GU BA 2nd Sem

History

Chapter 2 Question Answer

চুলতানী শাসন প্ৰতিষ্ঠা, সুদৃঢ়কৰণ আৰু প্ৰসাৰণৰ পৰা.....
চুলতানীৰ অধীনত প্ৰশাসন, ইকটা পদ্ধতিলৈ 


▶▶ অতি চমু প্রশ্নোত্তৰঃ

দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ কুতুবুদ্দিন আইবাক

দিল্লীত চুলতানী সাম্রাজ্য গঠন কৰা ৰাজ বংশসমূহৰ নাম লিখা

উত্তৰঃ দাস বংশ বা কুটুব বংশ, ছামছি বংশ, বলবানী বংশ, খিল্ল্সি বংশ, টোঘলক বংশ আৰু লোডী বংশ

চুলতান উপাধিৰ অৰ্থ কি?

উত্তৰঃ পৃথিৱীৰ অধীশ্বৰ

দিল্লীৰ কুতুবমিনাৰ কোনে স্থাপন কৰিছিল?

উত্তৰঃ কুতুবুদ্দিন আইবাকে দিল্লীৰ কুতুবমিনাৰৰ ভেটি স্থাপন কৰিছিল

মালিক তাজউদ্দিন ৰেজাব কোন আছিল?

উত্তৰঃ মালিক তাজউদ্দিন ৰেজাব এজন মুছলমান পণ্ডিত আছিল

দিল্লী দ্বিতীয় বাগদাদ স্বৰূপ কাৰ দিনত হৈছিল?

উত্তৰঃ ইলতুৎমিছৰ দিনত

দিল্লীৰ সিংহাসন আৰোহণ কৰা প্ৰথম মহিলা চুলতান কোন আছিল?

উত্তৰঃ চুলতানা ৰেজিয়া

আমিৰ খৰ্ব্ব কোন আছিল?

উত্তৰঃ আমি এজন বিখ্যাত কবি আছিল তেওঁক মোগলৰ আক্ৰমণৰ সময়ত গিয়াচুদ্দিন বলবনে বন্দী কৰিছিল

লেনপুল কোন আছিল?

উত্তৰঃ এজন ঐতিহাসিক আছিল

১০ ইটা কি?

উত্তৰঃ ইটা প্ৰথাৰ দ্বাৰা ইলতুৎমিছে ৰায়তৰ ৰাজহৰ পৰিমাণ নির্ধাৰণ কৰি দিছিল যাতে ৰায়তক ইণ্টাৰসকলে পীড়ন কৰিব নোৱাৰে

১১ কুতুবমিনাৰৰ কাম কোনে সম্পূর্ণ কৰিছিল?

উত্তৰঃ ইলতুৎমিছে

১২ তবাকৎ--নাছিৰীৰ লেখক কোন আছিল?

উত্তৰঃ মিনহাজুদ্দিন চিৰাজ

১৩ 'খাজায়িন-উল-ফুতুহু' লেখক কোন?

উত্তৰঃ আমিৰ খুশ্রু

১৪ আলাউদ্দিনে অত্যাৱশ্যকীয় বস্তুৰ দাম বান্ধি দিয়াৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ এক স্থায়ী সামৰিক বাহিনী গঠনৰ প্ৰয়োজনীয়তাৰ কাৰণেই আলাউদ্দিনে হাট-বজাৰ নিয়ন্ত্ৰণ কৰি অত্যাৱশ্যকীয় বস্তুৰ দাম বান্ধি দিছিল

১৫ আমীৰ খষ্ক কোন আছিল?

উত্তৰঃ আমীৰ খৰু এজন পার্টী কবি আৰু সংগীতজ্ঞ আছিল

১৬ আলাউদ্দিনে দাক্ষিণাত্যলৈ শেষবাৰ অভিযান কেতিয়া চলাইছিল?

উত্তৰঃ ১৩১৩ খ্রীঃত মালিক কাফুৰৰ তত্বাৱধানত পঠাইছিল

১৭ মহম্মদ বিন টোঘলকে নতুনকৈ নিৰ্মাণ কৰা ৰাজধানীখনৰ নাম কি আছিল?

উত্তৰঃ দৌলতাবাদ

১৮ মহম্মদ বিন টোঘলকৰ সমসাময়িক চীনদেশৰ সম্রাটজন কোন আছিল?

উত্তৰঃ সম্রাট টোঘল টাইমূৰ

১৯ টাইমূৰে কেতিয়া ভাৰত আক্রমণ কৰে?

উত্তৰঃ ১৩৯৮ খ্রীঃত

২০ টাইমূৰ ' চুলতান আছিল?

উত্তৰঃ চমৰখণ্ডৰ

২১ কোনজনা চুলতানৰ দিনত সৈন্যবিলাকক বেতন দিয়াৰ ব্যৱস্থা কৰা হৈছিল?

উত্তৰঃ আলাউদ্দিন খিল্পীৰ দিনতে সৈন্যবিলাকক বেতন দিয়াৰ ব্যৱস্থা কৰা হৈছিল

২২ দিল্লীৰ চুলতানসকলৰ ভিতৰত কোনে মাটিৰ জৰিপ কৰাৰ নীতি প্রচলন কৰিছিল?

উত্তৰঃ আলাউদ্দিন খিলজীয়ে

▶▶ চমু প্রশ্নোত্তৰঃ

দিল্লীত চুলতানী ৰাজ্য গঠন কৰা ৰাজবংশকেইটাৰ বিষয়ে সংক্ষেপে উল্লেখ কৰা

উত্তৰঃ দিল্লীত চুলতানী ৰাজ্য গঠন কৰা ৰাজ বংশটোৰ নাম ক্রমে  —

() দাস বংশ (Slave Dynasty)- ১২০৬-১২৯০ খ্ৰীষ্টাব্দৰ সময়ছোৱাত দিল্লী শাসন কৰা শাসকসকলক দাস বংশ বুলি জনা গৈছিল মূলতঃ এই বংশৰ বহুকেইজন গুৰুত্বপূর্ণ শাসক প্রকৃততে দাস আছিল আৰু সেইবাবে এই বংশক দাস বুলি জনা যায়

() খলজি বংশ (The Khaljis 1290-1320)- ১২৮৬ খ্রীষ্টাব্দত বলবানৰ মৃত্যু হোৱাৰ পাছৰ কিছুকাল দিল্লীত এক অস্থিৰতাৰ সৃষ্টি হয় জালালুদ্দিন খন্জিৰ নেতৃত্বত এদল খন্জি বিষয়াই বলবানৰ নিষ্কর্মা উত্তৰাধিকাৰীসকলক পৰাভূত কৰে ১২৯০ খ্ৰীষ্টাব্দত সত্তৰ বছর বয়সত জালালুদ্দিন ৰাজপাটত বহে তেও মাত্র ছয় বছৰৰ বাবেহে শাসন চলাইছিল

