাৰা তেওঁ গভীবভাবে অনুপ্রাণিত হৈছিল

          চুলতান মামুদৰ ভাবত আক্রমণৰ সময়ত বিশেষ পৰিস্থিতিত আলবেকণী ভাৰতলৈ পণবন্দী হিচাপে আহিছিল পিছত তেওঁ নিজৰ যোগ্যতাৰ বলত মামুদৰ ৰাজসভাত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ফলত তেওঁ জীবনৰ গোটেই কালছোৱা ভাৰততে কটাইছিল

        আলবেৰুণীৰ দ্বাৰা প্রণীত কিতাপখন ' কিতাপ-উল-হিন্দ আলবেঝণীয়ে কিতাপখন আৰবী ভাষাত লিখিছিল পিছত চি. চাচু নামৰ এজন ইংৰাজ লেখকে এই কিতাপখন ইংৰাজীলৈ অনুবাদ কবে তেনেদৰে ৰজনীকান্ত শৰ্মাই আলবেৰুণীৰ এই কিতাপখন হিন্দীলৈ অনুবাদ কৰিছিল

         আলবেৰুণীৰ এই পুথিখনৰ জৰিয়তে মধ্য যুগৰ ভাৰতৰ সামাজিক, ধর্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে বহুতো তথ্য লাভ কৰিব পাৰি ইয়াৰ উপৰি তেওঁ এই পুথিব জৰিয়তে মুছলমানসকলৰ হাতত হিন্দুসকল পৰাজিত হোৱাৰ কাৰণবোৰো তথ্যৰ ওপৰত নির্ভৰ কৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিল তেওঁ উল্লেখ কৰা সকলোবোৰ তথা সংস্কৃত পুথিৰ ওপৰত নিৰ্ভৰ কৰি বিশ্লেষণ কৰা বুলি ঐতিহাসিকসকলে মত পোষণ কৰা দেখা যায় ইয়াৰ উপৰি তেওঁ তেওঁৰ পুথিৰ জৰিয়তে দাঙি ধৰা তথ্যবোৰ বহুতো পৰিমাণে নিৰপেক্ষ আছিল বুলিও বহুতে মত পোষণ কৰা দেখা যায় মুঠতে আলবেৰুণীৰ কিতাপ- উল-হিন্দ ' মধ্য যুগৰ সকলো দিশৰ তথ্যসমৃদ্ধ এখন উৎকৃষ্ট পুথি

মিনহাজৰ 'তবাকৎ--নাচিৰি' বিষয়ে সংক্ষেপে লিখা

উত্তৰঃ মিনহাজৰ 'তবাকৎ-- নাচিৰি' মূলত এক বংশগত ইতিহাস মিনহাজে ইতিহাস ৰচনাৰ তবাকৎ (Tabaqat) পদ্ধতি অনুসৰণ কৰিছিল; ' প্রত্যেকটো বংশৰ শাসকসকলক এক পৃথক তবাকা (Tabaq বা Section) বা অধ্যায় ৰূপে দর্শোৱা হৈছিল আৰু প্ৰত্যেক শাসকৰ বাবে আছিল একোটা উপভাগ বৃহৎ কলেৱৰৰ এই ৰচনাত নীল নদীৰ পৰা গংগালৈকে ইছলামীয় বিশ্বত শাসন কৰা বিশটাতকৈ অধিক ৰাজবংশৰ বৰ্ণন সন্নিৱিষ্ট হৈছিল

তবাকৎ--নাচিৰিৰ মুঠ ২৩ টা অধ্যায়ৰ শেষৰ সাতটা অধ্যায় ঐতিহাসিক দৃষ্টিকোণ পৰা গুৰুত্বপূর্ণ এই অধ্যায়সমূহত মিৰহাজে মধ্য এছিয়া, পাৰস্য, ভাৰতবর্ষৰ শাসক বংশসমূহৰ উত্থান-পতনৰ ইতিহাস লিপিবদ্ধ কৰিছে

আদি পুৰুষ আদমৰ পৰা আৰম্ভ কৰি ঘোৰ বংশৰ শাসকসকল, খোৱাৰিজিমৰ ছাহী বংশ, চেঙ্গিজখানৰ নেতৃত্বত মঙ্গোলসকলৰ উত্থান আৰু তাৎক্ষণিক উত্তৰাধিকাৰীসকলৰ বহু গুৰুত্বপূর্ণ তথ্য ইয়াত সন্নিৱিষ্ট হৈছে ইয়াৰ বিংশ আৰু এক বিংশতম অধ্যায়টো আছিল ভাৰতবৰ্ষৰ সম্পর্কে ' কুতুবুদ্দিন আইবাকৰ পৰা নাচিৰুদ্দিন মামুদলৈকে চুলতানছাহীৰ ইতিহাস কাল মিনহাজৰৰচনাত চুলতানা ৰেজিয়াৰ শাসকৰূপে উচ্চপ্রশংসা কৰা হৈছে এগৰাকী মহান শাসকৰ সকলোবোৰ গুণেৰে সমৃদ্ধ ৰেজিয়াৰ দোষ এটাই আছিল যে, তেওঁ নাৰীৰূপে জন্ম গ্রহণ কৰিছিল আৰু ফলত ৰেজিয়াৰ সকলো গুণ পুৰুষপ্রধান সমাজত ম্লান হৈ ৰৈছিল দিল্লী চুলতানছাহীৰ বিষয়ে মিনহাজৰ ৰচনা অত্যন্ত গুৰুত্বপূর্ণ যিহেতু ঘটনাসমূহৰ লগত লেখক সমসাময়িক হোৱাৰ উপৰি ৰাজদৰবাৰৰ ব্যৱস্থাসমূহৰে সুপৰিচিত আছিল গ্রন্থখনত পূৰ্বৰ ৰচনা, জনশ্রুতি, ব্যক্তিগত তথ্য আদি বিভিন্ন উৎসৰ পৰা সমল সংগ্ৰহ কৰাৰ উপৰি প্ৰব্ৰজনকাৰী আৰু বণিকসকলৰ পৰাও মিনহাজে তথ্য সংগ্রহ কৰিছিল

'তবাকৎ--নাচিৰি' ভাষা অত্যন্ত সৰল আৰু তথ্য সমৃদ্ধ অৱশ্যে অন্যান্য চুলতানী ইতিহাসবিদৰ দৰে মিনহাজৰ ৰচনাটো ঘটনাসমূহ ফঁহিয়াই চোৱা বা তাৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়াস, পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টাৰ অভাৱ স্পষ্ট

 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)