() টোঘলক বংশ (The Tughlaqs 1320-1412)- (১৩২০-১৪১২) শেষৰ গৰাকী খন্জি শাসক কুটুবুদ্দিন মুৱাৰক শ্বাহ খন্জি, ঘাজি মালিকৰ হাতত নিহত হয় আৰু এওঁ গিয়াছুদ্দিন টোঘলক নামেৰে ১৩২০ খ্ৰীষ্টাব্দত ৰাজপাটত আৰোহন কৰে কিছুসংখ্যক ইতিহাসবিদৰ মতে টোঘলকসকল কাৰাউনা তুর্ক নামৰ এটি জাতিৰ বংশধৰ আৰু তেওঁলোক সংমিশ্রিত জাতিৰ লোক গিয়াছুদ্দিন টোঘলকে টোঘলক বংশৰ প্ৰতিষ্ঠা কৰিছিল

() চৈয়দ বংশ (১৪১৪-১৪৫০)- টাইমূৰৰ ভাৰত আক্ৰমণৰ পাছত দিল্লীত চৈয়দ বংশৰ উত্থান ঘটে এই বংশত মাথোঁ চাৰিগৰাকী ৰজা আছিল এই বংশৰ শাসন মাথোঁ দিল্লী আৰু দাঁতি কাষৰীয়া কেইখনমান জিলাত সীমাবদ্ধ আছিল

() লোভী বংশঃ- পোন্ধৰ শতিকাৰ মধ্যভাগৰ পৰা লোডীস্কলে উজনিৰ গংগা উপত্যকা আৰু পাঞ্জাৱত আধিপত্য স্থাপন কৰি আহিছিল দিল্লীত ইয়াৰ আগৰ শাসকসকল তুর্কী আছিল, কিন্তু লোডীসকল আছিল আফগান চৈয়দ বংশৰ সমাপ্তিৰ পাছত বাহালুল লোডীয়ে ১৪৫১ খ্রীষ্টাব্দত দিল্লীত লোডী বংশৰ প্রতিষ্ঠা কৰে লোভী বংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শাসকগৰাকীয়েই আছিল ছিকণ্ডৰ লোডী

ৰেজিয়া চুলতানাৰ বিষয়ে এটি টোকা লিখা

উত্তৰঃ মৃত্যুৰ আগে আগে ইলতুৎমিছে ৰেজিয়াক তেওঁৰ উত্তৰাধিকাৰী হিচাপে মনোনীত কৰি থৈ যায় সিংহাসন আৰোহন কৰিয়েই ৰেজিয়াই হেৰেমৰ আবুৰ ব্যৱস্থা প্রত্যাহাৰ কৰে মুকলি ৰাজসভাত বহি তেওঁ ৰাজকার্য পৰিচালনা কৰিছিল আৰু বিদ্ৰোহী মুখীয়ালবোৰৰ বিৰুদ্ধে নিজাকৈ সৈন্যৰ নেতৃত্ব লৈছিল জালাল-উদ-দিন ইয়াকুত নামৰ এগৰাকী আবিছিনিয়ান বিষয়াৰ প্ৰতি তেওঁৰ অত্যাধিক অনুগ্রহক তেওঁৰ চাহালগেনিসকলে ভাল পোৱা নাছিল ৰেজিয়াৰ প্রধান উদ্দেশ্য আছিল তুৰস্কীয় বিষয়াসকলক তেওঁৰ অধীনষ্ঠ কৰা এই বিষয়াসকলৰ এক শক্তিশালী অংশই প্ৰদেশবোৰত ৰেজিয়াৰ বিৰুদ্ধে সংঘবদ্ধ হৈছিলএদিন ৰেজিয়া অৰণ্যৰ ভিতৰত এদল দস্যুৰ হাতত পৰে, তেওঁ সাহসিকতাবে যুদ্ধ দিছিল যদিও দস্যুসকলৰ হাতত পৰাস্ত হৈ মৃত্যুমুখত পৰে তেওঁ চাৰে তিনিবছৰ কাল দিল্লীৰ শাসক হিচাপে অধিষ্ঠিত আছিল

চুলতানা ৰেজিয়াক কিয় হত্যা কৰা হৈছিল?

উত্তৰঃ চুলতানা ৰেজিয়া এগৰাকী অতি বুদ্ধিমতী মহিলা শাসক আছিল তেৱেঁই দিল্লীৰ সিংহাসনত উঠা প্রথম মহিলা নেত্রী আছিল তেওঁ দেউতাকৰ শাসন কার্যত সহায় কৰি আহিছিল তেওঁ পুৰুষৰ সাজপাৰ পৰিধান কৰি শাসনকার্য পৰিচালনা কৰিছিল ৰেজিয়াৰ এনে পুৰুষসুলভ মানসিকতাক গোড়া উলেমাসকলে সহজে গ্রহণ কৰিব পৰা নাছিল ইয়াৰ উপৰি ৰেজিয়াই এজন আবিচিনীয়া ক্রীতদাসৰ প্রতি বিশেষ আগ্রহ দেখুওৱা কার্যও ওলেমাসকলৰ কাৰণে গ্রহণযোগ্য নাছিল এনেবোৰ কাৰ্যৰ বাবে উলেমা আৰু বিদ্রোহীসকলে ৰেজিয়াক হত্যা কৰিছিল আৰু নিজৰ স্বাৰ্থ পূৰণ কৰিছিল

বলবনৰ ৰাজত্ব কি আছিল

উত্তৰঃ এজন ক্রীতদাস হিচাপে বলবনে প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈছিল যদিও তেওঁৰ মনোভাৱ অতি উচ্চ আছিল তেওঁ নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি গণ্য কৰিছিল সেয়েহে তেওঁ ঈশ্বৰপ্রদত্ত অধিকাৰেৰে দেশখন শাসন কৰিছিল সেই কাৰণে তেওঁ তেওঁৰ মুদ্রাত জিল--ইল্লাহী (Shadow of God) এই কথাষাৰ খোদিত কৰিছিল- Balban's theory of kingship was akin to that of the 'divine rights of kings'.

মহম্মদ বিন টোঘলকে পৰীক্ষামূলকভাবে প্রচলন কৰা 'টোকন মুদ্রা' বিষয়ে লিখা

উত্তৰঃ ১৩২৯ খ্রীষ্টাব্দত তামৰ প্রতীক মুদ্রাৰ প্ৰচলন কৰাতো তেওঁৰ এক অভিনৱ পৰীক্ষামূলক কাম আছিল কিন্তু ব্যৱসায়ী তথা সাধাৰণ লোকসকলে এই টোকন মুদ্রা গ্রহণ কৰিবলৈ ইতস্ততঃ কৰিছিল চৰকাৰেও মানুহক নতুন মুদ্রা জালিয়াতি কৰাত বিৰত কৰাব পৰা নাছিল অৱশেষত মহম্মদ টোঘলকে এই মুদ্রা উঠাই দিছিল

কেনেকুৱা পৰিস্থিতিত চুলতানক ক্ষমতাচ্যুত কৰিব পৰা গৈছিল?

উত্তৰঃ ভাৰতবৰ্ষত দিল্লী চুলতানীৰ শাসনত চুলতানসকলেই তেওঁলোকৰ শাসন প্ৰণালীৰ মুৰব্বী আছিল অৱশ্যে এজন চুলতানক কিছুমান কাৰণত ক্ষমতাচ্যুত কৰিব পাৰিছিল এই কাৰণ সমূহ আছিল  —

() যদিহে চুলতানজনে আস্থা পালনত ব্যর্থ হয়,

() যদিহে চুলতানজনে ন্যায় প্ৰদান কৰাৰ ক্ষমতা হেৰুৱায়, আৰু

() যদিহে চুলতানে শাৰীৰিক সক্ষমতা হেৰুৱাই পেলায়

ইক্‌টা ব্যৱস্থাৰ ওপৰত এটা টোকা লিখা

উত্তৰঃ ইলতুৎমিছে ইন্ট্রা প্ৰথাৰ প্ৰচলন কৰিছিল ইন্ট্রা মানে ' বিষয়া পদ শাসনৰ সুবিধাৰ কাৰণে ইলতুৎমিছে ৰাজ্যখন কেইবাটা বিভাগত ভাগ কৰিছিল প্ৰতিটো বিভাগ পৰিচালনা কৰাৰ কাৰণে একো একোজন বিষয়া ইক্‌ক্টাডাৰৰ অধীনত ৰখা হৈছিল এই ইক্‌ক্টাডাৰসকলে ৰাজহ সংগ্ৰহ কৰিব লাগিছিল আৰু আইন-শৃংখলাৰ ওপৰত চকু দিব লাগিছিল অভিজাত বা ৰাজ পৰিয়ালৰ লোকৰ মাজত এই ইক্‌ক্টাডাৰসকলক নিযুক্ত কৰা হৈছিল

চমুটোকা লিখাঃ

() বলবনৰ দৰবাৰ

উত্তৰঃ নাচিকদ্দিনৰ পাছ গিয়াচুদ্দিন বলবন দিল্লীৰ সিংহাসনত উঠে তেওঁৰ আদি নাম আছিল বাহা-উদ্দিন দাসবংশীয় চুলতানসকলৰ দৰে তেওঁ এজন ক্রীতদাস আছিল পাছত নিজৰ গুণৰ বলত দিল্লীৰ সিংহাসন অধিকাৰ কৰিছিলগৈ

সিংহাসনত উঠিয়েই বলবনে ৰাজশক্তিৰ ক্ষমতা আৰু মৰ্যাদা পুনৰুদ্ধাৰ কৰিবলৈ যত্নপৰ হয় তেওঁ ঘোষণা কৰিছিল যে, চুলতান ঈশ্বৰৰ প্রতিনিধি তেওঁৰ কাৰ্যক সমালোচনা কৰাৰ অধিকাৰ প্ৰজাৰ নাই তেওঁ নিজৰ প্ৰতিপত্তি ইছলাম জগতত অক্ষুন্ন ৰক্ষাৰ উদ্দেশ্যে নিজৰ মোহৰত খলিফাৰ নামো অংকিত কৰাইছিল দৈৱ শক্তিৰ অধিকাৰী হোৱা হেতুকেই সাধাৰণ মানুহৰ পৰা চুলনাত বহু ওপৰত এনেকৈয়ে ধর্মক দোহাই দি বলবনে স্বৈৰাচাৰী শাসন প্রতিষ্ঠা কৰিবলৈ আগবাঢ়িছিল

তেওঁ দিল্লীৰ ৰাজদৰবাৰত পাৰস্যৰ ৰাজ্যসভাৰ অনুকৰণত আদবকায়দা গঢ়ি তুলিছিল ৰাজপোচাক আৰু আনুষঙ্গিক ৰাজকীয় প্ৰয়োভৰ বিনে তেওঁ কোনোদিনে দৰবাৰত প্রৱেশ নকৰিছিল বিষয়াসকলৰ কাৰণেও তেওঁ বিশেষ ধৰণৰ সাজপাৰৰ ব্যৱস্থা কৰিছিল ৰাজসভাত তেওঁ 'চিজদা' অর্থাৎ ৰজাক আঁঠুকাঢ়ি সেৱা জনোৱা আৰু 'পাইবচ' অর্থাৎ ৰজাৰ চৰণত বা সিংহাসনত চুমা খোৱা আদি ৰীতিৰ প্ৰচলন কৰিছিল তেওঁ দৰবাৰৰ গাম্ভীৰ্য্য ৰক্ষাৰ কাৰণে মদ্যপান, নৃত্য-গীত আৰু হাস্য-কৌতুক বন্ধ কৰিছিল এই নিয়মৰ বিন্দুমাত্র ইফাল-সিফাল কৰিলে দোষীজনৰ ওপৰত কঠোৰ শাস্তি বিহিছিল সাধাৰণ প্ৰজা আৰু নিম্ন পৰ্যায়ৰ কৰ্মচাৰীক তেওঁ দেখা সাক্ষাৎ নকৰিছিল এইদৰে তেওঁ ৰাজকীয় মর্যাদা আৰু ক্ষমতা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও সাধাৰণ প্ৰজাৰ শ্ৰদ্ধা অর্জন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছিল

() মহম্মদ বিন টোঘলকৰ তাম্রমুদ্রা প্রচলন

উত্তৰঃ দেশত আৰ্থিক সংকটে দেখা দিয়া দেখি মহম্মদ বিন টোঘলকে মুদ্রানীতি সাল- সলনি কৰিবলৈ বিচাৰিলে সোণ ৰূপৰ মাজত থকা অনুপাতৰ মাত্রা প্রতিকূলে যোৱাত চুলতানে তাম আৰু পিতলৰ মুদ্রা প্রচলনৰ নিৰ্দেশ দিলে তেওঁ যি দ্রুত গতিত আৰু অসাধাৰণতাৰে তামৰ মুদ্রা প্রচলন কৰিলে তাৰ ফলত মুদ্রা নির্মাণ প্রক্রিয়াটো কেৱল চৰকাৰৰ হাততে একচেতীয়া হৈ নাথাকিল কোনো নির্দিষ্ট নিয়ম বা কাৰিকৰী কৌশল নির্ধাৰণ নকৰাৰ বাবে প্ৰায়বোৰ প্রজায়ে নিজ নিজ ঘৰতে তামৰ মুদ্রা তৈয়াৰ কৰি বজাৰ ওপচায় দিলে ৰজাঘৰীয়া মুদ্ৰাৰ পৰা এইবোৰ মুদ্রা কোনো প্ৰকাৰে পৃথক কৰিব পৰা নগ' ফলত ৰাষ্ট্ৰৰ আয় কমি গৈছিল, আনহাতেদি ব্যক্তিগত সম্পত্তি বৃদ্ধি পাইছিল

আন্তজার্তিক ব্যৱসায় বাণিজ্য, মুদ্রা বিনিময় আদি সোণ ৰূপেৰেহে নিৰ্ধাৰিত হয় মুদ্রাৰ এনে বেমেজালিয়ে গোটেই দেশতে এক বিৰাট অর্থনৈতিক সংকটৰ সৃষ্টি কৰিছিল ফলস্বৰূপে, বাধ্য হৈ চুলতানে তামৰ মুদ্ৰাৰ প্ৰচলন বন্ধ কৰিবলৈ নিৰ্দেশ দিলে আৰু প্ৰজা, ব্যৱসায়ী সকলোকে তেওঁলোকৰ হাতত থকা তামৰ মুদ্ৰাবোৰ ৰাজকোষত জমা দি আনুপাতিক মূল্যৰ সোণ ৰূপৰ মুদ্রা গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে কোনো কোনো ঐতিহাসিকৰ মতে, ৰাজভঁৰালত যথেষ্ট পৰিমাণৰ সোণ ৰূপৰ অভাৱ হোৱা কাৰণে তাম আৰু পিতলকো মুদ্ৰাৰ ধাতু হিচাপে 'বলৈ যোৱাত নতুনত্ব থাকিলেও অপৰিকল্পিত আছিল

() চুলতানী আমোলৰ শাসনব্যবস্থা

উত্তৰঃ দিল্লীৰ চুলতানী সাম্ৰাজ্যত চুলতান আছিল ৰাষ্ট্ৰৰ সৰ্বেসর্বা ইছলাম ধৰ্মৰ মতে পৃথিৱীৰ সমগ্ৰ মুছলমানসকলৰ অধিকর্তা ' বাগদাদৰ খলিফা ভাৰতৰ অধিকাংশ চুলতানে নিজকে খলিফাৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিল তুর্কী-আফগান শাসনপ্রণালী আছিল স্বৈৰাচাৰী চুলতানেই আছিল দেশৰ সর্বেসর্বা আৰু তেওঁৰ আদেশেই আছিল আইন তেওঁ আছিল একেধাৰে সম্রাট, সেনাধ্যক্ষ আৰু বিচাৰ পতি চুলতানী আমোলত উত্তৰাধিকাৰ সংক্ৰান্তত কোনো নির্দিষ্ট আইন নাছিল সিংহাসনৰ ওপৰত সকলো ককাই ভাইৰ সমান দাবী আছিল কেন্দ্রীয় শাসনকার্যত সহায় কৰিবলৈ চুলতানে নিজৰ ইচ্ছা অনুসৰি মন্ত্ৰীসকলক নিযুক্তি দিছিল তেওঁলোকৰ ভিতৰত সৰ্বপ্ৰধান আছিল ৱাজীৰ বা প্রধানমন্ত্রী

চুলতানী আমোলত দুই ধৰণৰ ৰাষ্ট্ৰীয় ভূমি-সম্পত্তি আছিল- () 'ইক্তা' () 'খালিচা'ৰাজসেৱাৰ বিনিময়ত ৰাজকৰ্মচাৰীসকলে যি মাটি পাইছিল তাক বোলা হৈছিল ইক্তা আৰু ৰজাৰ নিজৰ অধীনত যিবোৰ মাটি আছিল তাক বোলা হৈছিল 'খালিচা'সাধাৰণতে প্ৰজাই উৎপাদানৰ এক তৃতীয়াংশ ৰাজহ হিচাপে দিবলগীয়া হৈছিল মাটিৰ খাজনাৰ উপৰিও প্ৰজাই ঘৰ কৰ, জল কৰ আদি দিবলগীয়া হৈছিল

পদাতিক, অশ্বাৰোহী আৰু হস্তীৰে চুলতানসকলৰ সেনাবাহিনী গঠিত হৈছিল আন দুটা উল্লেখনীয় বিভাগ আছিল 'দেৱান--বিচালৎ' আৰু 'দেৱান ইন্‌চা'প্রথমটোৱে ধর্ম সমন্বীয় বিষয় তদাৰক কৰিছিল আৰু দ্বিতীয়টো আছিল আজিকালিৰ সচিবালয় বিভাগ কৃষিৰ দায়িত্বত আছিল 'দেৱান-আমীৰ-কোহী' নামৰ বিভাগটো

শাসনৰ সুবিধাৰ অৰ্থে চুলতানী সাম্রাজ্য কেবাখনো প্রদেশত বিভক্ত কৰা হৈছিল প্ৰদেশৰ শাসনকর্তাবিলাকক 'আমীৰ' বা 'ওৱাচীল' বোলা হৈছিল প্রদেশবিলাক কিছুমান 'ছিক' আৰু ছিকবিলাক কিছুমান 'পৰগণা' ভাগ হৈছিল গাৱৰ মুখিয়াল জনক গাওঁবুঢ়া বা মোকদ্দম বুলি কৈছিল চুলতানসকলে স্থানীয় শাসনৰ নিম্ন খাপটোৰ কোনো সাল- সলনি কৰা নাছিল আৰু সেইবাবেই অতি কম সময়ৰ ভিতৰতে দেশৰ ভিতৰুৱা অঞ্চলতো তেওঁলোকে নিজৰ প্ৰভুত্ব স্থাপন কৰিব পাৰিছিল

▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ

আলাউদ্দিন খিলজীৰ চৰিত্ৰ আৰু কৃতিত্ব আলোচনা কৰা

উত্তৰঃ চুলতান আলাউদ্দিনে পিতৃতুল্য দদায়েক জালালউদ্দিনক বিশ্বাসঘাটকভাবে হত্যা কৰি ১২৯৬ খ্রীঃত দিল্লীৰ সিংহাসনত উঠে তেওঁ নিজৰ উদ্দেশ্যে সিদ্ধিৰ কাৰণে যিকোনো পথ অৱলম্বন কৰিছিল তেওঁ সিংহাসনত নিজৰ অধিকাৰ সু-প্রতিষ্ঠিত কৰিবলৈ আমীৰ ওমৰাহ সকলক অৰ্থদানেৰে নিজৰ ফলীয়া কৰিছিল আৰু মৃত চুলতানৰ পুত্ৰসকলক নির্মমভাৱে হত্যা কৰিছিল উদাহৰণস্বৰূপে- তেওঁ এবাৰ দিল্লীৰ ত্রিশ হেজাৰ নতুন মুছলমানক নিধন কৰাৰ নিৰ্দেশ দিছিল আৰু সেইমতে তেওঁলোকক অতি নির্মমভাবে হত্যা কৰা হৈছিল বুৰঞ্জীবিদ আলবেৰুণীৰা মতে মিচৰৰ ফেৰোৱাতকৈ তেওঁ অধিক নির্দোষী লোকৰ প্ৰাণ নাশ কৰিছিল' তেওঁ সন্দেহবাদী, অকৃতজ্ঞ আৰু সংকীর্ণমনা আছিল 

আলাউদ্দিনে তেওঁৰ ৰাজসভাত বিখ্যাত কবি আমিৰ খশ্ৰক আশ্রয় দিছিল ঐতিহাসিক জিয়াউদ্দিন বাণীৰ মতে, তেওঁ ৰাজসভাত ৪৬ গৰাকী পণ্ডিতলোকে সমাদৰ পাইছিল আলাউদ্দিনে দিল্লীৰ ওচৰতে চুৰি নামৰ ধুনীয়া নগৰ, সাম্ৰাজ্যৰ আন আন ঠাইত বহুত দূর্গ মছজিদ সজাই দিছিল দিল্লীৰ ওচৰতে থকা নিজামুদ্দিন আউলিয়াৰ দৰগাহ মচজিদ আলাউদ্দিনৰ ৰাজত্ব কালৰে এক উৎকৃষ্ট শিল্প নিদর্শন

আলাউদ্দিনে শক্তিশালী মঙ্গোঁলবিলাকৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিছিল তেওঁ চুলতানছাহীৰ প্ৰভৃত্ব প্রায় সমগ্ৰ ভাৰতবৰ্ষতে বিস্তাৰ কৰি এক শক্তিশালী ৰাষ্ট শক্তিৰ ভেটি স্থাপন কৰিছিল দিল্লীৰ চুলতানসকলৰ ভিতৰত তেৱেঁই প্রথম দাক্ষিণাত্যত ৰাজনৈতিক প্রতিপত্তি স্থাপন কৰে

আভ্যন্তৰীণ বিদ্রোহ দমন আৰু মঙ্গোলসকলৰ আক্ৰমণৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থা কৰি তেওঁ চুলতানছাহীৰ নিৰাপত্তা সু-দৃঢ় কৰিছিল দেশ ৰক্ষাৰ কাৰণে এটা বিশাল সৈন্য বাহিনী গঠন কৰি সৈন্যসকলক ৰাষ্ট্ৰীয় কোষাগাৰৰ পৰা বেতন দিয়াৰ ব্যৱস্থা তেৱেঁই প্রথম কৰিছিল মূল্য নিয়ন্ত্ৰণৰ দৰে অভিনৱ অর্থনৈতিক পদক্ষেপো তেৱেঁই প্রথম লৈছিল তেওঁ অভিজাতবৰ্গৰ ক্ষমতা চূর্ণ কৰি ৰাজশক্তিক সর্বোচ্চ শিখৰলৈ লৈ গৈছিল নানাবিধ সংস্কাৰ প্ৰৱৰ্তন কৰি তেওঁ ৰাজ্যৰ শাসনব্যবস্থা উন্নত আৰু শক্তিশালী কৰিছিল চৰিত্ৰত বহুতো ক্রতি থাকিলেও তেওঁৰ সংগঠন আৰু প্ৰশাসনীয় দক্ষতা প্রশংসনীয় আছিল

তেওঁৰ শাসননীতি আছিল স্বৈৰাচাৰী একনায়কতন্ত্র আৰু এনে শাসন ' স্বয়ংধ্বংসী তেওঁ একমাত্র সামৰিক শক্তি আৰু ভীতি প্ৰদৰ্শনৰ জৰিয়তেই প্ৰজাৰ আনুগত্য আদায় কৰিছিল গতিকে যিমান দিনলৈ তেওঁৰ বল আছিল সিমান দিনলৈছে প্রজাই তেওঁক মান্য কৰিছিল অন্তৰত চুলতানৰ প্রতি তেওঁ লোকৰ শ্রদ্ধা নাছিল অৱশ্যে ভাৰত বুৰঞ্জীত তেওঁৰ ৰাজত্বকাল বিশেষকৈ দুটা কথাৰ কাৰণে উল্লেখযোগ্য হৈ থাকিব প্রথম কথা ', তেওঁৰ দিনত মুছলমান শাসন উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ বিয়পি পৰিল দ্বিতীয়তে, শাসন যন্ত্রক কটকটীয়া কৰাৰ এক মহৎ প্রচেষ্টা আলাউদ্দিনে চলাইছিল মধ্যযুগত মুছলমান ৰজাই 'শৰিয়ত' বিধান আৰু 'উলেমা' উপদেশ চেৰাই যাব নোৱাৰিছিল আলাউদ্দিনে এই সকলো উলংঘা কৰি নিজ বিচাৰ বুদ্ধিৰে অতি কঠোৰভাৱে শাসন চলাইছিল তেওঁৰ কাৰণে ইছলাম ধর্ম প্রিয় সঁচা কিন্তু সাম্রাজ্যখন ধৰ্মতকৈও মৰমৰ এয়ে আছিল আলাউদ্দিনৰ আদর্শ

মহম্মদ বিন টোঘলকে কোন কোন ঠাইলৈ সামৰিক অভিযান পঠিয়াইছিল? এই অভিযানবোৰৰ ফলাফল কি হৈছিল?

উত্তৰঃ গিয়াচুদ্দিন টোঘলকৰ মৃত্যুৰ পাছত তেওঁৰ জ্যেষ্ঠ পুত্র জুনাখাঁই মহম্মদ বিন টোঘলক নাম লৈ দিল্লীৰ সিংহাসনত উঠে তেওঁৰ ২৫ বছৰীয়া ৰাজত্বকাল ভাৰত বুৰঞ্জীত এক স্মৰণীয় অধ্যায় ঐতিহাসিক জিয়াউদ্দিন বাৰণী আৰু বিখ্যাত মৰক্কোদেশীয় পর্যটক ইবন বটুতাৰ ভ্ৰমণ কাহিনীৰ পৰা মহম্মদ বিন টোঘলকৰ ৰাজত্বকাল সম্পর্কে জানিব পাৰি মহম্মদ বিন টোঘলক সৰুৰে পৰা এজন সৈণিক হিচাপে ডাঙৰ দীঘল হৈছিল পাছৰ জীৱনতো তেওঁ প্রসিদ্ধ সৈনিক হিচাপেই জনাজাত ' চুলতানৰ সক্ষমতা আৰু সন্মান পোৱাৰ আগলৈকে তেওঁ যুৱৰাজ জুনা খাঁ বুলিয়েই পৰিচিত আছিল তেওঁ যি সময়ত দিল্লীৰ ৰাজপাটত বহিল, সেই সময়ত তুর্কী মুছলমান সাম্ৰাজ্যৰ সীমা উত্তৰে হিমালয় পর্বত, দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ, পূর্বে বঙ্গোপসাগৰ আছিল অৱশ্যে এই বিশাল সাম্ৰাজ্যৰ ভিতৰত তেতিয়াও কাশ্মীৰ, কাবুল, আফগানিস্থান, সুদূৰ দক্ষিণৰ কানানোৰ কালিকট আৰু পূৰ্বৰ কামৰূপৰ সৌমাৰ ৰাজ্য আদিকে ধৰি কিছু অঞ্চল বাদ পৰি আছিল এই বিশাল হিন্দুস্থান প্রায় ২৫ বছৰৰ ভিতৰতে দিল্লীৰ তুর্কী সাম্ৰাজ্যৰ অধীনলৈ আহিছিল

বৈদেশিক নীতিঃ খুৰাচান ইৰাক বিজয়ৰ পৰিকল্পনাঃ মহম্মদ বিন টোঘলকৰ ৰাজত্বৰ প্ৰথম ছোৱাতে মোঙ্গলবিলাকে সিন্ধুদেশ আক্ৰমণ কৰি দিল্লীৰ প্ৰায় ৬৫ কিঃ মিঃ দূৰত অৱস্থিত মীৰাট পাইছিলহি মহম্মদ বিন টোঘলকে মোঙ্গলবিলাকক ঝিলাম নদীৰ পাৰৰ এখন যুদ্ধত ঘটুৱাই কালানৌৰ অধিকাৰ কৰে আৰু পেছোৱাৰ পৰ্যন্ত নিজৰ আধিপত্য বিস্তাৰ কৰে এই জয়লাভে তেওঁক মধ্য এছিয়া ফালে দ্বিগ্বিজয় কৰিবলৈ অনুপ্রাণিত কৰে সেই উদ্দেশ্যে তেওঁৰ তিনিলাখ সত্তৰ হাজাৰ সৈন্যৰে গঠিত এটা বিৰাট সেনা বাহিনী পোহপাল দি ৰাখে মিছৰৰ চুলতানেও তেওঁক মধ্য এছিয়ালৈ অভিযান চলোৱাত সহায় কৰিম বুলি প্রতিশ্রুতি দিছিল কিন্তু হঠাৎ মধ্য এছিয়াৰ ৰাজনীতিত দ্রুত পৰিবৰ্তন ঘটিল টাইমূৰ লং ক্ষমতালৈ আহিল আৰু সমগ্র মধ্য এচিয়াত তেওঁ নিজৰ আধিপত্য বিস্তাৰ কৰিলে ইফালে মিছৰৰ চুলতানেও প্রতিশ্রুতি ৰক্ষাৰ বাবে আগবাঢ়ি নাহিল এই অৱস্থাত মহম্মদ বিন টোঘলকে বাধ্য হৈ ইৰাক আৰু খুৰাচান জয়ৰ পৰিকল্পনা ত্যাগ কৰিলে

কাৰাজল বা কুৰ্মাচল অভিযানঃ হিমালয়ৰ পাৰ্বত্য ৰাজ্যবিলাকত প্রভুত্ব স্থাপন কৰিবৰ উদ্দেশ্যেই মহম্মদ টোঘলকে কাৰাজল বা কুমাচললৈ এটা অভিযান পঠাইছিল বৰ্তমানৰ কুলু আৰু কংৰা জিলা সেই সময়ত কুৰ্মাচল বা কাৰাজল নামে পৰিচিত আছিল সাম্ৰাজ্যৰ সীমান্তৱতী অঞ্চলৰ নিৰাপত্তাৰ বাবে এই অভিযান প্রয়োজন হৈ পৰিছিল কিন্তু আকস্মিক তুষাৰপাতৰ ফলত গিৰিপথবোৰ বন্ধ হোৱাত অভিযানকাৰী সৈন্যদল পৰ্বতৰ গুহাতে মৃত্যুৰ মুখত পৰে ফলত এই অভিযান ব্যর্থ হয় অৱশ্যে এই অভিযান সম্পূর্ণ অথলে যোৱা নাছিল কাৰণ ইয়াৰ পাছত বহুবছৰলৈকে এই পবর্তীয়া জাতি বিলাকে চুলতানৰ সাম্ৰাজ্যত উপদ্রপ কৰা নাছিল

চীনৰ লগত সম্পৰ্কঃ ১৩৪১ খ্রীঃত চীনৰ সম্ৰাট টোঘল টাইমূৰ হিমালয় অঞ্চলত ধ্বংসপ্রাপ্ত হোৱা বৌদ্ধ মন্দিৰ এটা পুনৰ নিৰ্মান কৰিবলৈ মহম্মদ টোঘলকৰ অনুমতি বিচাৰি এজন দূত পঠাইছিল চুলতানেও প্ৰচুৰ উপঢৌকনসহ ইবনবটুতাক দূত হিচাপে চীন সম্ৰাটৰ ওচৰলৈ পঠালে, কিন্তু মন্দিৰ পুনৰ নিৰ্মানৰ অনুমতি নিদিলে

১৩২৫ খ্রীঃত পৰা ১৩৩৫ খ্রীঃত পর্য্যন্ত এই সময়ছোৱাত মহম্মদ বিন টোঘলকে দাক্ষিণাত্যৰ শাসনকর্তা বাহাউদ্দিন গুৰচাপ, সিন্ধু আৰু মুলতানৰ শাসনকর্তা কিচলু খাঁ, বঙ্গদেশৰ গিয়াচুদ্দিন বাহাদুৰ আদিৰ বিদ্ৰোহ অতি কঠোৰভাৱে দমন কৰিবলগা হৈছিল লাহে লাহে উত্তৰ ভাৰত, দাক্ষিণাত্য, পূৰ্বৰ বংগদেশ, পশ্চিমৰ সিন্ধুদেশ আদি সকলোতে শাসনকর্তাবিলাক বিদ্রোহী হৈ উঠিছিল তাৰ উপৰিও দেশৰ বিভিন্ন ঠাইত দুর্ভিক্ষই দেখা দিলে আনহাতেদি দাক্ষিণাত্যত বিজয় নগৰৰ নিচিনা স্বাধীন হিন্দুৰাজ্যৰ প্রতিষ্ঠাই মুছলমান সাম্ৰাজ্যৰ কাৰণে এক ডাঙৰ ভাঙোন আনিলে সিন্ধু দেশত বিদ্রোহ দমনত ব্যস্ত থকা অৱস্থাতে অসুখত পৰি তেওঁ তাতেই মৃত্যু হয় ১৩৫১ খ্রী

মহম্মদ বিন টোঘলকৰ পৰিকল্পিত প্রায় বিলাক প্রচেষ্টা ব্যর্থ হৈছিল অসীম প্রতিভাশালী মানুহ হৈয়ো মহম্মদ বিন টোঘলক আছিল এজন ভাব বিলাসী, কল্পনা প্রৱণ, উদ্ধত কর্মী, অবিবেচক ৰজা কেতিয়াবা তেওঁ সম্রাট চলমানৰ নিচিনা জ্ঞানী, আলেকজেণ্ডাৰৰ নিচিনা বিশ্ববিজয়ী হজৰত পয়গম্বৰৰ উত্তৰাধিকাৰী, মিচৰৰ ফেৰাওৰ দৰে ৰজা আৰু ঈশ্বৰৰ অভিন্ন ৰূপত অৱতীৰ্ণ 'বলৈ বিচাৰিছিল কিন্তু বাস্তৱ ক্ষেত্ৰত সকলো পন্থা অৱলম্বনত সংগতিবিহীন আছিল

ইটা পদ্ধতিৰ বিষয়ে বহলাই আলোচনা কৰা

উত্তৰঃ চুলতানী আমোলত ভূমি কৰ সংগ্ৰহ নীতিয়ে সকলো স্তৰৰ ওপৰতে প্ৰভাৱ বিস্তাৰ কৰিছিল বিশেষকৈ কৃষকৰ পৰা কৰ সংগ্ৰহ কৰি সেয়া সঠিকভাৱে ৰাজকোষত জমা কৰা পদ্ধতিৰ ওপৰত সকলোৰে প্ৰগতি নিৰ্ভৰ কৰিছিল বুলি ' পৰা যায় চুলতানী আমোলৰ ভূমি নীতি আৰু ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াক বস্তুনিষ্ঠভাৱে পৰিচালনা কৰিবলৈ হাতত লোৱা কাৰ্যাৱলীসমূহ পৰিচালনাৰ স্বাৰ্থত সেইসময়ত ভাৰতবৰ্ষৰ মাটিসমূহক তিনিটা স্তৰত ভাগ কৰি লোৱা হৈছিল  —

() ইন্ট্রা-ৰাজকৰ্মচাৰীসকলক বেতনৰ পৰিৱৰ্তে দান দিয়া ভূমি

() খালিছা অথবা ৰাজকীয় ভূমি- এই ভূমি ভাগ চুলতানৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছিল আৰু ইয়াৰ পৰা সংগৃহীত সমস্ত ৰাজহ ৰাজপৰিয়াল তথা পাৰিষদবৃন্দৰ ভৰণ- পোষণৰ বাবে ব্যয় হৈছিল

() ব্রাকাফ (Waqf) বা মদদ্--মছ (Madad-i-Maash)-এই ভূমিভাগ ধর্মীয় নেতা আৰু ধর্মীয় অনুষ্ঠানবোৰলৈ আগবঢ়োৱা হৈছিল

চুলতানী আমোলত পৰিলক্ষিত হোৱা কৰ আহৰণ ব্যৱস্থাৰ মেৰুদণ্ড হিচাপে ইন্ট্রা (Iqta) ব্যৱস্থাটোক চিহ্নিত কৰা হৈছিল যথাসময়ত প্রাদেশিক, প্রত্যন্ত অঞ্চলবোৰৰ পৰা ৰাজহ আহৰণ কৰি সেয়া জনহিতাৰ্থে খৰচ কৰাৰ স্বাৰ্থত ইণ্টাৰ প্ৰয়োজনীয়তা সর্বাধিক এক কথাত কৰ সংগ্ৰহৰ এই আপেক্ষিক প্রক্রিয়াটোকে ইটা ব্যৱস্থা (Iqta System) বোলা হৈছিল

ইকটা পদ্ধতিৰ দ্বাৰা ৰাজহ নীতি পৰিচালনাৰ ক্ষেত্ৰত দুই প্ৰকাৰৰ পদক্ষেপ লোৱা হৈছিল- সংগ্রহ (collection) আৰু সমবিতৰণ (equal distribution)উক্ত পদক্ষেপৰ দ্বাৰা যাতে কোনো ৰাজনৈতিক সংঘাতৰ সৃষ্টি নহয় সেই প্ৰসংগৰ ওপৰতো চকু ৰখা হৈছিল

ইকটা ব্যৱস্থাক সময় অনুযায়ী, তিনিটা স্তৰত ভাগ কৰিব পৰা যায়

() প্রথম স্তৰ (১২০৬-১২৯০ খ্রীষ্টাব্দ)- এই সময়ছোৱাত একোজন বিষয়াক পাৰিতোষিকৰ পৰিৱৰ্তে ইটা প্ৰদান কৰাৰ নিয়ম প্রচলিত আছিল সামৰিক বিষয়াক ইকটা প্ৰদান কৰাৰ নিয়ম এই সময়ছোৱাত অধিক জনপ্ৰিয় হৈ উঠা দেখা যায় যাৰ যোগেদি আহৰণ কৰা ৰাজহৰ দ্বাৰা এইসকলে নিজ সৈন্যবাহিনীক ভৰণ-পোষণ দিয়া উপৰি প্ৰশাসনিক কাম-কাজসমূহো ইক্টাৰ তত্ত্বাৱধানতে পৰিচালিত হৈছিল ইণ্টাৰ শাসনৰ বাঘজৰী এজন বিষয়াৰ পৰা আন এজনলৈ হস্তান্তৰিত হোৱা কথাটো এই সময়ছোৱাত বলবৎ হোৱা নাছিল

() দ্বিতীয় স্তৰ (১২৯০-১৩৫১ খ্রীষ্টাব্দ)- খিলজী আৰু টোগলক শাসন কালচোৱাত ইণ্টাৰ প্ৰশাসনিক ব্যৱস্থালৈ কেতবোৰ পৰিৱৰ্তন আহিছিল উভয় বংশৰ চুলতানসকলৰ ৰাজত্বত ইটা ব্যৱস্থাৰ কর্তৃত্বত থকা বিষয়া ক্বাদাৰ বা মুকতিসকলে (muqti) ইণ্টাৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ ৰাহি অংশ ৰাজকোষলৈ প্ৰেৰণ কৰিব লাগিছিল এনেধৰণৰ ব্যৱস্থাত মুকতিসকলৰ হাতত কেতবোৰ অতিৰিক্ত সুযোগ আহিছিল

() তৃতীয় স্তৰ (১৩৫১-১৫২৬ খ্রীষ্টাব্দ)- টোগলক বংশৰ শাসক ফিৰোজ টোগলকৰ সময়ত বিষয়াসকললৈ এলানি পৰিৱৰ্তনমূলক ৰাজহ নীতি আগবঢ়াইছিল ইয়াৰ যোগেদি ইণ্টাৰ ৰাজহৰ সম্ভাব্য পৰিমাণ ধাৰ্য কৰি মুকতিসকলক পৰোক্ষভাৱে কৰ বৰ্ধনৰ নিৰ্দেশনা জাৰি কৰা হৈছিল এওঁৰ দিনতে মুকতিসকলক বংশানুক্রমিকভাৱে নিযুক্তি দিয়াৰ যি প্ৰথা আৰম্ভ হৈছিল সেয়া পৰৱৰ্তী পর্যায়বোৰতো বাহাল হৈছিল

ইকটা ব্যৱস্থাৰ সংৰচনাত প্রাদেশিক ক্ষেত্ৰবোৰৰ পৰা ৰাজহ সংগ্ৰহৰ নীতি নির্ধাৰণ কৰা হৈছিল ইণ্টাৰ প্ৰশাসনত একোজনকৈ মুকতি (muqti) অধিস্থিত আছিল; কার্যতঃ মুকতিসকল আছিল একোজন স্বাধীন শাসক তেওঁলোকে অধিকাৰ কৰি থকা ভৌগোলিক অঞ্চলটোৰ ৰক্ষণাবেক্ষণ নিজে দিবলগীয়া হৈছিল আৰু সেইবাবে মুকতিৰ তত্ত্বাৱধানত এটা স্থায়ী সামৰিক বাহিনী আছিল এই বাহিনীটো পৰিচালনা প্রদেশখনৰ পৰা আহৰণ কৰা ৰাজহৰ যোগেদিয়েই হৈছিল

মুকতিসকলৰ ওপৰত ৰাজকোষে নিৰ্দিষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহৰ কৰ্তৃত্ব অর্পণ কৰিছিল তেওঁলোকৰ প্ৰজাৰ ওপৰত কোনো ধৰণৰ কর্তৃত্ব নাছিল আৰু কেৱল নিৰ্ধাৰিত কৰ (mal) (' ভূমি কৰ আৰু অন্যান্য শুল্কবোৰ সোমাই আছিল) সমূহ সংগ্ৰহ কৰি ৰাজকোষত জমা দিব লাগিছিল প্রদেশিক অঞ্চল বা ইটা বিশেষৰ ৰাজহ পৰিশোধ কৰাৰ পাছতহে উক্ত অঞ্চলবোৰৰ প্ৰজা প্রকৃতপক্ষে আশ্বস্ত ' পাৰিছিল আনহাতে, ৰাজহ সংগ্ৰহৰ ব্যতিৰেকে প্ৰজাৰ ওপৰত মুকতিসকলৰ কোনো প্ৰকাৰৰ কর্তৃত্ব নাছিল সেই কাৰণে মুকতিসকলৰ কাৰুকাৰ্যত অতিষ্ঠ 'লে প্রজাবর্গই পোনপতীয়াভাৱে চুলতানৰ ন্যায় প্রাপ্তিৰ হকে আবেদন কৰিব পাৰিছিল প্ৰজাক যথাযথ ন্যায় পোৱাত প্রতিবন্ধকতা অনা মুকতিসকলক ততালিকে পদ আৰু শাসনৰ পৰা চুলতানে বৰ্খাস্ত কৰিছিল তদুপৰি কোনো কোনো ক্ষেত্ৰত চৰম শাস্তি হিচাপে মুকতিৰ অংগক্ষতো কৰা হৈছিল; যাতে বাকীবোৰ মুকতিয়ে ভবিষ্যতে তেনে কৰিবলৈ সাহস নকৰে যাৰ দ্বাৰা ইয়াকে প্রতিপন্ন হয় যে ইট্টা, মুকতি আৰু প্রজাসাধাৰণ সকলোবোৰ চুলতানৰ কর্তৃত্বাধীন আছিল সমকালীন ইতিহাসবিদ নিজাম-উল-মুলকে ইন্ট্রা আৰু মুকতিৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ সন্দৰ্ভত আলোকপাত কৰিছে; তেওঁৰ আলোচনাৰ শিতান ' মুকতিৰ কৰ সংগ্ৰহৰ কর্তৃত্বৰ যোগেদি ৰজাৰ ক্ষমতা প্রাদেশিক অঞ্চলবোৰত কিদৰে বিস্তাৰিত হৈছিল মুকতিবোৰৰ ওপৰত যুদ্ধৰ সময়ত সৈন্য-সামন্ত সংগ্ৰহৰ দায়িত্ব থকাৰ উপৰি ৰাজহব সু- নির্দিষ্ট পৰিমাণ পৰিশোধ কৰিবলগীয়া হৈছিল গতিকে মুকতিসকল কার্যক্ষেত্ৰত কৰ আৰু সৈন্যবাহিনী সংগ্রাহক হৈ পৰিছিল আনহাতে, প্রত্যেকখন ইক্বাত চুলতানৰ দ্বাৰা নিয়োজিত আমিল (amil) নামৰ আন এজন বিষয়াই কর্তৃত্ব বিস্তাৰ কৰিছিল আমিলৰ দ্বাৰা পৰিচালিত আঞ্চলিক অংশটোক খালিছা (Khalisa) বোলা হৈছিল আমিলসকলে ইণ্টাৰ পৰা সংগৃহীত ৰাজহ পোনপটীয়াভাৱে ৰাজকোষলৈ প্ৰেৰণ কৰিছিল 

চুলতানী আলোমত প্ৰৱৰ্তন হোৱা ইটা আৰু মুকতি পদ্ধতিৰ পৰিকল্পনা মহম্মদ চুলতানী-আমোলত প্রবর্তন ঘোৰী আক্ৰমণৰাজিৰ মাজতো পৰিলক্ষিত হোৱা বুলি ইতিহাসবিদসকলে ধাৰণা কৰিছে কাৰণ ঘোৰীৰ আক্ৰমণকাৰী দলটো দুটা ভাগত বিভক্ত আছিল এচাম সৈন্যই আক্রমণ চলাই লুটপাতত জড়িত থকা বিপৰীতে আন এটা চামে বিজিত শত্ৰৰ পৰা সন্ধিৰ যোগেদি সা-সামগ্রী সংগ্ৰহৰ লগত ব্যস্ত আছিল এই পদ্ধতিৰ অনুৰূপ ছবি ইফ্টা ব্যৱস্থাত পৰিলক্ষিত হোৱা বুলি একাংশ ইতিহাসবিদে ব্যাখ্যা আগবঢ়ায়

দিল্লীৰ চুলতানী আমোলৰ অন্যতম আঢ্যৱন্ত তথা অভিজাত সম্প্রদায় ছৈয়দসকলৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ চুলতানী আমোলত অন্য এটা আঢ্যৱন্ত তথা অভিজাত সম্প্রদায় ' চৈয়দসকল আপেক্ষিকভাৱে ইছলামৰ বিশাল জন সমুদায়ত বিভেদ নাথাকিলেও নীতি আৰু আদৰ্শৰ ওপৰত ভিত্তি কৰি তেওঁলোক কেইবাটাও স্তৰত বিভক্ত আছিল ইয়াৰে প্ৰথম স্তৰত আছিল হজৰত মহম্মদৰ পুত্ৰী ফাতিমাৰ বংশজ 'সাদাত 'সকল এওঁলোকে মুছলমান সমাজত বিশেষ মর্যাদা পাইছিল সাদাতসকলৰ পৰাই প্রশাসনিক গোট চৈয়দসকলৰ উন্মেষ ঘটিছিল

ইলটুৎমিছৰ সময়ত চৈয়দসকলে বিশেষ সন্মান লাভ কৰিছিল চৈয়দসকলে ৰাজপৃষ্ঠপোষক হিচাপে হাজাৰোধিক টাংকা উপঢৌকন হিচাপে পাইছিল ইতিহাসবিদ বাৰাণীৰ টোকাত বলবনৰ দিনত বা তেওঁৰ শাসনকালৰ পূৰ্বে চৈয়দসকলে পোৱা সন্মান আৰু খিতাপৰ কথা পোৱা যায় বাৰাণীৰ মতে, নগৰত চৈয়দ বংশজ কোনো লোকৰ মৃত্যু 'লে বলবন স্বয়ং তেওঁৰ 'জানাজা' উপস্থিত থাকিছিল ইয়াৰ উপৰি মৃতকৰ পৰিয়ালক চুলতানে বস্তু দানো কৰিছিল

আলাউদ্দিন খিলজীয়ে চৈয়দ তাজুদ্দিনক বাদাউনৰ শাসক নিযুক্তি দিছিল পূর্বতে তাজুদ্দিন অযোধ্যাৰ প্রশাসনিক পদবীত আছিল ইতিহাসবিদ বাৰাণীৰ টোকাত চৈয়দ আজুদ্দিন আৰু তেওঁৰ ভতিজাক ৰুকুদ্দিনৰ কথা উল্লেখ পোৱা যায়

মহম্মদ বিন টোগলকৰ সময়তো চৈয়দসকলে পূৰ্বৰে পৰা ভোগ কৰা সুবিধা আৰু মর্যাদা লাভ কৰিছিল টোগলকে চৈয়দ আজউদ্দোলাক ৪০ লাখ টাংক উপহাৰ দিছিল পৰিব্রাজক ইবনবটুতাই উল্লেখ কৰিছিল যে, ভাৰতবৰ্ষত আৰববাসীক চৈয়দ সম্বোধনেৰে মতা হৈছিল। শাসকবর্গই চৈয়দসকলক আদৰ-সন্মান কৰাৰ দৰেই চুফী চিলচিলাসমূহতো চৈয়দসকলৰ প্রাধান্য অটুট আছিল চুলতান চিকন্দৰ লোডীৰ সময়ত পতনশীল আর্থ-সামাজিক কাৰকবোৰে চৈয়দ সম্প্রদায়কো প্ৰভাৱিত কৰিছিল; তেওঁলোকে পূৰ্বৰ প্ৰতিষ্ঠা হেৰুৱাৰ উপক্রম ঘটিছিল ইতিহাসবিদ আফিফৰ মতে, চৈয়দসকলে নিজৰ জীয়েকৰ বিয়াত প্য়ঁনতম খৰচ কৰিবলৈ বাধ্য হৈছিল ফলত লোডী শাসকসকলে চৈয়দসকলক সম্মান বচাবলৈ ৰাজকোষৰ পৰা অনুদান দিছিল


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)